Skip to content

Skip to table of contents

“পৰস্পৰৰ মাজত প্ৰেম ৰাখা”

“পৰস্পৰৰ মাজত প্ৰেম ৰাখা”

“পৰস্পৰৰ মাজত প্ৰেম ৰাখা”

“তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহন ১৩:৩৫.

১. যীচুৱে মৃত্যু হোৱা কিছুসময়ৰ আগেয়ে কেনে গুণটোত অধিক জোৰ দি উল্লেখ কৰিছিল?

 যীচুৱে মৃত্যুৰ পূৰ্বে সন্ধ্যাটোত শিষ্যসকলক “বোপাহঁত” (যোহন ১৩:৩৩) বুলি কৈ মৰমৰে সম্বোধিত কৰিছিল। ইয়াৰ আগেয়ে যীচুৱে কেতিয়াবা তেনেদৰে শিষ্যসকলক সম্বোধিত কৰাটো আমি শুভবাৰ্ত্তাৰ কিতাপত পঢ়িবলৈ নাপাওঁ। সেই বিশেষ নিশা শিষ্যসকলৰ প্ৰতি থকা তেওঁৰ আন্তৰিক প্ৰেম প্ৰকাশ কৰিবলৈ এনে গভীৰ স্নেহ ভৰা উক্তিটো ব্যৱহাৰ কৰিলে। দৰাচলতে সেই নিশাটোত যীচুৱে প্ৰায় ৩০ বাৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কিয় এই গুণটোত ইমান জোৰ দি কৈছিল?

২. খ্ৰীষ্টানসকলৰ মাজত পৰস্পৰে প্ৰেম প্ৰকাশ কৰাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

প্ৰেম গুণটো কিয় অতি আৱশ্যক সেই বিষয়ে তেওঁ বৰ্ণনা কৰি কৈছিল যে, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫; ১৫:১২, ১৭) যীচুৰ শিষ্য হোৱাৰ সৈতে ভাতৃত্ব প্ৰেমো বজাই ৰখাটো জড়িত হৈ আছে। দৰাচলতে প্ৰকৃত খ্ৰীষ্টানসকলক কোনো বিশেষ ধৰণৰ বস্ত্ৰ পৰিধান বা পৰম্পৰাক পালন কৰাৰ দ্বাৰা নহয় কিন্তু পৰস্পৰে হোৱা আগ্ৰহপূৰ্ণ আৰু প্ৰেমেপূৰ্বক ব্যৱহাৰ বাবে জনা যায়। শিষ্য হোৱাৰ মুখ্য তিনিটা আৱশ্যকতাৰ ভিতৰত প্ৰেম হৈছে দ্বিতীয়টো যাৰ বিষয়ে পূৰ্বৱৰ্তী লেখত বৰ্ণনা কৰা হৈছিল। এই আৱশ্যকতাক একেৰাহে পূৰণ কৰিবলৈ কিহে আমাক সহায় কৰিব?

‘প্ৰেমত অধিককৈ উপচি পৰা’

৩. পাঁচনি পৌলে প্ৰেমৰ সম্বন্ধে কেনে পৰামৰ্শ দিছিল?

প্ৰথম শতিকাত যিদৰে যীচুৰ শিষ্যসকলৰ মাজত এই গুণটো প্ৰকাশ পাইছিল সেইদৰে আজিও যীচুৰ প্ৰকৃত শিষ্যসকলৰ মাজত দেখা যায়। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদ্দেশ্যে পাঁচনি পৌলে এনেদৰে লিখিছিল: “ভ্ৰাতৃ-প্ৰেমৰ বিষয়ে হলে, তোমালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো তোমালোকে নিজে পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক।” আগলৈ তেওঁ এইদৰে কৈছিল: “তোমালোক আৰু অধিককৈ উপচি পৰা।” (১ থিচলনীকীয়া ৩:১২; ৪:৯, ১০) সেইবাবে আমিও পাঁচনি পৌলৰ এই পৰামৰ্শক আন্তৰিকতাৰে পালন কৰি পৰস্পৰে প্ৰেমত “অধিককৈ উপচি পৰা” আৱশ্যক।

৪. যীচু আৰু পাঁচনি পৌলৰ অনুসাৰে কোনসকলৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত?

