Skip to content

Skip to table of contents

যুৱক-যুৱতীসকলে যিহোৱাৰ মন আনন্দিত কৰে

যুৱক-যুৱতীসকলে যিহোৱাৰ মন আনন্দিত কৰে

যুৱক-যুৱতীসকলে যিহোৱাৰ মন আনন্দিত কৰে

এই লেখটো বিশেষকৈ যিহোৱাৰ সাক্ষীসকলৰ যুৱক-যুৱতীবিলাকৰ বাবে তৈয়াৰ কৰা হৈছে। সেইবাবে আমি আপোনালোকক মনোযোগেৰে এই লেখটোক অধ্যয়ন কৰিবলৈ আৰু মণ্ডলীত হোৱা প্ৰহৰীবুৰুজ অধ্যয়নত কোনো সংকোচ নকৰাকৈ মন্তব্য দিবলৈ উৎসাহিত কৰিছোঁ।

“মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।”—হিতোপদেশ ২৭:১১.

১, ২. (ক) বৰ্ণনা কৰক যে কেতিয়াবা জগতৰ বস্তুবোৰৰ প্ৰতি আকৰ্ষিত হোৱা মানেই খ্ৰীষ্টান হোৱাৰ অযোগ্য নহয়। (ৰোমীয়া ৭:২১) (খ) আচফৰ উদাহৰণৰ পৰা কি শিকিব পৰা যায়? (১৩ পৃষ্ঠাৰ বক্সত চাওক)

 কল্পনা কৰক যে আপুনি কোনো এখন দোকানত কাপোৰ কিনিবলৈ আহিছে। এনেতে আপোনাৰ দৃষ্টি এনে এযোৰ পোছাকত পৰিছে যি আপোনাক আকৰ্ষিত কৰি তুলিছে। ইয়াৰ ৰং আৰু ফেশ্বন আপোনাত বৰকৈ খাপ খাই পৰা যেন বোধ হৈছে আৰু দামো অধিক নহয়। কিন্তু ভালদৰে নিৰীক্ষণ কৰাৰ পিছত ইয়াৰ তলৰছোৱা ফটা আৰু চিলাই এৰি থকা দেখিছে। যদিও দেখাত আকৰ্ষিত তথাপিও ইয়াক সস্তীয়াভাৱে তৈয়াৰী কৰা হৈছে। তেনে এজোৰ পোছাক কিনিবলৈ আপুনি টকা ব্যয় কৰিবনে?

ওপৰত উল্লেখ কৰা দৃষ্টান্তটো জগতৰ প্ৰচলিত ৰীতিৰ সৈতে কৰিব পৰা যায়, খ্ৰীষ্টান যুৱক-যুৱতীস্বৰূপে আপুনি তেনে পৰিস্থিতিৰ সম্মুখীন হʼব পাৰে। প্ৰথম দৃষ্টিত জগতৰ বিষয় বা বস্তুবোৰ সেই পোছাকযোৰৰ দৰে হʼব পাৰে যি দেখাত অতি আকৰ্ষণীয়। উদাহৰণস্বৰূপে, আপোনাৰ সহপাঠীসকলে হয়তো ৰোমাঞ্চকৰ পাৰ্টী, নিচা জাতীয় পদাৰ্থ সেৱন, মদ খোৱা, গুৰুত্বহীনভাৱে মিলনচুক্তি আৰু বিবাহৰ অবিহনে যৌন সম্পৰ্ক ৰখা কাৰ্য্যত ভাগ লʼব পাৰে। আপুনি কাহানিবা তেনে ধৰণৰ জীৱন-শৈলীৰ প্ৰতি আকৰ্ষিত হৈছেনে? বা তথাকথিত স্বতন্ত্ৰতা ইচ্ছাৰ প্ৰতি হাবিয়াহ কৰিছেনে? যদি কৰিছে তেন্তে শীঘ্ৰেই নিজকে বেয়া বা খ্ৰীষ্টান হোৱা অযোগ্য বুলি নাভাবিব। কিয়নো বাইবেলে কৈছে যে ঈশ্বৰক সন্তোষ কৰিব বিচৰা এজন ব্যক্তিৰ ওপৰতো জগতৰ শক্তিশালী প্ৰভাৱ পৰিব পাৰে।—২ তীমথিয় ৪:১০.

৩. (ক) জগতৰ বস্তু বা বিষয়বোৰৰ অনুসাৰে চলা কিয় ব্যৰ্থ মাথোন? (খ) এগৰাকী খ্ৰীষ্টান ভনীয়ে কেনেকৈ সেইবোৰক ব্যৰ্থ বুলি বৰ্ণনা কৰিছে?

