Skip to content

Skip to table of contents

আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?

আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?

আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?

“ঈশ্বৰৰ ৰাজ্য ওচৰ হল; তোমালোকে মন পালটোৱা, আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা।”—মাৰ্ক ১:১৪, ১৫.

১, ২. মাৰ্ক ১:১৪, ১৫ পদটো আপুনি কেনেকৈ বৰ্ণনা কৰিব?

 যীচুৱে গালীল চহৰত সা. যু. ৩০ চনত উল্লেখনীয়ভাৱে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিলে। তেওঁ “ঈশ্বৰৰ শুভবাৰ্ত্তা ঘোষণা” কৰিলে আৰু বহুতো গালীল বাসীয়ে “কাল সম্পূৰ্ণ হʼল; ঈশ্বৰৰ ৰাজ্য ওচৰ হল; তোমালোকে মন পালটোৱা, আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা” বুলি কোৱা কথাষাৰ শুনি আচৰিত হৈছিল।—মাৰ্ক ১:১৪, ১৫.

যীচুৱে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰা আৰু লোকসকলক ঈশ্বৰৰ অনুমোদন পাবলৈ নিৰ্ণয় লোৱাৰ “কাল সম্পূৰ্ণ হʼল।” (লূক ১২:৫৪-৫৬) যীচুৱে নিযুক্ত ৰজা হিচাবে তেওঁলোকৰ মাজত থকাৰ বাবে “ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিল” বুলি ঘোষণা কৰিছিল। তেওঁৰ এই প্ৰচাৰ কাৰ্য্যই নম্ৰসকলক মনপালটন কৰিবলৈ প্ৰেৰিত কৰিলে। কিন্তু তেওঁলোকে কেনে পদক্ষেপ লʼলে আৰু আমি কেনেকৈ “শুভবাৰ্ত্তাত বিশ্বাস” কৰিব পাৰোঁ?

৩. লোকসকলে কি কৰাৰ দ্বাৰা শুভবাৰ্ত্তাত বিশ্বাস কৰাৰ প্ৰমাণ দিলে?

যীচুৰ দৰে পাঁচনি পিতৰেও লোকসকলক মনপালটন কৰিবলৈ অনুৰোধ কৰিছিল। সা.যু. ৩৩ চনত যিৰূচালেমত থকা ইহুদীসকলক উদ্দেশ্য কৰি তেওঁ এইদৰে কৈছিল: “তোমালোকৰ পাপ-মোচনৰ অৰ্থে মন পালটোৱা, আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা; তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা।” তেওঁলোকৰ তিনি হাজাৰমান লোকে মনপালটন কৰি বাপ্তিষ্মা লʼলে আৰু যীচুৰ শিষ্য হৈ পৰিল। (পাঁচনিৰ কৰ্ম্ম ২:৩৮, ৪১; ৪:৪) ঠিক সেইদৰে সা.যু. ৩৬ চনত অন্য জাতিৰ লোকসকলেও তেনে পদক্ষেপ লʼলে। (পাঁচনিৰ কৰ্ম্ম ১০:১-৪৮) একেইদৰে আমাৰ সময়তো হাজাৰ হাজাৰ লোকে শুভবাৰ্ত্তা বিশ্বাস কৰি মনপালটন কৰিছে আৰু ঈশ্বৰলৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈছে। তেওঁলোকে পৰিত্ৰাণৰ শুভবাৰ্ত্তাক গ্ৰহণ আৰু যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে ধাৰ্মিকতাক অনুকৰণ কৰিছে আৰু ঈশ্বৰৰ ৰাজ্যৰ পক্ষ লৈছে।

৪. বিশ্বাস কি?

কিন্তু প্ৰশ্ন হৈছে বিশ্বাস কৰাৰ অৰ্থ কি? সেই সম্পৰ্কে পাঁচনি পৌলে এনেদৰে লিখিছিল: “বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি।” (ইব্ৰী ১১:১) আমাৰ এই বিশ্বাসে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰৰ যেন ইতিমধ্যেই পূৰ্ণ হʼল বুলি আশ্বাস দিয়ে। বিশ্বাসক আমি এনে এটা বিধিসংগত দলীল বুলি কʼব পাৰোঁ যিহে প্ৰমাণ কৰে যে আমি কোনো বিশেষ সম্পত্তিৰ স্বত্ব অধিকাৰ কৰিলোঁ। তদুপৰি বিশ্বাস হৈছে “আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান” বা অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি। আমাৰ বিবেচনা শক্তি আৰু আন্তৰিক মূল্যাঙ্কনে অদৃশ্যবোৰ যে বাস্তৱিক তাৰ প্ৰতি বিশাস জন্মায়।—২ কৰিন্থীয়া ৫:৭; ইফিচীয়া ১:১৮.

