Skip to content

Skip to table of contents

ব্যক্তিগত অধ্যয়নে আমাক নিপুণ শিক্ষকৰূপে সুসজ্জিত কৰে

ব্যক্তিগত অধ্যয়নে আমাক নিপুণ শিক্ষকৰূপে সুসজ্জিত কৰে

ব্যক্তিগত অধ্যয়নে আমাক নিপুণ শিক্ষকৰূপে সুসজ্জিত কৰে

“সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা।”—১ তীমথিয় ৪:১৫, ১৬.

১. সময় আৰু ব্যক্তিগত অধ্যয়নৰ সম্বন্ধে কেনে সত্যতা জড়িত হৈ আছে?

 উপদেশক ৩:১ পদত কৈছে যে “প্ৰত্যেক বিষয়ৰেই এক এক সময় আছে।” এই কথাষাৰ ব্যক্তিগত অধ্যয়নৰ ক্ষেত্ৰতো সঁচা। অনুচিত সময় আৰু স্থান হোৱাৰ বাবে বহুতে আধ্যাত্মিক বিষয়বোৰত মনোযোগ দিবলৈ কঠিন যেন অনুভৱ কৰে। উদাহৰণস্বৰূপে, দিনটোৰ কঠিন পৰিশ্ৰমৰ অন্তত আৰু আবেলি ভালকৈ আহাৰ কৰাৰ পিছত বিশেষকৈ আপুনি টিভিৰ সম্মুখত থকা আৰামদায়ক চকীত বহি অধ্যয়ন কৰিবলৈ ইচ্ছা কৰিবনে? বোধহয় আপুনি ইচ্ছা নকৰিব। তেন্তে ইয়াৰ কোনো উপায় আছেনে? আৱশ্যেই আছে, স্পষ্টকৈ অধ্যয়ন কৰি অধিকমাত্ৰাত লাভবান হʼবলৈ তাৰ বাবে সঠিক স্থান আৰু সময়ৰ বাছনি কৰা আৱশ্যক।

২. ব্যক্তিগত অধ্যয়ন কৰিবলৈ প্ৰায়ে কোনটো সময় উপযুক্ত?

বহুতে ৰাতিপূৱা ভাগত অধ্যয়ন কৰাটো ব্যৱহাৰিক বুলি ভাবে কিয়নো সেই সময়ছোৱাত সাধাৰণতে তেওঁলোকে সজাগে থাকে। আন কিছুমানে দুপৰীয়া জিৰণীৰ সময়ত চমুকৈ অধ্যয়ন কৰি ভাল পায়। আধ্যাত্মিক কাৰ্য্যসমূহৰ বাবে সময় উলিওৱা কিমান গুৰুত্বপূৰ্ণ এই বিষয়ে তলত দিয়া উদাহৰণটোক লক্ষ্য কৰক। প্ৰাচীন ইস্ৰায়েলৰ ৰজা দায়ূদে এনেদৰে লিখিছিল: “ৰাতিপুৱাতে মোক তোমাৰ কৃপাৰ বচন শুনুউৱা, কাৰণ মই তোমাত ভাৰসা কৰিছো; মই চলিব লগীয়া পথ মোক জনোৱা, কিয়নো মই তোমালৈ হাবিয়াহ কৰিছোঁ।” (গীতমালা ১৪৩:৮) ঠিক সেইদৰে ভৱিষ্যতবক্তা যিচয়াও একেইদৰে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কৈছিল: “মই যেন ক্লান্ত হোৱা লোকক বাক্যেৰে সুস্থিৰ কৰিব পাৰোঁ, এই নিমিত্তে প্ৰভু যিহোৱাই মোক শিক্ষিত লোকৰ জিবা দিলে। তেওঁ প্ৰতি ৰাতিপুৱাতে মোক চেতনায়, এনে কি, শিক্ষিত লোকৰ দৰে শুনিবৰ নিমিত্তে মোৰ কাণ চেতনায়।” ইয়াত লক্ষ্য কৰিবলগীয়া বিষয়টো হৈছে দিনটো যিটো সময়ত আমি মানসিকভাৱে সষ্টম হৈ থাকোঁ, সেই সময়ত যিহোৱাৰ সৈতে নিবিড়ভাৱে যোগাযোগ কৰা আৱশ্যক।—যিচয়া ৫০:৪, ৫; গীতমালা ৫:৩; ৮৮:১৩.

৩. ব্যক্তিগত অধ্যয়নক প্ৰভাৱকাৰী কৰিবলৈ কেনে পৰিবেশৰ বাছনি কৰা উচিত?

