Skip to content

Skip to table of contents

যুৱক-যুৱতীসকল—যিহোৱাই আপোনালোকে কৰা কাৰ্য্যক পাহৰি নাযায়!

যুৱক-যুৱতীসকল—যিহোৱাই আপোনালোকে কৰা কাৰ্য্যক পাহৰি নাযায়!

যুৱক-যুৱতীসকল—যিহোৱাই আপোনালোকে কৰা কাৰ্য্যক পাহৰি নাযায়!

“তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।”—ইব্ৰী ৬:১০.

১. বাইবেলৰ ইব্ৰী আৰু মলাখী নামৰ কিতাপে কেনেকৈ দেখুৱাইছে যে যিহোৱাই আপুনি তেওঁৰ সেৱাত কৰা কাৰ্য্যসমূহৰ প্ৰতি মূল্যাঙ্কন কৰে?

 কেতিয়াবা আপুনি এজন বন্ধুক সহায় কৰাত তেওঁ অকৃতজ্ঞতা প্ৰকাশ কৰা যেন কৰিছেনে? যেতিয়া এনে কাৰ্য্যক অনুদান হিচাবে লোৱা বা একেবাৰে পাহৰি যায় তেতিয়া আমাৰ মনত বেজাৰ লাগে। যিহোৱালৈ আমি সম্পূৰ্ণ মনেৰে সেৱা কৰি পোৱা প্ৰতিফলৰ ই কিমান যে বিপৰীত! বাইবেলে এইদৰে কৈছে: “ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) এই বাক্যশাৰীৰ গুৰুত্বতা কি এই বিষয়ে চিন্তা কৰক। যদি যিহোৱাই আমি তেওঁৰ সেৱাৰ সম্পৰ্কে যি কৰিলোঁ আৰু কৰি আছোঁ, সেইবোৰ পাহৰি যায় তেন্তে তেওঁ নিজকে অধাৰ্ম্মিক আৰু তেওঁৰ পাপ বুলি বিবেচনা কৰিব। তেওঁ কিমান যে কৃতজ্ঞশীল ঈশ্বৰ!—মলাখী ৩:১০.

২ কিহে যিহোৱাৰ সেৱাক বাস্তৱতে বিশেষাধিকাৰযুক্ত কৰি তুলে?

এনে মহান ঈশ্বৰক সেৱা আৰু উপাসনা কৰিবলৈ আপোনাৰ ওচৰত এক বিশেষাধিকাৰ আছে। বাস্তৱতে পৃথিৱীত ছশ কোটি জনসংখ্যাৰ তুলনাত কেৱল ৬০ লাখ বিশ্বাসী জনেহে এই বিশেষাধিকাৰৰ পাত্ৰ। আপুনি তেওঁলোকৰ মাজৰ এজন হোৱাটো আপোনাৰ অৱশেই এক বিশেষ আশীৰ্ব্বাদযুক্ত। তদুপৰি শুভবাৰ্ত্তাক শুনি তাক গ্ৰহণ কৰাটো এই কথাৰ প্ৰমাণ দিয়ে যে যিহোৱাই আপোনাৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী। কিয়নো যীচুৱে এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (যোহন ৬:৪৪) দৰাচলতে যীচুৰ বলিদানৰ পৰা লাভবান হʼবলৈ ব্যক্তিগতভাৱে যিহোৱাই লোকসকলক সহায় কৰে।

আপুনি পোৱা এই মহান বিশেষাধিকাৰক মূল্যাঙ্কন কৰক

৩. যিহোৱাৰ সেৱাৰ সম্বন্ধে থকা বিশেষাধিকাৰৰ প্ৰতি কোৰহৰ পুত্ৰসকলে কেনেকৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল?

পূৰ্বৱতী লেখটোৰ দ্বাৰা জানিব পাৰিলে যে যিহোৱাৰ মন আনন্দিত কৰিবলৈ আপোনাৰ ওচৰত এক বিশেষাধিকাৰ আছে। (হিতোপদেশ ২৭:১১) এই বিশেষাধিকাৰক কেতিয়াও অনুদান হিচাবে লোৱা উচিত নহয়। কোৰহৰ পুত্ৰবিলাকে তেওঁলোকৰ ওচৰত যিহোৱাক সেৱা কৰিবলৈ থকা বিশেষাধিকাৰৰ প্ৰতি থকা মূল্যাঙ্কনত তেওঁলোকে প্ৰেৰিত হৈ ৰচা গীতত এইদৰে প্ৰকাশ কৰিছিল: “হাজাৰ দিনতকৈয়ো, তোমাৰ চোতাল কেইখনত এদিন থকাই উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, মই ঈশ্বৰৰ গৃহৰ দুৱৰী হবলৈকে ভাল পাওঁ।”—গীতমালা ৮৪:১০.

