Skip to content

Skip to table of contents

আত্মাই যি কৈছে তাৰ প্ৰতি কাণ দিয়ক!

আত্মাই যি কৈছে তাৰ প্ৰতি কাণ দিয়ক!

আত্মাই যি কৈছে তাৰ প্ৰতি কাণ দিয়ক!

“মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক।”—প্ৰকাশিত বাক্য ৩:২১.

১, ২. প্ৰকাশিত বাক্যত উল্লেখ কৰা সাতোটা মণ্ডলীলৈ যীচুৱে দিয়া বাৰ্ত্তাত কেনে পৰামৰ্শক বাৰে বাৰে পঢ়িবলৈ পোৱা যায়?

 যিহোৱাৰ সেৱকসকলে বাইবেলৰ প্ৰকাশিত বাক্য নামৰ পুস্তকত যীচুৰ আত্মা নিৰ্দ্দেশিত বাক্যই সাতোটা মণ্ডলীলৈ যি কৈছে তাৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক। ইয়াৰ প্ৰত্যেকটো বাৰ্ত্তাত এই পৰামৰ্শটো পোৱা যায়: “মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক।”—প্ৰকাশিত বাক্য ২:৭, ১১, ১৭, ২৯; ৩:৬, ১৩, ২১.

আমি ইফিচী, স্মুৰ্ণা, পৰ্গাম মণ্ডলীৰ দূত বা অধ্যক্ষসকললৈ কোৱা যীচুৰ বাৰ্ত্তাৰ বিষয়ে ইতিমধ্যেই আলোচনা কৰিলোঁ। পবিত্ৰ আত্মাৰ দ্বাৰা যীচুৱে অন্য চাৰিটা মণ্ডলীলৈ যি কৈছে তাৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

থূয়াতীৰা মণ্ডলীৰ দূতলৈ

৩. থূয়াতীৰা নগৰখন কʼত অৱস্থিত আৰু ই কিহৰ বাবে বিখ্যাত আছিল?

“ঈশ্বৰৰ সেই পুত্ৰই” থূয়াতীৰা মণ্ডলীলৈ সংশোধন আৰু প্ৰশংসাৰ বাক্য কৈছে। (প্ৰকাশিত বাক্য ২:১৮-২৯ পদটো পঢ়ক।) থূয়াতীৰা (বৰ্তমান নাম আখীচাৰ) নগৰখন এছিয়া মাইনৰৰ পশ্চিমে (প্ৰাচীন হাৰমোচ্‌) থকা গেডীজ নদীখনৰ কাষত অৱস্থিত আছিল। সেই চহৰখন বিভিন্ন প্ৰকাৰৰ শিল্পকাৰ্য্যৰ বাবে বিখ্যাত আছিল। ৰঞ্জক পদাৰ্থ তৈয়াৰী কৰাসকলে উত্তম শ্ৰেণীৰ বেঙুনীয়া বা ৰঙা ৰং প্ৰস্তুত কৰিবলৈ মঞ্জিষ্ঠা উদ্ভিদৰ শিপা ব্যৱহাৰ কৰিছিল। গ্ৰীচ দেশৰ ফিলিপী নগৰত পৌলে সাক্ষাৎ কৰাৰ সময়ত খ্ৰীষ্টান ধৰ্ম্ম গ্ৰহণ কৰা লুদিয়া নামৰ এগৰাকী মহিলাই “থুয়াতীৰা নগৰৰ বেঙেনা বৰণীয়া কাপোৰ বেচা বনিয়ানী” আছিল।—পাঁচনিৰ কৰ্ম্ম ১৬:১২-১৫.

৪. থূয়াতীৰা মণ্ডলীক কিহৰ বাবে প্ৰশংসা কৰা হৈছিল?

থূয়াতীৰা মণ্ডলীয়ে দেখুউৱা প্ৰেম, বিশ্বাস, ধৈৰ্য্য আৰু পৰিচৰ্য্যা কাৰ্য্যৰ বাবে যীচুৱে প্ৰশংসা কৰিছিল। দৰাচলতে ‘তেওঁলোকৰ প্ৰথম কৰ্ম্মতকৈ অধিক তেওঁলোকৰ শেষ কৰ্ম্ম আছিল।’ মণ্ডলীত উত্তম কাৰ্য্য কৰা যদিও ভাল অভিলেখ আছে তথাপিও আমি আমাৰ নৈতিকতাৰ বিষয়ে কেতিয়াও পাহৰি যোৱা উচিত নহয়।

৫-৭. (ক) ‘ঈজেবল নামৰ তিৰোতা’ বুলি কাক কোৱা হৈছিল আৰু তাইৰ অভিপ্ৰায়ৰ বিপৰীতে কেনে কাৰ্য্য কৰা আৱশ্যক আছিল? (খ) থূয়াতীৰা মণ্ডলীলৈ দিয়া যীচুৰ বাৰ্ত্তাই ঈশ্বৰীয় ভয় মানোতা স্ত্ৰীসকলক কি কৰিবলৈ সহায় কৰে?

