আগতকৈও অধিক সচেতন হোৱা আৱশ্যক!
আগতকৈও অধিক সচেতন হোৱা আৱশ্যক!
“আহাঁ, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনে থাকোঁহঁক।”—১ থিচলনীকীয়া ৫:৬.
১, ২. (ক) পম্পেই আৰু হাৰকুলেনিয়াম কেনেধৰণৰ চহৰ আছিল? (খ) সেই দুখন চহৰত থকা লোকসকলে কেনে পূৰ্ব সংকেতক আওকাণ কৰিছিল আৰু তাৰ পৰিণাম কি হৈছিল?
প্ৰথম শতিকাৰ ভাচোভিয়াচ পৰ্ব্বতৰ নামনিত অৱস্থিত পম্পেই আৰু হাৰকুলেনিয়াম নামৰ দুখন সমৃদ্ধিশীল চহৰৰ আছিল। ধনৱন্ত ৰোমানসকলৰ বাবে এই দুখন চহৰ আনন্দ উপভোগৰ কেন্দ্ৰ হৈ পৰিছিল। কিয়নো তাৰ ৰঙ্গশালাবোৰত প্ৰায়ে এক হাজাৰতকৈ অধিক দৰ্শক বহিব পৰা স্থান আৰু পম্পেই ৰঙ্গশালটো ইমানেই ডাঙৰ আছিল যে চহৰৰ সকলোৱেই বহি আনন্দ উপভোগ কৰিব পাৰিছিল। পম্পেই চহৰৰ খননকাৰীসকলে প্ৰায় ১১৮ টা মদ্যশালা আৰু চৰাইখানা উদ্ধাৰ কৰে। তাৰে কিছুমান চৰাইখানা জোৱা খেল বা বেশ্যাবৃত্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আনকি দেৱালত থকা ছবিবোৰৰ পৰা অনুমান লগাব পাৰি যে অনৈতিক কাৰ্য্য আৰু ভৌতিকবাদ কিমান দলৈকে খোপনি পোতিছিল।
২ সা.যু. ৭৯ চনৰ আগষ্ট মাহৰ ২৪ তাৰিখে ভাচোভিয়াচ পৰ্ব্বতৰ পৰা আগ্নেয়গিৰিৰ লাভা নিৰ্গত হʼবলৈ আৰম্ভ কৰে। আগ্নেয়গিৰি বিশেষজ্ঞসকলে বিশ্বাস কৰে যে প্ৰথম বিস্ফোৰণত ওলোৱা ছাই আৰু লাভাৰ গলিত শিলৰ বাবে সেই দুখন চহৰ ধ্বংস আৰু তাৰ বেছিভাগ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। অৱশ্যে কিছুসংখ্যক লোকে ৰক্ষা পায়। কিন্তু তেওঁলোকে তেনে বিপদৰ প্ৰতি আওকাণ বা সতৰ্ক সংকেতক প্ৰত্যাখ্যান কৰি তাতে থাকিবলৈ বাছি লʼলে। কিন্তু মাজনিশা অকস্মাতে বিপুল পৰিমাণে নিৰ্গত হোৱা গলিত লাভা, শিল আৰু বিষাক্ত গেছে হাৰকুলেনিয়ামত জীৱিত থকা বাকী লোকসকলে শ্বাসৰোধ কৰাৰ ফলত প্ৰাণ ত্যাগ কৰিলে। পিছদিনা পূৱা আগ্নেয়গিৰিৰ পৰা বৃহৎ পৰিমাণে নিৰ্গত হোৱা ছাই, লাভা আৰু গেছৰ বাবে পম্পেইত থকা লোকসকলে প্ৰাণ হেৰুৱাবলগীয়া হʼল। পূৰ্ব সংকেতৰ প্ৰতি আওকাণ কৰাৰ কিযে এক গম্ভীৰ পৰিণাম ভুগীবলগা হʼল!
ইহুদী ৰীতি-ব্যৱস্থাৰ পতন
৩. পম্পেই আৰু হাৰকুলেনিয়াম চহৰ ধ্বংসৰ সৈতে যিৰূচালেমৰ ধ্বংস কেনে সাদৃশ্যতা আছে?
৩ পম্পেই আৰু হাৰকুলেনিয়ামত হোৱা প্ৰাকৃতিক দুৰ্য্যোগৰ ৯ বছৰৰ পূৰ্বেই যিৰূচালেম চহৰখন মানুহে সমূলিকৈ ধ্বংস কৰে। এটা ৰিৰ্পটৰ অনুসাৰে “সেই আক্ৰমণ গোটেই ইতিহাসৰ ভিতৰত আটাইতকৈ ভয়াবহ আছিল,” যʼত লাখ লাখ ইহুদীয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হʼল। কিন্তু কোনো পূৰ্ব সংকেত নোপোৱাকৈ পম্পেই আৰু হাৰকুলেনিয়াম চহৰ ধ্বংস হোৱাৰ দৰে যিৰূচালেমৰ ধ্বংস হোৱা নাছিল।
৪. ৰীতি-ব্যৱস্থাৰ শেষৰ সম্বন্ধে যীচুৱে তেওঁৰ শিষ্যসকলক কেনে ভৱিষ্যতদ্বাণীমূলক চিহ্ন প্ৰদান কৰিছিল আৰু প্ৰাচীনসময়ত কেনেকৈ সেই ভৱিষ্যতবাণীৰ প্ৰাথমিক ভাগ পূৰ্ণ হৈছিল?