সেই একেই উৎপ্ৰেৰিত পত্ৰখনত তেওঁ সঙ্গী ভাইবিলাকক “অল্প-সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্ব্বল লোকক সাহায্য” কৰিবলৈও কৈছিল। (১ থিচলনীকীয়া ৫:১৪) আন এটা উপলক্ষ্যত তেওঁ ‘যিবিলাক বলৱন্ত, তেওঁলোকে দুৰ্ব্বলবিলাকৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত’ বুলি কৈছিল। (ৰোমীয়া ১৫:১) যীচুৱেও দুৰ্ব্বলবিলাকৰ প্ৰতি বিবেচনাশীল হʼবলৈ নিৰ্দ্দেশনা দিছিল। যীচুক গ্ৰেপ্তাৰ কৰা নিশাত পিতৰে তেওঁক ত্যাগ দিব বুলি কোৱাৰ পিছত তেওঁ এইদৰে কৈছিল: “তুমি মন পালটোৱাৰ পাছে, তোমাৰ ভাইবিলাককো থিৰ কৰিবা।” তেওঁ কিয় তেনেদৰে কৈছিল? কিয়নো তেওঁলোকেও যীচুক ত্যাগ দিব আৰু তেওঁলোককো সহায়ৰ আৱশ্যক হʼব। (লূক ২২:৩২; যোহন ২১:১৫-১৭) ঈশ্বৰৰ বাক্যই আমাক আধ্যাত্মিকতাত দুৰ্ব্বল আৰু খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি কৰিবলৈ এৰি দিয়া লোকসকলৰ প্ৰতিও প্ৰেম দেখুৱালৈ আজ্ঞা দিছে। (ইব্ৰী ১২:১২) আমি কিয় তেনে কৰা উচিত? যীচুৱে দাঙি ধৰা দুটা প্ৰভাৱকাৰী দৃষ্টান্তই এই প্ৰশ্নটোৰ উত্তৰ দিছে।

এটা হেৰুৱা মেৰ আৰু আধলি

৫, ৬. (ক) যীচুৱে কেনে দুটা চমু দৃষ্টান্ত দাঙি ধৰিছিল? (খ) এই দৃষ্টান্তবোৰে যিহোৱাৰ বিষয়ে কি প্ৰকাশ কৰে?

যিহোৱাই পথভ্ৰষ্ট লোকসকলক কেনে দৃষ্টি কৰে সেই বিষয়ে বুজাবলৈ যীচুৱে তেওঁৰ শ্ৰোতাসকলৰ আগত চমুকৈ দুটা দৃষ্টান্ত দাঙি ধৰিলে। ইয়াৰ প্ৰথমটো এজন মেৰৰখীয়াৰ বিষয়ে উল্লেখ কৰি এনেদৰে কৈছিল: “তেওঁ সেই নিৰানব্বইটা মেৰ হাবিৰ মাজত এৰি, হেৰোৱাটোক নাপায়মানে তাক নিবিচাৰে, এনে কোন মানুহ তোমালোকৰ মাজত আছে? আৰু তাক পালে, আনন্দিত হৈ, নিজৰ কান্ধত লৈ ঘৰলৈ আহি, বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই তেওঁবিলাকক কয়, মোৰ সৈতে আনন্দ কৰা; কিয়নো মোৰ হেৰোৱা মেৰটো পালোঁ। মই তোমালোকক কওঁ, সেইদৰে মন-পালটাবৰ প্ৰয়োজন নোহোৱা নিৰানব্বই জন ধাৰ্ম্মিক লোকৰ অৰ্থে যিমান আনন্দ, মন-পালটোৱা এজন পাপীৰ অৰ্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।”—লূক ১৫:৪-৭.

দ্বিতীয়টোত এগৰাকী মহিলাৰ বিষয়ে উল্লেখ কৰিছিল। যীচুৱে এইদৰে কৈছিল: “দহোটা আধলিৰ এটা হেৰালে, কোন তিৰোতা আছে যে, চাকি লগাই ঘৰ সাৰি, তাক নাপায়মানে ভালকৈ নিবিচাৰে? আৰু তাক পালে তেওঁ নিজ বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই কয়, মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰোৱাইছিলোঁ তাক পালোঁ। সেইদৰে মই তোমালোকক কওঁ, মন-পালটোৱা এজন পাপীৰ অৰ্থে, ঈশ্বৰৰ দূতবিলাকৰ সাক্ষাতে আনন্দ হয়।”—লূক ১৫:৮-১০.

