“পৰ দি থাকা!”
“পৰ দি থাকা!”
“পৰ দি থাকা বুলি, তোমালোকক যি কৈছোঁ, তাক সকলোকে কৈছোঁ।”—মাৰ্ক ১৩:৩৭.
১, ২. (ক) এজন ব্যক্তিয়ে নিজৰ সম্পত্তিৰ সুৰক্ষাৰ বিষয়ে কি শিক্ষা পালে? (খ) যীচুৱে দিয়া চোৰৰ দৃষ্টান্তৰ পৰা আমি কি শিকিবলৈ পাওঁ?
জোৱান নমাৰ এজন ব্যক্তিয়ে নিজৰ মূল্যৱান বস্তুবোৰ বিছনাৰ তলত লুকোৱাই ৰাখিছিল। কিয়নো তেওঁৰ ভাবিছিল যে তাতকৈ সুৰক্ষিত আন কোনো স্থান হʼব নোৱাৰে। এদিনাখন ৰাতি তেওঁ আৰু তেওঁৰ পত্নীয়ে নিদ্ৰাত থকাৰ সময়ত তেওঁলোকৰ শোৱনি কোঠাত চোৰ সোমাল। ইয়াৰ অৰ্থ হৈছে চোৰে জানিছিল যে তেওঁলোকে কোনোখিনি ঠাইত বহুমূলীয়া বস্তুবোৰ লুকোৱাই ৰাখিছে। সি কোনো শব্দ নকৰাকৈ বিছনাৰ তলৰ পৰা সেই সকলো মূল্যৱান বস্তুৰ সৈতে ওচৰৰ টেবুলৰ দেৰাজত থকা টকাখিনিও লৈ উধাও হʼল। পিছদিনা ৰাতিপূৱাহে চোৰে সকলোখিনি লৈ যোৱা বুলি জোৱানে জানিবলৈ পাৰিলে। শুই থকা মানুহে যে কেতিয়াও নিজৰ বহুমূলীয়া বস্তু ৰক্ষা কৰিব নোৱাৰে, এই বিষয়ে তেওঁ সদায়ে মনত ৰাখিব।
২ এই কথাষাৰ আধ্যাত্মিক ক্ষেত্ৰতো সত্য। যদি আমি আধ্যাত্মিকভাৱে টোপনি যাওঁ তেন্তে আশা আৰু বিশ্বাসক কেতিয়াও সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ। সেইবাবে পাঁচনি পৌলে এইদৰে কৈছিল: “আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনে থাকোঁহঁক।” (১ থিচলনীকীয়া ৫:৬) চেতনে থকাটো কিমান আৱশ্যক এই বিষয়ে যীচুৱে এটা চোৰৰ দৃষ্টান্ত দি বুজাই দিছিল। যেতিয়া তেওঁ সোধ-বিচাৰ কৰিবলৈ আহিব তেতিয়া তেওঁৰ উপস্থিতি যে চোৰৰ দৰে হʼব তাৰ বিষয়ে সতৰ্ক কৰি এইদৰে কৈছিল: “পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা। কোন পৰত চোৰ আহিব, তাক গৃহস্থে জনা হলে, পৰ দি থাকি, নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকো জানা। এতেকে তোমালোকো যুগুত হৈ থাকা কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সমযতে মানুহৰ পুত্ৰ আহিব।” (মথি ২৪:৪২-৪৪) এজন চোৰে নিজৰ উপস্থিতিৰ বিষয়ে কেতিয়াও কাকো নজনায়। সি তেনে সময়ত গৃহস্থৰ ঘৰত প্ৰৱেশ কৰে যেতিয়া কোনেও তাৰ অপেক্ষা নকৰে। একেইদৰে যীচুৱেও কৈছিল যে এই ৰীতি-ব্যৱস্থাৰ অন্তও তেনেদৰে আহিব ‘যি মুহূৰ্ত্তত আমি নাজানো।’
“পৰি দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা”
৩. দাসবিলাকে তেওঁলোকৰ গৰাকীক এখন বিবাহ উদযাপনৰ পৰা উভটি অহাৰ অপেক্ষা কৰাৰ সম্পৰ্কে দাঙি ধৰা দৃষ্টান্তৰ দ্বাৰা যীচুৱে কেনেকৈ পৰ দি থকাৰ গুৰুত্বতাক বৰ্ণনা কৰিলে?
