Skip to content

Skip to table of contents

আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক

আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক

আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক

“মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়।”—১ চমূৱেল ১৬:৭.

১, ২. ইলীয়াবৰ সম্বন্ধে যিহোৱাৰ দৃষ্টিভঙ্গী কেনেকৈ ভবিষ্যতবক্তা চমূৱেলতকৈ ভিন্ন আছিল আৰু ইয়াৰ পৰা আমি কি শিকিবলৈ পাওঁ?

 যিহোৱাই এক বিশেষ কাৰ্য্য সম্পন্ন কৰিবলৈ সা.যু.পূ. ১১ শতিকাত ভৱিষ্যতবক্তা চমূৱেলক যিচয়ৰ ঘৰলৈ পঠিয়াইছিল। চমূৱেলক তালৈ গৈ যিচয়ৰ এজন পুত্ৰক ইস্ৰায়েলৰ ৰজা হিচাবে মনোনিত কৰিবলৈ আজ্ঞা দিছিল। যিচয়ৰ জেষ্ঠ পুত্ৰ ইলীয়াবক দেখি তেওঁ ধাৰণা কৰিছিল যে তেৱেঁই ঈশ্বৰৰ অভিষিক্ত জন। কিন্তু যিহোৱাই তেওঁক এইদৰে কʼলে: “তুমি ইয়াৰ মুখলৈ আৰু দীৰ্ঘকায়লৈ দৃষ্টি নকৰিবা; কাৰণ মই তাক অগ্ৰাহ্য কৰিলোঁ। কিয়নো মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” (১ চমূৱেল ১৬:৬, ৭) চমূৱেলে ইলীয়াবক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চোৱাত বিফল হৈছিল। *

মানুহে সহজে আনৰ মূল্য নিৰ্দ্ধাৰণ কৰোঁতে ভুল কৰে! সাধাৰণতে আমি আনৰ বাহ্যিক ৰূপ দেখিহে নিৰ্ণয় লওঁ, কিন্তু দৰাচলতে তেওঁলোক ভিতৰি অসাধু ব্যক্তি হʼব পাৰে। আনহাতে, তেওঁলোকৰ ব্যক্তিত্বত অসন্তুষ্ট হৈ আমি হয়তো তেনে সৰল মন ৰাখোঁতা ব্যক্তিসকলক আওকাণ কৰিব পাৰোঁ।

৩, ৪. (ক) যদি দুজন খ্ৰীষ্টান ব্যক্তিৰ মাজত বাদ-বিবাদ সৃষ্টি হৈছে তেন্তে দুয়োজনে কি কৰিবলৈ ঠিৰাং কৰা উচিত? (খ) যেতিয়া সঙ্গী ভাইৰ সৈতে কোনো বাদ-বিবাদ সৃষ্টি হয় তেতিয়া আমি নিজকে কেনে প্ৰশ্নবোৰ সোধা আৱশ্যক?

আমি কিছুমানৰ সৈতে হয়তো বহু বছৰৰ পৰা পৰিচিত হোৱাৰ কাৰণে শীঘ্ৰেই কোনো বিচাৰ কৰি নিৰ্ণয় লোৱাৰ বাবে সমস্যা সৃষ্টি হʼব পাৰে। আপোনাৰ হয়তো কেনো খ্ৰীষ্টানৰ সৈতে গম্ভীৰ বিবাদ হৈছে যি এসময়ত আপোনাৰ নলে-গলে লগা বন্ধু আছিল। আপুনি তেওঁৰ সৈতে পুনৰাই ভাল সম্বন্ধ গঢ়ি তুলিবলৈ বিচাৰিবনে? এই বিষয়ত কিহে আপোনাক সহায় কৰিব?

আপুনি খ্ৰীষ্টান ভাই বা ভনীৰ উত্তম গুণৰ প্ৰতি দৃষ্টি দিবলৈ পদক্ষেপ নলয় কিয়? ইয়াক আপুনি যীচুৱে উল্লেখ কৰা বাক্যশাৰীৰ বিবেচনা কৰি কৰক, যʼত তেওঁ এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” (যোহন ৬:৪৪) এতিয়া নিজকে এইদৰে সোধক: ‘এই ব্যক্তিজনক যিহোৱাই কিয় তেওঁৰ পুত্ৰৰ কাষ চপালে? ব্যক্তিজনত কেনে উত্তম গুণবোৰ আছে? মই তেওঁলোকক তুচ্ছ বুলি জ্ঞান কৰিছোঁনে? আৰম্ভণিতে আমি কিয় বন্ধু হৈ পৰিছিলো? কিহে মোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল? যদি আপুনি কোনো এজন ব্যক্তিৰ দ্বাৰা মানসিক আঘাত পাইছে তেন্তে প্ৰথমতে তেওঁৰ উত্তম গুণবোৰৰ ওপৰত দৃষ্টি কৰাটো কঠিন হʼব পাৰে। তথাপিও পুনৰাই সম্বন্ধ গঢ়ি তুলাটো হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াক কেনেকৈ কৰিব পাৰে তাক বুজিবলৈ আঁহক আমি এনে দুজন ব্যক্তিৰ ধনাত্মক বৈশিষ্ট্যসমূহক লক্ষ্য কৰোঁহঁক যিসকলক তেওঁলোকে কৰা ভুলৰ বাবে কেতিয়াবা নেতিবাচক দৃষ্টিৰে চোৱা হয়। তেওঁলোক আছিল ভৱিষ্যতবক্তা যোনা আৰু পাঁচনি পিতৰ।

