Skip to content

Skip to table of contents

ব্যক্তিগতৰূপে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দিত হওক

ব্যক্তিগতৰূপে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দিত হওক

ব্যক্তিগতৰূপে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দিত হওক

“মই তোমাৰ সকলো কাৰ্য্য ধ্যান কৰিম, আৰু তোমাৰ ক্ৰিয়াবোৰ আলোচনা কৰিম।”—গীত. ৭৭:১২.

১, ২. (ক) আমি কিয় ধ্যান কৰিবলৈ আছুতীয়াকৈ সময় ৰখা উচিত? (খ) “ধ্যান” আৰু “মনোযোগ কৰা” শব্দটোৰ অৰ্থ কি?

 যীচু খ্ৰীষ্টৰ শিষ্যৰূপে ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধ আৰু তেওঁক উপাসনা কৰা কাৰণৰ প্ৰতি গভীৰভাৱে চিন্তাশীল হোৱা উচিত। বৰ্তমান সময়ত বেছিভাগ লোকে ব্যস্ত জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ বাবে ধ্যান কৰিবলৈ সময় উলিয়াব নোৱাৰে। কিয়নো তেওঁলোকৰ জীৱন ভৌতিকবাদ, বস্তু-বাহিনি কিনা-মেলা কৰা আৰু উদ্দেশ্যহীন খেল-ধেমালিত সম্পূৰ্ণভাৱে আৱদ্ধ হৈ আছে। আমি কেনেকৈ এনে ধৰণৰ উদ্দেশ্যহীন অভ্যাসৰ পৰা বিৰত থাকিব পাৰোঁ? যেনেকৈ আমি প্ৰত্যেকদিনা অত্যাৱশ্যকীয় কাৰ্য্য যেনে, আহাৰ গ্ৰহণ আৰু বিশ্ৰাম লোৱাৰ বাবে সময় উলিয়াওঁ তেনেকৈ যিহোৱাৰ কাৰ্য্য আৰু তেওঁ কৰা আচৰণত ধ্যান কৰিবলৈ সময় উলিওৱা আৱশ্যক।—দ্বিতীয় বিবৰণ ৮:৩; মথি ৪:৪.

আপুনি কেতিয়াবা ধ্যান কৰিবলৈ সময় অতিবাহিত কৰিছেনে? ধ্যান কৰা বুলি কʼলে আপুনি কি বুজে? এখন অভিধানৰ অনুসাৰে ‘ধ্যান’ শব্দটোৰ অৰ্থ হৈছে “দকৈ চিন্তা কৰা বা বিশেষকৈ গভীৰ চিন্তাত ৰত হোৱা।” “মনোযোগ” বুলি উল্লেখ কৰা শব্দটোৰ অৰ্থ হৈছে “কোনো বিষয় বা কথাত মন লগোৱা অৱস্থা।” কিন্তু এই শব্দটোৱে আমাৰ বাবে কি অভিপ্ৰায় ৰাখে?

৩. আধ্যাত্মিক বৃদ্ধি পোনপটীয়াকৈ কিহৰ সৈতে সম্বন্ধ আছে?

এটা কথা যে সেই শব্দটোৱে আমাক পাঁচনি পৌলে তীমথিয়লৈ লিখা এই কথাশাৰীক সোঁৱৰাই দিয়া উচিত, যʼত এইদৰে কোৱা হৈছিল: “মই নাযাওঁমানে তুমি পঢ়াত, উদগণিত, আৰু শিক্ষা দিয়াত মনোযোগ কৰা। . . . সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা।” দৰাচলতে অৱশ্যেই বৃদ্ধিৰ আশা কৰিব পাৰি, কিয়নো পৌলে কোৱা বাক্যশাৰীয়ে দেখুৱাইছে যে আধ্যাত্মিক বিষয়বোৰত মনোযোগ দিয়া আৰু বৃদ্ধি হোৱাৰ মাজত এক পোনপটীয়া সম্পৰ্ক আছে। সেই বাক্যশাৰী বৰ্তমান সময়তো একেদৰে প্ৰযোজ্য হয়। নিজে সন্তুষ্টি লাভ আৰু আমাৰ বৃদ্ধি প্ৰকাশিত হʼবলৈ আমি নিশ্চয়ে ঈশ্বৰৰ বাক্যৰ ওপৰত “মনোযোগ” আৰু “এইবোৰত ব্যস্ত” থকা আৱশ্যক।—১ তীমথিয় ৪:১৩-১৫.

৪. যিহোৱাৰ বাক্যৰ ওপৰত নিয়মীয়াকৈ ধ্যান কৰিবলৈ সহায়কৰূপে আপুনি কেনেধৰণৰ ব্যৱস্থাসমূহ অৱলম্বন কৰিব পাৰে?

