Skip to content

Skip to table of contents

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল আৰু মোচিৰ নিয়ম

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল আৰু মোচিৰ নিয়ম

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল আৰু মোচিৰ নিয়ম

“খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ, বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছিল।”—গালাতীয়া ৩:২৪.

১, ২. মোচিৰ বিধানৰ অধীনত থাকি ইস্ৰায়েলসকলে কেনেধৰণে লাভবান হʼব পাৰিলেহেঁতেন?

 যিহোৱাই সা.যু.পূ. ১৫১৩ চনত ইস্ৰায়েলসকলক তেওঁৰ নিয়মাৱলী প্ৰদান কৰিলে। তেওঁ লোকসকলক কৈছিল যে যদি তেওঁলোকে সেই বিধানৰ অনুসাৰে চলে তেন্তে তেওঁলোকে আশীৰ্ব্বাদ লাভ আৰু সন্তুষ্টিদায়ক জীৱন-যাপন কৰিব পাৰিব।—যাত্ৰাপুস্তক ১৯:৫, ৬.

সেই নিয়মাৱলীক মোচিৰ নিয়ম বা “বিধান” বুলি কোৱা হৈছিল যি “পবিত্ৰ, ন্যায় আৰু উত্তম” আছিল। (ৰোমীয়া ৭:১২) ইয়ে উত্তম গুণসমূহ যেনে, দয়ালু, ন্যায়পৰায়ণতা, নৈতিকতা আৰু বন্ধুত্বাপূৰ্ণভাৱ বজাই ৰাখিবলৈ প্ৰেৰিত কৰিছিল। (যাত্ৰাপুস্তক ২৩:৪, ৫; লেবীয়া পুস্তক ১৯:১৪; দ্বিতীয় বিবৰণ ১৫:১৩-১৫; ২২:১০, ২২) এই বিধানে ইহুদীসকলক পৰস্পৰে প্ৰেম কৰিবলৈও উৎসাহিত কৰিছিল। (লেবীয়া পুস্তক ১৯:১৮) তথাপিও এই বিধানৰ অধীনত নথকা কোনো পৰজাতি তিৰোতাৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ হোৱাৰ পৰা তেওঁলোকে আঁতৰি থাকিব লাগিছিল। (দ্বিতীয় বিবৰণ ৭:৩, ৪) তদুপৰি মোচিৰ বিধানে ইহুদী আৰু পৰজাতিৰ মাজত “প্ৰভেদক দেৱাল” হিচাবে কাৰ্য্য কৰিছিল যি ঈশ্বৰৰ লোকক মুৰ্ত্তি পূজা সম্বন্ধীয় বিচাৰ-ধাৰা আৰু অভ্যাসবোৰৰ পৰা অতঁৰাই ৰাখিছিল।—ইফিচীয়া ২:১৪-১৬; যোহন ১৮:২৮.

৩. যিহেতু কোনেও নিয়ম-ব্যৱস্থাক নিখুঁতভাৱে পালন কৰিব নোৱাৰাৰ বাবে ইয়াৰ কেনে প্ৰভাব পৰিছিল?

আনকি কৰ্ত্তব্যপৰায়ণ ইহুদীসকলেও ঈশ্বৰৰ বিধানক নিখুঁতভাৱে পালন কৰাত বিফল হʼল। যিহোৱাই দিয়া বিধান তেওঁলোকৰ সমৰ্থৰ বাহিৰত আছিলনে? অৱশ্যেই নাছিল। বিধান দিয়াৰ এটা কাৰণ হৈছিল “আজ্ঞা-লঙ্ঘনৰ অৰ্থেহে।” (গালাতীয়া ৩:১৯) ই অকপট ইহুদীসকলক পাপৰ পৰা মুক্তি পাবলৈ যে ত্ৰাণকৰ্ত্তাৰ আৱশ্যক, তাক সোঁৱৰাইছিল। ত্ৰাণকৰ্ত্তা উপস্থিত হোৱাত তেওঁলোক উল্লাসিত হৈ পৰিছিল। কিয়নো পাপ আৰু মৃত্যুৰ পৰা মুক্তি পোৱা দিন কাষ চাপিছিল!—যোহন ১:২৯.

৪. কি অৰ্থত মোচিৰ বিধানে আমাক “খ্ৰীষ্টৰ ওচৰলৈ” পৰিচালিত কৰিছিল?

