প্ৰকৃত শান্ত্বনা ক’ত পাব পাৰি?
প্ৰকৃত শান্ত্বনা কʼত পাব পাৰি?
“আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ . . . ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে।”—২ কৰিন্থীয়া ১:৩, ৪.
১. কেনে পৰিস্থিতিৰ বাবে লোকসকলক অধিক শান্ত্বনাৰ আৱশ্যক হৈছে?
এজন শাৰীৰিকভাৱে অক্ষম হোৱা ব্যক্তিয়ে নিজৰ জীৱনটো উদ্দেশ্যহীন বুলি ভাবিব পাৰে। ভূমিকম্প, ধুমুহা-বতাহ, ক্লেশ আদিয়ে লোকসকলক নিঠৰুৱা কৰি পেলায়। যুদ্ধৰ ফলত হয়তো পৰিয়ালৰ কাৰোবাৰ মৃত্যু হৈছে, ঘৰ-দুৱাৰ ধ্বংস হৈছে বা সুৰক্ষাৰ বাবে সা-সম্পত্তি এৰি আন ঠাইলৈ পলাই যাবলগা হৈছে। অন্যায়ৰ বাবে হয়তো লোকসকলে নিৰুপায় হৈ পৰিছে। এনে পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলক নিশ্চয়ে শান্ত্বনাৰ আৱশ্যক। কিন্তু সেই শান্ত্বনা কʼত পাব পাৰি?
২. যিহোৱাই দিয়া শান্ত্বনা কিয় অতুলনীয়?
২ কিছুমান ব্যক্তি বা সংগঠনে শান্ত্বনা দিবলৈ প্ৰচেষ্টা কৰিছে। সহানুভূতিৰে কোৱা বাক্যবোৰে প্ৰশংসা লাভ কৰিছে। শাৰীৰিক সাহায্য আগবঢ়াই কিছু পৰিমাণেহে লোকসকলৰ আৱশ্যকতা পূৰণ কৰিছে। কিন্তু একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাইহে সকলো ধৰণৰ সমস্যাক সমাধান বা ক্ষতি পূৰণ কৰিব পাৰে আৰু চিৰস্থায়ী সমাধান হʼব। তেওঁৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য; তেৱেঁই কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি শান্ত্বনা পাওঁ, সেই শান্ত্বনাৰে যেন সকলো ক্লেশত থকাবিলাকক শান্ত্বনা কৰিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে।” (২ কৰিন্থীয়া ১:৩, ৪) যিহোৱাই আমাক কেনেকৈ শান্ত্বনা দিয়ে?
সমস্যাবোৰৰ মূল কাৰণসমূহক চিনাক্ত কৰা
৩. ঈশ্বৰে প্ৰদান কৰা শান্ত্বনাই আমাক মানৱজাতিৰ সমস্যাসমূহৰ মূল কাৰণৰ বিষয়ে জানিবলৈ কেনেকৈ সহায় কৰে?
৩ আজি সকলো মানৱজাতি আদমৰ সন্তান হোৱা হেতুকে অসিদ্ধ আৰু ইয়াৰ বাবে অনেক সমস্যা উৎপন্ন হৈছে যিয়ে অৱশেষত মৃত্যুলৈ পৰিচালিত কৰিছে। (ৰোমীয়া ৫:১২) পৰিস্থিতি ইমান বেয়ালৈ গতি কৰাৰ মুখ্য কাৰণটো হৈছে চয়তান যি “এই জগতৰ অধিপতি।” (যোহন ১২:৩১; ১ যোহন ৫:১৯) যিহোৱাই মানৱজাতিৰ দুৰৱস্থা দেখি দুখ প্ৰকাশ কৰাতকৈ শান্ত্বনা প্ৰদান কৰিবলৈ অধিক কিছু কৰিলে। তেওঁ নিজৰ একমাত্ৰ পুত্ৰক মুক্তিপণ বলিদানৰ অৰ্থে পঠিয়ালে, তদুপৰি তেওঁ কʼলে যে আদমৰ পাপৰ পৰা মুক্তি পাবলৈ আমি তেওঁৰ পুত্ৰত বিশ্বাস ৰখা আৱশ্যক। (যোহন ৩:১৬; ১ যোহন ৪:১০) ঈশ্বৰে ইয়াকো কৈছিল যে স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰ পোৱা যীচু খ্ৰীষ্টই চয়তান আৰু তাৰ দুষ্ট ৰীতি-ব্যৱস্থাক সমূলিকৈ ধ্বংস কৰিব।—মথি ২৮:১৮; ১ যোহন ৩:৮; প্ৰকাশিত বাক্য ৬:২; ২০:১০.
