Skip to content

Skip to table of contents

প্ৰভুৰ ভোজ পৰ্ব্বটোৱে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

প্ৰভুৰ ভোজ পৰ্ব্বটোৱে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

প্ৰভুৰ ভোজ পৰ্ব্বটোৱে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

“যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হব।”—১ কৰিন্থীয়া ১১:২৭.

১. কেনে এক গুৰুত্বপূৰ্ণ পৰ্ব্ব ২০০৩ চনত পালন কৰিবলৈ আয়োজন কৰা হৈছে আৰু কোনে ইয়াক প্ৰতিষ্ঠিত কৰিলে?

 এই গুৰুত্বপূৰ্ণ উদযাপনটো ২০০৩ চনৰ ১৬ এপ্ৰিল, সূৰ্য্য অস্ত যোৱাৰ পাছত পালন কৰিবলৈ পৰিকল্পনা কৰা হৈছে। যিহোৱাৰ সাক্ষীসকলে যীচুৰ মৃত্যু দিনটোক সোঁৱৰিবৰ অৰ্থে একত্ৰিত হʼব। পূৰ্বৱতী লেখত আমি দেখিবলৈ পালোঁ যে যীচুৱে সা.যু: ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে তেওঁৰ পাঁচনিবিলাকৰ সৈতে পালন কৰা এই উক্ত দিনটোক প্ৰভুৰ ভোজ বুলিও কোৱা হয়। এই স্মৰণীয় পৰ্ব্বৰ প্ৰতীকৰ বাবে খমিৰ মিহলি নকৰা পিঠা আৰু ৰঙা দ্ৰাক্ষাৰস ব্যৱহাৰ কৰা হয় যিয়ে যীচুৰ সিদ্ধ শৰীৰ আৰু তেওঁৰ বোঁৱতী তেজক চিহ্নিত কৰে। কেৱল যীচুৰ এই সিদ্ধ মানৱ শৰীৰক বলিদানত উৎসৰ্গ কৰাৰ যোগেদি মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰাত সম্ভৱ কৰে।—ৰোমীয়া ৫:১২; ৬:২৩.

২. কেনে এক সতৰ্কবাণীৰ বিষয়ে ১ কৰিন্থীয়া ১১:২৭ পদত লিপিবদ্ধ কৰা হৈছে?

প্ৰতীকবোৰৰ গ্ৰহণকাৰীসকলে ইয়াক শ্ৰদ্ধাৰে গ্ৰহণ কৰা উচিত। এই বিষয়ে পাঁচনি পৌলে প্ৰাচীন কৰিন্থীয়াসকললৈ লিখা পত্ৰখনত স্পষ্টকৈ দাঙি ধৰিছিল। কিয়নো তেওঁলোকে এই স্মৰণীয় পৰ্ব্বটো উপযুক্তৰূপে উদযাপন কৰা নাছিল। (১ কৰিন্থীয়া ১১:২০-২২) তেওঁ এইদৰে লিখিছিল: “যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হব।” (১ কৰিন্থীয়া ১১:২৭) সেই শব্দবোৰৰ গুৰুত্বতা কি?

কিছুমানে এই স্মৰণীয় দিনটোক অযোগ্যৰূপে উদযাপন কৰিছিল

৩. কৰিন্থীয়া মণ্ডলীত থকা বহুতো খ্ৰীষ্টানে প্ৰভুৰ ভোজ পৰ্ব্ব পালন কৰা সময়ত কেনে আচৰণ কৰিলে?

কৰিন্থীয়া মণ্ডলীৰ বহুতো খ্ৰীষ্টানে অযোগ্যৰূপে প্ৰতীকবোৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ মাজত বিবাদ উৎপন্ন হৈছিল আৰু এবাৰ তেওঁলোকৰ কিছুমানে সভা আৰম্ভ হোৱা বা চলি থকা সময়ত অধিককৈ আহাৰ আৰু সুৰা পান কৰিছিল। তেওঁলোকে আধ্যাত্মিক আৰু মানসিক উভয়ে সজাগ নাছিল। তেওঁলোকৰ এনে কাৰ্য্যই তেওঁলোকক “প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী” সাব্যস্ত কৰিছিল। যিসকলে আহাৰ কৰা নাছিল তেওঁলোকে ভুকত ক্লান্ত আৰু অন্যমনস্ক হৈ পৰিছিল। বাস্তৱতে বহুতো গ্ৰহণকাৰীয়ে ইয়াৰ গুৰুত্বতাক নুবুজি অযোগ্যৰূপে প্ৰতীকবোৰ গ্ৰহণ কৰিছিল। নিঃসন্দেহে, তেওঁলোকে নিজেই নিজৰ ওপৰত দণ্ড মাতি আছিল!—১ কৰিন্থীয়া ১১:২৭-৩৪.

