Skip to content

Skip to table of contents

আপুনি কিমান দৃঢ়ভাৱে বিশ্বাস কৰে?

আপুনি কিমান দৃঢ়ভাৱে বিশ্বাস কৰে?

আপুনি কিমান দৃঢ়ভাৱে বিশ্বাস কৰে?

“তোমালোক বিশ্বাসত থিৰে আছা।”—২ কৰিন্থীয়া ১:২৪.

১, ২. আমাত কিয় বিশ্বাস হোৱা আৱশ্যক আৰু ই কেনেকৈ দৃঢ় হʼব পাৰে?

 যিহোৱাৰ সাক্ষীসকলে জানে যে তেওঁলোকত বিশ্বাস হোৱা আৱশ্যক। কিয়নো “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:৬) সেইবাবে আমি পবিত্ৰ আত্মা আৰু বিশ্বাসক উৎপন্ন কৰিবলৈ প্ৰাৰ্থনা কৰা আৱশ্যক, যিটো বাঞ্চনীয় ফলৰ এটা ভাগ। (লূক ১১:১৩; গালাতীয়া ৫:২২, ২৩) সঙ্গী ভাই-ভনীসকলৰ বিশ্বাসক অনুকৰণ কৰিও আমাৰ ভিতৰত থকা এই গুণটোক অধিক দৃঢ় কৰিব পাৰোঁ।—২ তীমথিয় ১:৫; ইব্ৰী ১৩:৭.

তদুপৰি ঈশ্বৰৰ বাক্যত উল্লেখ হোৱা সিদ্ধান্তবোৰৰ অনুসাৰে যদি আমি চলোঁ, তেতিয়াও আমাৰ বিশ্বাস দৃঢ় হয়। নিতৌ বাইবেল পাঠ আৰু “বিশ্বাসী আৰু বুদ্ধিমান দাসবিলাকৰ” দ্বাৰা প্ৰবন্ধ কৰা আলোচনীবোৰৰ সহায়েৰে শাস্ত্ৰীয় পদসমূহক অতি যত্নৰে নিৰীক্ষণ কৰি আমি বিশ্বাস বৃদ্ধি কৰিব পাৰোঁ। (লূক ১২:৪২-৪৪; যিহোচূৱা ১:৭, ৮) নিয়মীয়াকৈ সভা, সন্মিলন আৰু অধিৱেশনবোৰত উপস্থিত হৈ আমি পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দেখি অধিক উৎসাহিত হওঁ। (ৰোমীয়া ১:১১, ১২; ইব্ৰী ১০:২৪, ২৫) প্ৰচাৰ কাৰ্য্যত আমি আনক শুভবাৰ্ত্তাৰ বিষয়ে জনোৱাৰ দ্বাৰা আমাৰ বিশ্বাস দৃঢ় হয়।—গীতমালা ১৪৫:১০-১৩; ৰোমীয়া ১০:১১-১৫.

৩. বিশ্বাসৰ সম্বন্ধে আমি নম্ৰ প্ৰাচীনসকলৰ পৰা কেনেধৰণৰ সহায় পাওঁ?

নম্ৰ প্ৰাচীনসকলে শাস্ত্ৰীয় আধাৰিত পৰামৰ্শ আৰু উৎসাহ আগবঢ়াই আমাৰ বিশ্বাসক দৃঢ় কৰি তুলাত সহায় কৰে। পাঁচনি পৌলৰ দৰে প্ৰাচীনসকলেও একেই মনোবৃত্তি প্ৰকাশ কৰে। তেওঁ কৰিন্থীয়া মণ্ডলীক এইদৰে কৈছিল: “তোমালোকৰ আনন্দৰ সহকাৰী হৈছোঁ; কিয়নো তোমালোক বিশ্বাসত থিৰে আছা।” (২ কৰিন্থীয়া ১:২৩, ২৪) আন এখন অনুবাদত এই বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোকৰ আনন্দৰ অৰ্থে আমি কাৰ্য্য কৰিছোঁ, কিয়নো তোমালোকৰ বিশ্বাস দৃঢ়।” (কন্টেমপৰেৰী ইংলিচ ভাৰচন্‌) ধাৰ্ম্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকে। দৰাচলতে কোনেও আমাৰ হৈ বিশ্বাস দেখুৱাব বা অখণ্ডতা বজাই ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত ‘আমি নিজেই নিজৰ ভাৰ বব লাগিব।’—গালাতীয়া ৩:১১; ৬:৫.

৪. বাইবেলত পোৱা বহুতো বিশ্বাসী লোকসকলৰ বৃত্তান্তই কেনেকৈ আমাৰ নিজৰ বিশ্বাস দৃঢ় কৰাত সহায় কৰে?

