“সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱা
“সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱা
“সকলো মানুহৰ প্ৰতি মৃদুভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা।”—তীত ৩:১, ২.
১. নিৰন্তৰে মৃদুতা গুণ প্ৰদৰ্শন কৰাটো কিয় ইমান সহজ নহয়?
“মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, তোমালোকো তেনেকৈ মোৰ অনুকাৰী হোৱা,” বুলি পাঁচনি পৌলে কৈছিল। (১ কৰিন্থীয়া ১১:১) এই পৰামৰ্শক পালন কৰিবলৈ ঈশ্বৰৰ সকলো সেৱকে প্ৰাণপণে চেষ্টা কৰে। এইটো কোনো সহজ কথা নহয়, কিয়নো আমি আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আমাত স্বাৰ্থপৰ ভাৱনা আৰু মানসিক প্ৰবৃত্তি বাস কৰে যি খ্ৰীষ্টৰ আৰ্হিৰ সামঞ্জস্যত নহয়। (ৰোমীয়া ৩:২৩; ৭:২১-২৫) যদি আমি সকলোৱে পৰিশ্ৰম কৰোঁ তেন্তে এই গুণ দেখুৱালৈ নিশ্চই সফলতা লাভ কৰিব পাৰিম। ইয়াৰ বাবে আমি কেৱল ইচ্ছুকতাই নহয় কিন্তু ইয়াতকৈ অধিক কৰা আৱশ্যক। সেই আৱশ্যকতাটো কি?
২. আমি কেনেকৈ “সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱাব পাৰোঁ?
২ ঈশ্বৰীয় মৃদুতা হৈছে পবিত্ৰ আত্মাই উৎপন্ন কৰা ফলৰ এটা অংশ। যিমানেই পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼবলৈ আমি নিজকে এৰি দিম, সিমানেই এই গুণটো আমাত অধিককৈ দেখা দিব। কেৱল তেতিয়াহে আমি “সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱালৈ সক্ষম হʼম। (তীত ৩:২) গতিকে আঁহক আমি যীচুৰ আৰ্হিক কেনেকৈ অনুকৰণ আৰু আমাৰ সৈতে সঙ্গতি কৰাসকলক কেনেকৈ ‘জিৰণি দিব’ পাৰোঁ সেই বিষয়ে বিবেচনা কৰোঁহঁক।—মথি ১১:২৯; গালাতীয়া ৫:২২, ২৩.
পৰিয়ালত মৃদুভাৱ দেখুৱা
৩. পৰিয়ালৰ কেনে অৱস্থাই এই জগতৰ আত্মাক প্ৰতিফলিত কৰিছে?
৩ এইটো এনে এটা ক্ষেত্ৰ যʼত এই মৃদুতা গুণটো প্ৰকাশ কৰা অতি আৱশ্যক আৰু সেইয়া হৈছে পৰিয়ালৰ মাজত। বশ্ব স্বাস্থ্য সংঘই অনুমান কৰা অনুসাৰে পৰিয়ালত হোৱা মাৰ-পিট মহিলাসকলৰ স্বাস্থ্যৰ বাবে বিপদজনক হৈছে, গাড়ী দুৰ্ঘটনা আৰু মেলেৰীয়া ৰোগত অধিক সংখ্যকে পীড়িত হৈছে। উদাহৰণস্বৰূপে, লণ্ডনত ২৫ শতাংশ লোকে গৃহ কন্দল আৰু অপৰাধৰ বিষয়ে ৰিৰ্পট কৰিছে। আৰক্ষীয়ে প্ৰায়ে তেনে লোকসকলৰ সম্মুখীন হৈছে যিসকলে “চিঞৰ-বাখৰ আৰু বেয়া কথাৰে” নিজৰ অনুভূতি প্ৰকাশ কৰে। কিছুমান বৈবাহিক দম্পতীয়ে এজনে আনজনৰ প্ৰতি “আখেজীয়া তিক্তকৰ” মনোবৃত্তি প্ৰকাশ কৰাৰ ফলত তেওঁলোকৰ সম্বন্ধত প্ৰভাৱিত হৈছে। এই সকলোবোৰ “জগতৰ আত্মাৰ” দুখজনক প্ৰতিফল আৰু খ্ৰীষ্টান পৰিয়ালত সেইবোৰৰ কোনো স্থান নাই।—ইফিচীয়া ৪:৩১; ১ কৰিন্থীয়া ২:১২.