কাৰ্য্যকাৰীৰূপে অধ্যয়ন কৰাৰ আন এটা উপায় হৈছে, আমি অধ্যয়ন কৰিবলৈ আৰামদায়ক চকী বা চোফাত বহাটো উচিত নহয়। কিয়নো তেনে আসনত বহিলে আমি সজাগ হৈ থাকিব নোৱাৰিম। যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়া আমাৰ মন উৎসাহিত হোৱা উচিত, কিন্তু আৰামদায়ক চকী বা চোফাত বহি অধ্যয়ন কৰিলে আমাৰ মন উৎসাহিত হʼব নোৱাৰে। ইয়াৰ উপৰিও অধ্যয়ন আৰু ধ্যান কৰিবলৈ তুলনাত্মকভাৱে শান্ত পৰিবেশ বাছনি কৰা আৱশ্যক। যদি ৰেডিঅ বা টেলিভিছনৰ কাৰ্য্যক্ৰম চলি থকা আৰু লʼৰা-ছোৱালীৰ চিঞৰ-বাখৰৰ মাজত অধ্যয়ন কৰে, তেন্তে আপুনি ভাল ফলাফলৰ আশা কৰিব নোৱাৰিব। সেয়েহে যীচুৱে ধ্যান কৰিবলৈ এক নিৰ্জন ঠাই বাছি লৈছিল। তদুপৰি তেওঁ নিৰ্জন স্থানত প্ৰাৰ্থনা কৰাৰ গুৰুত্বৰ বিষয়েও দাঙি ধৰিছিল।—মথি ৬:৬; ১৪:১৩; মাৰ্ক ৬:৩০-৩২.

ব্যক্তিগত অধ্যয়নে আমাক উত্তৰ দিয়াত নিপুণ কৰে

৪, ৫. বিচাৰে ব্ৰচাৰখনে কেনে প্ৰকাৰে এক ব্যৱহাৰিক সহায় আগবঢ়াব পাৰে?

যেতিয়া আমি কোনো এটা বিষয়ত, বিশেষকৈ কোনো ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উদ্দেশ্যেৰে উপলব্ধ থকা বাইবেল আধাৰিত প্ৰকাশনসমূহত গভীৰভাৱে অনুসন্ধান কৰি ব্যক্তিগত অধ্যয়ন কৰোঁ তেতিয়া সেই অধ্যয়ন অধিক সন্তুষ্টজনক হয়। (১ তীমথিয় ১:৪; ২ তীমথিয় ২:২৩) আৰম্ভণিতে বহুতো আগ্ৰহী ব্যক্তিয়ে অধ্যয়ন কৰা ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? a নামৰ ব্ৰচাৰখন বৰ্তমান সময়ত ২৬১ টা ভাষাত উপলব্ধ কৰা হৈছে। এই ব্ৰচাৰখন বুজাত সহজ কিন্তু নিৰ্দিষ্ট আৰু ই সম্পূৰ্ণকৈ বাইবেল আধাৰিত। সত্য উপাসনাৰ বাবে ঈশ্বৰে কি বিচাৰে এই বিষয়ে ব্ৰচাৰখনে কম সময়ৰ ভিতৰত পাঠকসকলক বুজাত সহায় কৰে। যিহেতু এই পুস্তকখনক ব্ৰচাৰৰূপে তৈয়াৰ কৰাৰ বাবে ইয়াত প্ৰত্যেকটো বিষয়ক বিস্তাৰিতভাৱে বৰ্ণনা কৰা নাই। যদি আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে অধ্যয়নৰ সময়ত বাইবেলৰ বিষয়ে কোনো গভীৰ প্ৰশ্ন সোধে, তেন্তে সেই প্ৰশ্নৰ সঠিক উত্তৰ দিয়া সম্বন্ধে অধিক জ্ঞান পাবলৈ আপুনি কেনেকৈ অনুসন্ধান কৰিব?

যিসকলৰ ওচৰত কম্পেক্ট ডিক্সত নিজ ভাষাত ওৱাচ্‌টাৱাৰ লাইব্ৰেৰীৰ উপলব্ধ আছে তেওঁলোকৰ বাবে কম্পিউটাৰত বিস্তাৰিতভাৱে অনুসন্ধান কৰি জ্ঞান আহৰণ কৰাটো অতি সহজ। কিন্তু যিসকল ব্যক্তিৰ ওচৰত এই সুবিধা নাই তেওঁলোকে কি কৰিব পাৰে? আঁহক এতিয়া আমি বিচাৰে ব্ৰচাৰখনত উল্লেখ কৰা এনে দুটা বিষয়ক আলোচনা কৰোঁহঁক যিয়ে আমাৰ জ্ঞান বৃদ্ধি কৰি প্ৰশ্নসমূহক অধিক বিস্তাৰিতভাৱে উত্তৰ দিবলৈ সহায় কৰিব, বিশেষকৈ যেতিয়া কোনো আগ্ৰহী লোকে এইধৰে প্ৰশ্ন সোধে যে, ঈশ্বৰ কোন আৰু প্ৰকৃততে যীচুৱে কি পছন্দ কৰিছিল?—যাত্ৰাপুস্তক ৫:২; লূক ৯:১৮-২০; ১ পিতৰ ৩:১৫.