তথাপিও এই মণ্ডলীয়ে মূৰ্ত্তিপূজা, ভুল শিক্ষা আৰু যৌন অনৈতিকতাৰ প্ৰতি কোনো আপত্তি জনোৱা নাছিল। তেওঁলোকৰ মাজত “ঈজেবল নামেৰে যি তিৰোতা,” সম্ভৱতঃ তিৰোতাৰ এক সমূহে প্ৰাচীন ইস্ৰায়েলৰ দহ ফৈদৰ ৰাজ্যৰ দুষ্ট ৰাণী ঈজেবলৰ দৰে আচৰণ কৰিছিল। কিছুমান বিদ্বানৰ মতে থূয়াতীৰাৰ ‘ভাববাদিনীসকলে’ শিল্প দেৱী-দেৱতাবোৰৰ উপাসনা আৰু সিহঁতৰ নামত খাদ্য অৰ্পণ কৰা উৎসৱত ভাগ লবলৈ খ্ৰীষ্টানসকলক প্ৰলোভিত কৰিছিল। গতিকে বৰ্তমান সময়ৰ মণ্ডলীয়ে সাৱধান হোৱা আৱশ্যক যাতে তেওঁলোকে যেন নিজকে ভাববাদিনী বুলি কোৱা সকলৰ দ্বাৰা প্ৰলোভিত নহয়!

যীচুৱে ‘ঈজেবলক ৰোগশয্যাত পেলাব আৰু যিবিলাকে তাইৰ সৈতে ব্যভিচাৰ কৰে, তেওঁলোকে তাইৰ কৰ্ম্মৰ পৰা যদি মন পালটন নকৰে তেন্তে তেওঁবিলাককো মহা-ক্লেশত পেলাব।’ অধ্যক্ষসকলে তেনেধৰণৰ কোনো শিক্ষা আৰু প্ৰবৃত্তিক কেতিয়াও সহন কৰা উচিত নহয় আৰু খ্ৰীষ্টানসকলেও “চয়তানৰ সেই গভীৰতাবোৰ” একেবাৰে মন্দ তাক জুখিবলৈ শাৰীৰিক, আধ্যাত্মিক লম্পট কাৰ্য্য বা মূৰ্ত্তিপূজাত লিপ্ত হোৱাটো একেবাৰে অনুচিত। যদি আমি খ্ৰীষ্টৰ এই পৰামৰ্শক মানি চলোঁ, তেন্তে ‘আমাৰ যি আছে তাকে ধৰি ৰাখিম’ আৰু পাপে আমাত কৃতকাৰ্য্য হʼব নোৱাৰিব। যিহেতু পাপপূৰ্ণ অভ্যাস, অভিপ্ৰায় আৰু লম্পট কাৰ্য্যবোৰত ভাগ নোলোৱাৰ বাবে পুনৰুত্থিত অভিষিক্তসকলে “পৰজাতিবিলাকৰ ওপৰত ক্ষমতা” পাব আৰু সেইবোৰক খণ্ড-বিখণ্ড কৰিবলৈ যীচুৰ সৈতে সংযোগ হʼব। বৰ্তমান মণ্ডলীৰ ওচৰত লাক্ষণিক তৰা আছে আৰু অভিষিক্ত ব্যক্তিসকলক স্বৰ্গীয় পুনৰুত্থান হোৱাৰ পিছত তেওঁলোকক “উজ্জ্বল প্ৰভাৱতীয় তৰা” দিয়া হʼব অৰ্থাৎ দৰাৰূপী যীচুৰ সৈতে কাৰ্য্য কৰিবলৈ সুযোগ লাভ কৰিব।—প্ৰকাশিত বাক্য ২২:১৬-১৭.

থূয়াতীৰা মণ্ডলীক ধৰ্ম্মত্যাগী মনোবৃত্তি ৰখা মহিলাসকলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰিছিল। যীচুৰ বাৰ্ত্তাই বৰ্তমানে মণ্ডলীত থকা খ্ৰীষ্টান মহিলাসকলক ঈশ্বৰে বান্ধি দিয়া সীমাৰ ভিতৰত থাকিবলৈ সহায় কৰে। তেওঁলোকে পুৰুষৰ ওপৰত অধিকাৰ চলাবলৈ চেষ্টা আৰু কোনো ভাইক শাৰীৰিক বা আধ্যাত্মিক লম্পট কাৰ্য্যত ভাগ লʼবলৈও প্ৰেৰিত নকৰে। (১ তীমথিয় ২:১২) ইয়াৰ বিপৰীতে তেওঁলোকে সৎকৰ্ম্ম আৰু পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা ঈশ্বৰৰ স্তুতি কৰি এক উত্তম আৰ্হি প্ৰস্তুত কৰিছে। (গীতমালা ৬৮:১১; ১ পিতৰ ৩:১-৬) যদি মণ্ডলীয়ে উত্তম আচৰণ, শুদ্ধ বাইবেলীয় সিদ্ধান্ত আৰু ঈশ্বৰৰ ৰাজ্যৰ পৰিচৰ্য্যা কাৰ্য্যক বহুমূল্য বুলি জ্ঞান কৰে, তেন্তে যীচুৱে তেওঁলোকক দণ্ড নহয় কিন্তু পুৰস্কাৰ দিব।

