প্ৰভুৰ ভোজ পৰ্ব্ব কিয় উদযাপন কৰা আৱশ্যক?
প্ৰভুৰ ভোজ পৰ্ব্ব কিয় উদযাপন কৰা আৱশ্যক?
“যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলোঁ।”—১ কৰিন্থীয়া ১১:২৩.
১, ২. যীচুৱে ৩৩ চনৰ নিস্তাৰ-পৰ্ব্বৰ নিশাটোত কি কৰিলে?
মাৰ্চ মাহৰ ৩১ তাৰিখ, বৃহস্পতিবাৰৰ সা.যু. ৩৩ চনৰ পূৰ্ণিমাৰ নিশাটোত যিৰূচালেম চহৰত যিহোৱাৰ একমাত্ৰ পুত্ৰৰ সৈতে ‘সকলো পৰিক্ষা কালত তেওঁৰ লগত থকা’ এঘাৰ জন ব্যক্তিও উপস্থিত আছিল। (লূক ২২:২৮) অলপতে যীচু আৰু তেওঁৰ শিষ্যসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰা সমাপ্ত কৰিছে। বিশ্বাসঘাতক ঈষ্কৰিয়োতীয়া যিহূদাক যীচুৱে বাহিৰলৈ যাবলৈ কʼলে। কিন্তু আন ১১ জন হʼলে তাত উপস্থিত থাকিল। তেওঁলোকে কিয় উপস্থিত থাকিল? কিয়নো যীচুৱে কিবা এক গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰিবলৈ আছিল। সেই কাৰ্য্য কি আছিল?
২ যিহেতু সেই সময়ত শুভবাৰ্ত্তা কিতাপ লিখোঁতা মথি স্বয়ং তাত উপস্থিত আছিল, গতিকে তেওঁৰ পৰা সেই বিষয়ে শুনোহঁক। তেওঁ এনেদৰে লিখিছিল: “যীচুৱে পিঠা লৈ, আশীৰ্ব্বাদ কৰি, ভাঙি, শিষ্যবিলাকক দি কলে, লোৱা, খোৱা; এয়ে মোৰ শৰীৰ। পাছে তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, ইয়াক তোমালোক সকলোৱে পান কৰা; কিয়নো মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, পাপ-মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।” (মথি ২৬:২৬-২৮) এই উদযাপনটো কেৱল এবাৰহে পালন কৰিব আছিল নে? এই উদযাপনৰ বৈশিষ্ট্যতা কি আছিল? বৰ্তমানে ই আমাৰ বাবে কোনো অৰ্থ ৰাখেনে?
“ইয়াকে কৰিবা”
৩. সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে যীচুৱে কৰা কাৰ্য্য কিয় গুৰুত্বপূৰ্ণ আছিল?
৩ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ নিশাটোত যীচুৱে কৰা কাৰ্য্য তেওঁৰ জীৱনৰ বাবে এক সামান্য বিষয় নাছিল। এই বিষয়ে ২০ বছৰতকৈ অধিক সময়ৰ পিছতো পাঁচনি পৌলে কৰিন্থীয়াত থকা অভিষিক্ত সকললৈ লিখা পত্ৰত এই প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব পালন কৰাৰ বিষয়ে আলোচনা কৰিছিল। যদিও পাঁচনি পৌলে সা.যু. ৩৩ চনত যীচু আৰু ১১ জন শিষ্যৰ সৈতে উপস্থিত নাছিল তথাপিও তেওঁ এই বিষয়ে আন কিছুমান পাঁচনিৰ পৰা জানিব পাৰিলে। তদুপৰি তেওঁ এই ঘটনাৰ সঠিকতাৰ বিষয়ে ঈশ্বৰৰ প্ৰকাশিত প্ৰেৰিত জ্ঞানো পাইছিল। এই সম্পৰ্কে তেওঁ এইদৰে কৈছিল: “যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলোঁ, সেয়ে এই, প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল, সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি কলে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা। সেইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ কলে, এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰই হোৱা নতুন নিয়ম; তোমালোকে যিমানবাৰ ইয়াক পান কৰা, সিমানবাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা।”—১ কৰিন্থীয়া ১১:২৩-২৫.
৪. খ্ৰীষ্টানসকলে কিয় প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব পালন কৰা উচিত?