৪. (ক) কি কাৰণে কিছুমানে যিহোৱাৰ সেৱাক তেওঁলোকৰ স্বাধীনতাত ব্যাঘাত জন্মোৱা বুলি দৃষ্টি কৰে? (খ) যিহোৱাই যে নিজৰ সেৱকসকলক লক্ষ্য কৰে আৰু পুৰষ্কাৰ দিয়ে, তাক কিদৰে প্ৰমাণিত হয়?

স্বৰ্গীয় পিতৃ ঈশ্বৰ যিহোৱাক সেৱা কৰিবলৈ থকা এই বিশেষাধিকাৰৰ প্ৰতি আপুনিও সেই একেইদৰে জ্ঞান কৰেনে? কোনো কোনো সময়ত এনে বোধ হʼব পাৰে যে যিহোৱাক সেৱা কৰাৰ দ্বাৰা আপোনাৰ স্বাধীনতাত ব্যাঘাত জন্মিছে। এইটো সচাঁ যে বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ কিছু পৰিমাণে আত্মবলিদানৰ আৱশ্যক। যিয়ে নহওক, আপোনাৰ হিতৰ বাবেহে যিহোৱাই আপোনাৰ পৰা তেনে বিচাৰিছে। (গীতমালা ১:১-৩) তদুপৰি যেতিয়া যিহোৱাই আপুনি কৰা প্ৰচেষ্টাক দেখিবলৈ পায় তেতিয়া তেওঁ আপোনাৰ বিশ্বাসযোগ্যতাৰ বাবে তেওঁৰ মূল্যাঙ্কন প্ৰকাশ কৰে। সেয়েহে পাঁচনি পৌলে এইদৰে লিখিছিল যে যিহোৱাই “তেওঁক বিচৰা লোকৰ পুৰষ্কাৰ দিওঁতা।” (ইব্ৰী ১১:৬) যিহোৱাই লোকসকলক পুৰষ্কাৰ দিবলৈ সুযোগবোৰলৈ বাট চাই থাকে। প্ৰাচীন ইস্ৰায়েলৰ এজন বিশ্বাসী ভৱিষ্যতবক্তাই এনেদৰে কৈছিল: “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ চকু পৃথিবীৰ চাৰিওফালে ভ্ৰমণ কৰে।”—২ বংশাৱলি ১৬:৯.

৫. (ক) আপুনি যে সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰিছে তাক প্ৰকাশ কৰাৰ এটা উত্তম পদ্ধতি কি? (খ) আনক আপোনাৰ বিশ্বাসৰ বিষয়ে কোৱাটো কিয় কষ্টকৰ যেন বোধ হʼব পাৰে?

সম্পূৰ্ণ মনেৰে যিহোৱাক সেৱা কৰাৰ এটা উত্তম পদ্ধতি হৈছে তেওঁৰ বিষয়ে আনক জনোৱা। আপুনি আপোনাৰ সহপাঠীক সাক্ষী দিবলৈ প্ৰচেষ্টা কৰিছেনে? প্ৰথমবাৰ আপোনাৰ বাবে হয়তো এনে কৰাটো প্ৰত্যাহ্বানজনক আৰু ভয়ভীতৰ কাৰণ হʼব পাৰে। আপুনি হয়তো এনেদৰে ভাবিব পাৰে: ‘তেওঁলোকে যদি মোৰ কথা শুনি বিদ্ৰূপ কৰে?’ বা ‘তেওঁলোকে যদি মোৰ ধৰ্ম্মক আচহুৱা যেন দৃষ্টি কৰে?’ এই বিষয়ে যীচুৱে কৈছিল যে সকলোৱে শুভবাৰ্ত্তা শুনিব এনে নহয়। (যোহন ১৫:২০) ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ঠাট্টা আৰু তিৰষ্কাৰযুক্ত জীৱন-যাপন কৰিব। ইয়াৰ বিপৰীতে যিহোৱাৰ সাক্ষীৰ যুৱক-যুৱতীবিলাকৰ বাৰ্ত্তাৰ প্ৰতি তেওঁলোকৰ বহুতো সহপাঠীয়ে মনোযোগ দিয়ে আৰু তেওঁলোকৰ তেনে ধৰ্ম্মীয় বিশ্বাস দেখি প্ৰশংসা আৰু সন্মান কৰে।

“যিহোৱাই আপোনাক সহায় কৰিব”

৬, ৭. (ক) এগৰাকী ১৭ বছৰীয়া যিহোৱাৰ সাক্ষী ভনীয়ে কেনেকৈ তাইৰ সহপাঠীসকলক সাক্ষী দিবলৈ সক্ষম হʼল? (খ) জেনিফাৰৰ উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰিলে?