আমাক বিশ্বাসৰ আৱশ্যক!

৫. বিশ্বাস ৰখাটো কিয় অতি গুৰুত্বপূৰ্ণ?

আমি বিশ্বাসত নহয় কিন্তু আধ্যাত্মিক অভাৱৰ সৈতে জন্ম হৈছোঁ। দৰাচলতে “সকলোৰে যে সেই বিশ্বাস আছে, এনে নহয়।” (২ থিচলনীকীয়া ৩:২) যিহেতু প্ৰতিজ্ঞাত দেশৰ উত্তৰাধিকাৰী হʼবলৈ প্ৰকৃত খ্ৰীষ্টানসকলে অৱশ্যেই বিশ্বাস কৰা আৱশ্যক। (ইব্ৰী ৬:১২) পাঁচনি পৌলে বহুতো উদাহৰণ উদ্ধৃত কৰাৰ পিছত এইদৰে লিখিছিল: “এতেকে ইমান মেঘৰূপ সাক্ষীয়ে আমাক বেৰি থকা দেখি, আহাঁ, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক।” (ইব্ৰী ১২:১, ২) “আমাক লগ ধৰি থকা পাপ” কি?” ই হৈছে বিশ্বাসৰ হ্ৰাস বা এবাৰ আয়ত্ব কৰা বিশ্বাস হেৰুৱাক বুজাইছে। দৃঢ় বিশ্বাস গঢ়ি তুলিবলৈ আমি ‘যীচুলৈ চাই থাকি’ আৰু তেওঁৰ আৰ্হিক অনুকৰণ কৰা উচিত। তদুপৰি আমি অনৈতিকতা, মাংসিক অভিলাষ, ভৌতিক বস্তু, জাগতিক দৰ্শনশাস্ত্ৰ আৰু অশাস্ত্ৰীয় পৰম্পৰাসমূহৰ পৰা আঁতৰি থকা আৱশ্যক। (গালাতীয়া ৫:১৯-২১; কলচীয়া ২:৮; ১ তীমথিয় ৬:৯, ১০; যিহূদা ৩, ৪) ইয়াৰ উপৰিও আমি ঈশ্বৰ আমাৰ সৈতে আৰু তেওঁৰ বাক্যত পোৱা পৰামৰ্শসমূহ ব্যৱহাৰিক বুলি অৱশ্যেই বিশ্বাস কৰা উচিত।

৬, ৭. বিশ্বাসৰ বাবে প্ৰাৰ্থনা কৰাটো কিয় উচিত?

আমি নিজৰ ইচ্ছাশক্তিৰ দ্বাৰা আমাত বিশ্বাস উৎপন্ন কৰিব নোৱাৰোঁ। কিয়নো বিশ্বাস হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তিৰ এটা ফল। (গালাতীয়া ৫:২২, ২৩) যদি আমাৰ বিশ্বাস দৃঢ় কৰাৰ প্ৰয়োজন, তেন্তে কি কৰা উচিত? যীচুৱে এইদৰে কৈছিল: “তোমালোকে . . . নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:১৩) গতিকে আঁহক আমি পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক যি আমাত বিশ্বাস উৎপন্ন কৰিব আৰু অতি কঠিন পৰিস্থিতিতো ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ সহায় কৰিব।—ইফিচীয়া ৩:২০.

আমাৰ বিশ্বাস অধিক দৃঢ় কৰিবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰাটো এটা উচিত বিষয়। উদাহৰণস্বৰূপে, যীচুৱে এটা সৰু লʼৰাৰ পৰা ভূত খেদোৱাৰ পূৰ্বেই লʼৰাটিৰ বাপেকে ৰিঙিয়াই এইদৰে কৈছিল: “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!” (মাৰ্ক ৯:২৪) আনকি তেওঁৰ শিষ্যসকলেও “আমাৰ বিশ্বাস বঢ়াই দিয়ক” বুলি কৈছিল। (লূক ১৭:৫) এতেকে আঁহক আমি বিশ্বাসৰ বাবে প্ৰাৰ্থনা কৰোঁহঁক। কিয়নো আমি নিশ্চিত যে ঈশ্বৰে অৱশ্যেই তেনে প্ৰাৰ্থনাৰ উত্তৰ দিব।—১ যোহন ৫:১৪.