ধ্যান কৰিবলৈ সকলোতকৈ উত্তম সময়ৰ বাছনি কৰাটো আপোনাৰ আৰু নিজৰ পৰিয়ালৰ সময় তালিকাৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে ৰাতিপুৱাৰ সময়ত প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক নামৰ পুস্তিকাখনৰ পৰা বাইবেলৰ এটা পদত মনোযোগ দিয়ে। প্ৰকৃততে বিশ্বজুৰি বেথেল গৃহবোৰত থকা প্ৰায় ২০,০০০ জন স্বেচ্ছাকৰ্ম্মীয়ে তেওঁলোকৰ দৈনন্দিন কাৰ্য্য আৰম্ভ কৰাৰ পূৰ্বেই নিতৌ ১৫ মিনিট সময় পুস্তিকাখনৰ পৰা উল্লেখ কৰা দিনটোৰ নিৰ্দ্দিষ্ট বাইবেল পদৰ ওপৰত আলোচনা কৰে। যদিও প্ৰত্যেক ৰাতিপুৱা বেথেল পৰিয়ালৰ কিছুমানেহে কেৱল মৌখিকভাৱে মন্তব্য দিয়ে, তথাপিও আনসকলে তাত যি কোৱা আৰু পঢ়া হয় তাৰ ওপৰত মনোযোগ দিয়ে। আন কিছুমান যিহোৱাৰ সাক্ষী ব্যক্তিয়ে চাকৰিলৈ যোৱাৰ বাটত যিহোৱাৰ বাক্যৰ ওপৰত ধ্যান কৰে। তেওঁলোকে নিজে বুজিব পৰা ভাষাত উপলব্ধ থকা বাইবেল, প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বাণীবদ্ধ কেছেটবোৰ শুনে। বহুতো সাক্ষী পত্নীয়ে ঘৰুৱা কাম-কাজ কৰি থকাৰ সময়ত সেইবোৰ শুনে। এইদৰে তেওঁলোকে গীত ৰচোঁতা আচফক অনুকৰণ কৰে যিজনে এইদৰে লিখিছিল: “মই যিহোৱাৰ কাৰ্য্যবোৰ উল্লেখ কৰিম; কিয়নো মই তোমাৰ পূৰ্ব্বকালৰ আচৰিত কৰ্ম্মবোৰ সোঁৱৰণ কৰিম। মই তোমাৰ সকলো কাৰ্য্য ধ্যান কৰিম, আৰু তোমাৰ ক্ৰিয়াবোৰ আলোচনা কৰিম।”—গীতমালা ৭৭:১১, ১২.

সঠিক মনোবৃত্তিয়ে উত্তম পৰিণাম কঢ়িয়াই আনে

৫. ব্যক্তিগত অধ্যয়ন কৰাটো আমাৰ বাবে কিয় অতি আৱশ্যক হোৱা উচিত?

বৰ্তমান যুগত টিভি, ভিডিঅ আৰু কম্পিউটাৰৰ বাবে বহুতে পঢ়িবলৈ ত্যাগ দিছে বা পঢ়া অভ্যাসত বাধা উৎপন্ন কৰিছে। বাস্তৱতে সেইবোৰক কেতিয়াও যিহোৱাৰ সাক্ষীসকলৰ পাঠ কৰা কাৰ্য্যত প্ৰতিৰোধক হʼবলৈ দিয়া উচিত নহয়। কিয়নো বাইবেল পাঠ কৰাটো হৈছে এটা জীৱনৰেখা যিয়ে আমাক যিহোৱাৰ সৈতে সংযোগ কৰে। এইটো প্ৰাচীন সময়ত মোচিৰ পিছত ইস্ৰায়েলক নেতৃত্ব কৰা যিহোচূৱাৰ ক্ষেত্ৰটো একেৰূপে সত্য প্ৰমাণিত হৈছিল। যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ তেওঁক স্বয়ং ঈশ্বৰৰ বাক্যক মনোযোগেৰে পাঠ কৰিব লাগিছিল। (যিহোচূৱা ১:৮; গীতমালা ১:১, ২) সেইটো বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ বাবেও প্ৰযোজ্য হয়। যিহেতু সীমিত শিক্ষা গ্ৰহণ কৰাৰ বাবে কিছুমানৰ বাবে পাঠ কৰাটো কষ্টকৰ বা কঠিন হʼব পাৰে। গতিকে ঈশ্বৰৰ বাক্যক পাঠ আৰু অধ্যয়ন কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ আমি ৰজা চলোমনে লিখা হিতোপদেশ ২:১-৬ পদত পাব পাৰোঁ। অনুগ্ৰহ কৰি আপুনি নিজৰ বাইবেলখন খুলি সেই পদসমূহ পঢ়ক। তাৰ পিছত আমি সেইবোৰক একেলগে আলোচনা কৰিম।

৬. ঈশ্বৰে প্ৰদান কৰা জ্ঞানৰ প্ৰতি আমাৰ কেনে মনোবৃত্তি হোৱা উচিত?