বাইবেলত বিশ্বাসী ব্যক্তিসকলৰ বিষয়ে অনেক বৃত্তান্ত পঢ়িবলৈ পাওঁ। আমি হয়তো তেওঁলোকে কৰা বহুতো মহান কাৰ্য্যৰ সৈতে পৰিচিত, কিন্তু আমি ইয়াকো জানোনে যে তেওঁলোক প্ৰত্যেকদিনে বা সম্ভৱতঃ গোটেই জীৱন কেনেকৈ বিশ্বাসী হৈ থাকিব পাৰিলে? আমাৰ সৈতে মিল খোৱা পৰিস্থিতিবোৰত তেওঁলোকে কেনেকৈ বিশ্বাসী হৈ থাকিল, তাক অনুকৰণ কৰাৰ দ্বাৰা আমি বিশ্বাস দৃঢ় কৰিব পাৰোঁ।

বিশ্বাসেই আমাক সাহসী কৰি তুলে

৫. বাইবেলৰ কোনটো বৃতান্তই প্ৰমাণ কৰিছে যে ঈশ্বৰৰ বাক্যক সাহসেৰে ঘোষণা কৰিবলৈ বিশ্বাসে আমাক সহায় কৰে?

বিশ্বাসে আমাক আনক ঈশ্বৰৰ বাক্যৰ বিষয়ে কʼবলৈ সাহস প্ৰদান কৰে। উদাহৰণস্বৰূপে, হানোকে সাহসী হৈ আহিবলগা ঈশ্বৰীয় সোধ-বিচাৰৰ বিষয়ে ঘোষণা কৰিছিল। তেওঁ এইদৰে কৈছিল: “চোৱা, সকলোবিলাকৰ সোধ-বিচাৰ কৰিবলৈ, আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্য্যৰ দ্বাৰাই যি ভক্তি-লঙ্ঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা কলে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।” (যিহূদা ১৪, ১৫) তেওঁৰ ভক্তিহীন শত্ৰুবিলাকে হানোকৰ মুখৰ পৰা তেনে বাক্য শুনিবলৈ পাই নিশ্চয়ে ক্ৰোধত অতি উত্তেজিত হৈ তেওঁক হত্যা কৰিব বিচাৰিছিল। তথাপিও তেওঁ নিৰ্ভয় আৰু বিশ্বাসেৰে ঘোষণা কৰিলে আৰু ঈশ্বৰে তেওঁক কোনো কষ্ট সহিবলৈ নিদিয়াকৈ “লোকান্তৰলৈ নিলে।” (আদিপুস্তক ৫:২৪; ইব্ৰী ১১:৫) বৰ্তমান সময়ত যদিও যিহোৱাই আমাৰ বাবে তেনে অলৌকিক কাৰ্য্য নকৰে, তথাপিও তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু বিশ্বাস আৰু সাহসেৰে তেওঁৰ বাক্য ঘোষণা কৰিবলৈ সহায় কৰে।—পাঁচনিৰ কৰ্ম্ম ৪:২৪-৩১.

৬. ঈশ্বৰৰ পৰা লাভ কৰা বিশ্বাস আৰু সাহসে নোহক কেনেকৈ প্ৰচাৰ কৰাত সহায় কৰিলে?

বিশ্বাসেৰে নোহে “নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে।” (ইব্ৰী ১১:৭; আদিপুস্তক ৬:১৩-২২) তেওঁ “ধৰ্ম্মপ্ৰচাৰকো” আছিল। তেওঁ সাহসেৰে ভক্তিহীন লোকবিলাকৰ সম্মুখত ঈশ্বৰৰ সোধ-বিচাৰৰ ঘোষণা কৰিলে। (২ পিতৰ ২:৫) যিদৰে জলপ্ৰলয়ৰ বিষয়ে প্ৰচাৰৰ কৰাৰ সময়ত সেই সময়ৰ লোকসকলে তেওঁক ঠাট্টা কৰিছিল, ঠিক সেইদৰে বৰ্তমান সময়ত ধ্বংসৰ বিষয়ে শাস্ত্ৰীয় প্ৰমাণ দাঙি ধৰাৰ স্বত্ত্বেও লোকসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি ঠাট্টা কৰে। (২ পিতৰ ৩:৩-১২) হানোক আৰু নোহৰ দৰে আমিও বিশ্বাস আৰু সাহস লাভ কৰি আহিবলগা সোধ-বিচাৰৰ বিষয়ে একেৰাহে ঘোষণা কৰি থাকিব পাৰোঁ।

বিশ্বাসেই আমাত চিৰসহিষ্ণুতা হʼবলৈ সহায় কৰে

৭. অব্ৰাহাম আৰু অন্য বিশ্বাসী ব্যক্তিসকলে কেনেকৈ বিশ্বাস আৰু চিৰসহিষ্ণুতা দেখুৱাইছিল?

বিশেষকৈ এই দুষ্ট ৰীতি-ব্যৱস্থাৰ অন্ত হোৱা অপেক্ষা কৰি থকাৰ সময়ছোৱা আমাক বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ অতি আৱশ্যক। “বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰ উত্তৰাধিকাৰী” হোৱাৰ এজন আছিল অব্ৰাহাম, যিজনে ঈশ্বৰলৈ ভয় ৰাখিছিল। (ইব্ৰী ৬:১১, ১২) বিশ্বাসৰ বাবে তেওঁ ঊৰৰ দৰে সমৃদ্ধিশীল চহৰখন ত্যাগ কৰি প্ৰতিজ্ঞাত দেশত প্ৰবাসী হৈ জীৱন-যাপন কৰিলে। পিছলৈ সেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী ইচাহাক আৰু যাকোব হৈছিল। যদিও “সেই সকলো বিশ্বাসত মৰিল; তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে” তথাপিও বিশ্বাসেৰে “তেওঁবিলাকে তাতকৈ এটি উত্তম, অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাঙ্ক্ষা কৰে।” সেইবাবে ঈশ্বৰে “তেওঁলোকৰ কাৰণে এখন নগৰ যুগুত কৰিলে।” (ইব্ৰী ১১:৮-১৬) প্ৰকৃততে ঈশ্বৰ ভয় মানোতা অব্ৰাহাম, ইচাহাক, যাকোব আৰু তেওঁলোকৰ ভাৰ্য্যবিলাকে চিৰসহিষ্ণুতাৰে ঈশ্বৰৰ ৰাজ্যলৈ বাট চাইছিল যʼত তেওঁলোক সকলোৰে পুনৰুত্থান হʼব।