মোচিৰ নিয়ম চিৰস্থায়ী নাছিল। এই সম্পৰ্কে সঙ্গী খ্ৰীষ্টানসকললৈ লিখাৰ সময়ত পাঁচনি পৌলে বৰ্ণনা কৰি কৈছিল যে ই ‘খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ শিক্ষক হৈছিল।’ (গালাতীয়া ৩:২৪) প্ৰাচীন সময়ৰ এজন ব্যক্তিগত শিক্ষকে লʼৰা-ছোৱালীক স্কুললৈ অনা-নিয়াৰ দায়িত্ব আছিল। আচলতে তেওঁ প্ৰকৃত শিক্ষক নহয় কিন্তু লʼৰা-ছোৱালীক শিক্ষকৰ ওচৰলৈ লৈ যোৱাৰহে কাৰ্য্য কৰিছিল। ঠিক সেইদৰে মোচিৰ নিয়মেও নম্ৰ মনৰ ইহুদীসকলক যীচুৰ ওচৰলৈ আহিবলৈ পৰিচালিত কৰিছিল। যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে ‘জগতৰ শেষলৈকে সদায় সঙ্গে সঙ্গে’ থাকিব বুলি প্ৰতিজ্ঞা কৰিছিল। (মথি ২৮:২০) খ্ৰীষ্টান মণ্ডলী স্থাপিত হোৱাৰ পিছত “ৰখীয়া-শিক্ষক” অৰ্থাৎ মোচিৰ বিধান আৰু কাৰ্য্যকাৰী হৈ নাথাকিল। (ৰোমীয়া ১০:৪; গালাতীয়া ৩:২৫) এই বিষয়ে কিছুমান ইহুদী খ্ৰীষ্টানে ভালদৰে বুজি পোৱা নাছিল। সেইবাবে তেওঁলোকে যীচুৰ পুনৰুত্থানৰ পিছতো মোচিৰ ব্যৱস্থাৰ কিছুমান আৱশ্যকতাক পালন কৰিছিল। আনসকলে সেই বিধানৰ অধীনত নাই বুলি বুজিব পাৰি নিজৰ বিচাৰধাৰাত সাল-সলনি কৰিছিল। তেওঁলোকে এনে কৰাৰ দ্বাৰা আমাৰ বাবে এক উত্তম আৰ্হি ৰাখিলে। তেওঁলোকে আমাৰ বাবে কেনেকৈ উত্তম আৰ্হি ৰাখিলে তাৰ বিষয়ে বিবেচনা কৰোঁহঁক।

খ্ৰীষ্টান শিক্ষা-প্ৰণালীত হোৱা উন্নতিশীল পৰিৱৰ্তন

৫. পিতৰে দৰ্শনত কেনে নিৰ্দ্দেশনা লাভ কৰিলে আৰু তেওঁ কিয় বিমোৰত পৰিছিল?

সা.যু. ৩৬ চনত পাঁচনি পিতৰে এক উল্লেখনীয় দৰ্শন পাইছিল। সেই দৰ্শনত তেওঁক মোচিৰ নিয়মত অশুচি বুলি মনা চৰাই আৰু পশুবোৰ বধ কৰি ভোজন হিচাবে খাবলৈ আজ্ঞা দিছিল। এই আজ্ঞা শুনি তেওঁ বিমোৰত পৰিল! কিয়নো তেওঁ জীৱনত “বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা” নাছিল। কিন্তু তেওঁ পুনৰাই এনেদৰে শুনিবলৈ পালে: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা।” (পাঁচনিৰ কৰ্ম্ম ১০:৯-১৫) ব্যতিক্ৰমহীনভাৱে সেই বিধান পালন কৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ বিচাৰধাৰাত সাল-সলনি কৰিলে। ইয়ে তেওঁক ঈশ্বৰৰ উদ্দেশ্যৰ বৃদ্ধিৰ সম্পৰ্কে বুজিবলৈ পৰিচালিত কৰিলে।

৬, ৭. পৰজাতি লোকৰ আগত প্ৰচাৰ কৰা আৱশ্যকতাৰ বিষয়ে পাঁচনি পিতৰে কেনেকৈ জানিব আৰু পিছলৈ তেওঁ ইয়াৰ বিষয়ে অধিক কি বুজিব পাৰিলে?

এবাৰ তিনিজন ব্যক্তি পাঁচনি পিতৰে থকা ঘৰটোলৈ আহিছিল আৰু তেওঁলোকৰ সৈতে তেওঁক ঈশ্বৰ ভয় মানোতা কৰ্ণালিয়া নামৰ এজন পৰজাতি ব্যক্তিৰ ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে। পিতৰে তেওঁলোকক আমন্ত্ৰিত কৰি ভোজন গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিলে। পিছদিনা তেওঁ দৰ্শনৰ বিষয়ে মনত ৰাখি কৰ্ণালিয়াৰ ঘৰৰ অভিমুখে যাত্ৰা কৰিল। তাত তেওঁ যীচুৰ বিষয়ে সম্পূৰ্ণকৈ সাক্ষী দিলে। সেই সময়ছোৱাত পিতৰে এইদৰে কৈছিল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” কৰ্ণালিয়াৰ সৈতে তেওঁৰ সম্বন্ধীয়া লোক আৰু বন্ধুসকলে যীচুত বিশ্বাস কৰিলে আৰু ফলস্বৰূপে “শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিল।” এই সকলোবোৰৰ পিছত যিহোৱাৰ হাত আছে বুলি পাঁচনি পিতৰে জানিব পাৰি “যীচু খ্ৰীষ্টৰ নামেৰে তেওঁবিলাকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে।”—পাঁচনিৰ কৰ্ম্ম ১০:১৭-৪৮.