সেই পদটোৰ আৰম্ভণিতে আমি এইদৰে পঢ়িবলৈ পাওঁ: “হে মোৰ বোপা, তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা, আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা; . . .।” (হিতোপদেশ ২:১, ২) এই বাক্যশাৰীৰ পৰা আমি কি শিকিলোঁ? আমি এইটো শিকিলোঁ যে প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব আছে। ইয়াত উল্লেখ কৰা অৱস্থাটোৰ বিষয়ে মনোযোগ দিয়ক। যʼত কোৱা হৈছে “তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা।” ইয়াত এইবাবে “যদি” বুলি উল্লেখ কৰা হৈছে, কিয়নো বেছিভাগ মানুহে ঈশ্বৰৰ বাক্যৰ প্ৰতি কোনো মনোযোগ নিদিয়ে। ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰি আনন্দিত হʼবলৈ হʼলে আমি নিশ্চয়ে যিহোৱাৰ বাক্যক আগ্ৰহেৰে গ্ৰহণ আৰু সেইবোৰক কেতিয়াও নেহেৰুৱাকৈ সযত্নে ৰখা আৱশ্যক। আমি নিজৰ দৈনন্দিন কাৰ্য্য তালিকাক ঈশ্বৰৰ বাক্যৰ প্ৰতি আমাক অনিচ্ছুক কৰি তুলিবলৈ দিয়া উচিত নহয়। কিয়নো তেনে কৰাৰ ফলত আমি ঈশ্বৰৰ বাক্যক অনাদৰ কৰা বা সেইবোৰৰ প্ৰতি আমাৰ সন্দেহ উৎপন্ন হোৱা।—ৰোমীয়া ৩:৩, ৪.

৭. পৰাপক্ষত আমি কিয় খ্ৰীষ্টান সভাত উপস্থিত আৰু তাত মনোযোগ দিয়া উচিত?

যেতিয়া আমাৰ খ্ৰীষ্টান সভাবোৰত ঈশ্বৰৰ বাক্যৰ পৰা আলোচনা কৰা হয় তেতিয়া আমি বাস্তৱতে সেইবোৰক ভালকৈ শুনি তাৰ প্ৰতি “মনোযোগ” দিওঁনে? (ইফিচীয়া ৪:২০, ২১) তাত উল্লেখ কৰা বিষয়বোৰক বুজিব পৰাকৈ আমি আমাৰ ‘হৃদয়েৰে গ্ৰহণ’ কৰোঁনে? সম্ভৱতঃ বক্তাজন অধিক অভিজ্ঞতা থকা নহʼবও পাৰে, কিন্তু তেওঁ ঈশ্বৰৰ বাক্যক প্ৰকাশ কৰে আৰু সেয়েহে তেওঁৰ প্ৰতি অধিক মনোযোগ দিয়া আৱশ্যক। দৰাচলতে যিহোৱাৰ জ্ঞানৰ প্ৰতি অধিক মনোযোগ দিবলৈ পৰাপক্ষত আমি নিশ্চয়ে সকলোবোৰ খ্ৰীষ্টান সভাত উপস্থিত হোৱা আৱশ্যক। (হিতোপদেশ ১৮:১) পেন্টাকোষ্ট ৩৩ চনত যিৰূচালেম চহৰৰ এটা ঘৰৰ ওপৰৰ কোঠালীত হোৱা এখন সভাত উপস্থিত হʼবলৈ নোৱাৰা সকলে কিমান যে হতাশ হৈছিল সেই বিষয়ে কল্পনা কৰক! যদিও আমাৰ সভাবোৰ সেই সভাখনৰ দৰে উত্তেজনামূলক নহয়, তথাপিও সেইবোৰ অত্যাৱশ্যকীয় পাঠ্যপুঠিৰ ওপৰত আধাৰিত কৰি পৰিচালনা কৰা হয়। এতেকে যদি আমি প্ৰত্যেকখন সভাত মনোযোগ দিওঁ আৰু তাত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ খুলি পঢ়োঁ, তেনেহʼলে ইয়ে আমাৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে।—পাঁচনিৰ কৰ্ম্ম ২:১-৪; ইব্ৰী ১০:২৪, ২৫.

৮, ৯. (ক) ব্যক্তিগত অধ্যয়নৰ বাবে আমাক কিহৰ আৱশ্যক? (খ) ঈশ্বৰৰ বাক্যৰ জ্ঞানৰ সৈতে আপুনি কেনেকৈ সোণৰ মূল্য তুলনা কৰিব?