যিদৰে আপুনি কিনিব লগা পোছাকজোৰ ভালদৰে নিৰীক্ষণ কৰে, ঠিক সেইদৰে জগতৰ বস্তু বা বিষয়বোৰকো নিৰীক্ষণ কৰা আৱশ্যক। নিজকে এনেদৰে সোধক: ‘এই জগতৰ বস্তু বা বিষয়বোৰত কেনে বৈশিষ্ট্যতা দেখিবলৈ পাওঁ?’ কিয়নো বাইবেলত কৈছে, “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে।” (১ যোহন ২:১৭) ইয়াৰ পৰা পোৱা যিকোনো আনন্দজনক পৰিস্থিতি ক্ষন্তেকীয়া। তদুপৰি পাপপূৰ্ণ আচৰণে গম্ভীৰ পৰিণাম কঢ়িয়াই আনে। ইয়াৰ দ্বাৰা কোনো প্ৰকাৰৰ লাভ পোৱা নাযায়। এগৰাকী খ্ৰীষ্টান যুৱতীয়ে নিজৰ “যৌৱনকাল অনুচিতৰূপে ব্যৱহাৰ কৰি ক্লেশ ভূগাৰ” বিষয়ে এনেদৰে কৈছে: জগতখন হয়তো দেখাত ৰোমাঞ্চকজনক আৰু আকৰ্ষিত আৰু অতি আৰামেৰে আপুনি সকলো প্ৰকাৰৰ আনন্দ ভোগ কৰিব পাৰে বুলি পতিত হʼব পাৰে। কিন্তু বাস্তৱতে এইটো ইয়াৰ সম্পূৰ্ণ বিপৰীত। এই জগতে আপোনাক ব্যৱহাৰ কৰে আৰু যেতিয়া তাৰ কাম সম্পূৰ্ণ হয় তেতিয়া ই আৱৰ্জনীয় বস্তুৰূপে তাৰ পৰা আপোনাক বাহিৰ কৰিব।” * তেনেহʼলে কিয় এইদৰে আপুনি নিজৰ যৌৱনকালক হেৰুৱা প্ৰয়োজন?

“পাপআত্মাৰ” পৰা ৰক্ষা কৰা

৪, ৫. (ক) মৃত্যুৰ কিছু সময় পূৰ্ব্বে যীচুৱে কেনে অনুৰোধ কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল? (খ) তেনে ধৰণৰ অনুৰোধ কিয় উচিত আছিল?

যিহেতু এই জগতে কোনো উত্তমতা দিব নোৱাৰে বুলি জানি যিহোৱাৰ সাক্ষীৰ যুৱক-যুৱতীসকলে ইয়াৰ সৈতে বন্ধুত্ব কৰাৰ পৰা আঁতৰি থাকে। (যাকোব ৪:৪) আপুনি তেনে বিশ্বাসীসকলৰ এজন নে? যদি হয়, তেন্তে আপুনিও প্ৰশংসাৰ পাত্ৰ। এইটো সঁচা যে সমকক্ষ হেঁচাক প্ৰতিৰোধ কৰি জগতৰ পৰা পৃথকে থকা ইমান সহজ নহয়। কিন্তু তাৰ বাবে আপোনালৈ সহায়ো আগবঢ়োৱা হৈছে।

মৃত্যু হোৱা কিছু সময় পূৰ্ব্বেই যীচুৱে নিজৰ শিষ্যসকলক “পাপআত্মাৰ পৰা ৰাখা” অথবা ৰক্ষা কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (যোহন ১৭:১৫) যীচুৱে এনে অনুৰোধ তেওঁলোকৰ হিতৰ বাবে কৰিছিল। কিয়নো তেওঁ জানিছিল যে বাঢ়ি অহা বয়সৰ উপৰিও শিষ্যবিলাকৰ বাবে আনুগত্য বজাই ৰখা ইমান সহজ নহʼব। কিয় সহজ নহয়? কিয়নো যীচুৱে জানিব পাৰিছিল যে তেওঁলোকে অদৃশ্য শক্তিশালী শত্ৰু “পাপআত্মা” অৰ্থাৎ চয়তানৰ সম্মুখীন হʼব লাগিব। বাইবেলে কৈছে যে এই আত্মিক প্ৰাণীয়ে “গুজৰি থকা সিংহৰ দৰে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।”—১ পিতৰ ৫:৮.