৭. হেৰুৱা মেৰ আৰু আধলিৰ দৃষ্টান্তটোৰ পৰা আমি কেনে দুটা শিক্ষা পাওঁ?

এই দুটা চমু দৃষ্টান্তৰ পৰা আমি কি শিকিব পাৰোঁ? সেইবোৰে আমাক কয় যে (১) আমি আধ্যাত্মিক দুৰ্ব্বল লোকবিলাকৰ প্ৰতি অনুভৱ কৰা উচিত আৰু (২) তেওঁলোকক সহায় কৰিবলৈ আমি কি কৰা উচিত। আঁহক আমি এই দুটা বিষয়ক বিবেচনা কৰোঁহঁক।

হেৰুৱা দুয়োটাই মূল্যৱান আছিল

৮. (ক) মেৰৰখীয়া আৰু মহিলাগৰাকীয়ে হেৰুৱা বস্তুৰ প্ৰতি কেনে অনুভৱ কৰিছিল? (খ) হেৰুৱা বস্তুৰ প্ৰতি তেওঁলোকে দেখুৱা প্ৰতিক্ৰিয়াই আমাক কি কয়?

দুয়োটা দৃষ্টান্তত গৰাকীয়ে কিবা এটা হেৰুৱাইছিল, কিন্তু তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল তাক লক্ষ্য কৰক। মেৰৰখীয়াজনে এইদৰে কোৱা নাছিল: ‘৯৯ টা মেৰৰ ভিতৰত এটা হেৰুৱাটো মোৰ বাবে চিন্তাৰ বিষয়নে? সেইটোৰ অবিহনেও মই আনবোৰক চোৱাচিতা কৰিব পাৰোঁ।’ মহিলাগৰাকীয়ে এনেদৰে কোৱা নাছিল: ‘এটি আধলিক লৈ মই কিয় ইমান চিন্তা কৰিব লাগে? মোৰ ওচৰত থকা নটা আধলিয়েই যথেষ্ট।’ ইয়াৰ বিপৰীতে মেৰৰখীয়াজনে হেৰুৱা মেৰটো এনেকৈ বিচাৰি চলাথ কৰিছিল সি যেন তেওঁৰ একমাত্ৰ সম্পত্তি আছিল। মহিলাগৰাকীয়েও এটা আধলি হেৰুৱাই তাই সকলো আধলি হেৰুৱা যেন অনুভৱ কৰিছিল। এই দুটা দৃষ্টান্ততে হেৰুৱা বস্তুটো গৰাকীৰ বাবে অতি মূল্যৱান আছিল। এই দুটা দৃষ্টান্তই আমাক কি বুজাইছে?

৯. মেৰৰখীয়া আৰু মহিলাগৰাকীয়ে দেখুৱা বিবেচনাই কি ব্যাখ্যা কৰিছে?

যীচুৱে কেনেকৈ সেই দুটা দৃষ্টান্তৰ সামৰণি দিছিল তাক লক্ষ্য কৰক। তেওঁ এইদৰে কৈছিল: “এজন পাপীৰ অৰ্থে স্বৰ্গত তাতকৈ অধিক আনন্দ হʼব” আৰু “সেইদৰে মন পালটোৱা এজন পাপীৰ অৰ্থে, ঈশ্বৰৰ দূতবিলাকৰ সাক্ষাতে আনন্দ হয়।” যিহোৱা আৰু তেওঁৰ আত্মিক প্ৰাণীবিলাকৰ তুলনাত মেৰৰখীয়া আৰু মহিলাগৰাকীয়ে দেখুৱা অনুভূতি একেবাৰে ক্ষুদ্ৰ। যিদৰে তেওঁলোকৰ দৃষ্টিত হেৰুৱা বস্তুটোৰ মূল্য আছিল সেইদৰে খ্ৰীষ্টান মণ্ডলীৰ পৰা আঁতৰি যোৱা লোকসকলেও যিহোৱাৰ দৃষ্টিত মূল্যৱান। (যিৰিমিয়া ৩১:৩) তেনে ব্যক্তিসকল যে বিদ্ৰোহী এনে নহয়, দৰাচলতে তেওঁলোক হয়তো আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰিছে। দুৰ্ব্বল পৰিস্থিতি থকাৰ স্বত্ত্বেও তেওঁলোকে হয়তো কিছুমাত্ৰাত যিহোৱাৰ আৱশ্যকতাসমূহক পালন কৰিছে। (গীতমালা ১১৯:১৭৬; পাঁচনিৰ কৰ্ম্ম ১৫:২৯) অতীতত যেনেকৈ যিহোৱাই “তেওঁবিলাকক বিনষ্ট কৰিবলৈ অসন্মত হʼল” তেনেকৈ তেওঁ বৰ্তমানেও অনুভৱ কৰে।—২ ৰাজাৱলি ১৩:২৩.

