Skip to content

Skip to table of contents

খ্ৰীষ্টই মণ্ডলীবোৰলৈ এই কথা কৈছে

খ্ৰীষ্টই মণ্ডলীবোৰলৈ এই কথা কৈছে

খ্ৰীষ্টই মণ্ডলীবোৰলৈ এই কথা কৈছে

‘যি জনাই নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে, তেওঁ এই কথা কয়।’—প্ৰকাশিত বাক্য ২:১.

১, ২. এচিয়াত থকা সাতোটা মণ্ডলীলৈ খ্ৰীষ্টই যি কৈছিল, তাৰ প্ৰতি আমি কিয় আগ্ৰহী হোৱা উচিত?

 যিহোৱাৰ একমাত্ৰ পুত্ৰ যীচু হৈছে খ্ৰীষ্টান মণ্ডলীৰ মূৰস্বৰূপ। খ্ৰীষ্টই অভিষিক্ত ব্যক্তিসকলৰ মণ্ডলীক নিষ্কলঙ্কে ৰাখিবলৈ তেওঁৰ মূৰস্বৰূপ ব্যৱস্থাক কাৰ্য্যসাধন কৰি প্ৰশংসা আৰু সংশোধন কৰিছে। (ইফিচীয়া ৫:২১-২৭) এই সম্বন্ধে আমি প্ৰকাশিত বাক্য ২ আৰু অধ্যায়ত কিছুমান উদাহৰণৰ বিষয়ে পঢ়িবলৈ পাওঁ, যʼত স্বৰ্গ-নিবাসী যীচুৱে এছিয়াত থকা সাতোটা মণ্ডলীলৈ নিৰ্দ্দেশনা দিছে।

সেই সাতোটা মণ্ডলীলৈ যীচুৱে কোৱা বাক্য শুনাৰ পূৰ্ব্বেই পাঁচনি যোহনে “প্ৰভুৰ দিনৰ” দৰ্শন পাইছিল। (প্ৰকাশিত বাক্য ১:১০) সেই উক্ত ‘দিনটো’ ১৯১৪ চনত মচীহ ৰাজ্য স্থাপিত হোৱাৰ পৰা আৰম্ভ হʼল। খ্ৰীষ্টই খ্ৰীষ্টান মণ্ডলীবোৰলৈ যি কথা কৈছিল, সেইবোৰ শেষ-কালৰ বাবেও অতি গুৰুত্বপূৰ্ণ। তেওঁৰ উদগণিদায়ক বাক্য আৰু পৰামৰ্শই আমাক কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সহায় প্ৰদান কৰে।—২ তীমথিয় ৩:১-৫.

৩. পাঁচনি যোহনে দৰ্শনত দেখা “সাতোটা তৰা,” “দূতবিলাক” আৰু “সাতোটা সোণৰ দীপাধাৰৰ” লাক্ষণিক অৰ্থ কি?

পাঁচনি যোহনে মহিমান্বিত যীচু “যি জনাই নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে” আৰু মণ্ডলীবোৰ অৰ্থাৎ “সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে,” তাক লক্ষ্য কৰিছিল। সেই “সাতোটা তৰা” হৈছে “সাত মণ্ডলীৰ দূত।” (প্ৰকাশিত বাক্য ১:২০; ২:১) তৰাবোৰে কেতিয়াবা স্বৰ্গদূতকো প্ৰতিনিধিত্ব কৰে, কিন্তু খ্ৰীষ্টই এই আত্মিক প্ৰাণীবিলাকৰ বাবে থকা বাৰ্ত্তাসমূহক লিপিবদ্ধ কৰিবলৈ কোনো মানুহক ব্যৱহাৰ নকৰে। কিয়নো এই “তৰা” সাধাৰণতে অভিষিক্ত অধ্যক্ষসকল বা প্ৰাচীন গোষ্ঠীক চিন্হিত কৰে। ইয়াত ‘দূতবোৰ’ বুলি কোৱা শব্দটোক বাৰ্ত্তাবাহক হিচাবে থকা তেওঁলোকৰ ভূমিকাক বুজায়। কিয়নো ঈশ্বৰৰ সংগঠন দিনে-দিনে বৃদ্ধি হৈছে, যʼত “বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰীয়ে” অধ্যক্ষৰ বাবে যীচুৰ ‘অন্য মেৰৰ’ যোগ্য ব্যক্তিসকলকো বাছি লৈছে।—লূক ১২:৪২-৪৪; যোহন ১০:১৬.

৪. যীচুৱে মণ্ডলীবোৰলৈ যি কৈছে তাৰ প্ৰতি প্ৰাচীনসকলে মনোযোগেৰে শুনি কেনেকৈ লাভৱান হʼব পাৰে?