৪ যিৰূচালেমৰ ধ্বংসৰ বিষয়ে ভৱিষ্যতবাণী কৰি এনে পূৰ্ব সংকেত চিহ্নবোৰ অৰ্থাৎ যুদ্ধ, খাদ্যৰ অভাৱ, ভূমিকম্প আৰু অধাৰ্ম্মিকতাৰ বৃদ্ধি দেখা দিব বুলি উল্লেখ কৰিছিল। তদুপৰি তেওঁ কৈছিল যে যদিও ভাঁৰি কোৱা ভাববাদীৰ বৃদ্ধি হʼব তথাপিও ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব। (মথি ২৪:৪-৭, ১১-১৪) ইহুদীসকলৰ সময়ত যীচুৰ সেই ভৱিষ্যতবাণী অলপমাত্ৰাত পূৰ্ণ হʼল, কিন্তু বৰ্তমান সময়ত সেই ভৱিষ্যতবাণী বৃহৎমাত্ৰত পূৰ্ণ হʼবলৈ বাকী আছে। ইতিহাসে প্ৰমাণ কৰিছে যে যিহূদাত এক ডাঙৰ আকাল হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৮) ইতিহাসকাৰ যোচেফাচৰ অনুসাৰে যিৰূচালেম চহৰৰ ধ্বংস হোৱা কিছু সময়ৰ পূৰ্ব্বে ভূমিকম্প হৈছিল বুলি উল্লেখ কৰিছে। যেনেকৈ ধ্বংস কাষ চাপি আহিছিল ইহুদীৰ ৰাজনৈতিকৰ মাজত গৃহ যুদ্ধ, ইহুদী আৰু অন্য জাতিয়ে একেলগে বাস কৰা চহৰবোৰত গণহত্যা আৰম্ভ হৈছিল। তেনে পৰিস্থিতো “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত” শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছিল।—কলচীয়া ১:২৩.
৫, ৬. (ক) সা.যু. ৬৬ চনত যীচুৱে কোৱা কেনে ভৱিষ্যতদ্বাণীমূলক বাক্যবোৰৰ পূৰ্ণতা হৈছিল? (খ) অৱশেষত সা.যু. ৭০ চনত যিৰূচালেম ধ্বংস হোৱাৰ সময়ত মৃতকৰ সংখ্যা কিয় অধিক আছিল?
৫ অৱশেষত সা.যু. ৬৬ চনত ইহুদীসকলে ৰোমান সম্ৰাজ্যৰ অহিতে বিদ্ৰোহ ঘোষণা কৰিলে। যেতিয়া চেছটিয়াচ গেলচ্ নিজৰ সৈন্যসামন্তৰ সৈতে লেচ হৈ যিৰূচালেমৰ কাষ চাপে তেতিয়া শিষ্যসকলে যীচুৱে কোৱা সেই বাক্যশাৰীক স্মৰণ কৰে, যʼত এইদৰে কোৱা হৈছিল: “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক; আৰু নগৰখনত থকাবিলাক ওলাই যাওক; আৰু গাৱেঁ ভূঁয়ে থকা মানুহ তাৰ ভিতৰলৈ নোসোমাওক।” (লূক ২১:২০, ২১) তেওঁলোকে যিৰূচালেম এৰি পলাই যোৱাৰ সময় উপস্থিত হʼল—কিন্তু কেনেকৈ? কোনো কাৰণ নোহোৱাকৈ হঠাতে চেছটিয়াচ গেলচ্ নিজৰ সৈন্যসামন্তক লৈ তাৰ পৰা আতঁৰি গʼল আৰু যিৰূচালেম আৰু যিহূদাত থকা যীচুৰ আজ্ঞা পালন কৰা খ্ৰীষ্টানসকলৰ বাবে পৰ্ব্বতলৈ পলাই যোৱাৰ পথ মুকলি হʼল।—মথি ২৪:১৫, ১৬.