যোনাক উচিত দৃষ্টিভঙ্গীৰে চোৱা

৫ যোনাক কি আজ্ঞা দিয়া হৈছিল আৰু তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

ইস্ৰায়েলৰ উত্তৰ ৰাজ্যত যোৱাচ ৰজাৰ পুত্ৰ দ্বিতীয় যাৰবিয়ামৰ ৰাজত্বকালত যোনাই ভৱিষ্যতবক্তা হিচাবে কাৰ্য্য কৰিছিল। (২ ৰাজাৱলি ১৪:২৩-২৫) এদিন যিহোৱাই যোনাক শক্তিশালী অচূৰীয়াৰ ৰাজধানী নীনবি চহৰলৈ যাবলৈ আজ্ঞা দিছিল। তেওঁক কেনে নিযুক্তিভাৰ দিয়া হৈছিল? সেই চহৰখনক যে ধ্বংস কৰা হʼব বুলি তেওঁক তাত থকা লোকসকলক সতৰ্ক কৰিবলৈ দায়িত্ব দিয়া হৈছিল। (যোনা ১:১, ২) যিহোৱাৰ নিৰ্দ্দেশনাক পালন কৰাৰ পৰিৱৰ্তে তেওঁ পলায়ন কৰিলে! তেওঁ নীনবি চহৰৰ পৰা আঁতৰি যোৱাৰ উদ্দেশ্যৰে তাৰ্চীচলৈ যোৱা এখন জাহাজত উঠি যাত্ৰ কৰিবলৈ ধৰিলে।—যোনা ১:৩.

৬. যিহোৱাই কিয় যোনাক নীনবি চহৰলৈ পঠিয়াবলৈ বাছি লৈছিল?

যোনাৰ বিষয়ে ভবাৰ সময়ত আপোনাৰ মনত কেনে ধাৰণা সৃষ্টি হয়? আপুনি তেওঁক এজন অবজ্ঞাকাৰী ভৱিষ্যতবক্তা হিচাবে ভাবেনে? তেওঁৰ বিষয়ে শীঘ্ৰেই তেনে নিৰ্ণয় লোৱাটো অনুচিত হʼব। যোনা অবজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁক ভৱিষ্যতবক্তা হিচাবে মনোনিত কৰিছিল নে? নিশ্চই নহয়। ঈশ্বৰে তেওঁত নিশ্চয়ে কিছুমান উত্তম গুণ দেখিবলৈ পাইছিল। এতিয়া তেওঁক এজন ভৱিষ্যতবক্তা হিচাবে বিবেচনা কৰক।

৭. ভৱিষ্যতবক্তা যোনাই ইস্ৰায়েলৰ কেনে পৰিস্থিতিৰ মাজত থাকি যিহোৱাৰ সেৱা কৰিছিল আৰু তাৰ বিষয়ে জানি আপুনি তেওঁৰ প্ৰতি কেনে দৃষ্টি ৰাখে?

যিহূদা দেশত যোনাই কঠোৰ মন ৰাখা ব্যক্তিসকলৰ এটা এলেকাত প্ৰচাৰ কাৰ্য্য কৰিছিল। প্ৰায় একেই সময়ত বাস কৰা ভৱিষ্যতবক্তা আমোচে কৈছিল যে তেওঁলোকৰ বাবে ধন-সম্পত্তি অতি প্ৰিয় আছিল। * যদিও দেশত দুষ্টতাৰ কাৰ্য্যবোৰ হৈছিল তথাপিও ইস্ৰায়েলসকলে তাক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছিল। (আমোচ ৩:১৩-১৫; ৪:৪; ৬:৪-৬) যিয়েই নহওক যোনাই বিশ্বাসী হৈ নিৰন্তৰে প্ৰচাৰ কাৰ্য্য কৰি আছিল। যদি আপুনি এজন প্ৰচাৰক তেন্তে স্বাৰ্থপৰ আৰু উদাসী লোকসকলৰ আগত প্ৰচাৰ কৰাটো যে কিমান কঠিন তাক নিশ্চয়ে জানে। তেন্তে আঁহক আমি যোনাৰ দুৰ্ব্বলতাৰ সৈতে তেওঁৰ বিশ্বাসী আৰু ধৈৰ্য্যৰে কৰা প্ৰচাৰ কাৰ্য্যৰ বিষয়েও মনত ৰাখোঁহঁক।

৮. ভৱিষ্যতবক্তা যোনাক নীনবি চহৰলৈ যাবলৈ কেনে পৰিস্থিতিৰ সম্মুখীন হʼবলগা হʼলহেঁতেন?

