Skip to content

Skip to table of contents

‘মোৰ বাক্যতে থাকা’

‘মোৰ বাক্যতে থাকা’

‘মোৰ বাক্যতে থাকা’

“মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য।”—যোহন ৮:৩১.

১. (ক) যেতিয়া যীচু স্বৰ্গলৈ ঘূৰি গʼল তেতিয়া তেওঁ পৃথিৱীত কি এৰি গৈছিল? (খ) আমি কেনেবোৰ প্ৰশ্নৰ বিবেচনা কৰিম?

 খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰতিষ্ঠাপক যীচু যেতিয়া স্বৰ্গলৈ ঘূৰি গʼল তেতিয়া তেওঁ লিখা কোনো কিতাপ, স্মৃতি সৌধ নিম্মাৰ্ণ বা সা-সম্পত্তি এৰি যোৱা নাছিল। কিন্তু তেওঁ নিজৰ শিষ্যসকল আৰু শিষ্য হোৱাৰ আৱশ্যকতাসমূহ এৰি গৈছিল। প্ৰকৃততে পাঁচনি যোহনে লিখা কিতাপখনত শিষ্য হোৱা সম্বন্ধে যীচুৱে উল্লেখ কৰা তিনিটা আৱশ্যকতাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। সেই আৱশ্যকতাসমূহ কি? সেই আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ আমি কি কৰা প্ৰয়োজন? বৰ্তমানে আমি যে ব্যক্তিগতভাৱে যীচুৰ শিষ্য হোৱাৰ যোগ্যতা লাভ কৰিছোঁ তাক কেনেকৈ নিশ্চিত কৰিব পাৰোঁ? *

২. পাঁচনি যোহনে লিপিবদ্ধ কৰি ৰখা শিষ্য হোৱাৰ এক গুৰুত্বপূৰ্ণ আৱশ্যকতা কি?

যীচুয়ে মৃত্যু হোৱাৰ প্ৰায় ছমাহৰ পূৰ্বে তেওঁ এনে লোকসমূহক প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে যিৰূচালেমলৈ গৈছিল যিসকলে সপ্তাহ ধৰি চলা পজাঁ-পৰ্ব্ব পালন কৰিবলৈ তাত উপস্থিত হৈছিল। পৰিণামস্বৰূপে, পৰ্ব্বৰ মাজ সময়ছোৱাত “লোকসমূহৰ অনেকে তেওঁত বিশ্বাস কৰিলে।” পাছে যীচুৱে পৰ্ব্বৰ শেষৰ দিনালৈকে প্ৰচাৰ কৰি থাকিল আৰু “অনেকে তেওঁত বিশ্বাস” কৰিলে। (যোহন ৭:১০, ১৪, ৩১, ৩৭; ৮:৩০) সেই সময়ত নতুনকৈ হোৱা শিষ্যসকলক উদ্দেশ্য কৰি তেওঁ এনে এক গুৰুত্বপূৰ্ণ আৱশ্যকতাক দাঙি ধৰিছিল যাৰ বিষয়ে পাঁচনি যোহনে লিপিবদ্ধ কৰি ৰাখিলে, যʼত এইদৰে কোৱা হৈছিল: “মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য।”—যোহন ৮:৩১.

৩. ‘[যীচুৰ] বাক্যত থাকিবলৈ’ হʼলে কেনে গুণৰ আৱশ্যক?

সেই বাক্যবোৰৰ দ্বাৰা যীচুৱে এইটো কব বিচৰা নাছিল যে নতুনকৈ শিষ্য হোৱা সকলৰ বিশ্বাসত অৱনতি ঘটিছে। ইয়াৰ বিপৰীতে তেওঁ কোৱাৰ অৰ্থ আছিল যে যদি তেওঁলোকে তেওঁৰ বাক্যত একেৰাহে লাগি থাকি ধৈৰ্য্যশীল হোৱা প্ৰকাশ কৰে তেহে তেওঁলোক প্ৰকৃত শিষ্য হৈ থাকিব পাৰিব। তেওঁলোকে ইতিমধ্যেই যীচুৰ বাক্যক গ্ৰহণ কৰিছিল, কিন্তু তেওঁলোকে একেৰাহে সেই বাক্য অনুসাৰে কাৰ্য্য কৰা আৱশ্যক আছিল। (যোহন ৪:৩৪; ইব্ৰী ৩:১৪) দৰাচলতে যীচুৱে তেওঁৰ অনুগামীসকৰ সৈতে কৰা শেষ কথা-বতৰাত তেওঁৰ শিষ্যসকলৰ বাবে ধৈৰ্য্যশীল গুণটো এক গুৰুত্বপূৰ্ণ বুলি দাঙি ধৰিছিল। পাঁচনি যোহনে উল্লেখ কৰা লিখনিত যীচুৱে দুবাৰ এইদৰে কৈছিল: “মোৰ পাছে পাছে আহাঁ।” (যোহন ২১:১৯, ২২) প্ৰথম শতিকাৰ অনেক খ্ৰীষ্টানে সেইদৰেই কাৰ্য্য কৰিলে। (২ যোহন ৪) কিহে তেওঁলোকক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিলে?

