Skip to content

Skip to table of contents

যীচুৰ জন্মৰ সম্বন্ধে থকা বৃত্তান্তৰ পৰা শিক্ষা লাভ কৰা

যীচুৰ জন্মৰ সম্বন্ধে থকা বৃত্তান্তৰ পৰা শিক্ষা লাভ কৰা

যীচুৰ জন্মৰ সম্বন্ধে থকা বৃত্তান্তৰ পৰা শিক্ষা লাভ কৰা

 যীচুৰ জন্মৰ সৈতে জড়িত থকা ঘটনাবোৰৰ দ্বাৰা কোটি কোটি লোকে আকৰ্ষিত হয়। ইয়াৰ প্ৰমাণ আমি গোটেই বিশ্বত অসংখ্য লোকে খ্ৰীষ্টৰ জন্মোৎসৱ পালন কৰা আৰু যীচুৰ জন্মত হোৱা ঘটনাক অভিনয় কৰি প্ৰদৰ্শন কৰাৰ দ্বাৰা দেখিবলৈ পাওঁ। যদিও যীচুৰ জন্মৰ সৈতে আকৰ্ষণীয় ঘটনা জড়িত আছে তথাপিও সেইবোৰ লোকসকলৰ মনোৰঞ্জনৰ বাবে বাইবেলত উল্লেখ কৰা নাই। ইয়াৰ বিপৰীতে সেই ঘটনাবোৰ হৈছে গোটেই শাস্ত্ৰৰ অংশ, যাক ঈশ্বৰে শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ বাবে অনুপ্ৰেৰিত কৰিছিল।—২ তীমথিয় ৩:১৬, ১৭.

যদি ঈশ্বৰে যীচুৰ জন্ম দিনটোক খ্ৰীষ্টানসকলে পালন কৰাটো বিচৰাহʼলে, বাইবেলত নিশ্চয়ে সেই দিনটোৰ সঠিক তাৰিখ আৰু বাৰৰ বিষয়ে উল্লেখ কৰিলেহেঁতেন। বাস্তৱতে বাইবেলত তেনে কোনো উল্লেখ আছেনে? এই বিষয়ে ১৯ শতিকাৰ আলবাৰ্ট বাৰনচ্‌ নামৰ এজন বাইবেল বিদ্ধানে যীচুৰ জন্মৰ সময়ত মেৰপালকবোৰে ৰাতি বাহিৰত তেওঁলোকৰ মেৰজাকক পৰ দি আছিল বুলি উল্লেখ কৰাৰ পিছত মন্তব্য দি এইদৰে সমাপ্তি কৰে: “এইটো স্পষ্টৰূপে প্ৰকাশ পালে যে আমাৰ উদ্ধাৰকৰ্তাজন নিশ্চয়ে ডিচেম্বৰ ২৫ তাৰিখৰ পূৰ্বেই জন্ম হৈছিল। . . . কিয়নো সেই সময়ত বৈৎলেহমৰ কাষত থকা পৰ্ব্বতীয়া অঞ্চলবোৰত অতিশয়ৰূপে ঠাণ্ডা পৰে। ঈশ্বৰে [যীচুৰ] জন্মৰ দিনটো গোপনে ৰাখিলে। . . . নতুবা সেই সময়ৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ নাছিল, অন্যথা ঈশ্বৰে সেই দিনটোৰ সম্পৰ্কে লিপিবদ্ধ কৰি ৰাখিলেহেঁতেন।”

ইয়াৰ বিপৰীতে শুভবাৰ্ত্তা পুস্তক লিখোঁতাসকলে যীচুৰ মৃত্যু দিনটোৰ বিষয়ে স্পষ্টকৈ জনাইছে। ইহুদী কেলেণ্ডাৰৰ অনুসাৰে বসন্ত কালৰ নিচান মাহৰ ১৪ তাৰিখে যীচুৰ মৃত্যু হৈছিল। তদুপৰি যীচুৱে নিজৰ অনুগামীসকলক তেওঁৰ মৃত্যু দিনটো পালন কৰিবলৈ আজ্ঞা দিছিল। (লূক ২২:১৯) বাইবেলত যীচু বা অন্য ব্যক্তিসকলৰ জন্ম দিন পালন কৰাৰ সম্পৰ্কে কোনো আজ্ঞা দিয়া নাই। দুখৰ বিষয় এই যে যীচুৰ জন্মৰ তাৰিখৰ ওপৰত হোৱা মতানৈক্যতাই সেই সময়ত ঘটা সকলোতকৈ উল্লেখনীয় ঘটনাক সমাচ্চন্ন কৰি তুলে।