চাৰ্দ্দিত থকা মণ্ডলীৰ দূতলৈ

৮. (ক) চাৰ্দ্দি চহৰখন কʼত অৱস্থিত আৰু ই কিহৰ বাবে বিখ্যাত আছিল? (খ) তাত থকা মণ্ডলীক কিয় সহায়ৰ আৱশ্যক আছিল?

আধ্যাত্মিকভাৱে নিষ্ক্ৰিয় হৈ পৰা বাবে চাৰ্দ্দি মণ্ডীলক শীঘ্ৰেই সহায়ৰ আৱশ্যক আছিল। (প্ৰকাশিত বাক্য ৩:১-৬ পদটো পঢ়ক।) এই সমৃদ্ধিশীল চহৰখনৰ থূয়াতীৰাৰ পশ্চিমে ৫০ কিলোমিটাৰ নিলগত অৱিস্থিত আছিল। ইয়াৰ জনসংখ্যা প্ৰায় ৫০,০০০ জন। এই চহৰখন বাণিজ্য, কৃষি, ঊণ শিল্প আৰু দলিচাৰ বাবে বিখ্যাত আছিল। বুৰঞ্জীবিদ যোচেফাচৰ অনুসাৰে প্ৰথম শতিকাত চাৰ্দ্দি চহৰখনত অধিক সংখ্যক ইহুদী সমাজেৰে ভৰি আছিল। এই ভগ্নাৱশেষ চহৰখনৰ সৈতে ইহুদীবিলাকৰ নাম-ঘৰ আৰু ইফিচীয়াসকলৰ আৰ্ত্তেমীৰ দেৱীৰ মন্দিৰটোও আৱিষ্কাৰ কৰা হৈছিল।

৯. যদি আমি ঈশ্বৰৰ কাৰ্য্যসমূহৰ প্ৰতি অমনোযোগী হৈছোঁ তেন্তে কি কৰা উচিত?

যীচুৱে চাৰ্দ্দিত থকা মণ্ডলীৰ দূতক এইদৰে কৈছিল: “তোমাৰ কৰ্ম্ম মই জানো যে, তুমি নাম মাথোন জীয়াই আছা, কিন্তু মৰা।” আধ্যাত্মিৰূপে সজাগে থকাৰ যদিও আমাৰ সুনাম আছে কিন্তু বিশেষাধিকাৰ, পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি অমনোযোগী তেন্তে প্ৰকৃততে আমি আধ্যাত্মিকতাত বেছিভাগ ক্ষেত্ৰত “মৃতপ্ৰায়” হোৱাৰ পৰিচয় দিওঁনে? তেতিয়া আমি ঈশ্বৰৰ ৰাজ্য বাৰ্ত্তাক ‘কেনেকৈ গ্ৰহণ কৰিলোঁ তাক সোঁৱৰণ কৰি’ পুনৰাই পবিত্ৰ কাৰ্য্যৰ বাবে সক্ৰিয় হোৱা উচিত। আমি নিশ্চয়ে খ্ৰীষ্টান সভাবোৰত ধ্যানপূৰ্বক ভাগ লোৱা আৱশ্যক। (ইব্ৰী ১০:২৪, ২৫) সেইবাবে খ্ৰীষ্টই চাৰ্দ্দি মণ্ডলীক সতৰ্ক কৰি এইদৰে কৈছিল: “তুমি যদি জাগ্ৰত নোহোৱা, তেন্তে মই চোৰৰ নিচিনাকৈ যাম; আৰু কোন পৰত তোমাৰ তাত উপস্থিত হম, তাক তুমি নাজানিবা।” আজি আমাৰ সময়ৰ বিষয়ে কি কʼব পাৰি? আমি সকলোৱে শীঘ্ৰেই হিচাব দিব লাগিব।

১০. চাৰ্দ্দি মণ্ডলীৰ দৰে পৰিস্থিতিত থকাৰ স্বত্ত্বেও কিছুমান প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে কি হোৱাৰ প্ৰমাণ দিছে?

