Skip to content

Skip to table of contents

সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা ৰাখক

সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা ৰাখক

সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা ৰাখক

“তোমাৰ নাম জনাবিলাকে তোমাত ভাৰসা ৰাখিব।”—গীতমালা ৯:১০.

১, ২. সুৰক্ষাৰ বাবে কিছুমান লোকে কেনেবোৰ ব্যৰ্থ বস্তু বা উৎসৰ ওপৰত ভাৰসা ৰাখে?

 যিহেতু বৰ্তমান এনে বহুতো বিষয় আছে যিয়ে আমাৰ লোকহিতত বিপদ জন্মাব পাৰে। এতেকে কোনো এজনে সুৰক্ষা প্ৰদান কৰিব পৰা বস্তুৰ ওপৰত ভাৰসা কৰাটো স্বাভাৱিক কথা। কিছুমানে ভাবে যে অধিক ধন-সম্পত্তিয়ে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষা প্ৰদান কৰিব পাৰে। আচলতে ধন-সম্পত্তিয়ে বিপদহে চপাই আনে। কিয়নো বাইবেলে এইদৰে কৈছে: “যি জনে নিজৰ ধন-সম্পত্তিত নিৰ্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু ধাৰ্ম্মিকবিলাক কেঁচা পাতৰ দৰে জকমকায়।” (হিতোপদেশ ১১:২৮) আনসকলে মানৱ অধিপতিবিলাকত ভাৰসা কৰে কিন্তু উত্তম মানৱীয় অধিপতিয়েও ভুল পথত পৰিচালিত কৰিব পাৰে। তদুপৰি তেওঁলোকৰ সকলোৰে এদিন মৃত্যু হʼব। সেইবাবে বাইবেলে অতি বিবেচনাপূৰ্বক পৰামৰ্শ আগবঢ়াই এনেদৰে কৈছে: “তোমালোকে অধিপতিবিলাকৰ ওপৰত ভাৰসা নকৰিবা; নিঃসহায় মনুষ্য-সন্তানত আশা নকৰিবা।” (গীতমালা ১৪৬:৩) সেই অনুপ্ৰেৰিত বাক্যশাৰীয়ে আমি নিজৰ ওপৰত ভাৰসা কৰাৰ পৰাও আঁতৰি থাকিবলৈ সতৰ্ক কৰিছে। কিয়নো আমিও ‘নিঃসহায় মনুষ্য-সন্তান।’

ভৱিষ্যতবক্তা যিচয়াই নিজৰ দিনত থকা ইস্ৰায়েল অধিপতিবিলাকতো দুৰ্ব্বলতা দেখিবলৈ পাইছিল। কিয়নো তেওঁলোকে ‘মিছাত আশ্ৰয়’ লৈছিল। (যিচয়া ২৮:১৫-১৭) তেওঁলোকে সুৰক্ষাৰ বাবে চুবুৰীয়া জাতিবোৰৰ ৰাজনৈতিক শাসকসকলৰ সৈতে সন্ধি পাতিছিল। তেনে ধৰণৰ সন্ধিত ভাৰসা কৰাটো একেবাৰে অৰ্থহীন অৰ্থাৎ মিছা আছিল। ঠিক সেইদৰে আজিৰ সময়তো বহুতো ধৰ্ম্মগুৰুৱে ৰাজনৈতিক অধিপতিবিলাকৰ সৈতে বন্ধুত্ব স্থাপন কৰিছে। সেই বন্ধুত্বৰ ওপৰত কৰা ভাৰসাও ‘মিছা’ প্ৰমাণিত হʼব। (প্ৰকাশিত বাক্য ১৭:১৬, ১৭) তদুপৰি তেওঁলোকে চিৰস্থায়ী সুৰক্ষা প্ৰদান কৰিব নোৱাৰে।

যিহোচূৱা আৰু কালেবে ৰাখা উত্তম আৰ্হি

৩, ৪. প্ৰতিজ্ঞাত দেশৰ বিষয়ে যিহোচূৱা, কালেব আৰু আন দহজনে কেনে ভিন্ন বিবৰণ দাঙি ধৰিছিল?