১০, ১১. (ক) মণ্ডলীৰ পৰা আঁতৰি যোৱা ব্যক্তিসকলৰ প্ৰতি আমি কেনে দৃষ্টি ৰাখিব বিচাৰোঁ? (খ) যীচুৰ দুটা দৃষ্টান্তৰ অনুসাৰে আমি তেওঁলোকৰ প্ৰতি থকা আমাৰ চিন্তাধাৰা কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

১০ যিহোৱা আৰু যীচুৰ দৰে আমিও আধ্যাত্মিকৰূপে দুৰ্ব্বল আৰু সভাত অনুপস্থিত থকা লোকসকলৰ প্ৰতি গভীৰভাৱে চিন্তিত। (যিহিষ্কেল ৩৪:১৬; লূক ১৯:১০) আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা ব্যক্তিসকলক আমি কেতিয়াও ঘূৰি নহাৰ দৰে নহয় কিন্তু পুনৰাই ঘূৰি অহাৰ দৃষ্টিৰে চাওঁ। আনকি আমি এনেদৰে যুক্তিও দাঙি নধৰোঁ: ‘কেৱল এজন আধ্যাত্মিক দুৰ্ব্বল ব্যক্তিৰ বাবে কিয় চিন্তা কৰা আৱশ্যক? তেওঁৰ অৱিহনেও মণ্ডলী চলি থাকিব।’ তাৰ পৰিৱৰ্তে আমি তেওঁলোকক সত্যৰ পথৰ পৰা বিচলিত হোৱা আৰু মন পালটন কৰি ঘূৰি অহাসকলক মূল্যৱান বুলি দৃষ্টি কৰোঁ।

১১ আমি কেনেকৈ নিজৰ ভাৱনা আৰু চিন্তাধাৰ প্ৰকাশ কৰিব পাৰোঁ? যীচুৰ দুটা দৃষ্টান্তই দেখুৱাইছে যে আমি (১) সক্ৰিয়ৰূপে আগ্ৰহী হোৱা, (২) প্ৰেম আৰু দয়াশীলতাৰে কৰা কাৰ্য্য, (৩) আন্তৰিকতাৰে নিজ ভাৱনা আৰু চিন্তাধাৰা প্ৰকাশ কৰা। এতেকে আঁহক আমি এই বিষয়ে এটা এটাকৈ বিবেচনা কৰি চাওঁহঁক।

সক্ৰিয়ৰূপে আগ্ৰহী হোৱা

১২. “হেৰুৱাটোক নাপায়মানে” বুলি উল্লেখ কৰা বাক্যশাৰীয়ে আমাক মেৰৰখীয়াজনৰ বিষয়ে কি কয়?

১২ প্ৰথমটো দৃষ্টান্তত যীচুৱে কৈছে যে মেৰৰখীয়াজনে “হেৰুৱাটোক নাপায়মানে” বিচাৰি থাকে। তেওঁ হেৰুৱা মেৰটোক বিচাৰি উলিয়াবলৈ সক্ৰিয়ৰূপে আগ্ৰহী হৈ নেৰানেপেৰাকৈ চেষ্টা কৰে। তেওঁৰ পথত অহা দুখ-কষ্ট, বিপদ, দূৰত্ব আদিয়ে তেওঁক বিচৰাত বাধা দিব নোৱাৰে। ইয়াৰ উপৰিও তেওঁ “হেৰুৱাটোক নাপায়মানে” বিচাৰি থাকে।—লূক ১৫:৪.