৬. আমি কেনেকৈ জানোঁ যে যুৱক-যুৱতীবিলাকৰ প্ৰতি চয়তানৰ মনত অলপো দয়া নাই?

ইতিহাসজুৰি এইটো প্ৰমাণিত হৈছে যে চয়তানে মানৱজাতিৰ ওপৰত অতি ক্ৰুৰতাপূৰ্বক অত্যাচাৰ চলাই আনন্দিত হৈছে। উদাহৰণস্বৰূপে, ইয়োব আৰু তেওঁৰ পৰিয়ালে সম্মুখীন হোৱা অত্যন্ত অত্যাচাৰৰ বিষয়ে বিবেচনা কৰক। (ইয়োব ১:১৩-১৯; ২:৭) সম্ভৱতঃ, আপুনি নিজৰ জীৱনকালত চয়তানৰ দ্বাৰা সম্মুখীন হোৱা বিভিন্ন ঘটনাসমূহক সোঁৱৰিব পাৰে। সি কাৰোবাক গ্ৰাস কৰা উদ্দেশ্যৰে ঘূৰি ফুৰে আৰু যুৱক-যুৱতীবিলাকৰ সৈতেও নিৰ্দ্দয়তাৰে ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাত বৈথলেহূমত থকা দুই বছৰৰ বয়সৰ সকলো শিশুক হত্যা কৰিবলৈ হেৰোদে অভিযান চলাইছিল। (মথি ২:১৬) এই সকলোবোৰৰ পিছত চয়তানৰ হাত আছিল কিয়নো সি নিবিচাৰিছিল যে প্ৰতিজ্ঞাত মচীহ হৈ জন্ম লোৱা শিশুটিয়ে ভৱিষ্যতে তাৰ ওপৰত যিহোৱাৰ সোধ-বিচাৰ আনি তাক মৃত্যু দণ্ড দিয়াটো। (আদিপুস্তক ৩:১৫) স্পষ্টকৈ, যুৱক-যুৱতীবিলাকৰ বাবে তাৰ মনত অলপো দয়া নাই। তাৰ উদ্দেশ্য হৈছে সকলো মানুহক গ্ৰাস কৰা। বৰ্তমান সময়তো এইটো একেবাৰে সত্য বুলি প্ৰমাণিত হৈছে, কিয়নো চয়তানক ইতিমধ্যেই স্বৰ্গৰ পৰা খেদি পঠোৱা হʼল আৰু “তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।”—প্ৰকাশিত বাক্য ১২:৯, ১২.

৭. (ক) চয়তানৰ তুলনাত যিহোৱা কেনেকৈ বিপৰীত? (খ) যিহোৱাই আপোনাৰ আনন্দময় জীৱনৰ বিষয়ে কেনে অনুভৱ কৰে?

চয়তান যি “অতি ক্ৰোধ,” তাৰ বিপৰীতে যিহোৱা হৈছে “দয়ালু চিত্তৰ” ঈশ্বৰ। (লূক ১:৭৮) যিহোৱাই প্ৰেম প্ৰকাশ কৰাত এক আৰ্হি ৰাখিছে। আনকি তেওঁৰ এই গুণটো ইমানেই মহৎ, যাৰ বিষয়ে বাইবেলে কৈছে: “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) এই জগতৰ ঈশ্বৰ আৰু আপুনি উপাসনা কৰা সত্য ঈশ্বৰৰ মাজত কিযে এক পৃথকতা আছে! যিহেতু চয়তানে গ্ৰাস কৰাৰ উদ্দেশ্যৰে ঘুৰি-ফুৰিছে, কিন্তু তাৰ বিপৰীতে যিহোৱাৰ ইচ্ছা যে “কোনো যেন বিনষ্ট নহয়।” (২ পিতৰ ৩:৯) তেওঁ সকলো মানুহৰ সৈতে আপোনাকো মূল্যৱান বুলি দৃষ্টি কৰে। কিন্তু যেতিয়া যিহোৱাই নিজৰ বাক্যৰ দ্বাৰা এই জগতৰ ভাগ হোৱাৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰে, দৰাচলতে তেওঁ আপোনাক জীৱনৰ আনন্দ বা স্বতন্ত্ৰ ইচ্ছাৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰা নাই। (যোহন ১৫:১৯) ইয়াৰ বিপৰীতে তেওঁ আপোনাক সেই পাপআত্মাৰ পৰা ৰক্ষা কৰিবলৈহে চেষ্টা কৰিছে। তদুপৰি তেওঁ আপোনাক এই জগতৰ ক্ষন্তেকীয়া সুখ-বিলাসৰ পৰিৱৰ্তে স্থায়ী সুখ প্ৰদান কৰিব বিচাৰে। তেওঁৰ ইচ্ছা এইয়ে যে আপুনি যেন “প্ৰকৃত জীৱন” অৰ্থাৎ চিৰকালে এই পৃথিৱীত জীয়াই থাকাৰ আনন্দৰ উপভোগ কৰে। (১ তীমথিয় ৬:১৭-১৯) প্ৰকৃততে আপুনি যাতে সেই লক্ষ্যত উপনীত হʼব পাৰে, এইয়ে যিহোৱাৰ একমাত্ৰ ইচ্ছা। (১ তীমথিয় ২:৪) ইয়াৰ উপৰি তেওঁ আপোনাক এক বিশেষ আমন্ত্ৰণ দিছে। সেইটো কি?