১০ চাৰ্দ্দি মণ্ডলীৰ দৰে থকা পৰিস্থিতিতো কিছুমানে হয়তো ‘নিজ নিজ বস্ত্ৰ মলিন নকৰি বগা বস্ত্ৰেৰে যীচুৰ সৈতে চলাচল কৰিছে।’ তেওঁলোকে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয় বজাই ৰাখি এই সংসাৰত নিজকে নিষ্কলঙ্ক প্ৰমাণিত কৰে। (যাকোব ১:২৭) যিহেতু যীচুৱে ‘জীৱন-পুস্তকৰ পৰা আমাৰ নাম নগুচাব কিন্তু দূতবিলাকৰ সাক্ষাতে তেওঁ আমাৰ নাম স্বীকাৰ কৰিব।’ যীচুৰ সৈতে চলি তেওঁৰ কইনা বৰ্গ অৰ্থাৎ অভিষিক্তসকলে শুদ্ধ মিহি বস্ত্ৰ পিন্ধি তাত উপস্থিত হʼব যি ঈশ্বৰৰ পবিত্ৰ লোকৰ ধাৰ্ম্মিক কাৰ্য্যক চিন্হিত কৰে। (প্ৰকাশিত বাক্য ১৯:৮) এই বিশেষ পুৰষ্কাৰে তেওঁলোকক জগতত জয়ী হʼবলৈ প্ৰেৰিত কৰে। তদুপৰি পৃথিৱীত চিৰকালে জীয়াই থকাৰ আশা ৰখা সকলেও আশীৰ্ব্বাদ লাভ কৰিব। তেওঁলোকৰো নাম জীৱন-পুস্তকত লিখা হʼল।

১১. যদি আমি আধ্যাত্মিকৰূপে নিষ্ক্ৰিয় হৈ পৰিছোঁ তেন্তে কি কৰা উচিত?

১১ আমাৰ কোনো এজনেও চাৰ্দ্দি মণ্ডলীত দেখা দিয়া আধ্যাত্মিক শোচনীয় অৱস্থাৰ সৈতে সম্মুখীন হʼব নিবিচাৰে। কিন্তু যদি আমি আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা যেন অনুভৱ কৰোঁ তেন্তে কি কৰিব পাৰি? আমি আমাৰ ভালৰ বাবে কোনো পলম নকৰাকৈ পদক্ষেপ লোৱা উচিত। কল্পনা কৰক যে আমি কিছুমান ভক্তিহীন কৰ্ম্মৰ প্ৰতি আকৰ্ষিত হৈ সভা বা প্ৰচাৰ কাৰ্য্যত অনিয়মীত হৈ পৰিছোঁ। তেন্তে আঁহক আমি আন্তৰিকতাৰে প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ সহায় বিচাৰোহঁক। (ফিলিপীয়া ৪:৬, ৭, ১৩) দৈনিক বাইবেল পাঠ, আৰু “বিশ্বাসী আৰু বুদ্ধিমান” দাসে ব্যৱস্থা কৰা আলোচনীবোৰৰ অধ্যয়নে আমাক আধ্যাত্মিকৰূপে সক্ৰিয় হৈ থাকিবলৈ সহায় কৰিব। (লূক ১২:৪২-৪৪) যদি আমি তেনে কৰোঁ তেন্তে চাৰ্দ্দি মণ্ডলীৰ কিছুমান অনুমোদনপ্ৰাপ্ত খ্ৰীষ্টানৰ দৰে আৰু আন ভাইসকলৰ বাবেও উৎসাহৰ কাৰণ হʼম।

ফিলাদেল্‌ফিয়া মণ্ডলীৰ দূতলৈ

১২. প্ৰাচীন ফিলাদেল্‌ফিয়া চহৰখনৰ ধৰ্ম্মীয় পৰিস্থিতিৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

১২ যীচুৱে ফিলাদেল্‌ফিয়া মণ্ডলীক প্ৰশংসা কৰিছিল। (প্ৰকাশিত বাক্য ৩:৭-১৩ পদটো পঢ়ক।) এছিয়া মাইনৰৰ পশ্চিমীয়া ভাগত থকা এই সমৃদ্ধিশীল চহৰখন (বৰ্তমান আলাচেহীৰ) মদিৰা ব্যৱসায়ৰ বাবে প্ৰসিদ্ধ আছিল। ইয়াত মদিৰাৰ দেৱতা দীয়নাচুছক উপাসনা কৰা হৈছিল। তাত থকা ইহুদী ব্যক্তিসকলে ইহুদী খ্ৰীষ্টানসকলক পুনৰাই মোচিৰ ব্যৱস্থাৰ বিশেষ কিছুমান অভ্যাসৰ প্ৰতি আকৰ্ষিত বা সেইবোৰক পুনৰাই প্ৰচলিত কৰিবলৈ অধিক প্ৰচেষ্টা কৰিছিল।

১৩. যীচুৱে কেনেকৈ “দায়ূদৰ চাবিক” ব্যৱহাৰ কৰিলে?

