Skip to content

Skip to table of contents

“নিৰ্ভয় হোৱা! ময়েই জগতক জয় কৰিলোঁ”

“নিৰ্ভয় হোৱা! ময়েই জগতক জয় কৰিলোঁ”

“নিৰ্ভয় হোৱা! ময়েই জগতক জয় কৰিলোঁ”

যীচুৰ মৃত্যুৰ দিনটো আছিল ইহুদী কেলেণ্ডাৰৰ অনুসাৰে নিচান মাহৰ ১৪ তাৰিখ অৰ্থাৎ সূৰ্য্য অস্ত যোৱাৰ পিছত মাৰ্চ ৩১ তাৰিখ বৃহস্পতিবাৰ সা.যু. ৩৩ চন। সেই সন্ধ্যা যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে যিৰূচালেম চহৰত থকা এটা ঘৰত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ একগোট হৈছিল। যেনেকৈ “এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল,” যীচুৱে শিষ্যসকলক কৈছিল যে তেওঁ শেষলৈকে তেওঁলোকক প্ৰেম কৰিলে। (যোহন ১৩:১) সেইটো কেনেকৈ? যীচুৱে এক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰি ভৱিষ্যতে কি ঘটিবলৈ আছে তাৰ বাবে তেওঁলোকক সাজু কৰাৰ দ্বাৰা।

যেনেকৈ নিশা গভীৰ হʼল যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কʼলে: “নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩৩) তেওঁ এইদৰে সাহসী কৰি তুলাৰ বাবে কোৱা কথাশাৰীৰ অৰ্থ কি আছিল? আচলতে যীচুৱে কোৱা কথাশাৰীৰ অৰ্থ আছিল: ‘এই জগতৰ দুষ্টতাই মোক কোনো অপমানবোধ বা পোটক তুলিব নোৱাৰিলে। মই মোৰ বিচাৰধাৰাক এই জগতখনৰ অনুসাৰে পৰিচালিত হʼবলৈ নিদিলোঁ। তোমালোকৰ ক্ষেত্ৰতো একেইদৰে সত্য প্ৰমাণিত হʼব।’ পৃথিৱীত জীৱিত থকা শেষ মুহূৰ্ত্তত যীচুৱে তেওঁৰ বিশ্বাসী শিষ্যসকলক কোৱা কথাশাৰীয়ে তেওঁলোকক এই জগতখনক একেইদৰে জয় কৰিবলৈ সহায় কৰিলে।

বৰ্তমানৰ জগতখন যে দুষ্টতাৰে ভৰি পৰিছে তাক কোনে অস্বীকাৰ কৰিব পাৰে? আজিৰ সময়ত ঘটিত হোৱা অন্যায় আৰু যুক্তিহীন হিংসামূলক ঘটনাৰ প্ৰতি আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাব? এইবোৰে আমাক তিক্ত-বিৰক্ত বা প্ৰতিশোধ লʼবলৈ প্ৰেৰিত কৰেনে? আজি আমাৰ চাৰিওফালে হোৱা নৈতিক অধঃপতনে আমাক প্ৰভাৱিত কৰেনে? ইয়াৰ উপৰিও আমি অসিদ্ধতা, আমাত থকা পাপময় মনোবৃত্তি আৰু দুইধৰণৰ প্ৰতিদ্বন্দ্বিৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হয়। প্ৰকৃততে আমি ঈশ্বৰৰ সহায়ৰ অবিহনে এই সমস্যাবোৰত জয়ী হোৱাটো আশা কৰিব পাৰোঁনে? আমি কেনেকৈ সেই সহায় লাভ কৰিব পাৰোঁ? কেনে গুণসমূহৰ বিকাশ কৰাৰ দ্বাৰা শাৰীৰিক প্ৰবণতাবোৰক বিৰোধ কৰাত সহায় লাভ কৰিব পাৰিম? ইয়াৰ উত্তৰ পাবলৈ আঁহক আমি যীচুৱে তেওঁৰ পাৰ্থীৱ জীৱনৰ অন্তিম সময়ছোৱাত শিষ্যসকলক কি শিকাইছিল সেই বিষয়ে বিবেচনা কৰোঁহঁক।

