Skip to content

Skip to table of contents

পীড়িত লোকৰ বাবে শান্ত্বনা

পীড়িত লোকৰ বাবে শান্ত্বনা

পীড়িত লোকৰ বাবে শান্ত্বনা

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে বুলি কৰা প্ৰশ্নটোৱে শতাব্দী ধৰি বহুতো দাৰ্শনিক আৰু ঈশ্বৰতত্ত্ববিৎ সকলক বিমোৰত পেলাই আহিছে। কিছুমানে দাবী কৰি কয় যে যিহেতু ঈশ্বৰ হৈছে সৰ্ব্বশক্তিমান, গতিকে এই সকলোবোৰ দুখ-কষ্টৰ বাবে তেওঁৱে দায়ী। দ্বিতীয় শতিকাত দ্যা ক্লেইমেনটেইন হমীল্যাইজ নামৰ কিতাপখনত প্ৰকাশ কৰা এটা কল্পনাপ্ৰসূত লিখকে দাবী কৰে যে ঈশ্বৰে দুয়োখন হাতেৰে জগতখনত শাসন কৰে। তেওঁৰ “বাওঁ হাতে” থকা চয়তানৰ দ্বাৰা মানৱজাতিয়ে পীড়িত হোৱা সকলো দুখ-কষ্ট উৎপন্ন আৰু “সোঁ হাতে” থকা যীচুৰ দ্বাৰা পৰিত্ৰাণ আৰু আশীৰ্ব্বাদ প্ৰদান কৰে।

আনসকলে ঈশ্বৰে যে এই দুখ-কষ্টৰ কাৰণ আৰু তেওঁ ইয়াৰ বাবে দায়ী বুলি মান্তি নহয়। তদুপৰি তেওঁলোকে দুখ-কষ্টৰ অস্তিত্ব নাই বুলিও কয়। এই সম্পৰ্কে মেৰী বেকাৰ এডী নামৰ এগৰাকী লেখিকাই এইদৰে লিখিছিল: “দুষ্টতা হৈছে কেৱল এটা ভ্ৰম আৰু ইয়াৰ কোনো প্ৰকৃত আধাৰ নাই। যদি পাপ, বেমাৰ আৰু মৃত্যুৰ অৱস্থাক শূন্য বুলি ধৰা হয়, তেনেহʼলে এইবোৰ লুপ্ত পাব।”—চাইন্স এন্ড হেলথ্‌ উইথ কী টু দ্যা স্ক্ৰীপশ্বাৰচ্‌।

ইতিহাসত ঘটিত হোৱা শোকাৱহ ঘটনা, বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ পৰা আমাৰ সময়ৰলৈকে ঘটিত হোৱা বিপৰ্য্যৰ ফলস্বৰূপে বহুতে এই সিদ্ধান্তত উপনীত হৈছে যে সাধাৰণতে এনে দুখ-কষ্টবোৰক প্ৰতিৰোধ কৰাৰ ক্ষমতা ঈশ্বৰৰ নাই। ডেভিদ উল্ফ চিলভাৰমেন্‌ নামৰ এজন ইহুদী বিদ্বানে এইদৰে লিখিছিল “মই ভাবো, দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নাজীসকলে ইউৰোপত থকা ইহুদী আৰু আনসকলক কৰা গণহত্যাই ঈশ্বৰ যে সৰ্ব্বশক্তিমান তাক কোনেও স্বীকাৰ নকৰিব।” আগলৈ তেওঁ এইদৰে কয় “কিয়নো ঈশ্বৰে কোনো পদ্ধতিৰে দুষ্টতাৰ অস্তিত্বৰ বিষয়ে বোধগম্য হোৱা হʼলে তেওঁৰ সজগুণে কেৱল তেতিয়াহে কোনো বিৰোধ নকৰিলেহেঁতেন যদি তেওঁ সৰ্ব্বশক্তিমান নহʼলহেঁতেন।”

