Skip to content

Skip to table of contents

মৃদুতা হৈছে খ্ৰীষ্টানসকলৰ বাবে এক আৱশ্যকীয় গুণ

মৃদুতা হৈছে খ্ৰীষ্টানসকলৰ বাবে এক আৱশ্যকীয় গুণ

মৃদুতা হৈছে খ্ৰীষ্টানসকলৰ বাবে এক আৱশ্যকীয় গুণ

“মৃদুতা . . . এই সকলোকে পিন্ধা।”—কলচীয়া ৩:১২.

১. কিহে মৃদুতা গুণক উল্লেখনীয় কৰি তুলিছে?

 মৃদুতা গুণ থকা এজন ব্যক্তিৰ সৈতে সঙ্গতি কৰাটো অতি আনন্দদায়ক বিষয় বুলি আমি কʼব পাৰোঁ। বুদ্ধিমান ৰজা চলোমনে এইদৰে কৈছিল: “কোমল জিবাই হাড় ভাঙিব পাৰে।” (হিতোপদেশ ২৫:১৫) মৃদুতা হৈছে এক উল্লেখনীয় গুণ যি শক্তিৰ সৈতে মিশ্ৰিত আছে।

২, ৩. মৃদুতা আৰু পবিত্ৰ আত্মাৰ মাজত কেনে সম্পৰ্ক আছে আৰু এই লেখত আমি কিহৰ বিষয়ে বিবেচনা কৰিম?

পাঁচনি পৌলে মৃদুতা গুণটোক “আত্মাৰ ফলৰ” আন গুণবোৰৰ সৈতে সন্মিলিত কৰিছে যাৰ বিষয়ে গালাতীয়া ৫:২২, ২৩ পদত পঢ়িবলৈ পোৱা যায়। নিউ ৱৰ্ল্ড ট্ৰানচ্‌লেশ্ব্যান বাইবেলৰ ২৩ পদত উল্লেখ কৰা গ্ৰীক শব্দ “মৃদুতাক” প্ৰায়ে আন ইংৰাজীৰ অনুবাদৰ বাইবেলবোৰত “নম্ৰতা” বা “কোমলতা” বুলি উল্লেখ কৰিছে। যিহেতু গ্ৰীক ভাষাৰ এই শব্দক আন ভাষাবোৰত সমঅৰ্থযুক্ত শব্দ বিচাৰি পোৱাটো কঠিন। কিয়নো এই মূল গ্ৰীক শব্দটোৱেই কোনো বাহ্যিক নম্ৰতা বা মৃদুতা বিষয়ে নহয় কিন্তু আন্তৰিকতাৰে হোৱা মৃদুতা আৰু কৃপালু বুজোৱা উপৰিও এজন ব্যক্তিৰ আচৰণ, তেওঁৰ মন আৰু হৃদয়ৰ অৱস্থাকো বুজায়।

এই বিষয়ে অধিক মূল্যাঙ্কন দেখুৱালৈ আঁহক আমি বাইবেলৰ চাৰিটা উদাহৰণক বিবেচনা কৰোঁহঁক। (ৰোমীয়া ১৫:৪) তেনে কৰাৰ দ্বাৰা আমি কেৱল এই গুণটোৰ বিষয়ে নহয় কিন্তু আচাৰ-ব্যৱহাৰৰ দ্বাৰা কেনেকৈ ইয়াক দেখুৱাব পাৰি, তাৰ বিষয়েও শিকিব পাৰিম।

“ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া”

৪. আমি কেনেকৈ জানো যে যিহোৱাই মৃদুতা গুণটোক বহুমূলীয়া হিচাবে দৃষ্টি কৰে?

যিহেতু মৃদুতা হৈছে আত্মাৰ এটা ফল আৰু ঈশ্বৰৰ কাষ চাপিবলৈ আমি ইয়াক অনুসন্ধান কৰাটো অতি আৱশ্যক। পাঁচনি পিতৰে লিখিছিল যে “নম্ৰ আৰু শান্ত . . . আত্মাহে” হৈছে “ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।” (১ পিতৰ ৩:৪) দৰাচলতে যিহোৱাই স্বয়ং এই গুণটো প্ৰকাশ কৰিছে আৰু তেওঁৰ দৃষ্টিত ই বহুমূলীয়া। সেয়েহে ঈশ্বৰৰ সেৱকবিলাকৰ ওচৰতো এই গুণটোক বিকাশিত কৰাৰ যথেষ্ট কাৰণ আছে। সৰ্ব্বোপৰিজনাই এই মৃদুতা গুণক কেনেকৈ প্ৰদৰ্শিত কৰে?