ঈশ্বৰ কোন?

৬, ৭. (ক) ঈশ্বৰৰ সম্বন্ধে কেনেবোৰ প্ৰশ্ন উত্থাপন হৈছে? (খ) এজন ধৰ্ম্মগুৰুৱে নিজৰ ভাষণত কেনে এক গম্ভীৰ বিষয়ক বাদ দিছিল?

বিচাৰে ব্ৰচাৰখনৰ ২ নং পাঠটোৱে, লোকসকলে ঈশ্বৰ কোন? বুলি কোৱা প্ৰশ্নৰ সঠিক উত্তৰ দাঙি ধৰিছে। এইটো হৈছে এটা মূল বিষয়, কিয়নো যদি এজন ব্যক্তিয়ে তেওঁক নাজানে বা তেওঁৰ অস্তিত্বত সন্দেহ কৰে তেন্তে তেওঁ কেতিয়াও সত্য ঈশ্বৰক উপাসনা কৰিব নোৱাৰে। (ৰোমীয়া ১:১৯, ২০; ইব্ৰী ১১:৬) তথাপিও আজি গোটেই বিশ্বজুৰি লোকসকলে ঈশ্বৰৰ পৰিচয়ৰ বিষয়ে বিভিন্ন মত দাঙি ধৰিছে। (১ কৰিন্থীয়া ৮:৪-৬) প্ৰত্যেক ধৰ্ম্মীয় দাৰ্শনিকবিদে এই প্ৰশ্নটোৰ বিভিন্ন উত্তৰ দিছে। উদাহৰণস্বৰূপে, খ্ৰীষ্টীয়জগতৰ বেছিভাগ ধৰ্ম্মই ঈশ্বৰক ত্ৰিমূৰ্ত্তি হিচাবে দৃষ্টি কৰে। সংযুক্ত ৰাষ্ট্ৰৰ এজন প্ৰমুখ পাদুৰিয়ে এটা ভাষণ দিছিল যাৰ বিষয়বস্তু আছিল “আপুনি জানেনে ঈশ্বৰ কোন?” কিন্তু ভাষণৰ সময়ছোৱাত যদিও তেওঁ হিব্ৰু শাস্ত্ৰীয় পদসমূহ বহুবাৰ উদ্ধৃত কৰিছিল, তথাপিও তেওঁ এবাৰো ঈশ্বৰৰ নামটোক উল্লেখ কৰা নাছিল। প্ৰকৃততে তেওঁ এনে এখন অনুবাদৰ বাইবেল ব্যৱহাৰ কৰিছিল যিখনত যিহোৱা বা ইয়াৱেহ নামটো উল্লেখ কৰাৰ পৰিৱৰ্তে কেৱল “প্ৰভু” বুলিহে উল্লেখ আছিল।

তেওঁ যিৰিমিয়া ৩১:৩৩, ৩৪ পদটো উদ্ধৃত কৰাৰ সময়ত এক গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা বঞ্চিত হৈছিল, যʼত এইদৰে কোৱা হৈছে: ‘“প্ৰভুক জানা”, [হিব্ৰুত, “যিহোৱাক জানা”] এই কথা কৈ তেওঁবিলাক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক, আৰু প্ৰতিজনে নিজ নিজ ভাইক আৰু শিক্ষা নিদিব; কাৰণ, প্ৰভুৱে [হিব্ৰুত, যিহোৱাই] কৈছে, বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব।’ দৰাচলতে তেওঁ যি অনুবাদৰ বাইবেল ব্যৱহাৰ কৰিছিল তাত বৈশিষ্ট্যসূচক ঈশ্বৰীয় নাম অৰ্থাৎ যিহোৱা নামটোক বাদ দিয়া হৈছিল।—গীতমালা ১০৩:১, ২.

৮. কিহে বৰ্ণনা কৰিছে যে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ?

গীতমালা ৮:৯ পদত বৰ্ণনা কৰিছে যে কিয় যিহোৱাৰ নামটোক ব্যৱহাৰ কৰা অতি গুৰুত্বপূৰ্ণ। সেই পদত এইদৰে উল্লেখ কৰিছে: “হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহিমান্বিত!” এই বাক্যশাৰীক আন এখন অনুবাদৰ বাইবেলৰ সৈতে তুলনা কৰি চাওক, যʼত এইদৰে কোৱা হৈছে: “হে প্ৰভু, আমাৰ প্ৰভু, গোটেই পৃথিৱীত তোমাৰ নাম কেনে পৰমোত্তম!” (কিং জেমচ্‌ ভাৰচন্‌; ইয়াৰ উপৰিও দ্যা নিউ আমেৰিকান বাইবেল, দ্যা হলি বাইবেল—নিউ ইন্টাৰনেচেনেল ভাৰচন্‌, টানাখ্‌—দ্যা হলি স্ক্ৰীপশ্বাৰ্ৰচ, চাওক।) যিহেতু পূৰ্বৱতী লেখত উল্লখ কৰা হৈছিল যে যদি আমি ঈশ্বৰৰ বাক্যৰ পৰা আধ্যাত্মিক অন্তৰ্দৃষ্টি পাওঁ, তেতিয়াহে আমি “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিম। গতিকে সেই ঈশ্বৰৰ নামৰ গুৰুত্বতাৰ বিষয়ে থকা আমাৰ প্ৰশ্নৰ উত্তৰ পাবলৈ কোনখন বাইবেল অধ্যয়নে সহায় কৰিব?—হিতোপদেশ ২:১-৬.

