Skip to content

Skip to table of contents

‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’

‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’

‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’

“নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।”—যোহন ১৬:৩৩.

১. শক্তিশালী শত্ৰুবিলাকৰ সম্মুখীন হʼবলৈ ইস্ৰায়েলসকলক কেনে উৎসাহিত কৰা হৈছিল?

 যৰ্দ্দন নদী পাৰ কৰি প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা কিছু সময়ৰ আগেয়ে মোচিয়ে ইস্ৰায়েলসকলক এনেদৰে কৈছিল: “তোমালোকে বলৱান হোৱা, অতিশয় সাহিয়াল হোৱা, ভয় নকৰিবা, আৰু সিহঁতক দেখি নকঁপিবা; কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা নিজেই তোমাৰ লগত যাওঁতা।” তাৰ পিছত ইস্ৰায়েলৰ নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকক কানান দেশলৈ পৰিচালিত কৰিবলগা যিহোচূৱাক মোচিয়ে সাহিয়াল হৈ থাকিবলৈ ব্যক্তিগতভাৱে বাৰে বাৰে পৰামৰ্শ দিছিল। (দ্বিতীয় বিবৰণ ৩১:৬, ৭) পিছলৈ যিহোৱাই স্বয়ং যিহোচূৱাক এনেদৰে কৈছিল: “বলৱান আৰু সাহিয়াল হোৱা . . . মাথোন তুমি বলৱান আৰু অতিশয় সাহিয়াল হোৱা।” (যিহোচূৱা ১:৬, ৭, ৯) সেইবোৰ উচিত সময়ত কোৱা বাক্য আছিল। কিয়নো যৰ্দ্দন নদীৰ সিপাৰে থকা শত্ৰুসকলৰ সৈতে সম্মুখীন হʼবলৈ ইস্ৰায়েলসকলক সাহিয়াল হোৱা আৱশ্যক আছিল।

২. বৰ্তমান আমি কেনে পৰিস্থিতিসমূহৰ সম্মুখীন হৈছোঁ আৰু কি কৰা আৱশ্যক?

বৰ্তমান প্ৰকৃত খ্ৰীষ্টানসকলে অতি শীঘ্ৰেই প্ৰতিজ্ঞাত নতুন পৃথিৱীত প্ৰৱেশ কৰিব আৰু যিহোচূৱাৰ দৰে তেওঁলোকেও সাহিয়াল হোৱা আৱশ্যক। (২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ৭:১৪) আমাৰ পৰিস্থিতি যিহোচূৱাৰ সময়ৰ দৰে একেই নহয়। কিয়নো তেওঁ তৰোৱাল আৰু যাঠিৰ সৈতে যুঁজ কৰিব লাগিছিল। আনহাতে, আমি লাক্ষণিক অস্ত্ৰ-শস্ত্ৰ লৈ আধ্যাত্মিকৰূপে যুঁজ কৰিবলগা হৈছে। (যিচয়া ২:২-৪; ইফিচীয়া ৬:১১-১৭) তদুপৰি প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ পিছত যিহোচূৱাই বহুতো ভয়াবহ যুদ্ধ কৰিব লগা হৈছিল। ইয়াৰ বিপৰীতে আমি প্ৰতিজ্ঞাত নতুন পৃথিৱীত প্ৰৱেশ কৰাৰ পূৰ্ব্বেই বহুতো ভয়াবহ সংঘৰ্ষৰ সৈতে সম্মুখীন হʼবলগা হৈছে। গতিকে আঁহক আমি এনে কিছুমান পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰোঁহঁক যাৰ বাবে আমাক অধিক সাহিয়াল হোৱা আৱশ্যক।

আমি কিয় সংঘৰ্ষৰ সম্মুখীন হৈছোঁ?

৩. আমাৰ প্ৰমুখ শত্ৰুৰ বিষয়ে বাইবেলে কি কৈছে?