৫. যিহোৱাই মৃদুতা হোৱাৰ বাবে ভৱিষ্যতৰ কাৰণে আমি কেনে আশা লাভ কৰিলোঁ?

প্ৰথম মানৱ দম্পত্তিয়ে নিষেধ কৰা ফলটো খাই ঈশ্বৰৰ আজ্ঞাক ইচ্ছাকৃতভাৱে উলঙ্ঘন কৰিলে। (আদিপুস্তক ২:১৬, ১৭) পৰিণামস্বৰূপে, তেওঁলোকৰ এনে কাৰ্য্যই আদম আৰু হৱা আৰু তেওঁলোকৰ আহিবলগা সন্তানৰ বাবে পাপ আৰু মৃত্যু মাতি আনিলে। তদুপৰি তেওঁলোক আৰু তেওঁলোকৰ সন্তান-সন্ততিবিলাকে ঈশ্বৰৰ পৰাও বঞ্চিত হʼল। (ৰোমীয়া ৫:১২) যদিও যিহোৱাই উপযুক্তভাৱে ন্যায় কৰিলে তথাপিও তেওঁ মানৱ পৰিয়ালক নিৰুপায় অৱস্থালৈ যাবলৈ ত্যাগ কৰা নাছিল। (গীতমালা ১৩০:৩) বৰঞ্চ, তেওঁ দয়া আৰু ইচ্ছুক হৈ পাপময় মানৱজাতিয়ে তেওঁৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ মৃদুতাৰে এক ব্যৱস্থা কৰিলে। তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰিলে যাতে আমি নিৰ্ভয়ে তেওঁৰ কাষ চাপিব পাৰোঁ।—ৰোমীয়া ৬:২৩; ইব্ৰী ৪:১৪-১৬; ১ যোহন ৪:৯, ১০, ১৮.

৬. কয়িনৰ সৈতে ঈশ্বৰে কৰা ব্যৱহাৰত কেনেকৈ মৃদুতা গুণটো প্ৰকাশ পাইছিল?

যীচু এই পৃথিৱীলৈ অহাৰ বহু সময়ৰ পূৰ্ব্বেই যিহোৱাই প্ৰথম মানৱ দম্পতীৰ পুত্ৰ কয়িন আৰু হাবিলে প্ৰস্তুত কৰা বলিদান গ্ৰহণ কৰি তেওঁৰ মৃদুতা প্ৰকাশ কৰিছিল। তেওঁলোকৰ মনৰ অৱস্থাক জানিব পাই তেওঁ কয়িনৰ বলিদান অস্বীকাৰ আৰু হাবিলৰ বলিদানক‘অনুগ্ৰহ দৃষ্টিৰে’ গ্ৰহণ কৰিলে। ঈশ্বৰে বিশ্বাসী হাবিলৰ বলিদান গ্ৰহণ কৰি অনুগ্ৰহ দেখুৱাৰ বাবে কয়িনে ক্ৰোধিত হʼল। এই বিষয়ে বাইবেলে কৈছে, “কয়িনৰ অতিশয় ক্ৰোধ হল, আৰু তেওঁৰ মুখো আমন জিমন হল।” কয়িনৰ এনে আচৰণ দেখি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? কয়িনৰ বেয়া আচৰণ দেখি যিহোৱাই ক্ৰোধিত হৈছিল নে? অৱশ্যেই নহয়। মৃদুতাৰে তেওঁ কয়িনক ক্ৰোধ কৰাৰ বিষয়ে সুধিছিল। আনকি তেওঁ কয়িনক “ভাল” কৰিবলৈ কি কৰা আৱশ্যক তাৰ বিষয়েও বৰ্ণনা কৰিলে। (আদিপুস্তক ৪:৩-৭) বাস্তৱতে যিহোৱাই মৃদুতা গুণটো সঠিকভাৱে প্ৰকাশ কৰি এক উত্তম আৰ্হি ৰাখিলে।—যাত্ৰাপুস্তক ৩৪:৬.

মৃদুতাই আকৰ্ষিত আৰু সজীৱ কৰি তুলে

৭, ৮. (ক) যিহোৱাৰ মৃদুতা গুণক আমি কেনেকৈ মূল্যাঙ্কন কৰিব পাৰোঁ? (খ) মথি ১১:২৭-২৯ পদে যিহোৱা আৰু যীচুৰ বিষয়ে কি প্ৰকাশ কৰিছে?

