Skip to content

Skip to table of contents

‘অধিক ফল উৎপন্ন কৰা’

‘অধিক ফল উৎপন্ন কৰা’

‘অধিক ফল উৎপন্ন কৰা’

“অধিক ফল ধৰিবলৈ . . . আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা।”—যোহন ১৫:৮

১. (ক) যীচুৱে তেওঁৰ শিষ্যসকলক শিষ্যত্বৰ কেনে এক আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল? (খ) আমি নিজকে কেনে প্ৰশ্ন সোধা উচিত?

 যীচুৱে মৃত্যুৰ পূৰ্বে সন্ধ্যা তেওঁ শিষ্যসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আন্তৰিকতাৰে কথা-বতৰা হৈছিল। বন্ধুসকলৰ প্ৰতি তেওঁৰ থকা আন্তৰিক প্ৰেমৰ বাবে মাজনিশালৈ কথা-বতৰা হʼবলৈ প্ৰেৰিত হৈছিল। কথোপকথনৰ মাজতে তেওঁ শিষ্যসকলক এনে এটা আৱশ্যকতাৰ বিষয়ে সোঁৱৰাই দিয়ে যিটো তেওঁলোকৰ মাজত হোৱাটো উচিত আছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়; আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা।” (যোহন ১৫:৮) তেওঁৰ শিষ্য হোৱা হেতুকে আজি আমি সেই আৱশ্যকতাক পূৰণ কৰিছোঁনে? ‘অধিক ফল ধৰাৰ’ অৰ্থ কি? ইয়াৰ অৰ্থ বুজিবলৈ হʼলে আঁহক আমি যীচুৰ মৃত্যুৰ পূৰ্বে সন্ধ্যাটোত হোৱা কথা-বতৰাক লক্ষ্য কৰোঁহক।

২. মৃত্যুৰ পূৰ্বে সন্ধ্যা যীচুৱে ফল উৎপন্ন কৰাৰ বিষয়ে কেনে দৃষ্টান্ত দাঙি ধৰিছিল?

যীচুৱে তেওঁৰ শিষ্যসকলক ফল উৎপন্ন কৰাৰ বিষয়ে দিয়া পৰামৰ্শটো আছিল এটা দৃষ্টান্তৰ অংশ। তেওঁ এইদৰে কৈছিল: “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক। মোৰ যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায়; আৰু যি যি ডালত গুটি ধৰে, সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ, পৰিষ্কাৰ কৰি দিয়ে। মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নথাকিলে, ডালে যেনেকৈ আপোনা-আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে, তোমালোকেও নোৱাৰা। ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; . . . ইয়াতে, তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়; আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা। পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকো তেনেকৈ প্ৰেম কৰিলোঁ, তোমালোক মোৰ প্ৰেমতে থাকা। যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা।”—যোহন ১৫:১-১০.

৩. যীচুৰ শিষ্যসকলে ফল উৎপন্ন কৰিবলৈ হʼলে কি কৰা উচিত?

এই দৃষ্টান্তত উল্লেখ কৰা খেতিয়কজন হৈছে যিহোৱা, দ্ৰাক্ষালতা হৈছে যীচু আৰু তেওঁৰ শিষ্যসকলক ডালৰ সৈতে তুলনা কৰিছে। যেতিয়ালৈকে তেওঁলোকে ‘যীচুত থাকে’ তেওঁলোকে ফল উৎপন্ন কৰিব। তাৰ পিছত তেওঁ শিষ্যসকলক এই গুৰুত্বপূৰ্ণ সংঘবদ্ধতাত সফলতা পাবলৈ কি কৰিব লাগিব, সেই বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল: “যদি মোৰ আজ্ঞা পালন কৰা, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা।” পিছলৈ পাঁচনি যোহনে সঙ্গী খ্ৰীষ্টানসকললৈ এনেদৰে লিখিছিল: “যি জনে তেওঁৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ তেওঁত থাকে।” * (১ যোহন ২:২৪; ৩:২৪) এতেকে যীচুৰ আজ্ঞাবোৰ পালন কৰাৰ দ্বাৰা শিষ্যসকলে তেওঁত থাকে আৰু এনে সংঘবদ্ধতাই তেওঁলোকক ফল উৎপন্ন কৰিবলৈ সহায় কৰে। আমি কেনে প্ৰকাৰৰ ফল উৎপন্ন কৰা আৱশ্যক?

বৃদ্ধি হোৱা সুযোগ

৪. ফল নধৰা প্ৰত্যেকটো ডালক যিহোৱাই “গুচাই পেলায়” বুলি কোৱা কথাষাৰৰ পৰা আমি কি শিকিব পাৰোঁ?