৪. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক কিহে ধৈৰ্য্য ধৰিবলৈ সহায় কৰিছিল?

যীচুৰ এজন বিশ্বাসী শিষ্য যোহনে প্ৰায়ে ৭০ বছৰলৈকে এটা গুৰুত্বপূৰ্ণ বিষয়ক দাঙি ধৰিছিল। তেওঁ বিশ্বাসী খ্ৰীষ্টানসকলৰ শলাগ লৈ এইদৰে কৈছিল: “তোমালোক বলৱন্ত, আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে, আৰু তোমালোকে পাপ-আত্মা জয় কৰিলা।” যিহেতু ঈশ্বৰৰ বাক্য সেই শিষ্যসকলত থকাৰ বাবে তেওঁলোকে ধৈৰ্য্য ধৰিলে বা ঈশ্বৰৰ বাক্যত থাকিল। কিয়নো ইয়াৰ প্ৰতি তেওঁলোকৰ আন্তৰিক প্ৰেম আছিল। (১ যোহন ২:১৪, ২৪) ঠিক সেইদৰে আমিও ‘শেষলৈকে সহি থাকিবলৈ’ হʼলে ঈশ্বৰৰ বাক্য আমাত থকাটো নিশ্চিত কৰা আৱশ্যক। (মথি ২৪:১৩) সেইটো কেনেকৈ কৰিব পাৰোঁ? এই বিষয়ে যীচুৱে দিয়া দৃষ্টান্তটোৱে ইয়াৰ উত্তৰ দিছে।

“বাক্য শুনিলত”

৫. (ক) যীচুৱে উল্লেখ কৰা এটা দৃষ্টান্তত কেনে ভিন্ন প্ৰকাৰৰ মাটিৰ বিষয়ে উল্লেখ কৰিছিল? (খ) যীচুৰ দৃষ্টান্তত উল্লেখ কৰা কঠিয়া আৰু মাটি কিহক বুজাইছে?

এজন খেতিয়কে কঠিয়া সিচাৰ বিষয়ে যীচুৱে কোৱা দৃষ্টান্তটোক মথি, মাৰ্ক আৰু লূকৰ শুভবাৰ্ত্তা কিতাপত লিপিবদ্ধ কৰা হৈছে। (মথি ১৩:১-৯, ১৮-২৩; মাৰ্ক ৪:১-৯, ১৪-২০; লূক ৮:৪-৮, ১১-১৫) বৃত্তান্তটো পঢ়ি আপুনি দৃষ্টান্তৰ মুখ্য সিদ্ধান্তটোৰ বিষয়ে জানিব পাৰিব যে কেনেকৈ সেই একেই কঠিয়াই বিভিন্ন ভূমিত পৰি ভিন্ন ফল উৎপন্ন কৰিছে। প্ৰথমটো টান মাটিত, দ্বিতীয়টো শিলনিত আৰু তৃতীয়টো কাঁইটীয়া বন থকা মাটিত। চতুৰ্থটো আটাইতকৈ “ভাল মাটিত” পৰিল। যীচুৰ অনুসাৰে সেই কঠিয়া ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা আৰু ভিন্ন ধৰণৰ মাটিয়ে লোকসকলৰ হৃদয়ৰ অৱস্থাক বুজাইছে। যদিও লোকসকলক বিভিন্ন প্ৰকাৰৰ ভূমিৰ সৈতে তুলনা কৰা হৈছে তথাপিও তেওঁলোকত প্ৰায় একেই সাদৃশ্যতা দেখিবলৈ পোৱা যায়। কিন্তু যিসকলক ভাল মাটিৰ সৈতে তুলনা কৰিছে তেওঁলোক আনবিলাকৰ পৰা সম্পূৰ্ণ বেলেগ।

৬. (ক) যীচুৰ দৃষ্টান্তত বৰ্ণনা কৰা চতুৰ্থ প্ৰকাৰৰ মাটি আনবোৰতকৈ কেনেকৈ ভিন্ন আৰু তেনেধৰণে হোৱাৰ অৰ্থ কি? (খ) যীচুৰ শিষ্য হোৱা হেতুকে ধৈৰ্য্যশীল হʼবলৈ কিহৰ আৱশ্যক?