৪ শুভবাৰ্ত্তা কিতাপ লিখোঁতা লূকে যীচুৱে দিয়া আজ্ঞাক প্ৰতিপন্ন কৰিছে, যʼত এইদৰে কোৱা হৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) এই বাক্যশাৰীক এনেদৰেও প্ৰকাশ কৰা হৈছে: “মোক স্মৰণ কৰিবৰ অৰ্থে ইয়াকে কৰা।” (টুডেইজ্ ইংলিছ ভাৰচন্) আৰু “মোৰ সোঁৱৰণিৰ বাবে ইয়াকে কৰা।” (দ্যা যিৰূচালেম বাইবেল) আনকি এই উদযাপন পৰ্ব্ব যীচুৰ মৃত্যু দিনটোক স্মৰণ কৰাক নিৰ্দ্দেশিত কৰে। পাঁচনি পৌলে এই উদযাপনক প্ৰভুৰ ভোজ বুলিও উল্লেখ কৰিছে। এইটো হৈছে উপযুক্ত উক্তি কিয়নো সেই নিশা এই উদযাপন প্ৰতিষ্ঠিত কৰা হৈছিল। (১ কৰিন্থীয়া ১১:২০) খ্ৰীষ্টানসকলক প্ৰভুৰ ভোজৰ উদযাপন পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিয়া হৈছিল। কিন্তু এই উদযাপন পৰ্ব্ব কিয় প্ৰতিষ্ঠিত কৰা হʼল?
কিয় ইয়াক স্থাপন কৰা হʼল
৫, ৬. (ক) যীচুৱে প্ৰভুৰ ভোজ উদযাপন কৰিবলৈ কোৱাৰ এটা কাৰণ কি? (খ) প্ৰভুৰ ভোজ উদযাপনৰ সৈতে সন্মিলিত থকা আন এটা কাৰণ বিষয়ে উল্লেখ কৰক।
৫ প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব প্ৰতিষ্ঠিত কৰাৰ এটা কাৰণ যীচুৰ মৃত্যুৱে সম্পন্ন কৰা উদ্দেশ্যৰ সৈতে জড়িত হৈ আছে। তেওঁ যিহোৱাৰ সাৰ্ব্বভৌমত্বক বজাই ৰাখিবলৈ প্ৰতিস্থাপক হিচাবে মৃত্যুবৰণ কৰিলে। ইয়াৰ দ্বাৰা তেওঁ মানুহে ঈশ্বৰৰ সেৱা বিনা লাভে নকৰে বুলি কোৱা চয়তানৰ অভিযোগক মিছা প্ৰমাণিত কৰিলে। (ইয়োব ২:১-৫) তেওঁ বিশ্বাসী হৈ মৃত্যুবৰণ কৰাৰ দ্বাৰা চয়তানক মিছা প্ৰমাণিত আৰু যিহোৱাৰ মন আনন্দিত কৰিলে।—হিতোপদেশ ২৭:১১.
৬ প্ৰভুৰ ভোজ উদযাপন কৰা আজ্ঞা পালন কৰাৰ আন এটা কাৰণ হৈছে যীচুৱে পৰিপূৰ্ণ মানৱ হিচাবে ‘অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিলে,’ সেই বিষয়ে আমাক স্মৰণ কৰাই দিয়া। (মথি ২০:২৬) যেতিয়া প্ৰথম মানৱে ঈশ্বৰৰ অহিতে পাপ কৰিলে তেতিয়া তেওঁ পৰিপূৰ্ণ হৈ নাথাকিল আৰু ভৱিষ্যতে থকা আশাও হেৰুৱালে। তথাপিও যীচুৱে এইদৰে কৈছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) প্ৰকৃততে, “পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।” (ৰোমীয়া ৬:২৩) প্ৰভুৰ ভোজ উদযাপনে আমাক যিহোৱা আৰু তেওঁৰ পুত্ৰই মুক্তিপণ বলিদানৰ দ্বাৰা দেখুউৱা প্ৰেমৰ বিষয়ে সোঁৱৰাই দিয়ে। এইবাবে আমি সেই প্ৰেমৰ বাবে কিমান যে কৃতজ্ঞ হোৱা উচিত!
কেতিয়ালৈকে ইয়াক পালন কৰা আৱশ্যক?
৭. অভিষিক্ত খ্ৰীষ্টানসকলে প্ৰভুৰ ভোজ উদযাপনত কেতিয়ালৈকে অংশ গ্ৰহণ কৰিব?