৩ লিপিবদ্ধ কৰা লূকৰ বৃত্তান্তটোত যীচুৱে খ্ৰীষ্টানসকলৰ তুলনা সেই দাসবিলাকৰ সৈতে কৰিছে যিসকলে নিজৰ গৰাকীক এখন বিবাহৰ পৰা উভটি অহাৰ অপেক্ষা কৰি আছিল। তেওঁলোকে সতৰ্কতাৰে পৰ দি থাকা আৱশ্যক আছিল যাতে গৰাকী আহি পোৱাত অভ্যৰ্থনা জনাবলৈ সাজু থাকে। একেইদৰে যীচুৱে এইদৰে কৈছিল: “তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।” (লূক ১২:৪০) বহু সময়ৰ পৰা যিহোৱাৰ সেৱা কৰি থকা কিছুমান লোকে হয়তো আমি জীয়াই থকা সময়ছোৱাৰ গুৰুত্বতাক পাহৰিব পাৰে। আনকি তেওঁলোকে হয়তো এনে মীমাংসাত উপনীত হʼব পাৰে যে সেই দিনটো আহিবলৈ এতিয়াও সময় আছে। কিন্তু তেনে ধৰণৰ বিচাৰধাৰাই আমাৰ মনোযোগ ভঙ্গ কৰি ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হʼবলৈ পৰিচালিত কৰাৰ উপৰিও আধ্যাত্মিকতাক ধ্বংস কৰিব পাৰে।—লূক ৮:১৪; ২১:৩৪, ৩৫.
৪. কেনে প্ৰতিপন্নতাই আমাক পৰি দি থাকিবলৈ উৎসাহিত কৰিব আৰু ইয়াক যীচুৱে কেনেকৈ প্ৰকাশ কৰিলে?
৪ যীচুৰ এই দৃষ্টান্তৰ পৰা আমি আন এটা শিক্ষা লাভ কৰিব পাৰোঁ। যদিও দাসবিলাকে তেওঁলোকৰ গৰাকীয়ে উভটি অহাৰ সঠিক সময়ৰ বিষয়ে নাজানিছিল, তথাপিও তেওঁলোকে স্পষ্টকৈ জানিছিল যে সেই নিশাই তেওঁ উভটি আহিব। যদি তেওঁলোকে তেওঁলোকৰ গৰাকী সেই নিশা নহয় কিন্তু আন এটা নিশাত আহিব বুলি ভবা হʼলে গোটেই নিশাটো উজাগৰে কটাবলৈ কঠিন হʼলহেঁতেন। যিহেতু দাসবিলাকে জানিছিল যে তেওঁ কোনটো নিশা আহি পাবহি, সেইবাবে তেওঁলোক পৰ দি থাকিবলৈ উৎসাহিত হʼল। ঠিক সেইদৰে বাইবেলৰ ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে আমি শেষকালত জীয়াই আছোঁ; কিন্তু সেই ভৱিষ্যতবাণীসমূহে অন্ত অহাৰ কোনো নিৰ্দিষ্ট সময় বা দিন অথবা ঘন্টাৰ বিষয়ে একো প্ৰকাশ কৰা নাই। (মথি ২৪:৩৬) যিহেতু আমি অন্ত একেবাৰে কাষ চাপিছে বুলি বিশ্বাস কৰাৰ বাবে পৰ দি থাকিবলৈ সম্ভৱ হৈছে। তদুপৰি যদি আমি যিহোৱাৰ দিন একেবাৰে কাষ চাপি আহিল বুলি বিবেচনা কৰোঁ, তেন্তে আমি আগতকৈও অধিক পৰ দি থাকিবলৈ উৎসাহিত হʼম।—চফনিয়া ১:১৪.
৫. পাঁচনি পৌলে, “পৰি দি থাকা” বুলি উৎসাহিত কৰা বাক্যশাৰীৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা আৱশ্যক?