অহঙ্কাৰক নম্ৰতাৰে জয় কৰা

উদাহৰণস্বৰূপে, বাইবেলে অহঙ্কাৰ বা অভিমানৰ বিষয়ে এইদৰে কৈছে: “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।” (হিতোপদেশ ১৬:১৮) তদুপৰি শাস্ত্ৰই আমাক এইদৰেও পৰামৰ্শ দিছে: “কোনোৱে একো নহৈয়ো, যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকেই ভুলায়।” (গালাতীয়া ৬:৩) দৰাচলতে অহঙ্কাৰ হৈছে ধ্বংসকাৰী আৰু প্ৰতাৰণামূলক। সেয়েহে বুদ্ধিমানপূৰ্বক আমাক ‘অহঙ্কাৰ আৰু দম্ভৰ’ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।—হিতোপদেশ ৮:১৩.

যীচুৰ শিষ্যকসকলৰ মাজত আত্মগৰ্ব্বীৰ সমস্যা আছিলনে? অন্ততঃ এটা উপলক্ষ্যত তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ সেই বিষয়ে তৰ্ক-বিতৰ্ক হৈছিল। (মাৰ্ক ৯:৩৩-৩৭) আন এটা সময়ত যাকোব আৰু যোহনে নিজৰ বাবে স্বৰ্গ ৰাজ্যত প্ৰমুখ স্থান বিচাৰিছিল। যীচুৱে তেওঁৰ শিষ্যসকলৰ তেনে মনোবৃত্তি আঁতৰ কৰাত সহায় কৰিবলৈ ইচ্ছুক আছিল। সেইবাবে তেওঁ নিস্তাৰ-পৰ্ব্বত আহাৰ গ্ৰহণ কৰাৰ সময়ত থিয় হৈ নিজৰ কঁকালত এখন গামোছা মেৰিয়াই লৈ সকলো শিষ্যৰ ভৰি ধুৱাবলৈ আগবাঢ়িল। ইয়াত কোনো সন্দেহ নাই যে শিষ্যসকলে অনুকৰণ কৰিবলৈ তেওঁ এক উত্তম আৰ্হি ৰাখিলে। আগলৈ যীচুৱে এইদৰে কৈছিল যে, “প্ৰভু আৰু গুৰু যি মই, মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুউৱা উচিত।” (যোহন ১৩:১৪) নম্ৰতাই অৱশ্যেই অহঙ্কাৰক আঁতৰ কৰা উচিত।

অহঙ্কাৰৰ ওপৰত বিজয়ী হোৱাটো ইমান সহজ কথা নহয়। সেই সন্ধ্যা যীচুৱে বিশ্বাসঘাটক কৰিবলগীয়া ঈষ্কৰিয়োতীয়া যিহূদাক তেওঁলোকৰ মাজৰ পৰা আঁতৰি যাবলৈ কোৱাৰ পিছত তাত থকা ১১ জন শিষ্যৰ মাজত অতিশয় তৰ্ক-বিতৰ্ক আৰম্ভ হʼল। তেওঁলোকে কিহৰ বাবে তৰ্ক-বিতৰ্ক কৰিছিল? তেওঁলোকে ইজনে সিজনতকৈ শ্ৰেষ্ঠ বুলিছিল! যীচুৱে তেওঁলোকক দাবী দিয়াৰ পৰিৱৰ্তে নম্ৰভাৱে এজনে আনজনক শুশ্ৰূষা কৰাৰ আৱশ্যকতাৰ বিষয়ে পুনৰাই গুৰুত্ব দি বুজাই দিছিল। তেওঁ এইদৰে কৈছিল: “পৰজাতিৰ ৰজাসকলে, তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে, আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱাবিলাকক উপকাৰক বোলা যায়। কিন্তু তোমালোক তেনে নোহোৱা; তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰুজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।” তদুপৰি তেওঁ ৰখা আৰ্হিটোক সোঁৱৰাই দি তেওঁলোকক এইদৰে কৈছিল: “মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ।”—লূক ২২:২৪-২৭.