৮. কেনে পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও অব্ৰাহাম, ইচহাক আৰু যাকোবে বিশ্বাস আৰু চিৰসহিষ্ণুতা বজাই ৰাখিলে?

অব্ৰাহাম, ইচাহাক আৰু যাকোবে কেতিয়াও নিজৰ বিশ্বাস নেহেৰুৱালে। তেওঁলোকে জীৱিত থকাৰ সময়ছোৱাত সেই প্ৰতিজ্ঞাত দেশৰ অধিকাৰী নহʼল নতুবা তেওঁলোকে সকলো জাতিয়ে আশীৰ্ব্বাদ পোৱাটো দেখা পালে। (আদিপুস্তক ১৫:৫-৭; ২২:১৫-১৮) যদিও কেইবা শতিকাৰ পিছত ‘ঈশ্বৰে নিৰ্ম্মাণ কৰা নগৰখন’ অস্তিত্বত আহিবলগা আছিল তথাপিও তেওঁলোকে মৃত্যুলৈকে বিশ্বাস আৰু চিৰসহিষ্ণুতা বজাই ৰাখিলে। যিহেতু সেই নগৰখন অৰ্থাৎ মচীহ ৰাজ্য স্বৰ্গত স্থাপিত হোৱা বাবে আমাকো তেওঁলোকৰ দৰে বিশ্বাস আৰু চিৰসহিষ্ণুতা বজাই ৰখা আৱশ্যক।—গীতমালা ৪২:৫, ১১; ৪৩:৫)

বিশ্বাসেই আমাৰ জীৱনত উচ্চ লক্ষ্যসমূহ যুগুত কৰে

৯. বিশ্বাসে আমাৰ জীৱনত উচ্চ লক্ষ্যসমূহ ৰাখিবলৈ কেনেধৰণৰ সহায় প্ৰদান কৰে?

এই বিশ্বাসী ব্যক্তিসকলৰ জীৱনৰ লক্ষ্য বহুত উচ্চ হোৱাৰ বাবে কেতিয়াও কানানী বাসীৰ অনৈতিক জীৱন-শৈলীক গ্ৰহণ নকৰিলে। ঠিক তেনেদৰে বিশ্বাসেই আমাৰ জীৱনত আধ্যাত্মিক লক্ষ্যসমূহ ৰাখিবলৈ আৰু সেই দুষ্ট অৰ্থাৎ চয়তানৰ অধীনত থকা জগতৰ বেয়া অভ্যাসবোৰক প্ৰতিৰোধ কৰাত সাহস প্ৰদান কৰে।—১ যোহন ২:১৫-১৭; ১ যোহন ৫:১৯.

১০. আমি কেনেকৈ জানিব পাৰোঁ যে যোচেফে ৰখা লক্ষ্য এই জগতত প্ৰমুখ ব্যক্তি ৰূপে প্ৰসিদ্ধ হোৱাতকৈ অধিক শ্ৰেষ্ট আছিল?

১০ যদিও ঈশ্বৰীয় নিৰ্দ্দেশনা অনুসাৰে যাকোবৰ পুত্ৰ যোচেফে মিছৰ দেশত খাদ্য মন্ত্ৰী হিচাবে কাৰ্য্য নিৰ্বাহ কৰিছিল তথাপিও প্ৰমুখ ব্যক্তি হৈ প্ৰসিদ্ধ হোৱাৰ তেওঁৰ কোনো লক্ষ্য নাছিল। তেওঁ সম্পূৰ্ণ বিশ্বাস কৰিছিল যে ঈশ্বৰে অৱশ্যেই নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব। সেয়েহে ১১০ বছৰৰ বয়সত যোচেফে নিজৰ ভাইসকলক এনেদৰে কৈছিল: “মই এতিয়া মৰোঁহে; কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব।” তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটোক প্ৰতিজ্ঞাত দেশত কবৰ দিবলৈ অনুৰোধ কৰিছিল। যেতিয়া তেওঁৰ মৃত্যু হʼল তেতিয়া অনুৰোধৰ অনুসাৰে তেওঁৰ শৰীৰটো সুগন্ধিদ্ৰব্যযুক্ত কৰি মিচৰত এটা পেড়াত ভৰাই থলে। যেতিয়া ইস্ৰায়েলজাতি মিচৰ দেশৰ দাসত্বৰ পৰা মুক্তি হৈ স্বদেশলৈ উভটিছিল তেতিয়া মোচিয়ে যোচেফৰ অস্থিক কঢ়িয়াই নি প্ৰতিজ্ঞাত দেশত কবৰ দিছিল। (আদিপুস্তক ৫০:২২-২৬; যাত্ৰাপুস্তক ১৩:১৯) গতিকে আমাকো যোচেফৰ নিচিনা বিশ্বাস ৰাখি আধ্যাত্মিক লক্ষ্যসমূহ ৰখা আৱশ্যক, যিবোৰ এই জগতত প্ৰসিদ্ধ হোৱাতকৈ অধিক শ্ৰেষ্ট।—১ কৰিন্থীয়া ৭:২৯-৩১.