“মোৰ মনক আনন্দিত কৰা”

৮, ৯. (ক) আপুনি যিহোৱালৈ কি উপহাৰ দিব পাৰে? (খ) ইয়োবৰ উদাহৰণে কেনেকৈ দেখুৱাইছে যে চয়তানে যিহোৱাক ধিক্কাৰ দিয়ে?

আপুনি কাহানিবা নিজৰ ঘনিষ্ঠ বন্ধুৰ বাবে উপহাৰ কিনি আৰু তাক দিয়াত বন্ধুজনে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে, তাক লক্ষ্য কৰিছেনে? সেই বন্ধুজনক কেনেধৰণৰ উপহাৰ দিলে উত্তম হʼব, তাৰ বিষয়ে আপুনি হয়তো অনেক চিন্তা কৰিছিল। এতিয়া আপুনি ইয়াৰ সৈতে জড়িত থকা এই প্ৰশ্নবোৰ বিবেচনা কৰক: সৃষ্টিকৰ্তা যিহোৱা ঈশ্বৰক আপুনি কেনে উপহাৰ দিব পাৰে? প্ৰথম অৱস্থাত আপুনি তেনে উপহাৰ দিয়াটো অসম্ভৱ বুলি ভাবিব পাৰে। কিয়নো সাধাৰণ মানুহে জানো তেওঁক কিবা দিব পাৰে? এনে কি বস্তু তেওঁৰ ওচৰত নাই যাক আপুনি হয়তো দিব পাৰে? হিতোপদেশ ২৭:১১ পদত কৈছে: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।”

অধ্যয়ন কৰাৰ যোগেদি আপুনি হয়তো জানিব পাৰিছে যে চয়তানে তেওঁক ধিক্কাৰ দিয়ে। কিয়নো চয়তানে দাবী কৰে যে কোনো এজন ব্যক্তিয়ে প্ৰেমেৰে নহয় কিন্তু স্বাৰ্থপৰতাৰে ঈশ্বৰক সেৱা কৰে। যদি সেই ব্যক্তিজন কোনো কঠিন পৰিস্থিতি আৰু সমস্যাবোৰৰ সম্মুখীন হয় তেন্তে শীঘ্ৰেই সত্য উপাসনা ত্যাগ দিব। উদাহৰণস্বৰূপে, সি ধাৰ্মিক ব্যক্তি ইয়োবৰ ওপৰত মিছা অভিযোগ দি এইদৰে কৈছিল: “আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ ও সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্য্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিলে, আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পালে। কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।”—ইয়োব ১:১০, ১১.

১০. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে চয়তানে দিয়া প্ৰত্যাহ্বানটো ইয়োবৰ উপৰি আনবিলাক আনুগত্য ব্যক্তিসকলৰ ওপৰতো প্ৰযোজ্য হয়? (খ) ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ সম্পৰ্কে উঠোৱা বাদ-বিষয়টোত আমি কেনেকৈ জড়িত আছোঁ?