জ্ঞানী ৰজা চলোমনে লিখা বাক্যই আগলৈ এইদৰে কৈছে: “এনে কি, তুমি যদি সুবিবেচনাক মাতা, আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, . . .।” (হিতোপদেশ ২:৩) এই বাক্যশাৰীয়ে আমালৈ কি প্ৰকাশ কৰে? যিহোৱাৰ বাক্যক বুজিবলৈ অধিক আগ্ৰহী হোৱাটো কিমান যে আৱশ্যক! যিহোৱাৰ ইচ্ছা কি এই বিষয়ে জ্ঞান লাভ কৰিবলৈ অধ্যয়নৰ বাবে হাবিয়াস কৰাটো সন্মিলিত আছে। ইয়াৰ বাবে বাস্তৱতে যত্ন কৰা আৱশ্যক। ইয়ে আমাক ৰজা চলোমনে আগলৈ লিখা বাক্য আৰু দৃষ্টান্তটোলৈ পৰিচালিত কৰে।—ইফিচীয়া ৫:১৫-১৭.

যিজনে আগলৈ এইদৰে কৈছিল: “যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, . . .।” (হিতোপদেশ ২:৪) এই বাক্যশাৰীয়ে আমাক শতাব্দী ধৰি তথাকথিত মূল্যৱান ধাতু, ৰূপ আৰু সোণ বিচাৰি ফুৰা ব্যক্তিজনৰ সফলতাৰ বিষয়ে বিবেচনা কৰিবলৈ সহায় কৰে। কিয়নো সোণৰ বাবে এজনে আনজনক হত্যা কৰে। আন কিছুমানে সোণ বিচাৰি নিজৰ গোটেই জীৱনটো অতিবাহিত কৰে। এই সোণৰ প্ৰকৃত মূল্য কিমান? ধৰি লওক আপুনি মৰুভূমিত বাট হেৰুৱালে আৰু পিয়াহত অন্ঠ-কণ্ঠ শুকাই গৈছে, তেতিয়া আপুনি কি বিচাৰিব: এটুকুৰা সোণ নে এক গিলাছ চেচাঁ পানী? যিহেতু মানুহে আগ্ৰহেৰে সোণ বিচাৰিলে, যাৰ মূল্য অস্থিৰ আৰু কৃত্ৰিম! a প্ৰকৃততে ঈশ্বৰ আৰু তেওঁৰ ইচ্ছাৰ বিষয়ে বুজাত জ্ঞান আৰু বিবেচনাশক্তি বিচাৰিবলৈ আমি অধিক আগ্ৰহী হোৱা উচিত নহনে বাৰু! কিন্তু তেনেদৰে অনুসন্ধান কৰি আমি কিমান লাভবান হʼব পাৰোঁ?—গীতমালা ১৯:৭-১০; হিতোপদেশ ৩:১৩-১৮.

১০. যদি আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ তেনেহʼলে কি লাভ কৰিব পাৰিম?

১০ আগলৈ ৰজা চলোমনে ব্যাখ্যা দি এইদৰে কৈছিল: “তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা।” (হিতোপদেশ ২:৫) কিযে এক আচৰিত চিন্তাধাৰা, যে আমি পাপী মানৱে সাৰ্ব্বভৌম প্ৰভু পৰমেশ্বৰ অৰ্থাৎ যিহোৱা “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিব পাৰিম! (গীতমালা ৭৩:২৮; পাঁচনিৰ কৰ্ম্ম ৪:২৪) দাৰ্শনিক আৰু তথাকথিত জ্ঞানী ব্যক্তিসকলে বহু দৰ্শকৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য বুজিবলৈ চেষ্টা কৰিছে। অথচ তেওঁলোকে “ঈশ্বৰবিষয়ক জ্ঞান” বিচাৰি পাবলৈ বিফল হʼল। তেওঁলোকে কিয় বিফল হʼল? যদিও সেই জ্ঞান ঈশ্বৰৰ বাক্য বাইবেলত হাজাৰ বছৰৰ পৰাই উপলব্ধ আছে, তথাপিও সেই জ্ঞানক গ্ৰহণ নকৰিলে আৰু এইদৰে তেওঁলোকে তাৰ অৰ্থ বুজি পোৱাত বিফল হʼল।—১ কৰিন্থীয়া ১:১৮-২১.

১১. ব্যক্তিগত অধ্যয়নৰ পৰা কেনে লাভসমূহ পাব পাৰি?

