Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টানসকলে এই শেষ কালত নিৰপেক্ষতা বজাই ৰাখে

প্ৰকৃত খ্ৰীষ্টানসকলে এই শেষ কালত নিৰপেক্ষতা বজাই ৰাখে

প্ৰকৃত খ্ৰীষ্টানসকলে এই শেষ কালত নিৰপেক্ষতা বজাই ৰাখে

“মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।”—যোহন ১৭:১৬.

১, ২. জগতৰ সৈতে থকা শিষ্যসকলৰ সম্বন্ধৰ বিষয়ে যীচুৱে কি কৈছিল আৰু তেওঁৰ সেই কথাষাৰে কেনে প্ৰশ্নসমূহ দাঙি ধৰে?

 মৃত্যুৰ আগনিশা যীচুৱে তেওঁৰ শিষ্যসকলে শুনি পোৱাকৈ এটি দীঘলীয়া প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনাত তেওঁ এনে এষাৰ কথা উল্লেখ কৰিছিল যি প্ৰকৃত খ্ৰীষ্টানসকলৰ জীৱনৰ সৈতে জড়িত আছিল। শিষ্যসকলক উদ্দেশ্য কৰি তেওঁ এনেদৰে কৈছিল: “মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ; আৰু মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত, জগতে তেওঁবিলাকক ঘিণালে। মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপআত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।”—যোহন ১৭:১৪-১৬.

যীচুৰ শিষ্যসকল যে এই জগতৰ নহয় তাক তেওঁ দুবাৰকৈ উল্লেখ কৰিছিল। তদুপৰি তেনে পৃথকতাৰ ফলত জগতে তেওঁলোকক ঘিণ কৰিব বুলি কোৱা কথাষাৰে মনত বিহ্বলতা সৃষ্টি কৰে। তথাপিও খ্ৰীষ্টানসকলে ভয় কৰাৰ কোনো কাৰণ নাই কিয়নো যিহোৱাই স্বয়ং তেওঁলোকৰ তত্বাৱধান লব। (হিতোপদেশ ১৮:১০; মথি ২৪:৯, ১৩) যীচুৰ কথাষাৰ মনত ৰাখি আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘প্ৰকৃত খ্ৰীষ্টানসকল কিয় জগতৰ কোনো ভাগ নহয়? জগতৰ কোনো ভাগ নোহোৱা মানে কি? যদিও জগতে খ্ৰীষ্টানসকলক ঘিণ কৰে তথাপিও তেওঁলোকে জগতক কেনে দৃষ্টিৰে চায়? বিশেষকৈ তেওঁলোকে উচ্চ অধিকাৰীসকলৰ প্ৰতি কেনে মনোবৃত্তি ৰাখে?’ যিহেতু এই প্ৰশ্নসমূহে আমাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ বাবে সেইবোৰৰ শাস্ত্ৰীয় আধাৰিত উত্তৰ বিচাৰি উলিওৱাটো অতি আৱশ্যক।

“আমি ঈশ্বৰৰ পৰা হওঁ”

৩. (ক) কিহে আমাক এই জগতৰ পৰা পৃথকে ৰাখে? (খ) ‘গোটেই জগত যে পাপ আত্মাৰ অধীনত আছে’ তাক কিহে প্ৰমাণ দিয়ে?

যিহোৱাৰ সৈতে আমাৰ ঘনিষ্ঠ সম্বন্ধ থকাৰ এটা কাৰণ হৈছে আমি এই জগতৰ নহওঁ। এই বিষয়ে পাঁচনি যোহনে লিখিছিল: “আমি জানো যে, আমি ঈশ্বৰৰ পৰা হওঁ, আৰু গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) যোহনৰ বাক্যসমূহে এই জগতৰ সৈতে থকা সম্বন্ধৰ বিষয়ে স্পষ্টকৈ দাঙি ধৰিছে। বৰ্তমানে হোৱা যুদ্ধ, হিংসা, ক্ৰুৰতা, বিদ্ৰোহী, অসদাচাৰ আৰু অনৈতিক কাৰ্য্যসমূহে ঈশ্বৰৰ নহয় কিন্তু চয়তানৰ পৰা হোৱাহে প্ৰমাণ দিছে। (যোহন ১২:৩১; ২ কৰিন্থীয়া ৪:৪; ইফিচীয়া ৬:১২) যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষী হʼব তেতিয়া তেওঁ কোনো ধৰণৰ বেয়া কাৰ্য্য নকৰিব আৰু ইয়ে তেওঁক এই জগতৰ পৰা পৃথকে ৰাখিব।—ৰোমীয়া ১২:২; ৰোমীয়া ১৩:১২-১৪; ১ কৰিন্থীয়া ৬:৯-১১; ১ যোহন ৩:১০-১২.