নীনবি চহৰলৈ গৈ প্ৰচাৰ কৰাটো ইমান সহজ কথা নাছিল। কিয়নো তেওঁক সেই চহৰখনলৈ যাবলৈ প্ৰায় এমাহ সময় ধৰি ৮০০ কিলোমিটাৰ খোজ কাঢ়ি যাত্ৰা কৰিব লাগিছিল। তদুপৰি তেওঁ অচূৰীয়াৰ দৰে এনে এক নিষ্ঠুৰ জাতিৰ আগত প্ৰচাৰ কৰিবলৈ আছিল যি যুদ্ধত বন্দী কৰা লোকসকলক ক্ৰুৰতাৰে শাস্তি দিছিল। আনকি তেনে ক্ৰুৰতাপূৰ্ণ শাস্তি তেওঁলোকৰ যুদ্ধৰ এটাৰ বৈশিষ্ট্যতা আছিল। তদুপৰি তেওঁলোকে তেনে বৰ্ব্বৰতাপূৰ্ণৰ বাবে গৰ্ব কৰিছিল। সেইবাবে এই চহৰখনক “ৰক্তপাতকাৰিণী” বুলা হৈছিল।—নহূম ৩:১, ৭.

৯. যেতিয়া প্ৰকাণ্ড ধুমুহাই জাহাজত থকা নাৱৰীয়াসকলৰ প্ৰাণ বিপদপন্ন কৰি তুলিলে তেতিয়া ভৱিষ্যতবক্তা যোনাই কেনে গুণসমূহক প্ৰদৰ্শিত কৰিছিল?

এনেবোৰ পৰিস্থিতিৰ সম্মুখীন নহʼবলৈ ভৱিষ্যতবক্তা যোনাই যিহোৱাৰ আজ্ঞাক পালন নকৰি তেওঁ জাহাজত উঠি বহু দূৰলৈ আঁতৰি গৈছিল। যিয়ে নহওক, যিহোৱাই তেওঁৰ পৰিৱৰ্তে আন ভৱিষ্যৎবক্তাক ব্যৱহাৰ নকৰিলে। তাৰ সলনি ঈশ্বৰে দিয়া সেই নিযুক্তিভাৰৰ গভীৰতাক বুজিবলৈ যিহোৱাই তেওঁক সহায় কৰিলে। প্ৰথমতে, তেওঁ সমুদ্ৰৰ মাজত ধুমুহা সৃষ্টি কৰিলে। ফলস্বৰূপে, যোনাক নিয়া জাহাজখন ঢলং-পলং হʼবলৈ ধৰিলে। কেৱল যোনাৰ বাবে জাহাজত থকা আন নিৰ্দ্দোষী লোকসকলৰ প্ৰাণ বিপদত পৰিল। (যোনা ১:৪) তেতিয়া যোনাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে? যিহেতু তেওঁৰ বাবে যাতে আনসকলৰ প্ৰাণ হানি নহয়, সেয়েহে তেওঁ নাৱৰীয়াসকলক এনেদৰে কৈছিল: “মোক দাঙি সমুদ্ৰত পেলাই দিয়া, তাতে সাগৰ তোমালোকলৈ থিৰ হব। কিয়নো মই জানো, যে, মোৰ কাৰণেহে এই মহাধুমুহা তোমালোকলৈ হৈছে।” (যোনা ১:১২) যেতিয়া জাহাজৰ নাৱৰীয়াসকলে তেওঁক দাঙি পানীত পেলাই দিলে তেতিয়া যিহোৱাই যে তেওঁক ৰক্ষা কৰিব তাৰ বিষয়ে ভাবিবলৈ তেওঁৰ ওচৰত কোনো কাৰণ নাছিল। (যোনা ১:১৫) নাৱৰীয়াসকলে যাতে ধ্বংস নহয় তাৰবাবে যোনাই নিজৰ প্ৰাণ আহুতি দিবলৈ আগ্ৰহী হʼল। ভৱিষ্যতবক্তা যোনাই লোৱা এনে পদক্ষেপত আমি তেওঁৰ সাহসী, নম্ৰ আৰু প্ৰেমৰ প্ৰমাণ নাপাওঁ নে?

১০. যিহোৱাই পুনৰাই ভৱিষ্যতবক্তা যোনাক নিযুক্তি দিয়াৰ পিছত কি ঘটিল?