৪, ৫. প্ৰতীকবোৰত অংশ গ্ৰহণ কৰা ব্যক্তিসকলে কিয় আত্মনিৰীক্ষণ কৰা উচিত?

প্ৰত্যেক বছৰে প্ৰতীকবোৰ গ্ৰহণ কৰা ব্যক্তিসকলে আত্মনিৰীক্ষণ কৰা আৱশ্যক। সমূহীয়াকৈ পালন কৰা এই উদযাপনত ভাগ লʼবলৈ তেওঁলোকৰ আধ্যাত্মিক অৱস্থা নিশ্চয়ে দৃঢ় হোৱা আৱশ্যক। যিজনে যীচুৰ বলিদানৰ প্ৰতি অনাদৰ দেখুৱাই বা তুচ্ছ বুলি জ্ঞান কৰে, তেওঁক প্ৰাচীন সময়ৰ ইস্ৰায়েলসকলৰ দৰে ‘ঈশ্বৰৰ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হʼব।’ কিয়নো তেওঁলোকে অশুচি হৈ সমূহীয়াকৈ কৰা এটা ভোজনত ভাগ লৈছিল।—লেবীয়া পুস্তক ৭:২০; ইব্ৰী ১০:২৮-৩১.

পাঁচনি পৌলে প্ৰাচীন কালত হোৱা সমূহীয়াকৈ পালন কৰা উদযাপনৰ সৈতে স্মৰণীয় দিনটোৰ তুলনা কৰিছিল। তেওঁ যীচুত সহভাগী হৈ অংশ গ্ৰহণ কৰাসকলক উদ্দেশ্য কৰি এনেদৰে কৈছিল: “তোমালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভুত-পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰা; প্ৰভুৰ মেজ আৰু ভুত-পিশাচৰ মেজ এই উভয়ৰো ভাগী হব নোৱাৰা।” (১ কৰিন্থীয়া ১০:১৬-২১) যদি প্ৰতীক গ্ৰহণ কৰা এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰিছে, তেন্তে তেওঁ যিহোৱাৰ আগত ইয়াক স্বীকাৰ কৰি মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা আধ্যাত্মিক সহায় বিচৰা উচিত। (হিতোপদেশ ২৮:১৩; যাকোব ৫:১৩-১৬) যদি তেওঁ আন্তৰিকতাৰে প্ৰায়শ্চিত্ত আৰু আত্মাৰ ফল উৎপন্ন কৰে, তেন্তে অযোগ্যৰূপে তেওঁ তাত ভাগ নলব।—লূক ৩:৮.

শ্ৰদ্ধাপূৰ্ণ নিৰীক্ষক হিচাবে উপস্থিত থাকক

৬. ঈশ্বৰে স্মৰণীয় পৰ্ব্বৰ প্ৰতীকবোৰ গ্ৰহণ কৰিবলৈ কাক মনোনিত কৰিছে?

যিসকলে ১,৪৪,০০০ জন অভিষিক্ত বৰ্গৰ প্ৰতি সৎকৰ্ম্ম কৰিছে, তেওঁলোকে স্মৰণীয় দিনত প্ৰতীকবোৰ গ্ৰহণ কৰা উচিতনে? (মথি ২৫:৩১-৪০; প্ৰকাশিত বাক্য ১৪:১) অৱশ্যেই নহয়। ঈশ্বৰে কেৱল সেই ব্যক্তিসকলক পবিত্ৰ আত্মাৰে মনোনিত কৰিছে যিসকলে “খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হবলৈ” আশা আছে। (ৰোমীয়া ৮:১৪-১৮; ১ যোহন ২:২০) তেন্তে ৰাজ্যৰ বশীভূত হৈ পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আশা থকা ব্যক্তিসকলে কেনে স্থানত আছে? (লূক ২৩:৪৩; প্ৰকাশিত বাক্য ২১:৩, ৪) যিহেতু তেওঁলোক স্বৰ্গীয় আশাৰ বাবে যীচুৰ সৈতে গৌৰৱান্বিত হোৱা নাই, গতিকে তেওঁলোকে শ্ৰদ্ধাপূৰ্ণ পৰ্য্যবেক্ষক হৈ স্মৰণীয় পৰ্ব্বত উপস্থিত থাকে।—ৰোমীয়া ৬:৩-৫.

৭. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেকৈ জানিছিল যে তেওঁলোকে প্ৰতীকবোৰ গ্ৰহণ কৰাৰ বাবে উপযুক্ত?