৪. মৃদুতাই পৰিয়ালৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে?
৪ এই জাগতিক মনোবৃত্তিবোৰৰ পৰা আঁতৰি থাকিবলৈ আমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হোৱা আৱশ্যক। কিয়নো বাইবেলত কৈছে যে, “যʼতে প্ৰভুৰ আত্মা, তʼতে স্বাধীনতাও।” (২ কৰিন্থীয়া ৩:১৭) গতিকে প্ৰেম, আত্মনিয়ন্ত্ৰণ আৰু চিৰসহিষ্ণুতাই অসিদ্ধ স্বামী-স্ত্ৰীৰ মাজত ঐক্যতা বান্ধোন দৃঢ় কৰি তুলে। (ইফিচীয়া ৫:৩৩) মৃদুতাই পৰিয়ালৰ মাজত শান্তি আৰু আনন্দ কঢ়িয়াই আনে যিটো খৰিয়াল আৰু বিবাদ লাগি থকা পৰিয়ালৰ মাজত দেখা নাযায়। এইটো সচাঁ যে এজন ব্যক্তিয়ে কোৱা কথাষাৰ অতি গুৰুত্বপূৰ্ণ, কিন্তু তেওঁ যি ধৰণে শব্দবোৰ প্ৰকাশ কৰে, সেইয়ে তেওঁৰ অনুভূতি দাঙি ধৰে। কিন্তু মৃদুতাৰে এটা অশান্তিপূৰ্ণ অৱস্থাক শান্ত কৰিব পাৰি। এই বিষয়ে জ্ঞানী ৰজা চূলেমানে এনেদৰে কৈছিল: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।”—হিতোপদেশ ১৫:১.
৫. ধৰ্ম্মীয়ৰূপে বিভাজিত পৰিয়ালক মৃদুতাই কেনেকৈ সহায় কৰিব পাৰে?
৫ বিশেষকৈ ধৰ্ম্মীয়ৰূপে বিভাজিত পৰিয়ালত এই গুণটো হোৱা অতি আৱশ্যক। দয়াৰে কৰা কাৰ্য্যৰ দ্বাৰা তেওঁলোকৰ মন জিকিব আৰু যিহোৱাৰ প্ৰতি উচিত দৃষ্টিকোণ ৰখাত সহায় কৰিব পাৰে। পাঁচনি পিতৰে খ্ৰীষ্টান পত্নীসকলক এনেদৰে পৰামৰ্শ দি কৈছিল: “হে ভাৰ্য্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; বিশেষ, তেওঁবিলাকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত শুচি আচাৰ-ব্যৱহাৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা। কেশ-বেশ, আৰু সোণৰ অলঙ্কাৰ পিন্ধা, বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক; কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক; এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।”—১ পিতৰ ৩:১-৪.
৬. মৃদুতাই কেনেকৈ পিতৃ-মাতৃ আৰু সন্তানৰ মাজত থকা সম্পৰ্কক দৃঢ় কৰি তুলিব পাৰে?