১০ অৱশেষত যিহোৱাই তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল। তেন্তে ভৱিষ্যতবক্তা যোনাই দেখুউৱা এই গুণবোৰে তেওঁক পুনৰাই ঈশ্বৰৰ সেৱা কৰিবলৈ অযোগ্য কৰা নাছিলনে বাৰু? অৱশ্যেই নাছিল। কিয়নো যিহোৱাই তেওঁৰ ওপৰত দয়া দেখুৱাই পুনৰাই সেই দায়িত্ব সম্পন্ন কৰাৰ অৰ্থে প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল। যোনাই নীনবি চহৰত গৈ তেওঁলোকৰ অতিপাত দুষ্টতাৰ বাবে যে চহৰখন ৪০ দিনৰ ভিতৰত উচ্ছন্ন কৰা হʼব তাক তেওঁ সাহসেৰে ঘোষণা কৰিলে। (যোনা ১:২; ৩:৪) তেওঁৰ এনে পোনপটীয়া বাৰ্ত্তা শুনি নীনবি বাসীন্দাসকলে মনপালটন কৰে আৰু উচ্ছন্ন হোৱাৰ পৰা ৰক্ষা পায়।

১১. ভৱিষ্যতবক্তা যোনাই যে এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলে তাক কিহে নিৰ্দ্দিশিত কৰিছে?

১১ তথাপিও ভৱিষ্যতবক্তা যোনাই সঠিক দৃষ্টিভঙ্গী ৰাখা নাছিল। যিহোৱাই অতি ধৈৰ্যেৰে যোনাক এটা প্ৰভাৱকাৰী শিক্ষা দিয়াৰ দ্বাৰা তেওঁক বুজিবলৈ সহায় কৰিলে যে ঈশ্বৰে মানুহৰ বাহ্যিক ৰূপ নহয় কিন্তু তেওঁলোকৰ মনকহে পৰীক্ষা কৰে। (যোনা ৪:৫-১১) যোনাই যে এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলে তাক তেওঁ নিজেই লিপিবদ্ধ কৰিলে। তেওঁ নিজৰ ভুলটোৰ বিষয়ে লিখিবলৈ আগ্ৰহী হোৱাৰ পৰা আমি তেওঁৰ নম্ৰতা গুণৰ পৰিচয় পাওঁ। সঁচাকৈ নিজৰ ভুল স্বীকাৰ কৰাটো হৈছে এজন সাহসী ব্যক্তিৰ পৰিচয়।

১২. (ক) যীচুয়েও যে যিহোৱাৰ দৃষ্টিৰে লোকসকলক দৃষ্টি কৰে তাক আমি কেনেকৈ জানিব পাৰোঁ? (খ) যিসকলক আমি শুভবাৰ্ত্তাৰ বিষয়ে কওঁ তেওঁলোকৰ প্ৰতি কেনে দৃষ্টিভঙ্গী বজাই ৰাখিবলৈ আমাক উৎসাহিত কৰা হৈছে? (২২ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

১২ কেইবা শতিকাৰ পিছত যীচুৱে স্বয়ং ভৱিষ্যতবক্তা যোনাৰ বিষয়ে সঠিকভাৱে দাঙি ধৰিছিল। তেওঁ এইদৰে কৈছিল: “যোনা যেনেকৈ তিন দিন তিন ৰাতি বৰ মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিন দিন তিন ৰাতি পৃথিবীৰ ভিতৰত থাকিব।” (মথি ১২:৪০) যীচুৱে তিন দিন কবৰত থকাৰ তুলনা যে যোনাই বৰ মাছৰ পেটত অন্ধকাৰময় অৱস্থাৰ সৈতে কৰিছিল, এই বুলি যোনাই পুনৰুত্থান হোৱাৰ পিছত জানিব পাৰিব। আমি এনে এজন ঈশ্বৰৰ সেৱা কৰি আনন্দিত নহওঁনে বাৰু যিজনে নিজৰ সেৱলকসকলৰ ভুল-ভ্ৰান্তিসমূহ ধৰি নাৰাখে? এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে লিখিছিল: “বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে, যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাবিলাকক কৃপা কৰে; কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।” (গীতমালা ১০৩:১৩, ১৪) প্ৰকৃততে এই “ধূলি” অৰ্থাৎ বৰ্তমানৰ অসিদ্ধ লোকসকলে ঈশ্বৰৰ আত্মাৰে সুসজ্জিত হৈ মহান কাৰ্য্য সম্পন্ন কৰিব পাৰে।

দৃষ্টিভঙ্গীত পাঁচনি পিতৰৰ ভাৰসাম্যতা বজাই ৰখা

১৩. পিতৰৰ বিষয়ে বিবেচনা কৰিলে আমাৰ মনত পিতৰৰ কেনে গুণবোৰ ভাঁহি উঠিব পাৰে, কিন্তু যীচুৱে কিয় তেওঁক এজন পাঁচনি হিচাবে বাছি লৈছিল?