যিহেতু দাবীসমূহে বৰ্ণনা কৰিছে যে দুখ-কষ্টসমূহ হৈ থাকিবলৈ ঈশ্বৰেও কিছু ক্ষেত্ৰত সহায় আগবঢ়াইছে, যিটোক তেওঁৰ বাবে প্ৰতিৰোধ কৰিবলৈ সম্ভৱ নহয় বা ভুগী থকা দুখ-কষ্টসমূহ হৈছে আমাৰ কাল্পনিক যিয়ে আনকো অনুপযুক্ত শান্ত্বনা দিয়ে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এনেবোৰ বিশ্বাসে বাইবেলৰ পৃষ্ঠাত উল্লেখ কৰা ঈশ্বৰ ন্যায়ী, শক্তিশালী আৰু চোৱা-চিতা কৰে বুলি কৰা গুণসমূহক একেবাৰে নুই কৰে। (ইয়োব ৩৪:১০, ১২; যিৰিমিয়া ৩২:১৭; ১ যোহন ৪:৮) তেতিয়াহʼলে বাইবেলে দুখ-কষ্টবোৰ অনুমতি দিয়াৰ বিষয়ে কোনো কাৰণ দাঙি ধৰিছেনে?

দুখ-কষ্ট কেনেকৈ আৰম্ভ হʼল?

ঈশ্বৰে মানুহক দুখ-কষ্টত পীড়িত হʼবলৈ সৃষ্টি কৰা নাছিল। আনহাতে তেওঁ প্ৰথম মানৱ দম্পতী অৰ্থাৎ আদম আৰু হৱাক শুদ্ধ শৰীৰ আৰু মনৰ সৈতে সৃষ্টি কৰি তেওঁলোকক সুন্দৰ ঘৰৰূপী মনোৰম বাগীছাত ৰাখিলে আৰু অৰ্থপূৰ্ণ সন্তুষ্টিদায়ক কাৰ্য্য কৰিবলৈ নিযুক্তি দিলে। (আদিপুস্তক ১:২৭, ২৮, ৩১; ২:৮) যিহেতু তেওঁলোকৰ সুখজনক পৰিস্থিতি ঈশ্বৰৰ শাসন আৰু তেওঁৱেই যে একমাত্ৰ ভাল বেয়া নিৰ্ণয় কৰিব পাৰে তাক চিনাক্ত কৰাৰ ওপৰত নিৰ্ভৰ আছিল। সেই ঈশ্বৰীয় আজ্ঞা “ভাল বেয়া জ্ঞান দিওঁতা” বুলি কোৱা এজোপা গছৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হʼল। (আদিপুস্তক ২:১৭) আদম আৰু হৱাই সেই বৃক্ষৰ ফল নাখাবলৈ দিয়া আজ্ঞা পালন কৰি ঈশ্বৰৰ প্ৰতি অধীনতা প্ৰকাশ কৰিব পাৰিলেহেঁতেন। *

দুখৰ বিষয়ে এই যে আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থকাত বিফল হʼল। এটা বিৰোদ্ধাত্মক আত্মা অৰ্থাৎ চয়তানে হৱাক বিশ্বাস জন্মালে যে ঈশ্বৰৰ আজ্ঞাকাৰীতা হোৱাতো তাইৰ বাবে উত্তম নহয়। দৰাচলতে ঈশ্বৰে তাইক কিবা এটা বাঞ্চনীয় বস্তু লাভ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে: গতিকে স্বাধীন হৈ তাইৰ বাবে কি ভাল কি বেয়া তাক নিৰ্ণয় কৰাৰ অধিকাৰ আছে। চয়তানে দাবী কৰি কʼলে যে যদি তাই সেই ফলটো খাই, তেন্তে ‘তাইৰ চকু মুকলি হৈ ঈশ্বৰৰ দৰে ভাল বেয়া জানোতা হʼব।’ (আদিপুস্তক ৩:১-৬; প্ৰকাশিত বাক্য ১২:৯) হৱাই স্বাধীনতা হোৱাৰ দৃষ্টিৰে প্ৰলোভনত পৰিল আৰু তাই নিষেধ কৰা ফলটো খালে আৰু আদমেও একেইদৰে কৰিলে।