৬ কিন্তু ঠিক চাৰি বছৰৰ পিছত নিস্তাৰ-পৰ্ব্বৰ সময়ত বিদ্ৰোহী ইহুদীসকলক সম্পূৰ্ণকৈ ধ্বংস কৰা উদ্দেশ্যেৰে টাইটাচ সেনাপতিৰ অধীনত পুনৰাই ৰোমান সৈন্যসকলে যিৰূচালেমলৈ ঘূৰি আহে। তেওঁৰ এই সৈন্যদলে যিৰূচালেমক চাৰিওফালৰ পৰা ঘেৰি ধৰি “গড় বান্ধে” যাতে বিদ্ৰোহীসকলে কোনোপধ্যেই পলাই যাব নোৱাৰে। (লূক ১৯:৪৩, ৪৪) যিৰূচালেম আক্ৰমণৰ উমান পোৱা স্বত্বেও বহুতো লোকে বিভিন্ন প্ৰান্তৰ পৰা আহি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ তাত উপস্থিত হৈছিল। এতিয়া তেওঁলোকে তাৰ পৰা কোনো প্ৰকাৰে উলাই যাব নোৱাৰা হʼল। যোচেফাচৰ অনুসাৰে ৰোমান সৈন্যদলৰ আক্ৰমণত প্ৰাণ হেৰুৱা এই দৰ্শনাৰ্থীসকলৰ সংখ্যা অধিক আছিল। * এই পতনৰ সময়ছোৱাত ৰোমান সৈন্যৰ হাতত প্ৰায় সাত ভাগৰ এভাগ ইহুদীলোকে নিজ প্ৰাণ হেৰুৱালে। যিৰূচালেম পতনৰ লগে লগে মোচিৰ নিয়মৰ আধাৰিত ইহুদী ৰীতি-ব্যৱস্থাৰ সৈতে মন্দিৰটোও ধ্বংস হʼল। *—মাৰ্ক ১৩:১, ২.
৭. বিশ্বাসী খ্ৰীষ্টানসকল কিয় যিৰূচালেম ধ্বংসৰ পৰা ৰক্ষা পালে?
৭ যিৰূচালেমত থকা বিশ্বাসী খ্ৰীষ্টানসকলে যদি যীচুৰ আজ্ঞা নমনা হʼলে, তেওঁবিলাকৰো সেই একেই পৰিণাম হʼলহেঁতেন। যিহেতু ইতিহাসে দাঙি ধৰা প্ৰমাণৰ অনুসাৰে ৩৭ বছৰৰ পূৰ্বেই দিয়া আজ্ঞাক বিশ্বাসী খ্ৰীষ্টানসকলে পালন কৰি সেই চহৰখন ত্যাগ কৰে আৰু তালৈ তেওঁলোক পুনৰাই উলটি নহাৰ বাবে ৰক্ষা পালে।
সময়নুযায়ী পাঁচনিবিলাকৰ পৰা অহা সতৰ্কবাণীবোৰ
৮. পাঁচনি পিতৰে কেনে আৱশ্যকতাক বুজিব পাৰিলে আৰু যীচুৱে কোৱা কেনে কথাষাৰৰ বিষয়ে তেওঁৰ মনত আছিল?
৮ আজি আমি এনে এটা ধ্বংসৰ দুৱাৰ-দলিত ভৰি দিছোঁ যি এই জগতৰ ৰীতি-ব্যৱস্থাক সম্পৰ্ণকৈ ধ্বংস কৰিব। যিৰূচালেম ধ্বংস হোৱা ঠিক ছবছৰ পূৰ্ব্বেই পাঁচনি পিতৰে খ্ৰীষ্টানসকলক উদ্দেশ্যক কৰি সাময়িকভাৱে এটা সতৰ্কবাণী দিছিল যিটো বিশেষকৈ বৰ্তমানে আমাৰ সময়ৰ বাবে প্ৰযোজ্য হয়, যʼত তেওঁ কৈছিল: পৰি দি থাকা! কিয়নো তেওঁলোকে যাতে “প্ৰভুৰ আজ্ঞাক” আওকাণ নকৰে তাৰ বাবে পাঁচনি পিতৰে তেওঁলোকৰ “নিৰ্ম্মল চিত্তক” চেতনা কৰি তুলাৰ আৱশ্যকতাক বুজিব পাৰিছিল। (২ পিতৰ ৩:১, ২) তেওঁলোকক সচেতন থকাৰ বিষয়ে কোৱাৰ সময়ত পাঁচনি পিতৰে হয়তো যীচুৱে নিজৰ মৃত্যুৰ কিছুদিন পূৰ্ব্বেই কোৱা এই কথাষাৰ মনত আছিল: “সাৱধান হোৱা; আৰু পৰ দি প্ৰাৰ্থনা কৰি থকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা।”—মাৰ্ক ১৩:৩৩.
৯. (ক) কিছুমানৰ মনত কেনে বিপদজনক মনোবৃত্তি উৎপন্ন হʼব পাৰে? (খ) বিশেষকৈ কেনে ধৰণৰ নাস্তিক্যবাদৰ মনোবৃত্তি বিপদজনক?