যদিও পৰজাতি লোকে মোচিৰ নিয়মৰ অধীনত নাছিল তথাপিও যীচুৰ শিষ্য হʼব পাৰিলে বুলি পাঁচনি পিতৰে কেনেকৈ জানিবলৈ সক্ষম হʼল? আধ্যাত্মিক বুজ থকাৰ বাবে তেওঁ বুজিবলৈ সক্ষম হʼল। যিহেতু ঈশ্বৰে চুন্নৎ নোহোৱা পৰজাতি লোকৰ ওপৰত পবিত্ৰ আত্মা প্ৰদান কৰাৰ বাবে তেওঁলোক যে বাপ্তিষ্মাৰ যোগ্য, তাক পাঁচনি পিতৰে বুজিব পাৰিলে। একেই সময়ত পিতৰে স্পষ্টকৈ বুজিব পাৰিছিল যে বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ তেওঁলোকে মোচিৰ নিয়মক পালন কৰাটো ঈশ্বৰে অপেক্ষা নকৰে। যদি আপুনি সেই সময়ছোৱাত বাস কৰাহʼলে, আপুনিও পাঁচনি পিতৰৰ দৰে নিজৰ বিচাৰধাৰাত সাল-সলনি কৰিবলৈ আগ্ৰহী হʼলহেঁতেননে?

কিছুমান ইহুদী খ্ৰীষ্টানে একেৰাহে “ৰখীয়া শিক্ষক” অনুসাৰে চলি থাকিল

৮. চুন্নৎ হোৱা সম্বন্ধে পাঁচনি পিতৰ আৰু যিৰূচালেমত থকা খ্ৰীষ্টানসকলৰ মাজত কেনে ভিন্ন মনোবৃত্তি দেখা গৈছিল আৰু কিয়?

কৰ্ণালিয়াৰ ঘৰৰ পৰা প্ৰস্থান কৰি পাঁচনি পিতৰে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে। তাত থকা ইহুদী খ্ৰীষ্টানসকলে পৰজাতিৰ লোকে “ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে” বুলি জানিবলৈ পাই বিচলিত হʼল। (পাঁচনিৰ কৰ্ম্ম ১১:১-৩) যীচুৰ শিষ্য পৰিজাতি লোকেও হʼব পাৰে বুলি জানি “চুন্নৎ হোৱা মানুহবিলাকে” উদ্ধাৰৰ বাবে পৰজাতিলোকে মোচিৰ নিয়মৰ অধীন হোৱা উচিত বুলি দাবী কৰিছিল। আনহাতে, পৰজাতি লোকৰ এলেকাত থকা ইহুদীসকলৰ বাবে চুন্নৎ বিষয়টো কোনো গুৰুত্বপূৰ্ণ নাছিল। প্ৰায় ১৩ বছৰ সময় ধৰি এনে দুই প্ৰকাৰৰ ধাৰণা অস্তিত্বত আছিল। (১ কৰিন্থীয়া ১:১০) ইহুদী সমাজত বাস কৰা প্ৰথম শতিকাৰ পৰজাতি খ্ৰীষ্টানসকলে বিশ্বস্ততা বজাই ৰাখিবলৈ কিমান যে ডাঙৰ পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া হৈছিল!

৯. চুন্নৎ কৰা সম্বন্ধে উঠা বাদ-বিবাদক সমাধান কৰা কিয় অতি আৱশ্যক আছিল?

সা.যু. ৪৯ চনত যেতিয়া পাঁচনি পৌলে অন্তিয়খিয়াত প্ৰচাৰ কৰি আছিল তেতিয়া যিৰূচালেমৰ পৰা কিছুমান খ্ৰীষ্টান আহি তাত উপস্থিত হʼল। তেওঁলোকে শিক্ষা এইদৰে দিবলৈ ধৰিলে যে মোচিৰ ব্যৱস্থাৰ অধীনত পৰজাতি কোনো এজন ব্যক্তিয়ে চুন্নৎ নোহোৱাকৈ ধৰ্ম্ম পৰিৱৰ্তন কৰিব নোৱাৰে। ফলস্বৰূপে, তাত পাঁচনি পৌল আৰু বাৰ্ণব্বাৰ মাজত এক গম্ভীৰ বাদ-বিবাদৰ সৃষ্টি হৈছিল! যদি শীঘ্ৰেই এই বিষয়তো সমাধান নকৰাহʼলে ইহুদী বা পৰজাতি খ্ৰীষ্টানসকলে নিশ্চই ভ্ৰান্তিযুক্ত হʼলহেঁতেন। সেয়েহে যিৰূচালেমত থকা প্ৰশাসন গোষ্ঠীৰ সৈতে এই বিষয়ে আলোচনা কৰিবলৈ পাঁচনি পৌল আৰু আন কিছুমানে যাবলৈ সিদ্ধান্ত লʼলে।—পাঁচনিৰ কৰ্ম্ম ১৫:১, ২, ২৪.