কিন্তু আপুনি নিজৰ বিশ্বাসৰ বিষয়ে আনক কʼবলৈ কেনেকৈ সাহসী হʼব পাৰে? যেতিয়া লোকসকলে আপোনাৰ ধৰ্ম্মৰ বিষয়ে জানিব বিচাৰে তেতিয়া পোনপটীয়াকৈ উত্তৰ দিবলৈ দৃঢ় সিদ্ধান্ত নলয় কিয়? এই সম্বন্ধে ১৭ বছৰীয়া জেনিফাৰ বিষয়ে বিবেচনা কৰক। তাই এইদৰে কৈছিল: “এবাৰ মই স্কুলত দুপৰীয়াৰ আহাৰ খাবলৈ টেবুলত বহি আছিলোঁ, তেতিয়া মোৰ টেবুলত বহি থকা আন ছোৱালীবিলাকে ধৰ্ম্মক লৈ আলোচনা কৰিব ধৰিলে। এনেতে তেওঁলোকৰ এজনীয়ে মই কোন ধৰ্ম্মৰ এই বিষয়ে সুধিলে।” এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ জেনিফাৰে ভয়ভীত হৈছিলনে? এই বিষয়ে আগলৈ তাই এনেদৰে কয়: “মোৰ উত্তৰ শুনি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাব তাক ভাবি মই অৱশ্যেই ভয়ভীত হৈছিলোঁ। তথাপিও মই তেওঁলোকক জনালোঁ যে মই এজনী যিহোৱাৰ সাক্ষী। ইয়াকে শুনি তেওঁলোক আচৰিত হোৱা যেন লাগিল। কিয়নো তেওঁলোকৰ অনুসাৰে যিহোৱাৰ সাক্ষীসকল বিচিত্ৰ লোক। ইয়ে তেওঁলোকক অধিককৈ জানিবলৈ প্ৰেৰিত কৰিছিল আৰু ময়ো তেওঁলোকৰ কিছুমান ভুল ধাৰণাক দূৰ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছদিনাৰ পৰা কিছুমান ছোৱালীয়ে একোটাকৈ প্ৰশ্ন লৈ মোৰ ওচৰলৈ আহিছিল।”

এনে সুযোগৰ সম্পূৰ্ণ লাভ উঠাই জেনিফাৰে অনুতাপ কৰিবলগীয়া হৈছিলনে? অৱশ্যেই অনুতাপ কৰা নাছিল। এই বিষয়ে তাই এইদৰে কয়: “দুপৰীয়াৰ আহাৰৰ সময়ৰ পিছত মই অধিক সুস্থিৰতা অনুভৱ কৰিছিলোঁ। এতিয়া সেই ছোৱালীবিলাকে ভালদৰে জানে যে বাস্তৱতে যিহোৱাৰ সাক্ষীসকল কোন।” তাই এইদৰে এক সৰল পৰামৰ্শ আগবঢ়াই কয়: “যদি আপুনি সহপাঠী বা শিক্ষক-শিক্ষয়ত্ৰীসকলৰ আগত সাক্ষী দিবলৈ কুণ্ঠাবোধ কৰিছে তেন্তে শীঘ্ৰেই প্ৰাৰ্থনা কৰক। যিহোৱাই আপোনাক সহায় কৰিব। সুযোগৰ অনুসাৰে সাক্ষী দিবলৈ পাই আপুনি আনন্দিত হʼব।”—১ পিতৰ ৩:১৫.

৮. (ক) নহিমিয়াই যেতিয়া অপ্ৰত্যাশিত পৰিস্থিতিৰ সম্মুখীন হৈছিল তেতিয়া যিহোৱালৈ কৰা প্ৰাৰ্থনাই তেওঁক কেনেকৈ সহায় কৰিলে? (খ) স্কুলত হোৱা কেনেবোৰ পৰিস্থিতিত আপুনি মনে মনে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো আৱশ্যক হʼব পাৰে?