তেন্তে প্ৰকৃত সুৰক্ষাৰ বাবে আমি কালৈ বাট চোৱা উচিত? সেই একেই উৎসলৈ অপেক্ষা কৰা উচিত যিজনাত মোচিৰ সময়ৰ যিহোচূৱা আৰু কালেবে ভাৰসা কৰিছিল। মিছৰ দাসত্বৰ পৰা মুক্তি হোৱাৰ অলপ পিছতে ইস্ৰায়েলসকলে কানান দেশ অথবা প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিবলগা আছিল। সেই দেশৰ বিষয়ে সংবাদ লʼবলৈ বাৰজন গুপ্তচৰ পঠোৱা হৈছিল আৰু ৪০ দিনৰ মূৰত তেওঁলোকে উভটি আহিল। কেৱল যিহোচূৱা আৰু কালেবেহে সেই দেশখনৰ বিষয়ে সন্তোষজনক উত্তৰ দিলে। যদিও আনবিলাকে এই বিষয়ে মান্তি হৈছিল তথাপিও তেওঁলোকে কৈছিল: “আপত্তি এই মাথোন, যে, সেই দেশত থকা মানুহবিলাক বলী, আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ . . . আমি সেই লোকবিলাকৰ বিৰুদ্ধে উঠি যাব নোৱাৰো, কিয়নো আমাতকৈ সিহঁত বলী।”—গণনা পুস্তক ১৩:২৭, ২৮, ৩১.

ইস্ৰায়েলসকলে সেই দহ জনৰ কথাক বিশ্বাস কৰি ভয়ভীত হৈছিল আৰু মোচিৰ বিৰুদ্ধে ঈষৎ আপত্তি কৰিব ধৰিলে। শেষত যিহোচূৱা আৰু কালেবে অতি আৱেগিক হৈ এনেদৰে কৈছিল: “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পৰ নাই উত্তম দেশ। যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, আৰু গাখীৰ-মৌজোল বোৱা সেই দেশ আমাক দিব। কেৱল তোমালোকে কোনো ৰূপে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ নকৰিবা, আৰু সেই দেশৰ লোকবিলাকলৈ ভয় নকৰিবা; কিয়নো সিহঁত আমাৰ ভক্ষ্যস্বৰূপ, সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, আৰু যিহোৱা আমাৰ সঙ্গত আছে; সিহঁতলৈ ভয় নকৰিবা।” (গণনা পুস্তক ১৪:৬-৯) তথাপিও ইস্ৰায়েল লোকবিলাকে যিহোচূৱা আৰু কালেবৰ কথাত কাণ নিদিলে আৰু যাৰ পৰিণামস্বৰূপে তেওঁলোকে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত হʼল।

৫. যিহোচূৱা আৰু কালেবে কিয় সন্তোষজনক ৰিপৰ্ট দিছিল?

যিহোচূৱা আৰু কালেবে সেই দহজন গুপ্তচৰৰ বিপৰীতে কিয় উত্তম ৰিপৰ্ট দিলে? তেওঁলোকৰ সকলোৱে সেই দৃঢ় নগৰ আৰু বলৱান জাতিক যদিও নিজ চকুৰে দেখিছিল আৰু দহজনে সেই নগৰখন যে ইস্ৰায়েলে অধিকাৰ কৰিব নোৱাৰিব বুলি কোৱা কথাষাৰো একেবাৰে সত্য আছিল। সেই বিষয়ে যিহোচূৱা আৰু কালেবেও জানিছিল। কিন্তু সেই দহজন গুপ্তচৰে বিষয়টো মানৱীয় দৃষ্টিৰে লক্ষ্য কৰিছিল। আনহাতে, যিহোচূৱা আৰু কালেবে যিহোৱাত ভাৰসা ৰাখিছিল। কিয়নো তেওঁলোকে যিহোৱাই মিচৰ দেশ, চুখ সাগৰ আৰু চীনয় পৰ্ব্বতত কৰা সামৰ্থ কাৰ্য্যবোৰ নিজ চকুৰে দেখিছিল। আনকি কিছু বছৰৰ পিছত যিৰীহূ চহৰত বাস কৰা ৰাহাব নামৰ এগৰাকী মহিলাই সেইবোৰ কাৰ্য্যৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিল যে তাই নিজৰ জীৱনকো বিপদত পেলাই ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিছিল। (যিহোচূৱা ২:১-২৪; ৬:২২-২৫) প্ৰত্যক্ষদৰ্শী যিহোচূৱা আৰু কালেবে সমস্ত মনেৰে যিহোৱাত ভাৰসা ৰাখিছিল যে তেওঁ নিশ্চই নিজৰ লোকৰ বাবে একেৰাহে যুদ্ধ কৰি থাকিব। চল্লিশ বছৰৰ পিছত তেওঁলোকৰ ভাৰসা সত্যৰূপে প্ৰমাণিত হৈছিল যেতিয়া যিহোচূৱাৰ নেতৃত্বত এক নতুন বংশই কানান দেশৰ ওপৰত বিজয় লাভ কৰিছিল।

আমি কিয় সমস্ত মনেৰে যিহোৱাক ভাৰসা ৰাখা উচিত

৬. বৰ্তমান খ্ৰীষ্টানসকলে কিয় বিভিন্ন হেচাঁৰ সম্মুখীন হʼবলগীয়া হৈছে আৰু তেওঁলোকে কাক ভাৰসা কৰা উচিত?