প্ৰথম শতিকাৰ প্ৰকৃত খ্ৰীষ্টানসকলক পবিত্ৰ আত্মাৰ দ্বাৰা মনোনিত কৰা হৈছিল। তেওঁলোকৰ সৰহভাগ লোকে আত্মাৰ অলৌকিক উপহাৰ পাই ভিন্ন ভিন্ন ভাষা কʼব পাৰিছিল। গতিকে তেওঁলোকৰ বাবে এইটো নিৰ্ণয় লোৱাত ইমান কঠিন নাছিল যে সেই প্ৰতীকবোৰ কোনে গ্ৰহণ কৰিব। কিন্তু আজি আমাৰ সময়ত এই নিৰ্ণয় এনে প্ৰেৰিত বাক্যৰ ওপৰত নিৰ্ভৰ কৰে, যʼত এইদৰে কোৱা হৈছে: “যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয়, সেই সকলোবিলাকেই ঈশ্বৰৰ সন্তান। কাৰণ তোমালোকে যে পুনৰায় ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা, পিতৃ, এই বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালা।”—ৰোমীয়া ৮:১৪, ১৫.

৮. মথি ১৩ অধ্যায়ত উল্লেখ কৰা “ধান” আৰু “বিনৈ বন” কাক চিহ্নিত কৰে?

যিহেতু প্ৰাচীন খ্ৰীষ্টানৰ সময়ৰ পাছৰ পৰা অভিষিক্ত ব্যক্তিসকলে ভুৱা খ্ৰীষ্টান অৰ্থাৎ “বিনৈ বনৰ” মাজত “ধান” স্বৰূপে বাঢ়িব ধৰিলে। (মথি ১৩:২৪-৩০, ৩৬-৪৩) ১৮৭০ চনৰ পৰা সেই “ধান” স্পষ্টকৈ প্ৰকাশ পালে আৰু প্ৰায় ১০০ বছৰৰ পিছত খ্ৰীষ্টান অধ্যক্ষসকলৰ উদ্দেশ্যে এইদৰে কোৱা হৈছিল: “প্ৰাচীনসকলে . . . [স্মৰণীয় পৰ্ব্বৰ] উদ্দেশ্যে একত্ৰিত হোৱা ব্যক্তিবিলাকৰ সন্মুখত এই চুক্তিবোৰ ৰাখা উচিত: (১) [যীচুৰ] তেজৰ ওপৰত বিশ্বাস আৰু (২) মৃত্যু পৰ্য্যন্তলৈকে তেওঁৰ সেৱাত সমৰ্পিত হোৱা। তাৰ পিছত তেওঁলোকে সেই চুক্তিনামা মনা আৰু যীচুৰ মৃত্যুদিনৰ সহভাগী হʼবলৈ সমৰ্পিত হোৱা সকলক আমন্ত্ৰিত কৰা উচিত।”—ষ্টাডিজ ইন দ্যা স্ক্ৰিপশ্বাৰচ্‌ খণ্ড ৬, দ্যা নিউ ক্ৰিয়েশ্বন, ৪৭৩ পৃষ্ঠা। *

‘অন্য মেৰবৰ্গৰ’ অনুসন্ধান কৰা

৯. কেনেকৈ ১৯৩৫ চনত “এক বৰ লোকসমূহ” চিনাক্তক স্পষ্টীকৰণ কৰা হʼল আৰু যিসকলে স্মৰণীয় পৰ্ব্বৰ প্ৰতীকত ভাগ লৈছিল তেওঁলোকত কেনে প্ৰভাৱ পৰিলে?

সময় অতিক্ৰম কৰাৰ লগে লগে যিহোৱাৰ সংগঠনে অভিষিক্ত লোকসকলৰ উপৰিও আনবিলাকৰ ওপৰতো মনোযোগ দিবলৈ আৰম্ভ কৰিলে। এই সম্পৰ্কে ১৯৩০ চনৰ মাজ ভাগত এক অসাধাৰণ উন্নতি হোৱা দেখা গʼল। তেতিয়া সেই লোকসকল অৰ্থাৎ প্ৰকাশিত বাক্য ৭:৯ পদত উল্লেখ কৰা ‘এক বৰ লোকসমূহক’ দ্বিতীয় আধ্যাত্মিক বৰ্গৰূপে জনা গৈছিল, যিসকলে খ্ৰীষ্টৰ কন্যাৰ সখীৰ দৰে ১,৪৪,০০০ জনৰ সৈতে স্বৰ্গত সহভাগী হʼব। (গীতমালা ৪৫:১৪, ১৫; প্ৰকাশিত বাক্য ৭:৪; ২১:২, ৯) কিন্তু ১৯৩৫ চনৰ মে ৩১ তাৰিখে আমেৰিকাৰ ৱাচিংটন, ডি. চি. নামৰ ঠাইত হোৱা যিহোৱাৰ সাক্ষীসকলৰ এক অধিৱেশনত বাইবেলৰ দ্বাৰা বৰ্ণনা কৰা হʼল যে উল্লেখ কৰা “এক বৰ লোকসমূহ” (“এক বৃহৎ লোকসমূহ,” কিং জেমচ ভাৰচন) ‘অন্য মেৰবৰ্গক’ চিহ্নিত কৰে যিসকলে এই শেষকালত জীয়াই আছে। (যোহন ১০:১৬) এই অধিৱেশনৰ পিছত যিসকলে স্মৰণীয় পৰ্ব্বৰ প্ৰতীকবোৰ গ্ৰহণ কৰিছিল, তেওঁলোকে পুনৰাই গ্ৰহণ কৰিবলৈ বন্ধ কৰিলে। কিয়নো তেওঁলোকে জানিব পাৰিলে যে তেওঁলোকৰ জীৱনৰ আশা স্বৰ্গত নহয় কিন্তু পৃথিৱীতহে।