১০ চয়তানে কেৱল ইয়োবকেই নহয় কিন্তু আপোনাৰ সৈতে যিহোৱাৰ সেৱা কৰা আনবিলাকৰ আনুগত্যৰ ওপৰতো মিছা অভিযোগ দিয়ে। দৰাচলতে সি গোটেই মানৱজাতিক উদ্দেশ্য কৰি যিহোৱাক এনেদৰে সুধিছিল: “এনে কি প্ৰাণৰ অৰ্থে মানুহে [কেৱল ইয়োৱে নহয়] সৰ্ব্বস্ব দিব।” (ইয়োব ২:৪) এই প্ৰমুখ বাদ-বিষয়টোত আপোনাৰ কি ভূমিকা আছে, তাক বিচাৰি পাইছেনে? হিতোপদেশ ২৭:১১ পদত কৈছে যে আপুনি যিহোৱাক এনে কিবা এটা দিব পাৰে, যাৰ আধাৰত যিহোৱাই চয়তানৰ ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰে। কল্পনা কৰক যে সৰ্ব্বশক্তিমান ঈশ্বৰে বহু সময়ৰ পৰা চলি অহা সেই মহান বাদ-বিষয়টোক ব্যক্তিগতভাৱে প্ৰত্যুত্তৰ দিবলৈ আপোনাক আমন্ত্ৰিত কৰিছে। আপোনাৰ ওচৰত কিযে এক অসাধাৰণ আৰু অতুলনীয় বিশেষাধিকাৰ আছে! যিহোৱাই আপোনাৰ পৰা যি বিচাৰিছে সেই আৱশ্যকতাক আপুনি ইয়োবৰ দৰে পূৰ্ণ কৰিব পাৰিবনে? (ইয়োব ২:৯, ১০) যীচুৱেও যিহোৱাই বিচৰা আৱশ্যকতা পূৰ্ণ কৰিছিল, আনকি ইতিহাসজুৰি বহুতো ব্যক্তি, যʼত যুৱক লোকসকলো সন্মিলিত আছে, তেওঁলোকে ঈশ্বৰৰ আৱশ্যকতাক পূৰণ কৰিলে। (ফিলিপীয়া ২:৮; প্ৰকাশিত বাক্য ৬:৯) আপুনিও সেই একেইদৰে কৰিব পাৰে। এইটো নিশ্চিত যে আপুনি উভয় পক্ষ বা মধ্যপন্থা লʼব নোৱাৰে। গতিকে আপুনি নিজৰ কাৰ্য্যৰ দ্বাৰা দেখুৱাউক যে আপুনি চয়তানৰ নতুবা যিহোৱাৰ পক্ষ। আপুনি কাৰ ইচ্ছা পালন কৰিব?

যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে

১১, ১২. আপুনি যিহোৱাৰ সেৱা কৰে বা নকৰে, এইটো তেওঁৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়নে? বৰ্ণনা কৰক।

১১ আপুনি যি বাছনি কৰে বাস্তৱতে সেইটো যিহোৱাৰ বাবে চিন্তা কৰিবলগীয়া বিষয়নে? চয়তানক প্ৰত্যুত্তৰ দিবলৈ সেই বিশ্বাসী ব্যক্তিসকলে বজাই ৰখা বিশ্বস্ততাই যথেষ্ট নহয়নে? এইটো সচাঁ যে কোনো এজন ব্যক্তিয়ে বিনাস্বাৰ্থই প্ৰেমেৰে যিহোৱাৰ উপাসনা নকৰে বুলি দিয়া অভিযোগটো মিছা বুলি প্ৰমাণিত হৈছে। তথাপিও যিহোৱাই বিচাৰে যে আপুনি যেন সাৰ্ব্বভৌমত্বৰ ওপৰত উঠোৱা প্ৰত্যাহ্বানটোত তেওঁৰ পক্ষ লয়। কিয়নো তেওঁ আপোনাক ব্যক্তিগত হিচাবে চোৱাচিতা কৰে। এই সন্দৰ্ভে যীচুৱে এইদৰে কৈছিল: “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই।”—মথি ১৮:১৪.

১২ সঁচাকৈ আপুনি কৰা বাছনিত স্পষ্টকৈ যিহোৱাই ইচ্ছুক। ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ই তেওঁক প্ৰভাৱিত কৰে। বাইবেলে স্পষ্টকৈ কৈছে যে মানুহে কৰা ভাল বা বেয়া কাৰ্য্যৰ প্ৰতি যিহোৱাৰ গভীৰ অনুভূতি আছে। উদাহৰণস্বৰূপে, ইস্ৰায়েল জাতিক বাৰে বাৰে কৰা বিদ্ৰোহী কাৰ্য্যই যিহোৱাক “অসন্তুষ্ট” কৰিছিল। (গীতমালা ৭৮:৪০, ৪১) নুহৰ সময়ত জলপ্ৰলয়লৰ পূৰ্বেই “মানুহৰ দুষ্টতা অধিক” হোৱাত যিহোৱাৰ “বেজাৰ” লাগিছিল। (আদিপুস্তক ৬:৫, ৬) এইবোৰৰ অৰ্থ কি তাক দকৈ চিন্তা কৰক। কিয়নো আপুনি বাছি লোৱা অনুচিত কাৰ্য্যই যিহোৱাক অসন্তুষ্ট কৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ দুৰ্ব্বল বা আৱেগীক হৈ শাসন কৰে। বৰঞ্চ, তেওঁ আপোনাক প্ৰেম আৰু আপোনাৰ কল্যাণৰ বিষয়ে চিন্তা কৰে। আনহাতে যেতিয়া আপুনি উচিত কাৰ্য্য কৰে তেতিয়া তেওঁৰ মন আনন্দিত হয়। তেওঁ কেৱল চয়তানক উত্তৰ দিব পৰাৰ বাবেই নহয় কিন্তু আপোনাক পুৰস্কাৰ দিওঁতা হোৱাৰ বাবেও আনন্দিত হয়। কিয়নো এইয়ে হৈছে তেওঁৰ ইচ্ছা। (ইব্ৰী ১১:৬) আপোনাৰ বাবে তেওঁ কিমান যে প্ৰেমময় পিতৃ!