যিহোৱাৰ অতুলনীয় গুণবোৰক গভীৰ মূল্যাঙ্কন কৰাৰ এটা পদ্ধতি হৈছে যীচুৰ পাৰ্থিৱ জীৱন আৰু সেৱাকাৰ্য্যৰ বিষয়ে অধ্যয়ন কৰা। (যোহন ১:১৮; ১৪:৬-৯) প্ৰচাৰ অভিযানৰ দ্বিতীয় বছৰত গালীল চহৰত থকাৰ সময়ছোৱাত যীচুৱে কোৰাচিন, বৈৎ-চৈদা, কফাৰনাহূম আৰু ইয়াৰ ওচৰে-পাজৰে থকা এলেকাবোৰত বহুতো অলৌকিক কাৰ্য্য কৰিছিল। কিন্তু বেছিভাগ লোকে কপট আৰু অনিচ্ছুক হোৱাৰ বাবে তেওঁক বিশ্বাস কৰিব নোৱাৰিলে। তেতিয়া যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? অবিশ্বাস কৰাৰ বাবে যে তেওঁলোকে গম্ভীৰ পৰিণাম ভুগীব বুলি সাহসেৰে দৃঢ়ভাৱে কৈছিল আৰু তেওঁলোকৰ মাজত থকা এমহাৰাইটচ্‌ বা নিম্ন বৰ্গৰ লোকসকলকৰ আধ্যাত্মিক অৱস্থা দেখি দয়াৰে পৰিচালিত হৈছিল।—মথি ৯:৩৫, ৩৬; ১১:২০-২৪.

যীচুৰ পৰৱৰ্তী কাৰ্য্যবোৰে দেখুৱাইছে যে “তেওঁৰ বাহিৰে কোনেও পিতৃক নাজানে” আৰু অনুকৰণ কৰিব নোৱাৰে। সাধাৰণ লোকসকলক আমন্ত্ৰণ কৰি যীচুৱে এইদৰে কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম। তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।” সেই বাক্যই ক্লান্ত আৰু ভাৰাগ্ৰস্ত লোকসকলক কিমান যে শান্ত্বনা আৰু জিৰণি দিছিল! আনকি বৰ্তমান সময়তো আমাক সেই বাক্যশাৰীয়ে সতেজতা প্ৰদান কৰে। যদি আমি আন্তৰিকতাৰে মৃদুতা হোৱাৰ প্ৰমাণ দিওঁ, তেন্তে “পুত্ৰই” তেওঁৰ পিতৃৰ “আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা” কৰিব।—মথি ১১:২৭-২৯.

৯. মৃদুতাৰ সৈতে কেনে গুণ নিবিড়ভাৱে জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত যীচুৱে কেনেকৈ উত্তম আৰ্হি ৰাখিলে?

মৃদুতাৰ সৈতে নিবিড় সম্পৰ্ক ৰখা গুণটো হৈছে নম্ৰতা অৰ্থাৎ “কোমল চিত্তৰ” হোৱা। আনহাতে, অহঙ্কাৰে আমাক অভিমানী কৰি তুলে আৰু যাৰ ফলস্বৰূপে আনৰ সৈতে প্ৰায়ে নিষ্ঠুৰ, কাঠচিতীয়া আচৰণ কৰিবলৈ পৰিচালিত কৰে। (হিতোপদেশ ১৬:১৮, ১৯) পৃথিৱীত থকা সময়ছোৱাত যীচুৱে নম্ৰতা গুণ প্ৰকাশ কৰিছিল। আনকি যেতিয়া যীচুৱে মৃত্যু হোৱা ছদিন পূৰ্ব্বেই যিৰূচালেমলৈ গৈছিল আৰু ইহুদীসকলে তেওঁক ৰজা হিচাবে স্বীকাৰ কৰি অভিবাদন জনাইছিল তেতিয়া তেওঁ জগতৰ অধিপতিবিলাকৰ বিপৰীতে দয়ালু হোৱাৰ প্ৰমাণ দিছিল। মচীহৰ সম্বন্ধে ভৱিষ্যতবক্তা জখৰিয়াই কোৱা এই ভৱিষ্যতবাণী তেওঁত পূৰ্ণ হৈছিল: “চোৱা, তোমাৰ ৰজা নম্ৰ হৈ, গাধৰ ওপৰত, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি, তোমাৰ ওচৰলৈ আহিছে।” (মথি ২১:৫; জখৰিয়া ৯:৯) ভৱিষ্যতবক্তা দানিয়েলে দৰ্শনত যিহোৱাই তেওঁৰ পুত্ৰক শাসনভাৰ গতাই দিয়া দেখিছিল। আৰম্ভণিতে তেওঁ বৰ্ণনা কৰা ভৱিষ্যতবাণীত যীচুক “মানুহবিলাকৰ মাজত অতি নীচ” বুলি কৈছিল। তেন্তে নিশ্চয়ে মৃদুতা আৰু নম্ৰতা উভয়েৰে নিবিড় সম্পৰ্ক আছে।—দানিয়েল ৪:১৭; ৭:১৩, ১৪.