দৃষ্টান্তত উল্লেখ কৰা দ্ৰাক্ষালতাৰ ফল নধৰা ডালক যিহোৱাই “গুচাই পেলায়” বা কাটি পেলায়। এই দৃষ্টান্তই আমাক কি কয়? ইয়াত কেৱল এইটোৱেই কোৱা নাই যে সকলো শিষ্যই ফল উৎপন্ন কৰা উচিত, তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে পৰিস্থিতি যেনেকুৱাই নহওক কিয় সকলোৰে ফল উৎপন্ন কৰাৰ দক্ষতা আছে। যদি এজন শিষ্যক তেওঁৰ দক্ষতাৰ বাহিৰত এই কাৰ্য্য সম্পন্ন কৰিবলৈ কোৱা হয় আৰু তেওঁ বিফল হোৱাৰ বাবে তেওঁক অযোগ্য বোলা অথবা ‘গুচাই পেলোৱা’ তেন্তে এইটো যিহোৱাৰ প্ৰেমময় প্ৰবন্ধৰ বিপৰীত হʼব।—গীতমালা ১০৩:১৪; কলচীয়া ৩:২৩; ১ যোহন ৫:৩.

৫. (ক) যীচুৱে দিয়া দৃষ্টান্তই কেনেকৈ দেখুৱাইছে যে আমি ফলদায়ক হৈ উন্নতি কৰিব পাৰোঁ? (খ) আমি কেনে দুই প্ৰকাৰৰ ফলৰ বিষয়ে বিবেচনা কৰিম?

ইয়াৰ উপৰিও দ্ৰাক্ষালতাৰ দৃষ্টান্তই দেখুৱাইছে যে আমাৰ সীমিত পৰিস্থিতিতো আমি শিষ্য বনোৱা কাৰ্য্যত উন্নতি কৰিবলৈ চেষ্টা কৰা উচিত। লক্ষ্য কৰক যে যীচুৱে এই বিষয়ে কি কৈছে: “যি যি ডালত গুটি ধৰে, সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ, পৰিষ্কাৰ কৰি দিয়ে।” (যোহন ১৫:২) দৃষ্টান্তৰ সামৰণিত যীচুৱে তেওঁৰ শিষ্যসকলক “অধিক ফল ধৰিবলৈ” উৎসাহিত কৰিছিল। (৮ পদত) এই বাক্যশাৰীৰ অৰ্থ কি? শিষ্য হোৱাৰ নিমিত্তে আমি কেতিয়াও আত্ম-সন্তুষ্টি আৰু অবিবেচনাশীল হোৱা উচিত নহয়। (প্ৰকাশিত বাক্য ৩:১৪, ১৫, ১৯) ইয়াৰ পৰিৱৰ্তে আমি ফল উৎপন্ন কৰিবলৈ উন্নতি কৰাত সুযোগ উলিয়াবলৈ চেষ্টা কৰা আৱশ্যক। আমি কেনে ধৰণৰ ফল অধিককৈ উৎপন্ন কৰিবলৈ চেষ্টা উচিত? সেইবোৰ হৈছে: (১) “আত্মাৰ ফল” আৰু (২) ৰাজ্যৰ ফল।—গালাতীয়া ৫:২২, ২৩; মথি ২৪:১৪.

খ্ৰীষ্টান গুণসমূহৰ ফল

৬. আত্মাৰ প্ৰথম ফলটোৰ গুৰুত্বতাৰ বিষয়ে যীচুৱে কেনেকৈ উল্লেখ কৰিছিল?

‘আত্মাৰ ফলৰ’ প্ৰথমটো গুণ হৈছে প্ৰেম। ফল উৎপন্ন কৰাৰ দৃষ্টান্তটো ব্যাখ্যা কৰা কিছু সময়ৰ পূৰ্বেই যীচুৱে দিয়া আজ্ঞাক পালন কৰাৰ দ্বাৰা পবিত্ৰ আত্মাই খ্ৰীষ্টানসকলত প্ৰেম বিকাশিত কৰে বুলি উল্লেখ কৰিছিল। তেওঁ পাঁচনিবিলাকক এইদৰে কৈছিল: “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা।” (যোহন ১৩:৩৪) আনকি মৃত্যু হোৱাৰ শেষনিশাতো তেওঁৰ শিষ্যবিলাকৰ সৈতে হোৱা কথোপকথনত তেওঁলোকক পৰস্পৰে প্ৰেম প্ৰকাশ কৰিবলৈ বাৰম্বাৰভাৱে উল্লেখ কৰিছিল।—যোহন ১৪:১৫, ২১, ২৩, ২৪; ১৫:১২, ১৩, ১৭.

৭. পাঁচনি পৌলে কেনেকৈ দেখুৱালে যে ফল উৎপন্ন কৰাৰ সৈতে খ্ৰীষ্টান গুণবোৰো সন্মিলিত আছে?