১০. আপুনি কেনেকৈ বৰ্তমান সময়ত থকা ‘অন্য মেৰবৰ্গৰ’ আশা আৰু দায়িত্বসমূহৰ সম্পৰ্কে বৰ্ণনা কৰিব?

১০ বিশেষকৈ ১৯৩৫ চনৰ পৰা ‘অন্য মেৰবৰ্গৰ’ অনুসন্ধান আৰম্ভ হʼল, যিসকলে মুক্তিপণ বলিদানত বিশ্বাস কৰি নিজকে ঈশ্বৰলৈ সমৰ্পিত আৰু “তাকৰ জাকটিৰ” সৈতে প্ৰচাৰ কাৰ্য্যত সক্ৰিয়ভাৱে সমৰ্থন কৰে। (লূক ১২:৩২) এই অন্য মেৰবৰ্গৰ লোকসকলে চিৰকালৰ বাবে পৃথিৱীত জীয়াই থকাৰ আশা আছে। কিন্তু তেওঁলোকে আন ক্ষেত্ৰবোৰত বৰ্তমান সময়ত থকা ৰাজ্যৰ উত্তৰাধিকাৰীৰ অভিষিক্ত সকলৰ সৈতে এক মত। প্ৰাচীন সময়ত যেনেকৈ প্ৰবাসীসকলে যিহোৱাক উপাসনা কৰিছিল আৰু ব্যৱস্থাৰ অধীনত আছিল, ঠিক সেইদৰে বৰ্তমানে অন্য মেৰবৰ্গও বিভিন্ন খ্ৰীষ্টান দায়িত্বসমূহ অৰ্থাৎ আধ্যাত্মিক ইস্ৰায়েলৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে। (গালাতীয়া ৬:১৬) যিদৰে প্ৰবাসীবিলাকৰ কোনো এজনেও ৰজা বা পুৰোহিত হʼব নোৱাৰিছিল, সেইদৰে অন্য মেৰবৰ্গও স্বৰ্গত শাসন বা পুৰোহিত হিচাবে দায়িত্ব বহন কৰিব নোৱাৰে।—দ্বিতীয় বিবৰণ ১৭:১৫.

১১. বাপ্তিষ্মাৰ দিনৰ পৰাই এজনে কেনেকৈ তেওঁৰ আশাৰ বিষয়ে জানিব পাৰে?

১১ কোনসকলে স্বৰ্গীয় জীৱনৰ অধিকাৰী হʼব এই বিষয়ে ১৯৩০ চনৰ দশকৰ পৰা লাহে লাহে স্পষ্ট হৈ পৰিল। তেতিয়াৰে পৰা আজিলৈকে কেৱল পাৰ্থিৱ আশা থকা অন্য মেৰবৰ্গক একত্ৰিত কৰা কাম চলি আছে। যদি ১,৪৪,০০০ জনৰ কোনো এজনে অবিশ্বাসী হোৱা প্ৰমাণ দিয়ে, তেন্তে অন্য মেৰবৰ্গৰ পৰা এনে এজন ব্যক্তিক বাছি লোৱা হয় যিজন বহু সময়ৰ পৰা বিশ্বাসী হৈ যিহোৱাৰ সেৱাত লাগি আছে।

কিছুমানে কিয় ভুলকৈ ধাৰণা কৰিছিল যে তেওঁলোকৰ স্বৰ্গীয় আশা আছে

১২. কেনে পৰিস্থিতিত এজন ব্যক্তিয়ে স্মৰণীয় পৰ্ব্বৰ প্ৰতীকবোৰক গ্ৰহণ কৰাক বাদ দিয়া উচিত আৰু কিয়?