“সাতোটা তৰা” যীচুৰ সোঁ হাতত অৰ্থাৎ তেওঁৰ ক্ষমতা, নিয়ন্ত্ৰণ, অনুগ্ৰহ আৰু প্ৰতিৰক্ষাত আছে। সেইবাবে তেওঁলোকে তেওঁক হিচাব দিব লাগিব। গতিকে বৰ্তমান সাতোটা মণ্ডলীৰ প্ৰত্যেকজন প্ৰাচীনে তেওঁৰ বাক্যক পালন কৰাৰ দ্বাৰা তেনে পৰিস্থিতিবোৰক কেনেকৈ সমাধান কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখে। বাস্তৱতে সকলো প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে ঈশ্বৰৰ পুত্ৰ যীচুৱে যি কৈছে তাৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক। (মাৰ্ক ৯:৭) এতেকে যীচুৱে মণ্ডলীবোৰলৈ যি কৈছে তাৰ প্ৰতি মনোযোগেৰে শুনি আমি কি শিকিব পাৰোঁ?

ইফিচত থকা দূতসকললৈ

৫. ইফিচী এখন কেনেধৰণৰ চহৰ আছিল?

যীচুৱে ইফিচত থকা মণ্ডলীক প্ৰশংসা আৰু সংশোধন কৰিছিল। (প্ৰকাশিত বাক্য ২:১-৭ পদটো পঢ়ক।) এছিয়াৰ পশ্চিম উপকূলত থকা অঞ্চল ধৰ্ম্মীয় আৰু বাণিজ্যিক কেন্দ্ৰ মাজত বিশাল আৰ্ত্তেমী দেৱীৰ মন্দিৰটো অৱস্থিত আছিল। যদিও সেই ইফিচী চহৰখন অনৈতিক কাৰ্য্য, মিছা ধৰ্ম্ম আৰু যাদু-মন্ত্ৰ আদি কাৰ্য্যৰে ভৰি আছিল তথাপিও ঈশ্বৰে পাঁচনি পৌলে তাত আৰু অন্য ঠাইবোৰত কৰা প্ৰচাৰ কাৰ্য্যক আশীৰ্ব্বাদ কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৯ অধ্যায়টো পঢ়ক।

৬. বৰ্তমান আনুগত্য খ্ৰীষ্টানসকলে কেনেকৈ প্ৰাচীন ইফিচত থকা খ্ৰীষ্টানসকলৰ আৰ্হিক অনুকৰণ কৰিছে?

যীচুৱে ইফিচী মণ্ডলীক প্ৰশংসা কৰি এইদৰে কৈছিল: “তোমাৰ কৰ্ম্ম, পৰিশ্ৰম, আৰু ধৈৰ্য্য মই জানো যে, তুমি দুষ্টবিলাকক সহিব নোৱাৰা; আৰু যিবিলাকে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা।” বৰ্তমান সময়ত সত্য উপাসকসকলে যীচুৰ মণ্ডলীবোৰতো তেনেধৰণে সৎকৰ্ম্ম, পৰিশ্ৰম আৰু ধৈৰ্য্য ধৰা দেখা গৈছে। তেওঁলোকে পাঁচনিৰূপ ধাৰণ কৰা ভাঁৰিকোৱা ব্যক্তিসকলক কোনোপধ্যেই সহন নকৰে। (২ কৰিন্থীয়া ১১:১৩, ২৬) ইফিচত থকা আনুগত্য খ্ৰীষ্টানসকলৰ দৰে বৰ্তমানৰ প্ৰকৃত খ্ৰীষ্টানসকলে “দুষ্টবিলাকক সহিব নোৱাৰে।” তেওঁলোকে যিহোৱাৰ উপাসনাক শুদ্ধ আৰু মণ্ডলীক সুৰক্ষিত ৰাখিবলৈ মনপালটন নকৰা ধৰ্মত্যাগী ব্যক্তিসকলৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে।—গালাতীয়া ২:৪, ৫; ২ যোহন ৮-১১.

৭, ৮. ইফিচীয়া মণ্ডলীত কেনে ধৰণৰ গম্ভীৰ সমস্যা দেখা গৈছিল আৰু একেইদৰে আমি কেনেকৈ তেনে পৰিস্থিতিৰ সম্মুখীন হʼব পাৰোঁ?

তথাপিও ইফিচীয়া মণ্ডলীৰ খ্ৰীষ্টানসকলত এটা গম্ভীৰ সমস্যা দেখা গৈছিল। যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।” মণ্ডলীৰ সদস্যসকলে যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰথম প্ৰেম পুনৰাই প্ৰজ্বলিত কৰা আৱশ্যক আছিল। (মাৰ্ক ১২:২৮-৩০; ইফিচীয়া ২:৪; ৫:১, ২) আমি ঈশ্বৰক দেখুৱা প্ৰথম প্ৰেম যাতে বজাই ৰাখিব পাৰোঁ তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা উচিত। (৩ যোহন ৩) কিন্তু যদি আমাৰ জীৱনত ভৌতিক ধন-সম্পত্তি বা সুখ-বিলাসে প্ৰথম স্থান লৈছে তেন্তে কি হʼব? (১ তীমথিয় ৪:৮; ৬:৯, ১০) গতিকে আমি নিজৰ মনৰ পৰা তেনে অভিলাষবোৰ আঁতৰ কৰি যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম বিকাশিত কৰিবলৈ তেওঁৰ সহায় বিচৰা আৱশ্যক, কিয়নো তেওঁ আৰু তেওঁৰ পুত্ৰই মানৱ জাতিৰ বাবে সকলো কৰিলে।—১ যোহন ৪:১০, ১৬.