এই সম্পৰ্কে পাঁচনি যোহনে এইদৰে লিখিছিল: “আমি জানো যে, আমি ঈশ্বৰৰ পৰা হওঁ আৰু গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) এই বাক্যশাৰীয়ে খ্ৰীষ্টানসকলে নিজৰ বিশ্বাস বজাই ৰাখিবলৈ কিয় যুঁজ কৰিবলগীয়া হয় তাৰ এটা মুখ্য কাৰণ দাঙি ধৰিছে। যেতিয়া এজন খ্ৰীষ্টানে ঈশ্বৰৰ প্ৰতি সত্যনিষ্ঠা বজাই ৰাখে তেতিয়া তেওঁ চয়তান আৰু তাৰ সকলো কাৰ্য্যৰ ওপৰত জয়লাভ কৰে। কিয়নো “গুজৰি থকা সিংহৰ দৰে” সি বিশ্বাসী খ্ৰীষ্টানসকলক গ্ৰাস আৰু আতঙ্কিত কৰাৰ উদ্দেশ্যৰে ঘূৰি ফুৰে। (১ পিতৰ ৫:৮) তদুপৰি সি অৱশিষ্ট খ্ৰীষ্টান আৰু তেওঁলোকৰ সঙ্গীবৃন্দসকলৰ বিৰুদ্ধেও যুদ্ধ কৰে। (প্ৰকাশিত বাক্য ১২:১৭) এই যুদ্ধত সি এনে ব্যক্তিসকলক ব্যৱহাৰ কৰে যিসকলে জানি-শুনি বা নজনাকৈ তাৰ উদ্দেশ্য পূৰ কৰে। সেইবাবে চয়তান আৰু তাৰ সকলো প্ৰতিনিধিবিলাকৰ বিৰুদ্ধে থিয় হʼবলৈ আমাক সাহিয়াল হোৱা আৱশ্যক।

৪. যীচুৱে কেনে সতৰ্কবাণী দিছিল কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলে কেনেধৰণৰ গুণ প্ৰদৰ্শিত কৰিলে?

যীচুৱে জানিছিল যে চয়তান আৰু তাৰ প্ৰতিনিধিবিলাকে শুভবাৰ্ত্তা কাৰ্য্যক অত্যন্ত বিৰোধ কৰিব। সেইবাবে তেওঁ শিষ্যসকলক সতৰ্ক কৰি এনেদৰে কৈছিল: “সেই কালত, ক্লেশভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) সেই কথাষাৰ প্ৰথম শতিকাত আৰু বৰ্তমানেও সঁচা বুলি প্ৰমাণিত হৈছে। বাস্তৱতে আজিৰ সময়ত যিহোৱাৰ সাক্ষীসকলৰ কিছুমান সদস্যই ইতিহাসত কাহানিও নোহোৱা তাড়নাৰ সম্মুখীন হৈছে। তথাপিও তেওঁলোকে সাহিয়াল হোৱাৰ প্ৰমাণ দিছে। তেওঁলোকে জানে যে “লোকলৈ কৰা ভয়েই ফান্দ উপস্থিত কৰে” আৰু তেওঁলোকে তেনে ধৰণৰ ফান্দত পৰিব নিবিচাৰে।—হিতোপদেশ ২৯:২৫.

৫, ৬. (ক) কেনে পৰিস্থিতিসমূহত আমি সাহিয়াল হোৱা আৱশ্যক? (খ) যেতিয়া বিশ্বাসী খ্ৰীষ্টানসকলৰ বিশ্বাস পৰীক্ষা হয় তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱায়?

তাড়নাৰ উপৰিও এনে আন কিছুমান প্ৰত্যাহ্বানজনক পৰিস্থিতি আছে যাৰ বাবে আমি সাহিয়াল হোৱা আৱশ্যক। যেনে, অচিনাকি ব্যক্তিসকলক শুভবাৰ্ত্তাৰ বিষয়ে শুনোৱা। স্কুল যোৱা খ্ৰীষ্টান লʼৰা-ছোৱালীয়ে দেশভক্তিৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা বা জাতীয় পতাকাক প্ৰণাম কৰাৰ পৰীক্ষাৰ সম্মুখীন হোৱা। যিহেতু তেনেধৰণৰ প্ৰতিজ্ঞাবদ্ধ কোনো এক ধৰ্ম্মৰ সৈতে জড়িত আছে। সেয়েহে খ্ৰীষ্টান লʼৰা-ছোৱালীয়ে তেনে পৰিস্থিতিত সাহিয়াল হৈ ঈশ্বৰক সন্তুষ্ট কৰা প্ৰমাণ দিছে আৰু তেওঁলোকৰ তেনে পদক্ষেপ সঁচাকৈ এক হৃদয়স্পৰ্ষী বিষয়।