১৩. অতীতৰ বিশ্বাসী ব্যক্তিসকলে কেনেকৈ আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা সকলক সহায় কৰিছিল আৰু বাইবেলত পোৱা তেনে আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

১৩ ঠিক সেইদৰে এজন ব্যক্তিক উৎসাহিত কৰি সহায় কৰিবলৈ প্ৰায়ে এজনে দৃঢ়সঙ্কল্পৰে সক্ৰিয়ৰূপে আগ্ৰহী হোৱা আৱশ্যক। অতীতৰ বিশ্বাসী লোকসকলে সেই বাক্যশাৰীৰ অৰ্থ বুজিব পাৰিছিল। উদাহৰণস্বৰূপে, ৰজা চৌলৰ পুত্ৰ যোনাথনে যেতিয়া তেওঁৰ নলেগলে লগা বন্ধু দায়ূদক উৎসাহিত কৰাৰ আৱশ্যকতাৰ বিষয়ে জানিব পাৰিলে তেতিয়া তেওঁ “উঠি কাঠনিলে দায়ূদৰ ওচৰলৈ গৈ, ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।” (১ চমূৱেল ২৩:১৫, ১৬) বহু শতিকাৰ পিছত যেতিয়া শাসনকৰ্তা নহিমিয়াই তেওঁৰ কিছুমান ইহুদী ভাইক দুৰ্ব্বল হৈ পৰাৰ বিষয়ে জানিব পাৰিলে তেওঁ ‘শীঘ্ৰেই উঠিল’ আৰু ‘যিহোৱাক সোঁৱৰণ কৰিবলৈ’ তেওঁলোকক উৎসাহিত কৰিলে। (নহিমিয়া ৪:১৪) আজি আমিও ‘উঠি’ অৰ্থাৎ সক্ৰিয়ৰূপে আগ্ৰহী হৈ আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা ব্যক্তিসকলক দৃঢ় কৰি তুলিবলৈ সহায় কৰোঁ। কিন্তু মণ্ডলীত কোনসকলে এই কাৰ্য্য কৰা উচিত?

১৪. আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিকসকলক সবল কৰি তুলাতো মণ্ডলীৰ কোনসকলৰ দায়িত্ব?

১৪ বিশেষকৈ খ্ৰীষ্টান প্ৰাচীনসকলে “দুৰ্ব্বল হাত সবল . . . আৰু কঁপা আঠু সুস্থিৰ” আৰু “ভয়াতুৰ মনৰ লোকক কোৱা, সাহ কৰা, ভয় নকৰিবা” বুলি উৎসাহিত কৰা উচিত। (যিচয়া ৩৫:৩, ৪; ১ পিতৰ ৫:১, ২) লক্ষ্য কৰক যে পাঁচনি পৌলে কেৱল প্ৰাচীনসকলকে “অল্প-সাহসীবিলাকক আশ্বাস” আৰু “দুৰ্ব্বল লোকক সাহায্য” কৰিবলৈ পৰামৰ্শ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ সম্পূৰ্ণ ‘থিচলনীকীয়াবিলাকৰ মণ্ডলীক’ আগ্ৰহ কৰিছিল। (১ থিচলনীকীয়া ১:১; ৫:১৪) আধ্যাত্মিকভাৱে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাটো সকলো খ্ৰীষ্টানৰে দায়িত্ব। দৃষ্টান্তত উল্লেখ কৰা মেৰৰখীয়াজনৰ দৰে প্ৰত্যেকজন খ্ৰীষ্টানে “হেৰুৱাটোক নাপায়মানে” বিচাৰি থকা উচিত। অৱশ্যেই এই কাৰ্য্য প্ৰাচীনসকলৰ সহযোগত হোৱা উচিত। আপোনাৰ মণ্ডলীত আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা কোনো এজনক সহায় কৰিবলৈ আপুনি কোনো পদক্ষেপ লʼব পাৰেনে?

প্ৰেম আৰু দয়াশীলতাৰে কৰা কাৰ্য্য

১৫. মেৰৰখীয়াজনে কিয় তেনেধৰণৰ কাৰ্য্য কৰিলে?

১৫ অৱশেষত হেৰুৱা মেৰটোক বিচাৰি পাই মেৰৰখীয়াজনে কি কৰে? তেওঁ তাক “নিজৰ কান্ধত লৈ ঘৰলৈ আহে।” (লূক ১৫:৫) সেইটো কি যে এক হৃদয়স্পৰ্ষী আৰু প্ৰভাৱকাৰী দৃশ্য! অপৰিচিত স্থান আৰু হয়তো সিংহবোৰৰ ভয়ত মেৰটোৱে অধিক ভয়ভিত হৈছিল। (ইয়োব ৩৮:৩৯, ৪০) তদুপৰি ইয়াত কোনো সন্দেহ নাই যে সি খাবলৈ নাপাই দুৰ্ব্বল হৈ পৰিছিল। তদুপৰি সি নিজ শক্তিৰে বাটত অহা প্ৰতিবন্ধকবোৰ অতিক্ৰম কৰি নিজৰ জাকটোলৈ ঘূৰি অহাটো এটা আশকতীয়া বিষয়। সেইবাবে মেৰৰখীয়াজনে তললৈ হালি সাৱধানেৰে তাক নিজৰ কান্ধত উঠাই লৈ সকলো বাধা অতিক্ৰম কৰি জাকটোলৈ উভটাই আনে। মেৰৰখীয়াজনে দেখুউৱা যত্নক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