১০. এজন খ্ৰীষ্টান ব্যক্তিয়ে মৃদুতা হোৱাৰ অৰ্থ দুৰ্ব্বলতা নহয় কিয়?

১০ যিহোৱা আৰু যীচুৱে প্ৰকাশ কৰা মৃদুতাই আমাক তেওঁলোকৰ কাষ চাপিবলৈ সহায় কৰে। (যাকোব ৪:৮) অৱশ্যে মৃদুতা হোৱাৰ অৰ্থ দুৰ্ব্বলতা নহয়। কিয়নো সৰ্ব্বশক্তিমান যিহোৱা হৈছে বহু পৰাক্ৰমী ঈশ্বৰ। অধাৰ্ম্মিকবিলাকৰ অহিতে তেওঁৰ ক্ৰোধ প্ৰকাশ পায়। (যিচয়া ৩০:২৭; ৪০:২৬) ঠিক সেইদৰে যীচুৱে যেতিয়া চয়তানৰ দ্বাৰা বিৰোধিতাৰ সম্মুখীন হৈছিল তেতিয়া তেওঁ মধ্যপন্থা নলবলৈ দৃঢ়ভাৱে ঠিৰাং কৰিছিল। তেওঁৰ সময়ত ধৰ্ম্মগুৰুসকলে অবৈধভাৱে চলোৱা ব্যৱসায়বোৰক তেওঁ ঘোৰ বিৰোধ কৰিছিল। (মথি ৪:১-১১; ২১:১২, ১৩; যোহন ২:১৩-১৭) কিন্তু শিষ্যবিলাকৰ ত্ৰুটিবোৰৰ প্ৰতি তেওঁ সহনশীল হৈ মৃদুতাৰে সংশোধন কৰিছিল। (মথি ২০:২০-২৮) এজন বাইবেল বিদ্বানে মৃদুতাক এনেদৰে বৰ্ণনা কৰিছে: “এই গুণটোৰ আঁৰত দৃঢ়তা ভাৱ লুকাই আছে।” গতিকে আঁহক আমি খ্ৰীষ্টৰ দৰে এই গুণটো প্ৰকাশ কৰোঁহঁক।

মোচি তেওঁৰ সময়ৰ লোকবিলাকৰ ভিতৰত সকলোতকৈ নম্ৰ ব্যক্তি আছিল

১১, ১২. মোচিয়ে যি পৰিৱেশত ডাঙৰ-দীঘল হৈছিল তাক মনত ৰাখি, কিহে তেওঁৰ মৃদুতা গুণক উল্লেখনীয় কৰি তুলিলে?

১১ বিবেচনা কৰিবলগীয়া তৃতীয় উদাহৰণটো হৈছে মোচিৰ। বাইবেলে বৰ্ণনা কৰিছে যে তেওঁ “পৃথিবীত থকা মানুহবিলাকৰ মাজত সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।” (গণনা পুস্তক ১২:৩) এই বাক্যশাৰী ঈশ্বৰৰ অনুপ্ৰেৰণাৰ দ্বাৰা লিখা হৈছিল। তেওঁৰ এই উল্লেখনীয় মৃদুতা গুণে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ সহায় কৰিছিল।