বৰ্তমান লাভ কৰা প্ৰচুৰ আশীৰ্ব্বাদসমূহ

১৩. বৰ্তমান যিহোৱাক সেৱা কৰাৰ দ্বাৰা কেনেকৈ আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?

১৩ যিহোৱাৰ সেৱা কৰি পোৱা আশীৰ্ব্বাদসমূহ কেৱল ভৱিষ্যতৰ বাবেই যে হয় এনে নহয়। কিয়নো বৰ্তমান বহুতো যিহোৱাৰ সাক্ষী হোৱা যুৱক-যুৱতীয়ে আশীৰ্ব্বাদ লাভ কৰাৰ যথাৰ্থ প্ৰমাণ পোৱা গৈছে। গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “যিহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক; যিহোৱাৰ আজ্ঞা নিৰ্ম্মল, চকুৰ দীপ্তিজনক।” (গীতমালা ১৯:৮) যিহোৱাই হৈছে সেই একমাত্ৰজনা, যিজনে আমাৰ হিতৰ বিষয়ে ভালদৰে জানে। সেইবাবে ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা তেওঁ এনেদৰে কৈছিল: “তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৭, ১৮.

১৪. ধাৰত পোত খোৱাৰ ফলত হোৱা বেদনাৰ পৰা আঁতৰি থাকিবলৈ বাইবেলৰ সিদ্ধান্তসমূহে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

১৪ বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে চলাৰ দ্বাৰা আপুনি আঘাত আৰু মানসিক বেজাৰ পোৱাৰ পৰা আঁতৰি থাকিব পাৰে। উদাহৰণস্বৰূপে, বাইবেলে কৈছে যে যিসকলে ধনৱন্ত হʼবলৈ ইচ্ছা কৰে তেওঁলোকে “যাতনাৰূপ শলাৰে নিজকে শালিলে।” (১ তীমথিয় ৬:৯, ১০) আপোনাৰ কোনোবা বন্ধু বা সমনীয়া লোকে এই শাস্ত্ৰীয় পদৰ সত্যতাক অনুভৱ কৰিছেনে? কিছুমান যুৱক-যুৱতীয়ে নতুন নতুন পোছাক পিন্ধিবলৈ বা অত্যাধুনিক ইলেকট্ৰনিক বস্তুবোৰ কিনিবলৈ অধিক ধাৰত পোত গৈছে আৰু অধিক সুত পৰিশোধ কৰিব নোৱাৰাৰ বাবে ধাৰৰ দাসত্ব হৈ যান্ত্ৰণা ভুগীছে।—হিতোপদেশ ২২:৭.

১৫. যৌন অনৈতিক কাৰ্য্যৰ দ্বাৰা হোৱা বেদনাদায়ক পৰিণামৰ পৰা আঁতৰি থাকিবলৈ বাইবেলৰ সিদ্ধান্তসমূহে আপোনাক কেনে সহায় কৰে?