খ্ৰীষ্টই ইফিচী মণ্ডলীত থকাসকলক এইদৰে উৎসাহিত কৰি কৈছিল: “তুমি কʼৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা; আৰু মন পালটাই প্ৰথম কৰ্ম্ম কৰা।” যদি তেওঁলোকে তেনে নকৰে তেন্তে কি হʼব? এই বিষয়ে যীচুৱে এইদৰে কৈছিল যে, “তুমি মন নাপালটালে, মই তোমাৰ তাত উপস্থিত হৈ, তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম।” যদি মেৰতুল্য সকলোৱে নিজৰ প্ৰথম প্ৰেম পাহৰি যায় তেন্তে “দ্বীপাধাৰ” অৰ্থাৎ মণ্ডলী অধিক সময়লৈকে অস্তিত্বত নাথাকিব। গতিকে আঁহক আমি উৎসাহী প্ৰকৃত খ্ৰীষ্টান হোৱাৰ নিমিত্তে মণ্ডলীৰ আধ্যাত্মিকতাক জিলিকাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁহঁক।—মথি ৫:১৪-১৬.

৯ ভেদভাৱ মনোবৃত্তিৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰখা উচিত?

এইটো প্ৰশংসনীয় যে ইফিচীয়া মণ্ডলীয়ে ‘নীকলাইতীয়া মানুবিলাকৰ কৰ্ম্ম ঘিণ কৰিলে।’ প্ৰকাশিত বাক্যত উল্লেখ কৰা বাক্যৰ বাহিৰে এই মানুবিলাকে আৰম্ভণি, শিক্ষাদানৰ বিষয়ে নাজানিছিল আৰু ইয়াক তেওঁলোকে গুপ্তভাৱে অভ্যাস কৰিছিল। এনে লোকসকলক যীচুৱে নিন্দা কৰিছিল আৰু আমিও ইফিচীয়াত থকা খ্ৰীষ্টানসকলৰ দৰে তেনে ভেদভাৱ মনোবৃত্তিক ঘিণ কৰিব লাগে।—মথি ২৩:১০.

১০. আত্মাই যি কৈছে তাৰ প্ৰতি যিসকলে মনোযোগেৰে শুনে, তেওঁলোকে কেনে আশীৰ্ব্বাদ লাভ কৰিব?

১০ যীচুৱে কৈছিল: “যাৰ কাণ আছে, তেওঁ তাক শুনক।” পৃথিৱীত থকা সময়ত যীচুৱে ঈশ্বৰৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ ঘোষণা কৰিছিল। (যিচয়া ৬১:১; লূক ৪:১৬-২১) গতিকে বৰ্তমান ঈশ্বৰে যীচুৰ যোগেদি যি কৈছে তাৰ প্ৰতি আমি মনোযোগেৰে শুনা উচিত। আত্মাৰে নিৰ্দ্দেশিত হৈ যীচুৱে এনেদৰে প্ৰতিজ্ঞা কৰিছিল: “যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰম-দেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।” আত্মাই যি কৈছে তাক মনোযোগেৰে শুনা অভিষিক্ত বৰ্গৰ বাবে স্বৰ্গত “ঈশ্বৰৰ পৰম-দেশত” অৰ্থাৎ যিহোৱাৰ নিবাসস্থানত চিৰকলীয়া জীৱন লাভ কৰিব। আনহাতে “বৰ লোকসমূহে” এই পৃথিৱীত চিৰকালৰ বাবে জীয়াই থকিব যʼত তেওঁলোকে “জীৱন-জলৰ নদীৰ পানী পান কৰে আৰু তাৰ কাষত থকা “জীৱন-বৃক্ষ” দ্বাৰা সুস্থ হয়।—প্ৰকাশিত বাক্য ৭:৯; ২২:১, ২; লূক ২৩:৪৩.

১১. আমি যিহোৱাৰ প্ৰতি কেনেকৈ প্ৰেম বিকাশিত কৰিব পাৰোঁ?