১১. মোচিয়ে যে আধ্যাত্মিক লক্ষ্য ৰাখিলে তাক তেওঁ কেনেকৈ প্ৰমাণ কৰিলে?

১১ মোচি ৰাজকীয় পৰিয়ালৰ সদস্য হোৱাৰ বাবে সুদিক্ষা লাভ কৰিছিল, তথাপিও “তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে।” (ইব্ৰী ১১:২৩-২৬; পাঁচনিৰ কৰ্ম্ম ৭:২০-২২) এইদৰে তেওঁ জগতত সুনাম আৰ্জন কৰি প্ৰখ্যাত হোৱাৰ সুযোগ প্ৰত্যাখ্যান কৰিলে। তদুপৰি তেওঁ যদি ৰাজকীয় পৰিয়ালত থকা হʼলে তেওঁৰ মৃত্যুত তেওঁক হয়তো প্ৰসিদ্ধ স্থানত সন্মানেৰে কবৰ দিলেহেঁতেন। কিন্তু পাছত তেওঁ যি দায়িত্ব পালে তাৰ তুলনাত সেই জাকজমকতাৰে ভৰা জীৱন-প্ৰণালী অধিক মূল্যৱান আছিলনে? তেওঁ ‘ঈশ্বৰৰ ভক্ত’, ব্যৱস্থাৰ মধ্যস্থ, ভৱিষ্যতবক্তা আৰু বাইবেল লিখক আদি হোৱাৰ বিশেষাধিকাৰ লাভ কৰিলে। (ইজ্ৰা ৩:২) এতিয়া প্ৰশ্ন হৈছে আপুনি জগতত প্ৰসিদ্ধ আৰু সমৃদ্ধিশীল হʼবলৈ ইচ্ছা নতুবা আপুনি জীৱনত বিশ্বাসৰ উচ্চ আধ্যাত্মিক লক্ষ্য ৰাখিবলৈ বাঞ্চা কৰেনে?

বিশ্বাসে জীৱনত সন্তুষ্টি আৰু উদ্দেশ্য প্ৰদান কৰে

১২. বিশ্বাসে ৰাহাবৰ জীৱনত কেনে পৰিৱৰ্তন আনিলে?

১২ বিশ্বাসে কেৱল উচ্চ লক্ষ্যসমূহেই নহয় কিন্তু জীৱনত সন্তুষ্টি আৰু উদ্দেশ্যও প্ৰদান কৰে। যিৰীহূ নগৰত থকা ৰাহাবে যেতিয়া এগৰাকী পতিতা আছিল তেতিয়া তাই নিশ্চয়ে জীৱনটো অৰ্থহীন বুলি বিবেচনা কৰিছিল। কিন্তু যেতিয়া তাই বিশ্বাসৰ দ্বাৰা এক নতুন জীৱন পালে তেতিয়া তাইৰ জীৱন একেবাৰে অৰ্থপূৰ্ণ হৈ পৰিল। তাই ‘[ইস্ৰায়েলৰ] দূতবিলাকক আলহীকৈ ৰাখি, পাছে আন বাটেদি পঠাই দিলে’ যিসকলক তাই কানানী শত্ৰুৰ পৰা ৰক্ষা কৰিলে। (যাকোব ২:২৪-২৬) এইদৰে তাই বিশ্বাসৰ “কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত” হʼল। তাই যিহোৱাক যে একমাত্ৰ সত্য ঈশ্বৰ তাকে জানি তাই নিজৰ বেশ্যাবৃত্তি ত্যাগ কৰিলে। ইয়াৰ দ্বাৰাই তাইৰ বিশ্বাসৰ এটা প্ৰমাণ দিলে। (যিহোচূৱা ২:৯-১১; ইব্ৰী ১১:৩০, ৩১) তাই অবিশ্বাসী কনানীৰ সৈতে নহয় কিন্তু ঈশ্বৰৰ এজন বিশ্বাসী দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হʼল। (দ্বিতীয় বিবৰণ ৭:৩, ৪; ১ কৰিন্থীয়া ৭:৩৯) তদুপৰি তাই মচীহৰ পূৰ্বজ হোৱাৰো বিশেষাধিকাৰ পালে। (১ বংশাৱলি ২:৩-১৫; ৰূথ ৪:২০-২২; মথি ১:৫, ৬) ইয়াৰ উপৰিও তাই আনবিলাকৰ দৰে পৰমদেশীয় পৃথিৱীত পুনৰুত্থান লাভ কৰিব।

১৩. ৰজা দায়ুদে বৎ-চেৱাৰ সৈতে কেনে ধৰণৰ পাপ কৰিলে, কিন্তু পিছলৈ তেওঁ কেনে মনোবৃত্তি দেখুৱালে?