৫ পাঁচনি পৌলে কৰিন্থীয়াত থকা খ্ৰীষ্টানসকলক এনেদৰে উদগাইছিল: “পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা।” (১ কৰিন্থীয়া ১৬:১৩) বাস্তৱতে পৰ দি থকা কাৰ্য্য নিবিড়ভাৱে খ্ৰীষ্টান বিশ্বাসত দৃঢ়তাৰে থকাৰ সৈতে সংযুক্ত কৰা হৈছে। আমি কেনেকৈ পৰ দি থাকিব পাৰোঁ? ঈশ্বৰৰ বাক্যৰ গভীৰ জ্ঞান লোৱাৰ দ্বাৰা। (২ তীমথিয় ৩:১৪, ১৫) এতেকে নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰা আৰু সভাত হোৱা উপস্থিতিয়ে আমাৰ বিশ্বাসক দৃঢ় কৰি তুলাত সহায় কৰে। তদুপৰি যিহোৱাৰ ধ্বংসৰ দিনৰ বিষয়ে মনত ৰাখাটো আমাৰ দৃঢ় বিশ্বাসৰ আন এটা গুৰুত্বপূৰ্ণ স্থিতি। গতিকে সময় অনুযায়ী এই ৰীতি-ব্যৱস্থাৰ অন্তৰ সময়ছোৱাত জীয়াই থকাৰ সম্বন্ধে থকা শাস্ত্ৰীয় প্ৰমাণসমূহক পুনৰ নিৰীক্ষণ কৰি আমি আহিবলগা ধ্বংসৰ সেই গুৰুত্বপূৰ্ণ সত্যতাৰ প্ৰতি অন্যমনষ্ক হোৱাৰ পৰা আঁতৰি থাকিম। * ইয়াৰ উপৰিও এই জগতত ঘটিত হোৱা ঘটনাবোৰৰ দ্বাৰা যে বাইবেলৰ ভৱিষ্যতবাণী পূৰ্ণ হৈছে তাৰ প্ৰতি ধ্যান দিয়াটো উত্তম হʼব। এই সম্পৰ্কে জাৰ্মানীত থকা এজন ভায়ে এইদৰে লিখিছিল: “আমাৰ গ্ৰহটোত ঘটি থকা যুদ্ধ, ভূমিকম্প, হিংসাত্মক পৰিস্থিতি আৰু দূষিত পৰিৱেশবোৰৰ বিষয়ে প্ৰায়ে মই বাতৰি যোগেদি শুনি ধ্বংস একেবাৰে কাষ চাপি আহিল বুলি বিবেচনা কৰোঁ।”
৬. সময় অতিক্ৰম কৰাৰ লগে লগে আধ্যাত্মিকভাৱে নিদ্ৰাশিথল হোৱাৰ সম্ভাৱনা আছে বুলি যীচুৱে দৃষ্টান্তৰ জড়িয়তে কেনেকৈ বৰ্ণনা কৰিলে?
৬ আমি মাৰ্ক ১৩ অধ্যায়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক পৰ দি থকাৰ সম্বন্ধে কোৱা আন এক উদগণি বাক্য পঢ়িবলৈ পাওঁ। এই অধ্যায়ৰ অনুসাৰে যীচুৱে তেওঁলোকৰ অৱস্থা এজন দুৱৰীৰ সৈতে তুলনা কৰিছে যিজনে বিদেশৰ পৰা উভটি অহা তেওঁৰ গৰাকীৰ বাবে অপেক্ষা কৰি আছে। যিহেতু দুৱৰীজনে নাজানিছিল যে তেওঁৰ গৰাকী কোনটো সময়ত আহি পাবহি। তথাপিও তেওঁ পৰ দি থাকিব লগীয়া হৈছিল। যীচুৱে চাৰিটা প্ৰহৰৰ বিষয়ে উল্লেখ কৰিছে যিটো সময়ত গৰাকীজন আহি পোৱাৰ সম্ভাৱনা আছে। সেই চতুৰ্থ প্ৰহৰ তিনি বজাৰ পৰা ৰাতিপূৱা সূৰ্য্য উদয় হোৱা সময়লৈকে বুজাইছিল। সেই চূড়ান্ত সময়ছোৱাত দুৱৰীজনে অতি সোনকালে নিদ্ৰাশিথল হৈ পৰিলহেঁতেন। জ্ঞাপ্তৰূপে সৈনিকসকলেও বিশ্বাস কৰে যে সেই সময়ছোৱাত শত্ৰুৰ ওপৰত আক্ৰমণ কৰি জয় লাভ কৰিব পাৰি। একেইদৰে আমাৰ চাৰিওফালে থকা জগতে আধ্যাত্মিকৰূপে গভীৰ নিদ্ৰাত আছে, গতিকে আমি সজাগে থাকিবলৈ আগতকৈও অধিক সংগ্ৰাম কৰিব লগীয়া হʼব পাৰে। (ৰোমীয়া ১৩:১১, ১২) সেইবাবে যীচুৱে তেওঁৰ দৃষ্টান্তত বাৰম্বাৰ এইদৰে কৈছিল: “সাৱধান হোৱা; . . . পৰ দি থাকা; . . . পৰ দি থাকা বুলি, তোমালোকক যি কৈছোঁ, তাক সকলোকে কৈছোঁ।”—মাৰ্ক ১৩:৩২-৩৭.
৭. কেনে ধৰণৰ বাস্তৱিক বিপদ বিদ্যমান হৈছে আৰু বাইবেলত বাৰে বাৰে কেনে উৎসাহজনক বাক্য পঢ়িবলৈ পাওঁ?