১৩ এতিয়া আঁহক আমি চমুকৈ পাঁচনি পিতৰৰ উদাহৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক। যদি আপোনাক পাঁচনি পিতৰৰ ব্যক্তিত্বৰ বিষয়ে সোধা হয় তেন্তে আপুনি শীঘ্ৰেই তেওঁ এজন অবিবেচক আৰু মদগৰ্বী ব্যক্তি আছিল বুলি নকʼবনে? এইটো সঁচা যে তেওঁ এসময়ত তেনে গুণবোৰ প্ৰদৰ্শিত কৰিছিল। বাস্তৱতে যদি পাঁচনি পিতৰে বিবেচনাহীন, আৱেগপ্ৰণোদিত বা উতনুৱা হোৱা হʼলে যীচুৱে তেওঁক ১২ জনৰ ভিতৰত এজন শিষ্য হিচাবে বাছি লʼলেহেঁতেননে? (লূক ৬:১২-১৪) নিশ্চয়ে নহয়! দৰাচলতে যীচুৱে তেওঁক সেইবোৰ গুণ আঁতৰ কৰি উত্তম গুণবোৰক বিকাশিত কৰাটো স্পষ্টকৈ দেখিবলৈ পাইছিল।

১৪. (ক) পাঁচনি পিতৰে বাকচাতুৰ্য্য হোৱাৰ কাৰণটোক আপুনি কেনেকৈ বৰ্ণনা কৰিব? (খ) পাঁচনি পিতৰে বাৰে বাৰে সোধা প্ৰশ্নবোৰৰ উত্তৰ জানি আমি কিয় কৃতজ্ঞ হোৱা উচিত?

১৪ সময়ে সময়ে পিতৰে আন পাঁচনিবিলাকৰ হৈ মুখপাত্ৰ হিচাবে কাৰ্য্য কৰিছিল। কিছুমানে হয়তো ইয়াক পৰিমিতাচাৰ নোহোৱা বুলি দৃষ্টি কৰিব পাৰে। কিন্তু সেইটোৰ বাস্তৱতে আৱশ্যক নে? কিছুমানৰ অনুসাৰে সম্ভৱতঃ পাঁচনি পিতৰ পাঁচনিবিলাকৰ ভিতৰত সকলোতকৈ বৃদ্ধ পুৰুষ আছিল। আনকি তেওঁ বয়সত যীচুতকৈ ডাঙৰ আছিল। যদি এই বিষয়টো সঁচা তেন্তে তেওঁ কিয় বাৰে বাৰে কথা কওঁতে আগভাগ লৈছিল তাৰ বিষয়ে বুজাত কঠিন নহʼব। (মথি ১৬:২২) তদুপৰি আন এটা বিষয়েও বিবেচনা কৰা উচিত। পাঁচনি পিতৰ এজন আধ্যাত্মিক মন ৰখা ব্যক্তি আছিল। জ্ঞানৰ প্ৰতি ভুকাতুৰ হোৱাৰ বাবে তেওঁ বিভিন্ন প্ৰশ্ন দাঙি ধৰিছিল। তেওঁ সোধা প্ৰশ্নবোৰ আমাৰ বাবে লাভজনক। তেওঁ সোধা ভালেমান প্ৰশ্নৰ উত্তৰ যীচুৱে দিছিল যি বাইবেলত উদ্ধৃত আছে। উদাহৰণস্বৰূপে, পাঁচনি পিতৰে সোধা এটা প্ৰশ্নৰ উত্তৰত যীচুৱে “বিশ্বাসী আৰু ঘৰগিৰী” বিষয়ে কৈছিল। (লূক ১২:৪১-৪৪) যিয়ে যীচুৱে কৰা প্ৰতিজ্ঞালৈ পৰিচালিত কৰিছিল, যʼত তেওঁ কৈছিল: “যি কোনোৱে ঘৰ, বা ভাই-ভনী, বা পিতৃ-মাতৃ, বা সন্তান, বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে, তেওঁ এশ গুণকৈ লাভ পাব, আৰু অনন্ত জীৱনৰ অধিকাৰী হব।”—মথি ১৫:১৫; ১৮:২১, ২২; ১৯:২৭-২৯.

১৫. পাঁচনি পিতৰ এজন প্ৰকৃত আনুগত্য ব্যক্তি আছিল বুলি কিয় কʼব পাৰি?