৯. (ক) কোনখন প্ৰকাশনে আমাক ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো যে অতি গুৰুত্বপূৰ্ণ, তাক বৰ্ণনা কৰাত সহায় কৰিব পাৰে? (খ) ঈশ্বৰৰ নামক সন্মান কৰিবলৈ কেনেকৈ বহুতো অনুবাদকে বিফল হʼল?

এই প্ৰশ্নৰ উত্তৰ পাবলৈ সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব নামৰ ব্ৰচাৰখন চাওক, যিখন মুখ্য ভাষাত অনুবাদ কৰা হৈছে। b এই ব্ৰচাৰখনৰ, “ঈশ্বৰৰ নাম—ইয়াৰ অৰ্থ আৰু উচ্চাৰণ” (৬-১১ পৃষ্ঠা) নামৰ প্ৰবন্ধটোত স্পষ্টকৈ বৰ্ণনা কৰিছে যে হিব্ৰু টেট্ৰাগ্ৰামেটন (গ্ৰীক ভাষাত “চাৰিটা আখৰক” বুজায়) প্ৰায়ে ৭০০০ বাৰ প্ৰাচীন হিব্ৰু বাইবেলত উল্লেখ কৰা দেখিবলৈ পোৱা যায়। তথাপিও পাদুৰি, ইহুদী ধৰ্ম্মৰ অনুবাদকসকলে আৰু খ্ৰীষ্টীয়জগতে ইচ্ছাকৃতভাৱে ঈশ্বৰৰ নামটোক বাইবেলৰ পৰা বাদ দিলে। c তেওঁলোকে ঈশ্বৰক নামৰ সৈতে জানিবলৈ অস্বীকাৰ কৰি তেওঁক জানো আৰু তেওঁৰ সৈতে নিবিড় সম্পৰ্ক আছে বুলি কেনেকৈ দাবী কৰিব পাৰে? ঈশ্বৰৰ সত্য নামেই তেওঁৰ উদ্দেশ্য আৰু তেওঁ কোন তাক বুজিবলৈ পথ মুকলি কৰে। তদুপৰি যদি ঈশ্বৰৰ ব্যক্তিগত নাম ব্যৱহাৰ কৰা নহয় তেন্তে যীচুৱে “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক” বুলি শিকোৱা আদৰ্শ প্ৰাৰ্থনাৰ কোনো গুৰুত্ব থাকিবনে?—মথি ৬:৯; যোহন ৫:৪৩; ১৭:৬.

যীচু কোন?

১০. আমি কেনেকৈ যীচুৰ জীৱনী আৰু সেৱাকাৰ্য্যৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ পাৰোঁ?

১০ বিচাৰে ব্ৰচাৰখনৰ ৩ নং পাঠটোৰ শিৰোনামাই “যীচু কোন?” বুলি সুধা প্ৰশ্নটোৰ উত্তৰ দিছে। কেৱল ৬ টা অনুচ্ছেদত তেওঁৰ উৎপত্তিৰ উৎস আৰু এই পৃথিৱীলৈ অহা তেওঁৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰিছে। যদি আপুনি যীচুৰ জীৱনী বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে তেন্তে পাঁচনিবিলাকে লিখা বৃত্তান্তৰে ভৰি থকা সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল (ইংৰাজী)* নামৰ কিতাপখনৰ পৰা সহায় লোৱাতকৈ আন একোৱে উত্তম হʼব নোৱাৰে। এই কিতাপখনত পাঁচনিসকলে লিখা চাৰিখন বৃত্তান্তৰ ওপৰত আধাৰিত কৰি যীচুৰ সম্পূৰ্ণ কালক্ৰমানীয় প্ৰস্তুত কৰা হৈছে। ইয়াৰ ১৩৩ টা অধ্যায়ে যীচুৰ জীৱনকাল আৰু পৰিচৰ্য্যাৰ বিষয়ে সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। বিশ্লেষণীয়ভাৱে বৰ্ণনা কৰিবলৈ আপুনি ইনচাইট, ২ খণ্ড, “যীচু খ্ৰীষ্ট” শীৰোনামাৰ অন্তৰ্গত চাব পাৰে।

১১. (ক) যীচুৰ বাস্তৱতাৰ বিষয়ে কৰা যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস আনৰ তুলনাত কেনেকৈ ভিন্ন? (খ) ত্ৰিমূৰ্ত্তি শিক্ষাক খণ্ডন কৰিবলৈ কেনে শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰা হৈছে আৰু এই সম্বন্ধে কোনখন প্ৰকাশনে সহায় আগবঢ়ায়?