৪. (ক) উদ্ধাৰৰ সৈতে সম্পৰ্ক থকা প্ৰতিজ্ঞাবোৰত আমাৰ ভাৰসা দৃঢ় কৰিবলৈ যিহোৱাই কি কৰিলে? (খ) সেই উদ্ধাৰ কেতিয়া হʼব এই বিষয়ে বুজি পাবলৈ যিহোৱাই কেনেকৈ সহায় কৰিলে?
৪ ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰত থকা আমাৰ ভাৰসাক দৃঢ় কৰিবলৈ বহুতো প্ৰমাণ লিপিবদ্ধ কৰি ৰাখিলে যে তেওঁ যি ভৱিষ্যতবাণী কৰে সেয়া কেতিয়াও বিফল নহয়। (যিহোচূৱা ২৩:১৪) উদাহৰণস্বৰূপে, তেওঁ নিজৰ সেৱকসকলক উদ্ধাৰ কৰিবলৈ কেনে আচৰিত কাৰ্য্যসমূহ কৰিলে, সেইবোৰ বাইবেলত লিপিবদ্ধ কৰাই থলে যিবোৰ মানৱ দৃষ্টিত অসম্ভৱ আছিল। (যাত্ৰাপুস্তক ১৪:৪-৩১; ২ ৰাজাৱলি ১৮:১৩-১৯:৩৭) তদুপৰি যীচুৰ দ্বাৰা যিহোৱাই প্ৰকাশ কৰিলে যে তেওঁৰ উদ্দেশ্য হৈছে ‘সকলো বিধৰ নৰিয়াত’ পৰা লোকক সুস্থ আৰু আনকি মৃতবিলাকক জীয়াই তুলা। (মথি ৯:৩৫; ১১:৩-৬) এই সকলোবোৰৰ কেতিয়া পূৰ্ণতা হʼব? ইয়াৰ উত্তৰত বাইবেলে এই ৰীতি-ব্যৱস্থাৰ শেষৰ সম্পৰ্কে বৰ্ণনা কৰিছে, যাৰ পিছত ঈশ্বৰৰ নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীয়ে বিদ্যামান হʼব। যীচুৱে কৰা বৰ্ণনাটো বৰ্তমান আমি বাস কৰা সময়ৰ সৈত মিল খায়।—মথি ২৪:৩-১৪; ২ তীমথিয় ৩:১-৫.
দুৰ্যোগৰ সময়ত এক লোকসমূহক শান্ত্বনা
৫. ইস্ৰায়েল জাতিক শান্ত্বনা দিয়াৰ সময়ত যিহোৱাই তেওঁলোকক কিহৰ ওপৰত ধ্যান দিবলৈ কৈছিল?
৫ ইস্ৰায়েল জাতিৰ সৈতে যিহোৱাই কৰা আচৰণৰ দ্বাৰা আমি বৰ্তমানৰ দুৰ্যোগপূৰ্ণ সময়ছোৱাত তেওঁ আমাক কেনেকৈ শান্ত্বনা দিব এই বিষয়ে শিকিবলৈ পাওঁ। তেওঁ কেনেধৰণৰ ঈশ্বৰ, সেই বিষয়ে ইস্ৰায়েলসকলক সোঁৱৰাই দিছিল। ইয়ে তেওঁলোকক তেওঁৰ প্ৰতিজ্ঞাবোৰত থকা ভাৰসাক দৃঢ় কৰিছিল। যিহোৱাই তেওঁৰ ভৱিষ্যতবক্তাসকলক জীৱিত ঈশ্বৰ আৰু নিৰ্জিৱ মূৰ্ত্তিৰ মাজত থকা বৃহৎ পাৰ্থ্যকতা স্পষ্টকৈ প্ৰকাশ কৰিবলৈ হেতু প্ৰদান কৰিছিল। কিয়নো মূৰ্ত্তিবোৰে নিজকে আৰু তেওঁলোকৰ উপাসকবোৰকো সহায় কৰিব নোৱাৰে। (যিচয়া ৪১:১০; ৪৬:১; যিৰিমিয়া ১০:২-১৫) ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা “মোৰ প্ৰজাবিলাকক শান্ত্বনা দিয়া” বুলি কোৱা সময়ত যিহোৱাই নিজৰ সৃষ্টিৰ বিষয়ে দৃষ্টান্ত দাঙি ধৰিলে আৰু তেওঁ যে একমাত্ৰ সত্য ঈশ্বৰ তাক জোৰ দি বুজাবলৈ তেওঁ নিজে কৰা সৃষ্টিৰ কাৰ্য্যবোৰক বৰ্ণনা কৰিলে।—যিচয়া ৪০:১-৩১.