লূক ৮:১২-১৫ পদত উল্লেখ কৰা দৃষ্টান্তই দেখুৱাইছে যে চাৰি প্ৰকাৰৰ লোকে ‘বাক্য শুনিছে।’ কিন্তু “সৰল আৰু শুদ্ধ মন” ৰাখাসকলে ‘বাক্য শুনাতকৈ’ অধিক কাৰ্য্য কৰিছে। তেওঁলোকে “ধৈৰ্য্যেৰে ফল উৎপন্ন কৰে।” যিহেতু ভাল মাটি কোমল আৰু দ হোৱাৰ বাবে শিপা অধিক দলৈ যায় আৰু ফলস্বৰূপে কঠিয়া গজালি মেলি অধিক ফল উৎপন্ন কৰে। (লূক ৮:৮) ঠিক সেইদৰে যিসকল কোমল মনৰ লোক তেওঁলোকে ঈশ্বৰৰ বাক্যক গ্ৰহণ কৰে, বুজি পায় আৰু তাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। (ৰোমীয়া ১০:১০; ২ তীমথিয় ২:৭) কিয়নো ঈশ্বৰৰ বাক্য তেওঁলোকৰ ভিতৰত থাকে। ফলস্বৰূপে তেওঁলোকে ধৈৰ্য্যেৰে ফল উৎপন্ন কৰে। যীচুৰ শিষ্য হোৱা হেতুকে ঈশ্বৰৰ বাক্যৰ প্ৰতি আন্তৰিক মূল্যাঙ্কন প্ৰকাশ কৰিবলৈ ধৈৰ্য্যশীল হোৱা অতি আৱশ্যক। (১ তীমথিয় ৪:১৫) তেন্তে আমি ঈশ্বৰৰ বাক্যৰ প্ৰতি কেনেকৈ আন্তৰিক মূল্যাঙ্কন প্ৰকাশ কৰিব পাৰোঁ?

মনৰ অৱস্থা আৰু অৰ্থপূৰ্ণ প্ৰতিফলন

৭. ভাল মনৰ সৈতে কেনেধৰণৰ কাৰ্য্য নিবিড়ভাৱে জড়িত হৈ আছে?

লক্ষ্য কৰক যে বাইবেলে বাৰম্বাৰভাৱে কোমল আৰু ভাল মনৰ সৈতে কেনে কাৰ্য্য জড়িত থকা বুলি উল্লেখ কৰিছে। ইয়াত এইদৰে কৈছে: “ধাৰ্ম্মিকৰ মনে উত্তৰ দিবৰ নিমিত্তে চিন্তা কৰে।” (হিতোপদেশ ১৫:২৮) “মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক।” (গীতমালা ১৯:১৪) “মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ মনৰ চিন্তা সুবুদ্ধিদায়ক।”—গীতমালা ৪৯:৩.

৮. (ক) বাইবেল পঢ়া সময়ত আমি কাৰ দৰে হোৱা অনুচিত আৰু কাৰ দৰে হোৱা উচিত? (খ) ঈশ্বৰৰ বাক্য প্ৰাৰ্থনাপূৰ্বকভাৱে চিন্তা কৰাৰ দ্বাৰা আমি কেনে লাভসমূহ পাব পাৰোঁ? (‘সত্যতাত থিৰে থকা’ নামৰ বক্সটো সন্মিলিত কৰক।)

এই বাইবেল লিখকৰ দৰে আমিও ঈশ্বৰৰ বাক্য আৰু তেওঁৰ কাৰ্য্যসমূহক আদৰ, প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰা উচিত। বাইবেল বা ইয়াৰ আধাৰিত আলোচনীবোৰ পঢ়া সময়ত আমি এনে এজন পৰ্য্যটকৰ দৰে হোৱা উচিত নহয় যিজনে এটাৰ পিছত আনটো দৃশ্য চাবলৈ খৰখেদা কৰে, ফলস্বৰূপে তেওঁ সকলোবোৰ দৃশ্যক ভালদৰে চাব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে আমি এনে এজন পৰ্য্যটকৰ নিচিনা হোৱা উচিত যিজনে প্ৰাকৃতিক দৃশ্য চাই আনন্দিত হʼবলৈ ভালেমান সময় অতিবাহিত কৰে। * যেনেকৈ আমি পঢ়োঁ আৰু তাৰ গুণসমূহক প্ৰতিফলিত কৰোঁ ঈশ্বৰৰ বাক্যই আমাৰ মন প্ৰভাৱিত কৰে। ইয়ে আমাৰ অনুভূতিক স্পৰ্শ কৰে আৰু বিচাৰধাৰাক আকাৰ দিয়ে। তদুপৰি ইয়ে আমাৰ আন্তৰিক বিচাৰবোৰ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰলৈ প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে। পৰিণামস্বৰূপে, যিহোৱাৰ প্ৰতি থকা আমাৰ স্নেহপৰায়ণতা আৰু প্ৰেমে আমাক কঠিন পৰিস্থিতিসমূহতো যীচুক অনুকৰণ কৰিবলৈ প্ৰেৰিত কৰে। (মথি ১০:২২) সেয়েহে যদি আমি শেষলৈকে বিশ্বাসী হৈ থাকিব বিচাৰো তেন্তে ঈশ্বৰে যি কৈছে তাৰ প্ৰতি চিন্তা কৰা উচিত।—লূক ২১:১৯.