১৬. মেৰৰখীয়াজনে হেৰুৱা মেৰটোৰ প্ৰতি দেখুৱা স্নেহৰ পৰা আমি কি শিকিব পাৰোঁ?

১৬ যিজন ব্যক্তিয়ে মণ্ডলীৰ সৈতে সম্পৰ্ক হেৰুৱাইছে তেওঁ হয়তো আধ্যাত্মিকভাৱে ক্লান্ত হৈ পৰিছে। মেৰৰখীয়াজনৰ পৰা বেলেগ হৈ যোৱা মেৰটোৰ নিচিনা সেই ব্যক্তিজনেও হয়তো জগতৰ অপৰিচিত স্থানত আহি হাবাথুৰি খাই ফুৰিছে। খ্ৰীষ্টান মণ্ডলীয়ে ব্যৱস্থা কৰা সুৰক্ষা সীমাৰ বাহিৰলৈ গৈ তেওঁ হয়তো আগতকৈও অধিক চয়তানৰ আক্ৰমণৰ সম্মুখীন হৈছে। তদুপৰি “গুজৰি থকা সিংহৰ দৰে চয়তানে কাক কেনেকৈ গ্ৰাহ কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিতৰ ৫:৮) ইয়াৰ উপৰিও তেওঁ আধ্যাত্মিক আহাৰ খাবলৈ নাপাই দুৰ্ব্বল হৈ পৰিছে আৰু মণ্ডলীলৈ পুনৰ ঘূৰি অহাৰ পথত সম্মুখীন হোৱা বাধাবোৰক সহায়ৰ অবিহনে অতিক্ৰম কৰিবলৈ তেওঁৰ শক্তি নাই। সেয়েহে লাক্ষণিকৰূপে তললৈ হালি আমি তেওঁক আলফুলকৈ নিজৰ কান্ধত উঠাই মণ্ডলীলৈ ঘূৰাই আনা আৱশ্যক। (গালাতীয়া ৬:২) আমি কেনেকৈ ইয়াক সম্পন্ন কৰিব পাৰোঁ?

১৭. আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা ব্যক্তিক যেতিয়া আমি সাক্ষাৎ কৰোঁ তেতিয়া কেনেকৈ পাঁচনি পৌলক অনুকৰণ কৰিব পাৰোঁ?

১৭ পাঁচনি পৌলে কৈছিল: “কাৰ দুৰ্ব্বলত মই দুৰ্ব্বল হোৱা নাই?” (২ কৰিন্থীয়া ১১:২৯; ১ কৰিন্থীয়া ৯:২২) তেওঁৰ লোকসকল আৰু আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা ব্যক্তিৰ প্ৰতি সহানুভূতি আছিল। আমিও সেই একেই সহানুভূতি দুৰ্ব্বল ব্যক্তিসকলৰ প্ৰতি দেখুৱাব বিচাৰোঁ। আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা ব্যক্তিক সাক্ষাৎ কৰোঁতে তেওঁক আশ্বাস দিয়ক যে ঈশ্বৰৰ দৃষ্টিত তেওঁ মূল্যৱান আৰু সঙ্গী সাক্ষীসকলৰ বাবে প্ৰিয়। (১ থিচলনীকীয়া ২:১৭) তদুপৰি ইয়াকো জানিবলৈ দিয়ক যে তেওঁলোকে তেওঁক সহায় কৰিবলৈ সদায়েই প্ৰস্তুত আৰু আগ্ৰহেৰে “ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম” লৈছে। (হিতোপদেশ ১৭:১৭; গীতমালা ৩৪:১৮) আমাৰ আন্তৰিক অনুভূতিয়ে পুনৰাই জাকটোলৈ ঘূৰি অহাত সক্ষম হোৱালৈকে তেওঁক আলফুলকৈ ক্ৰমান্বয়ে দাঙি ধৰিব। ইয়াৰ পাছত আমি কি কৰা উচিত? মহিলাগৰাকীয়ে হেৰুৱা আধলিৰ দৃষ্টান্তটোৱে এই বিষয়ে নিৰ্দ্দেশনা প্ৰদান কৰিছে।

আন্তৰিকতা প্ৰকাশ কৰা

১৮. (ক) দৃষ্টান্তত উল্লেখ কৰা মহিলাগৰাকীয়ে কিয় আশাহীন হোৱা নাছিল? (খ) মহিলাগৰাকীয়ে কেনে প্ৰচেষ্টা কৰিলে আৰু তাৰ কেনে প্ৰতিফল লাভ কৰিলে?