৬. উদ্ধাৰ কেতিয়া হʼব সেই সম্পৰ্কে বুজিবলৈ যিহোৱাই কেনে আভাস প্ৰদান কৰিছিল?
৬ এসময়ত যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা প্ৰদান কৰিবলৈ উদ্ধাৰৰ সম্পৰ্কে নিৰ্দ্দিষ্ট সময়ক উল্লেখ কৰিছিল। যেতিয়া মিচৰীয়াৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ সময় কাষ চাপিছিল তেতিয়া তেওঁ ভাৰাক্ৰান্ত ইস্ৰায়েলসকলক কৈছিল: “মই ফৰৌণৰ ওপৰলৈ, আৰু মিচৰ দেশৰ ওপৰলৈকো আৰু এক উৎপাত উপস্থিত কৰিম; তাৰ পাছত, তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব।” (যাত্ৰাপুস্তক ১১:১) ৰজা যিহোচাফটৰ ৰাজত্বকালত যেতিয়া তিনি ৰাষ্ট্ৰ মিলি যিহূদাৰ ওপৰত আক্ৰমণ কৰিবলৈ আহে তেতিয়া যিহোৱাই “কাইলৈ” ইস্ৰায়েলসকলৰ হৈ সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিব বুলি কৈছিল। (২ বংশাৱলি ২০:১-৪, ১৪-১৭) বাবুলীয়া হাতৰ পৰা উদ্ধাৰ কৰাৰ সম্বন্ধে প্ৰায় ২০০ বছৰৰ পূৰ্বেই ভৱিষ্যতবক্তা যিচয়া আৰু ১০০ বছৰৰ পূৰ্বেই যিৰিমিয়াৰ দ্বাৰা বিতংকৈ লিপিবদ্ধ কৰাই থলে। উদ্ধাৰৰ সময় কাষ চাপি অহাৰ সময়ত তেনে ভৱিষ্যতবাণীসমূহে ইস্ৰায়েলসকলক কিমান যে উৎসাহ প্ৰদান কৰিলে!—যিচয়া ৪৪:২৬-৪৫:৩; যিৰিমিয়া ২৫:১১-১৪.
৭. উদ্ধাৰৰ সম্বন্ধে থকা প্ৰতিজ্ঞাবোৰত বাৰে বাৰে কিহৰ বিষয়ে উল্লেখ কৰিছিল আৰু ইয়ে বিশ্বাসী ইস্ৰায়েলসকলৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰিছিল?