৪. কি ধৰণে আমি যিহোৱাৰ হওঁ বুলি দেখুৱাওঁ?

কিন্তু জগতৰ তুলনাত খ্ৰীষ্টানসকল “ঈশ্বৰৰ পৰা” হয় বুলি পাঁচনি যোহনে কৈছিল। সেইবাবে সকলো সমৰ্পিত খ্ৰীষ্টান হৈছে যিহোৱাৰ লোক। এই বিষয়ে পাঁচনি পৌলে কৈছিল: “যদি আমি জীওঁ, তেন্তে প্ৰভুৰ উদ্দেশেই মৰোঁ, তেন্তে প্ৰভুৰ উদ্দেশেই জীওঁ; যদি মৰোঁ, তেন্তে প্ৰভুৰ উদ্দেশেই মৰোঁ; এই কাৰণে জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।” (ৰোমীয়া ১৪:৮; গীতমালা ১১৬:১৫) যিহোৱাৰ লোক হোৱাৰ বাবে আমি তেওঁক অনন্য ভক্তি দিওঁ। (যাত্ৰাপুস্তক ২০:৪-৬) গতিকে এজন প্ৰকৃত খ্ৰীষ্টানে নিজৰ জীৱন জাগতিক কাৰ্য্যৰ বাবে অৰ্পণ কৰিব নোৱাৰে। যদিও তেওঁ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান দেখুৱাই তথাপিও তাৰ উপাসনা বা কোনো কাৰ্য্যত ভাগ নলয়। তদুপৰি তেওঁ কোনো খেলুৱৈ বা আধুনিক সময়ৰ মুৰ্ত্তিবোৰৰ আগত প্ৰণিপাত নকৰিব। যদিও আনৰ অধিকাৰৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই তথাপিও তেওঁ কেৱল সৃষ্টিকৰ্তাজনৰহে উপাসনা কৰিব। (মথি ৪:১০; প্ৰকাশিত বাক্য ১৯:১০) এনেবিলাক কাৰ্য্যৰ যোগেদিও তেওঁক জগতৰ পৰা পৃথকে ৰাখে।

“মোৰ ৰাজ্য এই জগতৰ নহয়”

৫, ৬. ঈশ্বৰৰ ৰাজ্যৰ অধীন হোৱাই কেনেকৈ আমাক এই জগতৰ পৰা পৃথকে ৰাখে?

খ্ৰীষ্টানসকলে যীচুক অনুকৰণ কৰা আৰু ঈশ্বৰৰ ৰাজ্য অধীন হোৱাৰ দ্বাৰা এই জগতৰ নোহোৱা প্ৰমাণ দিয়ে। পীলাতৰ সম্মুখত থিয় হোৱা সময়ত যীচুৱে এনেদৰে কৈছিল: “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হলে যিহূদীবিলাকৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে, তাৰ নিমিত্তে মোৰ সেৱকবিলাকে প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াৰ নহয়।” (যোহন ১৮:৩৬) ৰাজ্যৰ দ্বাৰা যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ দোষমুক্ত আৰু এই পৃথিৱীলৈ তেওঁৰ ইচ্ছা পূৰ কৰা হʼব। (মথি ৬:৯, ১০) তেওঁ সকলো সময়তে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল আৰু কৈছিল যে এই ৰীতি-ব্যৱস্থা শেষ নোহোৱালৈকে তেওঁৰ শিষ্যবিলাকে সেই কাৰ্য্য কৰি থাকিব। (মথি ৪:২৩; মথি ২৪:১৪) ১৯১৪ চনত প্ৰকাশিত বাক্য ১১:১৫ পদত উল্লেখ কৰা এই ভৱিষ্যতমূলক বাক্যবোৰ পূৰ্ণ হৈছিল: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” অতি শীঘ্ৰেই কেৱল সেই স্বৰ্গীয় ৰাজ্যই সমূদায় মানৱজাতিৰ ওপৰত শাসন কৰিব। (দানিয়েল ২:৪৪) আনকি এই জগতৰ উচ্চ অধিকাৰীসকলেও সেই ৰাজ্যৰ ক্ষমতাৰ বিষয়ে জানিবলৈ বাধ্য হʼব।—গীতমালা ২:৬-১২.