১৮ আধলি হেৰুৱা মহিলাগৰাকীয়ে জানিছিল যে পৰিস্থিতিটো যদিও প্ৰত্যাহ্বানজনক কিন্তু আশাহীন নহয়। যদি আধলিটো কোনোবা ডাঠ হাবিত বা বোকাময় বিলত পৰা হʼলে তাই নিশ্চয়ে তাক নিবিচাৰিলেহেঁতেন। কিন্তু ঘৰৰ কোনোবা চুকত পৰা বুলি জানি তাই অতি আগ্ৰহেৰে তাক বিচাৰি ফুৰিছিল। (লূক ১৫:৮) প্ৰথমতে তাই ঘৰতোক পোহৰাই তুলিবলৈ লেম্পৰ পোহৰ বঢ়াই লৈ কিবা টিং কৰি শব্দ শুনি পোৱাৰ আশাৰে মজিয়াখনত বাঢ়নিৰে সাৰিবলৈ আৰম্ভ কৰে। অৱশেষত তাই অতি আগ্ৰহেৰে প্ৰত্যেকটো চুক পোহৰ কৰি তুলে যাতে ৰূপৰ আধলিটো জিলিকি উঠে। এনে প্ৰচেষ্টা কৰাৰ বাবে মহিলাগৰাকীয়ে উত্তম ফল লাভ কৰিলে।

১৯. আধলি হেৰুৱা দৃষ্টান্তটোৰ মহিলাগৰাকীৰ পৰা আমি আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিক সহায় কৰাৰ সম্বন্ধে কেনে শিক্ষা শিকিবলৈ পাওঁ?

১৯ এই দৃষ্টান্তৰ পৰা এইটো শিকিব পাৰোঁ যে আধ্যাত্মিকৰূপে দুৰ্ব্বল খ্ৰীষ্টানসকলক সহায় কৰাটো হৈছে আমাৰ শাস্ত্ৰীয় দায়িত্ব যাক পালন কৰাত আমি সক্ষম। একেই সময়ত আমি উপলব্ধি কৰিব পাৰিছোঁ যে ইয়াৰ বাবে পৰিশ্ৰম কৰা আৱশ্যক। সেইবাবে পাঁচনি পৌলে ইফিচিয়াৰ প্ৰাচীনসকলক এনেদৰে কৈছিল: “তোমালোকে সেই দৰে পৰিশ্ৰম কৰি, দুৰ্ব্বলবিলাকৰ উপকাৰ কৰা উচিত।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫ক) মনত ৰাখক যে মহিলাগৰাকীয়ে ইফালে-সিফালে চকু ফুৰাই বা ওপৰে-ওপৰে বিচৰা নাছিল। আধলিটো বিচাৰি পোৱা এইবাবে সফল হʼল কিয়নো মহিলাগৰাকীয়ে ‘তাক নোপোৱালৈকে’ তন্ন তন্নকৈ বিচাৰি থাকিল। ঠিক সেইদৰে এজন আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিক পুনৰাই উভটাই আনিবলৈ আমি আগ্ৰহপূৰ্ণ আৰু অৰ্থপূৰ্ণভাৱে চেষ্টা কৰা উচিত। তাৰ বাবে আমি কি কৰিব পাৰোঁ?

২০. আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰিবলৈ কি কৰিব পাৰি?