১২ তেওঁৰ লালন-পালন সাধাৰণ পৰিস্থিতিৰ মাজত হোৱা নাছিল। প্ৰবঞ্চনা আৰু হত্যাকাণ্ড চলি থকা সময়ত জন্ম হোৱা এই শিশুটিৰ প্ৰাণ ৰক্ষাৰ অৰ্থে যিহোৱাই পদক্ষেপ লৈছিল। লʼৰালি কালৰ বেছিভাগ সময় তেওঁ নিজৰ মাকৰ সৈতে কটাইছিল। তেওঁৰ মাকে তেওঁক অতি মনোযোগেৰে সত্য ঈশ্বৰৰ বিষয়ে শিক্ষা প্ৰদান কৰিছিল। পিছলৈ তেওঁ এনে এটা পৰিৱেশৰ মাজত জীৱন-যাপন কৰিছিল যি সম্পূৰ্ণ বেলেগ আছিল। এই বিষয়ে প্ৰথম শতিকাৰ অত্যাচাৰ সম্মুখীন হোৱা স্তিফানে এইদৰে কৈছিল, “মোচি মিচৰীয়াবিলাকৰ সকলো বিদ্যাত শিক্ষিত হৈ, নিজ বাক্যত আৰু কাৰ্য্যতো শক্তিমান হৈছিল।” (পাঁচনিৰ কৰ্ম্ম ৭:২২) যেতিয়া নিজৰ ভাইবিলাকক ফৌৰণৰ দাসবিলাকৰ মালিকবিলাকে অত্যাচাৰ কৰিছিল তেতিয়া তেওঁ মনে মনে থাকিব নোৱাৰিলে। তেওঁ হিব্ৰু ব্যক্তি এজনক এজন মিচৰীয়া ব্যক্তিয়ে প্ৰহাৰ কৰোঁতে দেখিবলৈ পাই মোচিয়ে সেই মিচৰীয়া ব্যক্তিজনক হত্যা কৰিলে আৰু প্ৰাণ ৰক্ষাৰ অৰ্থে মিচৰৰ পৰা মিদিয়ন দেশলৈ পলাই গʼল।—যাত্ৰাপুস্তক ১:১৫, ১৬; ২:১-১৫; ইব্ৰী ১১:২৪, ২৫.

১৩. চল্লিশ বছৰ ধৰি মিদিয়নত বাস কৰাত মোচিৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল?

১৩ চল্লিশ বছৰ বয়সত তেওঁ মিদিয়ন অৰণ্যত জীৱন-নিৰ্বাহ কৰিব ধৰিলে। তাত তেওঁ ৰূৱেলৰ সাতজনী জীয়েকক লগ পালে আৰু তেওঁলোকৰ বৃহৎ মেৰৰ জাকক পানী খুৱাবলৈ সহায় কৰিলে। তেওঁলোকে উভটি গৈ পিতৃ ৰূৱেলক কলে যে কেনেকৈ “এজন মিচৰীয়া মানুহে” মেৰৰখীয়াবিলাকৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। তাকে শুনি ৰূৱেলে তেওঁক তেওঁলোকৰ সৈতে থাকিবলৈ আমন্ত্ৰণ কৰিলে। তাত তেওঁ সম্মুখীন হোৱা বিপত্তিবোৰত নিৰাশ হৈ নপৰিল বা সেইবোৰে তেওঁক নতুন পৰিৱেশৰ অনুসাৰে জীৱনধাৰাত সাল-সলনি কৰাত বাধা দিব নোৱাৰিলে। ঈশ্বৰক সেৱা কৰা তেওঁৰ দৃঢ়সঙ্কল্পক কোনেও ভাঙিব নোৱাৰিলে। এই ৪০ বছৰ কালছোৱাত মোচিয়ে ৰূৱেলৰ মেৰবিলাকক চোৱাচিতা কৰা, চিপ্পোৰাৰ সৈতে বিবাহ সম্পন্ন হোৱা আৰু নিজৰ পুত্ৰবিলাকৰ প্ৰতি ধ্যান দিয়া কাৰ্য্যই তেওঁক মৃদুতা গুণ বিকাশিত আৰু উন্নত কৰিবলৈ সহায় কৰিছিল। দৰাচলতে তেওঁ বিৰোধিতাৰ সম্মুখীন হৈও মৃদুতাৰ বিষয়ে শিকাত পিছ পৰি নাথাকিল।—যাত্ৰাপুস্তক ২:১৬-২২; পাঁচনিৰ কৰ্ম্ম ৭:২৯, ৩০.