বৰ্তমানে প্ৰকৃত খ্ৰীষ্টানসকলে সেইবোৰ মনত ৰাখি ঈশ্বৰৰ ৰাজ্যৰ অধীন হৈছে আৰু যীচুৱে ‘প্ৰথম ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচৰা’ বুলি কোৱা পৰামৰ্শটোক পালন কৰিছে। (মথি ৬:৩৩) এই পৰামৰ্শক পালন কৰাৰ দ্বাৰা তেওঁলোকে দেশৰ বিৰুদ্ধে যোৱা বুলি প্ৰমাণ কৰা নাই, কিন্তু আধ্যাত্মিকভাৱে জগতৰ পৰা পৃথকে ৰাখিছে। প্ৰথম শতিকাৰ দৰে আজিও খ্ৰীষ্টানসকলৰ বাবে ‘সকলোৰে আগত ঈশ্বৰৰ ৰাজ্যৰ সাক্ষ্য দিয়া’ এক প্ৰমুখ ভূমিকা। (পাঁচনিৰ কৰ্ম্ম ২৮:২৩) কোনো মানৱীয় চৰকাৰে এই কাৰ্য্যক প্ৰতিহত কৰিব নোৱাৰে।

৭. প্ৰকৃত খ্ৰীষ্টানসকলে কিয় নিৰপেক্ষতা বজাই ৰাখে আৰু ইয়াক তেওঁলোকে কেনেকৈ প্ৰমাণ কৰিছে?

যিহোৱাৰ সম্পত্তি, যীচুৰ অনুগামী আৰু ৰাজ্যৰ অধীন হোৱা হেতুকে যিহোৱাৰ সাক্ষীসকলে বিংশ আৰু একবিংশ শতিকাত ৰাষ্ট্ৰীয় বা অন্তঃৰাষ্ট্ৰীয় যুদ্ধসমূহত নিৰপেক্ষতা বজাই ৰাখিছে। তেওঁলোকে কোনো ধৰণৰ অস্ত্ৰ, প্ৰজ্ঞাপন বিতৰণ বা কাৰো পক্ষ লোৱা নাই। তেওঁলোকে অতি কঠোৰ বিৰোধীতাৰ সম্মুখীন হৈও এই উল্লেখনীয় বিশ্বাসৰ প্ৰমাণ দিছে আৰু ১৯৩৪ চনত জাৰ্মানীৰ নাৎছিবাদৰ বিৰুদ্ধে লোৱা এই সিন্ধান্তক গ্ৰহণ কৰিছে: “আমি কোনো ধৰণৰ ৰাজনৈতিক কাৰ্য্যত ভাগ নলওঁ কিন্তু যীচুৰ অধীনত স্থাপিত হোৱা ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি অৰ্পিত। কাৰো ওপৰত কোনো ধৰণৰ আঘাত নাসাধিম। পৰাপক্ষত সকলোলৈ সৎকৰ্ম্ম কৰিম আৰু শান্তিৰে থাকিম।”

যীচুৰ ৰাজদূত আৰু বাৰ্ত্তাবাহকসকল

৮, ৯. বৰ্তমান যিহোৱাৰ সাক্ষীসকলে কি ধৰণে ৰাজদূত আৰু বাৰ্ত্তাবাহক হিচাবে কাৰ্য্য কৰিছে আৰু ই কেনেকৈ জগতৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধত প্ৰভাৱ পেলাইছে?

পাঁচনি পৌলে সঙ্গী অভিষিক্ত খ্ৰীষ্টানসকলৰ সৈতে নিজকে “ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে, আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম্ম কৰিছোঁ” বুলি বৰ্ণনা কৰিছিল। (২ কৰিন্থীয়া ৫:২০; ইফিচীয়া ৬:২০) ১৯১৪ চনৰ পৰাই অভিষিক্ত খ্ৰীষ্টানসকলক ঈশ্বৰৰ ৰাজ্যৰ ৰাজদূত বুলি কব পৰা গৈছে আৰু তেওঁলোক হৈছে সেই ৰাজ্যৰ “সন্তানবিলাক।” (মথি ১৩:৩৮; ফিলিপীয়া ৩:২০; প্ৰকাশিত বাক্য ৫:৯, ১০) ইয়াৰ উপৰিও যিহোৱাই ৰাজদূতসকলৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ সকলো জাতিৰ পৰা “এক বৰ লোকসমূহ” অৰ্থাৎ ‘অন্য মেৰ’ হিচাবে থকা খ্ৰীষ্টানসকলক একত্ৰিত কৰিছে যি এই পৃথিৱীত জীয়াই থকাৰ আশা ৰাখে। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) এই ‘অন্য মেৰক’ ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাবাহক বুলি কব পৰা যায়।