ফলস্বৰূপে সেই দিনাই তেওঁলোকে কৰা বিৰোধিতাৰ ফলাফল লাভ কৰিব ধৰিলে। তেওঁলোকে ঈশ্বৰৰ শাসনক অস্বীকাৰ কৰি ঈশ্বৰে শাসনৰ অধীনত কৰা আশীৰ্ব্বাদ আৰু সুৰক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হʼল। ঈশ্বৰে তেওঁলোকক পৰমদেশৰ পৰা বহিষ্কাৰ কৰি আদমক এইদৰে কʼলে: “তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে; তুমি জীৱনৰ গোটেই কালত, দুঃখেৰে তাৰ পৰা খাবলৈ পাবা; তুমি মাটিলৈ উলটি নোযোৱামানে, তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা।” (আদিপুস্তক ৩:১৭, ১৯) তেতিয়াৰ পৰা আদম আৰু হৱাই বেমাৰ, বেদনা, বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ বশীভূত হʼল। দুখ-কষ্ট ভুগাটো মানৱজাতিৰ বাবে এটা অংশ হৈ পৰিল।—আদিপুস্তক ৫:২৯.

উত্থাপিত হোৱা বাদ-বিষয়ক সমাধান কৰা

কিছুমানে হয়তো এইদৰে কʼব পাৰে, ‘ঈশ্বৰে আদম আৰু হৱাই কৰা পাপক ক্ষমা কৰিব নোৱাৰিলেহেঁতেননে?’ অৱশ্যেই নোৱাৰিলেহেঁতেন, কিয়নো তেনে কৰাহʼলে তেওঁৰ অধিকাৰক অসন্মান কৰাৰ আন ভেটি প্ৰদান, সম্ভৱতঃ তেওঁলোকক ভৱিষ্যতে তাতকৈও অধিক ধ্বংসাত্মক পৰিণাম ভুগীবলৈ উৎসাহিত কৰিলেহেঁতেন। (উপদেশক ৮:১১) ইয়াৰ উপৰিও তেনে অৱজ্ঞাকাৰীতাক মাৰ্জনা কৰি ঈশ্বৰক ভুল কাৰ্য্যৰ সহভাগী কৰিলেহেঁতেন। বাইবেলৰ লিখক মোচিয়ে আমাক স্মৰণ কৰাই এইদৰে কৈছে: “তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।” (দ্বিতীয় বিবৰণ ৩২:৪) সিদ্ধান্ত অনুসাৰে নিজকে সত্যতা কৰি ৰাখিবলৈ ঈশ্বৰে আদম আৰু হৱাক তেওঁলোকে কৰা অৱজ্ঞাকাৰীতাৰ পৰিণাম ভুগীবলৈ অনুমতি দিলে।

তেনেহʼলে ঈশ্বৰে কিয় প্ৰথম মানৱ দম্পতীক আৰু অদৃশ্য হিচাবে এনে বিৰুদ্ধাত্মক কাৰ্য্যৰ নেপ্যথত থকা চয়তানক কোনো পলম নকৰাকৈ ধ্বংস নকৰিলে? ঈশ্বৰে বিচৰা হʼলে তেওঁলোকক ধ্বংস কৰিব পাৰিলেহেঁতেন। আদম আৰু হৱাই দুখ-কষ্ট আৰু মৃত্যুৰ অধীনত সন্তান জন্ম দিব নোৱাৰিলেহেঁতেন। যিহেতু তেনে কৰা হʼলে বুদ্ধিজীৱি সৃষ্টিৰ ওপৰত থকা ঈশ্বৰৰ অধীকাৰ ধাৰ্ম্মীক বুলি প্ৰমাণিত নহʼলহেঁতেন। তদুপৰি আদম আৰু হৱা সন্তানহীন হৈ মৃত্যু বৰণ কৰিব লাগিলহেঁতেন, যাৰ অৰ্থ ঈশ্বৰে পৃথিৱীত শুদ্ধ সতি-সন্ততিৰে ভৰিবলৈ কোৱা তেওঁৰ উদ্দেশ্য বিফল হʼলহেঁতেন। (আদিপুস্তক ১:২৮) কিন্তু বাইবেলত কৈছে “ঈশ্বৰ মনুষ্য নহয়, যে মিছা কথা কব, . . . তেওঁ বাক্য কৈ . . . সাষ্ফল” কৰিব।—গণনা পুস্তক ২৩:১৯.