৭ এইটো উল্লেখযোগ্য যে ঈশ্বৰৰ লোকক শান্ত্বনা প্ৰদান কৰিবলৈ মচীহৰ সৈতে সম্পৰ্ক থকা বৃতান্তবোৰক বাৰে বাৰে উল্লেখ কৰিছিল। (যিচয়া ৫৩:১-১২) যুগ যুগ ধৰি বিশ্বাসী ব্যক্তিসকলে অনেক পৰীক্ষাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও এই আশাই তেওঁলোকক ভাৰসা প্ৰদান কৰিছে। এই সন্দৰ্ভে লূক ২:২৫ পদত এইদৰে কৈছে: “তাতে চোৱা, যিৰূচালেমত চিমিয়োন নামেৰে, এজন মানুহ আছিল; তেওঁ ধাৰ্ম্মিক, ভক্ত, আৰু ইস্ৰায়েলৰ শান্ত্বনালৈ অপেক্ষা কৰি থকা মানুহ; আৰু তেওঁৰ ওপৰত পবিত্ৰ আত্মা আছিল।” চিমিয়োনে জানিছিল যে শাস্ত্ৰীয় পদবোৰত মচীহ অহাৰ সম্পৰ্কে ভৱিষ্যতবাণী প্ৰদান কৰা হৈছে আৰু সেই ভৱিষ্যতবাণী পূৰ্ণ হোৱাৰ আশাই তেওঁৰ জীৱনটোক প্ৰভাৱিত কৰিলে। কিন্তু তেওঁ বুজি পোৱা নাছিল যে সেই ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼব আৰু তেওঁ জীয়াই থকা কাললৈকে পৰিত্ৰাণৰ সেই ভৱিষ্যতবাণী বাস্তৱিকতালৈ পৰিণত হোৱাটোও দেখিবলৈ নাপালে। যিহেতু ঈশ্বৰে কাৰ দ্বাৰা সেই “পৰিত্ৰাণ” সম্ভৱ কৰিব ইয়াক চিনাক্ত কৰিব পাৰি তেওঁ আনন্দিত হৈছিল।—লূক ২:৩০.
খ্ৰীষ্টৰ দ্বাৰা শান্ত্বনা প্ৰদান কৰা হৈছিল
৮. লোকসকলে আৱশ্যক থকা বুলি ভবাৰ তুলনাত যীচুৱে আগবঢ়োৱা সাহায্যই কেনেকৈ সহায় কৰিলে?
৮ পৃথিৱীত থকা সময়ছোৱা যীচুৱে সদায়ে লোকসকলৰ ইচ্ছাৰ সামঞ্জস্যত সহায় আগবঢ়োৱা নাছিল। উদাহৰণস্বৰূপে, কিছুমানে ৰোমান চৰকাৰৰ অধীনৰ পৰা মুক্তি লাভ কৰাৰ আশাৰে মচীহৰ আগমণলৈ অপেক্ষা কৰিছিল। কিন্তু যীচুৱে কোনো ৰাজবিপ্লৱত জড়িত নহল, তাৰ পৰিৱৰ্তে তেওঁ লোকসকলক “যি কৈচৰৰ, তাক কৈচৰক দিয়া” বুলিহে কʼলে। (মথি ২২:২১) কিয়নো ঈশ্বৰৰ উদ্দেশ্যত এটা ৰাজনৈতিক শাসনৰ পৰা লোকসকলক মুক্তি কৰাতকৈ অধিক কিছু সন্মিলিত আছিল। যেতিয়া লোকসকলে যীচুক ৰজা মনোনিত কৰিবলৈ বিচাৰিছিল তেতিয়া তেওঁ “অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল” বুলি কৈছিল। (মথি ২০:২৬; যোহন ৬:১৫) কিয়নো ৰজা মনোনিত হোৱাৰ তেতিয়াও সময় হোৱা নাছিল আৰু সেই ৰাজপাট তেওঁক কোনো অস্থিৰ মানৱসমষ্টিয়ে নহয় যিহোৱাইহে দান কৰিবলৈ আছিল।
৯. (ক) যীচুৱে কেনে শান্ত্বনাদায়ক বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিছিল? (খ) লোকসকলে ব্যক্তিগতভাৱে সম্মুখীন হোৱা পৰিস্থতিসমূহক যে যীচুৱে সমাধান কৰিব পাৰে তাক কেনেকৈ বাৰ্ত্তাৰ আনুসঙ্গিকতাৰে প্ৰদৰ্শন কৰি দেখুৱালে? (গ) যীচুৰ প্ৰচাৰ কাৰ্য্যই কিহৰ বাবে আধাৰশিলা স্থাপন কৰিছিল?