যেতিয়া নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ কোনো সুযোগ পোৱা যায় তেতিয়া যিহোৱালৈ ‘শীঘ্ৰেই প্ৰাৰ্থনা কৰক’ বুলি কোৱা জেনিফাৰ কথাষাৰক স্মৰণ কৰক। ঠিক সেইদৰে পাৰস্য ৰজা অৰ্তক্ষত্ৰৰ ভৱনত দ্ৰাক্ষাৰস পৰিবেষণ কৰা পৰিচালক হিচাবে কাৰ্য্য কৰা নহিমিয়াৰ সৈতে ঘটিছিল, যেতিয়া তেওঁ এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল। যিৰূচালেমৰ দুৱাৰ আৰু দেৱাল বন্ধা কাৰ্য্য সম্পূৰ্ণ নোহোৱা আৰু ইহুদীসকলৰ মনোবৃত্তি শুনি নহিমিয়াই অতিশয় দুখিত হৈছিল। ৰজাই তেওঁৰ এনে অৱস্থা দেখি কিয় তেনেদৰে মন মাৰি আছে বুলি জানিবলৈ বিচাৰিলে। ৰজাক উত্তৰ দিয়াৰ পূৰ্বেই যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰি নহিমিয়াই প্ৰাৰ্থনা কৰিলে। তাৰ পিছত তেওঁ যে ধ্বংসপ্ৰাপ্ত যিৰূচালেমলৈ গৈ পুনৰাই নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰিব বিচাৰিছে এই বিষয়ে সাহসী হৈ ৰজাক জনালে। ৰজা অৰ্তক্ষত্ৰই তেওঁৰ এই অনুৰোধ স্বীকাৰ কৰিলে। (নহিমিয়া ২:১-৮) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আপোনাৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ সুযোগ পোৱাত যদি আপুনি আত্মপ্ৰত্যয়হীন হৈছে তেন্তে মনতে যিহোৱালৈ প্ৰাৰ্থনা কৰক। এই বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব।”—১ পিতৰ ৫:৭; গীতমালা ৫৫:২২.

“নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হবা”

৯. লিয়া নামৰ এগৰাকী ১৩ বছৰীয়া সাক্ষী ভনীয়ে কেনেকৈ যুৱক-যুৱতীবিলাকে সোধে কিতাপৰ ২৩ খন কপি বিতৰণ কৰিব পাৰিলে?

আন এটা অনুভৱৰ বিষয়ে বিবেচনা কৰক। লিয়া নামৰ এগৰাকী ১৩ বছৰীয়া সাক্ষী ভনীয়ে দুপৰীয়া আহাৰ খোৱাৰ সময়ত যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ-ব্যৱহাৰিক উত্তৰ * নামৰ কিতাপখন পঢ়ি আহিছিল। আগলৈ তাই এইদৰে কয়: “আনবিলাকে মোক লক্ষ্য কৰি আছিল আৰু অতি সোনকালে মোৰ চাৰিওফালে সকলোৱে জুমুৰী পাতি চাব ধৰিলে। তেওঁলোকে জানিবলৈ বিচাৰিছিল যে মই পঢ়ি থকা কিতাপখন কিহৰ ওপৰত লিখা হৈছে।” স্কুলৰ ছুটিৰ পিছত চাৰিজন ছোৱালীয়ে যুৱক-যুৱতীসকলে সোধা কিতাখনৰ একোখনকৈ কপি পাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেই ছোৱালী কেইজনীয়ে কিতাপখন আনকো পঢ়িবলৈ দিলে আৰু তেওঁলোকেও সেই কিতাপখন পাবলৈ চেষ্টা কৰিলে। কিছু সপ্তাহৰ ভিতৰত লিয়াই যুৱক-যুৱতীবিলাকে সোধা কিতাপখনৰ ২৩ টা কপি তাইৰ সহপাঠী আৰু বান্ধবীসকলক বিতৰণ কৰিছিল। আৰম্ভণিতে লিয়াৰ বাবে তেওঁলোকে জানিব বিচৰা প্ৰশ্নৰ উত্তৰ দিয়াটো সহজ আছিলনে? অৱশ্যেই সহজ নাছিল। তাই এইদৰে কৈছিল: “প্ৰথমতে মই আত্মপ্ৰত্যহীন হোৱা যেন অনুভৱ কৰিছিলোঁ, কিন্তু যিহোৱালৈ প্ৰাৰ্থনা কৰি জানিব পাৰিলোঁ যে যিহোৱা মোৰ সৈতে আছে।”

১০, ১১. ইস্ৰায়েল জাতিৰ এজনী সৰু ছোৱালীয়ে কেনেকৈ অৰামীয়া দেশৰ সেনাপতিক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰিলে আৰু তাৰ পিছত সেনাপতিজনে কেনে পৰিৱৰ্তন কৰিছিল?

১০ লিয়াৰ এই উদাহৰণে হয়তো আপোনাক অৰামীয়ালৈ বন্দী কৰি লৈ যোৱা সেই ইস্ৰায়েলী সৰু ছোৱালীজনীৰ বিষয়ে মনত পেলাব পাৰে। সেই ৰাজ্যৰ নামান নামৰ সেনাপতিজন কুষ্ঠ ৰোগৰ দ্বাৰা পীড়িত হৈছিল। সম্ভৱতঃ তেওঁৰ পত্নীয়ে সৰু ছোৱালীজনীৰ সৈতে হোৱা কথোপকথনে ছোৱালীজনীক তাইৰ বিশ্বাসৰ বিষয়ে কʼবলৈ উৎসাহিত কৰিলে। সেইবাবে তাই এনেদৰে কৈছিল: “চমৰিয়াত থকা ভাববাদীৰ লগত মোৰ প্ৰভুৱে সাক্ষাৎ কৰিলে বৰ ভাল হয়! তাকে কৰিলে তেওঁ কুষ্ঠ ৰোগৰ পৰা তেওঁক সুস্থ কৰিব।”—২ ৰাজাৱলি ৫:১-৩.