৭ যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ সময়ছোৱা আৰু পুনৰুত্থান হোৱাৰ পিছত বহু বাৰ সজাগে থাকিবলৈ জোৰ দি কৈছিল। দৰাচলতে আমি বাইবেলত যিমানবাৰ এই জগতৰ ৰীতি-ব্যৱস্থাৰ অন্ত হোৱাৰ বাবে উল্লেখ কৰা দেখিবলৈ পাওঁ, সিমানবাৰ আমি পৰ দি বা সজাগে থকা বুলি উল্লেখ কৰাও দেখিবলৈ পাওঁ। * (লূক ১২:৩৮, ৪০; প্ৰকাশিত বাক্য ৩:২; ১৬:১৪-১৬) প্ৰকৃততে আধ্যাত্মিকভাৱে নিদ্ৰিত যোৱাৰ পৰিণাম ভয়াবহ। গতিকে আমি সেই সকলো সতৰ্কবাণীৰ প্ৰতি ধ্যান দিয়া আৱশ্যক।—১ কৰিন্থীয়া ১০:১২; ১ থিচলনীকীয়া ৫:২, ৬.
তিনিজন পাঁচনিয়ে পৰ দি থকাত বিফল হʼল
৮. গেৎচিমানী নামৰ ঠাইত যীচুৱে পাঁচনিসকলক পৰ দি থাকিবলৈ অনুগ্ৰহ কৰাৰ প্ৰতি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
৮ সতৰ্কতাৰে সজাগে থাকিবলৈ একমাত্ৰ উত্তম অভিপ্ৰায় ৰখাটোৱেই যথেষ্ট নহয়, এই বিষয়ে আমি পাঁচনি পিতৰ, যাকোব আৰু যোহনৰ আৰ্হিৰ পৰা দেখিবলৈ পাম। আধ্যাত্মিক মন ৰখা এই তিনিজন ব্যক্তিয়ে আনুগত্যৰে যীচুক অনুকৰণ কৰিছিল আৰু গভীৰ শ্ৰদ্ধাও দেখুৱাইছিল। তথাপিও সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ নিশা তেওঁলোকে পৰ দি থকাত বিফল হʼল। ওপৰৰ কোঠাত নিস্তাৰ-পৰ্ব্ব পালন কৰাৰ পিছত তেওঁলোক তিনিজনে যীচুৰ সৈতে গেৎচিমানী নামৰ এখন ঠাইলৈ গৈছিল। তাত যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি মোৰ লগত পৰ দিয়া।” (মথি ২৬:৩৮) তিনিবাৰ তেওঁ স্বৰ্গীয় পিতৃৰ ওচৰত আৱেগপূৰ্ণতাৰে প্ৰাৰ্থনা কৰিছিল আৰু তিনিবাৰকৈ তেওঁ নিজৰ বন্ধুবিলাকৰ ওচৰলৈ ঘূৰি আহি তেওঁবিলাকক শুই থকা দেখা পাইছিল।—মথি ২৬:৪০, ৪৩, ৪৫.
৯. সম্ভৱতঃ, কিহৰ বাবে পাঁচনিবিলাকে ক্লান্ত হৈ পৰিছিল?
৯ সেই নিশাটোত এই বিশ্বাসী ব্যক্তিসকলে কিয় যীচুক নিৰাশ কৰিলে? ইয়াৰ কাৰণ আছিল শাৰীৰিকভাৱে ক্লান্ত হোৱা। দৰাচলতে সেই সময়ছোৱা আছিল মাজনিশাৰ পিছৰ ভাগ আৰু “তেওঁলোকৰ চকু টোপনিত টানি নিছিল।” (মথি ২৬:৪৩) তথাপিও যীচুৱে এইদৰে কৈছিল: “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।”—মথি ২৬:৪১.
১০, ১১. (ক) যীচুৱে ক্লান্ত হোৱাৰ স্বত্বেও কিহে তেওঁক গেৎচিমানী নামৰ ঠাইত পৰ দি থাকিবলৈ সহায় কৰিলে? (খ) যেতিয়া যীচুৱে তিনিজন পাঁচনিক পৰ দি থাকিবলৈ কৈছিল তেতিয়া তেওঁলোকৰ সৈতে যি ঘটিছিল তাৰ পৰা আমি কি শিকিবলৈ পাওঁ?