এই ‘শেষ-কালৰ ভয়ঙ্কৰ সময়ত’ আমি তাহানিৰ ইস্ৰায়েলসকলৰ দৰে শক্তিশালী বিৰোধিতাৰ সম্মুখীন হʼবলগীয়া হৈছে। (২ তীমথিয় ৩:১) আমি নৈতিক, আধ্যাত্মিক আৰু কেতিয়াবা শাৰীৰিকভাবেও হেচাঁৰ সম্মুখীন হৈছোঁ। যিহেতু সেই হেঁচাবোৰ শক্তিশালী চয়তানৰ পৰা অহাৰ বাবে আমি নিজৰ শক্তিৰ দ্বাৰা তাক বাধা দিব নোৱাৰোঁ। (ইফিচীয়া ৬:১২; ১ যোহন ৫:১৯) তেন্তে সহায়ৰ বাবে আমি কালৈ অপেক্ষা কৰা আৱশ্যক? প্ৰাচীনকালৰ এজন বিশ্বাসী ব্যক্তিয়ে যিহোৱালৈ কৰা প্ৰাৰ্থনাত এনেদৰে কৈছিল: “তোমাৰ নাম জনাবিলাকে তোমাত ভাৰসা ৰাখিব।” (গীতমালা ৯:১০) যদি প্ৰকৃততে যিহোৱাৰ নাম জানো আৰু তেওঁৰ নামৰ অৰ্থ বুজি পাওঁ তেন্তে আমিও যিহোচূৱা আৰু কালেবৰ দৰে তেওঁত ভাৰসা ৰাখিম।—যোহন ১৭:৩.

৭, ৮. (ক) সৃষ্টিয়ে যিহোৱাত ভাৰসা কৰাৰ কেনে কাৰণসমূহ দাঙি ধৰিছে? (খ) বাইবেলে যিহোৱাত ভাৰসা কৰাৰ কেনে কাৰণবোৰ প্ৰদান কৰিছে?

আমি কিয় যিহোৱাত ভাৰসা ৰাখা উচিত? যিহোচূৱা আৰু কালেবে যিহোৱাৰ সামৰ্থ কাৰ্য্যবোৰ দেখাৰ বাবে তেওঁত ভাৰসা ৰাখিছিল। সেইদৰে আমিও কৰিব লাগে। উদাহৰণস্বৰূপে, সৌৰজগতৰ সৃষ্টি যʼত কোটি কোটি নীহাৰিকা মণ্ডল সন্মিলিত আছে। প্ৰকৃতিৰ এই অসীম শক্তিবোৰক নিয়ন্ত্ৰণ কৰাৰ দ্বাৰা তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ হোৱাৰ প্ৰমাণ দিছে। এই অদ্ভূত সৃষ্টিৰ প্ৰতি দৃষ্টি কৰি আমি ইয়োবে কোৱা সেই কথাফাঁকিৰ সৈতে সন্মত হম, যʼত তেওঁ এইদৰে কৈছিল: “তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?” (ইয়োব ৯:১২) সঁচাকৈ যদি যিহোৱা আমাৰ সপক্ষে আছে, তেন্তে আমি বিশ্বৰ কোনো এজনালৈ ভয় কৰাটো উচিত নহয়।—ৰোমীয়া ৮:৩.

ঈশ্বৰৰ বাক্য বাইবেলৰ বিষয়ে বিবেচনা কৰক। এই অপাৰ ঈশ্বৰীয় জ্ঞান ইমানেই প্ৰবল যে ই আমাক দুষ্ট পথৰ পৰা আঁতৰি থাকি যিহোৱাৰ সামঞ্জস্যত চলিবলৈ সহায় কৰে। (ইব্ৰী ৪:১২) বাইবেলৰ দ্বাৰাহে আমি যিহোৱাৰ নাম আৰু ইয়াৰ অৰ্থ জানিবলৈ পাৰিছোঁ। (যাত্ৰাপুস্তক ৩:১৪) আমি জানো যে যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যিকোনো চৰিত্ৰ ধাৰণ কৰিব পাৰে। যেনে, এজন দয়ালু পিতৃ, ধাৰ্মিক বিচাৰকৰ্ত্তা, বিজয়ী যুদ্ধা। তদুপৰি আমি ইয়াকো জানো যে তেওঁৰ বাক্য সদায়েই সত্য প্ৰমাণিত হয়। যেনেকৈ ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰোঁ, আমি গীতমালা ৰচোঁতাজনৰ দৰে এইদৰে কওঁ: “মই তোমাৰ বাক্যত ভাৰসা কৰিছোঁ।”—গীতমালা ১১৯:৪২; যিচয়া ৪০:৮.

৯. যিহোৱাত থকা আমাৰ ভাৰসাক মুক্তিপণ বলিদানে কেনেকৈ দৃঢ় কৰে?