ঈশ্বৰৰ বাক্যক বিশ্বাস কৰাটো অতি গুৰুত্বপূৰ্ণ

৮. ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাক কেনেকৈ সহায় কৰিব পাৰে?

মুক্তিপণ বলিদানৰূপে মৃত্যুবৰণ কৰিব লগাৰ অলপ পূৰ্বেই যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “তোমালোকৰ হৃদয় ব্যাকুল নহওক; ঈশ্বৰত বিশ্বাস কৰা, আৰু মোত বিশ্বাস কৰা।” (যোহন ১৪:১) খ্ৰীষ্টান হোৱা হেতুকে আমি ঈশ্বৰ আৰু তেওঁৰ পুত্ৰক বিশ্বাস কৰোঁ। কিন্তু ঈশ্বৰৰ বাক্য সম্বন্ধে কি? যদি আমি ঈশ্বৰৰ বাক্যক অধ্যয়ন, ইয়াৰ পৰামৰ্শ আৰু নিৰ্দ্দেশনাসমূহক মানি চলোঁ তেন্তে ই আমাক গভীৰভাৱে প্ৰভাৱিত কৰিব।—ইব্ৰী ৪:১২.

৯, ১০. যাকোব ১:৫-৮ পদত বিশ্বাসৰ বিষয়ে যি উল্লেখ কৰিছে তাক আপুনি কেনেকৈ বৰ্ণনা কৰিব?

আমি অসিদ্ধ মানৱ হোৱা হেতুকে আমাৰ জীৱনটো দুখ-কষ্টৰে ভৰি আছে। তথাপিও ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাক প্ৰকৃততে সহায় কৰিব পাৰে। (ইয়োব ১৪:১) উদাহৰণস্বৰূপে, বিবেচনা কৰক যে কোনো এটা নিৰ্দিষ্ট পৰীক্ষাত আমি কেনেকৈ সম্মুখীন হʼব লাগে তাৰ বিষয়ে একো নাজানোঁ। কিন্তু ঈশ্বৰৰ বাক্যই এইদৰে পৰামৰ্শ প্ৰদান কৰিছে: “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচনা কৰক; তাতে তেওঁক দিয়া হব। কিন্তু নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ।”—যাকোব ১:৫-৮.

১০ জ্ঞানৰ অভাৱ হোৱাত প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই আমাক ককৰ্থনা নকৰিব। তাৰ পৰিৱৰ্তে তেওঁ পৰীক্ষাসমূহৰ প্ৰতি উচিত দৃষ্টিভঙ্গী দিয়াত সহায় কৰিব। এই সম্পৰ্কে সঙ্গী ভাই-ভনীসকল বা বাইবেলৰ অধ্যয়নৰ সময়ত হয়তো আমি কোনো ব্যৱহাৰিক শাস্ত্ৰীয় পদ বিচাৰি পাম যিয়ে আমাক সহায় কৰিব পাৰে। অথবা আমাক হয়তো কোনোবা প্ৰকাৰে যিহোৱাৰ পবিত্ৰ আত্মাই নিৰ্দ্দেশনা দিব পাৰে। যদি আমি “নিঃসংশয় হৈ বিশ্বাসেৰে যাচনা কৰোঁ” তেন্তে আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই অৱশ্যেই জ্ঞান প্ৰদান কৰিব। কিন্তু যদি আমি বতাহত ঢলং পলং হোৱা সাগৰৰ ঢৌৰ নিচিনা হওঁ, তেন্তে আমি ঈশ্বৰৰ পৰা একোকে পোৱাৰ আশা কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কিয়নো ইয়াৰ অৰ্থ হৈছে আমি প্ৰাৰ্থনা বা আন কোনো ক্ষেত্ৰত অৰ্থাৎ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসত অনিশ্চয় আৰু অধীৰ। সেইবাবে ঈশ্বৰৰ বাক্য আৰু ইয়াৰ নিৰ্দ্দেশনাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস হোৱা আৱশ্যক। আঁহক আমি কিছুমান উদাহৰণক বিবেচনা কৰি চাওঁহঁক যে কেনেকৈ এইবোৰে আমাক সহায় আৰু নিৰ্দ্দেশনা প্ৰদান কৰিব পাৰে।

বিশ্বাস আৰু পৃষ্ঠপোষকতা

১১. ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাৰ দৈনন্দিন আৱশ্যকতাৰ সম্বন্ধে কি আশ্বাস প্ৰদান কৰে?