৭ এই সম্পৰ্কে পাঁচনি পৌলে এনেদৰে কৈছিল: “তোমালোকে যিমানবাৰ এই পিঠা খোৱা, আৰু এই পাত্ৰত পান কৰা, সিমানবাৰ প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা।” (১ কৰিন্থীয়া ১১:২৬) অভিষিক্ত খ্ৰীষ্টানসকলে তেওঁলোকৰ মৃত্যু নোহোৱালৈকে প্ৰভুৰ ভোজ উদযাপনত ভাগ লৈ থাকিব। এইদৰে তেওঁলোকে যিহোৱা আৰু জগতৰ আগত যীচুৰ মুক্তিপণ বলিদানৰ প্ৰতি থকা বিশ্বাসৰ প্ৰমাণ দি থাকিব।
৮. অভিষিক্ত বৰ্গক কিমান সময়লৈকে প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব পালন কৰিবলগা আছিল?
৮ এই উদযাপন পৰ্ব্ব অভিষিক্ত বৰ্গই কেতিয়ালৈকে পালন কৰিব আছিল? পাঁচনি পৌলে কৈছিল যে “প্ৰভু নহালৈকে” অৰ্থাৎ যীচুৱে তেওঁৰ “আগমণৰ” সময়ত তেওঁলোকক পুনৰুত্থানৰ দ্বাৰা স্বৰ্গত নিনিয়ালৈকে পালন কৰি থাকিব। (১ থিচলনীকীয়া ৪:১৪-১৭) এই কথাষাৰ যীচুৱে তেওঁৰ ১১ জন পাঁচনিক কোৱাৰ সৈতে মিল খায়, যʼত তেওঁ এইদৰে কৈছিল: “মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ তেন্তে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।”—যোহন ১৪:৩.
৯. মাৰ্ক ১৪:২৫ পদত উল্লেখ কৰা যীচুৰ বাক্যশাৰীৰ অৰ্থ কি আছিল?
৯ প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব প্ৰতিষ্ঠিতৰ সময়ত যীচুৱে দ্ৰাক্ষাৰসৰ পান-পাত্ৰ লৈ শিষ্যসকলক এনেদৰে কৈছিল: “ঈশ্বৰৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস আৰু পান নকৰোঁ।” (মাৰ্ক ১৪:২৫) ইয়াৰ অৰ্থ এইটো নাছিল যে তেওঁ স্বৰ্গত দ্ৰাক্ষাৰস পান কৰিব, দৰাচলতে তাৰ অৰ্থ আছিল আনন্দিত হোৱা যাক কেতিয়াবা দ্ৰাক্ষাৰসৰ সৈতে তুলনা কৰা হয়। (গীতমালা ১০৪:১৫; উপদেশক ১০:১৯) সেই ৰাজ্যত তেওঁৰ সৈতে একেলগ হোৱাটো অনুগামীসকলৰ বাবে হৈছে হৰ্ষিত হোৱাৰ কাৰণ যাৰ বাবে তেওঁলোকে আশাৰে বাট চাই আছে।—ৰোমীয়া ৮:২৩; ২ কৰিন্থীয়া ৫:২.
১০. যীচুৰ মৃত্যু দিনটো কিমানবাৰ পালন কৰা আৱশ্যক?
১০ যীচুৰ মৃত্যুৰ দিনটো সপ্তাহিক, মাহেকীয়া বা প্ৰত্যেকদিনা পালন কৰা উচিতনে? অৱশ্যেই নহয়। কিয়নো তেওঁ নিস্তাৰ-পৰ্ব্বৰ দিনাখন প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব পালন কৰিছিল আৰু সেইদিনাখনেই তেওঁৰ মৃত্যু হৈছিল। ইস্ৰায়েলসকলে এই নিস্তাৰ-পৰ্ব্ব মিচৰৰ দাসত্বৰ পৰা সা.যু.পূ. ১৫১৩ চনত মুক্তি লাভ কৰাৰ “সোঁৱৰণী” হিচাবে পালন কৰিছিল। (যাত্ৰাপুস্তক ১২:১৪) এই নিস্তাৰ-পৰ্ব্বৰ দিনটো ইহুদী কেলেন্ডাৰৰ অনুসাৰে বছৰৰ নিচান মাহৰ ১৪ তাৰিখে পালন কৰা হৈছিল। (যাত্ৰাপুস্তক ১২:১-৬; লেবীয়া পুস্তক ২৩:৫) ইয়াৰ অৰ্থ হৈছে যীচুৰ মৃত্যু দিনটো নিস্তাৰ-পৰ্ব্বৰ দৰে সপ্তাহিক, মাহেকীয়া বা প্ৰত্যেকদিনা নহয় কিন্তু বছৰত এবাৰহে পালন কৰা আৱশ্যক।
১১, ১২. প্ৰথম শতিকাত পালন কৰা প্ৰভুৰ ভোজ উদযাপনৰ বিষয়ে বুৰঞ্জীয়ে কি কৈছে?