যেতিয়া বিৰোধীসকলে প্ৰচাৰ মাধ্যমৰ দ্বাৰা যিহোৱাৰ লোকসকলৰ বিষয়ে ভুলকৈ কয় বা সত্য উপাসনা বন্ধ কৰাৰ বাবে “অপকাৰ” সাধিবলৈ চেষ্টা কৰে তেতিয়াও সাহিয়াল হোৱা আৱশ্যক। (গীতমালা ৯৪:২০) উদাহৰণস্বৰূপে, যেতিয়া বাতৰিকাকত, ৰেডিঅ বা টেলিভিছনৰ দ্বাৰা যিহোৱা সাক্ষীসকলৰ বিৰোদ্ধে ভ্ৰমাত্মক বিষয় কোৱা বা মিছা অভিযোগ দিবলৈ চেষ্টা কৰা হয় তেতিয়া আমি কেনে অনুভৱ কৰা উচিত? আমি বিচলিত হোৱা উচিতনে? নিশ্চই নহয়। কিয়নো এইবোৰ ঘটিব তাক আমি জানো। (গীতমালা ১০৯:২) তদুপৰি এইটো আচৰিত হোৱাৰ বিষয় নহয় যে কিছুমান প্ৰকাশকে তেনে বিভ্ৰান্তিজনক বিষয়বোৰক বিশ্বাস কৰি ‘নিৰ্ব্বোধৰ দৰে সকলো কথাতে পতিয়ায়।’ (হিতোপদেশ ১৪:১৫) তথাপিও বিশ্বাসী খ্ৰীষ্টানসকলে আন ভাইসকলৰ অহিতে লগোৱা তেনে মিছা অভিযোগবোৰক কেতিয়াও বিশ্বাস নকৰে আৰু ইয়াৰ উপৰিও তেওঁলোকে তেনে ভুৱা ৰিপৰ্টবোৰক তেওঁলোকৰ খ্ৰীষ্টান সভা, পৰিচৰ্য্যা কাৰ্য্য বা বিশ্বাসত বাধা জন্মাবলৈ অনুমতি নিদিয়ে। আনহাতে, তেওঁলোকে “নিজক ঈশ্বৰৰ পৰিচাৰক বুলি . . . সোঁ আৰু বাওফালে ধাৰ্ম্মিকতাৰ অস্ত্ৰ-শস্ত্ৰ, মৰ্য্যাদা আৰু অমৰ্য্যাদা, কুযশ আৰু শুযশ, এই সকলোৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; . . . [বিৰোধী লোকৰ বাবে] প্ৰবঞ্চকৰ নিচিনা, কিন্তু [বাস্তৱিকতে] সত্যবাদী।”—২ কৰিন্থীয়া ৬:৪, ৭, ৮.

৭. আমি নিজকে কেনে অন্তৰ্ভেদী প্ৰশ্নসমূহ সুধিব পাৰোঁ?

পাঁচনি পৌলে তীমথিয়লৈ লিখা পত্ৰত এইদৰে লিখিছিল: “ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তি, প্ৰেম, আৰু সুবুদ্ধিৰ আত্মা দিলে। . .  এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে, . . . তুমি লজ্জিত নহবা।” (২ তীমথিয় ১:৭, ৮; মাৰ্ক ৮:৩৮) সেই বাক্যবোৰ পঢ়াৰ পিছত আমি নিজকে এনেদৰে সুধিব পাৰোঁ: ‘নিজৰ ধৰ্ম্মীয় বিশ্বাসৰ বাবে লজ্জিত হওঁনে বা মই সাহিয়াল বুলি প্ৰমাণ দিছোঁনে? কৰ্ম্মস্থলত (বা স্কুললৈ যোৱাৰ সময়ত), লগ পোৱা ব্যক্তিসকলে জানেনে যে মই এজন যিহোৱাৰ সাক্ষী অথবা মই নিজকে যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিয়াটো লুকুৱাব বিচাৰিছোঁনে? মই আনতকৈ বেলেগ বুলি কবলৈ লজ্জিত অনুভৱ কৰোঁনে? নতুবা মই যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধৰ বাবে গৌৰৱ অনুভৱ কৰোঁনে?’ যদি কোনোবাই প্ৰচাৰ কাৰ্য্যৰ বাবে নেতিবাচক ভাৱধাৰা বা ভুল ধাৰণা ৰাখিছে তেন্তে তেওঁ যিহোচূৱাক কোৱা যিহোৱাৰ এই পৰামৰ্শক সোঁৱৰা উচিত, যʼত এইদৰে কৈছিল: “বলৱান আৰু সাহিয়াল হোৱা।” সদায়েই মনত ৰাখক যে এই বাক্যশাৰী আমাৰ কোনো সহপাঠী বা সহকৰ্ম্মীৰ পৰা অহা নাই কিন্তু যিহোৱা আৰু যীচুৰ পৰাহে আহিছে।—গালাতীয়া ১:১০.

কেনেকৈ সাহিয়াল হʼব পাৰি

৮, ৯. (ক) এটা সময়ত প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিশ্বাস কেনেকৈ পৰীক্ষিত হৈছিল? (খ) পাঁচনি পিতৰ আৰু যোহনে ইহুদী ধৰ্ম্ম গুৰুসকলে দিয়া ডাবি-ধমকিৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে আৰু তেওঁলোক আৰু তেওঁলোকৰ অন্য ভাইসকলে কিহৰ অভিজ্ঞতা হৈছিল?