বুদ্ধিমানপূৰ্বক যিহোৱা ঈশ্বৰে বিৰোধ কৰোঁতাসকলক এটা সীমিত সময়ৰলৈকে অস্তিত্বত থাকিবলৈ অনুমতি দিলে। সেই বিৰোধিসকলে ঈশ্বৰৰ পৰা স্বাধীন হৈ তাৰ পৰিণাম যে ভুগীবলগীয়া, ইয়াকে জানিবলৈ যথেষ্ট সময় দিলে। নিঃসন্দেহ, ইতিহাসে প্ৰমাণ কৰিলে যে মানুহক ঈশ্বৰৰ নিৰ্দ্দেশনাৰ আৱশ্যক আৰু সেইটো কোনো মানুহ বা চয়তানতকৈ অধিক উত্তম। একেই সময়ত ঈশ্বৰে পৃথিৱীখনৰ প্ৰতি তেওঁৰ মূল উদ্দেশ্যক পূৰ্ণ কৰিবলৈ পদক্ষেপ লʼলে। তেওঁ প্ৰতিজ্ঞা কৰিলে যে এটা ‘বংশই,’ যিজনে ‘চয়তানৰ মূৰ গুড়ি’ আৰু বিৰোধিতাৰ ফলত হোৱা সকলো ধ্বংসাত্মক প্ৰভাৱক চিৰকালৰ বাবে আঁতৰ কৰিব।—আদিপুস্তক ৩:১৫.

যীচুৱে হৈছে সেই প্ৰতিজ্ঞাত বংশ। এই বিষয়ে আমি ১ যোহন ৩:৮ পদত এইদৰে পঢ়িবলৈ পাওঁ, “চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল।” যীচুৱে নিজৰ সিদ্ধ মানৱ শৰীৰ আদমৰ সন্তানবিলাকক পাপ আৰু মৃত্যুৰ পৰা মুক্তি কৰিবলৈ মুক্তিপণ হিচাবে দান কৰাৰ দ্বাৰা সেই বংশৰ প্ৰমাণ কৰিলে। (যোহন ১:২৯; ১ তীমথিয় ২:৫, ৬) যিসকলে বাস্তৱতে যীচুৰ মুক্তিপণ বলিদানত বিশ্বাস কৰি তাৰ অনুসাৰে কাৰ্য্য কৰে, তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা হৈছে যে তেওঁলোকক সকলো দুখ-কষ্টৰ পৰা স্থায়ীভাৱে মুক্ত কৰিব। (যোহন ৩:১৬; প্ৰকাশিত বাক্য ৭:১৭) এই প্ৰতিজ্ঞা কেতিয়া পূৰ্ণ হʼব?

সকলো দুখ-কষ্টৰ অন্ত হোৱা

ঈশ্বৰৰ অধিকাৰক প্ৰত্যাখ্যান কৰি মানুহে কল্পনা কৰিব নোৱাৰা দুখ-কষ্ট ভুগীবলগীয়া হʼল। গতিকে ঈশ্বৰে মানৱজাতিৰ দুখ-কষ্টক শেষ আৰু পৃথিৱীৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ তেওঁৰ অধিকাৰক বিশেষ প্ৰকাৰে ব্যৱহাৰ কৰাটো একেবাৰে উপযুক্ত হোৱা উচিত। যীচুৱে তেওঁৰ শিষ্যসকলক শিকোৱা প্ৰাৰ্থনাত ঈশ্বৰে কৰা প্ৰবন্ধৰ বিষয়ে এইদৰে উল্লেখ কৰিছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, . . . তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”—মথি ৬:৯, ১০.

ঈশ্বৰে মানুহক নিজেই শাসন কৰিবলৈ দিয়া অনুমতিৰ সময় প্ৰায়ে শেষ হৈছে। বাইবেলত কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা হিচাবে তেওঁৰ ৰাজ্য ১৯১৪ চনত স্বৰ্গত স্থাপিত আৰু যীচুক সেই ৰাজ্যৰ ৰজা নিযুক্ত কৰা হʼল। * অতি সোনকালে সেই ৰাজ্যই সকলো মানৱ চৰকাৰক ধ্বংস কৰি লুপ্ত কৰিব।—দানিয়েল ২:৪৪.