৬ যেতিয়া যিহোৱাৰ প্ৰতি প্ৰেম হ্ৰাস হয় তেতিয়া পিতৃ-মাতৃ আৰু সন্তানৰ মাজত থকা সম্পৰ্কত ব্যাঘাত জন্মে। সেইবাবে সকলো খ্ৰীষ্টান পৰিয়ালত মৃদুতা গুণটো প্ৰকাশ পোৱা অতি আৱশ্যক। পাঁচনি পৌলে পিতৃবিলাকক পৰামৰ্শ দি এইদৰে কৈছিল: “তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) যেতিয়া এই গুণটোৰ অভ্যাস কৰা হয় তেতিয়া পিতৃ-মাতৃ আৰু সন্তানৰ মাজত এক অটুত সম্বন্ধ গঢ়ি উঠে। পাঁচজন ভাই-ভনীৰে গঠিত এটা পৰিয়ালৰ ডেন নামৰ সদস্যজনে নিজৰ দেউতাকৰ বিষয়ে এনেদৰে কয়: “মোৰ দেউতা মৃদু স্বভাৱৰ ব্যক্তি আছিল। তেওঁৰ সৈতে মই আনকি সৰু থকা অৱস্থাটো কেতিয়াও তৰ্ক-বিতৰ্ক হোৱা বুলি মনত নপৰে। তেওঁ অশান্তিজনক পৰিস্থিতিতো মৃদুতা বজাই ৰাখিছিল। কেতিয়াবা তেওঁ মোক শাস্তিৰূপে শুৱনি কোঠালৈ যাবলৈ বা মই ভাল পোৱা কোনো বিশেষ কাৰ্য্যত ভাগ লʼবলৈ নিদিছিল। কিন্তু আমি কেতিয়াও তৰ্ক-বিতৰ্ক কৰা নাছিলোঁ। তেওঁ কেৱল আমাৰ পিতৃয়েই নহয় কিন্তু বন্ধুও আছিল। তেওঁক আমি কেতিয়াও নিৰাশ কৰিবলৈ বিচৰা নাছিলোঁ।” বাস্তৱতে মৃদুতাই পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ মাজত এক অটুত সম্পৰ্ক গঢ়ি তুলে।
প্ৰচাৰ কাৰ্য্যত মৃদুতা বজাই ৰখা
৭, ৮. প্ৰচাৰ কাৰ্য্যত কিয় মৃদুতা গুণ প্ৰকাশ কৰা অতি আৱশ্যক?
৭ মৃদুতা প্ৰকাশ কৰাৰ আন এটা ক্ষেত্ৰ হৈছে প্ৰচাৰ কাৰ্য্য। শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত আমি বিভিন্ন প্ৰকাৰৰ ব্যক্তিত্ব থকা লোকসকলক লগ পাওঁ। কিছুমানে আমাৰ শুভবাৰ্ত্তাৰ প্ৰতি আনন্দেৰে মনোযোগ দিয়ে আৰু আন কিছুমানে বিভিন্ন কাৰণৰ বাবে মনোযোগ নিদিব পাৰে। এনে অৱস্থাত মৃদুতাই পৃথিৱীত থকা সকলো লোকক প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞাক পালন কৰাত সহায় কৰে।—পাঁচনিৰ কৰ্ম্ম ১:৮; ২ তীমথিয় ৪:৫.
৮ পাঁচনি পিতৰে এইদৰে লিখিছিল: “খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা; যি কোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হবা; কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা।” (১ পিতৰ ৩:১৫) যিহেতু আমি যীচুৰ আৰ্হিক নিবিড়ভাৱে পালন কৰাৰ বাবে সাক্ষী দিয়াৰ সময়ত যিসকলে কঠোৰভাৱে আচৰণ কৰে তেওঁলোকৰ প্ৰতি মৃদুতা আৰু সন্মানেৰে আচৰণ কৰোঁ। এনেধৰণৰ আচৰণে সদায়েই উত্তম প্ৰতিফল কঢ়িয়াই আনে।
৯, ১০. প্ৰচাৰ কাৰ্য্যত মৃদুতা গুণটো বজাই ৰখাটো যে অতি গুৰুত্বপূৰ্ণ এই বিষয়ে এটা অনুভৱ কওক।
৯ দুৱাৰ টুকুৰিওৱা শব্দ শুনাত কেইথৰ পত্নীয়ে দুৱাৰৰ ফালে আগবাঢ়ি গʼল, কেইথে হʼলে আঁতৰৰ পৰা সকলো লক্ষ্য কৰিব ধৰিলে। কিন্তু কেইথৰ পত্নীয়ে দুৱাৰ খুলি সেইজন যিহোৱাৰ সাক্ষী বুলি জানিব পাৰিলে। তাই খঙেৰে অভিযোগ দিব ধৰিলে যে যিহোৱাৰ সাক্ষীসকলে লʼৰা-ছোৱালীক ক্ৰুৰতাৰে ব্যৱহাৰ কৰে। তেতিয়া দুৱাৰ সম্মুখত থিয় হৈ থকা ভাইজনে অতি মৃদুতাৰে এইদৰে কʼলে: “ক্ষমা কৰিব, আমাৰ বিষয়ে সেইয়া আপোনাৰ ভুল ধাৰণা। অনুগ্ৰহ কৰি মই দেখুৱাব পাৰোঁনে যে যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?” মনে মনে কথোপকথন শুনি থকা কেইথে ভাইজনক তালৈ পুনৰাই অহাৰ কোনো প্ৰয়োজন নাই বুলি কোৱা উদ্দেশ্যৰে দুৱাৰ মুখলৈ কাষ চাপি আহিল।