৯ বৰ্তমান সময়ত কিছুমানে ঠাট্টা কৰি এইদৰে কয়: “তেওঁৰ আগমনৰ প্ৰতিজ্ঞা কʼতা?” (২ পিতৰ ৩:৩, ৪) তেওঁলোকৰ মতে এই জগতৰ উৎপত্তিৰ পৰা চলি অহা পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু নহʼব। তেনেধৰণৰ নাস্তিক্যবাদ বিপদজনক। সন্দেহে সময়ৰ গুৰুত্বতাৰ প্ৰতি থকা আমাৰ বুজ শক্তিক দুৰ্ব্বল কৰি আত্মপ্ৰশ্ৰয়শীলতালৈ পৰিচালিত কৰিব পাৰে। (লূক ২১:৩৪) ইয়াৰ উপৰিও, পাঁচনি পিতৰৰ অনুসাৰে তেনে ঠাট্টা কৰোঁতাসকলে নুহৰ সময়ত তাহানিৰ জগতখন সম্পূৰ্ণকৈ ধ্বংস কৰা জলপ্লাবনৰ বিষয়ে সোঁৱৰিব নিবিচাৰে। বাস্তৱতে সেই সময়ৰ জগতখন সলনি হৈছিল!—আদিপুস্তক ৬:১৩, ১৭; ২ পিতৰ ৩:৫, ৬.
১০. ধৈৰ্য্যহীন হোৱাৰ সম্ভনা থকা সকলৰ বাবে পাঁচনি পিতৰ কেনে বাক্যবোৰৰ দ্বাৰা উৎসাহিত কৰিছে?
১০ ঈশ্বৰে শীঘ্ৰেই কাৰ্য্য নকৰে বুলি কৈ পাঁচনি পিতৰে তেওঁৰ শ্ৰোতাসকলক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিছে। প্ৰথমতে তেওঁ এইদৰে কৈছিল: “প্ৰভুৰ [যিহোৱা, NW] আগত এদিনেই হাজাৰ বছৰৰ নিচিনা, আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।” (২ পিতৰ ৩:৮) যিহেতু যিহোৱা অনাদি কালৰ ঈশ্বৰ হোৱা নিমিত্তে তেওঁ সকলোবোৰ বিষয়ে বিবেচনা কৰি উচিত সময়ত কাৰ্য্য কৰিব। তাৰ পিছত পাঁচনি পিতৰে উল্লেখ কৰি কৈছিল যে সকলো ঠাইৰ লোক যেন মনপালটন কৰে এয়াই হৈছে যিহোৱাৰ ইচ্ছা। গতিকে বহুতে পৰিত্ৰাণ পাবলৈহে তেওঁ ধৈৰ্য্য ধৰে। (১ তীমথিয় ২:৩, ৪; ২ পিতৰ ৩:৯) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ কোনো পদক্ষেপ নলʼব। আগলৈ পাঁচনি পিতৰে এইদৰে কৈছে: “চোৰৰ নিচিনাকৈ [যিহোৱাৰ, NW] দিন আহিব।”—২ পিতৰ ৩:৯.
১১. কিহে আমাক আধ্যাত্মিকভাৱে পৰ দি থাকিবলৈ সহায় কৰিব আৰু ই কি অৰ্থত যিহোৱাৰ দিন ‘শীঘ্ৰেই আগবাঢ়ি যোৱাক’ বুজায়?
১১ পাঁচনি পিতৰে তুলনা কৰা বিষয়টো উল্লেখযোগ্য। যিহেতু চুৰক ধৰাটো ইমান সহজ নহয়, কিন্তু সময়মতে পৰ দি নথকা প্ৰহৰীতকৈ গোটেই ৰাতি পৰ দি থকা জনৰ বাবে চুৰৰ কাৰ্য্যকলাপৰ বিষয়ে জনা ইমান কঠিন নহʼব। এজন প্ৰহৰীয়ে কেনেকৈ পৰ দি থাকিব পাৰে? ওৰে ৰাতি এটা স্থানত বহি থকাৰ পৰিৱৰ্তে চলাচল কৰি উজাগৰে থাকি পৰ দিয়াটো তেওঁৰ বাবে সহজ হʼব। ঠিক সেইদৰে আধ্যাত্মিক কাৰ্য্যবোৰত সক্ৰিয়ভাৱে ভাগ লৈ খ্ৰীষ্টানৰূপে আমি পৰ দি থকাটো আমাৰ বাবে সহায়ক হʼব। সেইবাবে পাঁচনি পিতৰে “পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে” কাৰ্য্য কৰি থাকিবলৈ উৎসাহিত কৰিছে। তেনেধৰণৰ কাৰ্য্যকলাপে নিৰন্তৰে আমাক “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি” থাকিবলে সহায় কৰিব। ইয়াত উল্লেখ কৰা গ্ৰীক শব্দ “অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি” থকাৰ আক্ষৰিক অৰ্থ হৈছে “অতি শীঘ্ৰেই আগবাঢ়ি যোৱা।” (২ পিতৰ ৩:১১) প্ৰকৃততে আমি যিহোৱাৰ কাৰ্য্যসূচিৰ সলনি কৰিব নোৱাৰোঁ। সেই দিনটো তেওঁৰ নিযুক্তি সময়ত অৱশ্যেই আহিব। যদি আমি তেওঁৰ কাৰ্য্যত নিজকে ব্যস্ত ৰাখোঁ তেন্তে সেই দিনটো আমাৰ বাবে অধিক দীঘলীয়া যেন বোধ নহʼব।—১ কৰিন্থীয়া ১৫:৫৮.