১৪. মোচিয়ে ইস্ৰায়েলসকলক নেতৃত্ব কৰাৰ সময়ত ঘটা ঘটনাৰ বিষয়ে বৰ্ণনা কৰক যʼত তেওঁৰ মৃদুতা গুণটো স্পষ্টকৈ প্ৰকাশ পাইছিল।

১৪ ইস্ৰায়েলক নেতৃত্ব দিবলৈ যিহোৱাই মোচিক মনোনীত কৰাৰ পিছতো তেওঁৰ এই মৃদুতা গুণটোৰ প্ৰমাণ পোৱা গৈছিল। উদাহৰণস্বৰূপে, এজন ডেকা ব্যক্তিয়ে সংবাদ দিয়ে যে ঈশ্বৰে ৭০ জন ব্যক্তিক মোচিৰ সহায়কাৰী হিচাবে পবিত্ৰ আত্মাৰে মনোনীত কৰাৰ সময়ত উপস্থিত নথকাৰ স্বত্বেও ইলদদ আৰু মেদদ নামৰ দুজন ব্যক্তিয়ে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছিল। তেতিয়া মোচিৰ পৰিচাৰক যিহোচূৱাই এইদৰে কৈছিল: “হে মোৰ প্ৰভু মোচি, তেওঁবিলাকক নিষেধ কৰক।” তেতিয়া মোচিয়ে মৃদুতাৰে এইদৰে কৈছিল: “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইবিলাক লোক ভাববাদী হোৱা হলে, আৰু যিহোৱাই তেওঁবিলাকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হʼলে, মই কেনে সন্তোষ পালোঁহেঁতেন।” (গণনা পুস্তক ১১:২৬-২৯) মৃদুতাই তেওঁক তেনে উত্তেজনাপূৰ্ণ পৰিস্থিতিত সুস্থিৰে থাকিবলৈ সহায় কৰিছিল।

১৫. যদিও মোচি অসিদ্ধ মানৱ আছিল তথাপিও তেওঁৰ আৰ্হিক অনুকৰণ কৰাটো কিয় উপযুক্ত?

১৫ আন এটা উপলক্ষ্যত মোচিৰ মৃদুতা গুণটোৰ হ্ৰাস হোৱা দেখা গৈছিল। যেতিয়া যিহোৱাই কাদেচৰ ওচৰত থকা মিৰিবা নামৰ ঠাইত অলৌকিক কাৰ্য্য কৰিলে তেতিয়া তেওঁ যিহোৱাক মহিমা কৰাত বিফল হৈছিল। (গণনা পুস্তক ২০:১, ৯-১৩) তেওঁ অসিদ্ধ মানৱ হোৱা স্বত্বেও গোটেই জীৱন দৃঢ় বিশ্বাস বজাই ৰাখিলে আৰু আজিও তেওঁৰ উল্লেখনীয় মৃদুতাই আমাক প্ৰভাৱিত কৰে।—ইব্ৰী ১১:২৩-২৮.

কঠোৰতা বনাম মৃদুতা

১৬, ১৭. নাবল আৰু অবীগলৰ বৃত্তান্তৰ পৰা আমি কেনে সতৰ্কবাণী শিকিবলৈ পাওঁ?

১৬ ভৱিষ্যতবক্তা চমূৱেলৰ মৃত্যুৰ পিছত আৰু ৰজা দায়ূদৰ সময়ত হোৱা এটা বিপদসূচক উদাহৰণক বিবেচনা কৰক। যʼত এহাল বৈবাহীক দম্পতী নাবল আৰু তেওঁৰ পত্নী অবীগল জড়িত আছিল। তেওঁলোক দুয়োজনৰ মাজত কিযে এক ভিন্নতা দেখিবলৈ পোৱা গৈছিল! অবীগল “সুবুদ্ধি আৰু সুৱনী” কিন্তু তাইৰ স্বামী নাবল “কঠিন-মনা আৰু দুষ্ট” আছিল। কিয়নো তেওঁৰ বৃহৎ মেৰৰ জাকটিক শত্ৰু হাতৰ পৰা ৰক্ষা কৰা দায়ূদৰ লোকসকলক অসভ্যৰূপে সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। তেওঁৰ এনে দুৰ্ব্যৱহাৰত দায়ূদে ক্ৰোধিত হৈ তেওঁক বধ কৰিবলৈ নিজ মানুহবিলাকৰ সৈতে তৰোৱাল বান্ধিলে।—১ চমূৱেল ২৫:২-১৩.