যীচুৰ বাবে পিতৃ-মাতৃৰ বাছনি কৰা

হাজাৰ হাজাৰ ইস্ৰায়েলৰ পৰিয়ালৰ মাজত যিহোৱাই তেওঁৰ পুত্ৰক ডাঙৰ-দীঘল কৰিবলৈ কেনে ধৰণৰ পিতৃ-মাতৃৰ বাছনি কৰিলে? ঈশ্বৰে তেওঁলোকৰ সমাজত উচ্চ স্থান আৰু অধিক সা-সম্পত্তি থকাটো বিবেচনা কৰিছিলনে? নিশ্চই নহয়। ইয়াৰ পৰিৱৰ্তে যিহোৱাই ঈশ্বৰীয় গুণসমূহৰ অনুসাৰে জীৱন-যাপন কৰা পিতৃ-মাতৃৰ বাছনি কৰিছিল। লূক ১:৪৬-৫৫ পদত মৰিয়মে মচীহৰ মাক হোৱাৰ বিশেষাধিকাৰক লাভ কৰাৰ পিছত গোৱা স্তুতি গীতটোক বিবেচনা কৰক। আন আন বিষয়বোৰ উল্লেখ কৰাৰ উপৰিও তাই এইদৰে কৈছিল: “মোৰ প্ৰাণে [যিহোৱাৰ, NW] মহিমা বৰ্ণাইছে . . . কিয়নো তেওঁ তেওঁৰ বেটীৰ নীহ অৱস্থালৈ চালে।” তাই নম্ৰভাৱে নিজকে যিহোৱাৰ দাসী বা ‘নীহ অৱস্থাত’ থকা বুলি গণ্য কৰিছিল। তদুপৰি মৰিয়মে গোৱা স্তুতি গীতে তাইক স্পষ্টভাৱে শাস্ত্ৰীয় জ্ঞান থকা আধ্যাত্মিক তিৰোতা বুলি প্ৰকাশ কৰিলে। যদিও তাই আদমৰ অসিদ্ধ বংশধৰ আছিল তথাপিও তাইক আৰ্হিস্বৰূপে ঈশ্বৰৰ পুত্ৰৰ পাৰ্থিৱ মাতৃ হʼবলৈ বাছনি কৰা হʼল।

তেন্তে যীচুৰ তোলনীয়া পিতৃ অৰ্থাৎ মৰিয়মৰ স্বামীৰ বিষয়ে কি কʼব পাৰি? যোচেফ এজন নিপুণ কাঠমিস্ত্ৰী আছিল। তেওঁ পৰিশ্ৰমী হোৱাৰ বাবে পাঁচটা পুত্ৰ আৰু দুজনী জীয়েক থকা পৰিয়ালটোক পোহপালন কৰিব পাৰিছিল। (মথি ১৩:৫৫, ৫৬) ইয়াৰ অৰ্থ হৈছে যোচেফ নিশ্চয়ে ধনী ব্যক্তি নাছিল। আন এটা সময়ত মৰিয়মে যীচুক জন্ম দিয়াৰ চল্লিছ দিনৰ পিছত তাইৰ প্ৰথমজাত সন্তানক ঈশ্বৰৰ মন্দিৰলৈ নিয়াৰ সময়ছোৱাত যোচেফে অৱশ্যেই হতাশ হৈছিল। কিয়নো ব্যৱস্থাৰ অনুসাৰে তেওঁ মন্দিৰত বলিদান কৰিবৰ বাবে এটা মেৰ পোৱালি দিব নোৱাৰিলে। তাৰ পৰিৱৰ্তে তেওঁ দৰিদ্ৰবিলাকে ঈশ্বৰলৈ আগবঢ়োৱা ব্যৱস্থাক পালন কৰিলে। কোনো মাতৃয়ে নতুনকৈ জন্ম দিয়া পুত্ৰ সন্তানৰ সম্বন্ধে ঈশ্বৰৰ ব্যৱস্থাত এইদৰে কোৱা হৈছিল: “যদি তাই মেৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়শ্চিত্ত কৰিব; তাতে তাই শুচি হব।”—লেবীয়া পুস্তক ১২:৮; লূক ২:২২-২৪.