১২. ব্যক্তিগতভাৱে আমি কেনেকৈ যিহোৱাই ধৰা ধৈৰ্য্যৰ দ্বাৰা লাভবান হʼব পাৰোঁ?
১২ গতিকে যিসকলে সেই দিনটো পলম হোৱা বুলি অনুভৱ কৰিছে তেওঁলোকক পাঁচনি পিতৰে ধৈৰ্য্যৰে বাট চাবলৈ উৎসাহিত কৰিছে। এতেকে ঈশ্বৰে ধৰ্য্য ধৰাৰ বাবে আমাৰ হাতত থকা সময়খিনিক আমি উচিতৰূপে ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমি নিজত থকা খ্ৰীষ্টান গুণসমূহক নিৰন্তৰে বিকাশিত আৰু বহুতো লোকক শুভবাৰ্ত্তা জনাব পাৰোঁ, যিটো কম সময়ত সম্ভৱ নহʼলহেঁতেন। যদি আমি পৰ দি থাকোঁ তেন্তে এই ৰীতি-ব্যৱস্থাৰ অন্তত আমি যিহোৱাৰ সম্মুখত “নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী” হʼব পাৰিম। (২ পিতৰ ৩:১৪, ১৫) এইটো কিযে এক অতুলনীয় আশীৰ্ব্বাদ!
১৩. পাঁচনি পৌলে থিচলনীকীয়ালৈ লিখা কেনে পৰামৰ্শটো বৰ্তমানে আমাৰ বাবেও প্ৰযোজ্য হয়?
১৩ থিচলনীকীয়ালৈ লিখা প্ৰথম পত্ৰখনত পাচঁনি পৌলে পৰ দি থকাৰ বিষয়ে জোৰ দি উল্লেখ কৰিছিল। তেওঁ এনেদৰে পৰামৰ্শ দিছিল: “আহাঁ, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনে থাকোঁহঁক।” (১ থিচলনীকীয়া ৫:২, ৬) বৰ্তমানে এই জগতৰ সম্পূৰ্ণ ৰীতি-ব্যৱস্থাৰ অন্ত কাষ চাপি আহিল, গতিকে পৌলৰ এই পৰামৰ্শটো পালন কৰাটো কিমান যে গুৰুত্বপূৰ্ণ হৈ পৰিছে! যিহোৱাৰ সেৱকসকলে আজি এনে এখন জগতত বাস কৰিছে, যʼত আধ্যাত্মিক বিষয়সমূহৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ নকৰে আৰু তেওঁলোকৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। সেইবাবে পাঁচনি পৌলে এইদৰে কৈছিল: “আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ টকয়া মূৰত দি চেতনে থাকোঁহঁক।” (১ থিচলনীকীয়া ৫:৮) সেয়েহে যদি আমি নিতৌ বাইবেল অধ্যয়ন আৰু সঙ্গী বিশ্বাসীসকলৰ সৈতে সঙ্গতি কৰি পাঁচনি পৌলৰ পৰামৰ্শক পালন কৰোঁ তেতিয়া সময়ৰ গুৰুত্বতাক বুজিব পাৰিম।—মথি ১৬:১-৩.
লাখ লাখ লোকে পৰ দি আছে
১৪. পৰ দি থকা সম্বন্ধে বহুতো সেৱকে যে পাঁচনি পিতৰৰ পৰামৰ্শক অনুকৰণ কৰিছে তাক কেনে পৰিসংখ্যাসমূহে প্ৰকাশ কৰিছে?
১৪ বৰ্তমানে পৰ দি থকা বিষয়ে ঈশ্বৰে যি পৰামৰ্শ দিছে তাক বহুতে পালন কৰিছেনে? অৱশ্যেই কৰিছে। যোৱা ২০০২ চনৰ সেৱাবছৰত ৬৩,০৪,৬৪৫ জন প্ৰকাশকে আনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰি ১,২০,২৩,৮১,৩০২ ঘন্টা অতিবাহিত কৰাৰ দ্বাৰা এইটো প্ৰমাণ কৰিলে যে তেওঁলোকে পৰ দি সচেতনে আছে। ২০০১ চনৰ তুলনাত তেওঁলোকৰ সংখ্যা ৩.১ শতাংশলৈ বৃদ্ধি পালে। তেওঁলোকে এই কাৰ্য্যক অতি গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ কৰি তেওঁলোকৰ জীৱনৰ মুখ্য কেন্দ্ৰবিন্দু কৰি লৈছে। এই গুৰুত্বতাক বুজাবলৈ তেওঁলোকে এল ছালভাদোৰত বাস কৰা এডৱাৰড আৰু নহমীৰ নিচিনা মনোবৃত্তি প্ৰকাশ কৰিছে।
১৫. এল ছালভাদোৰৰ কেনে অনুভৱে দেখুৱাইছে যে বহুতে আধ্যাত্মিকভাৱে পৰ দি আছে?