১৭ যেতিয়া অবীগলে এই বিষয়ে জানিব পাৰিলে তেতিয়া তাই লৰালৰিকৈ পিঠা, দ্ৰাক্ষাৰস আৰু মাংস যুগুত কৰি দায়ূদক সাক্ষাৎ কৰিবলৈ ওলাই গʼল। বাটত দায়ূদক লগ পাই তাই এইদৰে মিনতি কৰিলে: “আপোনাৰ বেটীক আপোনাৰ আগত কথা কবলৈ অনুমতি দিয়ক, আৰু আপোনাৰ বেটীৰ কথা শুনক।” তাই এনে মৃদুতাৰে কৰা অনুৰোধত দায়ূদৰ মন কোমল হৈছিল। তাইৰ অনুৰোধ শুনাৰ পিছত দায়ূদে এইদৰে কয়: “যি জনাই তোমাক পঠালে, ইস্ৰায়েলৰ ঈশ্বৰ সেই যিহোৱা ধন্য আৰু তোমাৰ সুবিচাৰ ধন্য আৰু ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।” (১ চমূৱেল ২৫:১৮, ২৪, ৩২, ৩৩) নাবলৰ এনে কঠোৰতাই তেওঁক মৃত্যুলৈ পৰিচালনা কৰিলে। কিন্তু অবীগলৰ উত্তম গুণবোৰে তাইক দায়ূদৰ পত্নী হোৱাৰ বিশেষাধিকাৰ প্ৰদান কৰিলে। অবীগলে ৰাখা মৃদুতাই বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকলৰ বাবে আৰ্হি হৈ পৰিল।—১ চমূৱেল ২৫:৩৬-৪২.

মৃদুতাক অনুকৰণ কৰা

১৮, ১৯. (ক) যেতিয়া আমি মৃদুতা গুণটোক ধাৰণ কৰোঁ তেতিয়া আমাত কেনে পৰিৱৰ্তন হোৱাটো দেখিবলৈ পোৱা যায়? (খ) কাৰ্য্যকাৰীৰূপে আত্মনিৰীক্ষণ কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

১৮ মৃদুতা গুণক বিকাশিত কৰা অতি আৱশ্যক। এই গুণটো আচাৰ-ব্যৱহাৰত প্ৰকাশ পোৱাৰ উপৰিও উল্লেখনীয় গুণৰূপে সংস্থিতি হোৱা আৱশ্যক, যিয়ে আনক সতেজ কৰি তুলিব। অতীতত হয়তো আমি কঠোৰতাৰে কথা কোৱা বা কাৰ্য্য কৰা অভ্যাস আছিল। কিন্তু বাইবেলৰ পৰা সত্য শিকাৰ পিছত আমি শান্ত স্বভাৱৰ ব্যক্তি হৈ পৰিলোঁ। এই পৰিৱৰ্তনৰ বিষয়ে পাঁচনি পৌলে সঙ্গী খ্ৰীষ্টানসকলক এনেদৰে উৎসাহিত কৰিলে: “কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।” (কলচীয়া ৩:১২) বাইবেলে পূৰ্বেই থকা অভ্যাসক ৰাংকুকুৰ, নাহৰফুটুকী বাঘ, সিংহ, ভালুক আৰু ফেটী-সাপৰ সৈতে তুলনা কৰিছে, যি সলনি হৈ মেৰ, মেৰ পোৱালী, গৰু, পোৱালী পশু আৰু গাই গৰুৰ দৰে হৈছে। (যিচয়া ১১:৬-৯; ৬৫:২৫) সেয়েহে লোকসকলে এনে বৃহৎ পৰিৱৰ্তন দেখি আচৰিত হয়। কিন্তু আমি এনে পৰৱৰ্তন কেৱল যিহোৱাৰ আত্মাৰ দ্বাৰাই সম্ভৱ বুলি নিৰ্দ্ধাৰণ কৰোঁ, কিয়নো ইয়াত মৃদুতা সন্মিলিত আছে যি বাস্তৱতে উল্লেখনীয়।

১৯ তেন্তে ইয়াৰ অৰ্থ এইটো নে যে আমি পৰিৱৰ্তন হৈ যিহোৱালৈ সমৰ্পিত কৰাৰ পিছত মৃদুতা গুণটোক বিকাশিত কৰিবলৈ কাৰ্য্য কৰাৰ কোনো প্ৰয়োজন নাই? নিশ্চয়ে নহয়। উদাহৰণস্বৰূপে, এটা নতুন পোছাকক পৰিপাটি আৰু পৰিষ্কাৰকৈ ৰাখিবলৈ হʼলে একেৰাহে যত্ন লোৱা আৱশ্যক। একেইদৰে আমি নিজকে নতুন আৰু উদ্দেশ্যপূৰ্ণৰূপে দৃষ্টি কৰিবলৈ একেৰাহে ঈশ্বৰৰ বাক্যক অধ্যয়ন আৰু পঢ়া বিষয়বোৰৰ ওপৰত ধ্যান কৰা উচিত। আৰ্চীৰূপী ঈশ্বৰৰ প্ৰেৰিত বাক্যই আপোনাৰ বিষয়ে কি প্ৰতিবিম্বিত কৰে?—যাকোব ১:২৩-২৫.