১৫ পাঁচনি পিতৰৰ আন এটা উত্তম গুণ আছিল। সেইয়া হৈছে তেওঁৰ বিশ্বস্ততা। যেতিয়া বহুতো শিষ্যই যীচুৱে কোৱা কথাৰ অৰ্থ বুজি নাপাই তেওঁক অনুকৰণ কৰিবলৈ ত্যাগ দিছিল তেতিয়া পাঁচনি পিতৰে ১২ জনৰ হৈ এনেদৰে সুধিছিল: “হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে।” (যোহন ৬:৬৬-৬৮) সেই বাক্যশাৰী শুনি যীচুৰ হৃদয় কিমান যে প্ৰফুল্লিত হৈছিল! পিছলৈ যেতিয়া এজাক উত্তেজিত জনতাই যীচুক আটক কৰিব আহিছিল তেতিয়া সকলোবোৰ শিষ্যই তেওঁক এৰি পলাই গৈছিল। কিন্তু পাঁচনি পিতৰে হʼলে মনে মনে সেই দলটোক অনুকৰণ কৰি মহা-পুৰোহিতৰ চোতালত প্ৰৱেশ কৰিছিল। তালৈ তেওঁক কাপুৰুষতাই নহয় কিন্তু সাহসে পৰিচালিত কৰিছিল। যীচুক জেৰা কৰাৰ সময়ত পাঁচনি পিতৰে জুইৰ তাপ লৈ থকা কিছুমান ইহুদীৰ সৈতে লগ লৈছিল। তাত মহা-পুৰোহিতৰ এজন দাসে তেওঁক চিনি পায় যীচুৰ সৈতে থকা বুলি অভিযুক্ত কৰিলে। এইটো সঁচা যে তেওঁ যীচুৰ সৈতে কোনো সম্পৰ্ক নাই বুলি অস্বীকাৰ কৰিছিল তথাপিও আমি আনবিলাকৰ বিপৰীতে তেওঁ তেনে পৰিস্থিতিত যীচুৰ প্ৰতি আনুগত্য আৰু বিবেচক হোৱাৰ বিষয়ে মনত ৰাখোঁহঁক।—যোহন ১৮:১৫-২৭.

১৬. ভৱিষ্যতবক্তা যোনা আৰু পাঁচনি পিতৰৰ উত্তম গুণসমূহৰ পৰা আমি কেনে ব্যৱহাৰিক শিক্ষা শিকিব পাৰিলোঁ?

১৬ পাঁচনি পিতৰত থকা এনে উত্তম গুণবোৰে তেওঁৰ ভুলবোৰক ঢাকি পেলাইছিল। ঠিক সেইদৰে ভৱিষ্যতবক্তা যোনাৰ বিষয়েও সত্য। যিদৰে আমি ভৱিষ্যতবক্তা যোনা আৰু পাঁচনি পিতৰৰ ভুলসমূহ চোৱাৰ পৰিৱৰ্তে উত্তম গুণবোৰ লক্ষ্য কৰোঁ, ঠিক সেইদৰে বৰ্তমানে থকা আমাৰ আধ্যাত্মিক ভাই-ভনীসকলৰো উত্তম গুণবোৰৰ প্ৰতি দৃষ্টি কৰা উচিত। তেনে কৰাৰ দ্বাৰা আমি তেওঁলোকৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলিব পাৰিম। কিয় ভাল সম্বন্ধ গঢ়ি তুলা অতি আৱশ্যক?

এই শিক্ষা আজিৰ বাবে প্ৰযোজ্য কৰা

১৭, ১৮. (ক) খ্ৰীষ্টানসকলৰ মাজত কিহে বাধা উৎপন্ন কৰিব পাৰে? (খ) সঙ্গী ভাইসকলৰ সৈতে হোৱা সমস্যাবোৰক সমাধান কৰিবলৈ বাইবেলৰ কেনে পৰামৰ্শই সহায় কৰিব পাৰে?

১৭ বৰ্তমান সময়ত পুৰুষ-স্ত্ৰী, লʼৰা-ছোৱালী, শিক্ষিত-অশিক্ষিত আৰু সকলো ধৰণৰ পৃষ্ঠভূমিৰ লোকে যিহোৱাৰ সেৱা কৰিছে। (প্ৰকাশিত বাক্য ৭:৯, ১০) আমি খ্ৰীষ্টান মণ্ডলীত কিমান যে ভিন্ন ব্যক্তিত্বৰ লোকসকলক দেখিবলৈ পাওঁ! যিহেতু আমি সকলোৱে একলগ হৈ যিহোৱাৰ সেৱা কৰিছোঁ সেয়েহে কোনো কোনো সময়ত আমাৰ মাজত মনোবিবাদ দেখা দিব পাৰে।—ৰোমীয়া ১২:১০; ফিলিপীয়া ২:৩.