১১ সেয়েহে নিচান মাহৰ ১৪ তাৰিখে বছেৰেকীয়া প্ৰভুৰ ভোজ উদযাপন পৰ্ব্ব পালন কৰা উচিত। এই বিষয়ে এটা উদ্ধৃতিত এইদৰে কোৱা হৈছে: “এছিয়া মাইনৰ খ্ৰীষ্টানসকলে পৰম্পৰাগতভাৱে নিচান মাহৰ ১৪ তাৰিখে পাচ্কা [প্ৰভুৰ ভোজ] পালন কৰাৰ বাবে তেওঁলোকক কোৱাৰ্ট্ডেচিমানচ্ [ফৰন্টিনথিয়াৰচ্] বুলি কোৱা হৈছিল, . . সেই তাৰিখটো হয়তো শুক্ৰবাৰ বা সপ্তাহৰ যিকোনো দিনত পৰিব পাৰে”।—দ্যা নিউ শ্বাফহাৰচʼক এনচাইক্লপেডিয়া অৱ ৰিলিজিয়াচ নʼলেজ, খণ্ড ৪, ৪৪ পৃষ্ঠা।
১২ সা. যু. দ্বিতীয় শতাব্দীত পালন কৰা প্ৰথাৰ বিষয়ে বুৰঞ্জীবিদ জে. এল. ৱন মোচিমে কৈছিল যে কোৱাৰ্ট্ডেচিমানচ্সকলে নিচান মাহৰ ১৪ তাৰিখে এইবাবে স্মৰণীয় পৰ্ব্ব উদযাপন কৰিছিল কিয়নো “তেওঁলোকে যীচুৰ আৰ্হিক বলবৎ কৰা নিয়ম হিচাবে বিবেচনা কৰিছিল।” আন এজন বুৰঞ্জীবিদৰ অনুসাৰে: “এছিয়াত থকা কোৱাৰ্ট্ডেচিমানচ্সকলৰ গীৰ্জাত এই উদযাপন যিৰূচালেমত হোৱাৰ দৰে পালন কৰিছিল। দ্বিতীয় শতিকাত এই গীৰ্জাৰ লোকসকলে পাচকা পৰ্ব্বৰ পালন নিচান মাহৰ ১৪ তাৰিখে যীচুৰ মৃত্যুৰ দ্বাৰা মানৱজাতিৰ পৰিত্ৰাণ সম্ভৱ হোৱাটোক সুঁৱৰিবৰ অৰ্থে পালন কৰিছিল।”—ষ্টুডিয়া পেট্ৰিচিয়া, খণ্ড ৫, ১৯৬২, ৮ পৃষ্ঠা।
পিঠাৰ তাৎপৰ্য্যতা
১৩. যীচুৱে প্ৰভুৰ ভোজ প্ৰতিষ্ঠিত কৰাৰ সময়ত কেনেধৰণ পিঠা ব্যৱহাৰ কৰিছিল?
১৩ যীচুৱে এই স্মৰণীয় পৰ্ব্ব প্ৰতিষ্ঠিত কৰাৰ সময়ত “তেওঁ পিঠা লৈ, আশীৰ্ব্বাদ কৰি, ভাঙি, তেওঁলোকক [পাঁচনিসকলক] দি কলে, লোৱা।” (মাৰ্ক ১৪:২২) তেওঁলোকে ব্যৱহাৰ কৰা পিঠা অলপতে নিস্তাৰ-পৰ্ব্বৰ বাবে ব্যৱহাৰ কৰা পিঠাৰ সৈতে একেই আছিল। (যাত্ৰাপুস্তক ১৩:৬-১০) এনেধৰণৰ পিঠাত খমিৰ মিহলি নকৰাকৈ চেপেটা আৰু ঠুনুকাভাৱে ভজা হয় যাতে সহজে ভাঙি বিতৰণ কৰিব পাৰি। যীচুৱে অলৌকিকভাৱে হাজাৰ হাজাৰ লোকক খুৱাবলৈ সহজে ভাঙি বিতৰণ কৰিবলৈও সেই একেইধৰণৰ পিঠা ব্যৱহাৰ কৰিছিল। (মথি ১৪:১৯; ১৫:৩৬) তেতিয়াহʼলে স্মৰণীয় পৰ্ব্বত পিঠা ভঙাটো কোনো ধৰ্ম্মীয় প্ৰথাৰ অনুসাৰে নাছিল।
১৪. (ক) প্ৰভুৰ ভোজ উদযাপন পৰ্ব্বত ব্যৱহাৰ কৰা পিঠাত কিয় খমিৰ মিহলোৱা উচিত নহয়? (খ) এই উদযাপন পৰ্ব্বৰ বাবে কেনে ধৰণৰ পিঠা তৈয়াৰী কৰা উচিত?