যথাৰ্থৰূপে এক ভিন্ন মতামতৰ পিছত ঐক্যতা!

১০. পৰজাতি লোকৰ সপক্ষে কোনো নিৰ্ণয় লোৱাৰ পূৰ্ব্বেই প্ৰশাসন গোষ্ঠীয়ে কেনে কিছুমান বিষয়ক বিবেচনা কৰিছিল?

১০ এখন আলোচনাত কিছুমানে চুন্নৎ সপক্ষে আৰু আন কিছুমানে ইয়াৰ বিপক্ষে ৰায় দাঙি ধৰিছিল। কিন্তু সেই সময়ছোৱাত কোনো এজনো আৱেগীক হৈ পৰা নাছিল। অনেক তৰ্ক-বিতৰ্কৰ পিছত পাঁচনি পিতৰ আৰু পৌলে অচুন্নৎ পৰজাতি খ্ৰীষ্টানসকলৰ মাজত ঈশ্বৰে কৰা মহৎ কাৰ্য্যবোৰৰ বিষয়ে উল্লেখ কৰে। তেওঁলোকে বৰ্ণনা কৰি কয় যে ঈশ্বৰে অচুন্নৎ পৰজাতিলোকক পবিত্ৰ আত্মা প্ৰদান কৰিলে। তদুপৰি তেওঁলোকে এইদৰে সুধিছিলে, ‘ঈশ্বৰে গ্ৰহণ কৰা সকলক খ্ৰীষ্টান মণ্ডলীয়ে তিৰষ্কাৰ কৰিব পাৰেনে?’ এনেতে পাঁচনি যাকোবে শাস্ত্ৰৰ এফাকি কথা পঢ়ি সকলোকে শুনালে যিয়ে তাত উপস্থিত থকাসকলক ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে বুজিবলৈ সহায় কৰিলে।—পাঁচনিৰ কৰ্ম্ম ১৫:৪-১৭.

১১. চুন্নৎ বা অচুন্নৎ বিষয়ে নিৰ্ণয় লোৱাত কেনে বিষয় চামিল নাছিল আৰু সেই নিৰ্ণয়ত যে যিহোৱাৰ আশীৰ্ব্বাদ আছিল বুলি কিহে প্ৰকাশ কৰিলে?

১১ সকলোৱে প্ৰশাসন গোষ্ঠীয়ে লোৱা নিৰ্ণয়ৰ বাবে বাট চাই আছিল। ইহুদী খ্ৰীষ্টানসকলৰ অনুসাৰে চুন্নৎ কৰাৰ বিষয়ে নিৰ্ণয় নোলোৱাত তেওঁলোকে মনত আঘাত পাইছিলনে? নিশ্চই নহয়। এই বিশ্বাসী লোকসকলে শাস্ত্ৰৰ অনুসাৰে চলিবলৈ আৰু পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼবলৈ দৃঢ়সঙ্কল্প লৈছিল। সকলবোৰ তথ্য আৰু বিষয় শুনাৰ পিছত প্ৰশাসন গোষ্ঠীয়ে এইদৰে নিৰ্ণয় লʼলে যে পৰজাতি লোকক চুন্নৎ কৰা আৰু মোচিৰ নিয়মক পালন কৰা কোনো আৱশ্যক নাই। যেতিয়া ভাইসকলে এই বিষয়ে শুনিলে তেতিয়া তেওঁলোকে আনন্দিত হʼল আৰু মণ্ডলীবিলাক “দিনে দিনে লেখত বাঢ়ি গল।” যিসকল খ্ৰীষ্টানে এই ঈশ্বৰশাসিত নিৰ্দ্দেশনা পালন কৰিছিল তেওঁলোকে শাস্ত্ৰীয় পদৰ দ্বাৰা সঠিক উত্তৰ বিচাৰি পোৱাৰ অনুগ্ৰহ লাভ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৫:১৯-২৩, ২৮, ২৯; ১৬:১-৫) তথাপিও এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়াৰ তেতিয়াও বাকি থাকিল।

ইহুদী খ্ৰীষ্টানসকলৰ বিষয়ে কি?

১২. কেনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়াটো বাকি থাকিল?