এই কঠিন পৰিস্থিতিত আমি সত্যপৰায়ণতা বজাই ৰাখিবলৈ কেনে ধৰণৰ সাহিয়াল গুণ বিকাশিত কৰিব পাৰোঁ? প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এই গুণটোক কেনেকৈ বিকাশিত কৰিছিল? এই সংক্ৰান্তত আঁহক আমি পাঁচনি পিতৰ আৰু যোহনক পুৰোহিত আৰু বৃদ্ধলোকে যিৰূচালেমত যীচুৰ নামেৰে প্ৰচাৰ নকৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে সেই বিষয়ে বিবেচনা কৰোঁহক। তেওঁলোকে পুৰোহিত আৰু বৃদ্ধলোকৰ আজ্ঞা পালন কৰাত অস্বীকাৰ কৰিলে আৰু তেওঁলোকক ডাবি-ধমকি দি পিছলৈ এৰি দিয়া হৈছিল। তাৰ পিছত তেওঁলোকে ভাইবিলাকৰ সৈতে একগোট হৈ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে [যিহোৱা, NW] তেওঁলোকৰ ডাবি-ধমকি দেখক; . . . হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক।” (পাঁচনিৰ কৰ্ম্ম ৪:১৩-৩০) সঁহাৰিস্বৰূপে, যিহোৱাই তেওঁলোকক পবিত্ৰ আত্মা দি বলৱন্ত কৰিলে আৰু পিছলৈ ইহুদী ধৰ্ম্ম গুৰুসকলে তেওঁলোকৰ উপদেশ যে “যিৰূচালেম পূৰ” হʼল তাক জ্ঞাত হৈছিল।—পাঁচনিৰ কৰ্ম্ম ৫:২৮.

সেই সময়ছোৱাত কি হৈছিল তাৰ বিষয়ে বিশ্লেষণ কৰি চাওঁহঁক। ইহুদী ধৰ্ম্ম গুৰুসকলে শিষ্যবিলাকক ডাবি-ধমকি দিয়াৰ বাবে তেওঁলোকে প্ৰচাৰ কাৰ্য্য বন্ধ কৰা নাছিল। বৰঞ্চ তেওঁলোকে সাহিয়াল হʼবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। তাৰ পিছত তেওঁলোকে সেই অনুসাৰে কাৰ্য্য কৰিবলৈ আগবাঢ়ি গৈছিল আৰু যিহোৱা ঈশ্বৰেও তেওঁলোকক নিজৰ আত্মাৰ দ্বাৰা বলৱন্ত কৰিছিল। তেওঁলোকৰ অভিজ্ঞতাই দেখুৱাইছে যে কিছু বছৰৰ পিছত পাঁচনি পৌলে এক ভিন্ন আনুষঙ্গিত যি লিখিছিল সেইটো খ্ৰীষ্টানসকলে উৎপীড়ন হোৱাৰ সময়ত প্ৰযোজ্য হৈছিল। তেওঁ এইদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩.

১০. ভৱিষ্যতবক্তা যিৰিমিয়াৰ আৰ্হিয়ে কেনেকৈ সৰুৰে পৰা থকা ভয়াতুৰ ব্যক্তিসকলক সহায় কৰে?

১০ ধৰি লওক যে এজন ব্যক্তি সৰুৰে পৰা ভয়াতুৰ স্বভাৱৰ, তেন্তে কি কৰিব পাৰি? তাড়নাৰ সময়ত তেওঁ সাহিয়াল হৈ যিহোৱাৰ সেৱা কৰিব পাৰিবনে? নিশ্চয়ে পাৰিব। এই বিষয়ে মনত কৰক যে, যিহোৱাই ভৱিষ্যতবক্তা হিচাবে বাছি লোৱাৰ সময়ত যিৰিমিয়াই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? সেই ডেকা ব্যক্তিজনে এইদৰে কৈছিল: “মই লৰা মানুহ।” বাস্তৱতে তেওঁ নিজকে অযোগ্য বুলি ধাৰণা কৰিছিল। তথাপিও যিহোৱাই তেওঁক এই বাক্যসমূহৰ দ্বাৰা সাহিয়াল কৰিছিল: “মই লৰা মানুহ, এনে কথা নকবা; কিয়নো, মই তোমাক যিবিলাকৰ ওচৰলৈ পঠাম, তেওঁবিলাকৰ গুৰিলৈ তুমি যাবা, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে কবা। তেওঁবিলাকলৈ ভয় নকৰিবা; কিয়নো, যিহোৱাই কৈছে, তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছো।” (যিৰিমিয়া ১:৬-১০) যিহোৱাত ভাৰসা ৰাখাৰ বাবে যিৰিমিয়াই এই দুৰ্ব্বলতাৰ ওপৰত বিজয়ী হʼব পাৰিলে আৰু পৰিণামস্বৰূপে তেওঁ ইস্ৰায়েল জাতিৰ আগত সাহসেৰে যিহোৱাৰ ন্যায়দণ্ডৰ বিষয়ে ঘোষণা কৰিছিল।