১৩ বেশ্যাবৃত্তি ত্যাগ দিয়াৰ পিছত ৰাহাবে অৱশ্যেই ধাৰ্ম্মিকতাৰে জীৱন-যাপন কৰিলে। আনহাতে যিসকলে বহু বছৰ ধৰি যিহোৱাৰ সেৱা কৰাৰ স্বত্ত্বেও গম্ভীৰ পাপ কৰিছিল। উদাহৰণস্বৰূপে, ৰজা দায়ূদে বৎ-চেবাৰ সৈতে ব্যাভিচাৰ, যুদ্ধ পথাৰত তাইৰ গিৰীয়েকক হত্যা আৰু পিছলৈ তাইক ভাৰ্য্যাৰূপে গ্ৰহণ কৰি গম্ভীৰ পাপ কৰিছিল। (২ চমূৱেল ১১:১-২৭) তেওঁ নিজৰ পাপ পৰাচিত কৰি অতি দুখেৰে যিহোৱালৈ এইদৰে নিৱেদন কৰিলে: “তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।” সেইবাবে তেওঁ পবিত্ৰ আত্মাৰ পৰা বঞ্চিত নহʼল। তদুপৰি তেওঁ সম্পূৰ্ণকৈ বিশ্বাস কৰিছিল যে যিহোৱা দয়ালু হোৱাৰ নিমিত্তে “ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য” নকৰে। (গীতমালা ৫১:১১, ১৭; ১০৩:১০-১৪) বিশ্বাসৰ বাবে দায়ূদ আৰু বৎ-চেবাই মচীহৰ পূৰ্বজ হʼবলৈ বিশেষাধিকাৰ লাভ কৰিলে।—১ বংশাৱলি ৩:৫; মথি ১:৬, ১৬; লূক ৩:২৩, ৩১.

আশ্বাসৰ দ্বাৰা বিশ্বাস দৃঢ় হয়

১৪. কি প্ৰকাৰে ঈশ্বৰে গিদিয়োনক আশ্বাস প্ৰদান কৰিলে আৰু এই বৃত্তান্তৰ পৰা আমি কি শিকিব পাৰোঁ?

১৪ যদিও আমি বিশ্বাসেৰে চলোঁ তথাপিও তেওঁ যে সহায় কৰে এই বুলি মাজে সময়ে আমাক ঈশ্বৰৰ আশ্বাসৰ আৱশ্যক। এই কথাষাৰ গিদিয়োনৰ ক্ষেত্ৰতো সঁচা আছিল, যিজনে “বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে।” (ইব্ৰী ১১:৩২-৩৩) যেতিয়া মিদিয়নী আৰু চুবুৰীয়া দেশবোৰে ইস্ৰায়েল জাতিৰ ওপৰত আক্ৰমণ কৰে তেতিয়া বিচাৰকৰ্ত্তা গিদিয়োনে শত্ৰুৰ সম্মুখীন হʼবলৈ ঈশ্বৰে পবিত্ৰ আত্মা তেওঁৰ ওপৰত স্থিতি হʼল। যিহোৱাই তেওঁৰ সৈতে আছে বুলি প্ৰমাণ চাবলৈ দুটা পৰীক্ষা কৰিলে, প্ৰথমটো পৰীক্ষাত তেওঁ মৰণা মৰা স্থানত এটা মেৰৰ পৰা কটা নোমখিনি থলে যাতে তাৰ ওপৰত নিয়ৰ পৰে আৰু আটাই মাটি শুকান থাকে আৰু দ্বিতীয় পৰীক্ষাত তাৰ ওলোটা হʼল। যেতিয়া ঈশ্বৰে এই পৰীক্ষাৰ দ্বাৰা গিদিয়োনক সহায় কৰিব বুলি আশ্বাস পালে, তেতিয়া তেওঁৰ সাহস বাঢ়িল আৰু সাৱধানে সম্পূৰ্ণ বিশ্বাসাৰে ইস্ৰায়েলৰ শত্ৰুৰ সৈতে যুদ্ধ কৰি সকলোকে পৰাস্ত কৰিলে।। (বিচাৰকৰ্ত্তাবিলাক ৬:৩৩-৪০; ৭:১৯-২৫) একেইদৰে আমি কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত ঈশ্বৰে আমাক সহায় কৰক বুলি তেওঁৰ আশ্বাস বিচাৰিব পাৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আমাত বিশ্বাসৰ হ্ৰাস হৈছে। বৰঞ্চ, ঈশ্বৰৰ বাক্য, বাইবেল আধাৰিত আলোচনীসমূহ আৰু পবিত্ৰ আত্মা বিচাৰি কৰা প্ৰাৰ্থনাৰ দ্বাৰা আমি আচলতে আমাৰ বিশ্বাসৰ প্ৰমাণ দিওঁ।—ৰোমীয়া ৮:২৬, ২৭.

১৫. বাৰাকৰ বিশ্বাসৰ বিষয়ে বিবেচনা কৰিলে আমি কেনেকৈ সহায় পাব পাৰোঁ?