২০. মৃদুতা গুণ প্ৰকাশিত কৰাত আমি কেনেকৈ সফলতা লাভ কৰিব পাৰোঁ?

২০ বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহাৰ বাবে ঈশ্বৰৰ লোকসকলৰ চৰিত্ৰিক বৈশিষ্ট্য ভিন্ন হয়। আনৰ তুলনাত কিছুমান ঈশ্বৰৰ সেৱকে মৃদুতা গুণক সহজে বিকাশিত কৰিব পাৰিছে। যিয়েই নহওক, সকলো প্ৰকৃত খ্ৰীষ্টানে মৃদুতাৰ উপৰিও আত্মাৰ আনবোৰ ফল উৎপন্ন কৰা উচিত। পাঁচনি পৌলে বিনম্ৰ হৈ তীমথিক এনেদৰে পৰামৰ্শ দিছিল: “ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ, এইবোৰক খেদি যোৱা।” (১ তীমথিয় ৬:১১) ইয়াত উল্লেখ কৰা শব্দ “খেদি যোৱা” অৰ্থ হৈছে পৰিশ্ৰম কৰা। এখন বাইবেল অনুবাদে এই বাক্যশাৰীক ‘তুমি মন দিয়া’ বুলি উল্লেখ কৰিছে। (জে. বি. ফিলিপচ্‌ৰ দ্বাৰা প্ৰকাশিত নিউ টেষ্টামেন্ট ইন মডাৰ্ণ ইংলিচ) যদি ঈশ্বৰৰ বাক্যত উদ্ধৃত থকা উত্তম উদাহৰণসমূহৰ প্ৰতি মনোযোগ দিবলৈ আপুনি পৰিশ্ৰম কৰে তেন্তে সেইবোৰ আপোনাৰ শৰীৰত সুমোৱাই দিয়াৰ দৰে এটা অংশ হৈ পৰিব। সেইবোৰে আপোনাক গঢ় দিব আৰু মাৰ্গদৰ্শিত কৰিব।—যাকোব ১:২১.

২১. (ক) আমি কিয় মৃদুতাক খেদি যোৱা উচিত? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২১ এই ক্ষেত্ৰত আমি কিমান দকৈ কাৰ্য্য কৰিছোঁ তাক আনৰ প্ৰতি কৰা আমাৰ আচাৰ-ব্যৱহাৰে প্ৰকাশ কৰে। পাঁচনি যাকোবে এনেদৰে সুধিছে: “তোমালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য্য দেখুৱাই দিয়ক।” (যাকোব ৩:১৩) এই গুণটো আমি কেনেকৈ ঘৰত, প্ৰচাৰ কাৰ্য্য আৰু মণ্ডলীত দেখুৱাব পাৰোঁ? এই বিষয়ে পৰৱৰ্তী লেখত আৱশ্যকীয় মাৰ্গদৰ্শন দিয়া হৈছে। (w03 4/1)

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১২ পৃষ্ঠাৰ ছবি]

যিহোৱাই কিয় হেবলৰ বলিদান গ্ৰহণ কৰিছিল?

[১৩ পৃষ্ঠাৰ ছবি]

মৃদুতা আৰু নম্ৰতাৰ মাজত এক নিবিড় সম্বন্ধ আছে বুলি যীচুৱে দৰ্শাইছিল

[১৪ পৃষ্ঠাৰ ছবি]

মৃদুতাৰ সম্বন্ধে মোচিয়ে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে

পুনৰ্বিচাৰ কৰা

• যিহোৱাই?

• যীচুৱে?

• মোচিয়ে?

• অবীগলে?

• ৰখা মৃদুতাৰ আৰ্হিৰ পৰা আপুনি কি শিকিলে?

• আমি কিয় মৃদুতাক অনুকৰণ কৰা উচিত?