১১ যীচুক কেন্দ্ৰিত কৰি খ্ৰীষ্টীয়জগতৰ মাজত বাদ বিষয় সৃষ্টি হৈছে যে তেওঁ “ঈশ্বৰৰ পুত্ৰ” অথবা “পুত্ৰ ঈশ্বৰ।” আন অৰ্থত কেথেইজিম অব দ্যা কেথলিক চাৰ্চে কয় যে, “ত্ৰিমূৰ্ত্তি হৈছে খ্ৰীষ্টান বিশ্বাসৰ মুখ্য ৰহস্য।” খ্ৰীষ্টীয়জগতৰ বিপৰীতে যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে ঈশ্বৰে যীচুক সৃষ্টি কৰিলে, তেওঁ প্ৰকৃততে ঈশ্বৰ নহয়। এই সম্বন্ধে “আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?,” (ইংৰাজী) d নামৰ ব্ৰচাৰখনত ভালকৈ আলোচনা কৰা হৈছে। এই ব্ৰচাৰখন ৯৫ টা ভাষাত প্ৰকাশ কৰা হৈছে। ত্ৰিমূৰ্ত্তি শিক্ষাক খণ্ডন কৰিবলৈ ব্যৱহাৰ কৰা বহুতো শাস্ত্ৰীয় পদৰ কিছুমান হৈছে, মাৰ্ক ১৩:৩২ আৰু ১ কৰিন্থীয়া ১৫:২৪, ২৮ পদ।

১২. কোনবোৰ অতিৰিক্ত প্ৰশ্নৰ প্ৰতি আমি মনোযোগ দিয়া আৱশ্যক?

১২ ওপৰত আলোচনা কৰা, ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়টোৱে আমাৰ বাবে এনে দিশবোৰ বৰ্ণনা কৰিছে যাৰ দ্বাৰা আমি বাইবেল সত্যতাৰ যথাৰ্থ জ্ঞান নথকা লোকসকলক সহায় কৰিবলৈ ব্যক্তিগত অধ্যয়ন কৰিব পাৰোঁ। (যোহন ১৭:৩) যিসকলে বহু সময়ৰ পৰা খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি কৰি আহিছে তেওঁবিলাকৰ বিষয়ে কি কʼব পাৰি? বাইবেল সত্যতাৰ সম্বন্ধে আহৰণ কৰা জ্ঞানক লক্ষ্য কৰি, তেওঁলোকে এতিয়াও ব্যক্তিগত অধ্যয়নৰ প্ৰতি মনোযোগ দিয়া আৱশ্যকনে?

কিয় ‘নিৰন্তৰে মনোযোগ দিয়া উচিত?’

১৩ বহুতে ব্যক্তিগত অধ্যয়নৰ প্ৰতি কেনে ভুল ধাৰণা ৰাখিব পাৰে?

১৩ মণ্ডলীত বহু বছৰৰ পৰা থকা কিছুমান সদস্যই আৰম্ভণিতে যিহোৱাৰ সাক্ষী হিচাবে লোৱা শিক্ষাতেই সন্তুষ্ট হোৱাটো অভ্যাসত পৰিণত হৈছে। কোনো এজনে সহজে এইদৰে কাৰণ দৰ্শাব পাৰে: “নতুনকৈ অহা ব্যক্তিসকলৰ দৰে মই অধ্যয়ন কৰা কোনো আৱশ্যক নাই। তদুপৰি মই অনেক বছৰৰ পৰা বহুবাৰ বাইবেল আৰু ইয়াৰ ওপৰত আধাৰিত থকা আলোচনীবোৰৰ অধ্যয়ন কৰি আহিছোঁ।” প্ৰকৃততে তেনেদৰে কোৱাটো এইদৰে কোৱাৰ সমান হʼব: “যিহেতু মই অতীতৰ পৰা আহাৰ গ্ৰহণ কৰি আহিছোঁ, গতিকে এতিয়া মই কিমান পৰিমাণে আহাৰ গ্ৰহণ কৰিব লাগে আৰু কিমান নালাগে তাৰ প্ৰতি চিন্তা কৰাৰ কোনো আৱশ্যক নাই।” আমি জানো যে আমাৰ শৰীৰক বৃদ্ধি আৰু তাক ক্ৰিয়াশীল কৰি ৰাখিবলৈ একেৰাহে ভালদৰে ৰন্ধা পুষ্টিকৰ খাদ্য খোৱা আৱশ্যক। তেন্তে আধ্যাত্মিকভাৱে সক্ৰিয় আৰু বলৱন্ত হৈ থাকিবলৈ আমাক একেৰাহে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাটো আৱশ্যক নহʼবনে বাৰু!—ইব্ৰী ৫:১২-১৪.