১৩ যীচুৰ ওচৰত “দায়ূদৰ চাবি আছে” আৰু তেওঁক ৰাজ্য হিতৰ সৈতে প্ৰশাসন ব্যৱস্থাৰ দায়িত্বভাৰ দিয়া হৈছে। (যিচয়া ২২:২২; লূক ১:৩২) তেওঁ সেই চাবিটো ফিলাদেল্‌ফিয়া আৰু আন ঠাইৰ লোকসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ সুযোগ মুকলি আৰু বিশেষাধিকাৰ দিবলৈ ব্যৱহাৰ কৰিছিল। ১৯১৯ চনৰ সময়ছোৱাৰ পৰাই তেওঁ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ বাবে “বিশ্বাসী আৰু বুদ্ধিমান দাসৰ” বাবে এখন “বৰ দুৱাৰ” মুকলি কৰিলে। সেই দুৱাৰ কোনো বিৰুদ্ধীয়ে বন্ধ কৰিব নোৱাৰে। (১ কৰিন্থীয়া ১৬:৯; কলচীয়া ৪:২-৪) অৱশ্যে “চয়তানৰ সমাজৰ” ব্যক্তিসকলৰ বাবে সেই ঈশ্বৰৰ ৰাজ্যৰ বিশেষাধিকাৰৰ দুৱাৰখন বন্ধ কৰা হৈছে। কিয়নো তেওঁলোকৰ আধ্যাত্মিক ইস্ৰায়েল হোৱাৰ যোগ্যতা নাই।

১৪. (ক) ফিলাদেল্‌ফিয়া মণ্ডলীৰ সৈতে যীচুৱে কি প্ৰতিজ্ঞা কৰিছিল? (খ) আমি কেনেকৈ ‘পৰিক্ষাৰ কালত’ ৰক্ষা পাব পাৰোঁ?

১৪ যীচুৱে প্ৰাচীন ফিলাদেল্‌ফিয়াৰ খ্ৰীষ্টানসকলক প্ৰতিজ্ঞা কৰি কৈছিল: “তুমি মোৰ ধৈৰ্য্যৰ কথা পালন কৰা, যি পৰীক্ষাৰ কাল পৃথিবী-নিবাসীবিলাকক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।” প্ৰচাৰ কৰিবলৈ যে ধৈৰ্য্যৰ আৱশ্যক তাক যীচুৱে প্ৰদৰ্শন কৰি দেখুৱালে। তেওঁ এই কাৰ্য্য শত্ৰুৰ ভয়ত বন্ধ কৰা নাছিল, কিন্তু নিৰন্তৰে পিতৃৰ ইচ্ছা পালন কৰিছিল। সেইবাবে তেওঁক স্বৰ্গত অবিনাশী জীৱনলৈ পুনৰুত্থান কৰা হʼল। যদি আমি ঈশ্বৰক উপাসনা কৰিবলৈ নিৰ্ণয় আৰু প্ৰচাৰ কৰাত সহযোগ কৰোঁ, তেন্তে ‘পৰিক্ষাৰ কালত’ ৰক্ষা পাম। আমি ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা কৰাৰ দ্বাৰা যীচুৰ পৰা যি লাভ কৰিলোঁ ‘তাকে ধৰি ৰাখিব পাৰিম।’ এনে কৰাৰ দ্বাৰা অভিষিক্ত ব্যক্তিসকলে স্বৰ্গীয় জীৱন অমূল্য কিৰীটি আৰু তেওঁলোকৰ বিশ্বাসী সঙ্গীসকলে এই পৃথিৱীত অনন্তজীৱন লাভ কৰিব।

১৫. যিসকলে “ঈশ্বৰৰ মন্দিৰত স্তম্ভস্বৰূপে” থাকিবলৈ বিচাৰে তেওঁলোকে কি কৰা আৱশ্যক?

১৫ আগলৈ তেওঁ এইদৰে কৈছে: “তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ কৰিম; . . . আৰু তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম, আৰু মোৰ ঈশ্বৰৰ নগৰ যি নতুন যিৰূচালেম, স্বৰ্গৰ পৰা মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব, তাৰ নাম, আৰু মোৰ নিজৰ নতুন নাম লিখিম।” অভিষিক্ত অধ্যক্ষসকলে ঈশ্বৰৰ সত্য উপাসনা অৱশ্যেই বজাই ৰাখা আৱশ্যক। ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ আৰু আধ্যাত্মিক শুদ্ধতা আটুট ৰখাৰ দ্বাৰা তেওঁলোকে “নতুন যিৰূচালেমৰ” সদস্যৰ বাবে উপযুক্ত হোৱা উচিত। যদি তেওঁলোকে স্বৰ্গীয় মন্দিৰত স্তম্ভস্বৰূপ, স্বৰ্গীয় বাসিন্দাৰূপে ঈশ্বৰৰ নাম বহন আৰু যীচুৰ কইনা হʼব বিচাৰে তেন্তে তেনে কৰাটো অতি আৱশ্যক। তদুপৰি “মণ্ডলীবিলাকলৈ আত্মাই যি কৈছে” তাৰ প্ৰতিও মনোযোগ দিয়া আৱশ্যক।

লায়দিকেয়া মণ্ডলীৰ দূতলৈ

১৬. লায়দিকেয়া চহৰখনৰ বৈশিষ্ট্য কি?