১৫ বিচাৰকৰ্ত্তা বাৰাককো যেতিয়া উৎসাহিত কৰি তুলিবলৈ আশ্বাস প্ৰদান কৰা হʼল তেতিয়া তেওঁৰ বিশ্বাস অধিক দৃঢ় হʼল। কনানীৰ ৰজা যাবিনৰ হাতৰ পৰা ইস্ৰায়েলসকলক ৰক্ষা কৰিবলৈ দাবোৰাই তেওঁক অধিক উৎসাহিত কৰি তুলিলে। ঈশ্বৰে সহায় কৰিব বুলি আশ্বাস দিয়াত তেওঁ ১০,০০০ জন পুৰুষ আৰু অলপমাত্ৰাত অস্ত্ৰ-সস্ত্ৰ লৈ যুদ্ধ কৰিবলৈ ওলাই গʼল। তেওঁলোকে চিচীৰাৰ অধিনত থকা বিৰাট সৈন্যসামন্তক পৰাস্ত কৰিলে। যুদ্ধত জয়লাভ কৰি দাবোৰা আৰু বাৰাকে আনন্দৰে স্তুতি গীত গাই যিহোৱাৰ ধন্যবাদ কৰিলে। (বিচাৰকৰ্ত্তাবিলাক ৪:১-৫:৩১) দাবোৰাই তেওঁক যিহোৱাৰ নিযুক্ত অধিপতিৰ দৰে কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিলে। বাৰাকে “বিশ্বাসৰ দ্বাৰা . . . অন্য জাতিবিলাকৰ সৈন্যবোৰক হৰুৱালে।” (ইব্ৰী ১১:৩৪) যদি আমি প্ৰত্যাহ্বানজনক নিযুক্তিবোৰ পূৰ্ণ কৰিবলৈ সংকোচ বোধ কৰোঁ তেন্তে বিশ্বাসেৰে কাৰ্য্য কৰাৰ বাবে যিহোৱাই বাৰাকক আশীৰ্ব্বাদ কৰিলে বুলি মনত ৰাখি উৎসাহিত হʼব পাৰোঁ। ইয়াৰ দ্বাৰা আমি যি কোনো প্ৰত্যাহ্বানজনক পৰিস্থিৰ সম্মুখীন হʼবলৈ সাহসী হʼব পাৰিম।

বিশ্বাসে শান্তি বৃদ্ধি কৰে

১৬. লোটৰ সৈতে শান্তি বজাই ৰাখিবলৈ অব্ৰাহামে কেনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১৬ বিশ্বাসে কঠিন কাৰ্য্য-নিযুক্তিবোৰ পূৰ্ণ কৰিবলৈ সহায় কৰাৰ উপৰি আনৰ সৈতে শান্তি বজাই ৰাখাত সহায় কৰে। উদাহৰণস্বৰূপে, যেতিয়া অব্ৰাহামৰ পশু-ৰখীয়া আৰু তেওঁৰ ভতিজা লোটৰ পশু-ৰখীয়াৰ মাজত বিবাদ সৃষ্টি হোৱাৰ বাবে এজনে আন জনৰ পৰা পৃথক হোৱাটো আৱশ্যক হৈ পৰিল। সেই সময়ত তেওঁ লোটক আন উত্তম চৰণীয়া পথাৰবোৰ বাছি লʼবলৈ প্ৰথম সুযোগ দিলে। (আদিপুস্তক ১৩:৭-১২) এই সমস্যাক সমাধান কৰিবলৈ সম্ভৱতঃ অব্ৰাহামে বিশ্বাসেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি তেওঁৰ সহায় বিচাৰিছিল। তেওঁ প্ৰথমে নিজৰ স্বাৰ্থক প্ৰথম স্থান দিয়াৰ পৰিৱৰ্তে শান্তিৰে এই সমস্যাটোৰ সমাধান কৰিছিল। একেইদৰে যেতিয়া কোনো খ্ৰীষ্টান ভাইৰ সৈতে বিবাদ সৃষ্টি হয় তেতিয়া আঁহক আমিও “শান্তি বিচাৰি” বিশ্বাসৰে প্ৰাৰ্থনা কৰি অব্ৰাহামৰ আৰ্হিক অনুকৰণ কৰোঁহঁক।—১ পিতৰ ৩:১০-১২.

১৭. আমি কিয় কʼব পাৰোঁ যে পৌল, বাৰ্ণব্বা আৰু মাৰ্কৰ মাজত ব্যৱধান সৃষ্টি হৈছিল আৰু তেওঁলোকে তাক কেনেকৈ শান্তিৰে সমাধান কৰিলে?