১৪ স্মৰণীয় পৰ্ব্বৰ প্ৰতিষ্ঠিত কৰা সময়ত ব্যৱহাৰ কৰা পিঠাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই।” (১ কৰিন্থীয়া ১১:২৪; মাৰ্ক ১৪:২২) যিহেতু খমিৰ মিহলি নকৰা পিঠা হোৱাৰ বাবে এই কথাষাৰ একেবাৰে উপযুক্ত আছিল। কিয় উপযুক্ত আছিল? কিয়নো খমিৰে বেয়া, দুষ্টতা বা পাপক চিহ্নিত কৰিব পাৰে। (১ কৰিন্থীয়া ৫:৬-৮) পিঠা যীচুৰ সিদ্ধ মানৱ শৰীৰক চিহ্নিত কৰে আৰু যি মুক্তিপণ বলিদানৰ বাবে একেবাৰে উপযুক্ত আছিল। (ইব্ৰী ৭:২৬; ১০:৫-১০) যীচুৱে প্ৰভুৰ ভোজ উদযাপনৰ সম্পৰ্কে ৰাখা এই আৰ্হিক যিহোৱাৰ সাক্ষীসকলেও পালন কৰি স্মৰণীয় পৰ্ব্বৰ বাবে খমিৰ মিহলি নোহোৱা পিঠা ব্যৱহাৰ কৰে। কিছুমান ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলেও তেনেদৰে পিঠা তৈয়াৰী কৰে যিদৰে ইহুদী লোকবিলাকে নিস্তাৰ-পৰ্ব্বৰ বাবে কোনো পিয়াজ বা কণী ব্যৱহাৰ নকৰাকৈ পিঠা ব্যৱহাৰ কৰিছিল। অন্যথা, খমিৰ মিহলি নকৰা পিঠা তৈয়াৰী কৰোঁতে হয়তো কিছু পৰিমাণৰ ময়দাৰ (যʼত সম্ভৱ ঘেঁহু আটা) সৈতে অলপ পানী মিহলাই তৈয়াৰী কৰিব পাৰে। তাৰ পিছত আটা লদাখিনি অলপ পাতলকৈ বেলনাৰে বেলি পাত্ৰত কম পৰিমাণৰ তেল দি তেতিয়ালৈকে সেকা উচিত যেতিয়ালৈকে ই শুকান আৰু মচমচীয়া নহয়।
দ্ৰাক্ষাৰসৰ তাৎপৰ্য্যতা
১৫. যীচুৱে মৃত্যুৰ স্মৰণীয় পৰ্ব্ব প্ৰতিষ্ঠিতৰ সময়ত তেওঁ ব্যৱহাৰ কৰা পান-পাত্ৰত কি আছিল?
১৫ খমিৰ নিমিহলোৱা পিঠা বিতৰণ কৰাৰ পিছত যীচুৱে “পান পাত্ৰকো লৈ স্তুতি কৰি, [পাঁচনিবিলাকক] দিলে; তাতে সকলোৱে তাক পান কৰিলে।” এই বিষয়ে যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছিল: “যি মোৰ তেজ অনেকৰ নিমিত্তে উলিওৱা হৈছে, সেয়ে এই।” (মাৰ্ক ১৪:২৩, ২৪) সেই পান-পাত্ৰত কি আছিল? কোনো সাধাৰণ আঙুৰৰ ৰস নহয় কিন্তু দ্ৰাক্ষাৰস আছিল। শাস্ত্ৰই উল্লেখ কৰা দ্ৰাক্ষাৰসৰ অৰ্থ এইটো নহয় যে আলোড়িত নকৰা আঙুৰৰ ৰস। উদাহৰণস্বৰূপে, যীচুৱে কৈছিল যে আঙুৰৰ ৰস নহয় কিন্তু দ্ৰাক্ষাৰসেহে “পুৰণি ছালৰ মোট” নষ্ট কৰে। তদুপৰি শত্ৰুবিলাকেও যীচুক অভিযোগ দি কৈছিল যে তেওঁ “দ্ৰাক্ষাৰসত আসক্ত” হৈছে। যদি সেই দ্ৰাক্ষাৰস কেৱল সাধাৰণ আঙুৰৰ ৰস হোৱাহʼলে, তেওঁলোকে দিয়া অভিযোগৰ কোনো অৰ্থ নাথাকিলেহেঁতেন। (মথি ৯:১৭; ১১:১৯, NW) নিস্তাৰ-পৰ্ব্বৰ সময়ত দ্ৰাক্ষাৰস পান কৰা হৈছিল আৰু প্ৰভুৰ ভোজ প্ৰতিষ্ঠিতৰ সময়তো যীচুৱে দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিছিল।
১৬, ১৭. প্ৰভুৰ ভোজ পৰ্ব্বৰ বাবে কেনে ধৰণৰ দ্ৰাক্ষাৰস ব্যৱহাৰ কৰাটো উচিত আৰু কিয়?