যিহোৱাত ভাৰসা ৰাখাৰ আন এটা কাৰণ হৈছে, তেওঁ প্ৰবন্ধ কৰা মুক্তিপণ বলিদান। (মথি ২০:২৮) এইটো কিমান অপূৰ্ব যে ঈশ্বৰে আমাৰ মুক্তিপণৰ বাবে নিজৰ একমাত্ৰ পুত্ৰক মৰিবলৈ পঠিয়ালে! এই মুক্তিপণ বলিদান হৈছে বাস্তৱতে এক প্ৰভাৱকাৰী বিষয়। ই এনে ব্যক্তিসকলৰ পাপসমূহ ঢাকে যিসকলে আন্তৰিকতাৰে নিজৰ পাপ প্ৰায়শ্চিত্ত কৰি যিহোৱালৈ ঘূৰি আহে। (যোহন ৩:১৬; ইব্ৰী ৬:১০; ১ যোহন ৪:১৬, ১৯) গতিকে এই মুক্তিপণ বলিদান পৰিশোধ কৰিবলৈ যীচুক পুনৰুত্থান হোৱা আৱশ্যক আছিল। তেওঁ যে পুনৰুত্থান হৈছিল তাক শ শ লোকে নিজ চকুৰে দেখিছিল, যিটো হৈছে যিহোৱাত ভাৰসা কৰাৰ আন এটা কাৰণ। এইটো নিশ্চিত যে আমি কেতিয়াও আশাভংগ নহʼম।—পাঁচনিৰ কৰ্ম্ম ১৭:৩১; ৰোমীয়া ৫:৫; ১ কৰিন্থীয়া ১৫:৩-৮.

১০. যিহোৱাত ভাৰসা কৰাৰ আমাৰ ওচৰত কেনে ব্যক্তিগত কাৰণসমূহ আছে?

১০ আমি কিয় যিহোৱাত ভাৰসা ৰাখা উচিত ইয়াত তাৰ কিছুমান কাৰণৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াৰ উপৰিও ইয়াত আমাৰ কিছুমান ব্যক্তিগত কাৰণ সন্মিলিত আছে। উদাহৰণস্বৰূপে, আমি জীৱনত কেতিয়াবা কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হওঁ। যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰৰ দ্বাৰা আমি লক্ষ্য কৰিব পাৰোঁ যে সেই মাৰ্গদৰ্শনবোৰ কিমান ব্যৱহাৰিক। (যাকোব ১:৫-৮) আমি দৈনন্দিন জীৱনত যিমানেই তেওঁত ভাৰসা কৰোঁ, সিমানেই উত্তম পৰিণামসমূহ দেখিবলৈ পাওঁ আৰু আমাৰ ভাৰসাও অধিক দৃঢ় হয়।

ৰজা দায়ূদে যিহোৱাত ভাৰসা ৰাখিছিল

১১. কেনে পৰিস্থিতিৰ মাজতো ৰজা দায়ূদে যিহোৱাত ভাৰসা ৰাখিছিল?

১১ প্ৰাচীন সময়ত যিহোৱাত ভাৰসা ৰখাসকলৰ মাজৰ এজন আছিল ৰজা দায়ূদ। তেওঁৰ জীৱনকালত ৰজা চৌলে তেওঁক হত্যা কৰিবলৈ বিচাৰিছিল আৰু শক্তিশালী পলেষ্টীয়াবিলাকে কেইবাবাৰো ইস্ৰায়েল জাতিৰ ওপৰত আক্ৰমণ কৰিছিল। তথাপিও তেওঁ ৰক্ষা পাইছিল আৰু পলেষ্টীয়াবিলাকৰ সৈতে হোৱা যুদ্ধত বিজয়ী হৈছিল। কিয় তেনে হৈছিল? এই বিষয়ে তেওঁ স্বয়ং এইদৰে বৰ্ণনা কৰি কৈছে: “যিহোৱা মোৰ দীপ্তি আৰু মোৰ পৰিত্ৰাণ; মই কালৈ ভয় কৰিম? যিহোৱা মোৰ জীৱনৰক্ষক কোঁঠ; মই কাৰ নিমিত্তে ত্ৰাসযুক্ত হম?” (গীতমালা ২৭:১) যদি সেইদৰে ভাৰসা ৰাখোঁ তেন্তে নিশ্চয়ে আমিও জীৱনৰ সমস্যাবোৰক সফলতাৰে সম্মুখীন হʼব পাৰিম।

১২, ১৩. বিৰোধীসকলে চোকা তৰোৱালৰূপী জিবা ব্যৱহাৰ কৰা সময়তো যে আমি যিহোৱাত ভাৰসা ৰাখিব লাগে তাক ৰজা দায়ূদে কেনেকৈ প্ৰকাশ কৰিলে?