শিষ্যসকলে তেওঁ কোৱা কথাশাৰীৰ অৰ্থ বুজি পালেনে? তেওঁলোকে অৱশ্যেই বুজি পালে বুলি আমি দৃঢ়ভাৱে কʼব পাৰোঁ। কিয়নো সেই ঘটনাৰ কেইবা বছৰৰ পিছত পাঁচনি পিতৰে এইদৰে লিখিছিল: “তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা।” (১ পিতৰ ৩:৮) গতিকে এইটো কিমান যে গুৰুত্বপূৰ্ণ যে আমিও অহঙ্কাৰৰ ওপৰত জয়ী হʼব পাৰোঁ! সেয়েহে আমি অধিক সা-সম্পত্তি বা উচ্চ স্থান অধিকাৰ কৰিবলৈ চেষ্টা নকৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। কিয়নো বাইবেলে কৈছে যে, “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।” (যাকোব ৪:৬) একেইদৰে এক পৌৰাণিক প্ৰবচনেও এইদৰে বৰ্ণনা কৰিছে: “ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।”—হিতোপদেশ ২২:৪.

ঘৃণাভাৱ কেনেকৈ আঁতৰ কৰিব?

ঘৃণাভাৱ বৰ্তমান সময়ত পৃথিৱীত সকলো ঠাইতে ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে। ঘৃণাৰ কাৰণ ভয়, অৱহেলা, পক্ষপাত, অন্যায়, জাতীয়তাবাদ বা জাত্যাভিমান, যিয়েই নহওক কিয়, ই আমাৰ চাৰিওফালে প্ৰবলভাৱে দেখিবলৈ পোৱা যায়। (২ তীমথিয় ৩:১-৪) যীচুৰ দিনটো ঘৃণাভাৱ প্ৰবলভাৱে দেখিবলৈ পোৱা গৈছিল। ইহুদী সমাজে কৰ সংগ্ৰহ কৰা ব্যক্তিসকলক এঘৰীয়া হিচাবে দৃষ্টি কৰিছিল। ইহুদীসকলে চমৰীয়াসকলৰ সৈতে কোনো সম্পৰ্ক নাৰাখিছিল। (যোহন ৪:৯) পৰজাতি বা অইহুদী ব্যক্তিসকলৰ প্ৰতি ইহুদীসকলে হেয়ভাৱ ৰাখিছিল। কিন্তু সময়ৰ গতিত যীচুৱে স্থাপন কৰা উপাসনাৰ পদ্ধতিক আন জাতিৰ লোকে গ্ৰহণ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; গালাতীয়া ৩:২৮) সেয়েহে তেওঁ নিজৰ শিষ্যসকলক কিবা এটা নতুন বস্তু প্ৰদান কৰিছিল।

যীচুৱে এইদৰে কৈছিল: “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা।” শিষ্যসকলক তেনে প্ৰেম কৰাৰ বিষয়ে শিকা আৱশ্যক আছিল আৰু আগলৈ যীচুৱে এইদৰে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৪, ৩৫) সেই আজ্ঞাটো নতুন আছিল কিয়নো তাত “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম” কৰাৰ উপৰিও অধিক কৰা আৱশ্যক আছিল। (লেবীয়া পুস্তক ১৯:১৮) কি প্ৰকাৰে অধিক কৰা আৱশ্যক আছিল? সেই বিষয়ে যীচুৱে স্পষ্টিকৰণ দি এনেদৰে কৈছিল: “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ দিয়াতকৈ, অধিকতৰ প্ৰেম কাৰো নাই।” (যোহন ১৫:১২, ১৩) দৰাচলতে তেওঁলোকৰ এজনে আনজনৰ বাবে নিজৰ প্ৰাণ দিবলৈও আগ্ৰহী হʼব লাগিছিল।