১১ যদি আমি বৰ্তমান সময়ত খাদ্যৰ অভাৱ বা দৰিদ্ৰতাৰ সম্মুখীন হৈছোঁ তেন্তে কি কৰিব পাৰি? এই ক্ষেত্ৰত ঈশ্বৰৰ বাক্যই ভাৰসাপূৰ্ণ আশ্বাস দিছে যে যিহোৱাই আমাৰ দৈনন্দিন জীৱনৰ আৱশ্যকতাৰ তত্বাৱধান লʼব আৰু তেওঁক প্ৰেম কৰোঁতা সকললৈ প্ৰচুৰ পৰিমাণে প্ৰবন্ধ কৰিব। (গীতমালা ৭২:১৬; লূক ১১:২, ৩) আকালৰ সময়ত যিহোৱাই ভৱিষ্যতবক্তা এলিয়ালৈ আহাৰৰ প্ৰবন্ধ কৰি কেনেকৈ তত্বাৱধান লৈছিল, এই বৃত্তান্তক বিবেচনা কৰাৰ দ্বাৰা আমি উৎসাহিত হʼব পাৰোঁ। পাছলৈ যিহোৱাই অলৌকিকভাৱে আটা আৰু তেল প্ৰবন্ধ কৰি এগৰাকী মহিলা, তাইৰ পুত্ৰ আৰু এলিয়াক পোষকতা কৰিলে। (১ ৰাজাৱলি ১৭:২-১৬) একেইদৰে বাবিলে যিৰূচালেম চহৰক অৱৰোধ কৰি থকাৰ সময়ছোৱাত যিহোৱাই ভৱিষ্যতবক্তা যিৰিমিয়াৰ তত্বাৱধান লৈছিল। (যিৰিমিয়া ৩৭:২১) যদিও এলিয়া আৰু যিৰিমিয়াৰ ওচৰত অলপমাত্ৰাত খাদ্য আছিল তথাপিও যিহোৱাই তেওঁলোকৰ তত্বাৱধান ললে। বৰ্তমানে যিসকলে তেওঁক প্ৰেম কৰে তেওঁলোককো যিহোৱাই একেইদৰে তত্বাৱধান লয়।—মথি ৬:১১, ২৫-৩৪.

১২. বিশ্বাসে কেনেকৈ দৈনন্দিন আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ সহায় কৰিব?

১২ বাইবেল সিদ্ধান্তবোৰক পালন কৰাৰ সৈতে জড়িত থকা বিশ্বাসে আমাক যদিও ভৌতিকভাৱে ধনৱন্ত নকৰে তথাপিও ই আমাৰ দৈনন্দিন আৱশ্যকতাক নিশ্চয়ে পূৰণ কৰিব। উদাহৰণস্বৰূপে, বাইবেলে আমাক নিষ্ঠাৱান, কৰ্মদক্ষ আৰু পৰিশ্ৰমী হʼবলৈ পৰামৰ্শ দিছে। (হিতোপদেশ ২২:২৯; উপদেশক ৫:১৮, ১৯; ২ কৰিন্থীয়া ৮:২১) সকলোৰে আগত পৰিশ্ৰমী কৰ্ম্মীৰূপে খ্যাতি হোৱাৰ প্ৰতি আমি কেতিয়াও হেয়জ্ঞান নকৰিম। আনকি যিবোৰ ঠাইত ভাল চাকৰি পোৱাটো কঠিন তেনেবোৰ ক্ষেত্ৰতো পৰিশ্ৰমী, নিষ্ঠাৱান আৰু যত্নপূৰ্ণ হোৱাৰ সুযোগ থাকে। এইটো সত্য যে তেনে কৰ্ম্মীসকলৰ অলপমাত্ৰাত ভৌতিক বস্তু থাকিব পাৰে, কিন্তু তেওঁলোকে অৰ্জন কৰা ধনেৰে তেওঁলোকৰ দৈনন্দিন আৱশ্যকতাক পূৰণ আৰু সন্তুষ্টিৰে জীৱন-যাপন কৰিছে।—২ থিচলনীকীয়া ৩:১১, ১২.

বিশ্বাসে বেদনাদায়ক পৰিস্থিতিতো সহন কৰিবলৈ সহায় কৰে

১৩, ১৪. বেদনাদায়ক পৰিস্থিতিতো সহন কৰিবলৈ বিশ্বাসে কেনেকৈ সহায় প্ৰদান কৰে?