১১ ইয়াত ৰজা চলোমনে আন এটা উৎসাহজনক বিষয় দাঙি ধৰিছে। যʼত এইদৰে কোৱা হৈছে: “যিহোৱায়েই প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়।” (হিতোপদেশ ২:৬) যিহোৱাই তেনে লোকবিলাকক বিনামূল্যে আৰু উদাৰভাৱে জ্ঞান, বুদ্ধি আৰু বিবেচনাশক্তি প্ৰদান কৰে যিসকলে তাৰ বাবে আগ্ৰহী। গতিকে নিজকে অনুশাসন দি প্ৰচেষ্টা আৰু ত্যাগ কৰাৰ যোগেদি ঈশ্বৰৰ বাক্যক ব্যক্তিগতৰূপে অধ্যয়ন কৰাটোক মূল্যাঙ্কন কৰিবলৈ আমাৰ ওচৰত বাস্তৱতে উপযুক্ত কাৰণ আছে। যিহেতু আমি প্ৰাচীন কালৰ দৰে হাতে লিখা প্ৰতিলিপি তৈয়াৰ কৰাৰ কোনো আৱশ্যকতা নাই, কিয়নো আমাৰ ওচৰত ছপা কৰা যথেষ্টমাত্ৰাত প্ৰতিলিপিসমূহ আছে!—দ্বিতীয় বিবৰণ ১৭:১৮, ১৯.

যিহোৱাৰ যোগ্যৰূপে আচৰণ কৰা

১২. ঈশ্বৰবিষয়ক জ্ঞান লোৱাৰ সম্বন্ধে আমাৰ মনোবৃত্তি কেনে হোৱা উচিত?

১২ ব্যক্তিগত অধ্যয়ন কৰাৰ সম্বন্ধে আমি কেনে মনোবৃত্তি ৰাখা উচিত? আনতকৈ উত্তম হোৱাৰ উদ্দেশ্যেৰে নে? আনতকৈ নিজকে জ্ঞানী কৰিবলৈ নে? নিজকে বাইবেল বিশ্বকোষ কৰিবলৈ নে? অৱশ্যেই তেনে মনোবৃত্তি ৰখা উচিত নহয়। আমি খ্ৰীষ্টান আচৰণৰ অভ্যাস কৰি সদায়ে যীচুৰ মনোবৃত্তিৰ দৰে আনক সহায় কৰিবলৈ তৎপৰতা দেখুউৱাটো আমাৰ লক্ষ্য হোৱা আৱশ্যক। (মথি ১১:২৮-৩০) পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।” (১ কৰিন্থীয়া ৮:১) গতিকে আঁহক আমি মোচিৰ নিচিনাকৈ নম্ৰ হোৱাৰ প্ৰমাণ দিওঁ, যিজনে এইদৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি কৈছিল: “বিনয় কৰিছোঁ, মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।” (যাত্ৰাপুস্তক ৩৩:১৩) দৰাচলতে আমি মানুহক প্ৰভাৱিত কৰাৰ উদ্দেশ্যেৰে নহয় কিন্তু ঈশ্বৰক সন্তুষ্ট কৰাৰ বাবে জ্ঞান আহৰণ কৰা আৱশ্যক। আমি নিশ্চয়ে তেওঁৰ যোগ্য আৰু নম্ৰ সেৱক হোৱাটো বাঞ্চা কৰোঁ। আমি কেনেকৈ এই লক্ষ্যত উপনীত হʼব পাৰোঁ?

১৩. এজন ব্যক্তিক ঈশ্বৰৰ যোগ্য সেৱক হʼবলৈ কি কৰা আৱশ্যক?

১৩ ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰি তাৰ সম্বন্ধে পাঁচনি পৌলে তীমথিয়ক এইদৰে কৈছিল: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।” (২ তীমথিয় ২:১৫) “ঠিকৰূপে বিভাগ কৰাৰ” অভিব্যক্তিটো যুটীয়া গ্ৰীক ক্ৰিয়া পদৰ পৰা আহিছে আৰু যাৰ প্ৰকৃত অৰ্থ হৈছে “নিভাঁজকৈ কটা” বা ‘পোনকৈ কটা।’ (কিংডম ইন্টাৰলিনিয়াৰ) কিছুমান বিদ্বানৰ অনুসাৰে এই বাক্যফাঁকিয়ে এনে ধাৰণা প্ৰকাশ কৰিছে যে ই যেন এজন দৰ্জীয়ে জোখৰ অনুসাৰে কাপোৰ কটা বা খেতিয়কে পথাৰত নাঙলেৰে সীৰলু কৰাৰ দৰে। যিয়েই নহওক কিয়, ইয়াৰ চুড়ান্ত ফলাফল নিভাঁজ হোৱা উচিত। এই বাক্যফাঁকিৰ মুখ্য অভিপ্ৰায় আছিল যে তীমথিয়ই ঈশ্বৰৰ অনুমোদনযুক্ত আৰু তেওঁৰ যোগ্য সেৱক হʼবলৈ ঈশ্বৰৰ বাক্যৰ সত্যতাৰ অনুসাৰে তেওঁৰ শিক্ষা প্ৰদান আৰু আচৰণ কৰিবলৈ ‘যত্ন কৰিব লাগিছিল।’—১ তীমথিয় ৪:১৬.