এতেকে এজন অসিদ্ধ মানুহে কেনেকৈ নিজৰ জীৱনত থকা হিংসাপূৰ্ণ ঘৃণাভাৱ সম্পূৰ্ণকৈ আঁতৰ কৰিব পাৰে? আত্মবিসৰ্জ্জন প্ৰেম প্ৰকাশ কৰাৰ দ্বাৰা। দৰাচলতে সকলো জাতি, সংস্কৃতি, ধৰ্ম্ম আৰু ৰাজনৈতিক পৃষ্ঠভূমিৰ পৰা অহা লাখ লাখ লোকে তেনে প্ৰেম প্ৰকাশ কৰিছে। তেওঁলোকে ঐক্যভাৱে একত্ৰিত হৈ এটা দ্বেষবিহীন সমাজ গঢ়ি তুলিছে আৰু যাক যিহোৱাৰ সাক্ষীসকলৰ বিশ্ব ভ্ৰাতৃবৃন্দ বুলি জনা গৈছে। তেওঁলোকে পাঁচনি যোহনে কোৱা প্ৰেৰিত বাক্যক হৃদয়েৰে গ্ৰহণ কৰিছে, যʼত এইদৰে উল্লেখ কৰা হৈছে: “যি কোনোৱে ভাইক ঘিণ কৰে, তেওঁ নৰ-বধী; আৰু কোনো নৰ-বধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা।” (১ যোহন ৩:১৫) প্ৰকৃত খ্ৰীষ্টানসকলে যুদ্ধৰ বাবে হাতত কোনো অস্ত্ৰ-শস্ত্ৰ তুলি লোৱাৰ পৰাই বিৰত থাকে এনে নহয়, কিন্তু পৰস্পৰে প্ৰেম প্ৰকাশ কৰিবলৈও কঠিন পৰিশ্ৰম কৰে।

তেনে লোকৰ প্ৰতি আমাৰ কেনে দৃষ্টিভঙ্গী হোৱা উচিত যিসকলে আমাৰ সঙ্গী বিশ্বাসী নহয় আৰু আমাৰ প্ৰতি ঘৃণাভাৱ ৰাখে? যাতনা স্তম্ভত ওলমি থকা অৱস্থাত যীচুৱে তেওঁৰ ঘাতকৰ বাবে প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: ‘হে পিতৃ এওঁবিলাকক ক্ষমা কৰা; কিয়নো এওঁবিলাকে কি কৰিছে, তাক নাজানে।’ (লূক ২৩:৩৪) লোকবিলাকে অতিশয় ঘৃণা কৰি যীচুৰ শিষ্য স্তিফানক শিল দলিয়াই হত্যা কৰাৰ সময়তো স্তিফানে নিজৰ শেষ বাক্যত এইদৰে কৈছিল: “হে [যিহোৱা, NW] এই পাপ তেওঁবিলাকৰ নামত নিলিখিব।” (পাঁচনিৰ কৰ্ম্ম ৭:৬০) যীচু আৰু স্তিফানে তেওঁলোকক ঘৃণা কৰাসকলৰ প্ৰতি মঙ্গল কামনা কৰিছিল। কিয়নো তেওঁলোকৰ হৃদয়ত বিৰোধীসকলৰ প্ৰতি কোনো তিক্তকৰ মনোভাৱ নাছিল। সেয়েহে বাইবেলে আমাক এইদৰে পৰামৰ্শ দিছে যে, “এই হেতুকে আহাঁ, . . . সকলোলৈ, . . . হিতজনক কৰ্ম্ম কৰোঁহঁক।”—গালাতীয়া ৬:১০.

‘এক চিৰস্থায়ী সহায়কৰ্ত্তা’

শেষ নিশা এঘাৰজন শিষ্যৰ সৈতে অতিবাহিত কৰাৰ সময়ত যীচুৱে তেওঁলোকক জনাইছিল যে তেওঁ শিষ্যসকলৰ সৈতে অধিক সময় শাৰীৰিকভাৱে উপস্থিত নাথাকিব। (যোহন ১৪:২৮; ১৬:২৮) কিন্তু যীচুৱে তেওঁলোকক আশ্বাস দি এইদৰে কৈছিল: “মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকিবলৈ, তেওঁ আন এজন সহায়কৰ্ত্তা, . . . দিব।” (যোহন ১৪:১৬) সেই প্ৰতিজ্ঞাত সহায়কৰ্ত্তা আছিল ঈশ্বৰৰ পবিত্ৰ আত্মা। ইয়ে তেওঁলোকক গভীৰ শাস্ত্ৰীয় বিষয়বোৰক বুজিবলৈ অন্তৰ্দৃষ্টি প্ৰদান আৰু যীচুৱে পৃথিৱীত থকা সময়ছোৱাত শিকোৱা সেই সকলো শিক্ষাক শিষ্যসকলক স্মৰণ কৰাই দিব।—যোহন ১৪:২৬.