১৩ প্ৰকৃততে ঈশ্বৰৰ বাক্যই স্পষ্টকৈ কৈছে যে কোনো আপোনজনাক মৃত্যুত হেৰুৱাই শোক আৰু বিলাপ কৰাটো স্বাভাৱিক। যেনে, বিশ্বাসী অব্ৰাহামে তেওঁৰ ভাৰ্য্য চাৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল। (আদিপুস্তক ২৩:২) ৰজা দায়ূদেও পুতেকৰ মৃত্যুৰ খবৰ শুনি অতি দুখিত হৈছিল। আনকি সিদ্ধ ব্যক্তি যীচুৱেও তেওঁৰ বন্ধু লাজাৰৰ মৃত্যুত ক্ৰন্দন কৰিছিল। (যোহন ১১:৩৫, ৩৬) যেতিয়া আমাৰ কোনো আপোনজনাৰ মৃত্যু হয় তেতিয়া আমিও অতিশয় শোক আৰু বেদনা অনুভৱ কৰিব পাৰোঁ, কিন্তু ঈশ্বৰৰ বাক্যত উল্লেখ কৰা প্ৰতিজ্ঞাৰ ওপৰত কৰা বিশ্বাসে আমাক তেনে বেদনাদায়ক পৰিস্থিতিত সহন কৰিবলৈ সহায় কৰিব।

১৪ এই বিষয়ে পাঁচনি পৌলে কৈছিল যে ‘ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক লোকৰ পুনৰুত্থান হʼব বুলি ময়ো ঈশ্বৰত আশা কৰোঁ।’ (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) হাজাৰ হাজাৰ লোকক পুনৰুত্থান কৰিবলৈ কৰা প্ৰবন্ধৰ প্ৰতি আমিও বিশ্বাস কৰা আৱশ্যক। (যোহন ৫:২৮, ২৯) সেই হাজাৰ হাজাৰ লোকৰ মাজত মৃত্যু হোৱা অব্ৰাহাম, চাৰা, ইচহাক, ৰিবেকা, যাকোব আৰু লেয়াও আছে যিসকলে পুনৰুত্থানলৈ আশা কৰি আছে। (আদিপুস্তক ৪৯:২৯-৩২) এই পৃথিৱীত মৃত্যু হোৱা আপোনজনাক পুনৰাই দেখিবলৈ পোৱাটো কিমান যে এক আনন্দৰ বিষয় হʼব! (প্ৰকাশিত বাক্য ২০:১১-১৫) বৰ্তমান সময়ত বিশ্বাসে যদিও সকলো ধৰণৰ মনোবেদনা দূৰ নকৰে তথাপিও ই আমাক ঈশ্বৰৰ নিকটবৰ্তী কৰে। কেৱল ঈশ্বৰেহে এনে মৃত্যু বেদনাত শান্ত্বনা লাভ কৰিবলৈ সহায় কৰে।—গীতমালা ১২১:১-৩; ২ কৰিন্থীয়া ১:৩.

বিষাদগ্ৰস্ত লোকক বিশ্বাসে শক্তিশালী কৰে

১৫, ১৬. (ক) আমি কিয় কব পাৰোঁ যে ঈশ্বৰক বিশ্বাস কৰা ব্যক্তিসকলৰ বাবে নিৰাশ হোৱাতো কোনো নতুন বিষয় নহয়? (খ) নৈৰাশ্যতাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ কি কৰিব পাৰি?

১৫ ঈশ্বৰৰ বাক্যই ইয়াকো কৈছে যে যিসকলে ঈশ্বৰক বিশ্বাস কৰে তেওঁলোকেও নৈৰাশ্যতাৰ সম্মুখীন হʼব পাৰে। উদাহৰণস্বৰূপে, ইয়োবে সম্মুখীন হোৱা অত্যন্ত ক্লেশৰ সময়ত ঈশ্বৰে তেওঁক ত্যাগ কৰিলে বুলি অনুভৱ কৰিছিল। (ইয়োব ২৯:২-৫) যিৰূচালেম নগৰ ধ্বংসাত্মক পৰিস্থিতিত থকা দেখি নহিমিয়াই শোকাতুৰ হৈছিল। (নহিমিয়া ২:১-৩) যীচুক তিনিবাৰকৈ অস্বীকাৰ কৰাৰ পিছত পাঁচনি পিতৰে “অতি শোকেৰে কান্দিবলৈ ধৰিলে।” (লূক ২২:৬২) পাঁচনি পৌলে থিচলনীকিয়াৰ মণ্ডলীত থকা সঙ্গী বিশ্বাসীসকলক “অল্প-সাহসীবিলাকক আশ্বাস” দিবলৈ উৎসাহিত কৰিছিল। (১ থিচলনীকীয়া ৫:১৪) সেইবাবে বৰ্তমান সময়ত ঈশ্বৰক বিশ্বাস কৰা লোকসকলৰ বাবে নৈৰাশ্যতা হোৱাটো কোনো নতুন বিষয় নহয়। এতেকে আমি নৈৰাশ্যতা পৰিস্থিতিৰ সৈতে কেনেকৈ সম্মুখীন হʼব পাৰোঁ?