১৪. আমাৰ কথা-বতৰা আৰু কাৰ্য্যত ব্যক্তিগত অধ্যয়নে কেনে প্ৰভাৱ পেলোৱা উচিত?

১৪ পাঁচনি পৌলে কলচীয়া মণ্ডলীত থকা সঙ্গী উপাসকসকলকো সেই একেই বিষয়ে জোৰ দি “ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি, সকলো সৎকৰ্ম্মত ফলৱন্ত” হোৱাৰ দ্বাৰা “[যিহোৱাৰ, NW] যোগ্যৰূপে আচৰণ” কৰিবলৈ কৈছিল। (কলচীয়া ১:১০-১১) ইয়াত পৌলে “সৎকৰ্ম্মত ফলৱন্ত হৈ” ঈশ্বৰৰ যোগ্য আৰু “ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত” বৃদ্ধি হোৱাৰ সম্পৰ্কে বৰ্ণনা কৰি বুজাই দিছিল। আনহাতে আমি কিমান জ্ঞান আহৰণ কৰিছোঁ তাক যিহোৱাই কেৱল মূল্যাঙ্কন কৰে এনে নহয়, কিন্তু আমাৰ সকলো কথা-বতৰা আৰু কাৰ্য্য নিবিড়ভাৱে ঈশ্বৰৰ বাক্যৰ সামঞ্জস্যত হোৱাকো মূল্যাঙ্কন কৰে। (ৰোমীয়া ২:২১, ২২) ইয়াৰ অৰ্থ হৈছে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কৰা ব্যক্তিগত অধ্যয়নে আমাৰ বিচাৰধাৰাক প্ৰভাৱিত কৰা উচিত।

১৫. আমাৰ মন আৰু বিচাৰধাৰাক কেনেকৈ নিয়ন্ত্ৰণ আৰু নিৰাপত্তা প্ৰদান কৰিব পাৰোঁ?

১৫ বৰ্তমান সময়ত চয়তানে মানসিক বিশৃংখলতা সৃষ্টি কৰি আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ উপায় বিচাৰি ফুৰিছে। (ৰোমীয়া ৭:১৪-২৫) গতিকে যিহোৱাৰ যোগ্য সেৱক হʼবলৈ আমি নিজৰ মন আৰু বিচাৰধাৰাক নিয়ন্ত্ৰণ আৰু নিৰাপত্তা প্ৰদান কৰা আৱশ্যক। তাৰ বাবে আমাৰ ওচৰত অস্ত্ৰস্বৰূপে ‘ঐশ্বৰিক জ্ঞান’ আছে যিয়ে “সকলো কল্পনাক বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন” কৰে। এই সকলোবোৰ বিষয়ৰ উপৰিও আমি আমাৰ মনৰ পৰা মাংসিক আৰু স্বাৰ্থপৰ ভাৱনাক আঁতৰ কৰিবলৈ নিতৌ বাইবেল অধ্যয়নৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক।—২ কৰিন্থীয়া ১০:৫.

বুজিবলৈ সহায় আগবঢ়োৱা

১৬. যিহোৱাৰ শিক্ষাক গ্ৰহণ কৰি আমি কেনেকৈ লাভবান হʼব পাৰোঁ?

১৬ যিহোৱাৰ শিক্ষাই আধ্যাত্মিক আৰু শাৰীৰিক লাভসমূহ প্ৰদান কৰে। ই কোনো প্ৰকাৰৰ শক্তিহীন, অব্যৱহাৰিক ধৰ্ম্মতত্বৰ শিক্ষা নহয়। এই সক্ৰান্তত ঈশ্বৰৰ বাক্যত এইদৰে পঢ়িবলৈ পাওঁ: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।” (যিচয়া ৪৮:১৭) যিহোৱাই কেনেকৈ আমাক যাব লগীয়া বাটেদি লৈ যায়? আমাক তেওঁৰ বাটেদি পৰিচালিত কৰিবলৈ সৰ্বপ্ৰথমে আমাৰ ওচৰত তেওঁৰ পবিত্ৰ বাক্য বাইবেল আছে। ই এনে এখন পাঠ্যপুস্তক যাক আমি সদায়ে ব্যৱহাৰ কৰোঁ। সেইবাবে খ্ৰীষ্টান সভাত ইয়াক ব্যৱহাৰ কৰাটো উত্তম। তেনে কৰাৰ দ্বাৰা যে উত্তম পৰিণাম লাভ কৰিব পাৰি তাক আমি পাঁচনিৰ কৰ্ম্ম ৮ অধ্যায়ত উল্লেখ কৰা কুচ-দেশীয় নপুংসকজনৰ বিৱৰণীৰ পৰা চাব পাৰোঁ।

১৭. কুচ-দেশীয় নপুংসকজনৰ সৈতে কি ঘটিছিল আৰু ইয়াৰ দ্বাৰা ই কি বুজাব বিচাৰিছে?