যিদৰে ৰাজদূত আৰু তেওঁৰ সহকৰ্ম্মীসকলে বাস কৰা দেশখনৰ সেৱা নকৰে, ঠিক সেইদৰে খ্ৰীষ্টানসকলেও এই জগতৰ কোনো ৰাজনৈতিক কাৰ্য্যত ভাগ নলৈ নিৰপেক্ষতা বজাই ৰাখে। তেওঁলোকে কোনো জাতি, সমাজ বা অৰ্থনৈতিক দলৰ পক্ষে বা বিৰুদ্ধে থিয় নহয়। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) তাৰ পৰিৱৰ্তে তেওঁলোকে ‘সকলোলৈ হিতজনক কৰ্ম্ম কৰে।’ (গালাতীয়া ৬:১০) যিহোৱাৰ সাক্ষীসকলে জাতি বা সমাজৰ বিপক্ষে থিয় হৈছে বুলি কৈ কোনেও তেওঁলোকৰ বাৰ্ত্তাক অস্বীকাৰ কৰিব নোৱাৰে।

প্ৰেমৰ দ্বাৰা চিনিব পৰা যায়

১০. এজন খ্ৰীষ্টানৰ বাবে প্ৰেম কিমান গুৰুত্বপূৰ্ণ?

১০ ইয়াৰ উপৰিও আন খ্ৰীষ্টানসকলৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধই নিৰপেক্ষতা বজাই ৰখাত সহায় কৰে। এই বিষয়ে যীচুৱে তেওঁৰ অনুগামীসকলক কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) এজন খ্ৰীষ্টানৰ বাবে ভাতৃত্ব প্ৰেম হোৱা অতি আৱশ্যক। (১ যোহন ৩:১৪) যিহোৱা আৰু যীচুৰ সৈতে থকা সম্বন্ধৰ উপৰিও আন খ্ৰীষ্টানসকলৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্বন্ধ থকা উচিত। তেওঁৰ প্ৰেম কেৱল স্থানীয় মণ্ডলীৰ প্ৰতি সীমিত নহয় কিন্তু “জগতত থকা [তেওঁৰ] ভাই মাত্ৰতেই সিদ্ধ” হয়।—১ পিতৰ ৫:৯.

১১. প্ৰেমে কেনেকৈ যিহোৱাৰ সাক্ষীসকলক পৰস্পৰে উত্তম আচৰণ কৰিবলৈ প্ৰভাৱিত কৰিছে?

১১ বৰ্তমানে যিহোৱাৰ সাক্ষীসকলে যিচয়া ২:৪ পদত উল্লেখ কৰা বাক্যশাৰীবোৰক পালন কৰাৰ দ্বাৰা ভাতৃত্ব প্ৰেম দেখুউৱাৰ প্ৰমাণ দিয়ে, যʼত এনেদৰে কৈছে: “সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।” প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ দ্বাৰা শিক্ষিত হৈ ঈশ্বৰ আৰু আন ভাই-ভনীবিলাকৰ সৈতে শান্তিৰে ব্যৱহাৰ কৰে। (যিচয়া ৫৪:১৩) যিহেতু ঈশ্বৰ আৰু নিজৰ ভাই-ভনীক প্ৰেম কৰাৰ বাবে তেওঁলোকে সঙ্গী উপাসক বা আন ব্যক্তিসকলৰ বিৰোদ্ধে কেতিয়াও অস্ত্ৰ উঠাব নোৱাৰে। তেওঁলোকৰ শান্তি আৰু ঐক্যতা হৈছে উপাসনাৰ এক মুখ্য ভাগ আৰু ঈশ্বৰৰ আত্মা তেওঁলোকত হোৱা প্ৰমাণ দিয়ে। (গীতমালা ১৩৩:১; মীখা ২:১২; মথি ২২:৩৭-৩৯; কলচীয়া ৩:১৪) তেওঁলোকে ‘শান্তি বিচাৰে . . . তাৰ পাছে পাছে খেদি যায়’ আৰু “ধাৰ্ম্মিকবিলাকলৈ যিহোৱাৰ দৃষ্টি আছে” বুলি জানে।—গীতমালা ৩৪:১৪, ১৫.