১০ ইয়াত কোনো সন্দেহ নাই যে সেই গুৰুত্বপূৰ্ণ নিশাটোত যীচুৱেও ভাগৰি পৰিছিল। কিন্তু তেওঁ টোপনি যোৱাৰ পৰিৱৰ্তে সেই অৱশিষ্ট বহুমূলীয়া সময়খিনি নিৰন্তৰে আৱেগপূৰ্ণ প্ৰাৰ্থনা কৰাত ব্যৱহাৰ কৰিলে। ইয়াৰ কিছু দিনৰ পূৰ্বেই তেওঁ শিষ্যবিলাকক আগ্ৰহ কৰি এইদৰে কৈছিল: “এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।” (লূক ২১:৩৬; ইফিচীয়া ৬:১৮) যদি আমি যীচুৰ এই পৰামৰ্শক পালন আৰু প্ৰাৰ্থনাৰ সম্বন্ধে ৰখা তেওঁৰ আৰ্হিক অনুকৰণ কৰোঁ, তেন্তে যিহোৱালৈ কৰা আন্তৰিক প্ৰাৰ্থনাই আমাক আধ্যাত্মিকভাৱে সজাগে থাকিবলৈ সহায় কৰিব।
১১ অৱশ্যে যীচুৱে জানিব পাৰিছিল যে তেওঁক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডাজ্ঞা দিয়া হʼব। যীচুৰ সেই পৰীক্ষা যাতনা স্তম্ভত মৰ্মদাহী মৃত্যুলৈকে জাৰি থাকিব বুলি তেওঁৰ শিষ্যসকলে তেতিয়ালৈক বুজিব পৰা নাছিল। সেয়েহে যীচুৱে তেওঁৰ পাঁচনিবিলকক এই বিষয়ে সতৰ্ক কৰিছিল, কিন্তু তেওঁলোকে তেওঁ কি কৈছে তাক বুজি পোৱা নাছিল। সেইবাবে তেওঁলোকে গভীৰ টোপনি গৈছিল, আনহাতে যীচুৱে সেই সময়ত সজাগে থাকি প্ৰাৰ্থনা কৰি থাকিল। (মাৰ্ক ১৪:২৭-৩১; লূক ২২:১৫-১৮) যিদৰে পাঁচনিসকলৰ সৈতে ঘটিছিল সেইদৰে আমাৰ শৰীৰো দুৰ্ব্বল আৰু কিছুমান বিষয়ে আমি এতিয়ালৈকে নজনাৰ বাবে আমাৰ সৈতেও ঘটিব পাৰে। তথাপিও যদি এই চূড়ান্ত সময়ৰ গুৰুত্বতাৰ বিষয়ে পাহৰি যাওঁ, তেন্তে আধ্যাত্মিকভাৱে হয়তো আমি টোপনি যাব পাৰোঁ। কেৱল সচেতনে থাকিহে আমি পৰ দি থাকিব পাৰোঁ।
তিনটা মূখ্য গুণ
১২. পৰ দি থকাৰ সম্পন্ধে পাঁচনি পৌলে কেনে তিনটা গুণক সংযুক্ত কৰিছে?
১২ গুৰুত্বতাৰ প্ৰতি থকা আমাৰ চেতনা শক্তিক আমি কেনেকৈ বজায় ৰাখিব পাৰোঁ? প্ৰাৰ্থনা কৰা আৰু যিহোৱাৰ ধ্বংসৰ দিনটোৰ বিষয়ে মনত ৰখাটো কিমান যে গুৰুত্বপূৰ্ণ তাক আমি ইতিমধ্যেই বিবেচনা কৰিলোঁ। ইয়াৰ উপৰিও, পাঁচনি পৌলে এনে তিনটা মুখ্য গুণৰ বিষয় উল্লেখ কৰিছে যাক আমি বিকাশিত কৰা উচিত। সেই সম্বন্ধে তেওঁ এইদৰে কৈছে: “আমি দিনৰ সন্তান হোৱাত, আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ টকয়া মূৰত দি চেতনে থাকোঁহঁক।” (১ থিচলনীকীয়া ৫:৮) আঁহক আমি আধ্যাত্মিকভাৱে চেতনে থাকিবলৈ বিশ্বাস, আশা আৰু প্ৰেমে আদায় কৰা ভূমিকাৰ বিষয়ে চমূকৈ বিবেচনা কৰোঁহঁক।
১৩. বিশ্বাসে আমাক চেতনে ৰাখিবলৈ কেনে ভূমিকা আদায় কৰে?
১৩ যিহোৱাৰ অস্তিত্ব আৰু তেওঁ “বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা” বুলি আমি দৃঢ় বিশ্বাস ৰখা উচিত। (ইব্ৰী ১১:৬) যীচুৱে ধ্বংসৰ সম্বন্ধে কৰা ভৱিষ্যতবাণীৰ প্ৰাথমিক পূৰ্ণতা প্ৰথম শতিকাত হʼল আৰু বৰ্তমান সময়ত বৃহৎ পৰিমাণে পূৰ্ণ হʼবলগীয়া সেই ভৱিষ্যতবাণীয়ে আমাৰ বিশ্বাস দৃঢ় কৰে। এই বিশ্বাসে আমাক যিহোৱাৰ দিনৰ প্ৰতি এই বুলি আগ্ৰহী হৈ অপেক্ষা কৰিবলৈ সহায় কৰে যে “[সেই ভৱিষ্যতদ্বাণীমূলক দৰ্শন] অৱশ্যে ঘটিব, উচিত সময়তকৈ দেৰি নহব।”—হবক্কুক ২:৩.