১১ বৰ্তমান কোনো এখন মণ্ডলীত যদি ইফিচীয়াসকলৰ দৰে প্ৰথম প্ৰেম ত্যাগ দিয়াটো দেখা যায় তেন্তে তাৰ কেনে পৰিণাম হʼব পাৰে? তেনেহʼলে আঁহক আমি প্ৰত্যেকে ব্যক্তিগতভাৱে ঈশ্বৰে কৰা প্ৰেমৰ কাৰ্য্যবোৰৰ বিষয়ে কবলৈ প্ৰেৰিত হৈ যিহোৱালৈ প্ৰেম প্ৰকাশ কৰোঁহঁক। ঈশ্বৰে তেওঁৰ অতি প্ৰিয় পুত্ৰৰ দ্বাৰা প্ৰদান কৰা মুক্তিপণ বলিদানৰ প্ৰতি আমি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। (যোহন ৩:১৬; ৰোমীয়া ৫:৮) মণ্ডলীৰ সভাৰ কাৰ্য্যক্ৰমৰ কোনো এটা ভাগৰ উপযুক্ত সময়ত আমি ঈশ্বৰে কৰা প্ৰেমৰ কাৰ্য্যৰ বিষয়ে মন্তব্য দিব পাৰোঁ। তদুপৰি আমি প্ৰচাৰ কাৰ্য্যত ঈশ্বৰৰ নাম মহিমা কৰাৰ দ্বাৰাও যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। (গীতমালা ১৪৫:১০-১৩) দৰাচলতে আমি আমাৰ বাক্য আৰু কৰ্ম্মৰ দ্বাৰা মণ্ডলীৰ প্ৰথম প্ৰেমক পুনৰ জাগ্ৰত কৰি তুলিব পাৰিম।

স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ

১২. বুৰঞ্জীয়ে স্মুৰ্ণা আৰু তাৰ ধৰ্ম্মীয় প্ৰথাবোৰৰ বিষয়ে কি কৈছে?

১২ খ্ৰীষ্টই স্মুৰ্ণাত থকা মণ্ডলীৰ প্ৰতি শলাগ লৈ এইদৰে কৈছিল যে, “যি জনা প্ৰথম আৰু শেষ, যি জনা মৃত হৈ পুনৰ্জীৱিত হল।” (প্ৰকাশিত বাক্য ২:৮-১১ পদটো পঢ়ক।) এসময়ত স্মুৰ্ণা (যাক বৰ্তমান ঈজমিৰ নামে জনা যাই, যি তুৰ্কীত অৱস্থিত) এছিয়া মাইনৰ পশ্চিম উপকূল অঞ্চলত অৱস্থিত আছিল। যʼত গ্ৰীকসকলে মহানগৰ স্থাপিত কৰিছিল, কিন্তু প্ৰায় সা.যু. ৫৮০ চনত লুদীয়াসকলে সেই মহানগৰখন ধ্বংস কৰে। আলেকজেণ্ডাৰৰ পিছত হোৱা পদাধিকাৰীজনে অন্য এক নতুন স্থানত স্মুৰ্ণা নগৰখনৰ পুনঃস্থাপনা কৰিলে। পিছলৈ সেই নগৰখন ৰোমান সম্ৰাজ্যৰ এটা ভাগ আৰু বাণিজ্যিক কেন্দ্ৰ হৈ পৰিল, যʼত ৰাইজৰ বাবে অট্টালিকাবোৰ নিৰ্ম্মাণ কৰা হৈছিল। তাত থকা তিবিৰীয়া কৈচৰৰ মন্দিৰটোক সম্ৰাটক কৰা উপাসনাৰ এটা মুখ্য কেন্দ্ৰৰূপে পৰিণত কৰিছিল। উপাসকসকলে এচিকটা ধূপ জ্বলাই “কৈচৰ আমাৰ প্ৰভু” বুলি কব লাগিছিল। কিন্তু খ্ৰীষ্টানসকলে “যীচুক প্ৰভু স্বীকাৰ” কৰাৰ বাবে উৎপীড়নৰ সম্মুখীন হৈছিল।—ৰোমীয়া ১০:৯.

১৩. ভৌতিকভাৱে দুখীয়া হোৱাৰ স্বত্বেও স্মুৰ্ণাত থকা খ্ৰীষ্টানসকলে কেনেকৈ ধনৱান আছিল?

১৩ ইয়াৰ উপৰিও স্মুৰ্ণাত থকা খ্ৰীষ্টানসকলে সম্ৰাটক কৰা উপাসনাত ভাগ নোলোৱাৰ বাবে আৰ্থিক সমস্যাৰো সম্মুখীন হʼবলগীয়া হৈছিল। সেইদৰে বৰ্তমান যিহোৱাৰ সেৱকসকলেও তেনেধৰণৰ সমস্যাৰ সম্মুখীন হʼবলগা হৈছে। (প্ৰকাশিত বাক্য ১৩:১৬, ১৭) স্মুৰ্ণাৰ দৰে ভাই-ভনীসকলে ভৌতিকভাৱে ধনৱান নহʼলেও তেওঁলোক আধ্যাত্মিকভাৱে ধনৱান, যিটো নেকি অতি আৱশ্যকীয় বিষয়।—হিতোপদেশ ১০:২২; ৩ যোহন ২.