১১. বৰ্তমান যিৰিমিয়াৰ দৰে হʼবলৈ খ্ৰীষ্টানসকলক কিহে সহায় কৰে?

১১ প্ৰাচীন সময়ৰ যিৰিমিয়াৰ দৰে অভিষিক্ত খ্ৰীষ্টানসকলক ঘোষণা কৰিবলৈ আজ্ঞা দিয়া হৈছে আৰু অন্য মেৰবৰ্গৰ “এক বৰ লোকসমূহৰ” সৈতে তেওঁলোকে নিন্দা, নিৰুৎসাহ আৰু তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও নিৰন্তৰে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰি আছে। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) তেওঁলোকে যিৰিমিয়াক কোৱা ঈশ্বৰৰ এই বাক্যৰ দ্বাৰা উৎসাহিত হৈছে, যʼত এইদৰে কোৱা হৈছে: “তেওঁবিলাকলৈ ভয় নকৰিবা।” তেওঁলোকে সদায়ে মনত ৰাখে যে প্ৰচাৰ কৰিবলৈ ঈশ্বৰে তেওঁলোকক আজ্ঞা দিছে আৰু তদুপৰি সেই বাৰ্ত্তা কোনো মানুহৰ নহয় কিন্তু ঈশ্বৰৰ।—২ কৰিন্থীয়া ২:১৭.

সাহিয়াল হোৱাৰ সম্বন্ধে থকা আৰ্হিবোৰৰ অনুসাৰে কাৰ্য্য কৰা

১২. সাহসী হোৱাৰ সম্বন্ধে যীচুৱে কেনে এক উত্তম আৰ্হি ৰাখিলে আৰু তেওঁ শিষ্যসকলক কেনেকৈ উৎসাহিত কৰিলে?

১২ যদি আমি সাহসী হোৱাৰ প্ৰচেষ্টাৰে যিৰিমিয়াৰ দৰে আনৰ আৰ্হিবোৰ অনুসাৰে কৰোঁ তেন্তে নিশ্চয়ে সাহসী হʼব পাৰিম। (গীতমালা ৭৭:১২) উদাহৰণস্বৰূপে, যেতিয়া যীচুৰ পৰিচৰ্য্যাৰ বিষয়ে বিবেচনা কৰোঁ তেতিয়া তেওঁ সাহসেৰে চয়তানৰ পৰীক্ষাসমূহত সম্মুখীন আৰু ইহুদী ধৰ্ম্মীয় নেতাসকলক নিৰ্ভয়ে প্ৰত্যুত্তৰ দিয়াৰ বিষয়ে বিবেচনা কৰি আমাৰ মনোবল দৃঢ় হয়। (লূক ৪:১-১৩; ২০:১৯-৪৭) যিহোৱাৰ দ্বাৰা বলৱন্ত হৈ যীচুৰ বিশ্বাস অধিক দৃঢ় হৈছিল আৰু সেয়েহে মৃত্যুৰ আগ মুহূৰ্ত্তত তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩৩; ১৭:১৬) যদি শিষ্যসকলে তেওঁৰ পদচিহ্নক অনুকৰণ কৰে তেন্তে তেওঁলোকেও জগতক জয় কৰিব পাৰিব। (১ যোহন ২:৬; প্ৰকাশিত বাক্য ২:৭, ১১, ১৭, ২৬) কিন্তু এনে কৰিবলৈ তেওঁলোকক “নিৰ্ভয় হোৱা” আৱশ্যক।

১৩. পাঁচনি পৌলে ফিলিপীয়া মণ্ডলীক কেনে উৎসাহিত কৰিছিল?

১৩ যীচুৰ মৃত্যুৰ কিছু বছৰৰ পিছত পাঁচনি পৌল আৰু চীলক ফিলিপীয়াত কাৰাবাস খাটিব লগা হৈছিল। পিছলৈ পাঁচনি পৌলে ফিলিপীয়া মণ্ডলীৰ উদ্দেশ্যে এইদৰে কৈছিল, “একমনেৰে শুভবাৰ্ত্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম, এই কাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ যোগ্য আচৰণ কৰা।” এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰিবলৈ আগলৈ তেওঁ এইদৰে কৈছিল: “[বিৰুধীবিলাকৰ] অৰ্থে বিনাশৰ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়। . . . খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয় কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো তোমালোকক তেওঁৰ নিমিত্তে অনুগ্ৰহ দান কৰা হʼল।”—ফিলিপীয়া ১:২৭-৩০.