১৮ যদিও আমি ভাইসকলত অনেক ভুল বা ভ্ৰান্তি দেখোঁ তথাপিও সেইবোৰৰ ওপৰত মনোযোগ নিদিওঁ। আমি যিহোৱাক অনুকৰণ কৰিবলৈ চেষ্টা কৰা আৱশ্যকতাৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে গাইছিল: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে?” (গীতমালা ১৩০:৩) এতেকে ব্যক্তিগত ভুলবোৰ ধৰি থকাৰ পৰিৱৰ্তে আঁহক আমি “শান্তিজনক, আৰু পৰস্পৰ উন্নতিসাধক যি যি আছে, সেইবোৰেই যত্ন কৰোঁহঁক।” (ৰোমীয়া ১৪:১৯) আমি ব্যক্তিসকলক যিহোৱাৰ দৃষ্টিৰে চাব লাগে আৰু তেওঁবিলাকত থকা ভুলবোৰৰ পৰিৱৰ্তে উত্তম গুণসমূহলৈ ধ্যান কেন্দ্ৰিত কৰা উচিত। যেতিয়া আমি তেনেদৰে কৰোঁ তেতিয়া ই আমাক “পৰস্পৰ সহনীয় হোৱাত” সহায় কৰে।—কলচীয়া ৩:১৩.

১৯. এজন খ্ৰীষ্টানে কেনেকৈ এটা গম্ভীৰ বাদ-বিবাদক সমাধান কৰিব পাৰে, তাৰ কিছুমান ব্যৱহাৰিক পদক্ষেপৰ বিষয়ে কওক।

১৯ যদি কোনো ভুল বুজাবুজিক সাধাৰণভাৱে সমাধান কৰাত কঠিন যেন বোধ হয় তেতিয়া কি কৰিব পাৰি? (গীতমালা ৪:৪) আপোনাৰ সঙ্গী ভাই বা ভনীৰ সৈতে তেনে কোনো ভুল বুজাবুজি হোৱা অনুভৱ কৰিছেনে? তেন্তে সমস্যাটোক কিয় সমাধান নকৰে? (আদিপুস্তক ৩২:১৩-১৫) সৰ্ব্বপ্ৰথমে যিহোৱাৰ নিৰ্দ্দেশনাৰ বাবে প্ৰাৰ্থনা কৰক। তাৰ পিছত ব্যক্তিজনৰ প্ৰতি সঠিক মনোভাৱ ৰাখি “জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য্য” দেখুৱাবলৈ তেওঁৰ কাষ চাপক। (যাকোব ৩:১৩) আপুনি যে শান্তি স্থাপিত কৰাৰ উদ্দেশ্যে তেওঁৰ ওচৰলৈ আহিছে তাক তেওঁক জনাওক। সদায়ে এই ঈশ্বৰীয় পৰামৰ্শটো মনত ৰাখিব: “শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ হওক।” (যাকোব ১:১৯) এই পৰামৰ্শৰ অনুসাৰে যদি ব্যক্তিজনৰ কিবা কাৰ্য্য বা কথাই আপোনাৰ ক্ৰোধ জগাই তেন্তে “ক্ৰোধলৈয়ো ধীৰ হওক।” যদি তেনে পৰিস্থিতি দেখা দিয়ে তেন্তে ইন্দ্ৰিয়-দমন বজাই ৰাখিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গালাতীয়া ৫:২২, ২৩) ভাইজনে যি কৈছে তাৰ প্ৰতি ধ্যান দি শুনক। যদিও আপুনি তেওঁৰ সকলো কথাত সন্মত নহয় তথাপিও তেওঁক কবলৈ বাধা নিদিব। হয়তো আপোনাৰ দৃষ্টিত তেওঁৰ কথাবোৰ যুক্তিসংঙ্গত নহʼব পাৰে তথাপিও তেওঁৰ বাবে সেইসময়ত সেইটো যে সঠিক তাক মনত ৰাখিব। তেওঁৰ দৃষ্টিৰে সমস্যাটোক চাবলৈ চেষ্টা কৰক। ইয়ে হয়তো নিজকে ভাইজনৰ দৃষ্টিৰে চাবলৈ সহায় কৰিব পাৰে।—হিতোপদেশ ১৮:১৭.

২০. যেতিয়া কোনো বাদ-বিবাদ সমাধান কৰা হয় তেতিয়া আপুনি উত্তৰ দিয়াৰ পূৰ্বেই ব্যক্তিজনে যি কৈছে তাৰ প্ৰতি ধ্যান দিয়াটো কিয় আৱশ্যক?

২০ আপুনি কিবা কোৱাৰ সময়ত অনুগ্ৰহযুক্ত হৈ কথা কওক। (কলচীয়া ৪:৬) ভাইজনৰ কোনটো গুণ আপুনি প্ৰশংসা কৰে তাক তেওঁক জনাওক। যদি কʼৰবাত আপোনাৰ ভুল থাকে তেন্তে তেওঁৰ পৰা ক্ষমা বিচাৰক। যদি আপুনি শান্তিৰে সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে তেন্তে যিহোৱাক ধন্যবাদ জনাওক। আনহাতে, যদি সমস্যাৰ সমাধান হোৱা নাই তেন্তে আন এটা সুযোগ আৰু নিৰ্দ্দেশনা পাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক।—ৰোমীয়া ১২:১৮.