১৪ নিজৰ প্ৰতি কিয় আমি নিৰন্তৰে ধ্যান দিয়া আৱশ্যক?

১৪ এতেকে আমি বহু বা অলপ সময়ৰ পৰা বাইবেল বিদ্যাৰ্থী নহওঁ কিয়, আমাৰ সকলোৱে পাঁচনি পৌলে আধ্যাত্মিকতাত পৰিপক্ক হোৱা অধ্যক্ষ তীমথিয়ক দিয়া পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক। যʼত তেওঁ এইদৰে কৈছিল: “এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা; কিয়নো ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীমথিয় ৪:১৫, ১৬) পাঁচনি পৌলৰ এই পৰামৰ্শক আমি কিয় গভীৰতাৰে বিবেচনা কৰা উচিত? মনত ৰাখক যে তেওঁ আমাৰ যুদ্ধ “চয়তানৰ নানাবিধ কুকল্পনাৰ . . . স্বৰ্গীয় ঠাইবোৰত দুষ্টাতাৰ আত্মিক দলবোৰৰ সৈতে” হৈছে বুলি উল্লেখ কৰিছিল। তদুপৰি পাঁচনি পিতৰে আমাক সতৰ্ক কৰি কৈছিল যে “চয়তানে কাক কেনেকৈ গ্ৰাহ কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” ইয়াত উল্লেখ কৰা “কাক” উক্তিটোত আমাৰে কোনো এজন হʼব পাৰে। যিহেতু আমি আত্মসন্তুষ্টি হৈ আগন্তুক বিপদৰ প্ৰতি অন্যমনষ্ক হʼলে চয়তানে আমাক গ্ৰাস কৰাৰ পথ মুকলি হʼব পাৰে।—ইফিচীয়া ৬:১১, ১২; ১ পিতৰ ৫:৮.

১৫. আমাৰ ওচৰত কেনে আধ্যাত্মিক প্ৰতিৰক্ষা আছে আৰু কেনেকৈ ইয়াৰ ৰক্ষণাবেক্ষণ কৰিব পাৰি?

১৫ তেন্তে বিপদৰ পৰা আমি নিজকে ৰক্ষা কৰিবলৈ আমাৰ ওচৰত কেনে প্ৰতিৰক্ষাৰ ব্যৱস্থা আছে? পাঁচনি পৌলে আমাক এইদৰে সোঁৱৰাই দিছে: “তোমালোকে মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ, আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই অস্ত্ৰ-শস্ত্ৰ লোৱা।” (ইফিচীয়া ৬:১৩) সেই আধ্যাত্মিক কবচ কেৱল আৰম্ভণিতে থকা আধ্যাত্মিক অৱস্থাতে যে নিৰ্ভৰ কৰে এনে নহয়, ইয়াৰ বাবে নিয়মীয়াকৈ আধ্যাত্মিকভাৱে ৰক্ষণাবেক্ষণ কৰা আৱশ্যক। এতেকে ঈশ্বৰৰ পৰা পোৱা সেই সম্পূৰ্ণ কবচটো ৰক্ষণাবেক্ষণ কৰিবলৈ সময় অনুযায়ী ঈশ্বৰৰ বাক্যৰ পৰা জ্ঞান লোৱাটো জড়িত হৈ আছে। এই বাক্যশাৰীয়ে আমাক যিহোৱাৰ নিজ বাক্য আৰু বিশ্বাসী বুদ্ধিমান দাসৰ দ্বাৰা প্ৰকাশ কৰা সত্যতাক একেৰাহে বুজ লোৱাৰ গুৰুত্বতাক দাঙি ধৰিছে। আধ্যাত্মিক কবচৰ ৰক্ষণাবেক্ষণ কৰিবলৈ হʼলে আমি নিয়মীয়াকৈ বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীবোৰ অধ্যয়ন কৰা আৱশ্যক।—মথি ২৪:৪৫-৪৭; ইফিচীয়া ৬:১৪, ১৫.

১৬. আমাৰ “বিশ্বাসৰ ঢাল” ভাল অৱস্থাত ৰাখিবলৈ আমি কি কৰিব পাৰোঁ?