১২ এবাৰ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰি এনেদৰে কৈছিল: “হে ঈশ্বৰ, মোৰ নিজ দুখৰ কথা কওঁতে মোৰ মাত শুনা। শত্ৰুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। কুকৰ্ম্মীবোৰৰ গুপ্ত মন্ত্ৰণাৰ পৰা মোক লুকুৱাই ৰাখা, দুৰাচাৰীহঁতৰ কোলাহলৰ পৰা মোক গুপুতে ৰাখা।” (গীতমালা ৬৪:১-৪) আমি এইটো নাজানো যে তেওঁক তেনেদৰে লিখিবলৈ কিহে প্ৰেৰণা দিছিল। কিন্তু এইটো জানো যে বিৰোধীসকলে “তাৰোৱাল ধৰোৱাদি নিজ নিজ জীবা” অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে নিৰ্দ্দোষী খ্ৰীষ্টানবিলাকৰ ওপৰত মিছা অভিযোগ দি বা লিখি ‘কাড় মাৰিছে।’ এনে পৰিস্থিতিত যদি আমি যিহোৱাত দৃঢ় ভাৰসা ৰাখোঁ তেন্তে কেনে ফল লাভ কৰিব পাৰিম?

১৩ আগলৈ ৰজা দায়ূদে এনেদৰে কৈছে: “কিন্তু ঈশ্বৰে সিহঁতলৈ বাণ মাৰিব; সিহঁত অকস্মাতে কাঁড়ৰ দ্বাৰাই খুন হব। সিহঁতৰ জিবা সিহঁতৰ বিৰুদ্ধে হোৱাত, সিহঁতক উজুটি খুউৱাই পেলোৱা হব; যিবিলাকে সিহঁতক দেখিব, সিবিলাক সকলোৱে মূৰ জোকাৰিব . . . ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব, আৰু সৰল মনৰ সকলোৱে গৌৰৱ কৰিব।” (গীতমালা ৬৪:৭-১০) যদিও বিৰোধীসকলে চোকা তৰোৱাল ৰূপী জীবা ব্যৱহাৰ কৰে কিন্তু শেষত তেওঁলোকৰ ‘জিবা সিহঁতৰ বিৰুদ্ধে হয়।’ যিহোৱাই সময়ত বিৰোদ্ধাত্মক বিষয়বোৰক যথাৰ্থ সলনি কৰে যাতে তেওঁত ভাৰসা ৰাখা লোকসকলে আনন্দিত হʼব পাৰে।

ৰজা হিষ্কিয়াই কৰা ভাৰসাৰ উত্তম ফলাফল

১৪. (ক) ৰজা হিষ্কিয়াই কেনে কঠিন পৰিস্থিতিৰ সময়তো যিহোৱাত ভাৰসা ৰাখিছিল? (খ) ৰজা হিষ্কিয়াই কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ অচূৰীয়াৰ মিছা কথাৰ দ্বাৰা ভ্ৰান্ত নহʼল?

১৪ যিহোৱাত ভাৰসা ৰাখা আন এজন ব্যক্তি হৈছে ৰজা হিষ্কিয়া। তেওঁৰ ৰাজত্ব কালত শক্তিশালী অচূৰীয়াৰ সৈন্যই যিৰূচালেমক আক্ৰমণ কৰিবলৈ আহে। সেই সৈন্যবাহিনীয়ে আন বহুতো জাতিৰ ওপৰতো জয়লাভ কৰিছিল। সেই সময়ত কেৱল যিৰূচালেম নগৰখন বাদে অন্য সকলোবোৰ চন্‌হেৰীবৰ অধীনত আছিল আৰু অতি শীঘ্ৰেই তেওঁ সেই নগৰখনো নিজৰ অধীন কৰিব বুলি অহঙ্কাৰ কৰিছিল। তেওঁ সঠিকভাৱে কৈছিল যে ৰবচাৰীচৰ অধীনত থকা মিচৰত ভাৰসা ৰাখাটো ব্যৰ্থ। তাৰ পিছত তেওঁ এইদৰেও কৈছিল: “তুমি যি ঈশ্বৰত ভাৰসা কৰিছা, অচূৰীয়া ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহব বুলি তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।” (যিচয়া ৩৭:১০) তথাপিও ৰজা হিষ্কিয়াই জানিছিল যে যিহোৱাত ভাৰসা ৰাখাটো অৰ্থহীন নহʼব। সেইবাবে তেওঁ এনেদৰে প্ৰাৰ্থনা কৰি কৈছিল: “হে আমাৰ ঈশ্বৰ যিহোৱা, অকল তুমিয়েই যে যিহোৱা, ইয়াক পৃথিবীৰ আটাই ৰাজ্যৰ লোকবিলাকে জানিবৰ নিমিত্তে তুমি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰা।” (যিচয়া ৩৭:২০) যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। কেৱল এজন স্বৰ্গদূতে এৰাতিতে ১,৮৫,০০০ অচূৰীয়া সৈন্য বধ কৰিলে। এইদৰে যিহোৱাই যিৰূচালেম নগৰখন শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিলে আৰু পুনৰাই চন্‌হেৰীবে কেতিয়াও যিহূদা আক্ৰমণ কৰিবলৈ নাহিল। এই বিষয়ে শুনা সকলোৱে যিহোৱাৰ মহানতাক স্বীকাৰ কৰিলে।