১৪. আমি সচেতনে থাকিবলৈ আশাই কেনে মূখ্য ভূমিকা আদায় কৰে?
১৪ আমাৰ সুনিশ্চিত আশা হৈছে “আত্মাৰ লঙ্গৰস্বৰূপ,” যিয়ে ঈশ্বৰৰ বিশেষ কোনো প্ৰতিজ্ঞা পূৰ্ণতালৈ বাট চাই থকাৰ সময়ত সম্মুখীন হোৱা ক্লেশত ধৈৰ্য্য ধৰাত সহায় কৰে। (ইব্ৰী ৬:১৮, ১৯) মাৰ্গ্ৰেট নামৰ এগৰাকী ৯০ বছৰীয়া অভিষিক্ত ভনীয়ে যি ৭০ বছৰৰ পূৰ্বেই বাপ্তিষ্মা লৈছিল, তাই এনেদৰে কৈছিল: “১৯৬৩ চনত মোৰ স্বামী কৰ্কট ৰোগৰ বাবে মৃত্যুৰ দুৱাৰদলিত উপস্থিত হৈছিল আৰু মই ভাবিছিলোঁ যে অতি সোনকালে যদি এই দুষ্ট জগতৰ ধ্বংস আহে, তেন্তে কিমান যে ভাল হʼব। কিন্তু এতিয়া মই অনুভৱ কৰিব পাৰিছোঁ যে মই কেৱল নিজৰ স্বাৰ্থৰ বাবে চিন্তা কৰিছিলোঁ। সেই সময়ত আমি ভাবিব পৰা নাছিলোঁ যে যিহোৱাৰ কাৰ্য্য পৃথিৱীৰ কিমান দূৰলৈকে বিস্তাৰিত হʼব। আনকি আজিও এনে বহুতো ঠাই আছে যি ঠাইত ঈশ্বৰৰ কাৰ্য্য অলপতেহে আৰম্ভ হৈছে। যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে মই অতি আনন্দিত হৈছোঁ।” আনকি পাঁচনি পৌলেও আশ্বাস দি এইদৰে কৈছিল: “ক্লেশে ধৈৰ্য্য, ধৈৰ্য্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে আৰু সেই আশাই লাজত নেপেলায়।”—ৰোমীয়া ৫:৩-৫.
১৫. যদিও বহু সময় ধৰি অপেক্ষা কৰা যেন বোধ হয় তথাপিও প্ৰেমে আমাক কি কৰিবলৈ প্ৰেৰিত কৰিব?
১৫ খ্ৰীষ্টান প্ৰেম হৈছে এক অতুলনীয় গুণ, কিয়নো ইয়াৰ দ্বাৰা আমি সকলো উত্তম কাৰ্য্য কৰিবলৈ প্ৰেৰিত হওঁ। আমি যিহোৱাৰ কাৰ্য্যসূচিৰ বিষয়ে নজনাৰ স্বত্বেও তেওঁক প্ৰেম কৰোঁ। চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে। আনকি যিমান সময়ৰলৈকে ঈশ্বৰৰ ইচ্ছা সিমান সময়ৰলৈকে প্ৰচাৰ কাৰ্য্যত লাগি থাকি আমি একেটা ঘৰত বহুবাৰ সাক্ষাৎ কৰোঁ। একেইদৰে পাঁচনি পৌলে লিখিছিল: “বিশ্বাস, আশা, প্ৰেম, এই তিনিটা থাকে; কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।” (১ কৰিন্থীয়া ১৩:১৩) প্ৰেমে আমাক একেৰাহে ধৈৰ্য্য ধৰিবলৈ আৰু সচেতনে থাকিবলৈ সহায় কৰে। কিয়নো “[প্ৰেমে] সকলোতে আশা কৰে, সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহব।”—১ কৰিন্থীয়া ১৩:৭, ৮.
“তোমাৰ যি আছে, তাকে ধৰি ৰাখা”
১৬. আধ্যাত্মিকতাত দুৰ্ব্বল হৈ পৰাৰ পৰিৱৰ্তে আমি কেনে মনোবৃত্তি বিকাশিত কৰা উচিত?