১৪, ১৫. প্ৰকাশিত বাক্য ২:১০ পদৰ পৰা অভিষিক্ত বৰ্গই কেনে শান্ত্বনা লভিব পাৰে?

১৪ স্মুৰ্ণাত বাস কৰা বেছিভাগ ইহুদীৰ এটা “চয়তানৰ সাচ” আছিল। কিয়নো তেওঁলোকে অশাস্ত্ৰীয় ৰীতি-নীতি পালন, ঈশ্বৰৰ পুত্ৰক অস্বীকাৰ আৰু যীচুৰ আত্মা-অভিষিক্ত অনুগামীসকলক নিন্দা কৰিছিল। (ৰোমীয়া ২:২৮, ২৯) কিন্তু অভিষিক্ত ব্যক্তিসকলে যীচুৰ পৰৱৰ্তী বাক্যৰ দ্বাৰা কিমান যে শান্ত্বনা লভিব পাৰে! যʼত তেওঁ এইদৰে কৈছে: “তুমি অলপতে যি যি দুখভোগ কৰিবা, তালৈ ভয় নকৰিবা; চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে; তাতে দহ দিনলৈকে তোমালোকৰ ক্লেশ হব। তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।”—প্ৰকাশিত বাক্য ২:১০.

১৫ যিহোৱাৰ আধিপত্যক বজাই ৰাখিবলৈ যীচুৱে মৃত্যুকো ভয় নকৰিলে। (ফিলিপীয়া ২:৫-৮) যদিও চয়তানে অভিষিক্ত বৰ্গৰ বিৰুদ্ধে যুদ্ধ কৰিছে তথাপিও তেওঁলোকে সমূহীয়াকৈ বন্দী, মৃত্যু বা ক্লেশ ভুগিবলৈ ভয় নকৰে। (প্ৰকাশিত বাক্য ১২:১৭) তেওঁলোক জগতৰ বিজেতা হʼব। ধৰ্ম্মহীন খেল প্ৰতিযোগিতাত জয় লাভ কৰি মৰহি যোৱা ফুলৰ সলনি যীচুৱে অভিষিক্ত বৰ্গক “জীৱনৰূপ কিৰীটি” অৰ্থাৎ স্বৰ্গত অবিনাশী জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে। ই কিযে এক অমূল্য উপহাৰ!

১৬. যদি আমি প্ৰাচীন স্মুৰ্ণাৰ দৰে এখন মণ্ডলীৰ সৈতে সঙ্গতি কৰিছোঁ তেন্তে কেনে বাদ-বিষয়ৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰা উচিত?

১৬ আমাৰ আশা স্বৰ্গীয় বা পাৰ্থিৱ হোৱা স্বত্ত্বেও যদি আমি স্মুৰ্ণা দৰে মণ্ডলীৰ সৈতে সঙ্গতি কৰিছোঁ, তেন্তে তাৰ বিষয়ে কি কʼব পাৰি? আঁহক আমি আমাৰ সঙ্গী বিশ্বাসীসকলক কিয় ঈশ্বৰে যাতনা ভুগিবলৈ অনুমতি দিছে তাৰ মুখ্য কাৰণ অৰ্থাৎ ঈশ্বৰৰ আধিপত্যৰ সৈতে সম্পৰ্ক থকা বিশ্বব্যাপী বাদ-বিবাদটোৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰোঁহঁক। প্ৰত্যেকজন বিশ্বাসী যিহোৱাৰ সাক্ষীয়ে চয়তানক মিছলীয়া প্ৰমাণিত কৰি তেওঁলোকে ক্লেশৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও দৃঢ়ভাৱে সহযোগ কৰিব পাৰে যে আধিপত্যৰূপে একমাত্ৰ ঈশ্বৰৰহে গোটেই বিশ্বত শাসন কৰাৰ অধিকাৰ আছে। (হিতোপদেশ ২৭:১১) সেয়েহে আঁহক আমি আন খ্ৰীষ্টানসকলক ক্লেশত সহন কৰি আৰু যাৰ পৰিণামস্বৰূপে “নিৰ্ভয়ে [যিহোৱাৰ] আৰাধনা কৰি, সৰলতা আৰু ধাৰ্ম্মিকতাৰে তেওঁৰ আগত আমাৰ সকলো দিন নিয়াব পাৰিম।”—লূক ১:৬৮, ৬৯, ৭১, ৭২.

পৰ্গামত থকা মণ্ডলীৰ দূতলৈ

১৭, ১৮. পৰ্গাম চহৰখন কিহৰ উপাসনাৰ কেন্দ্ৰ আছিল আৰু তেনে উপাসনাত ভাগ নোলোৱাৰ বাবে প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে কেনে পৰিণামৰ সম্মুখীন হʼবলগীয়া হৈছিল?