১৪. পাঁচনি পৌলে সাহসেৰে কৰা প্ৰচাৰ কাৰ্য্যৰ পৰিণামস্বৰূপে ৰোমত থকা ভাইবিলাকৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল?

১৪ পাঁচনি পৌলে ৰোমত পুনৰ কাৰাগাৰত থকাৰ বিষয়ে সংবাদ দি ফিলিপীয়া মণ্ডলীলৈ পত্ৰ লিখিছিল। তেওঁ লিখিছিল যে যদিও তেওঁ কাৰাগাৰত আছে তথাপিও তেওঁ আনৰ আগত সাহসেৰে প্ৰচাৰ কৰিবলৈ এৰি দিয়া নাই। তাৰ কেনে ফল লাভ কৰিছিল? তেওঁ এনেদৰে লিখিছিল: “মোৰ বন্ধন গোটেই প্ৰিটৰিয়মত, আৰু আন সকলোবিলাকৰ আগত খ্ৰীষ্টত প্ৰকাশিত হল; আৰু ভাইবিলাকৰ অধিক ভাগে মোৰ বন্ধন দেখি প্ৰভুত দৃঢ় বিশ্বাস ৰাখি, ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কবলৈ অধিক সাহ কৰিছে।”—ফিলিপীয়া ১:১৩, ১৪.

১৫. আমি সাহসী হৈ দৃঢ় সিদ্ধান্ত লʼবলৈ বিশ্বাসৰ উত্তম আৰ্হিবোৰ কʼত পাব পাৰোঁ?

১৫ পাঁচনি পৌলৰ আৰ্হিয়ে আমাকো উৎসাহিত কৰে। একেইদৰে স্বেচ্ছাচাৰী শাসক বা খ্ৰীষ্টীয়জগতৰ পাদুৰি অধীনত থকা দেশবোৰত ভাই-ভনীসকলৰ ওপৰত হোৱা অত্যাচাৰত সহন কৰি এক উত্তম উদাহৰণ প্ৰস্তুত কৰিছে। এনে বহুতো অনুভৱৰ বিষয়ে প্ৰহৰীবুৰুজ, সচেতন! আলোচনী আৰু যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তকʼত পঢ়িবলৈ পোৱা যায়। মনত ৰাখক যে তেনে অভিজ্ঞতা হোৱা লোকসকলো আমাৰ দৰে সামান্য মানুহ, কিন্তু যিহোৱাৰ শক্তি বাহুল্যতাৰে তেওঁলোকে সফলতাৰে তাড়নাৰ সম্মুখীন হৈছিল। গতিকে আমিও নিশ্চিত হʼব পাৰোঁ যে যদি আমি তেনে পৰিস্থিতিৰ সম্মুখীন হওঁ তেন্তে যিহোৱাই অৱশ্যেই আমাক সহন কৰিবলৈ শক্তি প্ৰদান কৰিব।

আমি সাহসী হৈ লোৱা পদক্ষেপে যিহোৱাক সন্মান আৰু সন্তুষ্টি প্ৰদান কৰে

১৬, ১৭. বৰ্তমান আমি কেনেকৈ সাহসী হোৱা মনোবৃত্তি বিকাশিত কৰিব পাৰোঁ?

১৬ যিজনে সত্য আৰু ধাৰ্ম্মিকতাৰ প্ৰতি দৃঢ় হৈ থাকে, তেওঁৱেই হৈছে এজন সাহসী প্ৰকৃত খ্ৰীষ্টান। যদি এজনে ভয়াতুৰ হোৱাৰ স্বত্বেও তেনে পদক্ষেপ লয় তেন্তে তেওঁ অতি সাহিয়াল। বাস্তৱতে যদি এজন ব্যক্তিয়ে যিহোৱাৰ ইচ্ছা পূৰ্ণ, বিশ্বাসী হৈ থাকিবলৈ দৃঢ় নিৰ্ণয়, একেৰাহে যিহোৱাত ভাৰসা আৰু অতীতত তেওঁৰ দৰে আন বহুতো খ্ৰীষ্টান ব্যক্তিক যিহোৱাই শক্তি প্ৰদান কৰাৰ বিষয়ে মনত ৰাখে তেন্তে তেওঁ অৱশ্যেই সাহসী হʼব পাৰিব। তদুপৰি যেতিয়া আমাৰ এনে পদক্ষেপে যিহোৱাক সন্মান আৰু সন্তুষ্টি কৰে বুলি জানিব পাৰোঁ তেতিয়া আমাৰ দৃঢ়সঙ্কল্প অধিক দৃঢ় হয়। আমি যিহোৱাক গভীৰ প্ৰেম কৰাৰ বাবে আমি নিন্দা বা অত্যন্ত অত্যাচাৰকো সহন কৰিবলৈ সাজু থাকোঁ।—১ যোহন ২:৫; ৪:১৮.