১৬ জগতত ঘটি থকা ঘটনাবোৰে আমাক সোঁৱৰাই দিছে যে আমি জগতৰ চৰম পৰিস্থিতিত জীয়াই আছোঁ। (২ তীমথিয় ৩:১-৫) গতিকে এতিয়া আমি আধ্যাত্মিকতাত দুৰ্ব্বল হৈ পৰাৰ পৰিৱৰ্তে ‘আমাৰ যি আছে, তাকে ধৰি ৰাখা’ আৱশ্যক। (প্ৰকাশিত বাক্য ৩:১১) তদুপৰি আমি “প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন” আৰু বিশ্বাস, আশা আৰু প্ৰেম বিকাশিত কৰাৰ দ্বাৰা আমি পৰীক্ষাৰ বাবে সষ্টম হৈ থকাৰ প্ৰমাণ দিব পাৰিম। (১ পিতৰ ৪:৭) আমাৰ ওচৰত কৰিবলৈ যথেষ্টমাত্ৰাত প্ৰভুৰ কাৰ্য্য আছে। এতেকে ঈশ্বৰীয় ভক্তিৰ কাৰ্য্যত ব্যস্ত হৈ থকাৰ দ্বাৰা আমি সচেতনে থাকিব পাৰিম।—২ পিতৰ ৩:১১.
১৭. (ক) বহু সময়ৰ পৰা অপেক্ষা কৰি থকাৰ স্বত্বেও আমি কিয় নিৰুৎসাহিত নহওঁ? (২১ পৃষ্ঠাত উল্লেখ কৰা বক্সটোত চাওক।) (খ) আমি কেনেকৈ যিহোৱাক অনুকৰণ কৰিব পাৰোঁ আৰু তেনে কৰা সকলে ভৱিষ্যতে কেনে আশীৰ্ব্বাদ লাভ কৰিব?
১৭ ভৱিষ্যতবক্তা যিৰিমিয়াই এইদৰে কৈছিল: “যিহোৱায়েই মোৰ অংশ; এই হেতুকে মই তেওঁত ভাৰসা কৰিম। যিহোৱালৈ আপেক্ষা কৰোঁতাবিলাকলৈ, তেওঁক বিচাৰোঁতা প্ৰাণলৈ তেওঁ মঙ্গলয়। যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি মনে মনে বাট চাই থকা ভাল।” (বিলাপ ৩:২৪-২৬) আমাৰ কিছুমানে হয়তো পৰিত্ৰাণৰ বাবে অলপ সময়ৰ পৰা অপেক্ষা কৰিছে আৰু আন সকলে সম্ভৱতঃ বহু সময়ৰ পৰা অপেক্ষা কৰি আছে। তথাপিও এই অপেক্ষা ভৱিষ্যতে আহিবলগা অনন্তকলীয়া জীৱনৰ তুলনাত কিমান যে সামান্য! (২ কৰিন্থীয়া ৪:১৬-১৮) যিহোৱাৰ নিযুক্ত সময়লৈ অপেক্ষা কৰি থকাৰ সময়ছোৱাত আমি খ্ৰীষ্টান গুণসমূহ বিকাশিত আৰু আনকো যিহোৱাৰ সহন শক্তি আৰু সত্যতাক জানিবলৈ সহায় কৰা আৱশ্যক। সেয়েহে আঁহক আমি সকলোৱে সচেতনে থাকি যিহোৱাক অনুকৰণ কৰাৰ দ্বাৰা সহনশীল হৈ তেওঁ প্ৰদান কৰা অনন্তজীৱনৰ বাবে কৃতজ্ঞ হওঁহঁক। তদুপৰি বিশ্বাসেৰে সচেতন হৈ অনন্ত জীৱনৰ প্ৰতি দৃঢ় আশাৰে বাট চাওঁহঁক। যদি আমি তেনে কৰোঁ তেতিয়া এই ভৱিষ্যতবাণীমূলক প্ৰতিজ্ঞাবোৰ অৱশ্যেই আমাত প্ৰযোজ্য হʼব, যʼত এইদৰে কোৱা হৈছে: “[যিহোৱাই] পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব; তুমি দুষ্টবোৰক উচ্ছন্ন হোৱা দেখিবলৈ পাবা।”—গীতমালা ৩৭:৩৪. (w03 1/1)
[ফুটনোটবোৰ]
^ জানুৱাৰী ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ১২-১৩ পৃষ্ঠাত আমি “শেষ-কালত” বাস কৰি থকাৰ সম্বন্ধে দিয়া ছটা প্ৰমাণক পুনৰ নিৰীক্ষণ কৰাটো সহায়ক হʼব পাৰে।—২ তীমথিয় ৩:১.
^ ড্যাব্লু. ই. ভাইন্ নামৰ এজন অভিধান বিশেষজ্ঞই এইদৰে বৰ্ণনা কৰিছে যে “পৰ দি থাকা” বুলি উল্লেখ কৰা গ্ৰীক ক্ৰিয়া পদৰ আচল অৰ্থ হৈছে ‘টোপনিক খেদি পঠোৱা,’ আৰু ই “সাধাৰণভাৱে সজাগে থকাটোক বুজাইছে এনে নহয়, কিন্তু কোনো এটা বিষয়ে উদ্যোগী হৈ সতৰ্কতাৰে সজাগে থকাক বুজাইছে।”
আপুনি কেনেকৈ উত্তৰ দিব?