সেই নিশা তাত উপস্থিত থকা পাঁচনি পিতৰে খ্ৰীষ্টীয় প্ৰেম আৰু অন্য গুণবোৰৰ আন শিষ্যসকলে প্ৰকাশ কৰাৰ গুৰুত্বতাৰ বিষয়ে বুজিব পাৰিছিল। সেইবাবে তেওঁ বছৰৰ পিছতো খ্ৰীষ্টানসকলক ইন্দ্ৰিয়-দমন, ভ্ৰাতৃ-স্নেহ আৰু প্ৰেম গুণক বিকাশিত কৰিবলৈ উদগাইছিল। আগলৈ তেওঁ কৈছিল যে তেনে কৰাৰ দ্বাৰা আমি “এলেহুৱা আৰু ফলহীন হৈ” থকাৰ পৰা আঁতৰি থাকিম। (২ পিতৰ ১:৫-৮) আমি যিকোনো পৰিস্থিতিতে আত্মাৰ ফল উৎপন্ন কৰিবলৈ সক্ষম হম। তেন্তে আঁহক আমি প্ৰেম, দয়া, নম্ৰতা আৰু অন্যান্য গুণবোৰ দেখুৱালৈ প্ৰচেষ্টা কৰোঁহঁক। কিয়নো “এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান” বা পৰিসীমা নাই। (গালাতীয়া ৫:২৩) সেয়েহে আঁহক আমি “অধিক ফল” উৎপন্ন কৰোঁহঁক।

ৰাজ্যৰ ফল উৎপন্ন কৰা

৮. (ক) ঈশ্বৰৰ ৰাজ্যৰ ফল আৰু আত্মাৰ ফলৰ মাজত কেনে সম্বন্ধ আছে? (খ) আমি কোনটো প্ৰশ্নৰ প্ৰতি বিবেচনাশীল হোৱা উচিত?

ৰসাল আৰু ৰঙ-বিৰঙৰ ফলবোৰে এজোপা গছৰ সৌন্দৰ্য্যতাক সুশোভিত কৰে। তদুপৰি সেই ফলবোৰে কেৱল সৌন্দৰ্য্যতাই নহয় কিন্তু ইয়াৰ গুটিবোৰে গছজোপাক বিস্তাৰিত হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। ঠিক সেইদৰে আত্মাৰ ফলে খ্ৰীষ্টীয় ব্যক্তিত্বৰ সৌন্দৰ্য্যতাক গঢ়ি তুলাতকৈ অধিক কাৰ্য্য কৰে। প্ৰেম আৰু বিশ্বাসে আমাক বীজৰূপী ৰাজ্যৰ বাৰ্ত্তাক সিঁচিবলৈ অৰ্থাৎ প্ৰচাৰ কৰিবলৈও প্ৰেৰিত কৰে। এই সম্পৰ্কে পাঁচনি পৌলে কেনেকৈ জোৰ দি কৈছে তাক লক্ষ্য কৰক। তেওঁ এইদৰে কৈছে: “আমিও বিশ্বাসজনক [আত্মা পোৱাত], বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ।” (২ কৰিন্থীয়া ৪:১৩) আগলৈ তেওঁ এনেদৰে বৰ্ণনা কৰিছে যে আমি “ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল” অৰ্থাৎ এই দ্বিতীয় ফলটো উৎপন্ন কৰা আৱশ্যক। (ইব্ৰী ১৩:১৫) ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাবে নিজৰ জীৱনত “অধিক ফল” উৎপন্ন কৰিবলৈ আমি সুযোগবোৰ লৈছোঁনে?

৯. শিষ্য বনোৱা কাৰ্য্যৰ তুলনা ফল উৎপন্ন কৰাৰ সৈতে কৰিব পাৰিনে? বৰ্ণনা কৰক।

এই প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ সৰ্ব্বপ্ৰথমে কিহে ঈশ্বৰৰ ৰাজ্যৰ ফল উৎপন্ন কৰে সেই বিষয়ে বুজি পোৱা আৱশ্যক। এইটো কোৱা উচিত নহʼবনে যে ফল উৎপন্ন কৰা অৰ্থ হৈছে শিষ্য বনোৱা? (মথি ২৮:১৯) যিজন ব্যক্তিক বাপ্তিষ্মা লʼবলৈ সহায় কৰিছোঁ, সেইজনক আমি উৎপন্ন কৰা ফলটো বুজাইছেনে? অৱশ্যেই নহয়। কিয়নো তেনে হোৱাহʼলে বহু বছৰে কম পৰিমাণে ফল উৎপন্ন কৰা প্ৰচাৰকসকলৰ বাবে নিশ্চয়ে নিৰুৎসাহিতৰ কাৰণ হʼলহেঁতেন। যদি নতুন শিষ্যসকলক কেৱল ৰাজ্যৰ ফল হিচাবে চিনাক্ত কৰা হয় তেন্তে যীচুৰ দৃষ্টান্তৰ অনুসাৰে পৰিশ্ৰমী সাক্ষীসকল শুকাই যোৱা ডালৰ নিচিনা হʼলহেঁতেন। সেয়েহে ঈশ্বৰৰ ৰাজ্যৰ ফল নতুন শিষ্যসকলক নুবুজায়। তেনেহʼলে আমাৰ পৰিচৰ্য্যাৰ প্ৰাথমিক ৰাজ্যৰ ফল কি?

ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ যোগেদি ফলবান হোৱা

১০. ৰাজ্যৰ ফলৰ অৰ্থ কি নহয় তাক যীচুৰ দৃষ্টান্তত উল্লেখ কৰা গুটি সিচোতা আৰু বিভিন্ন প্ৰকাৰৰ মাটিয়ে কেনেকৈ দেখুৱাইছে?

১০ যীচুৱে দৃষ্টান্তত উল্লেখ কৰা খেতিয়ক আৰু বিভিন্ন প্ৰকাৰৰ মাটিয়ে আমাক সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ সহায় কৰিছে। তদুপৰি সেই প্ৰশ্নৰ উত্তৰে কম ফলবান হোৱা এলেকাবোৰত কাৰ্য্য কৰাসকলক উৎসাহিত কৰে। যীচুৱে কৈছিল যে ঈশ্বৰৰ বাক্যত পোৱা ৰাজ্যৰ বাৰ্ত্তাই হৈছে সেই গুটি যিটো ভূমিৰূপী মানুহৰ হৃদয়ত ৰূপণ কৰা হৈছে। দৃষ্টান্তত কোৱা অনুসাৰে কিছুমান গুটি “ভাল মাটিত পৰি, গজি বাঢ়ি এশ গুণ গোট ধৰিলে।” (লূক ৮:৮) কেনে ধৰণৰ ফল উৎপন্ন কৰিলে? দৃষ্টান্তৰ অনুসাৰে ঘেঁহুৰ থোক গজি বাঢ়ি ফল উৎপন্ন কৰে আৰু ফলবোৰ ৰূপণ কৰা এমুঠা ঘেঁহুৰ থোক নহয় কিন্তু নতুনকৈ ফুটি ওলোৱা গুটিহে। ঠিক সেইদৰে এইটো আৱশ্যক নহয় যে এজন খ্ৰীষ্টানে উৎপন্ন কৰা ফলবোৰে হৈছে নতুনকৈ বনোৱা শিষ্যবোৰ। কিন্তু ই হৈছে নতুন ৰাজ্যৰ বীজ।

১১. ৰাজ্যৰ ফলক কেনেদৰে ব্যাখ্যা কৰিব?

১১ এতেকে সেই ফল নতুবা নতুন শিষ্যসকলক নাইবা খ্ৰীষ্টান গুণসমূহক বুজাই। যিহেতু ৰূপণ কৰা বীজটো হৈছে ৰাজ্যৰ বাৰ্ত্তা, গতিকে তাৰ ফলবোৰো নিশ্চয়ে সেই বীজবোৰৰ সমৰূপ হʼব। এই ক্ষেত্ৰত ফল উৎপন্ন কৰাটো ঈশ্বৰৰ ৰাজ্যক প্ৰকাশ কৰাটো বুজাইছে। (মথি ২৪:১৪) এতেকে যিকোনো পৰিস্থিতিত ৰাজ্যৰ ফল উৎপন্ন অৰ্থাৎ শুভবাৰ্ত্তা ঘোষণা কৰাটোৰ বাবে আমি সক্ষম নহওঁনে বাৰু? অৱশ্যেই হওঁ! কিয় তেনে হওঁ এই বিষয়ে সেই একেই দৃষ্টান্তত যীচুৱে বৰ্ণনা কৰিছে।

ঈশ্বৰৰ মহিমাৰ অৰ্থে আমাৰ উত্তমতা দিয়া

১২. প্ৰত্যেক খ্ৰীষ্টানৰ বাবে ফল উৎপন্ন কৰাটো সম্ভৱনে? বৰ্ণনা কৰক।

১২ যীচুৱে কৈছিল যে “যি জন ভাল মাটিত পৰা কঠীয়াস্বৰূপ . . . সেই জনে বাস্তৱিকে ফল উৎপন্ন কৰে, আৰু কেতবোৰে এশ গুণ, কেতবোৰে তিনি কুৰি গুণ, কেতবোৰে ডেৰ কুৰি গুণকৈ গুটি ধৰে।” (মথি ১৩:২৩) পথাৰত সিঁচা কঠিয়াবোৰ পৰিস্তিতিৰ অনুসাৰে উৎপন্ন হোৱাৰ পৰিমাণো ভিন্ন হʼব পাৰে। ঠিক সেইদৰে আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰাও আমাৰ পৰিস্থিতিৰ অনুসাৰে ভিন্ন হʼব পাৰে আৰু যীচুৱেও এই বিষয়ে জানিছিল। কিছুমানৰ বাবে অনেক সুযোগ; আন কিছুমানৰ ভাল স্বাস্থ্য আৰু অধিক উৎসাহী হʼব পাৰে। এইদৰে আমি হয়তো আনতকৈ অধিক বা কম কৰিবলৈ সক্ষম হʼব পাৰোঁ, কিন্তু যেতিয়া আমি আমাৰ সম্পূৰ্ণ সামৰ্থ আৰু শক্তি ইয়াৰ বাবে ব্যয় কৰোঁ তেতিয়া যিহোৱাৰ মন আনন্দিত হয়। (গালাতীয়া ৬:৪) ইয়াত কোনো সন্দেহ নাই যে আনকি আমি বৃদ্ধ বা শাৰীৰিক দুৰ্ব্বল অৱস্থাত সীমিতভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ বাবেও আমাৰ দয়ালু পিতৃ যিহোৱাই আমাক ‘ফল ধৰি থকাসকলৰ’ এজন হিচাবে দৃষ্টি কৰে। কিয় তেনে দৃষ্টি কৰে? কিয়নো আমি তেওঁক আমাৰ ‘সকলোখিনি’ দিছোঁ অৰ্থাৎ সম্পূৰ্ণ মনে প্ৰাণে সেৱা কৰিছোঁ। *মাৰ্ক ১২:৪৩, ৪৪; লূক ১০:২৭.