১১ তাই তেনে সাহসেৰে কোৱাৰ ফলস্বৰূপে নামানে জানিব পাৰিলে যে “গোটেই পৃথিবীত আৰু কʼতো ঈশ্বৰ নাই, কেৱল ইস্ৰায়েলৰ মাজতহে আছে।” (২ ৰাজাৱলি ৫:১৫, ১৭) এনে সাহসৰ বাবে যিহোৱাই তাইক আশীৰ্ব্বাদ দিছিল। বৰ্তমান যুৱক-যুৱতীসকলেও যিহোৱাৰ আশীৰ্ব্বাদ পাব পাৰে। লিয়াৰ ক্ষেত্ৰতো এই কথাশাৰী সঁচা বুলি প্ৰমাণিত হʼল। কিয়নো সময় অতিক্ৰম কৰাৰ লগে লগে তাইৰ কিছুমান সহপাঠীয়ে তাইক কৈছিল যে কেনেকৈ যুৱক-যুৱতীবিলাকে সোধা কিতাপখনে তেওঁলোকক আচাৰ-ব্যৱহাৰ উন্নত কৰাত সহায় কৰিছে। বৰ্তমান তাই কেনে অনুভৱ কৰিছে তাৰ বিষয়ে এনেদৰে কৈছে: “যিহেতু তেওঁলোকক যিহোৱাৰ বিষয়ে শিকিবলৈ আৰু তেওঁলোকৰ জীৱন-প্ৰণালীক পৰিৱৰ্তন কৰাত সহায় কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ।”

১২. আপোনাৰ বিশ্বাসৰ সপক্ষে উত্তৰ দিবলৈ আপুনি কেনেকৈ আত্মপ্ৰত্যয়শীল হʼব পাৰে?

১২ আপুনিও জেনিফাৰ আৰু লিয়াৰ দৰে অনুভৱ কৰিব পাৰে। এজন খ্ৰীষ্টান হোৱা হেতুকে আপুনি সদায়ে পাঁচনি পিতৰে কোৱা এই পৰামৰ্শটো পালন কৰা উচিত, যʼত তেওঁ এইদৰে কৈছিল: “যি কোনোৱে . . . অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হবা; কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা।” (১ পিতৰ ৩:১৫) কিন্তু আপুনি কেনেকৈ উত্তৰ দিবলৈ সষ্টম হʼব পাৰে? এই সম্পৰ্কে প্ৰথম শতিকাত “নিৰ্ভয়ে” প্ৰচাৰ কৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা খ্ৰীষ্টানসকলৰ আৰ্হিক অনুকৰণ কৰক। (পাঁচনিৰ কৰ্ম্ম ৪:৩০) তাৰ পিছত আপোনাৰ বিশ্বাসৰ বিষয়ে সাহসেৰে আনক জনাওক। আপুনি হয়তো তেনে কৰাৰ প্ৰতিফল দেখি আচৰিত হʼব পাৰে। তদুপৰি তেনে কৰাৰ দ্বাৰা আপুনি যিহোৱাৰ মন আনন্দিত কৰিব।

ভিদিঅ চলচিত্ৰ আৰু বিশেষ পৰিকল্পনাসমূহ

১৩. কিছুমান যুৱক-যুৱতীয়ে সাক্ষী দিবলৈ কেনে সুবিধাবোৰ ব্যৱহাৰ কৰিছে? (২০আৰু ২১ পৃষ্ঠাৰ বক্সবোৰত চাওক।)