১৫. এই অস্থিৰ জগতখনৰ যিকোনো কঠিন পৰিস্থিতিত সম্মুখীন হʼবলৈ কিহে একমাত্ৰ আমাক সহায় কৰিব পাৰে?

১৫ আজি আমিও ৰজা হিষ্কিয়াৰ দৰে এক যুদ্ধগ্ৰস্ত পৰিস্থিতিত জীয়াই আছোঁ। আমাৰ ক্ষেত্ৰত সেই যুদ্ধ হৈছে আধ্যাত্মিক। তথাপিও আধ্যাত্মিক যুদ্ধা হিচাবে আমি পৰিত্ৰাণৰ বাবে দক্ষতা বিকাশিত কৰা উচিত। আমি হʼবলগীয়া আক্ৰমণৰ উমান লৈ সেইবোৰৰ সৈতে যুঁজিবলৈ সাজু হোৱা আৱশ্যক। (ইফিচীয়া ৬:১১, ১২, ১৭) এই অস্থিৰ জগতখনত হঠাতে পৰিস্থিতিৰ সাল-সলনি হʼব পাৰে। কোনো উমান নোপোৱাকৈ গৃহযুদ্ধ আৰম্ভ হʼব পাৰে। ধৰ্ম্মৰে ভৰি থকা দেশবোৰতো ধৰ্ম্মক লৈ কাজিয়া সৃষ্টি হʼব পাৰে। যদি আমি ৰজা হিষ্কিয়াৰ দৰে যিহোৱাত দৃঢ় ভাৰসা ৰাখোঁ তেন্তে যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত হৈ থাকিব পাৰিম।

যিহোৱাত ভাৰসা ৰাখাৰ অৰ্থ কি?

১৬, ১৭. যিহোৱাত আমি ভাৰসা ৰাখোঁ বুলি কেনেকৈ প্ৰদৰ্শন কৰিব পাৰোঁ?

১৬ যিহোৱাত ভাৰসা ৰাখাটো কোনো সামান্য বিষয় নহয়। ইয়াত আমাৰ মন আৰু পদক্ষেপ লোৱাটো সন্মিলিত আছে। যদি আমি যিহোৱাত ভাৰসা ৰাখোঁ তেন্তে তেওঁৰ বাক্য অৰ্থাৎ বাইবেলখনত সম্পূৰ্ণ ভাৰসা ৰাখিম। আমি নিতৌ তাক পঢ়িম, ধ্যান আৰু ইয়াক পথ-প্ৰদৰ্শক হিচাবে ব্যৱহাৰ কৰিম। (গীতমালা ১১৯:১০৫) তদুপৰি যিহোৱাত ভাৰসা ৰাখাৰ অৰ্থ তেওঁৰ পবিত্ৰ আত্মাৰ শক্তিকো ভাৰসা কৰা বুজায়। এই পবিত্ৰ আত্মাৰ দ্বাৰা আমি তেওঁক সন্তুষ্ট কৰা গুণ উৎপন্ন কৰিম আৰু বেয়া অভ্যাসবোৰ সম্পূৰ্ণকৈ ত্যাগ দিম। (১ কৰিন্থীয়া ৬:১১; গালাতীয়া ৫:২২-২৪) উদাহৰণস্বৰূপে, এই পবিত্ৰ আত্মাৰ দ্বাৰা বহুতে ধুমপান বা নিচা জাতীয় পদাৰ্থ সেৱন কৰা অভ্যাসক ত্যাগ দিয়াত সক্ষম হৈছে। আন কিছুমানে অনৈতিক জীৱন-প্ৰণালীত সাল-সলনি কৰিছে। সঁচাকৈ, যদি যিহোৱাত ভাৰসা ৰাখোঁ তেন্তে আমি নিজৰ শক্তিৰ বাহুল্যত নহয় কিন্তু তেওঁৰেহে শক্তিৰ বাহুল্যত কাৰ্য্য কৰিম।—ইফিচীয়া ৩:১৪-১৮.