বাইবেলে কৈছে যে যোচেফ এজন “ধাৰ্ম্মিক লোক” আছিল। (মথি ১:১৯) উদাহৰণস্বৰূপে, যীচু জন্ম নোহোৱালৈকে তেওঁ মৰিয়মৰ সৈতে কোনো দৈহিক সম্পৰ্ক ৰখা নাছিল। ইয়ে যীচুৰ আচল পিতৃ কোন বুলি বিপৰীত অৰ্থ নুলিয়াবলৈ সহায় কৰে। যিহেতু নতুনকৈ বিয়া কৰা দম্পত্তিৰ বাবে একেলগে থাকি কোনো দৈহিক সম্পৰ্ক নৰখাটো সহজ নাছিল। তথাপিও তেওঁলোকে তেনে কৰাৰ দ্বাৰা প্ৰকাশ কৰিলে যে ঈশ্বৰে তেওঁৰ পুত্ৰক ডাঙৰ-দীঘল কৰিবলৈ তেওঁলোকক বাছি লোৱা বিশেষাধিকাৰৰ প্ৰতি তেওঁলোকে গভীৰ মূল্যাঙ্কন প্ৰকাশ কৰে।—মথি ১:২৪, ২৫.

মৰিয়মৰ দৰে যোচেফো এজন ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা ব্যক্তি আছিল। উদাহৰণস্বৰূপে, প্ৰত্যেক বছৰে তেওঁ নিজৰ পৰিয়ালটোৰ সৈতে বছেৰেকীয়া নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ নিজৰ কাঠমিস্ত্ৰি কাম বন্ধ কৰি নাচৰতৰ পৰা যিৰূচালেমলৈ যাত্ৰা কৰিছিল। (লূক ২:৪১) তদুপৰি তেওঁ উপাসনাৰ বাবে নিশ্চয়ে কণমানি যীচুক সপ্তাহত এবাৰকৈ স্থানীয় আৰাধনালয়ত উপস্থিত হʼবলৈ প্ৰশিক্ষণ দিছিল, যʼত ঈশ্বৰৰ বাক্য পাঠ আৰু বৰ্ণনা কৰা হৈছিল। (লূক ২:৫১; ৪:১৬) গতিকে ঈশ্বৰে মৰিয়মক যীচুৰ মাতৃ আৰু যোচেফক তোলনীয়া পিতৃ হিচাবে বাছি লোৱাটো উপযুক্ত আছিল।

নম্ৰ ৰখিয়াবিলাকৰ বাবে এক মহান আশীৰ্ব্বাদ

মৰিয়ম ন মহীয়া গৰ্ভৱতী আৰু বিভিন্ন কষ্ট হোৱাৰ স্বত্ত্বেও যোচেফে কৈচৰৰ আজ্ঞাৰ অনুসাৰে ৰেজিষ্টাৰ কৰাবলৈ তেওঁৰ পূৰ্বপূৰুষৰ চহৰখনলৈ যাত্ৰা কৰিছিল। তেওঁলোকে লোকসমূহে ভৰি থকা বৈৎলেহমত উপস্থিত হʼল, কিন্তু থাকিবলৈ কোনো ঠাই বিচাৰি নাপালে। মৰিয়মৰ অৱস্থা বেয়া হোৱাত তেওঁলোকে উপায়হীন হৈ ৰাতিটো পশুশালত কটাবলগীয়া হʼল। তাতে যীচুৰ জন্ম হয় আৰু শিশুটিক কাপোৰেৰে মেৰিয়াই তেওঁক দানা-পাত্ৰত ৰাখিলে। এই নম্ৰ পিতৃ-মাতৃৰ বিশ্বাসক দৃঢ় কৰি তুলিবলৈ যিহোৱাই আশ্বাস প্ৰদান কৰিলে যে তেনে জন্ম বাস্তৱতে তেওঁৰ ইচ্ছাৰ অনুসাৰে আছিল। মৰিয়ম আৰু যোচেফক আশ্বাসক প্ৰদান কৰিবলৈ যিহোৱাই বৈৎলেহমৰ পৰা কোনো প্ৰসিদ্ধ বৃদ্ধসকলক পঠিয়াইছিল নে? অৱশ্যেই নহয়। ইয়াৰ পৰিৱৰ্তে যিহোৱাই এই বিষয়ে নিশা বাহিৰত নিজৰ মেৰৰ জাকক ৰখীয়া কৰি থকা পৰিশ্ৰমী মেৰ-ৰখীয়াসকলক জনাইছিল।