১৩. (ক) ৰাজ্যৰ ফল ‘একেৰাহে’ উৎপন্ন কৰিবলৈ আমাৰ ওচৰত কেনে সৰ্ব্বোত্তম কাৰণ আছে? (খ) সঠিক প্ৰতিক্ৰিয়া নেদেখুৱা এলেকাবোৰত একেৰাহে ফল উৎপন্ন কৰিবলৈ কিহে আমাক সহায় কৰিব? (২১ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

১৩ যদি আমি তেনে কৰাৰ প্ৰয়োজনতাৰ বিষয়ে মনত ৰাখোঁ তেন্তে আমি যিকোনো পৰিস্থিতিতে “ফলৱন্ত” হৈ ৰাজ্যৰ ফল উৎপন্ন কৰিবলৈ প্ৰেৰিত হʼম। (যোহন ১৫:১৬) যীচুৱে ইয়াৰ সৰ্ব্বোত্তম কাৰণটো দাঙি ধৰি এনেদৰে কৈছিল: “অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়।” (যোহন ১৫:৮) নিঃসন্দেহ, সকলো মানৱজাতিৰ আগত আমি কৰা প্ৰচাৰ কাৰ্য্যই যিহোৱাৰ নাম মহিমান্বিত কৰে। (গীতমালা ১০৯:৩০) হানা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা ভনীয়ে এনেদৰে কয়: “আনকি সঠিক প্ৰতিক্ৰিয়া নেদেখুৱা এলেকাবোৰত সৰ্ব্বোপৰিজনাৰ প্ৰতিনিধি হিচাবে কাৰ্য্য কৰাটো এক বিশেষাধিকাৰ।” ১৯৭৪ চনৰ পৰা উৎসাহী হৈ প্ৰচাৰক হিচাবে কাৰ্য্য কৰি থকা ক্লডিয়াক যেতিয়া সোধা হৈছিল যে তেওঁ কিয় সঠিক প্ৰতিক্ৰিয়া নেদেখুৱা এলেকাবোৰত নিৰন্তৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ ত্যাগ দিয়া নাই তেতিয়া তেওঁ যোহন ৪:৩৪ পদটো উদ্ধৃত কৰিছিল, যʼত যীচুৱে এনেদৰে কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” আগলৈ তেওঁ এইদৰে কৈছিল: যীচুৰ নিচিনা ময়ো কেৱল কাৰ্য্য আৰম্ভ কৰিবলৈ নহয় কিন্তু ৰাজ্যৰ প্ৰচাৰকস্বৰূপে মোক দিয়া দায়িত্বক সম্পূৰ্ণকৈ সম্পন্ন কৰিবলৈ বিচাৰো। (যোহন ১৭:৪) এই কথাষাৰৰ সৈতে বিশ্বজুৰি থকা সাক্ষীসকলেও মান্তি হয়।—“কেনেকৈ ‘ধৈৰ্য্যেৰে ফল উৎপন্ন’ কৰিব পাৰি?” ২১ পৃষ্ঠাত দিয়া বক্সটো চাওক।

প্ৰচাৰ কৰা আৰু শিক্ষা দিয়া

১৪. (ক) যোহন বাপ্তাইজক আৰু যীচুৱে কেনে দুইধৰণৰ কাৰ্য্য কৰিছিল? (খ) বৰ্তমানে হোৱা খ্ৰীষ্টান কাৰ্য্যকলাপৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