১২ অভিষিক্ত খ্ৰীষ্টীয়ানসকলৰ প্ৰত্যেকজনে জানে যে তেওঁলোকৰ স্বৰ্গীয় আশা নিশ্চিত। যদি এজন ব্যক্তিয়ে স্বৰ্গীয় আশা নথকাৰ স্বত্বেও স্মৰণীয় প্ৰতীকবোৰ গ্ৰহণ কৰে তেন্তে তেওঁৰ বিষয়ে কি কʼব পাৰি? নিশ্চই এই ক্ষেত্ৰত ব্যক্তিজনৰ বিবেকে এনে কৰিবলৈ তেওঁক বাধা দিব। যিজনে স্বিৰ্গীয় ৰজা আৰু পুৰোহিতৰ বাবে তেওঁক আমন্ত্ৰণ কৰা হোৱা নাই বুলি জানিও নিজকে তাৰ প্ৰতিনিধিত্ব কৰে তেনে লোকক ঈশ্বৰে কেতিয়াও সমৰ্থন নকৰিব। (ৰোমীয়া ৯:১৬; প্ৰকাশিত বাক্য ২০:৬) উদাহৰণস্বৰূপে, লেবীৰ বংশৰ কোৰহ নামৰ এজন ব্যক্তিয়ে অহঙ্কাৰী হৰোণৰ পুৰোহিত পদ লাভ কৰিবলৈ বিচাৰিছিল, সেয়েহে যিহোৱাই তেওঁক মৃত্যুদণ্ড দিছিল। (যাত্ৰাপুস্তক ২৮:১; গণনা পুস্তক ১৬:৪-১১, ৩১-৩৫) যদি কোনো এজন ভাই বা ভনীয়ে ভুলকৈ স্মৰণীয় পৰ্ব্বৰ প্ৰতীকবোৰ গ্ৰহণ কৰি অনুতাপ কৰিছে তেন্তে তেওঁ বা তাই পুনৰাই তেনে নকৰিবলৈ যিহোৱাৰ পৰা ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰা উচিত।—গীতমালা ১৯:১৩.

১৩, ১৪. কিছুমানে স্বৰ্গীয় জীৱনলৈ আমন্ত্ৰিত হৈছোঁ বুলি কিয় ভুল ধাৰণা ৰাখিব পাৰে?

১৩ কিছুমানে কিয় স্বৰ্গীয় আশা থকা বুলি ভুল ধাৰণা কৰিব পাৰে? তেওঁলোকে নিজ সঙ্গীক মৃত্যুত হেৰুৱা বা কোনো দুৰ্যোগৰ সম্মুখীন হোৱাৰ বাবে হয়তো পৃথিৱীত জীয়াই থাকিবলৈ ইচ্ছা নকৰে। নতুবা তেওঁলোকৰ কোনো নলেগলে লগা এজন অভিষিক্ত বন্ধুৰ দৰে স্বৰ্গীয় আশা ৰাখিব পাৰে। অৱশ্যেই যিহোৱাই এই বিশেষাধিকাৰৰ বাবে আনক উৎসাহিত কৰিবলৈ কাকো নিযুক্ত কৰা নাই। তদুপৰি সেই সম্পৰ্কে কোনো বাণী শুনোৱাৰ দ্বাৰা তেওঁ কাকো ৰাজ্যৰ উত্তৰাধিকাৰী হʼবলৈ নিযুক্ত নকৰে।

১৪ কিছুমানে হয়তো সকলো ভাল লোকে স্বৰ্গলৈ যাব বুলি দিয়া মিছা শিক্ষাৰ দ্বাৰাও এনে ধাৰণা বিকাশিত কৰিব পাৰে। গতিকে আমি অতীতত ৰাখা ভুল ধাৰণা বা অন্য বিষয়বোৰৰ পৰা আঁতৰি থকা উচিত। উদাহৰণস্বৰূপে, কিছুমানে হয়তো নিজকে এনেদৰে সুধিব পাৰে: ‘ইয়াৰ দ্বাৰা আঘাত হোৱা মোৰ ভাৱনাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ মই ঔষধ-পাতি ব্যৱহাৰ কৰোঁনে? মই গভীৰভাৱে আৱেগীক হৈ পৰিছোঁনে যে যিয়ে মোক স্মৰণীয় প্ৰতীকৰ প্ৰতি ভুল দৃষ্টিভঙ্গী ৰাখিবলৈ প্ৰেৰিত কৰে?’

১৫, ১৬. কিছুমানে কিয় ভুল সিদ্ধান্তত উপনীত হʼব পাৰে যে তেওঁলোকে স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰিত হৈছে?

১৫ আন কিছুমানে হয়তো নিজকে এনেদৰে সুধিব পাৰে: ‘মই প্ৰমুখ স্থান পাবলৈ বিচাৰিছোঁনে? মই বৰ্তমানে বা ভৱিষ্যতে যীচুৰ সৈতে উত্তৰাধিকাৰী হʼবলৈ উচ্চাকাংক্ষী হৈছোঁনে? প্ৰথম শতিকাত স্বৰ্গীয় জীৱনৰ বাবে যিসকলক বাছনি কৰা হৈচিল তেওঁলোক সকলোৱে যে মণ্ডলীত গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল এনে নহয়। স্বৰ্গীয় জীৱনৰ আশা ৰাখা ব্যক্তিসকলে অভিষিক্ত হোৱাৰ বাবে অহঙ্কাৰ নকৰে বা প্ৰমুখ স্থান নিবিচাৰে। তেওঁলোকে একে “খ্ৰীষ্টৰ মন” হৈ নম্ৰতা হোৱা প্ৰমাণ দিয়ে।—১ কৰিন্থীয়া ২:১৬.