১৭ ইয়াৰ উপৰিও যিহোৱাত ভাৰসা ৰাখাৰ অৰ্থ হৈছে, সেই ব্যক্তিসকলৰ ওপৰতো ভাৰসা ৰাখা যিসকলে তেওঁক ভাৰসা কৰে। উদাহৰণস্বৰূপে, যিহোৱাই পৃথিৱীত তেওঁৰ ৰাজ্যৰ কাৰ্য্যবোৰৰ চোৱা-চিতা কৰিবলৈ ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ আয়োজন কৰিলে। (মথি ২৪:৪৫-৪৭) গতিকে আমি সেই যিহোৱাৰ নিযুক্তসকলৰ প্ৰতি আওকাণ কৰি নিজ ইচ্ছাৰ অনুসাৰে চলাটো অৱশ্যেই উচিত নহয়। তদুপৰি স্থানীয় মণ্ডলীত প্ৰাচীনসকলৰ ব্যৱস্থা কৰা হৈছে আৰু পাঁচনি পৌলৰ মতে তেওঁলোক পবিত্ৰ আত্মাৰ দ্বাৰা মনোনিত। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) মণ্ডলীৰ এই ব্যৱস্থাক সমৰ্থন কৰাৰ দ্বাৰাও আমি যিহোৱাত ভাৰসা ৰাখাৰ প্ৰমাণ দিওঁ।—ইব্ৰী ১৩:১৭.

পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰক

১৮. বৰ্তমান খ্ৰীষ্টানসকলে কেনেকৈ পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰে, কিন্তু কিহৰ ওপৰত তেওঁলোকে ভাৰসা নাৰাখে?

১৮ আমাৰ দৰে পাঁচনি পৌলেও প্ৰচাৰ কাৰ্য্যত বহুতো বাধাৰ সম্মুখীন হৈছিল। তেওঁৰ সময়ত অধিপতিবিলাকৰ সম্মুখত খ্ৰীষ্টান ধৰ্ম্মৰ অহিতে মিছা অভিযোগ দিছিল আৰু ইয়াৰ বাবে পৌলক কেতিয়াবা সেই মিছা অভিযোগবোৰক খণ্ডন কৰা বা প্ৰচাৰ কাৰ্য্যক আইনগতভাৱে স্থাপিত কৰিবলৈ কঠিন চেষ্টা কৰিবলগীয়া হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২৮:১৯-২২; ফিলিপীয়া ১:৭) বৰ্তমানৰ প্ৰকৃত খ্ৰীষ্টানসকলে তেওঁৰ আৰ্হিক অনুকৰণ কৰে। যʼত সম্ভৱ আমি যিকোনো মাধ্যমেৰে লোকসকলক আধ্যাত্মিক জ্ঞান দিবলৈ চেষ্টা কৰোঁ। এই প্ৰচাৰ কাৰ্য্যক আইনগতভাৱে যদিও স্থাপিত কৰিবলৈ আমি পদক্ষেপ লওঁ তথাপিও আদালতে এই কাৰ্য্যৰ প্ৰতি স্বীকৃতি দিয়ক বা নিদিয়ক নতুবা লোকসকলে ইয়াক শুনক বা নুশুনক, এই সকলোবোৰ প্ৰচেষ্টাৰ ওপৰত আমি ভাৰসা নকৰোঁ। বৰঞ্চ, আমি যিহোৱাত ভাৰসা কৰোঁ। প্ৰাচীনকালত যিহোৱাই ইস্ৰায়েলসকলক দিয়া এই উৎসাহিতজনক বাক্যক আমি মনত ৰাখোঁ: “তোমালোকে উলটি আহি শান্ত হলেহে পৰিত্ৰাণ পাবা, থিৰে থাকি বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।”—যিচয়া ৩০:১৫.

১৯. তাড়নাৰ সম্মুখীন হোৱাত আমাৰ ভাইবিলাকে যিহোৱাত ৰাখা ভাৰসা কেনেকৈ ব্যৰ্থ হোৱা নাই?

১৯ বৰ্তমান পূৰ্ব আৰু পশ্চিম ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ কিছুমান ঠাই, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ কিছুমান দেশত আমাৰ প্ৰচাৰ কাৰ্য্যত প্ৰতিবন্ধ লগোৱা বা সীমাবদ্ধ কৰা হৈছে। তেন্তে ইয়াৰ অৰ্থ এইটো নে যে আমি মিছাকৈ যিহোৱাত ভাৰসা কৰিছোঁ? নিশ্চয়ে নহয়। কেতিয়াবা যিহোৱাই তেওঁৰ নিজৰ উদ্দেশ্যক পূৰ কৰিবলৈ অত্যন্ত তাড়নাৰ সম্মুখীন হʼবলৈ অনুমতি দিয়ে আৰু যিসকলে এনেবোৰ তাড়নাৰ সম্মুখীন হয়, তেওঁলোকক তেওঁ বলৱন্ত কৰে। বহুতো প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে তাড়নাৰ সম্মুখীন হৈ নিজৰ বিশ্বাস আৰু ভাৰসা বজাই ৰাখাৰ এক উত্তম আৰ্হি প্ৰস্তুত কৰিছে।

২০. যদিও আইনগতভাৱে পোৱা স্বতন্ত্ৰতাৰ পৰা লাভবান হʼব পাৰোঁ তথাপিও আমি কেনেবোৰ ক্ষেত্ৰত কেতিয়াও একমত হোৱা উচিত নহয়?