খ্ৰীষ্টানসকলে এই জগতৰ প্ৰতি কেনে দৃষ্টি ৰাখে

১২. জগতৰ প্ৰতি থকা যিহোৱাৰ কেনে দৃষ্টিভঙ্গীক যিহোৱাৰ সাক্ষীসকলে অনুকৰণ কৰে আৰু কেনেকৈ?

১২ যদিও যিহোৱাই এই জগতৰ সোধ-বিচাৰ কৰাৰ কথা ঘোষণা কৰিছে তথাপিও ইয়াৰ ব্যক্তিসকলৰ ওপৰত তেওঁ এতিয়াও তেনে কৰা নাই। কিন্তু তেওঁ নিৰ্দ্ধাৰিত সময় অনুযায়ী লোকসকলৰ সোধ-বিচাৰ যীচুৰ দ্বাৰা কৰিব। (গীতমালা ৬৭:৩, ৪; মথি ২৫:৩১-৪৬; ২ পিতৰ ৩:১০) ইতিমধ্যে ঈশ্বৰে মানৱজাতিৰ প্ৰতি প্ৰেম প্ৰদৰ্শিত নকৰাকৈ থকা নাই। তেওঁ মানৱজাতিক ইমানেই প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকো অৰ্পণ কৰিলে যাতে সকলোৱে অনন্ত জীৱনৰ পথত চলিব পাৰে। (যোহন ৩:১৬) খ্ৰীষ্টান হোৱা হেতুকে আমি উদ্ধাৰৰ প্ৰতি থকা শুভবাৰ্ত্তাক আনৰ আগত প্ৰচাৰ কৰি যিহোৱাৰ প্ৰেমক অনুকৰণ কৰাৰ প্ৰমাণ দিছোঁ। এনে কৰিবলৈ আমাক বাৰম্বাৰ বিৰোধীতাৰো সম্মুখীন হʼবলগা হৈছে।

১৩. এই জগতৰ উচ্চ অধিকাৰীবিলাকৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰখা উচিত?

১৩ জগতৰ উচ্চ অধিকাৰীসকলৰ প্ৰতি আমি কেনে দৃষ্টিভঙ্গী ৰখা উচিত? এই প্ৰশ্নটোৰ উত্তৰ পাঁচনি পৌলে ৰোমান খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত এনদৰে উল্লেখ পাইছিল: “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।” (ৰোমীয়া ১৩:১, ২) মানুহৰ “ক্ষমতা” (পৰস্পৰে উচ্চ বা নিম্ন নহওক কিয়, কিন্তু যিহোৱাৰ তুলনাত সদায়েই নিম্ন হৈ থাকিব।) কিয়নো ঈশ্বৰে সেইবোৰ নিৰূপিত কৰিছে। যিহেতু যিহোৱাই তেনে বিচৰাৰ বাবে এজন খ্ৰীষ্টানে তেওঁবিলাকৰ অধীন হয়। যদি মানৱীয় চৰকাৰ আৰু ঈশ্বৰীয় স্তৰৰ মাজত বিবাদৰ সৃষ্টি হয় তেন্তে কি কৰা উচিত?

ঈশ্বৰৰ আৰু কৈচৰৰ নিয়ম

১৪, ১৫. (ক) অধীনস্থৰ সম্বন্ধে থকা কেনে বিৰোধীতাৰ সম্মুখীন হোৱাৰ পৰা দানিয়েলে ৰক্ষা পালে? (খ) যেতিয়া ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰীতা হৈ থকা বিষয়টোৰ প্ৰতি অপৰিহাৰ্য্য বিৰোধিতা উত্থাপন হʼল তেতিয়া সেই তিনিজন হিব্ৰু ব্যক্তিয়ে কেনে পদক্ষেপ লʼলে?