১৬ যীচুৱে তথাকথিত ধাৰ্ম্মিক লায়দিকেয়া মণ্ডলীক অনুযোগৰ পাত্ৰ বুলি কৈছে। (প্ৰকাশিত বাক্য ৩:১৪-২২ পদটো পঢ়ক।) এই চহৰখন ইফিচীৰ পৰা ১৫০ কিলোমিটাৰ আঁতৰত লুইকোচ নদীৰ দাঁতিত অৱস্থিত হোৱাৰ বাবে বেহা-বেপাৰৰ মুখ্য কেন্দ্ৰ আছিল। তদুপৰি ই অধিক উন্নতিশীল আৰু অৰ্থিক কেন্দ্ৰ আছিল। এই চহৰখন কʼলা ঊণৰ পৰা বনোৱা বস্ত্ৰৰ বাবেও অতি বিখ্যাত আছিল। লায়দিকেয়াত প্ৰখ্যাত চিকিৎসা বিদ্যালয় থকাৰ বাবে সম্ভৱতঃ ফ্ৰাইজিয়ান নামৰ চকুৰ ঔষধ তৈয়াৰ কৰা হৈছিল। নগৰতখনত এচক্লেপিয়াচ নামৰ ঔষধ দেৱতাক প্ৰধানকৈ উপাসনা কৰা হৈছিল। লায়দিকেয়াত বাস কৰা বহুসংখ্যক ইহুদী ব্যক্তিসকলৰ ভিতৰত কিছুমান ধনী ইহুদীও আছিল।

১৭. লায়দিকিয়া মণ্ডলীখন কিয় অভিযোগৰ পাত্ৰ হৈছিল?

১৭ যীচুৱে নিজৰ বিষয়ে “দূতৰ” দ্বাৰা লায়দিকেয়া মণ্ডলীক অধিকাৰপূৰ্ণতাৰে এইদৰে কৈছিল যে তেওঁ “বিশ্বাসী আৰু সত্য সাক্ষী, যি জনা ঈশ্বৰৰ সৃষ্টিৰ আদি।” (কলচীয়া ১:১৩-১৬) যিহেতু এই মণ্ডলীখন আধ্যাত্মিকভাৱে “চেঁচা নোহোৱা, তপতো নোহোৱা” বাবে তেওঁলোক অভিযোগৰ পাত্ৰ আছিল। তেওঁলোক কুহুমীয়া আছিল আৰু যীচুৱে তেওঁলোকক মুখৰ পৰা বঁতিয়াই পেলাবলৈ উদ্যত হৈছিল। এই বিষয়ে বুজি পাবলৈ তেওঁলোকৰ বাবে কোনো কঠিন হোৱা নাছিল। কিয়নো হিয়ৰাপলিৰ ওচৰত তপত পানীৰ পুং আৰু কলচীত ঠাণ্ডা পানীৰ পুং আছিল। যদিও পাইপৰ দ্বাৰা পানী অনাৰ যোগান ধৰা হৈছিল তথাপিও লায়দিকেয়া চহৰখনলৈ আহি পোৱালৈকে পানী কুহুমীয়া হৈ পৰিছিল। দৰাচলতে কিছু কিলোমিটাৰৰ লৈকে এটা পকী নলাৰ সহায়েৰে পানী অনাৰ ব্যৱস্থা আছিল। লায়দিকেয়া চহৰৰ কাষত সেই পানী ফুটা শিল যাক চিমেন্টৰে জোৰা লগোৱা হৈছিল, তাৰ মাজৰে বন্ধা গড়ৰ মাজেদি বৈ গৈ চহৰখনত প্ৰৱেশ কৰিছিল।

১৮, ১৯. বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে কেনেকৈ লায়দিকেয়াৰ দৰে হʼব পাৰে?