১৫ তদুপৰি যৌন অনৈতিক কাৰ্য্যৰ বিষয়েও বিবেচনা কৰক। প্ৰত্যেক বছৰে গোটেই পৃথিৱীত বহুতো অবিবাহিত কিশোৰীয়ে গৰ্ভৱতী হোৱা দেখিবলৈ পোৱা যায়। যদিও কিছুমানে সন্তান জন্ম দিয়ে তথাপিও তেওঁলোকে সেই সন্তানক পোহপালন কৰাত অনিচ্ছুক আৰু অযোগ্য। আন কিছুমানে গৰ্ভপাত কৰি সদায়েই মানসিক কষ্ট ভুগীবলগীয়া হৈছে। তেওঁলোকৰ কিছুমানে যৌন সম্পৰ্ক ৰখাৰ দ্বাৰা এইড্‌ছ নামৰ মাৰাত্মক ৰোগৰ বলি হʼবলগীয়া হৈছে। যিসকলে যিহোৱাক জানে, যিহোৱাৰ সৈতে থকা তেওঁলোকৰ সম্পৰ্ক বিছিন্ন হʼব। * (গালাতীয়া ৫:১৯-২১) সেইবাবে বাইবেলে উপযুক্তৰূপে এইদৰে কৈছে: “ব্যভিচাৰৰ পৰা পলোৱা।”—১ কৰিন্থীয়া ৬:১৭.

‘আনন্দিত ঈশ্বৰৰ’ সেৱা কৰক

১৬. (ক) আপুনি যৌৱন-অৱস্থাত আনন্দিত হোৱাটো যে যিহোৱাই বিচাৰে, তাক আমি কেনেকৈ জানিব পাৰোঁ? (খ) আপোনাৰ নিৰ্দ্দেশনাৰ বাবে যিহোৱাই কিয় পথ-প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে?

১৬ বাইবেলে আমাক কৈছে যে যিহোৱা এজন “আনন্দিত ঈশ্বৰ।” (১ তীমথিয় ১:১১, NW) গতিকে আপুনিও যাতে আনন্দিত হয়, এয়ে তেওঁৰ ইচ্ছা। তদুপৰি তেওঁৰ বাক্য বাইবেলে এনেদৰে কৈছে: “তুমি তোমাৰ যৌৱন-অৱস্থাত আনন্দ কৰা।” (উপদেশক ১১:৯) কিন্তু উচিত বা অনুচিত কাৰ্য্যৰ ফলত বৰ্তমান বা ভৱিষ্যতে ভুগীবলগীয়া দীৰ্ঘকলীয়া ভাল অথবা বেয়া পৰিণামৰ বিষয়েও যিহোৱাই দৃষ্টি কৰিব পাৰে। সেইবাবে যিহোৱাই এইদৰে পৰামৰ্শ দিছে: “যি দুখৰ দিন আৰু বছৰ কেইটাৰ বিষয়ে তুমি কবা, ‘এইবোৰত মোৰ সন্তোষ নাই।’ . . . তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।”—উপদেশক ১২:১-৭.

১৭, ১৮. এগৰাকী যুৱক খ্ৰীষ্টানে যিহোৱাক সেৱা কৰিবলৈ পাই কেনেকৈ আনন্দিত হৈছিল আৰু আপুনি কেনেকৈ সেই একেইদৰে আনন্দিত হʼব পাৰে?

১৭ বৰ্তমান বহুতো যুৱক-যুৱতীয়ে যিহোৱাৰ সেৱা কৰি আনন্দিত হৈছে। উদাহৰণস্বৰূপে, ১৫ বছৰীয়া লিনাই এনেদৰে কৈছিল: “মোত আত্মবিশ্বাস আৰু আত্মসন্মান আছে। ধুমপান আৰু নিচা জাতীয় পদাৰ্থ সেৱন নকৰাৰ বাবে মোৰ কোনো শাৰীৰিক সমস্যা নাছিল। মোৰ ওচৰত মণ্ডলীৰ পৰা লাভ কৰা অনেক বহুমূলীয়া নিৰ্দ্দেশনা আছে যিয়ে মোক চয়তানৰ ধ্বংসকাৰী হেঁচাৰ সৈতে যুঁজিবলৈ সহায় কৰে। ৰাজ্যগৃহৰ ভাই-ভনীৰ সৈতে হিতকাৰক সঙ্গতি থকাৰ বাবে মই আনন্দিত হৈছোঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে মোৰ ওচৰত অনন্তকাল এই পৃথিৱীত জীয়াই থকাৰ এক সুন্দৰ আশা আছে।”

১৮ লিনাৰ দৰে বহুতো যুৱক খ্ৰীষ্টানে বিশ্বাসৰ পক্ষে প্ৰাণপনে যুঁজিছে আৰু ইয়ে তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিছে। মাজে সময়ে যদিও জীৱনটোত প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয় তথাপিও তেওঁলোকৰ ওচৰত উত্তম লক্ষ্য আৰু উজ্জ্বল ভৱিষ্যত আছে বুলি তেওঁলোকে জানে। এতেকে আপুনি আপোনাৰ হিতৰ বাবে চিন্তা কৰা ঈশ্বৰক একেৰাহে সেৱা কৰি থাকক। তেওঁৰ মন আনন্দিত কৰক আৰু তেৱোঁ বৰ্তমান আৰু চিৰকাললৈকে আপোনাৰ আনন্দ বজাই ৰাখিব!—গীতমালা ৫:১১. (w03 4/15)