১০ পিছলৈ এই দম্পতীয়ে আলহীক বেয়া ব্যৱহাৰ কৰা বুলি অনুতাপ কৰিব ধৰিলে। ভাইজনে মৃদুভাৱে দিয়া উত্তৰে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিলে। এসপ্তাহৰ মূৰত সেই ভাইজন পুনৰাই কেইথ আৰু তেওঁৰ পত্নীক যিহোৱাৰ সাক্ষীসকলকে কি বিশ্বাস কৰে তাৰ শাস্ত্ৰীয় প্ৰমাণ দিবলৈ উপস্থিত হোৱাত তেওঁলোকে আচিৰত হʼল। আগলৈ তেওঁলোকে এনেদৰে কয়: “যোৱা দুই বছৰৰ পৰা আমি যিহোৱাৰ সাক্ষীৰ আন সদস্যসকলে যি কৈছিল সেই সকলোবোৰ মনোযোগেৰে শুনিছিলোঁ।” পিছলৈ তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হয় আৰু অৱশেষত নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লয়। তেওঁলোকৰ তেনে পদক্ষেপ লোৱাত সেই ভাইজনৰ বাবে কিযে এক আনন্দৰ বিষয় আছিল! বহু বছৰৰ পিছত প্ৰথমতে সাক্ষাৎ কৰিবলৈ অহা ভাইজনে সেই দম্পতীক লগ পাই জানিবলৈ পাৰিলে যে তেওঁলোক এতিয়া যিহোৱাৰ সাক্ষী অৰ্থাৎ তেওঁৰ আধ্যাত্মিক ভাই-ভনী। সঁচাকৈ, মৃদুতাই এক উত্তম প্ৰতিফল কঢ়িয়াই আনে।
১১. কিছুমানক খ্ৰীষ্টান সত্যতাক গ্ৰহণ কৰিবলৈ মৃদুতাই কেনে ধৰণে সহায় কৰিব পাৰে?
১১ এজন সৈনিকৰূপে হেৰল্ডে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সন্দেহ আৰু বিৰক্তি অনুভৱ কৰিছিল। তেওঁ সমস্যাৰ সাগৰত ডুব গৈ থাকোঁতেই এজন সুৰাৰক্ত চালকৰ গাড়ীৰ দ্বাৰা আঘাত হৈ স্থায়ীভাৱে শাৰীৰিক অক্ষম হৈ পৰে। যেতিয়া যিহোৱাৰ সাক্ষীসকলে তেওঁক সাক্ষাৎ কৰে তেতিয়া তেওঁ তেওঁলোক পুনৰাই তেওঁৰ ওচৰলৈ আহিবলৈ মানা কৰে। কিন্তু এবাৰ বীল নামৰ এজন যিহোৱাৰ সাক্ষীয়ে তেওঁৰ ঘৰৰ কাষৰ ঘৰটোত থকা আগ্ৰহী ব্যক্তিজনক সাক্ষাৎ কৰিবলৈ আহি ভুলতে হেৰল্ডৰ ঘৰৰ দুৱাৰখন টুকুৰিয়ালে। লাখুটিৰ সহায়েৰে হেৰল্ডে খোজ কাঢ়ি আহি দুৱাৰখন খুলি দিয়ে আৰু তেওঁক দেখা পাই ভাইজনে ভুলতে তেওঁ দুৱাৰ টুকুৰিয়ালে বুলি ক্ষমা বিচাৰিলে। হেৰল্ডে ভাইজনৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? বীলে এইটো জনা নাছিল যে হেৰল্ডে দূৰদৰ্শনৰ বাতৰিত যিহোৱাৰ সাক্ষীসকলে একলগ হৈ কম সময়ৰ ভিতৰতে এখন নতুন ৰাজ্যগৃহ নিৰ্ম্মাণ কৰাৰ বিষয়ে চাইছিল। বহুতো লোকে একত্ৰিত হৈ কাম কৰা দেখি তেওঁ অতি প্ৰভাৱিত হৈছিল আৰু ইয়ে সাক্ষীসকলৰ প্ৰতি থকা তেওঁৰ মনোবৃত্তি সলনি কৰিলে। তদুপৰি বীলে মৃদুতাৰে ক্ষমা বিচৰা কথাষাৰে তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু উন্নতি কৰি যিহোৱাৰ এজন বাপ্তিষ্মা প্ৰাপ্ত সেৱক হৈ পৰিল।
মণ্ডলীত মৃদুতা বজাই ৰখা
১২. খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলে কেনে জাগতিক মনোবৃত্তিবোৰক প্ৰতিৰোধ কৰা আৱশ্যক?