৯ যীচুৱে প্ৰদান কৰা শান্ত্বনা “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ” সৈতে জড়িত আছিল। তেওঁ যি ঠাইবোৰলৈ গৈছিল সেই সকলোবোৰত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (লূক ৪:৪৩) তেওঁ শুভবাৰ্ত্তাৰ প্ৰচাৰৰ জড়িয়তে গুৰুত্ব দি প্ৰদৰ্শন কৰি দেখুৱালে যে মচীহ শাসনত তেওঁ কেনেকৈ মানৱজাতিৰ দৈনন্দিন সমস্যাসমূহক সমাধান কৰিব। উদাহৰণস্বৰূপে, তেওঁ ক্লেশত ভুগি থকা অন্ধ ব্যক্তিসকলক দৃষ্টি প্ৰদান আৰু বোবাক সুস্থ কৰি জীয়াই থকাৰ আশা প্ৰদান কৰে (মথি ১২:২২; মাৰ্ক ১০:৫১, ৫২), জঠৰ ৰোগীক আৰোগ্য (মাৰ্ক ২:৩-১২), কুষ্ঠ ৰোগেৰে পীড়িত হোৱা এজন ইহূদী ব্যক্তিক ৰোগমুক্ত (লূক ৫:১২, ১৩) আৰু অন্য ভয়ানক ৰোগ থকা ৰোগীসকলক সুস্থ কৰিছিল। (মাৰ্ক ৫:২৫-২৯) বেদনাৰ সাগৰত ডুব যোৱা পৰিয়ালৰ সন্তানটিক জীৱন দান কৰি তেওঁলোকলৈ আনন্দ ঘূৰাই আনিছিল। (লূক ৭:১১-১৫; ৮:৪৯-৫৬) তদুপৰি তেওঁ প্ৰদৰ্শন কৰি দেখুৱালে যে প্ৰকাণ্ড ধুমুহাক শান্ত আৰু তেওঁ লোকসমূহলৈ আহাৰৰ যোগান ধৰি তেওঁলোকক তৃপ্ত কৰিবলৈও তেওঁৰ শক্তি আছে। (মাৰ্ক ৪:৩৭-৪১; ৮:২-৯) ইয়াৰ উপৰিও যীচুৱে লোকসকলক শিকাইছিল যে তেওঁলোকে কেনেকৈ সফলতাৰে সমস্যাসমূহ সম্মুখীন হৈ জীৱন নিৰ্বাহ কৰিব আৰু তেওঁলোকৰ হৃদয়ত মচীহৰ ধাৰ্ম্মিক শাসনৰ আশাক স্থান দিব পাৰে। এইদৰে যীচুৱে নিজৰ পৰিচৰ্য্যাৰ দ্বাৰা বিশ্বাসেৰে শুনা লোকসকলক কেৱল শান্ত্বনাই নহয় কিন্তু প্ৰায় দুহেজাৰ বছৰৰ পিছত তেওঁলোকে লাভ কৰিবলগা আশাৰ প্ৰতিও আধাৰশিলা স্থাপন কৰি লোকসকলক উৎসাহিত কৰিছিল।
১০. যীচুৰ বলিদানৰ বাবে কি সম্ভৱ হʼল?
১০ যীচুৱে মানৱ জীৱন ত্যাগ আৰু স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান হোৱাৰ ৬০ বছৰতকৈ অধিক সময়ৰ পিছত পাঁচনি যোহনে এইদৰে লিখিবলৈ প্ৰেৰিত হৈছিল: “হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশায়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে। আৰু তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত; কেৱল আমাৰেই নহয়, গোটেই জগতৰো।” (১ যোহন ২:১, ২) যীচুৱে নিজৰ সিদ্ধ মানৱ জীৱনক বলিদানৰূপে দিয়াৰ যোগেদি পোৱা লাভসমূহৰ বাবে আমি অধিক শান্ত্বনা লাভ কৰিছোঁ। আমি ইয়াকো জানিব পাৰিছোঁ যে আমাৰ পাপৰ ক্ষমা, এক নিৰ্ম্মল বিবেক আৰু ঈশ্বৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ চিৰকালে জীয়াই থকাৰ আশা আছে।—যোহন ১৪:৬; ৰোমীয়া ৬:২৩; ইব্ৰী ৯:২৪-২৮; ১ পিতৰ ৩:২১.
শান্ত্বনাস্বৰূপে থকা পবিত্ৰ আত্মা
১১. মৃত্যুৰ পুৰ্ব্বেই যীচুৱে কেনে এক শান্ত্বনাৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল?