১৭ বিবেচনা কৰক যে বিশ্বাসেৰে খ্ৰীষ্টান সিদ্ধান্তবোৰ পালন কৰি কেনেকৈ শান্তি বজাই ৰাখিব পাৰি। যেতিয়া পাঁচনি পৌলে দ্বিতীয় মিচানৰী যাত্ৰাৰ বাবে পুনৰাই কুপ্ৰীয়া আৰু এছিয়া মাইনৰ মণ্ডলীবোৰত সাক্ষ্যাৎ কৰা প্ৰস্তাৱ আগবঢ়ালে তেতিয়া বাৰ্ণব্বাই সেই প্ৰস্তাৱক স্বীকাৰ কৰিলে। কিন্তু এইবাৰ যাত্ৰাৰ সময়ত বাৰ্ণব্বাই তেওঁৰ সম্বন্ধীয়া ভায়েক মাৰ্কক লগত নিব বুলি উল্লেখ কৰিলে। কিন্তু পাম্ফুলিয়াত থকা সময়ত মাৰ্কে তেওঁলোকক ত্যাগ কৰি গুচি যোৱাৰ বাবে পাঁচনি পৌলে তেওঁক লগত নিবলৈ মান্তি নʼহল। সেইবাবে তেওঁ আৰু বাৰ্ণব্বাৰ মাজত “এনে বিবাদ” হʼল যে তেওঁলোক ইজনে সিজনৰ লগ এৰাএৰি হৈ বাৰ্ণব্বাই মাৰ্কক লৈ কুপ্ৰগৈ অভিমূখে ৰাওনা হʼল আৰু পৌলে চীলক লৈ “চিৰিয়া আৰু কিলিকিয়া দেশেদি মণ্ডলীবিলাকক থিৰ কৰি কৰি গল।” (পাঁচনিৰ কৰ্ম্ম ১৫:৩৬-৪১) কিন্তু সময়ে গতি কৰাৰ লগে লগে তেওঁলোকৰ পুনৰাই মিলন হʼল আৰু পৌলৰ সৈতে ৰোমত থকা সময়ত মাৰ্কৰ বিষয়ে তেওঁ ভাল অভিমত দাঙি ধৰিলে। (কলচীয়া ৪:১০; ফিলীমন ২৩, ২৪) যেতিয়া পৌলে সা.যু ৩৬ চনত ৰোমত বন্দী হৈ আছিল তেতিয়া তেওঁ তীমথিয়ক এইদৰে লিখিছিল: “তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো তেওঁ পৰিচৰ্য্যা-কৰ্ম্মত মোলৈ উপকাৰী।” (২ তীমথিয় ৪:১১) বাৰ্ণব্বা আৰু মাৰ্কৰ সৈতে পুনৰাই সম্বন্ধ গঢ়ি তুলিবলৈ সম্ভৱতঃ পৌলে বিশ্বাসেৰে নিশ্চয়ে প্ৰাৰ্থনা কৰিছিল। পৰিণামস্বৰূপে তেওঁলোকৰ মাজত “ঈশ্বৰৰ শান্তি” স্থাপিত হৈছিল।—ফিলিপীয়া ৪:৬, ৭.

১৮. ইবদিয়া আৰু চুন্তুখীৰ সৈতে সমস্যাক সম্ভৱতঃ কিদৰে সমাধান কৰা হʼল?

১৮ অসিদ্ধতা আমাত থকাৰ বাবে “আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” (যাকোব ৩:২) দুজনী ভনীৰ মাজত সৃষ্টি হোৱা বিবাদৰ বিষয়ে পাঁচনি পৌলে এনেদৰে লিখিছিল: “ইবদিয়াক বিনয় কৰি, আৰু চুন্তুখীক বিনয় কৰি, প্ৰভুত একে মন হবলৈ উদগাইছোঁ. . . .সেই ভনী দুজনীক সহায় কৰা; কিয়নো ‘তেওঁবিলাকে সৈতে সেই দুজনীয়েও শুভবাৰ্ত্তাত মোৰ সহিত প্ৰাণপণ কৰিছিল।’ (ফিলিপীয়া ৪:১-৩) সম্ভৱ সেই ঈশ্বৰীয় ভয় মানোতা ভনীসকলে মথি ৫:২৩, ২৪ পদত উল্লেখ কৰা পৰামৰ্শৰ অনুসাৰে চলি তেওঁলোকৰ সমস্যাক সমাধান কৰিছিল। আজিও বিশ্বাসেৰে সৈতে বাইবেল সিদ্ধান্ত পালন কৰি শান্তি বজাই ৰখাত অধিক সহায় লাভ কৰিব পাৰি।

বিশ্বাসেই আমাক সমস্যাসমূহত ধৈৰ্য্য ধৰিবলৈ শক্তি প্ৰদান কৰে

১৯. কেনে কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও ইচহাক আৰু ৰিবেকাই নিজৰ বিশ্বাসক দুৰ্ব্বল হʼবলৈ নিদিলে?

১৯ বিশ্বাসে আমাক কঠিন পৰিস্থিতিৰ সময়তো ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব পাৰে। আমাৰ পৰিয়ালৰ কোনো বাতিষ্মা প্ৰাপ্ত সদস্যই যদি সত্যত নথকা কোনোবা এজনৰ সৈতে বিবাহ কৰি ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰে, তেতিয়া আমাৰ মনত আঘাত লাগিব পাৰে। (১ কৰিন্থীয়া ৭:৩৯) উদাহৰণস্বৰূপে, যেতিয়া এচৌয়ে সত্যত নথকা ছোৱালীৰ সৈতে বিবাহ কৰি পিতৃ-মাতৃ “ইচহাক আৰু ৰিবেকাৰ মনত দুখ” দিলে। ৰিবেকাই অতি দুখিত হোৱাৰ বাবে এইদৰে কৈছিল: “এই হিত্তীয়া জীয়াৰীবিলাকৰ কাৰণে, মোৰ জীৱনত ঘিণ লাগিছে; যদি যাকোবেও ইহঁতৰ নিচিনা এই দেশীয় লোকৰ জীয়াৰীবিলাকৰ কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?” (আদিপুস্তক ২৬:৩৪, ৩৫; ২৭:৪৬) তথাপিও এনে কঠিন পৰিস্থিতিয়ে ইচাহাক আৰু ৰিবেকাৰ বিশ্বাসক দুৰ্ব্বল কৰিব নোৱাৰিলে। এতেকে যদি আমি তেনেধৰণৰ কোনো কঠিন পৰিস্থিতিৰ সম্মুখীন হওঁ, আহঁক আমিও তেওঁলোকৰ দৰে দৃঢ় বিশ্বাসক বজাই ৰাখোঁহঁক।