১২ তৃতীয় ক্ষেত্ৰতো হৈছে মণ্ডলী, যʼত মৃদুতা বজাই ৰখাটো অতি আৱশ্যক। আজিৰ সমাজখনত বাদ-বিবাদ হোৱাটো সাধাৰণ বিষয় হৈ পৰিছে। যিসকলে জীৱনটোৰ প্ৰতি জাগতিক দৃষ্টিভঙ্গী ৰাখে তেনে ব্যক্তিসকলৰ বাবে তৰ্ক-বিতৰ্ক আৰু হাই-কাজিয়া কৰাটো এটা সাধাৰণ বিষয়। কেতিয়াবা কেতিয়াবা তেনে মনোবৃত্তি খ্ৰীষ্টান মণ্ডলীতো প্ৰবেশ কৰা ফলস্বৰূপে সদস্যসকলৰ মাজত তৰ্ক-বিতৰ্ক আৰু চিঞৰ-বাখৰ কৰা দেখিবলৈ পোৱা যায়। যেতিয়া এনে পৰিস্থিতিত ভাৰপ্ৰাপ্ত ভাইসকলে কোনো ব্যৱস্থা লʼবলগীয়া হয় তেতিয়া তেওঁলোক দুঃখিত হৈ পৰে। তথাপিও যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু ভাইসকলৰ প্ৰেৰণাৰ দ্বাৰা তেওঁলোকে বিপথগামী ব্যক্তিবিলাকক শুধৰণী কৰিবলৈ চেষ্টা কৰে।—গালাতীয়া ৫:২৫, ২৬.
১৩, ১৪. “বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা” দিয়াৰ দ্বাৰা কেনে প্ৰতিফল পাব পাৰি?
১৩ প্ৰথম শতিকাত পাঁচনি পৌল আৰু তীমথিয়ক মণ্ডলীৰ কিছুমান সদস্যৰ বাবে ক্লেশৰ সম্মুখীন হʼবলগীয়া হৈছিল। যাৰ বাবে পাঁচনি পৌলে তীমথিক এনে ব্যক্তিসকলৰ পৰা আঁতৰি থাকিবলৈ কৈছিল যিসকল মাটিৰ পাত্ৰৰ “কেতবোৰ অনাদৰৰ” নিচিনা আছিল। তেওঁ যুক্তি দৰ্শাই এইদৰে কৈছিল: “প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোলৈকে মৃদুভাৱে শিক্ষা দিয়াত নিপুণ, আৰু অপকাৰত সহনীয় হৈ, বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা দিব লাগে।” যেতিয়া আমি অশান্তি পৰিস্থিতিত আৰু প্ৰতিবাদ কৰোঁতা সকলৰ সৈতে মৃদুতা বজাই ৰাখোঁ তেতিয়া তেওঁলোকৰ সমালোচনামূলক মন্তব্যবোৰত ঠিৰে থাকিবলৈ সক্ষম হওঁ। আনকি পাঁচনি পৌলে কোৱাৰ অনুসাৰে যিহোৱাই “তেওঁবিলাকক মন-পালটনস্বৰূপ বৰ দিব।” (২ তীমথিয় ২:২০, ২১, ২৪, ২৫) লক্ষ্য কৰক যে ইয়াত পৌলে নম্ৰতা আৰু আত্মসংযমৰ সৈতে মৃদুতাক সংযোগ কৰিছে।