১১ মৃত্যুৰ আগনিশা নিজৰ শিষ্যসকলৰ সৈতে অতিবাহিত কৰাৰ সময়ত যীচুৱে তেওঁলোকক আন এক প্ৰবন্ধৰ বিষয়ে উল্লেখ কৰি কৈছিল যে তেওঁৰ স্বৰ্গীয় পিতৃয়ে তেওঁলোকক শান্ত্বনা প্ৰদান কৰিবলৈ এক ব্যৱস্থা কৰিলে। যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকিবলৈ, তেওঁ আন এজন সহায়কৰ্ত্তা [শান্ত্বনাদায়ক; গ্ৰীক ভাষাত পাৰাক্লেটচ্], অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব।” আগলৈ তেওঁ এইদৰে কৈছিল: “সেই সহায়কৰ্ত্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই, মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব।” (যোহন ১৪:১৬, ২৬) বাস্তৱতে পবিত্ৰ আত্মাই তেওঁলোকক কেনেকৈ শান্ত্বনা প্ৰদান কৰিছিল?
১২. পুনৰাই শিষ্যবিলাকক সোঁৱৰাই দিবলৈ পবিত্ৰ আত্মাই বহন কৰা ভূমিকাই কেনেকৈ বহুতকে শান্ত্বনা প্ৰদান কৰিলে?
১২ শিষ্যসকলে যীচুৰ পৰা পোৱা সেই ব্যাপক শিক্ষা গ্ৰহণ কৰিলে। তেওঁলোকে অৱশ্যেই সেই নিশাৰ অভিজ্ঞতাৰ বিষয়ে পাহৰা নাছিল যদিও যীচুৱে প্ৰকৃততে যি কৈছিল তাক মনত ৰাখিব পাৰিছিলনে? অসিদ্ধ হোৱাৰ বাবে শিষ্যসকলে পোৱা সকলোবোৰ নিৰ্দ্দেশনাৰ বিষয়ে পাহৰি গৈছিলনে? যীচুৱে আশ্বাস দি কৈছিল যে ‘পবিত্ৰ আত্মাই তেওঁ কোৱা আটাই কথা তেওঁলোকক সোঁৱৰাব।’ সেইবাবে যীচুৰ মৃত্যুৰ আঠ বছৰৰ পিছত মথিয়ে শুভবাৰ্ত্তাৰ প্ৰথম কিতাপখন লিখিবলৈ পাৰিছিল যʼত উৎসাহজনক পৰ্ব্বতীয় উপদেশ, ৰাজ্যৰ সম্বন্ধে অনেক দৃষ্টান্ত আৰু তেওঁৰ উপস্থিতিৰ বিতং আলোচনাৰ বিষয়ে লিপিবদ্ধ কৰা হʼল। আনকি পাঁচনি যোহনে ৫০ বছৰৰ পিছতো যীচুৰ পাৰ্থিৱ জীৱনৰ শেষ সময়ছোৱাৰ বিষয়ে বিস্তাৰিতভাৱে লিখিবলৈ পাৰিছিল। আজিৰ সময়ত এই অনুপ্ৰেৰিত বৃত্তান্তসমূহ আমাৰ বাবে কিমান যে উৎসাহজনক!
১৩. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবে পবিত্ৰ আত্মাই কেনেকৈ শিক্ষক হিচাবে কাৰ্য্য কৰিছিল?
১৩ পবিত্ৰ আত্মাই তেওঁলোকক কেৱল সোঁৱৰিবলৈ নহয় কিন্তু ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সম্পূৰ্ণকৈ বুজিবলৈ আৰু শিকিবলৈও সহায় কৰিছিল। ইয়াৰ বিপৰীতে, যীচুৱে তেওঁলোকৰ সৈতে থকা স্বত্বেও তেওঁলোকে সকলোবোৰ বিষয় স্পষ্টকৈ বুজি পোৱা নাছিল। কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হোৱাৰ পিছত পাঁচনি যোহন, পিতৰ, যাকুব, যিহূদা আৰু পৌলে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে বিতংকৈ বুজি লিখিবলৈ প্ৰেৰিত হৈছিল। এইদৰে পবিত্ৰ আত্মাই শিক্ষক হিচাবে কাৰ্য্য কৰিছিল আৰু ঈশ্বৰীয় নিৰ্দ্দেশনা থকাৰ আশ্বাস প্ৰদান কৰিলে।
১৪. পবিত্ৰ আত্মাই কি প্ৰকাৰে ঈশ্বৰৰ লোকসকলক সহায় কৰিছিল?