১৬ গম্ভীৰ সমস্যাবোৰৰ সম্মুখীন হৈ আমি নিৰাশ হʼব পাৰোঁ। কিন্তু সেইবোৰক অধিক গুৰুত্বৰ দুৰ্দশা বুলি দৃষ্টি দি হতাশ হোৱাৰ পৰিৱৰ্তে আমি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি ক্ৰমান্বয়ে সেইবোৰ সমাধান কৰিব পাৰিম। তেনে কৰাৰ দ্বাৰা আমি নিজৰ নৈৰাশ্যতাক লঘু বা হ্ৰাস কৰাত সহায় লাভ কৰিম। ভাৰসাম্য বজাই ৰাখি কাৰ্য্য কৰা আৰু সঠিক পৰিমাণৰ বিশ্ৰামেও এই ক্ষেত্ৰত সহায় কৰিব পাৰে। এটা কথা নিশ্চিত: ঈশ্বৰ আৰু তেওঁৰ বাক্যত ৰখা বিশ্বাসে আমাৰ আধ্যাত্মিকতাত কল্যাণ সাধে। কিয়নো ই ঈশ্বৰে যে আমাৰ তত্বাৱধান লয় তাৰ প্ৰতি থকা আমাৰ নিশ্চয়তাক দৃঢ় কৰে।

১৭. আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাই আমাৰ তত্বাৱধান লয়?

১৭ পাঁচনি পিতৰে এনেদৰে আশ্বাস দি কৈছিল: “ঈশ্বৰে . . . পৰাক্ৰমী হাতৰ অধীনত নত কৰা আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৬, ৭) গীতমালা ৰচোঁতাজনে এইদৰে গাইছিল: “যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।” (গীতমালা ১৪৫:১৪) ঈশ্বৰৰ বাক্যত উল্লেখ কৰা এই আশ্বাসক আমি অৱশ্যেই বিশ্বাস কৰা উচিত। যিহেতু আমি নিৰাশ হʼব পাৰোঁ, কিন্তু ঈশ্বৰৰ ওপৰত সকলো চিন্তাৰ ভাৰ পেলাই দি আমি বিশ্বাসত কিমান যে শক্তিশালী হম

বিশ্বাস আৰু অন্যান্য পৰীক্ষাসমূহ

১৮, ১৯. বিশ্বাসে কেনেকৈ ৰোগগ্ৰস্থ অৱস্থাত সহন কৰিবলৈ আৰু ৰোগগ্ৰস্ত সঙ্গীসকলক আশ্বাস দিবলৈ সহায় কৰে?

১৮ যেতিয়া আপোনজনা গম্ভীৰভাৱে কোনো ৰোগগ্ৰস্ত হয় তেতিয়া হয়তো আমাৰ বিশ্বাস কঠোৰভাৱে পৰীক্ষিত হʼব পাৰে। বাইবেলত যদিও ইপাফ্ৰদীত, তীমথিয় আৰু ত্ৰফিম নামৰ ঈশ্বৰৰ সেৱকসকলৰ ৰোগ অলৌকিকভাৱে আৰোগ্য হোৱাৰ বিষয়ে উল্লেখ কৰা নাই তথাপিও যিহোৱাই তেওঁলোকক সহিবলৈ শক্তি প্ৰদান কৰিছিল বুলি বৰ্ণনা কৰিছে। (ফিলিপীয়া ২:২৫-৩০; ১ তীমথিয় ৫:২৩; ২ তীমথিয় ৪:২০) তদুপৰি গীতমালা ৰচোঁতাজনে এই সন্দৰ্ভত এইদৰে গাইছিল: “যি জনে দৰিদ্ৰলৈ চিন্তা কৰে, . . . তেওঁ নৰিয়া হৈ শয্যাত পৰি থাকিলে যিহোৱাই তেওঁক সহায় কৰিব।” (গীতমালা ৪১:১-৩) ৰোগগ্ৰস্ত সঙ্গী ভাই-ভনীসকলক শান্ত্বনা দিবলৈ গীতমালাৰ এই বাক্যশাৰীয়ে কেনেকৈ সহায় কৰে?