৯. আমাৰ মনে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাটোক আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ?

যীচুৰ দৃষ্টান্তত কঠিয়া অৰ্থাৎ ঈশ্বৰৰ বাক্য বৃদ্ধি হোৱাত থকা বাধাবোৰৰ বিষয়েও উল্লেখ কৰিছে। গতিকে বিশ্বাসী শিষ্য হৈ থাকিবলৈ আমি (১) দৃষ্টান্তত কোৱা অসাৰুৱা মাটিৰ অৱস্থাক চিত্ৰিত কৰা বাধাসমূহক চিনাক্ত কৰা আৰু (২) সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ বা সংশোধন কৰিবলৈ পদক্ষেপ লোৱা। তেনে কৰাৰ দ্বাৰা আমি নিজৰ মনত ৰাজ্যৰ কঠিয়াক গ্ৰহণ কৰি ফল উৎপন্ন কৰিব পাৰিম।

“বাটৰ কাষত পৰা” অৰ্থাৎ অমনোযোগী লোক

১০. যীচুৰ দৃষ্টান্তত উল্লেখ কৰা প্ৰথম বিধ ভূমিক বৰ্ণনা আৰু ইয়াৰ অৰ্থ কি তাৰ বিষয়ে ব্যাখ্যা কৰক।

১০ দৃষ্টান্তত উল্লেখিত কঠিয়া ৰোৱা প্ৰথম বিধ ভূমি “বাটৰ কাষত” আছিল, যʼত কঠিয়াবোৰক “ভৰিৰে খচকা হʼল।” (লূক ৮:৫) যিহেতু বাটৰ কাষত থকা মাটি শস্য-ক্ষেত্ৰৰ মাজভাগত অৱস্থিত। সাধাৰণতে সেই মাটি কঠিন হয় আৰু অহা-যোৱা কৰা লোকসকলে চিঙি খোৱাৰ বাবে বাঢ়িব নোৱাৰিলে। (মাৰ্ক ২:২৩) ঠিক তেনেদৰে যিসকলে জগতৰ অনাৱশ্যকীয় কাৰ্য্যবোৰত নিজৰ সময় আৰু শক্তি ব্যয় কৰিছে তেওঁলোকেও ঈশ্বৰৰ বাক্যৰ প্ৰতি মূল্যাঙ্কন কৰাত অমনোযোগী হৈ পৰে। তেওঁলোকে যদিও ঈশ্বৰৰ বাক্যক শুনিছে কিন্তু তাৰ ওপৰত মনোযোগ দিয়াত বিফল হোৱাৰ বাবে তেওঁলোকৰ মন প্ৰতিক্ৰিয়াহীন হৈ পৰিছে। তেওঁলোকে ইয়াৰ আন্তৰিক প্ৰেম বিকাশিত কৰাৰ পূৰ্বেই “তেওঁবিলাকে যেন বিশ্বাস নকৰে, আৰু পৰিত্ৰাণো নাপায়, এই নিমিত্তে চয়তানে তেতিয়া আহি তেওঁবিলাকৰ মনৰ পৰা বাক্য কাঢ়ি লৈ যায়।” (লূক ৮:১২) ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়নে?

১১. আমি কেনেকৈ আমাৰ মনটোৰ অৱস্থাক কঠিন মাটিৰ দৰে হোৱাৰ পৰা বিৰত ৰাখিব পাৰোঁ?

১১ আমাৰ মনটো বাটৰ কাষত থকা মাটিৰ নিচিনা হোৱাৰ পৰা ৰক্ষা কৰিবলৈ বহু কিছু কৰিব পাৰি। যদি সেই মাটিৰ ওপৰত অহা-যোৱা কৰাটো বন্ধ আৰু ভালদৰে হাল বোৱা হয় তেন্তে সেই কঠিন মাটি কোমল আৰু সাৰুৱা হʼব পাৰে। একেইদৰে যদি ঈশ্বৰৰ বাক্যক অধ্যয়ন আৰু মনোযোগ দিবলৈ সময় উলিওৱা হয়, তেন্তে কঠিন মনো কোমল আৰু সাৰুৱা মাটিৰ দৰে হৈ পৰিব। ইয়াত উল্লেখ কৰা মূখ্য বিষয়টো হৈছে আমাৰ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখা। (লূক ১২:১৩-১৫) ইয়াৰ বিপৰীতে জীৱনত “যি যি শ্ৰেষ্ঠ” সেইবোৰৰ প্ৰতি সময় উলিয়াবলৈ ঠিৰাং কৰা আৱশ্যক।—ফিলিপীয়া ১:৯-১১.