১৪ পাঁচনি পৌলে যি প্ৰচাৰ কৰিছিল তাৰ অনুসাৰে চলিছিল। কৰিন্থীয়া মণ্ডলীত ‘প্ৰধান পাঁচনিবিলাকৰ’ সৈতে কথোপকথন হোৱাৰ সময়ত তেওঁ ভাইসকলক এনেদৰে উদগণি দিছিল: “মই যি পৌল তোমালোকৰ সাক্ষাতে নম্ৰ, কিন্তু অসাক্ষাতে তোমালোকৰ প্ৰতি সাহিয়াল, মই নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছোঁ।” (২ কৰিন্থীয়া ১০:১; ১১:৫) দৰাচলতে, পৌলে যীচুক অনুকৰণ কৰিছিল। মন কৰিবলগীয়া এই যে তেওঁ খ্ৰীষ্টৰ “মৃদু” স্বভাৱেৰে ভাইসকলক অনুৰোধ কৰিছিল। তেনে কৰাৰ দ্বাৰা তেওঁ স্বেচ্ছাচাৰী মনোবৃত্তিৰ পৰা আঁতৰি আছিল। নিঃসন্দেহ, তেওঁৰ এনে অনুৰোধত মণ্ডলীত সঠিক মনোবৃত্তি ৰাখোঁতাসকলে অতি উৎসাহিত হৈছিল। তদুপৰি দুৰ্ব্বল সম্বন্ধক শক্তিশালী কৰি মণ্ডলীত শান্তি আৰু ঐক্যতা স্থাপিত কৰিবলৈও সক্ষম হৈছিল। এই পদক্ষেপটোক অনুকৰণ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত নহয়নে বাৰু? বিশেষকৈ প্ৰাচীনসকলে যীচু আৰু পাঁচনি পৌলে ৰখা আৰ্হিৰ অনুসাৰে চলা উচিত।
১৫. পৰামৰ্শ দিয়াৰ সময়ত কিয় মৃদুতা হোৱা আৱশ্যক?
১৫ বিশেষকৈ মণ্ডলীৰ শান্তি আৰু ঐক্যতা বিপদত পৰা সময়ত আনক সহায় কৰাৰ যি দায়িত্ব ই সীমিত হোৱা উচিত নহয়। ক্ষতিগ্ৰস্ত পৰিস্থিতি হোৱাৰ পূৰ্বেই ভাইসকলক প্ৰেমময় মাৰ্গদৰ্শন দিয়া আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে কৈছিল: “হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক আকৌ সুস্থ কৰা।” কিন্তু এই সংশোধন কৰোঁতে কি সাৱধানতা অৱলম্বন কৰা উচিত? আগলৈ তেওঁ এইদৰে কৈছিল: “পাছে জানো তুমিও পৰীক্ষাত পৰা, এই কাৰণে নিজক চাবা।” (গালাতীয়া ৬:১) যিহেতু “মৃদুশীল আত্মা” বজাই ৰখাটো ইমান সহজ নহয়। কিয়নো সকলো খ্ৰীষ্টানৰ সৈতে মনোনিত ব্যক্তিসকলেও পাপময় প্ৰবৃত্তিৰ বশীভূত। তথাপিও মৃদুতাই এজন অপৰাধ কৰা ব্যক্তিক দিয়া সংশোধনীক সহন কৰিবলৈ সহায় কৰিব।
১৬, ১৭. পৰামৰ্শৰ পালন কৰিবলৈ অনিচ্ছুক হোৱা ব্যক্তিক পৰিৱৰ্তন কৰিবলৈ কিহে সহায় কৰিব পাৰে?