[ফুটনোটবোৰ]

^ অক্টোবৰ ২২, ১৯৯৬ চনৰ সচেতন! আলোচনীখনত উল্লেখ কৰা “সত্যই মোক পুনৰাই জীৱন দান কৰিলে,” নামৰ লেখটো চাওক।

^ এইটো জনা উৎসাহজনক বিষয় যে যদি এজন ব্যক্তিয়ে অনুচিত কাৰ্য্য ত্যাগ দি মনপালটন আৰু নিজৰ পাপ স্বীকাৰ কৰিছে তেন্তে যিহোৱাই তেওঁক “প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।”—যিচয়া ৫৫:৭.

আপোনাৰ মনত আছেনে?

• “পাপআত্মা” অৰ্থাৎ চয়তানৰ দ্বাৰা আপুনি কেনে বিপদগ্ৰস্ত পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়?

• আপুনি কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিব পাৰে?

• বাইবেলে কেনেকৈ দেখুৱাইছে যে যিহোৱাই আমাৰ বাবে চিন্তা কৰে?

• যিহোৱাক সেৱা কৰাৰ দ্বাৰা কেনে আশীৰ্ব্বাদসমূহ পোৱা যায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৩ পৃষ্ঠাৰ বক্স/ছবি]

প্ৰাচীন ইস্ৰায়েলৰ সময়ত যিহোৱাৰ মন্দিৰত আচফ নামৰ এজন প্ৰমুখ লেবী সঙ্গীতকাৰ আছিল। তেওঁ ৰচা সঙ্গীতবোৰ আজিও ৰাজহুৱা উপাসনাত ব্যৱহাৰ কৰা হয়। এই বিশেষাধিকাৰ থকাৰ স্বত্বেও তেওঁ এসময়ত ভক্তিহীন বন্ধুসকলে কৰা অঈশ্বৰীয় আচৰণৰ প্ৰতি আকৰ্ষিত হৈছিল, যিসকলে কোনো বেয়া পৰিণাম নোপোৱাকৈ ঈশ্বৰৰ বিধানৰ উলঙ্ঘন কৰিছিল। পিছলৈ আচফে দোষ স্বীকাৰ কৰি এনেদৰে কৈছিল: “মোৰ ভৰি হলে প্ৰায় লৰিছিল; মোৰ খোজ প্ৰায়ে পিছলি গৈছিল। কিয়নো, মই যেতিয়া দুষ্টবোৰৰ মঙ্গল দেখিছিলোঁ, তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল।”—গীতমালা ৭৩:২, ৩.

পিছলৈ আচফে ঈশ্বৰৰ পবিত্ৰস্থানলৈ গৈ সেই বিষয়ে প্ৰাৰ্থনা কৰিলে। তেওঁ বিষয়টোক পুনৰাই আধ্যাত্মিক দৃষ্টিৰে চাই বুজিব পাৰিছিল যে যিহোৱাই দুষ্টতাক ঘিণ কৰে আৰু সময়নুসাৰে ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক কৰা কাৰ্য্যৰ নিজ নিজ ফল পাব। (গীতমালা ৭৩: ১৭-২০; গালাতীয়া ৬:৭, ৮) বাস্তৱতে অধাৰ্ম্মিক ব্যক্তিসকলে পিছল ঠাইত ভৰি থৈছে। যেতিয়া ঈশ্বৰে ভক্তিহীন জগতখনক ধ্বংস কৰিব তেতিয়া তেওঁলোকে অৱশ্যেই পিছলি পৰিব।—প্ৰকাশিত বাক্য ২১:৮.

[২৫ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাই আপোনাৰ উত্তমতাৰ বিষয়ে চিন্তা কৰে, কিন্তু চয়তানে হʼলে গ্ৰাস কৰাৰ ইচ্ছাৰে ঘূৰি ফুৰে

[২৬ পৃষ্ঠাৰ ছবি]

বহুতো যুৱক-যুৱতীয়ে প্ৰকৃত খ্ৰীষ্টান সঙ্গী উপাসকসকলৰ সৈতে যিহোৱাক সেৱা কৰি আনন্দিত হৈছে