“শিলৰ ওপৰত পৰা” অৰ্থাৎ ভয়ভীত লোক

১২. যীচুৰ দৃষ্টান্তত উল্লেখ কৰা দ্বিতীয় বিধ মাটিত পৰা কঠিয়াৰ গজালিবোৰ শুকাই যোৱাৰ মূখ্য কাৰণ কি?

১২ দ্বিতীয় বিধ মাটিত কঠিয়া পৰাত সেইবোৰে তাত স্থিৰ হোৱাৰ উপৰিও শিপা লৈ গজালি ওলায়। কিন্তু যেতিয়া সূৰ্য্য উদয় হয় তেতিয়া তাৰ তাপত অঙ্কুৰবোৰ শুকাই মৰহি যায়। মন কৰিবলগীয়া বিষয় এই যে শুকাই মৰহি যোৱাৰ মূখ্য কাৰণটো সূৰ্য্যৰ তাপ নহয়। কিয়নো ভাল মাটিত পৰা বৃদ্ধি হোৱা কঠিয়াবোৰেও সূৰ্য্যৰ তাপ পায় কিন্তু সেইবোৰ শুকাই যোৱাৰ পৰিৱৰ্তে লহপহকৈ বাঢ়ি আহে। কিয় এনে ভিন্নতা দেখিবলৈ পোৱা যায়? যীচুৰ অনুসাৰে দ্বিতীয় বিধ মাটিত থকা গজালিবোৰ “মাটি ডাঠ” আৰু “জীপ নোহোৱাত” সোনকালে শুকাই যায়। (মথি ১৩:৫, ৬; লূক ৮:৬) উল্লেখ কৰা ‘শিলনি’ ওপৰৰ মাটিৰ তৰপটোৰ ঠিক তলতে অৱস্থিত, যিয়ে কঠিয়াবোৰৰ শিপাক দলৈ সোমাই যোৱা আৰু আৰ্দ্ৰতা পোৱাত বাধা দিয়ে। মাটি বাম হোৱাত গজালিবোৰ শুকাই যায়।

১৩. কেনে ধৰণৰ ব্যক্তিসকল হৈছে বাম মাটিৰ দৰে আৰু তেওঁলোকে তেনে প্ৰতিক্ৰিয়া দেখুৱাৰ মুখ্য কাৰণটো কি?

১৩ দৃষ্টান্তৰ এই অংশটোৱে সেই লোকসকলক চিহ্নিত কৰিছে যিসকলে “বাক্য শুনি আনন্দৰে গ্ৰহণ” কৰে আৰু উৎসাহেৰে যীচুক “অলপ কাল বিশ্বাস কৰি” থাকে। (লূক ৮:১৩) কিন্তু যেতিয়া সূৰ্য্যৰ প্ৰখৰ তাপৰূপী “ক্লেশ বা তাড়নাৰ” সম্মুখীন হয় তেতিয়া তেওঁলোকে ভয়তে উৎসাহ আৰু আনন্দ হেৰুৱাই যীচুক অনুকৰণ কৰিবলৈ ত্যাগ দিয়ে। (মথি ১৩:২১) তেওঁলোকৰ ভয়ৰ মূখ্য কাৰণটো বিৰোধিতা নহয়। কিয়নো যীচুৰ অনেক শিষ্যই বিভিন্ন পৰীক্ষাৰ সম্মুখীন হোৱাৰ স্বত্বেও বিশ্বাসী হোৱাৰ প্ৰমাণ দিছে। (২ কৰিন্থীয়া ২:৪; ৭:৫) প্ৰকৃততে ভয়ভীত হৈ সত্যতাৰ পৰা আঁতৰি যোৱাৰ মুখ্য কাৰণটো হৈছে তেওঁলোকৰ মনটো শিলৰ দৰে কঠিন হোৱাত হিতকাৰ আৰু আধ্যাত্মিক বস্তুবোৰৰ প্ৰতি গভীৰভাৱে চিন্তা কৰাত বাধ দিয়ে। যিহোৱা আৰু তেওঁৰ বাক্যৰ প্ৰতি মূল্যাঙ্কন উপৰুৱা হোৱাৰ বাবে বিৰোধিতাত স্থিৰে থাকিব নোৱাৰে। এজন ব্যক্তিয়ে কেনেকৈ তেনে পৰিণামৰ পৰা ৰক্ষা পাব পাৰে?

১৪. মনটো বাম মাটিৰ দৰে হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এজন ব্যক্তিয়ে কেনে পদক্ষেপ লোৱা উচিত?