১৬ পান-পাত্ৰত থকা কেৱল ৰঙা বৰণীয়া দ্ৰাক্ষাৰসহে যীচুৰ তেজৰ প্ৰতীকৰ বাবে উপযুক্ত। এই বিষয়ে তেওঁ স্বয়ং এনেদৰে কৈছিল: “মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।” এই সম্পৰ্কে পাঁচনি পিতৰেও এইদৰে লিখিছিল: “তোমালোকে [অভিষিক্ত খ্ৰীষ্টানসকলে] জানা যে, তোমালোকৰ পূৰ্ব্ব-পুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, তোমালোক সোণ, ৰূপ আদি ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হলা, এনে নহয়, নিঘুণী আৰু নিষ্কলঙ্ক মেৰ পোৱালিস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা।”—১ পিতৰ ১:১৮, ১৯.
১৭ নিঃসন্দেহ, যীচুৱে এই স্মৰণীয় পৰ্ব্ব উদযাপন কৰাৰ সময়ত ৰঙা আঙুৰৰ দ্ৰাক্ষাৰসহে ব্যৱহাৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত পোৱা কিছুমান ৰঙা দ্ৰাক্ষাৰস স্মৰণীয় পৰ্ব্বত ব্যৱহাৰ কৰিবলৈ গ্ৰহণযোগ্য নহয়। কিয়নো সেই দ্ৰাক্ষাৰসত এলকহʼল বা সুৰা অথবা আন বনৌষধি আৰু মচলা মিহলাই তৈয়াৰী কৰা হয়। মুক্তিপণ বলিদানৰ বাবে কেৱল যীচুৰ তেজ সম্পূৰ্ণকৈ উপযুক্ত আছিল। সেয়েহে তাত আন কোনো বস্তু মিহলোৱা আৱশ্যক নাছিল। সেইবাবে তেনে দ্ৰাক্ষাৰসত কোনো ধৰণৰ মচলা জাতীয় পদাৰ্থ মিলোৱা উচিত নহয়। প্ৰভুৰ ভোজ পৰ্ব্বত ব্যৱহাৰ কৰা পান-পাত্ৰত থকা ৰঙা দ্ৰাক্ষাৰস সুগন্ধি আৰু মিঠাযুক্ত হোৱা অনুচিত। ঘৰতে তৈয়াৰী কৰা মিঠাযুক্ত নোহোৱা দ্ৰাক্ষাৰস স্মৰণীয় পৰ্ব্বৰ বাবে উপযোগী আৰু ইয়াৰ বাবে স্থানীয়ভাৱে উপলব্ধ থকা ৰঙা আঙুৰ ব্যৱহাৰ কৰিব পাৰে।
১৮. প্ৰভুৰ ভোজ পৰ্ব্বত ব্যৱহাৰ কৰা পিঠা আৰু দ্ৰাক্ষাৰসৰ বাবে যীচুৱে কিয় কোনো অলৌকিক কাৰ্য্য কৰা নাছিল?