১৭ পৰ্গামত থকা মণ্ডলীক প্ৰশংসা আৰু সংশোধন কৰা হৈছিল। (প্ৰকাশিত বাক্য ২:১২-১৭ পদটো পঢ়ক।) স্মুৰ্ণাৰ উত্তৰ দিশে, ৮০ কিলোমিটাৰ নিলগত অৱস্থিত থকা এই পৰ্গাম চহৰখন মিছা ধৰ্ম্মৰে ভৰি আছিল। অনুমান কৰা হৈছে যে কলদিয়াবাসী মাগী (জ্যোতিষী) নামৰ ব্যক্তিজনে বাবিলৰ পৰা পলাই আহি তাত শৰণ লৈছিল। তাত থকা বিখ্যাত এচকেলিপাচ মন্দিৰটোলৈ ৰোগীসকলক মিছা দেৱ-দেৱী আৰু যাদু শক্তিৰ দ্বাৰা সুস্থ কৰাৰ উদ্দেশ্যৰে অনা হৈছিল। তদুপৰি পৰ্গাম চহৰখনত আগস্তুচ কৈচৰৰ উপাসনাৰ বাবে তিনিটা মন্দিৰ আছিল আৰু এইবোৰক “সম্ৰাট উপাসনাৰ সৈতে সম্বন্ধ থকা ৰাজকীয় প্ৰমুখ স্থান” ৰূপে জনা গৈছিল।—এনচাইক্লপেডিয়া ব্ৰিটেনিকা ১৯৫৯, ১৭ নং খণ্ড, ৫০৭ পৃষ্ঠা।

১৮ পৰ্গামত জীউচ নামৰ গ্ৰীক দেৱতালৈ উৎসৰ্গ কৰা এটা বেদী আছিল। সেই চহৰখনত মানৱে ভূত-প্ৰেতক উপাসনা কৰাৰ মুখ্য কেন্দ্ৰ আছিল। সেয়েহে তাত থকা মণ্ডলীক “চয়তানৰ সিংহাসন” থকা ঠাইত অৱস্থিত বুলি কোৱা হৈছিল! গতিকে তাত থকা এজন নিষ্ঠাৱান যিহোৱাৰ সেৱকে তেনে উপাসনাত ভাগ লʼবলৈ অস্বীকাৰ কৰাৰ পৰিণাম আছিল মৃত্যুদণ্ড। আজিও জগতখন চয়তানৰ অধীনত আছে আৰু ৰাষ্ট্ৰীয় প্ৰতীকবোৰে উপাসনাৰ স্থান লৈছে। (১ যোহন ৫:১৯) প্ৰথম শতিকাৰ পৰা বৰ্তমান সময়ৰলৈকে বহুতো নিষ্ঠাৱান খ্ৰীষ্টানে যীচুৱে কোৱা “মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা” দৰে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে। তেনে নিষ্ঠাৱান লোকসকলে কৰা ত্যাগৰ বিষয়ে যিহোৱা আৰু যীচুৱে নিশ্চয়ে পাহৰি নাযায়।—১ যোহন ৫:২১.

১৯. বিলিয়মে কেনে কাৰ্য্য কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে সকলো খ্ৰীষ্টানে নিজকে প্ৰতিৰক্ষা দিবলৈ কি কৰা উচিত?

১৯ খ্ৰীষ্টই “বিলিয়মৰ শিক্ষাৰ” বিষয়েও কৈছিল। ভৌতিক বস্তুলৈ লোভ কৰি মিছা ভৱিষ্যতবক্তা বিলিয়মে ইস্ৰায়েলক শাও দিবলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰে যেতিয়া বিলিয়মে দিয়া শাওক ইস্ৰায়েলসকলৰ বাবে আশীৰ্ব্বাদলৈ পৰিণত কৰে তেতিয়া তেওঁ মোৱাবৰ ৰজা বালাকৰ সৈতে মিলি বহুতো ইস্ৰায়েলক মূৰ্ত্তিপূজা আৰু যৌন অনৈতিকতাৰ ফান্দত পেলাইছিল। গতিকে খ্ৰীষ্টান প্ৰাচীনসকলে বিলিয়মৰ বিৰুদ্ধে পদক্ষেপ লৈ পীনহচৰ দৰে দৃঢ় হৈ কাৰ্য্য কৰা উচিত। (গণনা পুস্তক ২২:১-২৫:১৫; ২ পিতৰ ২:১৫, ১৬; যিহূদা ১১) দৰাচলতে, সকলো প্ৰকৃত খ্ৰীষ্টানে মণ্ডলীত নিজকে মূৰ্ত্তিপূজাৰ পৰা প্ৰতিৰক্ষা আৰু যৌন অনৈতিক মনোবৃত্তি প্ৰবেশ কৰাৰ পৰা বিৰত থকা উচিত।—যিহূদা ৩, ৪.