১৪ শুভবাৰ্ত্তাৰ কিতাপবোৰত উল্লেখ কৰা প্ৰথম ৰাজ্য প্ৰচাৰক জন হৈছে যোহন বাপ্তাইজক। (মথি ৩:১, ২; লূক ৩:৮) তেওঁ প্ৰচাৰ কৰাৰ মুখ্য উদ্দেশ্য আছিল ‘সাক্ষ্য দিয়া’ আৰু আশা কৰিছিল যে দৃঢ় বিশ্বাসৰ সৈতে “সকলোৱে যেন বিশ্বাস কৰে।” (যোহন ১:৬, ৭) ইয়াত কোনো সন্দেহ নাই যে যোহনে প্ৰচাৰ কৰা কিছুমান ব্যক্তিয়ে পিছলৈ যীচুৰ শিষ্য হৈ পৰিছিল। (যোহন ১:৩৫-৩৭) যোহন এজন প্ৰচাৰক হোৱাৰ উপৰিও শিষ্য বনোৱা কাৰ্য্যও কৰিছিল। আনকি যীচুও প্ৰচাৰক আৰু শিক্ষক আছিল। (মথি ৪:২৩; ১১:১) সেইবাবে তেওঁ শিষ্যসকলক কেৱল প্ৰচাৰ কৰিবলৈ নহয় কিন্তু আনক শিষ্য হোৱাত সহায় কৰিবলৈ দিয়া আজ্ঞাটো কোনো আচৰিতজনক বিষয় নাছিল। (মথি ২৮:১৯, ২০) সেয়েহে আমাৰ প্ৰচাৰ কাৰ্য্যৰ সৈতে শিক্ষা দিয়াও সন্মিলিত আছে।

১৫. প্ৰথম শতিকাত আৰু বৰ্তমানে হোৱা প্ৰচাৰ কাৰ্য্যৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?

১৫ প্ৰথম শতিকাত যিসকলে পাঁচনি পৌলে কৰা প্ৰচাৰ আৰু শিক্ষা দিয়াৰ বিষয়ে শুনিছিল তেওঁলোকৰ “কোনো কোনোৱে বিশ্বাস কৰিলে, কোনো কোনোৱে বিশ্বাস নকৰিলে।” (পাঁচনিৰ কৰ্ম্ম ২৮:২৪) বৰ্তমানেও একেই সাদৃশ্যতা দেখিবলৈ পোৱা যায়। কিন্তু দুখৰ বিষয় এই যে বেছিভাগ ৰাজ্যৰ গুটি অৰ্থাৎ কঠিয়া টান মাটিত পৰে। যীচুৱে কোৱা অনুসাৰে বৰ্তমানেও কিছুমান কঠিয়া ভাল মাটিত পৰি শিপা ধৰে আৰু বাঢ়ি আহে। পৰিণামস্বৰূপে, বছৰৰ প্ৰত্যেক সপ্তাহে গড় হিচাপে প্ৰায় ৫,০০০ জন ব্যক্তি যীচুৰ শিষ্য হয়! যদিও আন বহুতে বিশ্বাস নকৰে তথাপিও এই নতুনকৈ হোৱা শিষ্যসকলে ‘কোৱা কথা বিশ্বাস কৰিলে।’ কিহে তেওঁলোকক ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰাত সহায় কৰিলে? সাক্ষীসকলে দেখুৱা ব্যক্তিগত ইচ্ছা অৰ্থাৎ নতুনকৈ সিচাঁ গুটিবোৰক পানী দিয়াৰ দ্বাৰা সহায় আগবঢ়োৱা হʼল। (১ কৰিন্থীয়া ৩:৬) এই সম্বন্ধে দুটা বা তাতকৈ অধিক উদাহৰণৰ বিষয়ে বিবেচনা কৰক।

ব্যক্তিগতভাৱে দেখুৱা আগ্ৰহে এক গভীৰ প্ৰভাৱ পেলাই

১৬, ১৭. আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ প্ৰতি কিয় ব্যক্তিগতভাৱে আগ্ৰহকতা প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ?

১৬ বেলজিয়ামৰ কেৰʼলিন নামৰ এগৰাকী সাক্ষীয়ে এনে এক এগৰাকী বৃদ্ধা মহিলাক সাক্ষাৎ কৰিছিল যিগৰাকীয়ে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কোনো আগ্ৰহ দেখুৱা নাছিল। তাইৰ হাতখন বেন্দেজেৰে মেৰোৱাই থকা দেখি কেৰʼলিন আৰু তাইৰ লগত যোৱা আন ভনীয়ে কিহবা প্ৰকাৰে বৃদ্ধা গৰাকীক সহায় কৰিব পাৰে নেকি সেই বিষয়ে সুধিলে, কিন্তু তাই সহায় লবলৈ অসন্মত হʼল। দুদিনৰ পিছত তেওঁলোকে পুনৰাই সেই বৃদ্ধা মহিলা গৰাকীৰ ওচৰলৈ গʼল আৰু তাই গা ভাল পাইছেনে সেই বিষয়ে সুধিলে। ইয়াৰ ফলাফলৰ বিষয়ে কেৰʼলিনে এইদৰে কৈছিল: “আমি বাস্তৱতে ব্যক্তিগতৰূপে যে তাইৰ প্ৰতি আগ্ৰহী তাকে দেখি মহিলা গৰাকীয়ে প্ৰভাৱিত হʼল। মহিলা গৰাকীয়ে আমাক তাইৰ ঘৰলৈ আমন্ত্ৰণ কৰিলে আৰু এটা গৃহ বাইবেল অধ্যয়ন আৰম্ভ হʼল।”