১৪ ঈশ্বৰ আৰু মানৱীয় চৰকাৰৰ প্ৰতি ৰখা সম্বন্ধত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব লাগে তাৰ বাবে দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। বাবিলত দাসত্ব হিচাবে থকা সময়ত এই চাৰিজন হিব্ৰু ব্যক্তিয়ে তাৰ নিয়ম-প্ৰণালীবোৰ পালন কৰিছিল আৰু সেইবাবে তেওঁলোকে এক বিশেষ প্ৰশিক্ষণত ভাগ লʼবলৈ সুযোগ পালে। সম্ভৱতঃ তেনে প্ৰশিক্ষণ কাৰ্য্যই ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে থিয় দিব পাৰে বুলি ভাবি দানিয়েলে তাৰ অধিকাৰীজনৰ সৈতে আলোচনা কৰিছিল। পৰিণামস্বৰূপে, তেওঁলোকৰ ভাবনাৰ প্ৰতি সমাদৰ দেখুৱাই এক বিশেষ প্ৰবন্ধ কৰা হৈছিল। (দানিয়েল ১:৮-১৭) ঠিক তেনেদৰে যিহোৱাৰ সাক্ষীসকলেও সতৰ্কতাৰে নিজৰ বিশ্বাসৰ বিষয়ে অধিকাৰীসকলৰ আগত দাঙি ধৰে যাতে অনাৱশ্যকীয় সমস্যাৰ পৰা আঁতৰি থাকে।

১৫ কিন্তু পিছত অধীনস্থ সম্বন্ধে উঠা বিষয়ৰ সৈতে তেওঁলোকে সম্মুখীন হʼবলগা হৈছিল। এবাৰ বাবিলৰ সম্ৰাটে দূৰা নামৰ সমথলত এক বৃহৎ আকাৰৰ মূৰ্ত্তি নিৰ্ম্মাণ কৰিছিল আৰু প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সকলো ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, প্ৰধান বিচাৰকৰ্ত্তা, ৰাজভঁৰালী, ব্যৱস্থাপক আদি ব্যক্তিক আহিবলৈ আজ্ঞা দিছিল। যিহেতু দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে বাবিলৰ প্ৰশাসক পদত থকাৰ বাবে তাত উপস্থিত হʼবলগীয়া হৈছিল। তাত উপস্থিত থকা সকলোকে নানাবিধ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ লগে লগে উবুৰি হৈ পৰি সেই মূৰ্ত্তিটোক সেৱা কৰিব লাগিছিল। কিন্তু সেই হিব্ৰু ব্যক্তি কেইজনে জানিছিল যে তেনে কৰাৰ অৰ্থই হৈছে ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰা। (দ্বিতীয় বিবৰণ ৫:৮-১০) সেইবাবে তেওঁলোকে মূৰ নোদোঁৱাকৈ থিয় হৈ থাকিল। তেওঁলোকে তেনে কৰাৰ পৰিণামস্বৰূপে এক ভয়ানক মৃত্যুৰ সম্মুখীন হʼবলগীয়া হৈছিল আৰু ঈশ্বৰে তেওঁলোকৰ প্ৰাণ আচৰিতৰূপে ৰক্ষা কৰিলে; দৰাচলতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা উলঙ্ঘন কৰাতকৈ মৃত্যুবৰণ কৰাটোৱেই সঠিক বুলি বিবেচনা কৰিছিল।—দানিয়েল ২:৪৯-৩:২৯.

১৬, ১৭. যেতিয়া পাঁচনিবিলাকক প্ৰচাৰ কাৰ্য্য বন্ধ কৰিবলৈ কোৱা হৈছিল তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

১৬ প্ৰথম শতিকাত যীচুৰ শিষ্যসকলেও যিৰূচালেমত ইহুদী ধৰ্ম্ম গুৰুসকলৰ আগত থিয় হৈছিল আৰু যীচুৰ নামেৰে প্ৰচাৰ নকৰিবলৈ তেওঁলোকক আজ্ঞা দিছিল। তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? যিহেতু যীচুৱে তেওঁলোকক সকলো জাতিৰ আগত প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল যʼত যিহূদা আৰু যিৰূচালেম চহৰখনো সন্মিলিত আছিল। (মথি ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ১:৮) পাঁচনিবিলাকে জানিছিল যে যীচুৰ আজ্ঞাৰ অনুসাৰে চলা মানে ঈশ্বৰৰ উদ্দেশ্যক পূৰণ কৰা। (যোহন ৫:৩০; ৮:২৮) গতিকে তেওঁলোকে এনেদৰে কৈছিল: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৪:১৯, ২০; ৫:২৯.