পৃথিৱীত কৰা ক্ষন্তেকীয়া পৰিচৰ্য্যাৰ যোগেদি যীচুৱে ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্যই মানুহৰ বাবে কেনে আশীৰ্ব্বাদসমূহ সাঁচি থৈছে তাৰ পূৰ্বাভাস দিছিল। পাঁচনিবিলাকে লিখা বৃত্তান্তয়ো প্ৰমাণ কৰিছে যে যীচুৱে দৰিদ্ৰ আৰু বিদ্বেষপূৰ্ণতাৰ বাবে ক্লেশ ভুগীবলগীয়া হোৱা লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিলে। তেওঁ ৰোগীক সুস্থ, ভুকাতুৰক খাদ্য আৰু মৃতব্যক্তিকো পুনৰাই জীয়াই তুলিছিল। তদুপৰি প্ৰাকৃতিক শক্তিয়েও তেওঁৰ আজ্ঞা পালন কৰিছিল। (মথি ১১:৫; মাৰ্ক ৪:৩৭-৩৯; লূক ৯:১১-১৬) কল্পনা কৰক যে যীচুৱে নিজৰ মুক্তিপণ বলিদানেৰে আজ্ঞাকাৰী মানৱৰ হিতৰ বাবে কিমান যে পৰিষ্কাৰ সাধক কাৰ্য্য কৰিব! বাইবেলত প্ৰতিজ্ঞা কৰিছে যে যীচুৰ শাসনৰ দ্বাৰা ঈশ্বৰে “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৪.

পীড়িত লোকৰ বাবে শান্ত্বনা

মানৱৰ প্ৰতি চিন্তা কৰাৰ বাবে প্ৰেমময় আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে অতি সোনকালে মানৱজাতিক সকলোবোৰ দুখ-কষ্টৰ পৰা মুক্ত কৰিব, ইয়াকে জানি আমি কিমান যে উৎসাহিত হওঁ! সাধাৰণতে গভীৰভাৱে ৰোগগ্ৰস্ত হোৱা এজন ৰোগীয়ে সুস্থ হʼবলৈ চিকিৎসা অধিক কষ্টকৰ হʼলেও তাক গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে। একেইদৰে, যদি আমি জানোঁ যে ঈশ্বৰে এই দুখ-কষ্টক লুপ্ত কৰি অনন্তকলীয়া আশীৰ্ব্বাদ প্ৰদান কৰিব, তেতিয়া সেই জ্ঞানে পৰিস্থিতি যিমানেই কষ্টকৰ নহওক কিয় তাক সম্মুখীন হʼবলৈ সহায় কৰিব।

পূৰ্বৱৰ্তী লেখত উল্লেখ কৰা ৰিকাৰ্ড নামৰ ব্যক্তিজনে বাইবেলত উল্লেখ কৰা প্ৰতিজ্ঞাৰ বিষয়ে জানি শান্ত্বনা লাভ কৰিলে। তেওঁ এইদৰে কৈছিল, “মোৰ মৰমীয়াল পত্নীৰ মৃত্যুৰ পিছত মই নিজকে সকলোৰে পৰা পৃথক কৰি দৃঢ়ভাৱে অকলশৰীয়াকৈ থকাৰ বিষয়ে ভাবিছিলোঁ, কিন্তু অতি কম সময়ৰ ভিতৰত জানিব পাৰিলোঁ যে তেনে কৰাৰ দ্বাৰা মই মোৰ পত্নীক ঘূৰাই পাব নোৱাৰোঁ, তদুপৰি ই মোক অধিক মানসিক বেদনালৈ পৰিচালিত কৰিব।” ইয়াৰ বিপৰীতে ৰিকাৰ্ডে নিয়মীয়াকৈ খ্ৰীষ্টান সভাত উপস্থিত আৰু আনক বাইবেলৰ বাৰ্ত্তাৰে সহায় কৰাত ভাগ লোৱা কাৰ্য্যত লাগি থাকিল। এই বিষয়ে ৰিকাৰ্ডে এইদৰে কয়, “যেনেকৈ মই যিহোৱাৰ প্ৰেমময় সাহায্য আৰু তেওঁ মোৰ নগণ্য যেন বোধ হোৱা প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ বিষয়ে অনুভৱ কৰিলোঁ, মই অধিককৈ তেওঁৰ নিকটবৰ্তী হʼব পাৰিলোঁ। দৰাচলতে ঈশ্বৰৰ প্ৰেমে মোক কঠিন অৱস্থাৰ মাজতো সহন কৰিবলৈ শক্তি প্ৰদান কৰিলে।” তদুপৰি তেওঁ এইদৰে কয়: “আজিও মই অধিককৈ মোৰ পত্নীৰ অনুপস্থিতি অনুভৱ কৰোঁ, কিন্তু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যিহোৱাই তেনে কোনো বস্তুকে অনুমতি নিদিব যিয়ে স্থায়ী ক্ষতি সাধন কৰে।”