১৮ এই স্মৰণীয় পৰ্ব্ব প্ৰতিষ্ঠিত কৰাৰ সময়ত যীচুৱে কোনো অলৌকিক কাৰ্য্যৰে সেই দ্ৰাক্ষাৰস আৰু পিঠাক তেওঁৰ বাস্তৱিক শৰীৰ আৰু তেজলৈ সলনি কৰা নাছিল। দৰাচলতে নৰমাংস খোৱা আৰু তেজ পান কৰাটো ঈশ্বৰৰ ব্যৱস্থাৰ সামঞ্জস্যত নহয়। (আদিপুস্তক ৯:৩, ৪; লেবীয়া পুস্তক ১৭:১০) তদুপৰি তেতিয়াও সেই সময়ত যীচুৱে এজন সম্পূৰ্ণ মানৱ শৰীৰ আৰু তেজৰ সৈতে তাত উপস্থিত আছিল। পিছদিনা অৰ্থাৎ ইহুদী কেলেণ্ডাৰৰ অনুসাৰে নিচান মাহৰ ১৪ তাৰিখৰ আবেলী তেওঁৰ শৰীৰ আৰু তেজ মুক্তিপণ বলিদান স্বৰূপে উৎসৰ্গ কৰা হʼল। গতিকে এই প্ৰভুৰ ভোজৰ পৰ্ব্বত ব্যৱহাৰ হোৱা প্ৰতীকবোৰ লাক্ষণিকভাৱে যীচুৰ শৰীৰ আৰু তেজক চিন্হিত কৰে। *
স্মৰণীয় পৰ্ব্ব অথাৎ সমূহীয়াকৈ পালন কৰা উদযাপন
১৯. প্ৰভুৰ ভোজ পৰ্ব্ব পালন কৰাৰ সময়ত কিয় সম্ভৱতঃ এটাতকৈ অধিক পান-পাত্ৰ আৰু প্লেট ব্যৱহাৰ কৰিব পাৰে?
১৯ যীচুৱে স্মৰণীয় পৰ্ব্ব প্ৰতিষ্ঠিত কৰাৰ সময়ত তেওঁৰ বিশ্বাসী পাঁচনিবিলাকক এটা পান-পাত্ৰৰ পৰা পান কৰিবলৈ আমন্ত্ৰিত কৰিছিল। এই বিষয়ে মথিয়ে কৈছে: “[যীচু] পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, ইয়াক তোমালোক সকলোৱে পান কৰা।” (মথি ২৬:২৭) যিহেতু এখন মেজত ১১ জন পাঁচনিৰ সৈতে কেৱল এটা পান-পাত্ৰ ব্যৱহাৰ কৰাটো কোনো সমস্যাজনক বিষয় নাছিল। কিন্তু এইবছৰত গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলৰ ৯৪,০০০ খন মণ্ডলীত প্ৰভুৰ ভোজ পৰ্ব্ব পালন কৰিবলৈ প্ৰায়ে লাখ লাখ লোকে একগোট হʼব। ভিন্ন ঠাইত হʼবলগীয়া বহুতো সভাৰ বাবে কেৱল এটা পান-পাত্ৰ ব্যৱহাৰ কৰাটো ব্যৱহাৰিক নহয়। গতিকে যীচুৰ তেজৰ প্ৰতীকক বজাই ৰাখি তেনে ক্ষেত্ৰত বহুতো পান-পাত্ৰ ব্যৱহাৰ কৰা হʼব যাতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে সকলোৰে আগেদি হস্তান্তৰ কৰা হয়। ঠিক সেইদৰে পিঠাৰ বাবে বহুতো প্লেট ব্যৱহাৰ কৰা হʼব। মন কৰিবলগীয়া এই যে এই উপলক্ষত কোনা বিশেষ ধৰণৰ পাত্ৰ বা প্লেট ব্যৱহাৰ কৰিব লাগে বুলি বাইবেলত উল্লেখ কৰা নাই। তথাপিও ব্যৱহাৰ হোৱা পান-পাত্ৰ বা প্লেট এই পৰ্ব্বৰ বাবে সন্মানীয় হোৱা উচিত। তদুপৰি পান-পাত্ৰত উপচি পৰাকৈ দ্ৰাক্ষাৰস ভৰ্ত্তি কৰা উচিত নহয় অন্যথা হস্তান্তৰ কৰাৰ সময়ত ছিটিকি পৰিব পাৰে।
২০, ২১. আমি প্ৰভুৰ ভোজক কিয় সমূহীয়াকৈ পালন কৰা উদযাপন বুলি কব পাৰোঁ?