১২ পৰজাতি খ্ৰীষ্টানসকলে চুন্নৎ হোৱাৰ কোনো আৱশ্যক নাই বুলি প্ৰশাসন গোষ্ঠীয়ে স্পষ্টকৈ দাঙি ধৰিছিল। কিন্তু ইহুদী খ্ৰীষ্টানসকলৰ বিষয়ে কি? এই সম্বন্ধে প্ৰশাসন গোষ্ঠীয়ে কোনো নিৰ্দিষ্ট উত্তৰ দিয়া নাছিল।

১৩ পৰিত্ৰাণ পাবলৈ মোচিৰ নিয়ম পালন কৰাটো আৱশ্যক বুলি ভবাটো কিয় ভুল আছিল?

১৩ কিছুমান “বিধানত উৎসাহী” হোৱা ইহুদী খ্ৰীষ্টানসকলে একেৰাহে নিজৰ পুতেকবিলাকক চুন্নৎ কৰা আৰু মোচিৰ ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যক তেতিয়াও পালন কৰি থাকিল। (পাঁচনিৰ কৰ্ম্ম ২১:২০) আনবিলাকে তাতকৈও এখোজ আগবাঢ়ি গʼল, তেওঁলোকে আঁকোৰগোঁজা হৈ কৈছিল যে ইহুদী খ্ৰীষ্টানসকলে মোচিৰ নিয়ম পালন কৰাৰ অবিহনে উদ্ধাৰ লাভ কৰিব নোৱাৰিব। প্ৰকৃততে এই বিষয়ে তেওঁলোকৰ গুৰুত্বৰ ভুল ধাৰণা আছিল। উদাহৰণস্বৰূপে, যিহেতু সকলোৰে পাপৰ বাবে যীচুৱে নিজকে বলিদান কৰিলে, এতেকে পাপ ক্ষমাৰ অৰ্থে এজন ইহুদী খ্ৰীষ্টানে কেনেকৈ পশু বলিদান কৰিব পাৰিলেহেঁতেন? তেন্তে বিধানৰ আৱশ্যকতাৰ অনুসাৰে ইহুদীসকলে পৰজাতিৰ সৈতে কোনো সম্পৰ্ক নৰখাৰ বিষয়ে কি কʼব পাৰি? সঁচাকৈ, উৎসাহী খ্ৰীষ্টানসকলৰ বাবে সেইবোৰ পালন কৰি পৰজাতি লোকৰ আগত যীচুৱে শিকোৱা সকলো শিক্ষাক প্ৰচাৰ কৰাটো এক কঠিন কাৰ্য্য হʼলহেঁতেন। (মথি ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ১:৮; ১০:২৮) * যদিও প্ৰশাসন গোষ্ঠীৰ বৈঠকত সেইবোৰৰ বিষয়ে সমাধান হৈছিল নে নাই এই বিষয়ে কোনো স্পষ্ট উল্লেখ নাই তথাপিও তেওঁলোকে এই বিষয়ে মণ্ডলীক সহায় নকৰাকৈ নাছিল।

১৪. বিধানৰ সম্বন্ধে পাঁচনি পৌলে লিখা পত্ৰখনত কেনে নিৰ্দ্দেশনা পোৱা যায়?

১৪ প্ৰশাসন গোষ্ঠীৰ পৰা নিৰ্দ্দেশনা কোনো পত্ৰৰূপত আহিছিল, এনে নহয় কিন্তু অতিৰিক্তভাৱে পাঁচনিসকলে ঈশ্বৰ প্ৰেৰিত পত্ৰৰ দ্বাৰা নিৰ্দ্দেশনা প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে, ৰোম চহৰত বাস কৰা ইহুদী আৰু পৰজাতি খ্ৰীষ্টানসকললৈ পাঁচনি পৌলে এক শক্তিশালী নিৰ্দ্দেশনা প্ৰেৰণ কৰিছিল। সেই পত্ৰখনত তেওঁ এজন প্ৰকৃত ইহুদী কাক কয় তাৰ বিষয়ে এনেদৰে উল্লেখ কৰি কৈছিল, “ভিতৰে যিহূদী তেওঁহে যিহূদী . . . কিন্তু আত্মাৰে হৃদয়েৰে যি চুন্নৎ, সেয়েহে চুন্নৎ।” (ৰোমীয়া ২:২৮, ২৯) সেই একেই চিঠিখনত তেওঁ খ্ৰীষ্টানসকল যে মোচিৰ নিয়মৰ অধীনত নাই, তাক বুজাবলৈ এটা দৃষ্টান্ত দাঙি ধৰিছিল। তেওঁ যুক্তি দাঙি এইদৰে কৈছিল যে এজনী তিৰোতাই এবাৰত দুজন পুৰুষৰ সৈতে বিবাহ সম্পন্ন কৰিব নোৱাৰে। কিন্তু যদি তাইৰ স্বামীৰ মৃত্যু হয় তেন্তে তাই পুনৰাই বিবাহ কৰিব পাৰে। দৃষ্টান্তটো ব্যৱহাৰ কৰি অভিষিক্ত খ্ৰীষ্টানসকলে একেই সময়ত যীচু আৰু মোচিৰ নিয়মৰ অধীনত থাকিব নোৱাৰে বুলি তেওঁ স্পষ্টকৈ দাঙি ধৰিলে। তেওঁলোকে যীচুত এক মন হʼবলৈ “বিধানৰ সম্বন্ধে মৰা” হʼব লাগিছিল।—ৰোমীয়া ৭:১-৫.