আপুনি ৰিকাৰ্ড আৰু আন লোকৰ দৰে মানৱজাতিৰ এনে সময়লৈ বাঞ্চা কৰেনে, যʼত “পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব?” (যিচয়া ৬৫:১৭) যদি আপুনি বাইবেলত দিয়া এই পৰামৰ্শক পালন কৰে যʼত এইদৰে কোৱা হৈছে: “যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা,” তেনেহʼলে আপুনি নিশ্চিত হওক যে ঈশ্বৰৰ ৰাজ্যই আপোনাৰ বাবে অৱশ্যেই আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—যিচয়া ৫৫:৬.

যিহোৱাক বিচৰাত সহায় লাভ কৰিবলৈ ঈশ্বৰৰ বাক্যক পাঠ আৰু অধ্যয়ন কৰাটো নিজৰ জীৱনত প্ৰথম স্থান দিয়ক। যীচুক পঠোৱা ঈশ্বৰক জানিবলৈ চেষ্টা কৰক। ঈশ্বৰৰ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰি প্ৰকাশ কৰক যে আপুনি তেওঁৰ আধিপত্যক সমৰ্থন কৰিবলৈ আগ্ৰহী। এনে কাৰ্য্যই, আপুনি যেনেকুৱাই পৰিস্থিতিৰ সম্মুখীন নহওক কিয় আপোনালৈ অধিক আনন্দ কঢ়িয়াই আনিব। তদুপৰি ইয়ে ভৱিষ্যতে আপোনালৈ দুখ-কষ্টবিহীন জগতত জীৱনৰ আনন্দ লাভ কৰাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—যোহন ১৭:৩. (w03 1/1)

[ফুটনোটবোৰ]

^ দ্যা যিৰূচালেম বাইবেলত, আদিপুস্তক ২:১৭ পদটোৰ ফুটনোটত “ভাল বেয়া জ্ঞান দিওঁতা” বাক্যশাৰীক “কি ভাল কি বেয়া তাক নিৰ্ণয় কৰি তাৰ অনুসাৰে কাৰ্য্য কৰাৰ . . . সিদ্ধান্ত গ্ৰহণ কৰা শক্তি, সৃষ্টিকৰ্ত্তাৰূপে ঈশ্বৰক চিনিবলৈ অস্বীকাৰ কৰাৰ দ্বাৰা মানুহে সম্পূৰ্ণৰূপে নৈতিক স্বাধীনতা দাবী কৰা” বুলি বৰ্ণনা কৰিছে। তদুপৰি ইয়াত এইদৰে কোৱা হৈছে: “ঈশ্বৰৰ আধিপত্যক অস্বীকাৰ কৰি তেওঁলোকে প্ৰথম পাপ কৰিলে।”

^ ১৯১৪ চনত পূৰ্ণ হোৱা ভৱিষ্যতবাণীৰ সম্পৰ্কে বিতংকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, কিতাপখনৰ ১০ আৰু ১১ অধ্যায়ত চাওক।

[৬, ৭ পৃষ্ঠাৰ বক্স]

আমি সম্মুখীন হোৱা দুখ-কষ্টক কেনেকৈ সহন কৰিব পাৰোঁ?