১৯ বিশেষকৈ ৰোগগ্ৰস্ত ব্যক্তিজনৰ সৈতে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি তেওঁলোকলৈ এক প্ৰকাৰে আধ্যাত্মিক সহায় আগবঢ়াব পাৰি। যদিও আমি প্ৰাৰ্থনাত অলৌকিকভাৱে সুস্থ কৰাৰ বিষয়ে নিবেদন নকৰোঁ তথাপিও তেওঁলোকক সহন কৰিবলৈ আৰু আধ্যাত্মিকভাৱে শক্তিশালী হোৱাৰ আৱশ্যকতাক পূৰণ কৰাৰ বাবে বিনতি কৰিব পাৰোঁ। যিহোৱাই তেওঁলোকক সামৰ্থ দিব আৰু ভৱিষ্যতে “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব” বুলা বাক্যশাৰীক পঢ়ি তেওঁলোকৰ বিশ্বাস দৃঢ় হʼব। (যিচয়া ৩৩:২৪) পুনৰুত্থিত যীচু আৰু ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা আজ্ঞাকাৰী মানৱে চিৰকালৰ বাবে পাপ, ৰোগ আৰু মৃত্যুৰ পৰা স্থায়ী মুক্তি লাভ কৰিব বুলি জানি কিমান যে শান্ত্বনা পাওঁ! এই উজ্জ্বল আশাৰ বাবে আমি ‘সকলো ৰোগৰ পৰা সুস্থ’ কৰাৰ বাবে ঈশ্বৰ যিহোৱাক ধন্যবাদ দিওঁ।—গীতমালা ১০৩:১-৩; প্ৰকাশিত বাক্য ২১:১-৫.

২০. বৃদ্ধ অৱস্থাৰ ‘দুখৰ দিনত’ বিশ্বাসে যে আমাক সহায় কৰিব বুলি কিয় কব পাৰি?

২০ তদুপৰি বৃদ্ধ অৱস্থাৰ “দুখৰ দিন” অৰ্থাৎ আমাৰ শৰীৰ দুৰ্ব্বল আৰু অৱনতি ঘটাৰ সময়ছোৱাত বিশ্বাসে সহন কৰিবলৈ সহায় কৰিব। (উপদেশক ১২:১-৭) আমাৰ মাজত থকা বৃদ্ধসকলে গীতমালা ৰচোঁতা বৃদ্ধ গায়কজনৰ দৰে প্ৰাৰ্থনা কৰিব পাৰে, যʼত তেওঁ এইদৰে গাইছিল: “হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; . . . বৃদ্ধ কালত মোক ত্যাগ নকৰিবা, মই বলহীন হোৱা কালত মোক নেৰিবা।” (গীতমালা ৭১:৫, ৯) যিদৰে গীতমালা ৰচোঁতাজনে যিহোৱাৰ সহায়ৰ আৱশ্যকতা অনুভৱ কৰিছিল, ঠিক তেনেদৰে আমাৰ বৃদ্ধ খ্ৰীষ্টান ব্যক্তিসকলেও কৰিব পাৰে। তেওঁলোকে দৃঢ় বিশ্বাসৰ বাবে যিহোৱাৰ চিৰস্থায়ী দুবাহুৰ তলত নিশ্চিত হʼব পাৰে।—দ্বিতীয় বিবৰণ ৩৩:২৭.

ঈশ্বৰৰ বাক্যৰ প্ৰতি বিশ্বাস বজাই ৰাখক

২১, ২২. আমাত থকা বিশ্বাসে কেনেকৈ ঈশ্বৰৰ সৈতে থকা সম্বন্ধক প্ৰভাবিত কৰে?

২১ শুভবাৰ্ত্তা আৰু সম্পূৰ্ণ ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। (যাকোব ৪:৮) প্ৰকৃততে তেওঁৱেই হৈছে আমাৰ সৰ্ব্বশক্তিমান ঈশ্বৰ, তদুপৰি তেওঁ আমাৰ সৃষ্টিকৰ্ত্তা আৰু পিতৃও। (যিচয়া ৬৪:৮; মথি ৬:৯; পাঁচনিৰ কৰ্ম্ম ৪:২৪) সেয়েহে গীতমালা ৰচোঁতাই এইদৰে গাইছিল: “তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ, আৰু মোৰ পৰিত্ৰাণৰ শিলা।” (গীতমালা ৮৯:২৬) যদি আমি যিহোৱা আৰু তেওঁৰ বাক্যৰ ওপৰত বিশ্বাস কৰোঁ, তেন্তে আমিও তেওঁক “পৰিত্ৰাণৰ শিলা” হিচাবে আদৰিব পাৰিম। কিযে এক হৃদয়স্পৰ্ষী বিশেষাধিকাৰ!