১৪ এজন ব্যক্তিক নিশ্চিত হোৱা উচিত যে শিলৰূপী কোনো ধৰণৰ পৰিহাসমূলক আৰু অন্তৰ্নিহিত স্বাৰ্থপৰ ভাৱনাই যেন তেওঁৰ মনত বাঁহ নলয়। যদি ইতিমধ্যেই বাঁহ লৈছে তেন্তে ঈশ্বৰৰ বাক্যৰ শক্তিৰ দ্বাৰা সেইবোৰক দূৰ কৰিব পাৰি। (যিৰিমিয়া ২৩:২৯; ইফিচীয়া ৪:২২; ইব্ৰী ৪:১২) গতিকে প্ৰাৰ্থনাপূৰ্বক কৰা চিন্তাই এজন ব্যক্তিৰ মনৰ গভীৰতাত ‘ৰোৱা বাক্যক’ সজীৱ কৰি তুলিব। (যাকোব ১:২১) ইয়ে তেওঁক নিৰুৎসাহ পৰিস্থিতিৰ সৈতে সম্মুখীন হʼবলৈ আৰু অত্যাচাৰৰ স্বত্ত্বেও বিশ্বাসী হৈ থাকিবলৈ সাহস প্ৰদান কৰিব।

“কাঁইটনিত পৰা” অৰ্থাৎ দুই মনৰ লোক

১৫. (ক) যীচুৱে বৰ্ণনা কৰা তৃতীয় বিধ মাটিৰ প্ৰতি আমি কিয় বিশেষভাৱে মনোযোগ দিয়া আৱশ্যক? (খ) তৃতীয় বিধ মাটিত সৰ্বশেষত কি আৰু কিয় তেনেদৰে ঘটে?

১৫ তৃতীয় বিধ মাটি হৈছে কাঁইটেৰে ভৰা, ইয়াৰ প্ৰতি আমি বিশেষকৈ মনোযোগ দিয়া উচিত, কিয়নো কিছুমাত্ৰাত এই মাটিৰ সাদৃশ্যতা ভাল মাটিৰ সৈতে প্ৰায়ে মিল খাই। ভাল মাটিৰ দৰে এই কাঁইটিয়া মাটিতো কঠিয়া গজালি মেলে। প্ৰথম অৱস্থাত এই দুই বিধ মাটিত বৃদ্ধি হোৱা নতুন পুলিবোৰৰ মাজত কোনো ভিন্নতা দেখা নাযায়। কিন্তু সময় অতিবাহিত হোৱাত এনে এটা অৱস্থা বিকাশিত হয় যিয়ে পুলিটোক হেঁচা মাৰি ধৰে। ভাল মাটিৰ বিপৰীতে এই মাটি কাঁইটেৰে ভৰা। নতুনকৈ ওলোৱা পুলিটোৰ সৈতে ‘কাঁইটো বাঢ়ি আহে।’ কিছু সময়লৈ দুয়োবিধ পুলিয়ে একেৰাহে পোহৰ আৰু পুষ্টি পোৱাৰ বাবে লহপহকৈ বাঢ়ি আহে কিন্তু পিছলৈ কাইঁটিয়া বনে পুলিটোক ‘হেঁচা মাৰি ধৰে।’—লূক ৮:৭.

১৬. (ক) কেনে ধৰণৰ ব্যক্তিসকল কাঁইটেৰে ভৰি থকা মাটিৰ অনুৰূপ? (খ) তিনিখন শুভবাৰ্ত্তাৰ কিতাপত উল্লেখ কৰা বৃত্তান্তৰ অনুসাৰে কাঁইটবোৰে কিহক চিত্ৰিত কৰিছে?—ফোটনোটত চাওক।

১৬ কেনে ধৰণৰ লোক কাঁইটিয়া বনৰ অনুৰূপ হৈ পৰে? তেনে লোকবিলাকৰ সম্পৰ্কে যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছে: “সেয়ে হৈছে, যিবিলাকৰ শুনাৰ পাছে, আয়ুসৰ কাল নিয়াওঁতে, জীৱনৰ চিন্তা, ধন আৰু সুখত মগ্ন হোৱাত, একো ফল সিদ্ধ নহয়।” (লূক ৮:১৪) যিদৰে পুলিটোৰ সৈতে কাঁইটিয়া বন একেলগে বাঢ়ি আহিছিল, তেনেদৰে কিছুমানে ঈশ্বৰৰ বাক্যৰ সৈতে ‘জীৱনৰ সুখকো’ লʼবলৈ চেষ্টা কৰে। তেওঁলোকৰ মনত যদিও ঈশ্বৰৰ বাক্যৰ সত্যতা সিচা হৈছিল কিন্তু তেওঁলোকে অনুকৰণ কৰা আন বিষয়সমূহে তেওঁলোকৰ মনোযোগৰ সৈতে অৰিয়াঅৰি হʼল আৰু তেওঁলোকৰ লাক্ষণিক মন অৰ্থাৎ হৃদয় বিভাজিত হʼল। (লূক ৯:৫৭-৬২) ইয়ে তেওঁলোকক ঈশ্বৰৰ বাক্যৰ প্ৰতি প্ৰাৰ্থনাপূৰ্বক আৰু অৰ্থপূৰ্ণ প্ৰতিফলন কৰাত অধিক সময় অতিবাহিত কৰিবলৈ বাধা প্ৰদান কৰিলে। যাৰ বাবে তেওঁলোকে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাত আৰু আন্তৰিকতাৰে প্ৰেম প্ৰকাশ কৰাত বিফল হৈছে। ক্ৰমান্বয়ে আধ্যাত্মিক নোহোৱা কাৰ্য্যবোৰে তেওঁলোকৰ আধ্যাত্মিক আগ্ৰহতাক ‘হেঁচা মাৰি ধৰিলে।’ * যিহোৱাক সম্পূৰ্ণ মনেৰে সেৱা নকৰা সকলে কেনে এক শোচনীয় অৱস্থা ভুগীবলগীয়া হʼব!—মথি ৬:২৪; ২২:৩৭.