তেওঁলোকে সেই বিষয়ে শীঘ্ৰেই বুজি নাপালে

১৫, ১৬. কিছুমান ইহুদী খ্ৰীষ্টানে বিধানৰ সম্বন্ধে বুজিবলৈ কিয় বিফল হৈছিল আৰু ই আধ্যাত্মিকভাৱে সজাগ হৈ থকাৰ আৱশ্যকতাৰ বিষয়ে কেনেকৈ প্ৰকাশ কৰিছে?

১৫ পাঁচনি পৌলে বিধানৰ সম্বন্ধে দাঙি ধৰা যুক্তি অপৰিহাৰ্য্য আছিল। তেন্তে কিছুমান ইহুদী খ্ৰীষ্টানে কেনেকৈ বুজাত বিফল হʼল? ইয়াৰ এটা কাৰণ হৈছে তেওঁলোকত আধ্যাত্মিক বুজশক্তি হ্ৰাস হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকে টান আহাৰ লʼবলৈ অৱহেলা কৰিছিল। (ইব্ৰী ৫:১১-১৪) তদুপৰি তেওঁলোকে নিয়মিতভাৱে সভাত উপস্থিতত নহৈছিল। (ইব্ৰী ১০:২৩-২৫) আনসকলে হয়তো মোচিৰ বিধানৰ বৈশিষ্ট্যতাক বুজিব নোৱাৰিলে। কিয়নো মোচিৰ বিধান দৃশ্যমান মন্দিৰ আৰু পুৰোহিত বৰ্গৰ ওপৰত আধাৰিত আছিল আৰু তেওঁলোকে তেনে ব্যৱস্থাৰ পৰা হৃদয়স্পৰ্শী অনুভৱ কৰিছিল। আনহাতে, খ্ৰীষ্টান ধৰ্ম্ম অদৃশ্যমান বস্তুৰ ওপৰত আধাৰিত আছিল আৰু সেইবাবে আধ্যাত্মিক হ্ৰাস হোৱাসকলে সহজে তাক গ্ৰহণ কৰি তাৰ গভীৰ সিদ্ধান্তসমূহক বুজিব পাৰিছিল।—২ কৰিন্থীয়া ৪:১৮.

১৬ তদুপৰি খ্ৰীষ্টান ধৰ্ম্ম গ্ৰহণ কৰা কিছুমানে পাঁচনি পৌলে গালাতীয়াসকললৈ লিখা পত্ৰত দিয়া পৰিলেখবোৰক পালন কৰিবলৈ সহজে আগ্ৰহী হোৱাৰ আন এটা কাৰণ আছিল। সেই বিষয়ে পৌলে বৰ্ণনা কৰি এইদৰে কৈছিল যে এই বক্তিসকলে আনৰ দৃষ্টিত সন্মানীয় আৰু সকলোৱে গ্ৰহণ কৰা ধৰ্ম্মৰ সদস্য হৈ থাকিব বিচাৰিছিল। তেওঁলোকে সমাজত খ্ৰীষ্টানৰূপে ভিন্নকৈ পৰিচিত হোৱাৰ পৰিৱৰ্তে সমাজৰ অংশ হৈ থাকিবলৈ প্ৰায়ে সকলোতে মধ্যপন্থা লৈছিল। তেওঁলোকে ঈশ্বৰতকৈ অধিক মানুহৰ অনুগ্ৰহদৃষ্টি পাবলৈ বিচাৰিছিল।—গালাতীয়া ৬:১২.

১৭. বিধান পালন কৰা সম্বন্ধে কেতিয়া সঠিক দৃষ্টিভঙ্গী স্পষ্ট হৈ পৰিল?