২২ যিহোৱা হৈছে আত্মাত জন্ম ধাৰণ কৰা পুত্ৰ আৰু পাৰ্থিব আশা থকা তেওঁলোকৰ সঙ্গী খ্ৰীষ্টানসকলৰ পিতৃ। (ৰোমীয়া ৮:১৫) তেওঁৰ প্ৰতি ৰখা বিশ্বাসে কেতিয়াও আমাক নিৰুৎসাহিত হʼবলৈ নিদিব। এই সম্পৰ্কে ৰজা দায়ূদে কৈছিল: “মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।” (গীতমালা ২৭:১০) তদুপৰি আমি এনেদৰেও আশ্বাস পাওঁ: “যিহোৱাই নিজ মহান নামৰ গুণে নিজ প্ৰজাবিলাকক ত্যাগ নকৰিব।”—১ চমূৱেল ১২:২২.

২৩. যিহোৱাৰ সৈতে এক চিৰস্থায়ী নিবিড় সম্পৰ্ক উপভোগ কৰিবলৈ হʼলে আমি কি কৰা আৱশ্যক?

২৩ যিহোৱাৰ সৈতে এক চিৰস্থায়ী নিবিড় সম্পৰ্ক উপভোগ কৰিবলৈ হʼলে আমি শুভবাৰ্ত্তাৰ প্ৰতি বিশ্বাস আৰু শাস্ত্ৰীয় পদবোৰক ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰা উচিত। (১ থিচলনীকীয়া ২:১৩) আঁহক আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি তেওঁৰ বাক্যক আমাৰ জীৱনৰ পথৰ দীপ্তিস্বৰূপে পৰিচালিত কৰিবলৈ দিওঁহঁক। (গীতমালা ১১৯:১০৫; হিতোপদেশ ৩:৫, ৬) যেনেকৈ আমি তেওঁৰ কৰুণা, দয়া আৰু সহায় বিচাৰি প্ৰাৰ্থনা কৰিম তেনেকৈ আমাৰ বিশ্বাসো বৃদ্ধি হʼব।

২৪. ৰোমীয়া ১৪:৮ পদত কেনেধৰণৰ শান্ত্বনাদায়ক বাক্যৰ বিষয়ে পঢ়িবলৈ পোৱা যায়?

২৪ আমি নিজকে চিৰকালৰ বাবে যিহোৱালৈ সমৰ্পিত কৰিবলৈ বিশ্বাসে আমাক প্ৰেৰিত কৰিলে। দৃঢ় বিশ্বাস ৰজাই ৰাখি যদি আমি মৃত্যুকো সাৱটি লবলগীয়া হয়, তেওঁৰ সমৰ্পিত সেৱক হোৱাৰ বাবে আমাৰ পুনৰুত্থানৰ আশা আছে। বাস্তৱতে আমি ‘জীওঁ বা মৰোঁ, প্ৰভুৰেই হৈ আছোঁ।’ (ৰোমীয়া ১৪:৮) গতিকে আঁহক আমি এই শান্ত্বনাদায়ক বিষয়টো মনত ৰাখি শুভবাৰ্ত্তা আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি নিজৰ বিশ্বাস বজাই ৰাখোঁহঁক। (w03 1/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• বিশ্বাস কি আৰু আমাক এই গুণটোৰ কিয় আৱশ্যক?

• শুভবাৰ্ত্তা আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰখাটো কিয় গুৰুত্বপূৰ্ণ?

• বিশ্বাসে ভিন্ন ধৰণৰ পৰীক্ষাৰ সম্মুখীন হʼবলৈ কেনেকৈ সহায় কৰে?

• বিশ্বাস বজাই ৰাখিবলৈ কিহে সহায় কৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ছবিসমূহ]

বিশ্বাস থকাৰ বাবে যিহোৱাই যিৰিমিয়া আৰু এলিয়াক তত্বাৱধান লৈছিল

[২৩ পৃষ্ঠাৰ ছবিসমূহ]

ইয়োব, নহিমিয়া আৰু পিতৰৰ দৃঢ় বিশ্বাস আছিল

[২৫ পৃষ্ঠাৰ ছবিসমূহ]

এক চিৰস্থায়ী নিবিড় সম্পৰ্ক উপভোগ কৰিবলৈ হʼলে আমি অৱশ্যেই শুভবাৰ্ত্তাত বিশ্বাস ৰখা আৱশ্যক