১৬ কিছুমানে হয়তো অধিক বাইবেল জ্ঞান প্ৰাপ্ত কৰাৰ বাবে স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰিত হৈছে বুলি হয়তো ভুল ধাৰণা কৰিছিল। কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত হোৱা ব্যক্তিসকলে কোনো অসাধাৰণ জ্ঞান প্ৰাপ্ত নকৰে। উদাহৰণস্বৰূপে, পাঁচনি পৌলে কিছুমান অভিষিক্তি ব্যক্তিক নিৰ্দ্দেশনা আৰু পৰামৰ্শ দিবলগা হৈছিল। (১ কৰিন্থীয়া ৩:১-৩; ইব্ৰী ৫:১১-১৪) ঈশ্বৰে তেওঁৰ সকলো লোকক আধ্যাত্মিক আহাৰ প্ৰদান কৰিবলৈ এক বিশেষ ব্যৱস্থা কৰিছে। (মথি ২৪:৪৫-৪৭) গতিকে কোনো এজন অভিষিক্ত খ্ৰীষ্টান ব্যক্তিয়ে পাৰ্থিৱ আশা ৰখা সকলতকৈ অধিক জ্ঞান প্ৰাপ্ত কৰি শ্ৰেষ্ঠ হৈছে বুলি ভবাটো অনুচিত। পবিত্ৰ আত্মাৰে মনোনিত হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁক সকলো শাস্ত্ৰীয় আধাৰিত প্ৰশ্নৰ উত্তৰ, সাক্ষী আৰু ভাষণ দিয়াত নিপুণ কৰে। যিহেতু পাৰ্থিৱ আশা ৰাখা খ্ৰীষ্টানসকলে এই ক্ষেত্ৰত অধিক নিপুণ বা উপযুক্ত হʼব পাৰে।

১৭. পবিত্ৰ আত্মাৰে অভিষিক্ত হোৱা সকলে কিহৰ আৰু কাৰ ওপৰত নিৰ্ভৰ কৰে?

১৭ যদি এজন সঙ্গী বিশ্বাসীয়ে স্বৰ্গীয় আশাৰ সম্বন্ধে কিবা জানিব বিচাৰিছে তেন্তে এজন প্ৰাচীন বা পৰিপক্ক খ্ৰীষ্টান ব্যক্তিয়ে তেওঁক ইয়াৰ বিষয়ে জনাত সহায় কৰিব পাৰে। তথাপিও এজন ব্যক্তিয়ে আনৰ বাবে কোনো নিৰ্ণয় লʼব নোৱাৰে। সঁচাকৈ যদি এজন ব্যক্তিৰ স্বৰ্গীয় জীৱনৰ আশা আছে তেন্তে তেওঁ ইয়াৰ বিষয়ে আনক সোধাটো উচিত নহয়। কিয়নো অভিষিক্তসকল “ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ্জন্ম পোৱা হৈছে।” (১ পিতৰ ১:২৩) পবিত্ৰ আত্মা আৰু বাক্যৰ দ্বাৰা যিহোৱাই ব্যক্তিজনৰ মনত “বীজ” সিঁচিছে যি স্বৰ্গীয় জীৱনৰ আশাৰ বাবে “নতুন সৃষ্টি।” (২ কৰিন্থীয়া ৫:১৭) তদুপৰি বাছনি কৰা কাৰ্য্য হৈছে যিহোৱাৰ। কোনো এজন অভিষিক্ত ব্যক্তি “ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।” (ৰোমীয়া ৯:১৬) তেন্তে এজন ব্যক্তিয়ে কেনেকৈ এই নিৰ্ণয়ত উপনীত হʼব পাৰে যে তেওঁ স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰিত হৈছে?

তেওঁলোক কিয় নিশ্চিত হʼব

১৮. এজনে পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত হৈছে নে নাই তাক যিহোৱাৰ আত্মাই কেনেকৈ সাক্ষী দিয়ে?