১৫ কিছু বছৰৰ পূৰ্বেই এডৱাৰড আৰু নহমীয়ে পাঁচনি পৌলৰ এই পৰামৰ্শক অতি গুৰুত্বতাৰে গ্ৰহণ কৰে, যʼত এইদৰে কোৱা হৈছে: “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে।” (১ কৰিন্থীয়া ৭:৩১) তেওঁলোকে নিজৰ জীৱন-যাপন প্ৰণালীত সলনি কৰি পূৰ্ণ-সময়ৰ সেৱাকাৰ্য্য আৰম্ভ কৰে। সময় অতিক্ৰম কৰাৰ লগে লগে তেওঁলোকে বহুতো আশীৰ্ব্বাদ লাভ কৰে, আনকি তেওঁলোকে চাৰ্কিট আৰু জিলা অধ্যক্ষ হিচাবেও সেৱা কৰিবলৈ সুযোগ পায়। বিভিন্ন সমস্যাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও তেওঁলোকে আৰামদেহ জীৱন-প্ৰণালী ত্যাগ কৰি পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ বাছনি কৰাৰ বাবে অলপো অনুতাপ নকৰিলে। এল ছালভাদোৰত বাস কৰা ২৯,২৬৯ জন প্ৰকাশক আৰু ২,৪৫৪ জন অগ্ৰগামীয়েও তেওঁলোকৰ দৰে মনোবৃত্তি দেখুৱাৰ বাবে যোৱা বছৰৰ তুলনাত ২ শতাংশ প্ৰকাশকৰ বৃদ্ধি হʼল।
১৬. কোট্ ডিভোৰৰ এজন যুবক ভায়ে কেনে মনোবৃত্তি দেখুৱাইছিল?
১৬ কোট্ ডিভোৰত বাস কৰা এজন যুবকে একেই মনোবৃত্তি দেখুৱাই শাখা কাৰ্য্যালয়লৈ লিখা পত্ৰখনত তেওঁ এনেদৰে উল্লেখ কৰে: “মই মণ্ডলীত সহায়ক সেৱক হিচাবে সেৱা কৰিছোঁ। যিহেতু উত্তম আৰ্হি বজাই নৰখাৰ বাবে মই আনক অগ্ৰগামী হʼবলৈ উৎসাহিত কৰিব নোৱাৰিছিলোঁ। সেইবাবে মই নিজৰ ভাল চাকৰি ত্যাগ কৰি নিজেই এক সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ যাতে প্ৰচাৰ ক্ষেত্ৰত অধিক সময় অতিবাহিত কৰিব পাৰোঁ।” এই যুৱকজন কোট্ ডিভোৰত থকা ৯৮৩ জন অগ্ৰগামীৰ ভিতৰত এজন। যোৱা বছৰত সেই ঠাইত থকা প্ৰকাশকৰ সংখ্য ৬,৭০১ জন, যি পিছৰ বছৰৰ সংখ্যাতকৈ ৫ শতাংশ অধিক আছিল।
১৭. বেলজিয়ামৰ এগৰাকী যুৱতী ভনীয়ে কেনেকৈ প্ৰকাশ কৰিলে যে তাই যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি ৰখা বিদ্বেষপূৰ্ণ মনোভাৱত ভয়ভীত নহʼল?
১৭ অন্যায় আৰু পক্ষপাতৰ দৰে সমস্যাৰ সম্মুখীন হৈও বেলজিয়ামত থকা ২৪,৯৬১ জন প্ৰকাশকে উৎসাহেৰে প্ৰচাৰ কৰিবলৈ ত্যাগ দিয়া নাই। উদাহৰণস্বৰূপে, যেতিয়া এগৰাকী ১৬ বছৰীয়া ভনীয়ে তাইৰ স্কুলৰ এটা নীতিশাস্ত্ৰৰ ক্লাচত যিহোৱাৰ সাক্ষীসকলক এক পন্হী বুলি কোৱা শুনিবলৈ পালে তেতিয়া তাই সাক্ষীসকলৰ সপক্ষে কবলৈ অনুমতি বিচাৰিলে। অনুমতি পোৱাৰ পিছত তাই যিহোৱাৰ সাক্ষীসকলৰ সংগঠন যিহোৱাৰ নামৰ ওপৰত আধাৰিত (ইংৰাজী) ভিদিঅ আৰু যিহোৱাৰ সাক্ষীসকল কোন? নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি এক উত্তম সাক্ষী দিয়ে। সকলোৱে তাইৰ এনে বাৰ্ত্তাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তাৰ পিছৰ সপ্তাহত এটা পৰীক্ষা হʼল যʼত সকলোবোৰ প্ৰশ্ন যিহোৱাৰ সাক্ষীসকলৰ ধৰ্ম্মৰ সম্বন্ধে আছিল।
১৮. আৰ্জেন্টিনা আৰু মোজাম্বিকৰ প্ৰকাশকসকলে আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও যিহোৱাক সেৱা কৰিবলৈ ত্যাগ নিদিলে তাৰ কেনে অতুলনীয় প্ৰমাণ দেখিবলৈ পোৱা যায়?