১৮ লায়দিকেয়াৰ দৰে আজিও কিছুমান ব্যক্তি তপতো নহয় চেঁচাও নহয়। তেওঁলোকক কুহুমীয়া পানীৰ নিচিনা মুখৰ পৰা বঁতিয়াই পেলোৱা হʼব! তেওঁলোকে “খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম্ম” কৰাত অযোগ্য বুলি যীচুৱে উল্লেখ কৰিছে। (২ কৰিন্থীয়া ৫:২০) যদি তেওঁলোকে মনপালটন নকৰে তেন্তে ৰাজ্যৰ প্ৰচাৰক হোৱা বিশেষাধিকাৰক হেৰুৱাব লাগিব। বাস্তৱতে লায়দিকেয়া মণ্ডলীয়ে ভৌতিকৰূপে ধনী হʼব বিচাৰিছিল কিন্তু প্ৰকৃততে তেওঁলোক কিমান যে ‘দুৰ্ভগীয়া, দীনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানিছিল।’ বৰ্তমান যিসকলে আধ্যাত্মিকৰূপে, দীনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তেওঁলোকে যীচুৰ পৰা বিশ্বাসৰ পৰীক্ষা-সিদ্ধতাৰ “খপা সোণ,” ধাৰ্ম্মিকতাৰ “বগা বস্ত্ৰ” আৰু “চকুৰ মলম” কিনি লোৱা উচিত। তেওঁলোকে যাতে আধ্যাত্মিকতাত উন্নতি কৰি “বিশ্বাসত ধনৱন্ত” হোৱাত সহায় কৰিবলৈ খ্ৰীষ্টান অধ্যক্ষসকলে আনন্দিত হয়। (যাকোব ২:৫; মথি ৫:৩) তদুপৰি অধ্যক্ষসকলে তেওঁলোকক আধ্যাত্মিক “চকুৰ মলম” লগাই যীচুৰ শিক্ষা, পৰামৰ্শ আৰু মনৰ ভাব অনুসাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰা আৱশ্যক। এয়ে তেওঁলোকক “চকুৰ অভিলাষ আৰু জীৱন কালৰ গৰ্ব্ব” পৰা মুক্ত কৰি আধ্যাত্মিকৰূপে সুস্থ কৰিব।—১ যোহন ২:১৫-১৭.

১৯ যীচুৱে প্ৰেম কৰা সকলক অনুশাসন দিয়ে। তেওঁৰ অধীনত থকা অধ্যক্ষসকলেও মৃদুতাৰে অনুশাসন দিয়া আৱশ্যক। (পাঁচনিৰ কৰ্ম্ম ২০:২৮, ২৯) লায়দিকেয়াসকলে ‘উদ্যোগী হৈ, মন পালটাই’ নিজৰ বিচাৰ-ধাৰা আৰু জীৱনত পৰিৱৰ্তন কৰা আৱশ্যক আছিল। যদি আমাৰ কিছুমানে এনে জীৱন-প্ৰণালী অনুকৰণ কৰিছে যাৰ বাবে ঈশ্বৰৰ পবিত্ৰ সেৱাক কম গুৰুত্ব বুলি জ্ঞান কৰিছে, তেন্তে কি কৰিব পাৰি? তেনেহʼলে, আঁহক আমি যাতে উদ্যোগী হৈ ৰাজ্যক প্ৰথম স্থান দিবলৈ যীচুৰ পৰা ‘চকুৰ মলম কিনোহঁক।’—মথি ৬:৩৩.

২০, ২১. বৰ্তমান কোনসকলে যীচুৱে দুৱাৰ “টুকৰিয়াৰ” প্ৰতি কাণ দিছে আৰু তেওঁলোকৰ কেনে আশা আছে?

২০ যীচুৱে এইদৰে কৈছে: “চোৱা, মই দুৱাৰত থিয় হৈ টুকৰিয়াই থাকোঁ; কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে, তেন্তে মই তেওঁৰ তাত সোমাই তেওঁ সৈতে ভোজনৰ কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।” ভোজন গ্ৰহণ কৰাৰ সময়ত যীচুৱে সদায়ে আধ্যাত্মিক বিষয়ৰ সম্পৰ্কে নিৰ্দ্দেশনা দিছিল। (লূক ৫:২৯-৩৯; ৭:৩৬-৫০; ১৪:১-২৪) এতিয়া তেওঁ লায়দিকেয়াৰ মণ্ডলীৰ দুৱাৰখন টুকৰিয়াইছে। তাৰ সদস্যসকলে দুৱাৰখন মেলি তেওঁক আমন্ত্ৰণ জনাই তেওঁৰ সৈতে বহি শিক্ষাবোৰ গ্ৰহণ কৰিবনে? যদি তেনে কৰে, তেন্তে যীচুৱে তেওঁলোকৰ সৈতে একেলগে বহি আধ্যাত্মিক ভোজন কৰিব আৰু তেওঁলোকে তাৰ পৰা অধিক আনন্দিত হʼব।

২১ লাক্ষণিকভাৱে আজি ‘অন্য মেৰ বৰ্গই’ যীচুক আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকৰ এনে পদক্ষেপে তেওঁলোকক অনন্ত জীৱনলৈ পৰিচালিত কৰিছে। (যোহন ১০:১৬; মথি ২৫:৩৪-৪০, ৪৬) যীচুৱে জগত জয় কৰা প্ৰত্যেক অভিষিক্ত জনাক ‘তেওঁ যেনেকৈ জয় কৰি নিজৰ পিতৃৰ লগত তেওঁৰ সৈতে সিংহাসনত বহিল, তেনেকৈ, যি জনে জয় কৰে, তেওঁক তেওঁৰ সৈতে সিংহাসনত বহিবলৈ দিব।’ বাস্তৱতে জগত জয় কৰা অভিষিক্ত বৰ্গসকলে স্বৰ্গত তেওঁৰ পিতৃৰ সোঁহাতে বহিব বুলি প্ৰতিজ্ঞা কৰিছে। আনহাতে, জগত জয় কৰা অন্য মেৰবৰ্গৰ সদস্যসকলে ঈশ্বৰৰ ৰাজ্যৰ অধীনত এই পৃথিৱীত স্থাপিত হোৱা এক অপূৰ্ব স্থানলৈ অপেক্ষা কৰি আছে।