১৭ তেনে পদক্ষেপ লোৱাৰ দ্বাৰা তেওঁলোকে বিদ্ৰোহী হোৱা পৰিচয় দিয়া নাছিল। (হিতোপদেশ ২৪:২১) যেতিয়া অধিকাৰীবিলাকে তেওঁলোকক ঈশ্বৰ ইচ্ছা পালন নকৰিবলৈ কৈছিল তেতিয়া তেওঁলোকে কেৱল এইটো কব পাৰিলেহেঁতেন যে ‘আমি মানুহতকৈ অধিক ঈশ্বৰৰ আজ্ঞা মনা উচিত।’ এই সম্বন্ধে যীচুৱে কৈছিল যে আমি “যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া” উচিত। (মাৰ্ক ১২:১৭) যদি মানুহৰ বাবে সেই মহান আজ্ঞাক পালন কৰাৰ পৰা বঞ্চিত হওঁ তেন্তে আমি ঈশ্বৰৰ তুলনাত মানুহকে মহান বুলি গণ্য কৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি যি কৈচৰৰ তাক কৈচৰক দিওঁ কিন্তু সেই একেই সময়তে যিহোৱা যে সকলোতকৈ মহান তাক কেতিয়াও পাহৰি নাযাওঁহঁক। কিয়নো তেওঁ হৈছে এই বিশ্বৰ সৰ্ব্বশক্তিমান ঈশ্বৰ, সৃষ্টিকৰ্তা আৰু সকলো ক্ষমতাৰ উৎস।—প্ৰকাশিত বাক্য ৪:১১.

আমি দৃঢ়সঙ্কল্পৰে থিয় থাকিম

১৮, ১৯. আমাৰ কিছুমান ভাই-ভনীয়ে কেনে দৃঢ়সঙ্কল্পৰে থিয় দিছে আৰু তেওঁলোকৰ আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

১৮ বৰ্তমান সৰহভাগ উচ্চ অধিকাৰীয়ে যিহোৱাৰ সাক্ষীসকলৰ নিৰপেক্ষতাৰ বিষয়ে জানে আৰু সেইবাবে আমি কৃতজ্ঞ। কিন্তু কিছুমান দেশত সাক্ষীসকলক ঘোৰ বিৰোধীতাৰ সম্মুখীন হʼবলগা হৈছে। বিংশ আৰু একবিংশ শতিকাত আমাৰ কিছুমান ভাই-ভনীক নিজৰ নিৰপেক্ষতাক বজাই ৰাখিবলৈ ঘোৰ বিৰোধীতাৰ সম্মুখীন আৰু আধ্যাত্মিক অৰ্থত “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ” কৰিবলগা হৈছে।—১ তীমথিয় ৬:১২.

১৯ তেওঁলোকৰ নিচিনা আমিও কেনেকৈ দৃঢ়সঙ্কল্পৰে থিয় থাকিব পাৰোঁ? সৰ্ব্বপ্ৰথমে, আমি যে বিৰোধীতাৰ সম্মুখীন হʼম, তাক মনত ৰখা উচিত। তেনে পৰিস্থিতিৰ সম্মুখীন হোৱাত আমি বিচলিত বা আচৰিত হোৱা উচিত নহয়। কিয়নো পাঁচনি পৌলে তিমথীক সতৰ্ক কৰি কৈছিল: “বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২; ১ পিতৰ ৪:১২) চয়তানৰ প্ৰভাৱৰ পৰা জগতখনত জানো আমি বিৰোধীতাৰ সম্মুখীন নহʼম? (প্ৰকাশিত বাক্য ১২:১৭) যেতিয়ালৈকে আমি বিশ্বাসী হৈ আছোঁ তেতিয়ালৈকে কিছুমান ব্যক্তিয়ে সদায়েই “নষ্টামিৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি, আচৰিত মানি নিন্দা কৰিব।”—১ পিতৰ ৪:৪.

২০. আমাক কেনে শক্তিশালী সত্যতাৰ বিষয়ে সোঁৱৰোৱা হৈছে?