১৬ এই সম্পৰ্কে পাঁচনি পৌলে আলোকপাত কৰি এইদৰে কৈছিল যে আমাৰ আধ্যাত্মিক কবচৰ প্ৰতিৰক্ষা কৰিবলৈ “বিশ্বাসৰ ঢাল লোৱা” আৱশ্যক যিয়ে চয়তানৰ সকলো অগ্নি-শৰৰূপী মিছা অভিযোগ আৰু ধৰ্মত্যাগীসকলৰ শিক্ষাসমূহক নিৰ্বাপিত কৰিব। (ইফিচীয়া ৬:১৬) সেয়েহে আমাৰ বিশ্বাসৰ ঢাল কিমান শক্তিশালী আৰু ইয়াৰ দৃঢ়তাক বজাই ৰাখিবলৈ পদক্ষেপ লোৱাটো অধিক গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, আপুনি নিজকে এইদৰে সুধিব পাৰে: ‘প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰি মই কেনেকৈ সপ্তাহিক বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুত কৰোঁ? সভাত অৰ্থপূৰ্ণ উত্তৰ দিয়াৰ দ্বাৰা মই “প্ৰেম আৰু সৎকৰ্ম্মত উত্তেজিত” হʼবলৈ অধ্যয়নত অধিককৈ মনোযোগ দিছোঁনে? শাস্ত্ৰৰ পদৰ বাক্যংশত উল্লেখ নথকা উদ্ধৃত শাস্ত্ৰীয় পদবোৰ পঢ়িবলৈ মই বাইবেলখন খুলি চাওঁনে? সভাত উৎসাহেৰে ভাগ লৈ মই আনক উৎসাহিত কৰোঁনে?’ আমাৰ আধ্যাত্মিক আহাৰ হৈছে টান, সেয়েহে ইয়াৰ পৰা অধিককৈ লাভবান হʼবলৈ সেই আহাৰ ভালকৈ হজম হোৱা আৱশ্যক।—ইব্ৰী ৫:১৪; ১০:২৪.

১৭. (ক) আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ চয়তানে কেনেধৰণৰ বিষাক্ত বস্তুক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে? (খ) তাৰ এই বিষাক্ত বস্তুৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

১৭ অসিদ্ধ মানৱৰ দুৰ্বলতাৰ বিষয়ে চয়তানে ভালদৰে জানে আৰু তাৰ কুকল্পনাবোৰ হৈছে প্ৰবঞ্চক। তাৰ কুকল্পনাবোৰ প্ৰকাশ কৰা এটা মাধ্যম হৈছে টিভি, ইন্টাৰনেট, ভিদিঅ আৰু আলোচনীসমূহ যাৰ দ্বাৰা অশ্লীল বিষয়বোৰক সহজে প্ৰকাশ কৰা হয়। দুখৰ বিষয় এই যে কিছুমান খ্ৰীষ্টানে নিজৰ দুৰ্বলতাক প্ৰতিৰক্ষা নকৰি তেনেবোৰ ফান্দত পৰি মণ্ডলীত থকা তেওঁলোকৰ বিশেষাধিকাৰ হেৰুৱালে। তদুপৰি তেওঁলোকে গম্ভীৰ পৰিণামৰো সম্মুখীন হʼল। (ইফিচীয়া ৪:১৭-১৯) চয়তানৰ এই আধ্যাত্মিক বিষাক্তক কেনেকৈ প্ৰতিষেধক কৰিব পাৰি? তাকে কৰিবলৈ আমি নিয়মিত বাইবেল অধ্যয়ন, সভাত উপস্থিত আৰু সম্পূৰ্ণ আধ্যাত্মিক কবচ পিন্ধিবলৈ কাহানিও অৱহেলা কৰা উচিত নহয়। এই সকলোবোৰে আমাক ভাল বেয়াৰ মাজত থকা পাৰ্থক্যতা বুজিবলৈ আৰু ঈশ্বৰে ঘিণ কৰা বস্তুৰ পৰা আঁতৰি থাকিবলৈ সুসজ্জিত কৰিব।—গীতমালা ৯৭:১০; ৰোমীয়া ১২:৯.

১৮. আমাৰ ‘আত্মাৰ তৰোৱালে’ কেনেকৈ আমাক আধ্যাত্মিক যুদ্ধত সহায় কৰিব পাৰে?