১৭ যেতিয়া আমাৰ বিশ্বাসৰ বাবে কোনো অত্যাচাৰৰ সম্মুখীন হʼবলগীয়া হয় তেতিয়া কেতিয়াও এনে ধাৰণা কৰা উচিত নহয় যে আমি পাপ কৰাৰ বাবেহে তেনে পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছোঁ। (১ পিতৰ ৩:১৭) আমি যিহোৱাৰ আধিপত্য বজাই ৰাখা, সৎকৰ্ম্ম কৰা আৰু এই জগতৰ ভাগ নোহোৱাৰ বাবেহে তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছোঁ। এই সম্পৰ্কে পাঁচনি পিতৰে এইদৰে কৈছিল: “সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।” আগলৈ তেওঁ ইয়াকো কৈছিল: “যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুখভোগ কৰে, তেওঁবিলাকে সৎকৰ্ম্ম কৰি কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।” (১ পিতৰ ২:২০; ৪:১৯) দৰাচলতে আমাৰ বিশ্বাসে প্ৰেমময় ঈশ্বৰ যিহোৱাক সন্মান আৰু সন্তুষ্টি কৰে। সাহসী হোৱাটো এক শক্তিশালী কাৰণ নহয়নে বাৰু!

চৰকাৰী অধিকাৰীসকলৰ সৈতে কথা-বতৰা হোৱা

১৮, ১৯. যেতিয়া আমি এজন বিচাৰকৰ্ত্তাৰ আগত সাহসী হৈ থিয় দিওঁ তেতিয়া আমি কেনেধৰণ বাৰ্ত্তা বিদিত কৰোঁ?

১৮ শিষ্যসকলে তাড়নাৰ সম্মুখীন হʼব বুলি কোৱাৰ সময়ত যীচুৱে ইয়াকো কৈছিল: “[মানুহবিলাকে] বিচাৰসভাত তোমালোকক শোধাই দিব, আৰু তেওঁবিলাকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব; দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ, তেওঁবিলাক আৰু পৰজাতিবিলাকলৈ সাক্ষ্যৰ অৰ্থে, মোৰ কাৰণে তোমালোকক নিয়া হব।” (মথি ১০:১৭, ১৮) মিছা অভিযোগৰ বাবে শাসনকৰ্ত্তা বা ন্যায়কৰ্ত্তাৰ আগত থিয় হʼবলৈ সাহসী হোৱা আৱশ্যক। তেনে পৰিস্থিতিত যেতিয়া তেওঁলোকক সাহসেৰে সাক্ষী দিওঁ তেতিয়া আমি সেই জটিল পৰিস্থিতিটোত এক বিশেষ আৰু গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰাৰ সুযোগ লওঁ। দৰাচলতে আমাৰ বিচাৰকৰ্ত্তাজনক আমি যিহোৱাৰ বাক্য কওঁ, যাৰ বিষয়ে গীতমালা ২ অধ্যায়ত লিখা আছে। তাত এইদৰে কোৱা হৈছে: “এতিয়া হে ৰজাবিলাক, জ্ঞানৱন্ত হোৱা; হে পৃথিবীৰ বিচাৰকৰ্ত্তাবিলাক, সতৰ্ক হোৱা। ভয়েৰে যিহোৱাৰ সেৱা কৰা; কম্পনেৰে উল্লাস কৰা।” (গীতমালা ২:১০, ১১) আদালতত যিহোৱাৰ সাক্ষীসকলৰ অহিতে লগোৱা মিছা অভিযোগৰ নিষ্পত্তিস্বৰূপে বিচাৰকসকলে প্ৰায়ে সাক্ষীসকলৰ পক্ষে ৰায় দিয়ে আৰু উপাসনাৰ বাবে স্বাধীনতা প্ৰদান কৰে। আমি তেওঁবিলাকৰ তেনে ৰায়ত আন্তৰিকতাৰে কৃতজ্ঞতা প্ৰকাশ কৰোঁ। কিন্তু কিছুমান বিচাৰকৰ্ত্তাই বিৰোধীসকলৰ পক্ষ লয়। তেনেলোকৰ প্ৰতি বাইবেলে এইদৰে কৈছে: “সতৰ্ক হোৱা।”