১৬ মূল গ্ৰীক ভাষাত “সুস্থ” শব্দটোক এডাল ভাঙি যোৱা হাড়ক পুনৰাই সংযোগ কৰাৰ সময়ত সম্মুখীন হোৱা কষ্টদায়ক পদ্ধতিৰ সৈতেও বুজাব পাৰি। হাড় ঠিক কৰা ডাক্টৰজনে কষ্টদায়ক পদ্ধতিৰ লাভসমূহৰ বাস্তৱিকতাৰ বিষয়ে আশ্বাস দিয়ে। তেওঁৰ সুস্থিৰ আচৰণ দেখি শান্ত্বনা পোৱা যায়। আৰম্ভণিতে তেওঁ কোৱা কেইশাৰীমান কথাই কষ্টদায়ক পৰিস্থিতিতো থিৰে থাকিবলৈ সহায় কৰে। ঠিক সেইদৰে আধ্যাত্মিকৰূপে কৰা সুস্থতাও কষ্টদায়ক হʼব পাৰে। কিন্তু মৃদুতাই ইয়াক স্বীকাৰ কৰিবলৈ, পুনৰাই সম্বন্ধ গঢ়ি তুলিবলৈ আৰু অপৰাধ কৰা জনক বেয়া পথ ত্যাগ দিবলৈ সহায় কৰিব। যদিও অপৰাধ কৰা ব্যক্তিজনে প্ৰথমতে পৰামৰ্শ গ্ৰহণ কৰিবলৈ ইচ্ছুক হোৱা নাই তথাপিও পৰামৰ্শ দিওঁতাজনেই মৃদুতা বজাই ৰাখি ব্যক্তিজনৰ অনিচ্ছুকতাক সলনি কৰি শাস্ত্ৰীয় নিৰ্দ্দেশনাৰ দ্বাৰা পৰিচালিত হʼবলৈ সহায় কৰিব পাৰে।—হিতোপদেশ ২৫:১৫.
১৭ আনক সংশোধণী কৰাৰ সময়ত প্ৰায়ে এটা বিপদে দেখা দিয়ে, সেইয়া হৈছে অভিযুক্ত ব্যক্তিজনে পৰামৰ্শবোৰক বিৰূপ অৰ্থত লʼব পাৰে। এজন লিখকে এনেদৰে বৰ্ণনা কৰিছে: “আনক পৰামৰ্শ দিওঁতে আমি আত্মগুৰুত্বপূৰ্ণ হৈ বিপদত পৰিব পাৰোঁ। সেয়েহে পৰামৰ্শ দিওঁতে অধিক মৃদুতা হোৱা আৱশ্যক।” নম্ৰতাৰ সৈতে সংযোগ থকা মৃদুতাই খ্ৰীষ্টান পৰামৰ্শ দিওঁতাক এনে বিপদৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে।
“সকলো মানুহৰ প্ৰতি”
১৮, ১৯. (ক) অধিকাৰীসকলৰ সৈতে মৃদুতাৰে ব্যৱহাৰ কৰিবলৈ খ্ৰীষ্টানসকলে কিয় কঠিন যেন বোধ কৰিব পাৰে? (খ) অধিকাৰীসকলৰ প্ৰতি মৃদুতাৰে ব্যৱহাৰ কৰিবলৈ খ্ৰীষ্টানবিলাকক কিহে সহায় কৰে আৰু তাৰ কেনে সম্ভাৱনীয় প্ৰতিফল দেখা যায়?
১৮ স্থানীয় অধিকাৰীসকলৰ সৈতে মৃদুতাৰে আচৰণ কৰাটো বহুতৰ বাবে কঠিন বিষয়। কিয়নো কিছুমান অধিকাৰীয়ে কঠোৰতাৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ আনৰ প্ৰতি কোনো সহানুভূতি নাই। (উপদেশক ৪:১; ৮:৯) তথাপিও যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমে তেওঁৰ সৰ্ব্বোচ্চ অধিকাৰক চিনাক্ত কৰি অধিকাৰীসকলৰ প্ৰতি আপেক্ষিকভাৱে অধীনতা দেখুৱাবলৈ সহায় কৰে। (ৰোমীয়া ১৩:১, ৪; ১ তীমথিয় ২:১, ২) তদুপৰি যেতিয়া উচ্চ অধিকাৰীসকলে আমাৰ উপাসনাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে তেতিয়াও আমি যিহোৱালৈ ওঁঠৰ ফল উৎসৰ্গ কৰিবলৈ মুকলি থকা আন সুযোগবোৰলৈ আনন্দেৰে বাট চাওঁ।—ইব্ৰী ১৩:১৫.