১৩ যুৱক-যুৱতীসকলে নিজৰ সহপাঠী আৰু শিক্ষসকলক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ভিদিঅবোৰৰ দ্বাৰা তেওঁলোকৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিছে। আনসকলে স্কুলৰ পৰিকল্পনাসমূহত যিহোৱাৰ মহিমা কৰিবলৈ সুযোগ উলিয়াই উত্তমৰূপে সাক্ষী দিয়াত সক্ষম হৈছে। উদাহৰণস্বৰূপে, দুজন ১৫ বছৰীয়া সাক্ষী ভাইক তেওঁলোকৰ বুৰঞ্জীৰ ক্লাচত যিকোনো এটা ধৰ্ম্মৰ বিষয়ে লিখিবলৈ কোৱা হʼল। তেওঁলোক দুয়োজনে মিলি যিহোৱাচ উইটনেচেচ—প্ৰক্লেইমাৰ্চ্‌ অৱ গডচ্‌ কিংডম নামৰ কিতাপখন ব্যৱহাৰ কৰি যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সুন্দৰকৈ এটা প্ৰবন্ধ লিখিলে। * তদুপৰি তেওঁলোকে ৫ মিনিট সময়ৰ বাবে মৌখিক ৰিপৰ্টো প্ৰস্তুত কৰিব লাগিছিল। তাৰ পিছত অতিৰিক্ত ২০ মিনিটলৈকে শিক্ষক আৰু ছাত্ৰসকলে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিলে। তাৰ পিছতো কেইবা সপ্তাহ ধৰি সহপাঠীসকলে তেওঁলোকক যিহোৱাৰ সাক্ষীৰ সম্বন্ধে অনেক প্ৰশ্ন সুধিছিল!

১৪, ১৫. (ক) মানুহলৈ ৰখা ভয় কিয় ফান্দস্বৰূপ? (খ) আপোনাৰ বিশ্বাসৰ বিষয়ে আনক কʼবলৈ কিয় আত্মপ্ৰত্যয়শীল হোৱা উচিত?

১৪ ইয়াত উল্লেখ কৰা উদাহৰণসমূহে দেখুৱাইছে যে যিহোৱাৰ সাক্ষী হিচাবে আপুনি নিজৰ বিশ্বাসৰ বিষয়ে আনক কোৱাৰ দ্বাৰা অনেক আশীৰ্ব্বাদ লাভ কৰিব পাৰে। মানুহলৈ ৰখা ভয়ে আপোনাক যিহোৱাৰ বিষয়ে আনক জনোৱা বিশেষাধিকাৰত প্ৰতিবন্ধক সৃষ্টি কৰিব নিদিব আৰু আনক যিহোৱাৰ বিষয়ে জনাত সহায় কৰি আপুনি বাস্তৱতে আনন্দিত হʼব। কিয়নো বাইবেলে কৈছে: “লোকলৈ কৰা ভয়েই ফান্দ উপস্থিত কৰে; কিন্তু যি মানুহে যিহোৱাত ভাৰসা কৰে, তেওঁ নিৰাপদে থাকিব।”—হিতোপদেশ ২৯:২৫.

১৫ মনত ৰাখিব যে প্ৰকৃত খ্ৰীষ্টান হিচাবে আপুনি সমকক্ষ লোকক বৰ্তমান আৰু ভৱিষ্যতে হʼবলগীয়া সুন্দৰ জীৱনৰ বিষয়ে কোৱাটো আপোনাৰ কৰ্তব্য। (১ তীমথিয় ৪:৮) আপুনি এইটো জানি আচৰিত হʼব যে সংযুক্ত ৰাষ্ট্ৰৰ দৰে দেশত যʼত সাধাৰণতে লোকসকল নিৰুদ্যম বা ধৰ্ম্মৰ প্ৰতি আগ্ৰহী নহয়, এটা ৰিপৰ্টৰ অনুসাৰে তাৰ আধা ভাগ যুৱক-যুৱতীয়ে ধৰ্ম্মক গম্ভীৰতাৰে বিবেচনা কৰে আৰু তেওঁলোকৰ তিনি ভাগে কয় যে ধৰ্ম্মীয় বিশ্বাসে তেওঁলোৰ জীৱনত “সকলোতকৈ গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিছে।” তেনেধৰণৰ পৰিস্থিতি আজি বহুতো ঠাইত দেখিবলৈ পোৱা গৈছে। সেয়েহে আপোনাৰ স্কুলত থকা সহপাঠীসকলক বাইবেলৰ বিষয়ে জনোৱাটো অতি উত্তম আৰু তেওঁলোকে তাক শুনি আনন্দিত হʼব।

যুৱক-যুৱতীসকল, যিহোৱাৰ কাষ চাপি আহক

১৬. যিহোৱাৰ মন আনন্দিত কৰাৰ সৈতে আৰু কি সন্মিলিত আছে?

১৬ অৱশ্যে যিহোৱাৰ মন আনন্দিত কৰিবলৈ কেৱল তেওঁৰ বিষয়ে কোৱাটোৱেই যথেষ্ট নহয়। আপুনি তেওঁৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰাও সন্মিলিত আছে। এই বিষয়ে পাঁচনি যোহনে এইদৰে কৈছিল: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) যদি আপুনি তেওঁৰ কাষ চাপে তেন্তে সেইবোৰৰ সত্যতাক নিজে অনুভৱ কৰিব পাৰিব। আপুনি কেনেকৈ তেওঁৰ কাষ চাপিব পাৰে?