১৭ যিসকল সুবিবেচক খ্ৰীষ্টানে মনোযোগেৰে পাঁচনি পৌলে লিখা পত্ৰ আৰু আন তথ্যবোৰ অধ্যয়ন কৰিছিল তেওঁলোকে বিধানৰ সম্বন্ধে ভালদৰে বুজি পাইছিল। কিন্তু সা.যু. ৭০ চনত যেতিয়া ঈশ্বৰে যিৰূচালেম আৰু ইয়াৰ পুৰোহিত ব্যৱস্থাৰ সম্পৰ্কে লিখা সকলোবোৰ তথ্য ধ্বংস হʼবলৈ অনুমতি দিলে তেতিয়া মোচিৰ নিয়মৰ সম্বন্ধে সকলো ইহুদী খ্ৰীষ্টানে স্পষ্টকৈ বুজি পালে। এই ধ্বংসৰ পিছত মোচিৰ ব্যৱস্থাত দিয়া সকলোবোৰ সিদ্ধান্ত কোনেও পালন কৰিব নোৱাৰিলে।

সেই শিক্ষা বৰ্তমানেও প্ৰযোজ্য

১৮, ১৯. (ক) আধ্যাত্মিকভাৱে সজাগ হৈ থাকিবলৈ আমি কেনে মনোবৃত্তি বিকাশিত কৰা আৱশ্যক আৰু কেনে মনোভাৱ উন্নত কৰা উচিত নহয়? (খ) ভাৰসাযোগ্য ভাইসকলৰ পৰা অহা নিৰ্দ্দেশনা পালন কৰাৰ সম্বন্ধে দিয়া পাঁচনি পৌলৰ দৃষ্টান্তৰ পৰা আমি কি শিকিবলৈ পাওঁ? (২৮ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

১৮ প্ৰাচীন সময়ত ঘটা সেই ঘটনাৰ বিষয়ে বিবেচনা কৰাৰ পিছত আপুনি সম্ভৱতঃ আচৰিত হৈ এনেদৰে সুধিব: ‘সেইসময়ত মই বাস কৰা হʼলে ক্ৰমান্বয়ে প্ৰকাশ পোৱা ঈশ্বৰৰ উদ্দেশ্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালোহেঁতেন? মই তাহানিৰ পৰা চলি অহা প্ৰথাবোৰক ব্যতিক্ৰমহীনভাৱে পালন কৰি থাকিলোঁহেঁতেননে? বা সঠিক বিৱৰণ নোপোৱালৈকে ধৈৰ্য্যৰে অপেক্ষা কৰিলোঁহেঁতননে? সঠিক জ্ঞান পোৱাৰ পিছত মই সম্পূৰ্ণ মনেৰে তাক পালন কৰিলোঁহেঁতেননে?”

১৯ অৱশ্যেই আমি সঠিকৈ এইটো কব নোৱাৰোঁ যে আমি কেনে প্ৰতিক্ৰিয়া দেখুৱালোঁহেঁতেন। কিন্তু আমি নিজকে এনেদৰে সুধিব পাৰোঁ: ‘আজি বাইবেলৰ সম্বন্ধে স্পষ্ট হোৱা বিষয়বোৰৰ প্ৰতি মই কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ? (মথি ২৪:৪৫) যেতিয়া শাস্ত্ৰীয় নিৰ্দ্দেশনা দিয়া হয় তেতিয়া মই কেৱল উপৰি-উপৰি পালন কৰাৰ পৰিৱৰ্তে আন্তৰিকতাৰে কৰোঁনে? (১ কৰিন্থীয়া ১৪:২০) যেতিয়া সন্দেহজনক প্ৰশ্নবোৰৰ উত্তৰ দিয়াত পলম হয় তেতিয়া মই ধৈৰ্য্যৰে যিহোৱালৈ বাট চাওঁনে?’ আজিৰ সময়ত ‘কেনেবাকৈ ভটিয়াই’ নাযাবলৈ উপলব্ধ থকা আধ্যাত্মিক আহাৰ উত্তমৰূপে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। (ইব্ৰী ২:১) যেতিয়া যিহোৱাই তেওঁৰ বাক্য, পবিত্ৰ আত্মা আৰু পাৰ্থিৱ সংস্থাৰ দ্বাৰা নিৰ্দ্দেশনা দিয়ে তেতিয়া আঁহক আমি সেইবোৰ মনোযোগেৰে শুনোহঁক। যদি তেনে কৰোঁ তেন্তে যিহোৱাই আমাক চিৰকলীয়া সুখ আৰু সন্তুষ্টিদায়কৰূপে জীৱন-যাপন কৰিবলৈ আশীৰ্ব্বাদ দিব। (w03 3/15)

[ফুটনোট]

^ পাঁচনি পিতৰে আন্তিয়খিয়াৰ পৰজাতি ভাইসকলৰ সৈতে সঙ্গতি কৰিবলৈ পাই আনন্দিত হৈছিল। কিন্তু যিৰূচালেমৰ পৰা অহা ইহুদী খ্ৰীষ্টানসকলৰ উপস্থিতিত তেওঁ “ভয় কৰি, পাছ হুঁহকি নিজকে পৃথক ৰাখিলে।” আমি অনুমান কৰিব পাৰোঁ যে তেওঁৰ এনে কাৰ্য্যত পৰজাতি খ্ৰীষ্টানসকলে কিমান অধিক বেজাৰ পাইছিল।—গালাতীয়া ২:১১-১৩.