১৭. যীচুৰ দৃষ্টান্তত উল্লেখ কৰা লাক্ষণিক কাঁইটবোৰৰ পৰা আঁতৰি থাকিবলৈ হʼলে আমি জীৱনত কেনে বাছনি কৰা উচিত?

১৭ আমি ভৌতিক বস্তুৰ পৰিৱৰ্তে আধ্যাত্মিক বিষয়বোৰক জীৱনত প্ৰথম স্থান দি এই জগতৰ সুখ আৰু চিন্তাই হেঁচা মাৰি ধৰাৰ পৰা ৰক্ষা পাব পাৰিম। (মথি ৬:৩১-৩৩; লূক ২১:৩৪-৩৬) সেয়েহে বাইবেল পাঠ কৰা আৰু তাৰ পৰা পোৱা শিক্ষাক কেতিয়াও আওকাণ কৰা উচিত নহয়। যদি আমি সৰলভাৱে জীৱন যাপন কৰোঁ তেন্তে আমি প্ৰাৰ্থনাপূৰ্বক চিন্তা আৰু কেন্দ্ৰীভূত কৰাত অধিক সময় অতিবাহিত কৰিব পাৰিম। (১ তীমথিয় ৬:৬-৮) যিসকল ঈশ্বৰৰ সেৱকে কাঁইটীয়া চিন্তাধাৰাক মনৰ পৰা আঁতৰাই ফল দিওঁতা কঠিয়াক অধিককৈ পুষ্টি, পোহৰ আৰু ঠাই দিছে, তেওঁলোকে যিহোৱাৰ আশীৰ্ব্বাদৰ অভিজ্ঞতা হৈছে। চেন্দ্ৰা নামৰ ২৬ বছৰীয়া এগৰাকী ভনীয়ে এইদৰে কয়: “যেতিয়া মই সত্যত থকা আশীৰ্ব্বাদসমূহৰ ওপৰত মনোযোগ দিওঁ তেতিয়া মই ইয়াৰ তুলনাত আৰু আন কোনো বস্তুকে মহান বুলি নাভাবো!”—গীতমালা ৮৪:১১.

১৮. আমি কেনেকৈ ঈশ্বৰৰ বাক্যত থাকিব আৰু সহনশীল হৈ খ্ৰীষ্টান হোৱাৰ পৰিচয় দিব পাৰোঁ?

১৮ ডেকা বা বৃদ্ধই নহওক কিয়, আমি ঈশ্বৰৰ বাক্যত থকা আৰু খ্ৰীষ্টৰ শিষ্য হিচাবে সহনশীল হোৱা লৈকে ঈশ্বৰৰ বাক্য আমাত থাকিব। গতিকে আঁহক আমি আমাৰ লাক্ষণিক মনটোক কটকটীয়া আৰু অসাৰুৱা মাটিৰ দৰে কঠিন হৈ পৰাৰ বিপৰীতে কোমল আৰু গভীৰ কৰাটোক নিশ্চিত কৰোঁহঁক। এনে কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যত বিলীন হৈ থাকি “ধৈৰ্য্যৰে ফল উৎপন্ন” কৰিব পাৰিম।—লূক ৮:১৫. (w03 2/1)

[ফুটনোটবোৰ]

^ আমি সেই আৱশ্যকতাৰ প্ৰথমটোৰ বিষয়ে এই লেখত আৰু বাকী দুটা আহিবলগীয়া লেখবোৰত আলোচনা কৰিম।

^ আপুনি বাইবেলৰ পৰা পঢ়া অংশটো প্ৰাৰ্থনাপূৰ্বক চিন্তা কৰিবলৈ নিজকে এইদৰে সুধিব পাৰে: ‘ইয়াত এবাৰতকৈ অধিকবাৰ যিহোৱাৰ গুণসমূহক প্ৰকাশ কৰিছেনে? ই বাইবেলৰ বিষয়বস্তুৰ সৈতে কেনেকৈ জড়িত হৈ আছে? ইয়াক মই মোৰ জীৱনত বা আনক শিকাবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?’