২১. আপোনাক এই আলোচনাই কেনেকৈ আনক যিহোৱাৰ দৃষ্টিৰে চাবলৈ সহায় আগবঢ়ালে?

২১ যিহোৱাই তেওঁৰ সকলো সেৱককে প্ৰেম কৰে। আমাত অসিদ্ধতা থকা স্বত্বেও তেওঁ নিজৰ সেৱাৰ বাবে আমাক ব্যৱহাৰ কৰিবলৈ আনন্দিত। যেনেকৈ আমি যিহোৱাৰ দৃষ্টিৰে সকলোকে দৃষ্টি কৰিবলৈ শিকিম, ভাই-ভনীৰ প্ৰতি থকা আমাৰ প্ৰেমো অধিক বৃদ্ধি হʼব। যদি সঙ্গী ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেম মৰহি গৈছে তেন্তে তাক পুনৰাই গঢ়ি তুলিব পাৰি। ই কিযে এক মহান আশীৰ্ব্বাদ হʼব যদি আমি আনৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখিবলৈ ঠিৰাং কৰি লওঁ! সঁচাকৈ তেওঁলোকক যিহোৱাৰ দৃষ্টিৰে চোৱা উচিত। (w03 3/15)

[ফুটনোটবোৰ]

^ সুন্দৰ যুৱক ইলীয়াব ইস্ৰায়েলৰ ৰজা হʼবলৈ অযোগ্য যে আছিল সেইটো পিছলৈ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। উদাহৰণস্বৰূপে, পলেষ্টীয়াৰ শক্তিশালী গলিয়াথে যেতিয়া ইস্ৰায়েলসকলক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল তেতিয়া আনসকলৰ সৈতে ইলীয়াবো ভয়ভীত হৈছিল।—১ চমূৱেল ১৭:১১, ২৮-৩০.

^ সম্ভৱতঃ, দ্বিতীয় যাৰবিয়ামে বহুতো যুদ্ধত বিজয়ী, পূৰ্ব্বৰ এলেকাবোৰক পুনৰস্থাপিত আৰু কৰৰূপে ধন সংগ্ৰহ কৰাৰ বাবে ইস্ৰায়েলৰ উত্তৰ ৰাজ্যখন সমৃদ্ধিশালী হৈ পৰিছিল।—২ চমূৱেল ৮:৬; ২ ৰাজাৱলি ১৪:২৩-২৮; ২ বংশাৱলি ৮:৩, ৪; আমোচ ৬:২.

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাই নিজৰ বিশ্বাসী সেৱকবিলাকে কৰা ভুলবোৰৰ প্ৰতি কেনে দৃষ্টি কৰে?

• আপুনি ভৱিষ্যতবক্তা যোনা আৰু পাঁচনি পিতৰৰ কেনে উত্তম গুণবোৰক দেখিবলৈ পালে?

• খ্ৰীষ্টান ভাই-ভনীসকলৰ প্ৰতি আপুনি কেনে দৃষ্টিভঙ্গী বজাই ৰাখিবলৈ ঠিৰাং কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ বক্স]

আনৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি ৰাখে তাৰ বিষয়ে চিন্তা কৰক

ভৱিষ্যতবক্তা যোনাৰ বৃন্তাতৰ দ্বাৰা এইটো জানিবলৈ পাৰিছেনে যে কিয় আমি নিৰন্তৰে প্ৰচাৰ কৰা লোকসকলৰ প্ৰতি সঠিক দৃষ্টিকোণ ৰাখা উচিত? ইস্ৰায়েলসকলৰ দৰে তেওঁলোকেও হয়তো বাৰ্ত্তাৰ প্ৰতি আওকাণ, বিৰোধ আৰু আত্মপ্ৰত্যাশাহীন হʼব পাৰে। কিন্তু ঈশ্বৰে তেওঁলোকক কেনে দৃষ্টিৰে চায়? যিদৰে ভৱিষ্যতবক্তা যোনাই প্ৰচাৰ কৰাৰ ফলত নীনবি বাসীসকলে মনপালটন কৰিছিল, ঠিক সেইদৰে বৰ্তমান এই জগতত থকা প্ৰমুখ ব্যক্তিসকলেও হয়তো এদিনাখন যিহোৱাৰ শৰণ লʼব পাৰে।—যোনা ৩:৬, ৭.

[১৯ পৃষ্ঠাৰ ছবি]

আপুনি আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে দৃষ্টি কৰেনে?

[২০, ২১ পৃষ্ঠাৰ ছবি]

ভৱিষ্যতবক্তা যোনাৰ বিষয়ে যীচুৱে কিছুমান উত্তম গুণ দেখিবলৈ পাইছিল