২০. ৰূথ আৰু নয়মীয়ে আমাৰ বাবে বিশ্বাসৰ কেনে আৰ্হি প্ৰস্তুত কৰিলে?

২০ বৃদ্ধ নয়মীয়ে এগৰাকী ইহুদী হোৱাৰ বাবে জানিছিল যে সেই জাতিৰ কোনো এগৰাকী তিৰোতাই জন্ম দিয়া পুত্ৰবিলাকৰ এজনে মচীহৰ পূৰ্ব্বপূৰুষ হʼব। তাইৰ সকলো সন্তানৰ মৃত্যু হৈছিল। তদুপৰি তাই বৃদ্ধা হোৱাত তাইৰ গৰ্ভধাৰণ কৰা শক্তি লোপ পাইছিল। কিন্তু তাইৰ বিধৱা বোৱাৰীয়েকৰ বিয়া এজন বয়সস্ত পুৰুষৰ সৈতে হʼল আৰু তাৰ পৰা এটি পুত্ৰ জন্মিল। সেই পুত্ৰৰ দ্বাৰা নয়মীয়ে যীচুৰ পূৰ্বজ হোৱা বিশেষাধিকাৰ লাভ কৰিলে! (আদিপুস্তক ৪৯:১০, ৩৩; ৰূথ ১:৩-৫; ৪:১৩-২২; মথি ১:১, ৫) কঠিন পৰিস্থিতিত নয়মী আৰু ৰূথে বিশ্বাসত দৃঢ় হৈ থকাৰ বাবে আশীৰ্ব্বাদ লাভ কৰিলে। যদি কঠিন পৰিস্থিতিৰ সময়ত আমিও বিশ্বাস বজাই ৰাখোঁ তেন্তে প্ৰচুৰ আশীৰ্ব্বাদ লাভ কৰিম।

২১. বিশ্বাসে আমালৈ কেনে সহায় প্ৰদান কৰে আৰু আমি কি কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত?

২১ আমি নাজানো যে অহা কালিলৈ আমি কেনে পৰিস্থিতিৰ সম্মুখীন হʼব লাগিব। কিন্তু যদি আমি বিশ্বাসী হওঁ, তেন্তে সকলো প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰিম। বিশ্বাসেই আমাত চিৰসহিষ্ণুতা আৰু উৎসাহ উৎপন্ন কৰে। আমাৰ উন্নত লক্ষ্যসমূহ ৰখাত সহায় কৰে যাৰ বাবে আমি জীৱনত সন্তুষ্টি লাভ কৰিব পাৰোঁ। তদুপৰি বিশ্বাসে কঠিন পৰিস্থিতিত সহিবলৈ আৰু আনৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিবলৈও সহায় কৰে। সেয়েহে আমি “জীৱত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে” এজন হʼব পাৰিম। (ইব্ৰী ১০:৩৯) প্ৰেমময় যিহোৱাৰ শক্তিৰ দ্বাৰা নিৰন্তৰে আমাৰ বিশ্বাস দৃঢ় কৰি তেওঁৰ নাম মহিমা কৰোঁহঁক। (w03 1/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• বিশ্বাসে যে আমাক সাহসী কৰি তুলিব পাৰে বুলি তাৰ কেনে শাস্ত্ৰীয় প্ৰমাণ আছে?

• বিশ্বাসে আমাৰ জীৱনত সন্তুষ্টি আৰু উদ্দেশ্য প্ৰদান কৰে বুলি আমি কিয় কব পাৰোঁ?

• বিশ্বাসে কেনেকৈ শান্তি বজাই ৰখাত সহায় কৰে?

• কঠিন পৰিস্থিতিৰ সময়তো বিশ্বাসে আমাক ধৈৰ্য্য ধৰাত সহায় কৰে বুলি কেনে প্ৰমাণ দেখিবলৈ পোৱা যায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবিসমূহ]

বিশ্বাসেই নোহ আৰু হানোকক ঈশ্বৰৰ বাৰ্ত্তাক ঘোষণা কৰিবলৈ সাহস প্ৰদান কৰিলে

[২৭ পৃষ্ঠাৰ ছবিসমূহ]

মোচিৰ দৰে ৰখা বিশ্বাসে আমাক আধ্যাত্মিক লক্ষ্যসমূহ ৰাখিবলৈ প্ৰেৰিত কৰে

[২৮ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰে যে সহায় কৰিব এই আশ্বাসে বাৰাক, দাবোৰা আৰু গিদিয়োনৰ বিশ্বাস দৃঢ় কৰিলে