১৮ এই শেষ-কালত জীয়াই থকাৰ বাবে সৰহভাগ খ্ৰীষ্টানে গভীৰ সমস্যাৰ সম্মুখীন হʼব লগা হয়। তথাপিও তেওঁলোকে জীৱনৰ পথত চলি থাকিবলৈ প্ৰাণপনে চেষ্টা কৰে। আৰ্জেন্টিনাই সম্মুখীন হোৱা আৰ্থিক সমস্যাৰ সৈতে সকলোৱে পৰিচিত। তথাপিও যোৱা বছৰত তাত প্ৰচাৰকৰ সংখ্যা আছিল ১,২৬,৭০৯ জন, যিটো তাৰ পিছৰ বছৰতকৈ অধিক আছিল। আজিও মোজাম্বিক চহৰত দৰিদ্ৰতাৰ অন্ত হোৱা নাই। তথাপিও ৰিপৰ্টৰ অনুসাৰে ৩৭,৫৬৩ জনে প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰিলে, যিটো আগতকৈ ৪ শতাংশ বৃদ্ধি পালে। আনকি আলবানিয়াত বহুতে বিভিন্ন সমস্যাৰ সম্মুখীন হোৱাৰ উপৰিও ১২ শতাংশ বৃদ্ধি আৰু ২,৭০৮ জন প্ৰকাশকৰ সৈতে এক নতুন শীৰ্ষবিন্দুত উপনীত হʼল। সঁচাকৈ যিহোৱাৰ সেৱকসকলে ৰাজ্যৰ কাৰ্য্যক প্ৰথম স্থান দিয়াৰ বাবে ঈশ্বৰৰ আত্মাই তেওঁলোকক সমস্যাত নিৰুৎসাহিত হʼবলৈ নিদিলে।—মথি ৬:৩৩.
১৯. এতিয়াও মেৰৰ নিচিনা লোকক সত্য জ্ঞানৰ বিষয়ে শিকিবলৈ বাকি আছে বুলি কিহে প্ৰমাণ দিছে?
১৯ যোৱা বছৰ গোটেই বিশ্বজুৰি পোৱা ৫৩,০৯,২৮৯ জন বাইবেল অধ্যয়নৰ ৰিপৰ্টে দেখুৱাইছে যে এতিয়াও মেৰৰ নিচিনা লোকসকলক সত্য জ্ঞান শিকিবলৈ বাকি আছে। যোৱা বছৰৰ স্মাৰক পৰ্ব্বত উপস্থিতিৰ সংখ্যাত বৃদ্ধি হোৱা ১,৫৫,৯৭,৭৪৬ জনৰ বহুতে এতিয়ালৈকে যিহোৱাৰ সক্ৰিয় সেৱক হিচাবে পৰিচয় দিয়া নাই। আমি আশা কৰোঁ যে তেওঁলোকে একেৰাহে যিহোৱাৰ জ্ঞান লʼব আৰু প্ৰকৃত খ্ৰীষ্টান ভাতৃত্ব প্ৰেমত বাঢ়ি যাব। ‘অন্য মেৰৰ’ দ্বাৰা গঠিত এই ‘বৰ লোকসমূহে’ অভিষিক্ত ভাইসকলৰ সৈতে “দিনে-ৰাতিয়ে” যিহোৱাৰ সেৱাত লাগি থকা দেখিবলৈ পাই আমি অধিক আনন্দিত হৈছোঁ!—প্ৰকাশিত বাক্য ৭:৯, ১৫; যোহন ১০:১৬.
লোটৰ আৰ্হিৰ পৰা শিক্ষা লাভ
২০. আমি লোট আৰু তেওঁৰ ভাৰ্য্যাৰ আৰ্হিৰ পৰা কি শিকিবলৈ পাওঁ?