১৭ সেই কুচ-দেশীয় নপুংসকজন এজন ইহুদী ধৰ্ম্ম গ্ৰহণ কৰা ব্যক্তি আছিল। ঈশ্বৰৰ ওপৰত তেওঁৰ দৃঢ় বিশ্বাস আছিল আৰু শাস্ত্ৰীয় পদবোৰ অধ্যয়ন কৰিছিল। এবাৰ তেওঁ ভজনা কৰি যিৰূচালেমলৰ পৰা ৰথেৰে উভটি যাওঁতে ফিলিপে তেওঁক যিচয়াৰ ভাববাদীৰ পুস্তক পঢ়া দেখা পালে আৰু তেওঁৰ ওচৰলৈ লৰি গৈ এইদৰে সুধিলে: “আপুনি যি পঢ়িছে তাক বুজিছে নে?” তেতিয়া সেই নপুংসকজনে কি বুলি উত্তৰ দিলে? তাতে তেওঁ উত্তৰ দি এইদৰে কʼলে: “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম? পাছে ফিলিপক ৰথত উঠি তেৱেঁ সৈতে বহিবলৈ তেওঁ নিবেদন কৰিলে।” তাতে ফিলিপক পবিত্ৰ আত্মাই সহায় কৰাত নপুংসকজনক যিচয়াৰ ভৱিষ্যতবাণীৰ বিষয়ে বুজাই দিলে। (পাঁচনিৰ কৰ্ম্ম ৮:২৭-৩৫) এই উদাহৰণৰ পৰা আমি কি শিকিবলৈ পাওঁ? আমি এইটোৱে শিকিবলৈ পাওঁ যে কেৱল ব্যক্তিগত অধ্যয়ন কৰাটোৱেই যথেষ্ট নহয়। যিহোৱাই তেওঁৰ সক্ৰিয় শক্তিৰ দ্বাৰা বিশ্বাসী বুদ্ধিমান দাসসকলক উচিত সময়ত আমাক তেওঁৰ বাক্য বুজাই দিবলৈ সহায় কৰিছে। সেইটো কেনেকৈ কৰা হয়?—মথি ২৪:৪৫-৪৭; লূক ১২:৪২.

১৮. বিশ্বাসী বুদ্ধিমান দাসবৰ্গই আমাৰ বাবে কেনে সহায় আগবঢ়াইছে?

১৮ দাসবৰ্গক যদিও “বিশ্বাসী বুদ্ধিমান দাস” বুলি কোৱা হয়, তথাপিও যীচুৱে তেওঁলোকক সিদ্ধ বুলি কোৱা নাছিল। আজিও এই অভিষিক্ত ভাইসকল অসিদ্ধ খ্ৰীষ্টান ব্যক্তিসকলৰ দ্বাৰা গঠিত। আনকি উত্তম অভিপ্ৰায় ৰখাৰ স্বত্ত্বেও তেওঁলোকে প্ৰথম শতিকাৰ অভিষিক্ত ব্যক্তিসকলৰ দৰে ভুল কৰিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১০:৯-১৫; গালাতীয়া ২:৮, ১১-১৪) তথাপিও তেওঁলোকৰ অভিপ্ৰায় শুদ্ধ আৰু আমাক বাইবেল অধ্যয়নত সহায় কৰিবলৈ যিহোৱাই তেওঁলোকক ব্যৱহাৰ কৰিছে, যাতে আমি ঈশ্বৰৰ বাক্য আৰু প্ৰতিজ্ঞাৰ প্ৰতি দৃঢ় বিশ্বাস গঢ়ি তুলিব পাৰোঁ। তেওঁলোকে আমাৰ ব্যক্তিগত অধ্যয়নত সহায়ৰ বাবে দ্যা নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অব দা হলি স্ক্ৰিপশ্বাৰচ্‌ৰ যোগান ধৰিছে। বৰ্তমান সময়ত এই কিতাপখন সম্পূৰ্ণকৈ ৪২ টা ভাষাত আৰু ১১.৪ কোটিখন কপি বহুতো সংস্কৰনত ছপা কৰা হৈছে। আমি এই কিতাপখনক কাৰ্য্যকাৰীৰূপে কেনেকৈ ব্যক্তিগত অধ্যয়নত ব্যৱহাৰ কৰিব পাৰোঁ?—২ তীমথিয় ৩:১৪-১৭.

১৯. দ্যা নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌—উইথ ৰিফেৰেন্সেচ্‌ বাইবেলখনত দিয়া কিছুমান বৈশিষ্ট কি, যিয়ে ব্যক্তিগত অধ্যয়নত সহায় কৰে?