১৮ ঈশ্বৰৰ আত্মাই অভিষিক্ত খ্ৰীষ্টানক সাক্ষী দিয়ে যে তেওঁলোকক স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “যি আত্মাৰ দ্বাৰাই আমি ‘আব্বা, পিতৃ’, এই বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালা। যদি সন্তান হওঁ, তেন্তে উত্তৰাধীকাৰীও হওঁ; অৰ্থাৎ, খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হবলৈ, যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী, আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ।” (ৰোমীয়া ৮:১৫-১৭) এই পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্তসকলে ঈশ্বৰৰ সন্তান হোৱাৰ দায়িত্বৰ বিষয়ে শাস্ত্ৰই কি কৈছে তাৰ অনুসাৰে চলিবলৈ প্ৰেৰিত হয়। (১ যোহন ৩:২) তদুপৰি ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁলোকৰ মনত ঈশ্বৰৰ সন্তান হোৱাৰ চেতনা বিকাশিত আৰু এই অমূল্য আশা প্ৰদান কৰে। (গালাতীয়া ৪:৬, ৭) যদিও পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে চিৰকাল এই পৃথিৱীত সিদ্ধ মানৱৰ বাবে জীয়াই থকাৰ এক উত্তম আশা আছে তথাপিও তেওঁলোকক এই আশাৰ বাবে ঈশ্বৰে বাছি লোৱা নাই। ঈশ্বৰে আত্মাৰ দ্বাৰা তেওঁলোকৰ মনত এনে এক দৃঢ়সঙ্কল্প উৎপন্ন কৰিছে যাতে তেওঁলোকে নিস্বাৰ্থৰে সকলো পাৰ্থিৱ মোহ আৰু আশা ত্যাগ দি স্বৰ্গীয় জীৱনৰ বাবে সাজু থাকে।—২ কৰিন্থীয়া ৫:১-৫, ৮; ২ পিতৰ ১:১৩, ১৪.

১৯. নতুন নিয়মে অভিষিক্ত খ্ৰীষ্টানসকলৰ জীৱনত কেনে ভূমিকা আদায় কৰে?

১৯ অভিষিক্ত খ্ৰীষ্টানসকলে নিশ্চিত যে স্বৰ্গীয় জীৱনৰ বাবে তেওঁলোকক নতুন চুক্তিত সন্মিলিত কৰা হʼল। এই বিষয়ে যীচুৱে স্মৰণীয় পৰ্ব্ব স্থাপন কৰাৰ সময়ত এইদৰে কৈছিল: “তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।” (লূক ২২:২০) এই নতুন চুক্তিৰ পক্ষ হৈছে অভিষিক্ত খ্ৰীষ্টান আৰু ঈশ্বৰ। (যিৰিমিয়া ৩১:৩১-৩৪; ইব্ৰী ১২:২২-২৪) যীচু হৈছে ইয়াৰ মধ্যস্থ। তেওঁৰ বোঁৱতী তেজৰ দ্বাৰা এই নতুন নিয়ম কেৱল ইহুদীসকলৰ সৈতে নহয় কিন্তু যিহোৱাৰ নাম ধাৰণ কৰা আন জাতিবোৰৰ সৈতেও স্থাপিত কৰা হʼল আৰু তেওঁলোকে অব্ৰাহামৰ “বংশৰ” ভাগ হʼবলৈও সুযোগ পালে। (গালাতীয়া ৩:২৬-২৯; পাঁচনিৰ কৰ্ম্ম ১৫:১৪) এই ‘অনন্তকালস্থায়ী নিয়মে’ সকলো আধ্যাত্মিক ইস্ৰায়েলৰ বাবে স্বৰ্গীয় পুনৰুত্থানৰ দুৱাৰ মুকলি কৰিছে।—ইব্ৰী ১৩:২০.

২০. যীচুৰ সৈতে অভিষিক্তসকলক কেনে নিয়মত অন্তৰ্ভূক্ত কৰা হৈছে?

২০ অভিষিক্ত সকলে স্বৰ্গীয় জীৱনৰ আশাত উপনীত হʼব বুলি নিশ্চিত। তেওঁলোকৰ সৈতে এক অতিৰিক্ত নিয়ম অৰ্থাৎ ৰাজ্যৰ নিয়ম স্থাপিত কৰা হৈছে। তেওঁলোকে যীচুৰ সহভাগী হৈ কাৰ্য্য কৰাৰ বিষয়ে তেওঁ স্বয়ং এইদৰে কৈছিল: “তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেই দৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ।” (লূক ২২:২৮-৩০) এই নিয়ম যীচু আৰু তেওঁৰ সঙ্গী ৰজাসকলৰ মাজত সদায়েই কাৰ্য্যকাৰী হৈ থাকিব।—প্ৰকাশিত বাক্য ২২:৫.

স্মৰণীয় পৰ্ব্বৰ সময়ছোৱা হৈছে আনন্দৰ সময়

২১. স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আমি কেনেকৈ অধিক লাভাবান হʼব পাৰোঁ?