২০ বাস্তৱতে কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ বিশ্বাসী সেৱকসকলেও সময়ৰ গুৰুত্বতাৰ বিষয়ে পাহৰি যায়। এই সন্দৰ্ভত অব্ৰাহামৰ ভাগিন লোটৰ বিষয়ে বিবেচনা কৰক। যেতিয়া দুজন স্বৰ্গদূত আহি ঈশ্বৰে চদোম আৰু ঘমোৰা চহৰখনক বিনষ্ট কৰাৰ বিষয়ে কʼলে তেতিয়া তেওঁ আচৰিত নহʼল। কিয়নো তেওঁ “ধৰ্ম্মহীনবিলাকৰ লম্পট-আচৰণত দুখ” পাইছিল। (২ পিতৰ ২:৭) কিন্তু যেতিয়া দুজন স্বৰ্গদূতে তেওঁক চদোম আৰু ঘমোৰাৰ পৰা ওলাই যাবলৈ কʼলে তেতিয়া তেওঁ “পলম কৰি” আছিল। সেই দুজন দূতে প্ৰায়েই তেওঁ আৰু তেওঁৰ পৰিয়ালক হাতত ধৰি বাহিৰলৈ আনিব লগা হৈছিল। তাৰ পিছত পুনৰাই ঘূৰি নাচাবলৈ আজ্ঞা দিয়াৰ স্বত্বেও তেওঁৰ ভাৰ্য্যই উলঙ্ঘন কৰিলে। তাই তেনে মনোবৃত্তি ৰখাৰ বাবে নিজৰ প্ৰাণ হেৰুৱাব লগা হʼল। (আদিপুস্তক ১৯:১৪-১৭, ২৬) এই বিষয়ে যীচুৱে উল্লেখ কৰি এইদৰে সতৰ্কবাণী দিছিল: “লোটৰ তিৰোতাক সোৱঁৰা।”—লূক ১৭:৩২.
২১. বৰ্তমানে আগতকৈও অধিক পৰ দি থকাটো কিয় অতি আৱশ্যক?
২১ পম্পেই আৰু হাৰকুলেনিয়াম চহৰ ধ্বংস, যিৰূচালেম বিনাশৰ পূৰ্বেই ঘটা ঘটনাসমূহ, নোহৰ জলপ্লাবন, লোট আদিৰ উদাহৰণে সতৰ্কবাণীৰ প্ৰতি গুৰুত্বৰে ধ্যান দিয়াটো আমাৰ জীৱন আৰু মৰণৰ প্ৰশ্ন। যিহোৱাৰ সেৱক হোৱাৰ বাবে আমি যে শেষকালৰ চূড়ান্ত সময়ত বাস কৰিছোঁ বুলি ভালদৰে জানিব পাৰিছোঁ। (মথি ২৪:৩) সেইবাবে আমি নিজকে মিছা ধৰ্ম্মৰ পৰা পৃথক কৰিলোঁ। (প্ৰকাশিত বাক্য ১৮:৪) এতেকে আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে ‘যিহোৱাৰ দিনৰ আগমণৰ’ বিষয়ে গুৰুত্বৰে মনত ৰখা আৱশ্যক।’ (২ পিতৰ ৩:১২) দৰাচলতে আমি আগতকৈও অধিক পৰ দি থকা আৱশ্যক! পৰ দি থকা সম্বন্ধে আমি কেনে পদক্ষেপ আৰু গুণসমূহ বিকাশিত কৰা উচিত? এই বিষয়ে পৰৱৰ্তী লেখত বিবেচনা কৰা হʼব। (w03 1/1)
[ফুটনোটবোৰ]
^ প্ৰথম শতিকাত যিৰূচালেমত থকা জনসংখ্যা ১,২০,০০০ তকৈ অধিক নাছিল। ইউচেবিয়াচৰ অনুসাৰে সা.যু. ৭০ চনত প্ৰায় ৩,০০,০০০ লোক যিহূদাৰ পৰা নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত উপস্থিত হৈছিল। প্ৰাণ হেৰুৱা বাকী লোকসকল নিশ্চয়ে বিভিন্ন প্ৰান্তৰ পৰা তালৈ আহিছিল।
^ অৱশ্যেই যিহোৱাৰ দৃষ্টিভঙ্গীৰে সা.যু. ৩৩ চনত মোচিৰ নিয়মৰ সলনি নতুন নিয়ম স্থাপিত কৰা হৈছিল।—ইফিচীয়া ২:১৫.
আপুনি কেনেকৈ উত্তৰ দিব?
• কেনেধৰণৰ ঘটনাৰ বাবে ইহুদী খ্ৰীষ্টানসকলে যিৰূচালেমৰ পৰা পলাই গৈ ৰক্ষা পোৱাত সুবিধা পালে?
• পাঁচনি পিতৰ আৰু পৌলৰ সতৰ্কবাণীয়ে আমাক পৰ দি থাকিবলৈ কেনেকৈ সহায় কৰে?
• আজি কোনসকলে সম্পূৰ্ণকৈ পৰ দি থকাৰ প্ৰমাণ দিছে?
• লোট আৰু তেওঁৰ ভাৰ্য্যাৰ পৰা আমি কেনে শিক্ষা শিকিবলৈ পাওঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
সা.যু. ৬৬ চনত যিৰূচালেমত থকা বিশ্বাসী খ্ৰীষ্টানসকলে যীচুৰ সতৰ্কবাণীৰ প্ৰতি শুৰুত্বতাৰে ধ্যান দি তাক পালন কৰিলে
[১০ পৃষ্ঠাৰ ছবিসমূহ]
খ্ৰীষ্টানসকলে সক্ৰিয়ভাৱে আধ্যাত্মিক কাৰ্য্য কৰাৰ দ্বাৰা পৰ দি থাকিবলৈ সক্ষম হয়