^ তিনিখন শুভবাৰ্ত্তা কিতাপত উল্লেখ কৰা যীচুৰ দৃষ্টান্তৰ কঠিয়াক এই জগতৰ সুখ আৰু চিন্তাধাৰা অৰ্থাৎ “সংসাৰৰ চিন্তা,” “ধনৰ মায়াই বাক্য,” “জীৱনৰ চিন্তা,” আৰু ‘ধন আৰু সুখে’ হেঁচা মাৰি ধৰিলে।—মাৰ্ক ৪:১৯; মথি ১৩:২২; লূক ৮:১৪.

আপুনি কি উত্তৰ দিব?

• আমি কিয় ‘যীচুৰ বাক্যত থকা’ আৱশ্যক?

• আমি ঈশ্বৰৰ বাক্যক আমাৰ মনত থাকিবলৈ কি কৰিব পাৰোঁ?

• যীচুৱে দৃষ্টান্তত উল্লেখ কৰা চাৰি বিধ মাটি কেনে ব্যক্তিসকলক চিত্ৰিত কৰিলে?

• ঈশ্বৰৰ বাক্যক প্ৰতিফলিত কৰিবলৈ আমি কেনেকৈ সময় উলিয়াব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ বক্স/ছবি]

“সত্যতাত থিৰে” থকা

দীৰ্ঘ সময় ধৰি যীচুৰ শিষ্যসকলে যে “সত্যতাত থিৰে” আছে তাক একেৰাহে প্ৰমাণ কৰিছে। (২ পিতৰ ১:১২) কিহে তেওঁলোকক ধৈৰ্য্যশীল হোৱাত সহায় কৰিছে? এই বিষয়ে তেওঁলোকৰ কিছুমানে দিয়া মন্তব্যক বিবেচনা কৰক।

“মই প্ৰত্যেকদিনা বাইবেলৰ এটা অধ্যায় পাঠ কৰি প্ৰাৰ্থনা কৰোঁ। তাৰ পিছত মই যি পঢ়িলোঁ তাৰ বিষয়ে বিবেচনা কৰোঁ।”—জীন, ১৯৩৯ চনত বাপ্তিষ্মা।

“সকলোতকৈ মহান যিহোৱাই কেনেকৈ আমাক ইমান গভীৰভাৱে প্ৰেম কৰে, ইয়াৰ ওপৰত ধ্যান কৰাৰ দ্বাৰা মই সুৰক্ষা আৰু বিশ্বাসত দৃঢ় হৈ থকাত সহায় লাভ কৰোঁ।”—পেট্ৰীচিয়া, ১৯৮৬ চনত বাপ্তিষ্মা।

“বাইবেল অধ্যয়ন কৰা উত্তম অভ্যাস বজাই ৰাখি আৰু ‘ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান’ কৰাত ব্যস্ত থাকি মই একেৰাহে যিহোৱাৰ সেৱাত লাগি থাকিব পাৰিছোঁ।”—১ কৰিন্থীয়া ২:১০; আন্না, ১৯৩৯ চনত বাপ্তিষ্মা।

“মই মোৰ মন আৰু অভিপ্ৰায়ক পৰীক্ষা কৰাৰ উদ্দেশ্যৰে ঈশ্বৰৰ বাক্য আৰু বাইবেল আধাৰিত আলোচনীবোৰ পঢ়োঁ।”—জেলডা, ১৯৪৩ চনত বাপ্তিষ্মা।

“মোৰ বাবে খোজ কাঢ়াৰ সময়খিনি হৈছে উত্তম সময়। কিয়নো সেই সময়ত মই প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ সৈতে কথোপকথন কৰি কওঁ যে মই বাস্তৱতে কেনে অনুভৱ কৰিছোঁ।”—ৰাল্ফ, ১৯৮৭ চনত বাপ্তিষ্মা।

“মই নিতৌ দৈনিক পাঠ আৰু বাইবেলৰ এটা অংশ পঢ়ি দিনটোৰ আৰম্ভ কৰোঁ। ইয়ে মোক দিনটোত ধ্যান কৰিবলৈ কোনো নতুন বিষয় প্ৰদান কৰে।”—মাৰিয়া, ১৯৩৫ চনত বাপ্তিষ্মা।

“মোৰ বাবে বাইবেলৰ এখন কিতাপৰ পৰা প্ৰত্যেকটো পদ আলোচনা কৰাটো হৈছে এটা বাস্তৱিকতে উত্তেজক দ্ৰব্য।”—দানিয়েল, ১৯৪৬ চনত বাপ্তিষ্মা।

আপুনি প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বাক্যক প্ৰতিফলিত কৰিবলৈ কেতিয়া সময় উলিয়াই?—দানিয়েল ৬:১০; মাৰ্ক ১:৩৫; পাঁচনিৰ কৰ্ম্ম ১০:৯.

[১১ পৃষ্ঠাৰ ছবি]

আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দি আমি “ধৈৰ্য্যৰে ফল উৎপন্ন” কৰিব পাৰোঁ