আপুনি কেনেকৈ উত্তৰ দিব?

• কি অৰ্থত মোচিৰ নিয়ম “ৰখীয়া-শিক্ষক” হিচাবে আছিল?

• শিক্ষাৰ সম্বন্ধে কৰা সাল-সলনিৰ প্ৰতি পাঁচনি পিতৰ আৰু “চুন্নৎ হোৱাবিলাকৰ” মাজত উৎপন্ন হোৱা ভিন্ন মনোবৃত্তিৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

• বৰ্তমান যিহোৱাই সত্যতাৰ বিষয়ে প্ৰকাশ কৰা দিশবোৰৰ পৰা আপুনি কি শিকিব পাৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৮পৃষ্ঠাৰ বক্স/ছবি]

পাঁচনি পৌলে এটা পৰীক্ষাত নম্ৰতাৰে সম্মুখীন হোৱা

সা.যু. ৫৬ চনত মিচনাৰী যাত্ৰা শেষ কৰি পাঁচনি পৌলে যিৰূচালেমলৈ ঘূৰি আহিল। তাত তেওঁলৈ এটা পৰীক্ষাই অপেক্ষা কৰি আছিল। মণ্ডলীয়ে এই বাৰ্ত্তা পাইছিল যে পৌলে লোকসকলক মোচিৰ ব্যৱস্থা কাৰ্য্যকাৰী হৈ নাথাকিল বুলি শিক্ষা প্ৰদান কৰিছে। পাঁচনি পৌলে স্পষ্টকৈ কোৱা এই কথাষাৰ যদি নতুনকৈ হোৱা খ্ৰীষ্টানবিলাকৰ কাণত পৰে তেন্তে তেওঁলোক বিভ্ৰান্ত হʼব আৰু হয়তো যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি কোনো শ্ৰদ্ধা নাই বুলি ভাবিব পাৰে, এই বিষয়ে চিন্তা কৰি বৃদ্ধ লোকসকলে ভয়ভীত হৈছিল। সেই মণ্ডলীত চাৰিজন এনে ইহুদী খ্ৰীষ্টান আছিল যিসকলে দৃঢ় প্ৰতিজ্ঞাতবদ্ধ, সম্ভৱতঃ নাচৰীয়া ব্ৰত ধৰিছিল। ইয়াৰ বাবে থকা আৱশ্যকতা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে মন্দিৰলৈ যাব লাগিছিল।

বৃদ্ধসকলে পাঁচনি পৌলক সেই চাৰিজন ব্যক্তিৰ সৈতে মন্দিৰলৈ যাবলৈ আৰু তেওঁলোকৰ খৰচ-পাতি বহন কৰিবলৈ কʼলে। পাঁচনি পৌলে লিখা দুখন অনুপ্ৰেৰিত পত্ৰত তৰ্ক কৰি লিখিছিল যে পৰিত্ৰাণৰ বাবে মোচিৰ বিধানক পালন কৰা কোনো আৱশ্যক নাই। তথাপিও তেওঁ আনৰ অনুভুতিৰ প্ৰতি সমাদৰ দেখুৱাইছিল। এই বিষয়ে তেওঁ পূৰ্বেই এইদৰে লিখিলে: “বিধানৰ অধীনবিলাকলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হলো।” (১ কৰিন্থীয়া ৯:২০-২৩) যদিও শাস্ত্ৰীয় সিদ্ধান্তবোৰৰ প্ৰতি মধ্যপন্থা লোৱা নাছিল তথাপিও তেওঁ বৃদ্ধসকলে দিয়া পৰামৰ্শক পালন কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২১:১৫-২৬) তেনে কৰাটো যে ভুল হʼব বুলি তেওঁ কেতিয়াও ভবা নাছিল। কিয়নো সেই ব্ৰত ব্যৱস্থা কোনো অশাস্ত্ৰীয় নাছিল আৰু মন্দিৰৰ কোনো দেৱতাবোৰৰ বাবে নহয় কিন্তু সত্য উপাসনাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ বাবে যাতে কোনেও বিভ্ৰান্ত নহয়, সেইবাবে বৃদ্ধসকলৰ নিবেদন তেওঁ স্বীকাৰ কৰিছিল। (১ কৰিন্থীয়া ৮:১৩) নিঃসন্দেহ, তেনে পদক্ষেপ লʼবলৈ তেওঁক অধিক নম্ৰ হʼব লাগিছিল আৰু দৰাচলতে আমি ইয়াৰ বাবে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।

[২৭, ২৮ পৃষ্ঠাৰ ছবি]

কিছু বছৰলৈকে খ্ৰীষ্টানসকলৰ মাজত মোচিৰ নিয়মটিক লৈ বাদ-বিবাদ সৃষ্টি হৈ আছিল