২০. যদি এজন খ্ৰীষ্টানৰ মনত ধৰ্ম্মত্যাগী মনোবৃত্তিয়ে বাঁহ লৈছে তেন্তে তেওঁ কি কৰা উচিত?

২০ পৰ্গামত থকা মণ্ডলীৰ আধ্যাত্মিকতা বিপদত পৰিছিল কিয়নো তাৰ খ্ৰীষ্টানসকলে “নীকলাইতীয়াবিলাকৰ শিক্ষা মনা” লোকসকলক তেওঁলোকৰ মাজত প্ৰবেশ কৰিব দিছিল। সেইবাবে যীচুৱে কৈছিল: “এতেকে মন পালটোৱা; নহলে, মই বেগাই তোমাৰ তাত উপস্থিত হৈ, মোৰ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰিম।” (প্ৰকাশিত বাক্য ২:১৬) তেনে বিভাজন অনা লোকসকলে মণ্ডলীৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল আৰু যিসকলে বিভাজিত কৰি মণ্ডলীত পন্থা বনাইছিল তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব। (ৰোমীয়া ১৬:১৭, ১৮; ১ কৰিন্থীয়া ১:১০; গালাতীয়া ৫:১৯-২১) যদি এজন খ্ৰীষ্টানে নিজৰ মনত ধৰ্ম্মত্যাগী মনোবৃত্তিক ঠাই দিছে আৰু তাক বিস্তাৰিত কৰিব বিচাৰে, তেন্তে তেওঁক যীচুৱে দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক! নিজকে ধ্বংসৰ পৰা ৰক্ষা কৰি মনপালটন কৰিবলৈ আৰু মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা আধ্যাত্মিক সহায় লোৱা আৱশ্যক। (যাকোব ৫:১৩-১৮) যিহেতু যীচুৰ ন্যায়-বিচাৰৰ দিন অতি শ্ৰীঘেই কাষ চাপি আহিছে, সেইবাবে কোনো পলম নকৰাকৈ সঠিক পদক্ষেপ লোৱাটো অতি গুৰুত্বপূৰ্ণ।

২১, ২২. কোনসকলে “গুপ্ত মান্না” খোৱাত অংশ গ্ৰহণ কৰিব পাৰে আৰু ই কিহক চিহ্নিত কৰে?

২১ কিন্তু বিশ্বাসী অভিষিক্ত বৰ্গই সেই কাষ চাপি অহা ন্যায়-বিচাৰৰ দিনৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাই। যিসকলে পবিত্ৰ আত্মাৰ দ্বাৰা দিয়া যীচুৰ পৰামৰ্শক মানি চলিলে, তেওঁলোকে আশীৰ্ব্বাদৰ পাত্ৰ হʼব। উদাহৰণস্বৰূপে, জগতক জয়ী কৰা অভিষিক্ত বৰ্গক কিছুমান “গুপুত মান্না” খাবলৈ আৰু “এটা বগা শিল” দি “নতুন নাম” দিয়া হʼল।

২২ ইস্ৰায়েলসকলে অৰণ্যত থকাৰ ৪০ বছৰ সময়ছোৱাত ঈশ্বৰে মান্না প্ৰদান কৰি তেওঁলোকক চোৱা-চিতা কৰিছিল। তাৰ কিছুমান “পিঠা” নিয়ম-চন্দুকৰ ভিতৰত এটা সোণৰ বয়মত ৰাখিছিল যিটো মন্দিৰৰ সকলোতকৈ পবিত্ৰ-স্থানত লুকুৱাই ৰাখা হৈছিল, যি ঠাইক অলৌকিক পোহৰে যিহোৱাৰ উপস্থিতিক বুজাইছিল। (যাত্ৰাপুস্তক ১৬:১৪, ১৫, ২৩, ২৬, ৩৩; ২৬:৩৪; ইব্ৰী ৯:৩, ৪) সেই গুপুতে ৰাখা মান্নাক খাবলৈ কোনো এজনকো অনুমতি দিয়া নাছিল। কিন্তু যীচুৰ অভিষিক্ত ব্যক্তিসকলে পুনৰুত্থানৰ দ্বাৰা পোৱা অবিনাশী জীৱনে “গুপ্ত মান্না” খোৱাক চিহ্নিত কৰে।—১ কৰিন্থীয়া ১৫:৫৩-৫৭.

২৩. “বগা শিল” আৰু “নতুন নাম” বুলি উল্লেখ কৰা উক্তিটোৱে কিহক বুজাইছে?