“তোমালোকৰ সকলো চিন্তাৰ ভাৰ [ঈশ্বৰৰ] ওপৰত পেলাই দিয়া।” (১ পিতৰ ৫:৭) সাধাৰণতে আমি নিজে বা আমাৰ প্ৰিয়জনে দুখ-কষ্টৰে পীড়িত হোৱা দেখি বিবুদ্ধি, ক্ৰোধ আৰু পৰিত্যক্ত অনুভৱ কৰাটো এটা স্বাভাৱিক বিষয়। কিন্তু তেতিয়াও আমি আশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ অনুভূতিবোৰক বুজি পায়। (যাত্ৰাপুস্তক ৩:৭; যিচয়া ৬৩:৯) প্ৰাচীন বিশ্বাসী ব্যক্তিসকলৰ দৰে আমিও আমাৰ সকলো সন্দেহ আৰু দুচিন্তাৰ বিষয়ে স্পষ্টকৈ তেওঁক জনাব পাৰোঁ। (যাত্ৰাপুস্তক ৫:২২; ইয়োব ১০:১-৩; যিৰিমিয়া ১৪:১৯; হবক্কুক ১:১৩) ঈশ্বৰে হয়তো আমাৰ দুখ-কষ্টবোৰ অলৌকিকভাৱে আঁতৰ নকৰিবও পাৰে, কিন্তু তথাপিও তেওঁ আমি হৃদয়েৰে কৰা প্ৰাৰ্থনাবোৰলৈ কাণ দি সেইবোৰৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ আৱশ্যকীয় জ্ঞান আৰু শক্তি প্ৰদান কৰে।—যাকোব ১:৫, ৬.

“তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি, তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা।” (১ পিতৰ ৪:১২) ইয়াত পিতৰে নিৰ্য্যাতন সম্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰিছে, কিন্তু এই বাক্যশাৰী বিশ্বাসীসকলে সম্মুখীন হোৱা সকলো দুখ-কষ্টৰ বাবে একেইদৰে প্ৰযোজ্য হয়। মানুহে অভাৱ, বেমাৰ-আজাৰ আৰু আত্মীয় লোকক মৃত্যুত হেৰুৱা পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়। কিয়নো বাইবেলে কৈছে যে, সকলোলৈ “সময় আৰু দৈব্যক্ৰমে ঘটে।” (উপদেশক ৯:১১) বৰ্তমান এইবোৰ হৈছে মানুহে সম্মুখীন হোৱা অৱস্থাৰ এটা অংশ। এই বিষয়ে বুজি পোৱাটোৱে আমাক দুখ-কষ্ট আৰু দুৰ্দ্দশাৰ সৈতে সফলতাৰে সম্মুখীন হোৱাত সহায় কৰে। (১ পিতৰ ৫:৯) সৰ্ব্বপ্ৰথমে আমাৰ সকলোৱে “ধাৰ্ম্মিকবিলাকলৈ যিহোৱাৰ দৃষ্টি আছে; তেওঁবিলাকৰ কাতৰোক্তিলৈ তেওঁ কাণ পাতি আছে,” বুলি কোৱা বাক্যশাৰীৰ পৰা বিশেষকৈ শান্ত্বনা লাভ কৰিব পাৰি।—গীতমালা ৩৪:১৫; হিতোপদেশ ১৫:৩; ১ পিতৰ ৩:১২.

“আশাত আনন্দ কৰা।” (ৰোমীয়া ১২:১২) আমি হেৰুৱা আনন্দৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, ঈশ্বৰে যে সকলোবোৰ দুখ-কষ্টৰ অন্ত কৰিব সেই প্ৰতিজ্ঞাৰ ওপৰত ধ্যান কৰিব পাৰোঁ। (উপদেশক ৭:১০) দৃঢ় ভিত্তি থকা এনে আশাই আমাক হেলমেটৰ দৰে আমাৰ মূৰক সুৰক্ষা প্ৰদান কৰিব। আশাই আমাৰ জীৱনৰ সমস্যাৰ পৰা উৎপন্ন হোৱা বিপদজনক প্ৰভাৱবোৰ হ্ৰাস কৰাত সহায় কৰে, যিয়ে আমাৰ মানসিক, আৱেগীক বা আধ্যাত্মিক স্বাস্থ্য হানি কৰিব পাৰে।—১ থিচলনীকীয়া ৫:৮.

[৫ পৃষ্ঠাৰ ছবি]

আদম আৰু হৱাই ঈশ্বৰৰ শাসনক প্ৰত্যাখ্যান কৰিল

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰে এখন দুখ-কষ্টবিহীন জগতৰ প্ৰতিজ্ঞা কৰিছে