১৯ পাৰ্থীৱ বিচাৰকৰ্ত্তাসকলে মনত ৰাখা উচিত যে যিহোৱা হৈছে মহান বিচাৰকৰ্ত্তা। তদুপৰি তেওঁলোকে ইয়াকো মনত ৰাখা উচিত যে সকলো মানৱৰ সৈতে তেওঁলোকেও যিহোৱা আৰু যীচুৰ সম্মুখত হিচাপ দিব লাগিব। (ৰোমীয়া ১৪:১০) যদিও আমি মানৱ বিচাৰকৰ্ত্তাৰ দ্বাৰা উচিত ন্যায় পাওঁ বা নাপাওঁ তথাপিও আমি ভয়াতুৰ হোৱাৰ কোনো কাৰণ নাই। কিয়নো যিহোৱাই আমাৰ পক্ষে আছে। এই বিষয়ে বাইবেলে কৈছে: “তেওঁত আশ্ৰয় লোৱাবিলাক ধন্য।”—গীতমালা ২:১২.

২০. আমি তাড়না আৰু মিছা অভিযোগ সহন কৰি কিয় আনন্দিত হʼব পাৰোঁ??

২০ পৰ্ব্বতীয় উপদেশত যীচুৱে এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে; কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে তাড়না কৰিছিল।” (মথি ৫:১১, ১২) অৱশ্যেই তাড়নাৰ সম্মুখীন হোৱাতো কোনো উল্লাসিত বিষয় নহয়, কিন্তু বাতৰি মাধ্যমৰ দ্বাৰা দিয়া মিছা অভিযোগ আৰু যাতনাৰ স্বত্বেও দৃঢ়ভাৱে সম্মুখীন হোৱাটো হৈছে এটা উল্লাসিত বিষয়। ইয়াৰ অৰ্থ হৈছে আমি যিহোৱাৰ মন আনন্দিত কৰিছোঁ আৰু তাৰ বাবে অৱশ্যেই পুৰষ্কাৰৰ লাভ কৰিম। আমি সাহিয়াল হৈ সম্মুখীন হোৱাৰ দ্বাৰা প্ৰকাশ কৰোঁ যে আমাৰ ওচৰত প্ৰকৃত বিশ্বাস আৰু ঈশ্বৰৰ অনুগ্ৰহ আছে। দৰাচলতে আমি যে সম্পূৰ্ণ মনেৰে যিহোৱাক ভাৰসা কৰোঁ এনে দৃঢ়তাই তাৰ প্ৰমাণ দিয়ে। পৰৱৰ্তী লেখত কোৱা হʼব যে তেনে ভাৰসা এজন খ্ৰীষ্টানৰ বাবে অতি আৱশ্যক। (w03 3/1)

আপুনি কি শিকিলে?

• আজি সম্মুখীন হোৱা কেনে পৰিস্থিতিৰ বাবে সাহসী হোৱা আৱশ্যক?

• সাহসী হোৱা গুণটো আমি কেনেকৈ বিকাশিত কৰিব পাৰোঁ?

• সাহসী হোৱাৰ সম্বন্ধে থকা উত্তম আৰ্হিবোৰ কি?

• আমি কিয় সাহসী হৈ কাৰ্য্য কৰিবলৈ আগ্ৰহী হওঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

জাৰ্মানীৰ চিমোন আৰ্নল্ড্‌ (এতিয়া লিবষ্টাৰ), মালাউইৰ উইদাছ মাদোনা আৰু ইউক্ৰেইনৰ অল্কেচি কোৰদাচ নামৰ ব্যক্তিসকলে সাহসেৰে দুষ্টতাক প্ৰতিৰোধ কৰিছিল

[১০ পৃষ্ঠাৰ ছবিসমূহ]

আমি শুভবাৰ্ত্তা শুনোৱাৰ বাবে লজ্জিত নহওঁ

[১১ পৃষ্ঠাৰ ছবি]

বন্দীশালত থকাৰ সময়ত সাহিয়াল হোৱাৰ পৰিচয় দিয়াৰ বাবে পাঁচনি পৌলে অধিককৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰিলে

[১২ পৃষ্ঠাৰ ছবি]

যদি আমি বিচাৰকৰ্ত্তাসকলক সাহসেৰে আমাৰ শাস্ত্ৰীয় আধাৰিত স্থিতিৰ বিষয়ে বৰ্ণনা কৰোঁ, তেনেহʼলে আমি তেওঁলোকক এক গুৰুত্বপূৰ্ণ বাৰ্ত্তা বিদিত কৰিছোঁ