১৭ সংযুক্ত ৰাষ্ট্ৰত বাস কৰা চেন্ডে নামৰ এগৰাকী ভনীয়ে তাই প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহ দেখুৱায়। ভনী গৰাকীয়ে নতুনকৈ জন্ম হোৱা লʼৰা-ছোৱালীবিলাকৰ জন্ম তাৰিখবোৰ এখন স্থানীয় বাতৰিকাকতৰ পৰা বিচাৰি উলিয়াই। তাৰ পিছত সেই পিতৃ-মাতৃসকলক সাক্ষাৎ কৰি “বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন * নামৰ প্ৰকাশনখন দিয়ে। যিহেতু সেই সময়ছোৱাত বেছিভাগ মাতৃয়ে সাধাৰণতে ঘৰত থাকে আৰু নৱজাত শিশুটিক আলহীসকলক দেখুৱাবলৈ আনন্দিত হয়। গতিকে বেছিভাগ সাক্ষাতে কথোপকথনলৈ পৰিচালিত কৰে। ভনীগৰাকীয়ে এইদৰে কয়: “মই পিতৃ-মাতৃসকলক নৱজাত শিশুটিৰ সৈতে অটুত সম্বন্ধ গঢ়ি তুলিবলৈ পঢ়াৰ আৱশ্যক বুলি কওঁ। তাৰ পিছত বৰ্তমান সমাজত শিশুটিক ডাঙৰ দীঘল কৰাটো যে এক প্ৰত্যাহ্বানজনক বিষয়, তাৰ বিষয়েও কওঁ।” তেনে কৰাৰ ফলস্বৰূপে অলপতে এগৰাকী মাতৃয়ে তাইৰ ছটা সন্তানৰ সৈতে যিহোৱাৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে। ব্যক্তিগতৰূপে আগ্ৰহকতা আৰু আগভাগ লোৱাৰ দ্বাৰা হয়তো আমি আমাৰ প্ৰচাৰ কাৰ্য্যত একেই আনন্দ লাভ কৰিবলৈ সক্ষম হʼম।

১৮. (ক) আমি সকলোৰে বাবে ‘অধিক ফল উৎপন্ন কৰা’ আৱশ্যকতাক পূৰণ কৰাটো কিয় কঠিন নহয়? (খ) পাঁচনি যোহনে শিষ্যত্বৰ বিষয়ে উল্লেখ কৰা কেনে তিনিটা আৱশ্যকতাক আপুনি পূৰণ কৰিবলৈ দৃঢ়ভাৱে ঠিৰাং কৰিছে?

১৮ “অধিক ফল” উৎপন্ন কৰাৰ আৱশ্যকতাক পূৰ কৰাটো কোনো কঠিন নহয় বুলি জানি আমি কিমান যে আশ্বাস পাওঁ! আমি বৃদ্ধ বা ডেকা, সুস্থ বা অসুস্থ অথবা শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱা বা নেদেখুৱা ক্ষেত্ৰবোৰত কাৰ্য্য নকৰোঁ কিয়, আমাৰ সকলোৱে অধিক ফল উৎপন্ন কৰিব পাৰোঁ। কেনেকৈ? আত্মাৰ ফল উৎপন্ন আৰু উত্তমতাৰে ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা তেনে কৰিব পৰা যায়। সেই একেই সময়তে আমি ‘যীচুৰ বাক্যত’ থকা আৰু ‘পৰস্পৰে প্ৰেম হোৱা’ আৱশ্যক। বাস্তৱতে পাঁচনি যোহনে শিষ্যৰ সম্বন্ধে উল্লেখ কৰা এই তিনিটা আৱশ্যকতাক পূৰণ কৰাৰ দ্বাৰা আমি ‘সঁচাকৈয়েই যীচুৰ শিষ্য’ হোৱাৰ প্ৰমাণ দিওঁ।—যোহন ৮:৩১; ১৩:৩৫. (w03 2/1)

[ফুটনোটবোৰ]

^ যদিও দৃষ্টান্তত উল্লেখ কৰা ডালবোৰ স্বৰ্গীয় আশা ৰখা যীচুৰ পাঁচনি আৰু অন্য খ্ৰীষ্টানসকলক বুজায় তথাপিও ইয়াত থকা সত্যতাই আজিৰ সকলো খ্ৰীষ্টানৰ বাবে লাভদায়ক।—যোহন ৩:১৬; ১০:১৬.

^ যিসকলে বৃদ্ধ বা শাৰীৰিকভাৱে দুৰ্ব্বল হোৱাৰ বাবে ঘৰৰ পৰা কʼলৈকো যাব নোৱাৰে তেওঁলোকে হয়তো চিঠিৰ দ্বাৰা, টেলিফোনৰ যোগেদি বা তেওঁলোকক সাক্ষাৎ কৰিবলৈ অহা লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰে।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কেনে ধৰণৰ ফল অধিককৈ উৎপন্ন কৰা আৱশ্যক?