আমাৰ সকলোৰে বাবে শিক্ষা

২২, ২৩. (ক) যীচুৱে সাতখন মণ্ডলীলৈ দিয়া বাক্যসমূহৰ দ্বাৰা সকলো প্ৰকৃত খ্ৰীষ্টানে কেনেকৈ লাভৱান হʼব পাৰে? (খ) আমি কেনে সিদ্ধান্ত লোৱা উচিত?

২২ নিঃসন্দেহ, এচিয়া মাইনৰত থকা সাতোটা মণ্ডলীলৈ যীচুৱে কোৱা বাক্যৰ দ্বাৰা সকলো খ্ৰীষ্টানে লাভৱান হʼব পাৰে। লক্ষ্য কৰক যে যীচুৱে সেই মণ্ডলীক উপযুক্তভাৱে শলাগ লৈছিল, গতিকে প্ৰাচীনসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰি মণ্ডলী আৰু তাৰ সদস্যসকলে কৰা আধ্যাত্মিক কাৰ্য্যসমূহৰ প্ৰতি প্ৰশংসা কৰিবলৈ প্ৰেৰিত হয়। যদি আধ্যাত্মিক দুৰ্ব্বলতা দেখা দিয়ে তেন্তে প্ৰাচীনসকলে সঙ্গী ভাইসকলক শাস্ত্ৰীয় অনুসাৰে চলিবলৈ সহায় কৰে। যদি যীচুৱে সাতোটা মণ্ডলীলৈ দিয়া বিভিন্ন পৰামৰ্শৰ পৰা একেৰাহে লাভৱান হʼব বিচাৰোঁ তেন্তে আমি কোনো পলম নকৰাকৈ প্ৰাৰ্থনাপূৰ্বকভাৱে পৰামৰ্শসমূহৰ পালন কৰা আৱশ্যক। *

২৩ এই শেষ-কালত আত্মসন্তুষ্টি, ভৌতিক বস্তু বা আন বিষয়সমূহে হয়তো ঈশ্বৰৰ সেৱাক প্ৰথম স্থান দিয়াৰ পৰা বঞ্চিত কৰিব পাৰে। সেয়েহে সেইবোৰত জীৱন-যাপন কৰাৰ সময় একেবাৰে নাই। গতিকে আঁহক আমি অৰ্থাৎ সকলো মণ্ডলীয়ে যীচুৱে উল্লেখ কৰা দীপধাৰ কেইটাৰ দৰে নিযুক্তস্থানত দীপ্তিময় হৈ থাকোঁহঁক। আমি বিশ্বাসী খ্ৰীষ্টান হোৱাৰ বাবে সদায়ে যীচু আৰু পবিত্ৰ আত্মাই যি কৈছে তাৰ প্ৰতি মনোযোগ দিওঁহঁক। তেতিয়াহে আমি জ্যোতিবাহকৰূপে যিহোৱাৰ মহিমা কৰাত চিৰকালৰ বাবে আনন্দিত হʼব পাৰিম। (w03 5/15)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! নামৰ কিতাপখনৰ ৭ অধ্যায়ৰ পৰা ১৩ অধ্যায় লৈকে প্ৰকাশিত বাক্য ২:১-৩:২২ পদটোৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰা হৈছে।

আপুনি কেনেকৈ উত্তৰ দিব?

• বাইবেলত উল্লেখ কৰা ‘ঈজেবল নামৰ তিৰোতা’ গৰাকী কোন আছিল আৰু প্ৰকৃত খ্ৰীষ্টান ভনীসকলে কিয় তাইক অনুকৰণ কৰা উচিত নহয়?

• চাৰ্দ্দি মণ্ডলীত কেনে পৰস্থিতিয়ে দেখা দিছিল আৰু তাত থকা খ্ৰীষ্টানসকলৰ নিচিনা নহʼবলৈ আমি কি কৰা উচিত?

• যীচুৱে ফিলাদেল্‌ফিয়া মণ্ডলীলৈ কি প্ৰতিজ্ঞা কৰিছিল আৰু সেইবোৰ আমাত কেনেকৈ প্ৰযোজ্য হয়?

• লায়দিকেয়াৰ মণ্ডলীৰ সদস্যসকল কিয় অনুযোগৰ পাত্ৰ হৈছিল কিন্তু উদ্যোগী খ্ৰীষ্টানসকলৰ বাবে কেনে আশা প্ৰদান কৰা হৈছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ ছবি]

“ঈজেবল নামেৰে যি তিৰোতাই” কৰা কাৰ্য্যবোৰৰ পৰা আঁতৰি থকা উচিত