১৮ যদি আমি নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰোঁ তেতিয়া কেৱল ঈশ্বৰৰ বাক্যৰ যথাৰ্থ জ্ঞানৰ দ্বাৰা শক্তিশালী প্ৰতিৰক্ষাই লাভ কৰিম এনে নহয়, কিন্তু “আত্মাৰ তৰোৱালৰ” দ্বাৰাও সেইবোৰক দৃঢ়ভাৱে প্ৰতিৰোধো কৰিব পাৰিম। কিয়নো ঈশ্বৰৰ বাক্য হৈছে “জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।” (ইফিচীয়া ৬:১৭; ইব্ৰী ৪:১২) যদি আমি এই “তৰোৱাল” চলোৱাত নিপুণ হওঁ তেন্তে দেখাত আকৰ্ষণীয় আৰু অহানিকাৰক যেন বোধ হোৱা প্ৰলোভনবোৰৰ পিছত লুকাই থকা বিপদজনক ফান্দাবোৰক কাটি পোলাবলৈ অৰ্থাৎ স্পষ্টকৈ চিনি পাবলৈ সক্ষম হʼম। আমাৰ বাইবেলৰ জ্ঞানৰ ভাণ্ডাৰ আৰু বুজাপৰা শক্তিয়ে দুষ্ট কাৰ্য্যৰ পৰা আঁতৰি উত্তম কাৰ্য্য কৰাত সহায় কৰিব। এতিয়া আমাৰ সকলোৱে নিজেকে এইদৰে সোধা আৱশ্যক: ‘মোৰ ওচৰত থকা তৰোৱালখন চোকা নতুবা মামৰে ধৰানে? আক্ৰমণৰ সময়ত নিজকে প্ৰতিৰক্ষা কৰিবলৈ মোৰ বাবে বাইবেলৰ বাক্যবোৰ মনত পেলোৱা কঠিন নে?’ এতেকে আঁহক আমি ব্যক্তিগত অধ্যয়ন কৰা অভ্যাসক বজাই ৰাখি চয়তানক একেৰাহে প্ৰতিৰোধ কৰোঁহঁক।—ইফিচীয়া ৪:২২-২৪.

১৯. যদি আমি ব্যক্তিগত অধ্যয়নৰ অনুসাৰে কাৰ্য্য কৰোঁ তেন্তে কেনে লাভসমূহ প্ৰাপ্ত কৰিব পাৰিম?

১৯ পাঁচনি পৌলে এইদৰে লিখিছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” পৌলে তীমথিয়লৈ লিখা বাক্যশাৰীক গভীৰতাৰে লওঁ তেন্তে আমি আধ্যাত্মিকৰূপে শক্তিশালী হʼম আৰু আমাৰ প্ৰচাৰ কাৰ্য্য অধিক প্ৰভাৱকাৰী হʼব। আধ্যাত্মিক প্ৰাচীন আৰু সহায়ক সেৱকসকলে মণ্ডলীৰ বাবে অধিক আশীৰ্ব্বাদৰ কাৰণ হʼব আৰু আমি সকলোৱে বিশ্বাসত দৃঢ় হʼব পাৰিম।—২ তীমথিয় ৩:১৬, ১৭; মথি ৭:২৪-২৭. (w02 12/1)

[ফুটনোটবোৰ]

a সাধাৰণতে বিচাৰে ব্ৰচাৰখনৰ পৰা অধ্যয়ন কৰা এজন আগ্ৰহী ব্যক্তিয়ে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনক অধ্যয়ন কৰিবলৈ পৰিচালিত হয় আৰু এই দুয়োখন সাহিত্য যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত। ইয়াত উল্লেখ কৰা পৰামৰ্শবোৰে আধ্যাত্মিক উন্নতিৰ পথত অহা বাধাসমূহক আঁতৰ কৰিবলৈ সহায় কৰিব।

b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত। ইনচাইট্‌ অন দ্যা স্ক্ৰিপচাৰচ্‌ (ইংৰাজীত) খণ্ড ২, “যিহোৱা” নামৰ শীৰোনামৰ অন্তৰ্গত চাওক।

c স্পেইন আৰু কাটালোনীয়া ভাষাৰ বহুতো অনুবাদকে হিব্ৰু টেট্ৰাগামেটনক উল্লেখনীয়ভাৱে ইয়াভা,” “ইয়াহভা,” “জাভা” আৰু “যিহোভা” বুলি প্ৰকাশ কৰিছে।

d যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• ব্যক্তিগত অধ্যয়নক প্ৰভাৱকাৰী কৰি তুলিবলৈ কেনে পৰিবেশৰ আৱশ্যক?

• বহুতো অনুবাদত ঈশ্বৰৰ নামৰ সম্বন্ধে কেনে ভুল তথ্য দাঙি ধৰিছে?

• ত্ৰিমূৰ্ত্তি শিক্ষা যে বাইবেল আধাৰিত নহয়, তাক প্ৰমাণ কৰিবলৈ আপুনি কোনবোৰ শাস্ত্ৰীয় পদ দাঙি ধৰিব?

• আমি বহু বছৰৰ পৰা সত্যত থকা স্বত্বেও চয়তানৰ কুকল্পনাবোৰৰ পৰা ৰক্ষা পাবলৈ কি কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

ব্যক্তিগত অধ্যয়নক অধিক প্ৰভাৱকাৰী কৰি তুলিবলৈ আমি নিৰ্দ্ধাৰিত সময় আৰু নিৰ্জন স্থানৰ বাছনি কৰা আৱশ্যক

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

আপোনাৰ ওচৰত থকা “তৰোৱালখন” চোকা বা মামৰে ধৰানে?