২১ এই স্মৰণীয় পৰ্ব্বৰ সৈতে বহুতো আনন্দৰ কাৰণ সন্মিলিত আছে। সেই সময়ছোৱাৰ বাবে নিৰ্দ্ধাৰিত কৰা বাইবেল তালিকা অনুসাৰে পাঠ কৰি আমি লাভবান হʼব পাৰোঁ। তদুপৰি এই সময়ছোৱাত আমি প্ৰাৰ্থনা, পৃথিৱীত অতিবাহিত কৰা যীচুৰ জীৱন আৰু মৃত্যুৰ ওপৰত ধ্যান আৰু ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যতো ভাগ লʼবলৈ সুযোগ পাম। (গীতমালা ৭৭:১২; ফিলিপীয়া ৪:৬, ৭) এই উদযাপন পৰ্ব্বটোৱে স্বয়ং আমাক যিহোৱা আৰু যীচুৱে মুক্তিপণ বলিদানৰ যোগেদি দেখুউৱা প্ৰেমৰ বিষয়েও সোঁৱৰায় দিয়ে। (মথি ২০:২৮; যোহন ৩:১৬) এই প্ৰবন্ধই আমাক শান্ত্বনা আৰু আশাৰ সৈতে যীচুৰ পদচিন্হত চলি থাকি তেওঁৰ দৰে কৰিবলৈ আমি কৰা সঙ্কল্পত দৃঢ় হʼবলৈ প্ৰেৰিত কৰে। (যাত্ৰাপুস্তক ৩৪:৬; ইব্ৰী ১২:৩) তদুপৰি এই স্মৰণীয় পৰ্ব্বই যিহোৱালৈ আমি কৰা সমৰ্পণৰ অনুসাৰে কাৰ্য্য আৰু তেওঁৰ পুত্ৰৰ বিশ্বাসী অনুগামী হোৱাত আমাক দৃঢ় কৰা উচিত।

২২. মানুহলৈ দিয়া ঈশ্বৰৰ আটাতকৈ মহৎ উপহাৰটো কি আৰু কিদৰে তাৰ প্ৰতি আমি কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

২২ যিহোৱাই আমাক কিযে এক উত্তম দান দিছে! (যাকোব ১:১৭) আমাক নিৰ্দ্দেশনা দিবলৈ তেওঁৰ বাক্য, তেওঁৰ পবিত্ৰ আত্মা আৰু চিৰকালে জীয়াই থকাৰ আশা আছে। ঈশ্বৰৰ আটাইতকৈ উত্তম দান হৈছে অভিষিক্ত বৰ্গ আৰু আনবিলাকৰ পাপৰ বাবে দিয়া যীচুৰ মুক্তিপণ বলিদান। (১ যোহন ২:১, ২) এতেকে যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে? আপুনি ২০০৩ চনৰ ১৬ এপ্ৰিল, সূৰ্য্য অস্ত যোৱাৰ পিছত পালন কৰিবলগা এই প্ৰভুৰ ভোজ পৰ্ব্বত উপস্থিত হৈ তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবনে? (w03 2/15)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত কিন্তু বৰ্তমানে উপলব্ধ নাই।

আপুনি কেনেকৈ উত্তৰ দিব?

• স্মৰণীয় পৰ্ব্বৰ প্ৰতীকবোৰ কোনসকলে গ্ৰহণ কৰা উচিত?

• ‘অন্য মেৰবৰ্গই’ কিয় স্মৰণীয় পৰ্ব্বৰ দিনটোক শ্ৰদ্ধাৰে পৰ্য্যবেক্ষক হিচাবে উপস্থিত থাকে?

• যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্বত ব্যৱহাৰ কৰ পিঠা আৰু দ্ৰাক্ষাৰস অভিষিক্ত খ্ৰীষ্টানসকলে গ্ৰহণ কৰা উচিত নে অনুচিত তাক তেওঁলোকে কেনেকৈ জানিব পাৰে?

• স্মৰণীয় পৰ্ব্বৰ সময়ছোৱা কিহৰ বাবে এক উত্তম সময়?

আপুনি কেনেকৈ উত্তৰ দিব?

• যীচুৱে কিয় প্ৰভুৰ ভোজ পৰ্ব্ব প্ৰতিষ্ঠিত কৰিলে?

• এই স্মৰণীয় পৰ্ব্ব কিমানবাৰ পালন কৰা উচিত?

• খমিৰ মিহলি নকৰা পিঠাৰ অৰ্থ কি?

• দ্ৰাক্ষাৰসৰ অৰ্থ কি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ তালিকা/ছবি]

(লেখনিটো সম্পূৰ্ণ ফৰমেটত চাবলৈ, প্ৰকাশনত চাওক)

ভাগ লোৱাসকল স্মৰণীয় পৰ্ব্বত উপস্থিতি

লাখ সংখ্যাত

১,৫৫,৯৭,৭৪৬

১৫

১৪

১,৩১,৪৭,২০১

১৩

১২

১১

১০

 

 

 

 

 

৪৯,২৫,৬৪৩

 

 

 

 

৮,৭৮,৩০৩

৬৩,১৪৬

১৯৩৫ ১৯৫৫ ১৯৭৫ ১৯৯৫ ২০০২

[৩০ পৃষ্ঠাৰ ছবি]

এই বছৰৰ প্ৰভুৰ ভোজ উদযাপনত আপুনি উপস্থিত থাকিবনে?