বৰ্তমান সময়ত পবিত্ৰ আত্মাই আমাক কেনেকৈ সহায় কৰে? দৰাচলতে ঈশ্বৰৰ প্ৰেৰিত বাক্য বাইবেলৰ দ্বাৰা আমাক সহায় কৰে। কিয়নো যিসকল ব্যক্তিয়ে ভৱিষ্যতবাণী কৰিছিল আৰু বাইবেল লিখিছিল তেওঁলোকে “পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত” হৈছিল। (২ পিতৰ ১:২০, ২১; ২ তীমথিয় ৩:১৬) শাস্ত্ৰখন অধ্যয়ন আৰু তাৰ পৰামৰ্শসমূহ পালন কৰাৰ দ্বাৰা আমি জ্ঞান, বুদ্ধি, বুজ, অন্তৰ্দৃষ্টি, বিবেচনা আৰু চিন্তা কৰিব পৰা শক্তি লাভ কৰোঁ। আমি ইয়াৰ দ্বাৰা এই দুষ্ট জগতৰ সমস্যা বা হেঁচাবোৰৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ নিজকে উত্তমৰূপে প্ৰস্তুত কৰিব নোৱাৰিমনে বাৰু?

তদুপৰি পবিত্ৰ আত্মাই আন প্ৰকাৰেও সহায়কৰ্ত্তাৰূপে কাৰ্য্য কৰে। ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে লাভদায়ক আৰু এটা শক্তিশালী শক্তি যিয়ে ইয়াৰ প্ৰভাৱত থকাসকলক ঈশ্বৰীয় গুণসমূহ প্ৰতিফলিত কৰাত সক্ষম কৰি তুলে। বাইবেলে সেই গুণসমূহৰ বিষয়ে এইদৰে কৈছে “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল।” গতিকে মাংসিক কাৰ্য্য অৰ্থাৎ ব্যভিচাৰ, অশুচি কাৰ্য্য, ঈৰ্ষা, খং-ৰাগ আদিৰ ওপৰত বিজয়ী হʼবলৈ আমাক আত্মাৰ ফলৰ গুণসমূহৰ অতি আৱশ্যক নহয়নে বাৰু?—গালাতীয়া ৫:১৯-২৩.

ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ কৰি আমিও “শক্তিৰ বাহুল্যতা” লাভ কৰি যিকোনো সমস্যাতে সফলতাৰে সম্মুখীন হʼব পাৰিম। (২ কৰিন্থীয়া ৪:৭) যদিও পবিত্ৰ আত্মাই আমাৰ পৰীক্ষা আৰু যাতনাসমূহক আঁতৰ নকৰে তথাপিও ই নিশ্চয়ে আমাক সহন কৰিবলৈ সহায় কৰিব পাৰে। (১ কৰিন্থীয়া ১০:১৩) সেয়েহে পাঁচনি পৌলে লিখিছিল যে “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ জড়িয়তে তেনে শক্তি প্ৰদান কৰে। আমি এই পবিত্ৰ আত্মাৰ বাবে কিমান যে ঈশ্বৰৰ কৃতজ্ঞ! ইয়াক কেৱল তেনে লোকসকলক দিবলৈ প্ৰতিজ্ঞা কৰা হৈছে যিসকলে ‘যীচুক প্ৰেম আৰু তেওঁৰ সকলো আজ্ঞাক পালন কৰে।’—যোহন ১৪:১৫.

“মোৰ প্ৰেমতে থাকা”

যীচুৱে পৃথিৱীত থকা তেওঁৰ শেষ নিশাত শিষ্যসকলক এইদৰে কৈছিল: “যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হব।” (যোহন ১৪:২১) তদুপৰি তেওঁ শিষ্যসকলক এইদৰে আগ্ৰহ কৰিছিল যে “মোৰ প্ৰেমতে থাকা।” (যোহন ১৫:৯) পিতৃ আৰু তেওঁৰ পুত্ৰৰ প্ৰেমত থাকি আমি কেনেকৈ আমাত থকা এই দুষ্ট জগতৰ মাংসিক প্ৰবৃত্তিবোৰত জয়ী হʼব পাৰিম?