১৭. আপুনি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰে?

১৭ বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীবোৰ পঢ়িবলৈ সময় উলিয়াওক। আপুনি যিমানেই যিহোৱাৰ বিষয়ে জানিব, সিমানেই তেওঁৰ আজ্ঞা পালন কৰিবলৈ আৰু তেওঁৰ বিষয়ে আনক কʼবলৈ সহজ অনুভৱ কৰিব। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “ভাল মানুহে নিজৰ হৃদয়ৰূপ ভাল ভঁৰালৰ পৰা, ভাল দ্ৰব্য উলিয়ায়; কিয়নো মনৰ অধিক ভাবৰ পৰা তাৰ মুখে কথা কয়।” (লূক ৬:৪৫) গতিকে আপোনাৰ মন আৰু হৃদয়ত উত্তম বস্তুৰে পূৰ কৰক। এই সম্পৰ্কে আপুনি কিয় লক্ষ্য নাৰাখে? আপুনি হয়তো এই সপ্তাহৰ সভাৰ কাৰ্য্যক্ৰমৰ বাবে তৈয়াৰ কৰা পদ্ধতিত উন্নতি কৰিব পাৰে। আপোনাৰ দ্বিতীয় লক্ষ্যটো হʼব পাৰে সভাত চমূকৈ কিন্তু অৰ্থপূৰ্ণ মন্তব্য দিয়া। বাস্তৱতে আপুনি যি শিকিছে সেইবোৰৰ অনুসাৰে চলাও অতি গুৰুত্বপূৰ্ণ।—ফিলিপীয়া ৪:৯.

১৮. যদিও আপুনি বিৰোধিতাৰ সম্মুখীন হʼবলগীয়া হয় তথাপিও কিহৰ বিষয়ে নিশ্চিত হʼব পাৰে?

১৮ যিহোৱাক সেৱা কৰি পোৱা আশীৰ্ব্বাদসমূহ স্থায়ী অৰ্থাৎ চিৰকলীয়া। এইটো সঁচা যে আপুনি এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে কেতিয়াবা হয়তো বিৰোধিতা বা বিদ্ৰূপৰ পাত্ৰ হʼব পাৰে। কিন্তু মোচিৰ বিষয়ে ভাবক। বাইবেলে কৈছে যে “তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।” (ইব্ৰী ১১:২৪-২৬) আপুনি নিশ্চিত হʼব পাৰে যে যিহোৱাৰ বিষয়ে শিকা আৰু আনক তেওঁৰ বিষয়ে কোৱাৰ দ্বাৰা অৱশ্যেই ঈশ্বৰৰ পুৰষ্কাৰ লাভ কৰিব পাৰে। কিয়নো তেওঁ কেতিয়াও ‘তেওঁৰ নামলৈ দেখুউৱা প্ৰেম আৰু পৰিশ্ৰম পাহৰি নাযায়।’—ইব্ৰী ৬:১০. (w03 4/15)

[ফুটনোটবোৰ]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• আপুনি কেনেকৈ নিশ্চিত হʼব পাৰে যে যিহোৱাই আপোনাৰ সেৱাৰ প্ৰতি মূল্যাঙ্কন কৰে?

• কিছুমানে স্কুলত সাক্ষী দিবলৈ কেনে পদ্ধতি অৱলম্বন কৰি সফলতা লাভ কৰিছে?

• সহপাঠীসকলক সাক্ষী দিবলৈ আপুনি কেনেকৈ আত্মপ্ৰত্যয়শীল হʼব পাৰে?

• আপুনি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ বক্স/ছবি]

আনকি সৰু লʼৰা- ছোৱালীবিলাকেও যিহোৱাৰ মহিমা কৰে

আনকি সৰু লʼৰা- ছোৱালীবিলাকেও স্কুলত সাক্ষী দিবলৈ সক্ষম হৈছে। তলত দিয়া তাৰে কিছুমান অনুভৱৰ বিষয়ে বিবেচনা কৰক।

পঞ্চম শ্ৰেণীৰ আম্বেৰ নামৰ ১০ বছৰীয়া কণ-মাণি যিহোৱাৰ সাক্ষীয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত নাজীসকলে ইহুদীসকলৰ ওপৰত কৰা অত্যাচাৰৰ বিষয়ে এখন কিতাপ পঢ়িব পালে। এই বিষয়ে তাই নিজৰ শিক্ষয়ত্ৰীক পাৰপল ট্ৰাইনগলʼছ নামৰ ভিদিঅ কেছেটখন দেখুৱাবলৈ ঠিৰাং কৰিলে। সেই ভিদিঅখনত নাজীসকলে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত চলোৱা অত্যাচাৰক দেখি শিক্ষয়ত্ৰী গৰাকীয়ে আচৰিত হʼল। পিছলৈ শিক্ষয়ত্ৰী গৰাকীয়ে সেই ভিদিঅখন শ্ৰেণীৰ সকলো বিদ্যাৰ্থীক দেখুৱালে।