২৩ ৰোমান সাম্ৰাজ্যৰ আদালতবোৰত থকা এটা কʼলা শিলে এজন ব্যক্তিক দোষী আৰু বগা শিলে নিৰ্দ্দোষী প্ৰমাণিত কৰিছিল। যীচুৱে জগতত জয়ী হোৱা অভিষিক্ত ব্যক্তিসকলক “এটা বগা শিল” দিছে যিয়ে তেওঁলোকক নিৰ্দ্দোষী আৰু নিৰ্ম্মল হোৱা প্ৰমাণিত কৰে। ৰোমানসকলে ‘এটা বগা শিলক’ বিশেষ উৎসৱবোৰত প্ৰবেশ কৰিবলৈ প্ৰবেশপত্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। সেইদৰে অভিষিক্ত ব্যক্তিসকলে লাভ কৰা “বগা শিলটোৱে” স্বৰ্গত আয়োজিত হোৱা মেৰ পোৱালিৰ বিবাহত প্ৰবেশ কৰিবলৈ পোৱা সন্মতিক বুজাব পাৰে। (প্ৰকাশিত বাক্য ১৯:৭-৯) সাক্ষ্যমূলকৰূপে “নতুন নাম” ধাৰণ কৰাৰ অৰ্থ হৈছে যীচুৰ সৈতে স্বৰ্গীয় ৰাজ্যত সহশাসক হিচাবে কাৰ্য্য কৰিবলৈ পোৱা বিশেষাধিকাৰ। ইয়ে অভিষিক্ত বৰ্গ আৰু পৃথিৱীত চিৰকাল জীয়াই থকাৰ আশা লাভ কৰা তেওঁলোকৰ সঙ্গীবিলাকক কিমান যে উৎসাহিত কৰি তুলে!

২৪. ধৰ্ম্মত্যাগী মনোবৃত্তিৰ সম্বন্ধে আমি কেনে পদক্ষেপ লোৱা উচিত?

২৪ এইটো মনত ৰখাটো বুদ্ধিমানৰ কাৰ্য্য হʼব যে পৰ্গাম মণ্ডলীয়ে ধৰ্ম্মত্যাগীসকলৰ দ্বাৰা বিপদজনক অৱস্থাত পৰিছিল। যদি আমি সঙ্গতি কৰা মণ্ডলীখনো তেনে পৰিস্থিতিৰ সম্মুখীন হৈছে, তেন্তে আঁহক আমি ধৰ্ম্মত্যাগী মনোবৃত্তিক সম্পূৰ্ণকৈ ত্যাগ কৰি একেৰাহে সত্যৰ পথত চলোঁহঁক। (যোহন ৮:৩২, ৪৪; ৩ যোহন ৪) ভুৱা শিক্ষক বা ব্যক্তিসকলে হয়তো মণ্ডলীৰ আধ্যাত্মিকতাক নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আমি তাৰ বিপৰীতে বিশ্বাসত দৃঢ় হৈ তেনে দুষ্টতা আমাৰ সত্যৰ বাটৰ কাঁইট হʼবলৈ অনুমতি নিদিওঁহঁক।—গালাতীয়া ৫:৭-১২; ২ যোহন ৮-১১.

২৫. কোনবোৰ মণ্ডলীলৈ দিয়া খ্ৰীষ্টৰ বাৰ্ত্তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব?

২৫ যীচুৱে এছিয়া মাইনৰত থকা এই সাতোটা মণ্ডলীক কোৱা উত্তম পৰামৰ্শ আৰু প্ৰশংসাৰ বাক্যবোৰক আমি বিবেচনা কৰিব পাৰিলোঁ। পবিত্ৰ আত্মাৰ দ্বাৰা নিৰ্দ্দেশিত হৈ তেওঁ বাকী থকা চাৰিটা মণ্ডলীলৈও অধিক কিবা কʼব বিচাৰিছে। তেওঁ থূয়াতীৰা, চাৰ্দ্দি, ফিলাদেল্‌ফিয়া আৰু লায়দিকেয়াক কি কৈছে তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 5/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• খ্ৰীষ্টই মণ্ডলীবোৰলৈ যি কৈছে তাৰ প্ৰতি আমি কিয় মনোযোগ দিয়া উচিত?

• এখন মণ্ডলীয়ে হেৰুৱা প্ৰথম প্ৰেম পুনৰাই উদ্ধাৰ কৰিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

• স্মুৰ্ণাত থকা খ্ৰীষ্টানসকলে ভৌতিকভাৱে দুখীয়া আছিল যদিও প্ৰকৃততে ধনৱান আছিল বুলি কিয় কʼব পাৰি?

• পৰ্গাম মণ্ডলীৰ অৱস্থাক লক্ষ্য কৰি আমি ধৰ্ম্মত্যাগী মনোবৃত্তিৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ক্যাপ্‌শন]

গ্ৰীচ

এচিয়া মাইনৰ

ইফিচ

স্মুৰ্ণা

পৰ্গাম

থূয়াতীৰা

চাৰ্দ্দি

ফিলাদেল্‌ফিয়া

লায়দিকেয়া

[২৬ পৃষ্ঠাৰ ছবি]

‘বৰ লোকসমূহে’ এই পৃথিৱীত চিৰকাল জীয়াই থকাৰ আনন্দ লাভ কৰিব