• এই ৰীতি-ব্যৱস্থাৰ অন্ত একেবাৰে কাষ চাপি আহিল বুলি আমি কেনেকৈ নিজৰ নিশ্চয়তাক দৃঢ় কৰিব পাৰোঁ?
• পিতৰ, যাকোব আৰু যোহনৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰিলোঁ?
• কেনে তিনটা গুণে আমাক আধ্যাত্মিকভাৱে পৰ দি থকাত সহায় কৰিব?
• ‘আমাৰ যি আছে, তাকে ধৰি ৰখাৰ’ এতিয়াই হৈছে কিয় উপযুক্ত সময়?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৭ পৃষ্ঠাৰ বক্স/ছবি]
‘যিজনে ধৈৰ্য্য ধৰি অপেক্ষা কৰে, তেওঁ ধন্য’—দানিয়েল ১২:১২.
কল্পনা কৰক যে এজন প্ৰহৰীয়ে তেওঁ পহৰা দিয়া এলেকাত এজন চোৰে চুৰ কৰিবলৈ কৰা পৰিকল্পনাৰ বিষয়ে উমান পাইছে। নিশা হোৱাৰ লগে লগেই প্ৰহৰীজনে অতি সতৰ্কতাৰে যি কোনো শব্দৰ প্ৰতি কাণ দিয়ে কিজানি কোনো চোৰ হʼব পাৰে। নিশা গভীৰ হোৱাত ঘন্টাৰ পিছত ঘন্টা ধৰি তেওঁ নিজৰ কাণ আৰু দৃষ্টি সচেতন কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টা কৰিছে। কিন্তু এজাক মৃদু বতাহে গছৰ পাতবোৰ লৰোৱা বা এটা মেকুৰীয়ে কিহবাত খুন্দা মৰাৰ ফলত সহজে চোৰ অহা বুলি মিছাকৈ ধাৰণা কৰি প্ৰবঞ্চিত হʼব পাৰে।—লূক ১২:৩৯, ৪০.
একেইদৰে যিসকলে “প্ৰভু যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা দিনলৈ বাট চাই” আছে তেওঁলোকেও প্ৰবঞ্চিত হʼব পাৰে। (১ কৰিন্থীয়া ১:৭) কিয়নো পাঁচনিবিলাকেও ভাবিছিল যে যীচু পুনৰুত্থান হৈ “ইস্ৰায়েলক ৰাজ্য পুনৰাই দিব।” (পাঁচনিৰ কৰ্ম্ম ১:৬) কিন্তু বহু বছৰৰ পিছত থিচলনীকীয়াত থকা খ্ৰীষ্টানসকলক স্মৰণ কৰাই দিয়া হʼল যে যীচুৰ আগমণ ভৱিষ্যতে হʼবলগা আছে। (২ থিচলনীকীয়া ২:৩, ৮) তথাপিও যিহোৱাৰ দিনলৈ অপেক্ষা কৰি থকা অনুগামীসকলে, তেওঁলোকে চলি থকা জীৱনৰ পথ ত্যাগ নকৰিলে।—মথি ৭:১৩.
বৰ্তমান সময়তো এই ৰীতি-ব্যৱস্থাৰ অন্ত পলম হোৱা যেন বিবেচনা কৰি সচেতনে থাকিবলৈ ত্যাগ কৰা উচিত নহয়। সতৰ্কে থকা এজন প্ৰহৰীয়ে যদিও প্ৰতাৰিত হʼব পাৰে তথাপিও তেওঁ একেৰাহে পৰ দি থকাটো উত্তম নহʼবনে বাৰু! কিয়নো সেইটো তেওঁৰ কৰ্তব্য আৰু একেইদৰে খ্ৰীষ্টানসকলেও কৰা আৱশ্যক।
[১৪ পৃষ্ঠাৰ ছবি]
যিহোৱাৰ দিন একেবাৰে কাষ চাপি আহিল বুলি আপুনি বিশ্বাস কৰেনে?
[১৫ পৃষ্ঠাৰ ছবিসমূহ]
সভা, প্ৰাৰ্থনা আৰু অধ্যয়নৰ উত্তম অভ্যাসে আমাক পৰ দি থকাত সহায় কৰে
[১৮ পৃষ্ঠাৰ ছবি]
মাৰ্গ্ৰেটৰ নিচিনা আমিও ধৈৰ্য্য ধৰি পৰ দি থাকোঁহঁক