২০ দ্বিতীয়তে, আমি জানো যে যিহোৱা আৰু স্বৰ্গদূতসকল আমাৰ সৈতে আছে। এই বিষয়ে প্ৰাচীন কালৰ ভৱিষ্যতবক্তা এলিছাই এনেদৰে কৈছিল “কিয়নো সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক।” (২ ৰাজাৱলি ৬:১৬; গীতমালা ৩৪:৭) যিহোৱাই হয়তো তেওঁৰ উদ্দেশ্য পূৰ কৰিবলৈ আমালৈ পৰীক্ষা বা তাড়না অহাৰ অনুমতি দিব পাৰে। তথাপিও সেইবোৰক সহিবলৈ তেওঁ আমাক সদায়েই বল দিব। (যিচয়া ৪১:৯, ১০) কিছুমানে হয়তো তেনে কৰিবলৈ নিজৰ জীৱনকো অৰ্পণ কৰিছে কিন্তু ইয়ে আমাক নিৰুৎসাহী কৰা নাই। যীচুৱে কৈছিল: “যিবিলাকে শৰীৰক বধ কৰে, আত্মাক কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা; কিন্তু যি জনাই আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা।” (মথি ১০:১৬-২৩, ২৮) এই জগতত আমি কেৱল “প্ৰবাসী” হৈ জীৱন-যাপন কৰিছোঁ। আমি আমাৰ সময় “প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ” আৰু নতুন সংসাৰত অনন্ত জীৱন পোৱা আশাৰে কটাইছোঁ। (১ পিতৰ ২:১১; ১ তীমথিয় ৬:১৯) আমি বিশ্বাসী হৈ থকালৈকে কোনো মানৱে আমাৰ পৰা সেই উপহাৰ কাঢ়ি নিব নোৱাৰে।

২১. আমি সদায়েই কি মনত ৰখা উচিত?

২১ গতিকে যিহোৱাৰ সৈতে থকা আমাৰ এই উত্তম সম্বন্ধৰ বিষয়ে মনত ৰাখোঁহঁক। যীচুৰ অনুগামী আৰু ৰাজ্যৰ অধীনস্থ হোৱা বিশেষাধিকাৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওঁহঁক। আমাৰ ভাই-ভনীসকলক আন্তৰিকতাৰে কৰা প্ৰেম আৰু উভটাই পোৱা তেওঁলোকৰ প্ৰেমত আনন্দিত হওঁহঁক। তদুপৰি আঁহক আমি সকলোৱে গীতমালা ৰচোঁতাজনৰ এই বাক্যশাৰীক পালন কৰোঁহঁক, যʼত কৈছে: “তুমি যিহোৱালৈ অপেক্ষা কৰা সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।” (গীতমালা ২৭:১৪; যিচয়া ৫৪:১৭) আমাৰ সৈতে থকা লাখ লাখ খ্ৰীষ্টানসকলৰ দৰে আশাত দৃঢ় আৰু নিৰপেক্ষতা বজাই ৰাখি এই জগতৰ নোহোৱা পৰিচয় দিওঁহঁক। (w02 11/1)

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধই কেনেকৈ আমাক জগতৰ পৰা পৃথকে ৰাখে?

• ঈশ্বৰৰ ৰাজ্যৰ অধীন হোৱা হেতুকে আমি কেনেকৈ নিৰপেক্ষতা বজাই ৰাখিব পাৰোঁ?

• কি ধৰণে ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমে আমাক নিৰপেক্ষতা বজাই ৰাখি এই জগতৰ পৰা পৃথকে ৰাখে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৭ পৃষ্ঠাৰ ছবি]

জগতৰ সৈতে থকা আমাৰ সম্বন্ধত ঈশ্বৰৰ ৰাজ্যৰ অধীন হোৱা মনোবৃত্তিয়ে কেনে প্ৰভাৱ পেলায়

[২৮ পৃষ্ঠাৰ ছবি]

এজন হোটো আৰু টুটচীয়ে মিলিজুলি আনন্দৰে কাৰ্য্য কৰে

[২৯ পৃষ্ঠাৰ ছবি]

ইহুদী আৰু আৰব দেশত থকা খ্ৰীষ্টান ভাইসকল

[২৯ পৃষ্ঠাৰ ছবি]

ছাৰবিয়ান, বোছনিয়া, কৰছিয়নাৰ খ্ৰীষ্টানসকলে পৰস্পৰে হোৱা সঙ্গতিৰ আনন্দ উপভোগ কৰে

[৩০ পৃষ্ঠাৰ ছবি]

যেতিয়া অধিকাৰীসকলে আমাক ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰিবলৈ কয় তেতিয়া আমি কেনে উত্তম পদক্ষেপ লোৱা উচিত?