যদি আমি দৃঢ়ভাৱে উৎসাহিত নহওঁ তেতিয়া আমি পাপময় প্ৰবণতাবোৰক বাস্তৱতে নিয়ন্ত্ৰণ কৰিব পাৰিমনে? যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ থকা আগ্ৰহকতাতকৈ আন কোনো উত্তেজনামূলক বিষয় হʼব পাৰেনে? আৰ্নাষ্ট, * নামৰ এজন ডেকা ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। যিজনে কিশোৰ অৱস্থাত অভ্যাস কৰা অনৈতিক জীৱন-যাপনৰ পৰা আঁতৰি আহিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল, তেওঁ এইদৰে কৈছিল: “মই বাইবেলৰ পৰা শিকিব পাৰিলোঁ যে ঈশ্বৰে মই নিৰ্বাহ কৰা জীৱন প্ৰণালীক অনুমতি নিদিয়ে আৰু মই তেওঁৰ মন আনন্দিত কৰিব বিচাৰিছিলোঁ। গতিকে মই ঈশ্বৰৰ নিৰ্দ্দেশনাবোৰ পালন কৰি এজন উত্তম ব্যক্তিৰূপে জীৱনৰ-যাপন কৰিবলৈ নিৰ্ণয় ললোঁ। প্ৰত্যেক দিনা মোৰ মনত ভাঁহি উঠা বেয়া বিচাৰধাৰাৰ সৈতে যুঁজ কৰিবলগা হৈছিল। কিন্তু মই সেই সংগ্ৰামত জয়ী হʼবলৈ ঠিৰাং কৰিলোঁ আৰু ঈশ্বৰৰ সহায় বিচাৰি নিৰন্তৰে প্ৰাৰ্থনা কৰিছিলোঁ। মই নিজকে অনুশাসনপূৰ্ণ কৰি দুবছৰৰ পিছত সেই সকলো বেয়া অভ্যাসৰ ওপৰত জয়ী হʼব পাৰিলোঁ।”

জগতৰ সৈতে কৰিবলগীয়া সংগ্ৰামৰ সম্বন্ধে যীচুৱে যিৰূচালেম চহৰত থকা ঘৰটোৰ ওপৰৰ কোঠালী ত্যাগ কৰা পূৰ্বেই তেওঁ কৰা অন্তিম প্ৰাৰ্থনাটোৰ বিষয়ে বিবেচনা কৰক। তেওঁ শিষ্যসকলৰ হৈ তেওঁৰ পিতৃলৈ এইদৰে প্ৰাৰ্থনা কৰি সুধিছিল: “মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপআত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৫, ১৬) সেইটো কিমান যে আশ্বাসজনক আছিল! যিসকলে যিহোৱাক প্ৰেম কৰে তেওঁলোকৰ ওপৰত তেওঁ দৃষ্টি আৰু এই জগতৰ পৰা পৃথকে থাকিবলৈ শক্তি প্ৰদান কৰে।

‘বিশ্বাস কৰা’

যীচুৰ আজ্ঞা পালন কৰি আমি অৱশ্যেই এই দুষ্ট জগত আৰু আমাৰ পাপময় প্ৰবণতাৰ ওপৰত জয়ী হʼব পাৰিম। যদিও তেনে বিজয়ে আমাৰ পাপ আৰু এই জগতক উচ্ছন্ন কৰিব নোৱাৰে তথাপিও বিজয়ী হোৱাটো অতি আৱশ্যক। কিন্তু ইয়াৰ বাবে আমি নিৰুৎসাহী হোৱা কোনো প্ৰয়োজন নাই।

কিয়নো বাইবেল কৈছে যে, “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) যীচুৱে মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিলে। সেয়েহে সকলোৱে “তেওঁত বিশ্বাস” কৰা আৱশ্যক। (যোহন ৩:১৬) যেনেকৈ আমাত ঈশ্বৰৰ ইচ্ছা আৰু তেওঁৰ উদ্দেশ্যৰ জ্ঞান বৃদ্ধি হʼব, আঁহক আমি যীচুৰ এই আজ্ঞাক পালন কৰোঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: “ঈশ্বৰত বিশ্বাস কৰা, আৰু মোতো বিশ্বাস কৰা।”—যোহন ১৪:১. (w03 3/15)

[ফুটনোট]

^ আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৭ পৃষ্ঠাৰ ছবি]

“মোৰ প্ৰেমতে থকা” বুলি যীচুৱে শিষ্যসকলক আগ্ৰহ কৰিছিল

[৭ পৃষ্ঠাৰ ছবি]

পাপ আৰু ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাটো শীঘ্ৰেই বাস্তৱিকতালৈ পৰিণত হʼব