১৯ উদাহৰণস্বৰূপে, নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্যা হলি স্ক্ৰিপশ্বাৰচ্‌—উইথ ৰিফেৰেন্সেচ্‌ বাইবেলখনত পথালিকৈ উদ্ধৃতিসমূহ, ফোটনোট, “বাইবেলৰ ৱৰ্ডচ্‌ ইনডেক্স” আৰু “ফোটনোট ৱৰ্ডচ্‌ ইনডেক্স” বুলি এক সৰু নিৰ্ঘন্ট আৰু ৪৩ টা বিভিন্ন বিষয়ৰ ওপৰত পৰিশিষ্ট দিয়া হৈছে। ইয়াৰ উপৰিও বাইবেলখনত মানচিত্ৰ আৰু ৰেখাচিত্ৰ দিয়া হৈছে। তদুপৰি এই অতুলনীয় অনুবাদৰ বাইবেলখনত বহুতো তথ্যৰে ভৰা ব্যাখ্যাৰ সৈতে “পাতনি” সন্মিলিত কৰা হৈছে। ইয়াক এনে এটা ভাষাত প্ৰকাশ কৰা হৈছে যাক আপুনি বুজি পাব পাৰে আৰু তাৰ বৈশিষ্ট্যবোৰৰ সৈতে ভালদৰে পৰিচিত হৈ সেইবোৰক ব্যৱহাৰ কৰিব পাৰে। যিয়েই নহওক কিয়, এই বাইবেলখন হৈছে আমাৰ অধ্যয়ন কাৰ্য্যক্ৰমৰ আৰম্ভণি বিষয় আৰু দ্যা নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলখনত ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্যৰ শাসনৰ বিষয়ে উল্লেখ কৰি সঠিককৈ দাঙি ধৰা হৈছে।—গীতমালা ১৪৯:১-৯; দানিয়েল ২:৪৪; মথি ৬:৯, ১০.

২০. এতিয়া ব্যক্তিগত অধ্যয়নৰ সম্বন্ধে উঠা কেনেবোৰ প্ৰশ্নৰ উত্তৰ পোৱাটো অতি আৱশ্যক?

২০ এতিয়া আমি নিজকে এইদৰে সুধিব পাৰোঁ: ‘বাইবেলখন বুজি পাবলৈ আমাক কেনে অতিৰিক্ত সহায়ৰ আৱশ্যক? ব্যক্তিগত অধ্যয়নৰ বাবে আমি কেনেকৈ সময় উলিয়াব পাৰোঁ? আমি কেনেকৈ অধ্যয়নক অধিক প্ৰভাৱকাৰী কৰি তুলিব পাৰোঁ? আমাৰ অধ্যয়নে আনক কেনেকৈ প্ৰভাৱিত কৰা উচিত? আমাৰ খ্ৰীষ্টান উন্নতিৰ বাবে বিবেচনা কৰিবলগীয়া সেই প্ৰমুখ প্ৰশ্নবোৰৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 12/1)

[ফুটনোট]

a ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈ ৩১ গ্ৰাম সোণৰ উচ্চতম মূল্য $850.00 ডলাৰ নিম্নগামী হৈ ১৯৯৯ চনত ৩১ গ্ৰাম সোণৰ মূল্য $252.80 ডলাৰ হৈছে।

আপোনাৰ মনত আছেনে?

• “ধ্যান” আৰু “মনোযোগ” কৰা বুলিলে আপুনি কি বুজে?

• ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ প্ৰতি আমাৰ কেনে মনোবৃত্তি হোৱা উচিত?

• ব্যক্তিগত অধ্যয়নৰ প্ৰতি কেনে অভিপ্ৰায় ৰখা উচিত?

• আমি বাইবেলখনৰ বিষয়বোৰক বুজিবলৈ কেনে সহায়বোৰ উপলব্ধ আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

বেথেল পৰিয়ালৰ সদস্যসকলে প্ৰত্যেকদিনা বাইবেল পাঠ আলোচনা কৰি আধ্যাত্মিকভাৱে শক্তিশালী হৈছে

[৯ পৃষ্ঠাৰ ছবিসমূহ]

যাত্ৰা কৰাৰ সময়খিনি আমি বাইবেল অডিঅ কেছেট শুনাৰ দ্বাৰা অতিবাহিত কৰিব পাৰোঁ

[১০ পৃষ্ঠাৰ ছবি]

যিহেতু মানুহে সোণ বিচাৰি উলিয়াবলৈ কঠিন পৰিশ্ৰম কৰিবলগা হয়। ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰিব লাগিব?

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Courtesy of California State Parks, 2002

[১১ পৃষ্ঠাৰ ছবি]

বাইবেলখন হৈছে এনে এক গুপ্ত ধন, যি অনন্ত জীৱনলৈ পৰিচালিত কৰিব পাৰে