আলেক্সা নামৰ ৮ বছৰীয়া কণ-মাণি ছোৱালীয়ে তাই কিয় বৰদিন উৎসৱ পালন নকৰে এই বিষয়ে এখন পত্ৰ লিখি তাইৰ ক্লাচৰ সকলোকে বৰ্ণনা কৰিলে। পত্ৰখন পঢ়ি শিক্ষয়ত্ৰী গৰাকীয়ে ইমানেই প্ৰভাৱিত হʼল যে তাই আলেক্সাৰ পত্ৰখন নিজৰ ক্লাচৰ বাহিৰে আৰু আন দুটা ক্লাচ ৰূমতো সকলোৰে আগত পঢ়ি শুনাবলৈ কʼলে। পত্ৰখনৰ সামৰণিত আলেক্সাই এনেদৰে লিখিছিল: “মোক আনৰ ধৰ্ম্মক সন্মান কৰিবলৈ শিকোৱা হৈছে আৰু বৰদিন পালন নকৰাৰ সম্বন্ধে লোৱা মোৰ নিৰ্ণয়ক সন্মান কৰাৰ বাবে মই আপোনালোকলৈ অনেক ধন্যবাদ জনাইছোঁ।”

প্ৰথম শ্ৰেণীত ভৰ্ত্তি হোৱা কিছুদিনৰ পিছতে এৰিকে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন তাৰ সহপাঠীসকলক দেখুৱালৈ অনুমতি বিচাৰিলে। তেতিয়া তাৰ শিক্ষকে তাক এইদৰে কʼলে: “মই ভাবো যে তুমি সকলোৰে আগতে কিয় পঢ়ি নশুনোৱা?” এৰিকে তাকে কৰিছিল। তাৰ পিছত তেওঁ সকলোকে আমন্ত্ৰিত কৰি কʼলে যে কোনে ইয়াৰ এখন কপি পাব বিচাৰে তেওঁলোকে যেন নিজৰ নিজৰ হাত দাঙে। শিক্ষকৰ সৈতে ওঠৰজনে হাত দাঙিলে! এতিয়া এৰিকে ভাবে যে তেওঁৰ ওচৰত সাক্ষী দিবলৈ এক বিশেষ এলেকা আছে।

ন-বছৰীয়া ৱাইটনিয়ে যিহোৱাৰ সাক্ষীসকল আৰু শিক্ষা নামৰ ব্ৰচাৰখন পাই কৃতজ্ঞতা অনুভৱ কৰিছে। * তাই এইদৰে কয়: “প্ৰত্যেক বছৰে মায়ে মোৰ শিক্ষকসকলক এই ব্ৰচাৰখন দি আহিছে। কিন্তু এইবছৰ মই নিজেই এই ব্ৰচাৰখন মোৰ শিক্ষয়ত্ৰী গৰাকীক দিলোঁ। সেইবাবে মোৰ শিক্ষয়ত্ৰী গৰাকীয়ে মোক ‘সপ্তাহটোৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী’ হিচাবে নিৰ্ব্বাচিত কৰিলে। গতিকে এই ব্ৰচাৰখনৰ প্ৰতি মোৰ অনেক ধন্যবাদ থাকিল।”

[ফুটনোট]

^ ওপৰত উল্লেখ কৰা সকলোবোৰ প্ৰকাশন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

[৩১ পৃষ্ঠাৰ বক্স/ছবি]

ছুমানে সুবিধা অনুসাৰে সাক্ষী দিবলৈ বাছি লৈছে

কিছুমানে নিজৰ স্কুল ৰিপৰ্ট বা প্ৰজেক্ট বনোৱাৰ সময়খিনিক সাক্ষী দিবলৈ বাছি লৈছে

কিছুমান যুৱক-যুৱতীয়ে নিজৰ শিক্ষকজনক ক্লাচত আলোচনা কৰা বিষয়টোৰ সৈতে সম্পৰ্ক থকা এটা আলোচনাৰ বিষয় বা এখন ভিদিঅ কেছেট দিছে

কিছুমান যুৱক-যুৱতীয়ে বাইবেল বা বাইবেল আধাৰিত প্ৰকাশনসমূহ জীৰণি সময়ত পঢ়ি থকা সময়ত অন্য সহপাঠীসকলে আহি বিভিন্ন প্ৰশ্নসমূহ সোধা অনুভৱ কৰিছে