১৯ আমি যি কোনো পৰিস্থিতিতে তেওঁলোকৰ বিৰোধ নকৰোঁ। কিন্তু ধাৰ্মিক সিদ্ধান্তসমূহৰ প্ৰতি মধ্যপন্থা নলৈ আমি যুক্তিসঙ্গত হʼবলৈ চেষ্টা কৰোঁ। এনে কৰাৰ দ্বাৰা আমাৰ ভাইসকলে ২৩৪ খন দেশত প্ৰচাৰ কাৰ্য্য কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি পাঁচনি পৌলে কোৱা এই পৰামৰ্শক পালন কৰোঁ, যʼত তেওঁ এইদৰে কৈছে: “আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হবলৈ, আজ্ঞা মানিবলৈ, সকলো সৎকৰ্ম্মত যুগুত হবলৈ, আৰু কাৰো নিন্দা নকৰি, নিৰ্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ, সকলো মানুহৰ প্ৰতি মৃদুভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা।”—তীত ৩:১, ২.
২০. মৃদুতাৰে আচৰণ কৰাসকলৰ বাবে ভৱিষ্যতে কেনে আশীৰ্ব্বাদ সাঁচি থোৱা হৈছে?
২০ মৃদুতাৰে আচৰণ কৰোঁতাসকলে প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদৰ সহভাগী হʼব। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “[মৃদু ব্যক্তিবিলাক, NW] ধন্য; কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব।” (মথি ৫:৫) খ্ৰীষ্টৰ আত্মা-অভিষিক্ত ব্যক্তিসকলে বজাই ৰখা মৃদুতাই আনন্দেৰে ৰাজ্যৰ সহভাগী হৈ শাসন কৰা তেওঁলোকৰ আশাক দৃঢ় কৰে। ‘অন্য মেৰবৰ্গই’ নিৰন্তৰে মৃদুতা হোৱাৰ প্ৰমাণ দি ভৱিষ্যতে এই পৃথিৱীত চিৰকাললৈ জীয়াই থাকিবলৈ আশা ৰাখে। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬; গীতমালা ৩৭:১১) ভৱিষ্যতৰ বাবে কিযে এক অদ্ভূত আশা আছে! তেন্তে আঁহক আমি পাঁচনি পৌলে ইফিচিয়াৰ খ্ৰীষ্টানসকললৈ দিয়া এই পৰামৰ্শটোক কেতিয়াও নাপাহৰোহঁক, যʼত তেওঁ এইদৰে কৈছিল: “এতেকে প্ৰভুত বন্দীয়াৰ যি মই, মই তোমালোকক এই মিনতি কৰোঁ যে, তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে, আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি, যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা, তাৰ যোগ্য আচৰণ কৰা।”—ইফিচীয়া ৪:১, ২.. (w03 4/1)
পুনৰ্বিচাৰৰ বাবে
• পৰিয়ালত?
• প্ৰচাৰ কাৰ্য্যত?
• মণ্ডলীত?
• মৃদুতা প্ৰকাশ কৰাৰ দ্বাৰা কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?
• মৃদু ব্যক্তিসকলে কেনে প্ৰতিফল পাব বুলি প্ৰতিজ্ঞা কৰা হৈছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৭ পৃষ্ঠাৰ ছবি]
ধৰ্ম্মীয়ৰূপে বিভাজিত পৰিয়ালত মৃদুতা বজাই ৰখাটো অতি আৱশ্যক
[১৭ পৃষ্ঠাৰ ছবি]
মৃদুতাই পৰিয়ালৰ বান্ধোনক শক্তিশালী কৰে
[১৯ পৃষ্ঠাৰ ছবি]
মৃদুতা আৰু শ্ৰদ্ধাৰে প্ৰতিৰক্ষা কৰা
[২০ পৃষ্ঠাৰ ছবি]
পৰামৰ্শ দিওঁতাজনৰ মৃদুতাই অপৰাধ কৰা জনক সহায় কৰিব পাৰে