ঈশ্বৰৰ এজন দূতে তেওঁলোকক দেখা দি বৈৎলেহমলৈ যাবলৈ কʼলে, যʼত তেওঁলোকে জন্ম হোৱা মচীহক কাপোৰেৰে মেৰিয়াই “দানা-পাত্ৰত” থোৱা দেখা পাব। এই নম্ৰ মনৰ মেৰ-ৰখীয়াসকলে মচীহক তেনে অৱস্থাত দেখা পাব বুলি শুনি আচৰিত বা সঙ্কুচিত হৈছিল নে? অৱশ্যেই হোৱা নাছিল! ৰখীয়াসকলে কোনো পলম নকৰাকৈ নিজৰ মেৰৰ জাকক এৰি বৈৎলেহমলৈ ৰাওনা হʼল। তাত তেওঁলোকে উপস্থিত হৈ মৰিয়ম আৰু যোচেফক কʼলে যে যীচুৰ জন্ম হোৱাৰ বিষয়ে তেওঁলোকক স্বৰ্গদূতে জনাইছিল। ইয়াত কোনো সন্দেহ নাই যে মেৰ-ৰখীয়াসকলৰ মুখৰ পৰা এনে কথা শুনি সেই দম্পতীৰ বিশ্বাস এই বিষয়ত নিশ্চয়ে দৃঢ় হৈছিল যে ঈশ্বৰৰ উদ্দেশ্য অনুসাৰে এই সকলো ঘটিল। তাৰ পিছত “মেৰ-ৰখীয়াবিলাকক যেনেকৈ কোৱা হৈছিল, তেনেকৈ তেওঁলোকে সকলো দেখি শুনি, ঈশ্বৰৰ গুণ গাই স্তুতি কৰি কৰি উলটি গল।” (লূক ২:৮-২০) ঈশ্বৰলৈ ভয় ৰখা তেনে নম্ৰ মনৰ মেৰ-ৰখীয়াবিলাকৰ আগত সেই বিষয়ে প্ৰকাশ কৰিবলৈ যিহোৱাই বাছি লোৱাটো আৱশ্যেই উপযুক্ত আছিল।

ওপৰত উল্লেখ কৰা বৃত্তান্তৰ দ্বাৰা জানিব পাৰিলোঁ যে যিহোৱাৰ অনুগ্ৰহ পাবলৈ আমি কেনে ধৰণৰ লোক হোৱা উচিত। ইয়াৰ বাবে আমাক সমাজত কোনো প্ৰমুখ স্থান লাভ কৰা বা অধিক ধন-সম্পত্তি জমা কৰা আৱশ্যক নাই। বৰঞ্চ, যোচেফ, মৰিয়ম আৰু মেৰ-ৰখীয়াবিলাকৰ দৰে ন্ৰম হৈ তেওঁৰ আজ্ঞা পালন কৰা, আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া আৰু তেওঁৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা উচিত। নিঃসন্দেহ, যীচুৰ জন্মৰ বৃত্তান্তটোত বৰ্ণনা কৰা সেই সময়ত ঘটা ঘটনাবোৰৰ ওপৰত মনোযোগ আৰু ধ্যান কৰাৰ দ্বাৰা আমি বহুতো উত্তম শিক্ষা লাভ কৰিব পাৰোঁ। (w02 12/15)

[৭ পৃষ্ঠাৰ ছবি]

মৰিয়মে বলিদানৰ বাবে দুটি পাৰ পোৱালি দিয়াটোৱে তেওঁলোকৰ অৱস্থাৰ বিষয়ে কি বুজায়?

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰে যীচুৰ জন্মৰ বিষয়ে প্ৰকাশ কৰিবলৈ কিছুমান নম্ৰ মেৰ-ৰখীয়াক বাছি লৈছিল