২০ যদিও এটাতকৈ অধিক পান-পাত্ৰ আৰু প্লেট ব্যৱহাৰ কৰা হয় তথাপিও এই স্মৰণীয় পৰ্ব্বক সমূহীয়াকৈ পালন কৰা উদযাপন বুলি কোৱা হয়। উদাহৰণস্বৰূপে, প্ৰাচীনকালত এজন ইহুদী ব্যক্তিয়ে সমূহীয়া ভোজনৰ বাবে এটা পশুক ঈশ্বৰৰ পবিত্ৰস্থানলৈ আনিবলগা হৈছিল যʼত তাক বলিদানৰ অৰ্থে কটা হৈছিল। ইয়াৰ কিছু অংশ বেদীত দগ্ধ, কিছু অংশ নিযুক্ত পুৰোহিত, কিছু অংশ হাৰুণৰ পুত্ৰবিলাকক আৰু কিছু অংশক তেওঁ পৰিয়ালক বিতৰণ কৰিব লাগিছিল। (লেবীয়া পুস্তক ৩:১-১৬; ৭:২৮-৩৬) ঠিক সেইদৰে এই প্ৰভুৰ ভোজ পৰ্ব্বত সকলোৱে সহভাগী হোৱাৰ বাবে ইয়াক সমূহীয়াকৈ পালন কৰা উদযাপন বুলি কোৱা হয়।
২১ যিহোৱা হৈছে এই সমূহীয়াকৈ পালন কৰা উদযাপনৰ আয়োজনকৰ্ত্তা। যীচু হৈছে বলিদান দিওঁতা আৰু অভিষিক্ত খ্ৰীষ্টানসকলে যৌথ সহভাগী হিচাবে এই বলিদানৰ প্ৰতীকবোৰত ভাগ লৈছে। যিহোৱাৰ মেজৰ পৰা আহাৰ গ্ৰহণ কৰা অৰ্থ হৈছে সহভাগীসকলে তেওঁৰ সৈতে শান্তি বজাই ৰাখা। সেয়েহ পাঁচনি পৌলে এইদৰে লিখিছিল: “আমি যি আশীৰ্ব্বাদৰ পানপাত্ৰক আশীৰ্ব্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ শৰীৰৰ সহভাগিতা নহয় নে? কিয়নো অনেক যি আমি, আমি সকলোৱেই এক পিঠা, এক শৰীৰ; কাৰণ আমি সকলোৱেই সেই এক পিঠাৰ ভাগী।”—১ কৰিন্থীয়া ১০:১৬, ১৭.
২২. এই স্মৰণীয় পৰ্ব্বৰ সম্বন্ধে আমি কেনেবোৰ প্ৰশ্ন বিবেচনা কৰা আৱশ্যক?
২২ যিহোৱাৰ সাক্ষীসকলে এই প্ৰভুৰ ভোজ পৰ্ব্বক বছেৰেকীয়া ধাৰ্ম্মিক উৎসৱ হিচাবে পালন কৰে। এইটো একেবাৰে উপযুক্ত, কিয়নো যীচুৱে নিজেই এনে কৰিবলৈ আজ্ঞা দিছিল, যʼত তেওঁ এইদৰে কৈছিল: “মোক সুঁৱৰবলৈ ইয়াকে কৰা।” এই স্মৰণীয় পৰ্ব্বত আমি যীচুৰ মৃত্যুৰ দিনটো সোঁৱৰণ কৰো, কিয়নো যীচুৰ এই মৃত্যুৱে যিহোৱাৰ সাৰ্ব্বভৌমত্বক উন্নত কৰিলে। আমি জানিব পাৰিলোঁ যে সমূহীয়াকৈ পালন কৰা উদযাপনত ব্যৱহাৰ কৰা পিঠা মানৱৰূপী যীচুৰ শৰীৰৰ বলিদান আৰু দ্ৰাক্ষাৰস তেওঁৰ বোঁৱতী তেজক চিহ্নিত কৰে। দৰাচলতে এই প্ৰতীকবোৰত খোৱা বা পান কৰা ব্যক্তিসকলৰ সংখ্যা নিচেই কম। কিয় তেওঁলোকৰ সংখ্যা কম? ইয়াক নোখোৱা বা পান নকৰা লাখ লাখ ব্যক্তিৰ বাবে স্মৰণীয় পৰ্ব্বই কোনো অৰ্থ ৰাখেনে? প্ৰভুৰ ভোজ পৰ্ব্বই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে? (w03 2/15)
[ফুটনোট]
^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ইনচাইট খণ্ড ২, ২৭১ পৃষ্ঠাত চাওক।
আপুনি কেনেকৈ উত্তৰ দিব?
• যীচুৱে কিয় প্ৰভুৰ ভোজ পৰ্ব্ব প্ৰতিষ্ঠিত কৰিলে?
• এই স্মৰণীয় পৰ্ব্ব কিমানবাৰ পালন কৰা উচিত?
• খমিৰ মিহলি নকৰা পিঠাৰ অৰ্থ কি?
• দ্ৰাক্ষাৰসৰ অৰ্থ কি?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৫ পৃষ্ঠাৰ ছবি]
যীচুৱে প্ৰভুৰ ভোজ পৰ্ব্বৰ প্ৰতিষ্ঠিত কৰিছিল