২০ আনহাতে, সৰহভাগ দেশত আমাৰ প্ৰচাৰ কাৰ্য্য আইনগতভাৱে স্থাপিত হৈছে আৰু সময়নুযায়ী প্ৰচাৰ মাধ্যমেও এই কাৰ্য্যৰ সপক্ষে কৈছে। সেইবাবে আমি তেনে সংবাদৰ প্ৰতি কৃতজ্ঞ আৰু এনে ব্যৱস্থাই যিহোৱাৰ উদ্দেশ্যক পূৰ কৰে বুলি জানো। যিহোৱাৰ এনে আশীৰ্ব্বাদসমূহক আমি নিজৰ জীৱন-প্ৰণালী উন্নত কৰিবলৈ নহয় কিন্তু স্বতন্ত্ৰতাৰে তেওঁৰ সেৱা কৰিবলৈহে ব্যৱহাৰ কৰোঁ। তথাপিও উচ্চ অধিকাৰীসকলৰ পৰা সন্মান পোৱা বা উত্তম সম্বন্ধ বজাই ৰখাৰ উদ্দেশ্যৰে আমি কেতিয়াও নিজৰ নিৰপেক্ষতাক ত্যাগ, প্ৰচাৰ কাৰ্য্যৰ প্ৰতি নিৰুৎসাহ বা নিজকে যিহোৱাৰ সেৱাত দুৰ্ব্বল হৈ পৰিব নিদিম। আমি সম্পূৰ্ণকৈ মচীহ ৰাজ্যৰ অধীন আৰু যিহোৱাৰ আধিপত্যৰ সপক্ষে আছোঁ। আমি এই ৰীতি-ব্যৱস্থাৰ বাবে নহয় কিন্তু মচীহ ৰাজ্যৰ অধীনত এনে এক নতুন জগতলৈ বাট চাই আছোঁ। সেই চৰকাৰক কোনো বোমা, ক্ষেপণাস্ত্ৰ বা পৰমাণৱিক অস্ত্ৰ-শস্ত্ৰই ক্ষতি বা ধ্বংস কৰিব নোৱাৰে। ই দুৰ্জেয় আৰু যিহোৱাৰ ইচ্ছাক পূৰ কৰিব।—দানিয়েল ২:৪৪; ইব্ৰী ১২:২৮; প্ৰকাশিত বাক্য ৬:২.

২১. আমি কেনে ধৰণৰ পদক্ষেপ লোৱাত দৃঢ়সঙ্কল্প লʼব লাগে?

২১ পাঁচনি পৌলে কৈছিল: “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহঁও, জীৱত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।” (ইব্ৰী ১০:৩৯) তেন্তে আঁহক আমি সকলোৱে শেষলৈকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকোঁহঁক। বৰ্তমান আৰু ভৱিষ্যতে আমাৰ ওচৰত ভাৰসা ৰাখাৰ সকলো কাৰণ আছে।—গীতমালা ৩৭:৩; ১২৫:১. (w03 3/1)

আপুনি কি শিকিলে?

• যিহোচূৱা আৰু কালেবে কিয় সন্তোষজনক ৰিপৰ্ট দাঙি ধৰিব পাৰিলে?

• যিহোৱাত ভাৰসা ৰাখাৰ কিছুমান কাৰণ কি?

• যিহোৱাত ভাৰসা ৰখাৰ অৰ্থ কি?

• যিহোৱাত ভাৰসা ৰাখি আমি কেনে পদক্ষেপ লʼবলৈ ঠিৰাং কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

যিহোচূৱা আৰু কালেবে কিয় এক সন্তোষজনক ৰিপৰ্ট দাঙি ধৰিছিল?

সৃষ্টিয়ে যিহোৱাত ভাৰসা কৰাৰ এক শক্তিশালী কাৰণ দিছে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

তিনিখন ছবি: Courtesy of Anglo-Australian Observatory, photograph by David Malin

[১৮ পৃষ্ঠাৰ ছবি]

যিহোৱাত ভাৰসা ৰখাৰ অৰ্থ হৈছে সেই ব্যক্তিসকলৰ ওপৰতো ৰখা যিসকলত তেওঁ ভাৰসা ৰাখে