• আমাৰ বাবে ‘অধিক ফল উৎপন্ন’ কৰা কিয় সম্ভৱ?

• পাঁচনি যোহনে শিষ্যত্বৰ সম্বন্ধে উল্লেখ কৰা তিনিটা আৱশ্যকতা কি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ বক্স/ছবি]

কেনেকৈ “ধৈৰ্য্যেৰে ফল উৎপন্ন” কৰিব পাৰি?

কিহে আপোনাক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি লোকসকলে অধিক আগ্ৰহী নোহোৱা এলেকাত একেৰাহে কাৰ্য্য কৰিবলৈ সহায় কৰে? তলত এই প্ৰশ্নটোৰ সহায়কাৰী উত্তৰ দিয়া হৈছে।

“যীচুৱে আমাৰ সৈতে আছে বুলি জানি প্ৰচাৰ ক্ষেত্ৰত সম্মুখীন হোৱা যিকোনো পৰিস্থিতিতো আশাবাদী আৰু স্থিৰতা হওঁ।”—হেৰী, বয়স: ৭২ বছৰ; বাপ্তিষ্মা: ১৯৪৬ চনত।

২ কৰিন্থীয়া ২:১৭ পদটো পঢ়ি মই সদায়েই উৎসাহিত হওঁ। ইয়াত কৈছে যে প্ৰচাৰ কাৰ্য্যত আমি ‘ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।’ মই মোৰ প্ৰিয় বন্ধুসকলৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দ উপভোগ কৰোঁ।”—ক্লাউদিঅ, বয়স: ৪৩ বছৰ; বাপ্তিষ্মা: ১৯৭৪ চনত।

“এইটো সঁচা যে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ মই ব্যক্তিগতভাৱে সংঘৰ্ষ কৰিব লাগে। তথাপিও গীতমালা ১৮:২৯ পদত উল্লেখ কৰা সত্যতাক মই অনুভৱ কৰিছোঁ, যʼত এইদৰে কোৱা হৈছে: ‘মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি গড় পাৰ হওঁ।’”—গেৰয়াৰ্ড, বয়স: ৭৯ বছৰ; বাপ্তিষ্মা: ১৯৫৫ চনত।।

“প্ৰচাৰ কাৰ্য্যত কেৱল এটা শাস্ত্ৰীয় পদ পঢ়িব পাৰিলে মই এই বুলি সন্তুষ্টি লাভ কৰোঁ যে অন্ততঃ বাইবেলৰ দ্বাৰা কোনোবা এজনৰ হৃদয় স্পৰ্ষ কৰিব পাৰিলোঁ।”—এলনাৰ, বয়স: ২৬ বছৰ; বাপ্তিষ্মা: ১৯৮৯ চনত।

“মই প্ৰচাৰ কাৰ্য্যত বিভিন্ন ধৰণৰ প্ৰস্তাৱনা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। তথাপিও এনে বহুতো প্ৰস্তাৱনা আছে যিবোৰক মই মোৰ গোটেই জীৱনত ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰিম।”—পৌল, বয়স: ৭৯ বছৰ; বাপ্তিষ্মা: ১৯৪০ চনত।

“লোকসকলে কোৱা নিৰুৎসাহিত কথাবোৰত মই কেতিয়াও বেয়া নাপাওঁ। মই তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণতাৰে কথোপকথন কৰি তেওঁলোকৰ দৃষ্টিভঙ্গীৰ প্ৰতি কাণ দিওঁ।—দানিয়েল, বয়স: ৭৫ বছৰ; বাপ্তিষ্মা: ১৯৪৬ চনত।

“মই নতুনকৈ বাপ্তিষ্মা লোৱা সকলক লগ পাইছিলোঁ আৰু তেওঁলোকে মোক কৈছিল যে মই কৰা প্ৰচাৰ কাৰ্য্যৰ বাবে তেওঁলোক যিহোৱাৰ সাক্ষী হʼব পাৰিলে। মই এইটো জনাই নাছিলোঁ যে কোনোবা এজন ভাইয়ে তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰি তেওঁলোকক সত্যতাৰ পথত উন্নতি কৰিবলৈ সহায় কৰিলে। আমাৰ প্ৰচাৰ কাৰ্য্য যে এটা সহযোগিতাপূৰ্ণ কৰ্ম্ম তাক জানি মই আনন্দিত হওঁ।”—জʼন, বয়স: ৬৬ বছৰ; বাপ্তিষ্মা: ১৯৫৪ চনত।

কিহে আপোনাক “ধৈৰ্য্যেৰে ফল উৎপন্ন” কৰিবলৈ সহায় কৰে?—লূক ৮:১৫

[১৯ পৃষ্ঠাৰ ছবি]

যীচুৱে শিষ্যসকলক “অধিক ফল ধৰিবলৈ” বুলি কোৱা বাক্যশাৰীৰ অৰ্থ কি আছিল?