২০ আমি কেনেকৈ আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিজনৰ বিশ্বাস আৰু মূল্যাঙ্কন বৃদ্ধি কৰাত সহায় কৰিব পাৰোঁ? এক উপযুক্ত বাইবেল আধাৰিত আলোচনীৰ পৰা ব্যক্তিগত বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা এই আৱশ্যকতাক পূৰণ কৰিব পাৰোঁ। দৰাচলতে, এজন আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰি আমি তেওঁক একেৰাহে যত্নশীল হৈ সহায় কৰিব পাৰিম। কোন জনক এনে সহায়ৰ আৱশ্যক এই বিষয়ে সেৱা অধ্যক্ষই নিৰ্ণয় কৰাটো বাঞ্চনীয়। তেওঁ হয়তো পৰামৰ্শ দিব পাৰে যে আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা ব্যক্তিজনৰ সৈতে কোন বিষয়ত আৰু কেনে আলোচনীৰ পৰা অধ্যয়ন কৰাটো ব্যৱহাৰিক হʼব। যিদৰে দৃষ্টান্তৰ মহিলাগৰাকীয়ে কাৰ্য্যক সম্পন্ন কৰিবলৈ উত্তম সাধনবোৰ ব্যৱহাৰ কৰিছিল, সেইদৰে আজিও আমাৰ ওচৰত এনে সাধনীবোৰ উপলব্ধ আছে যাৰ দ্বাৰা আমি আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাৰ যি ঈশ্বৰে প্ৰদান কৰা দায়িত্বক সম্পন্ন কৰিব পাৰোঁ। এই সম্বন্ধে প্ৰকাশ পোৱা বিষয়ে দুই ধৰণৰ নতুন কিতাপে সহায়কাৰী হʼব। সেই কিতাপ কেইখন হৈছে একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা আৰু যিহোৱাৰ কাষ চপা। *

২১. আধ্যাত্মিকৰূপে দুৰ্ব্বলসকলক সহায় কৰাৰ দ্বাৰা সকলোৱে কেনেকৈ আশীৰ্ব্বাদ লাভ কৰে?

২১ আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাৰ দ্বাৰা সকলোৱে আশীৰ্ব্বাদ লাভ কৰে। যিজনক সহায় কৰা হয় তেওঁ পুনৰাই প্ৰকৃত বন্ধু-বান্ধৱসকলৰ সৈতে সঙ্গতি কৰি আনন্দ আৰু সন্তুষ্টি লাভ কৰে। কেৱল দান কৰাৰ দ্বাৰাহে আমি তেনে আন্তৰিক সন্তুষ্টি লাভ কৰিব পাৰোঁ। (লূক ১৫:৬, ৯; পাঁচনিৰ কৰ্ম্ম ২০:৩৫) যেতিয়া প্ৰত্যেক সদস্যই পৰস্পৰে চোৱা-চিতা কৰে তেতিয়া মণ্ডলীখনৰ সকলো সদস্যই প্ৰেমত বৃদ্ধি হয়। তদুপৰি এই সকলোবোৰৰ বাবে বিবেচনাশীল অধ্যক্ষ, যিহোৱা আৰু যীচু প্ৰশংসাযোগ্য। কিয়নো যিহোৱা আৰু যীচু যে তেওঁলোকৰ পাৰ্থীৱ সেৱকসকলক দুৰ্ব্বলতাত সহায় কৰিবলৈ আগ্ৰহী সেই কথা তেওঁলোকক সহায় কৰাৰ যোগেদি প্ৰকাশ পাই। (গীতমালা ৭২:১২-১৪; মথি ১১:২৮-৩০; ১ কৰিন্থীয়া ১১:১; ইফিচীয়া ৫:১) এতেকে আমাৰ ওচৰত একেৰাহে ‘পৰস্পৰৰ মাজত প্ৰেম’ প্ৰকাশ কৰা কিযে এক উত্তম কাৰণ আছে! (w03 2/1)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• আমি পৰস্পৰে কিয় প্ৰেম প্ৰকাশ কৰা উচিত?

• আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক কিয় প্ৰেম দেখুউৱা উচিত?

• হেৰুৱা মেৰ আৰু আধলি দৃষ্টান্তটোৰ পৰা আমি কি শিকিব পাৰোঁ?

• আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা এজন ব্যক্তিক সহায় কৰিবলৈ কেনে ব্যৱহাৰিক পদক্ষেপ লʼব পাৰি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৬ পৃষ্ঠাৰ ছবি]

আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাত আগভাগ লোৱাৰ দ্বাৰা আমি দয়ালু আৰু আন্তৰিকতা হোৱাৰ প্ৰমাণ দিওঁ

[১৭ পৃষ্ঠাৰ ছবি]

আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাৰ দ্বাৰা সকলোৱে আশীৰ্ব্বাদ লাভ কৰে