১৪ তদুপৰি সেই ঐশ্বৰিক উপহাৰ অৰ্থাৎ পবিত্ৰ আত্মাই তেওঁলোকক জানিবলৈ সহায় কৰিলে যে ঈশ্বৰে স্বাভাৱিক ইস্ৰায়েলৰ পৰা নিজৰ অনুগ্ৰহ গুচাই খ্ৰীষ্টান মণ্ডলীক প্ৰদান কৰিলে। (ইব্ৰী ২:৪) যীচুৰ প্ৰকৃত শিষ্যসকলক চিনি পাবলৈ তেওঁলোকৰ প্ৰত্যেকৰে জীৱনত আত্মাৰ ফল উৎপন্ন কৰাটো অতি আৱশ্যকতা আছিল। (যোহন ১৩:৩৫; গালাতীয়া ৫:২২-২৪) তদুপৰি মণ্ডলীৰ সদস্যসকলক নিৰ্ভয়ে আৰু সাহসেৰে সাক্ষী দিবলৈও এই আত্মাই তেওঁলোকৰ মনোবল দৃঢ় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৪:৩১.
অত্যাধিক হেঁচাতো সহায় লাভ কৰা
১৫. (ক) অতীতত আৰু বৰ্তমান সময়ত প্ৰকৃত খ্ৰীষ্টানে কেনেধৰণৰ হেঁচাৰ সম্মুখীন হৈছে? (খ) আনক উৎসাহিত কৰাজনকো কেতিয়াবা কিয় উদগণি দিয়াটো আৱশ্যক হʼব পাৰে?
১৫ প্ৰকৃততে যিহোৱাৰ সমৰ্পিত আৰু নিষ্ঠাৱান সকলোৱে তাড়নাৰ সম্মুখীন হʼব লাগিব। (২ তীমথিয় ৩:১২) তথাপিও কিছুমান খ্ৰীষ্টানে অত্যাধিক তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছে। উদাহৰণস্বৰূপে, আধুনিক সময়ৰ কিছুমান যিহোৱাৰ সাক্ষী সদস্যই উত্তেজিত ৰাইজৰ দ্বাৰা লাঞ্ছনা, যাতনা শিবিৰত বন্দী, কাৰাগাৰত আৰু শ্ৰমিক শিবিৰত অমানৱীয় পৰিস্থিতি সহন কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত চৰকাৰে নিগ্ৰহকাৰীৰূপে প্ৰমুখ ভূমিকা আদায় কৰিছে বা আইনবিৰুদ্ধী সমূহক অত্যন্ত অত্যাচাৰ কৰিবলৈ অনুমতি দিছে। ইয়াৰ উপৰিও খ্ৰীষ্টানসকলে গুৰুত্বৰ ৰোগ বা পৰিয়ালত অশান্তি হোৱাৰ অভিজ্ঞতা হৈছে। সঙ্গী ভাইসকলক কঠিন পৰিস্থিতিৰ সৈতে কেনেকৈ সম্মুখীন হʼব লাগে বুলি সহায় কৰা এজন পৰিপক্ক খ্ৰীষ্টানৰ ওপৰতো হেঁচা পৰিছে। এনে ক্ষেত্ৰত উৎসাহিত কৰা জনকো হয়তো উৎসাহ দিয়া আৱশ্যক।
১৬. অত্যাধিক হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত দায়ূদে কেনেকৈ সহায় লাভ কৰিছিল?
১৬ যেতিয়া ৰজা চৌলে দায়ূদক বধ কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল তেতিয়া দায়ূদে ঈশ্বৰক নিজৰ সহায়কৰ্ত্তা বুলি ভাবি এনেদৰে প্ৰাৰ্থনা কৰিছিল: “হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা . . . মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।” (গীতমালা ৫৪:২, ৪; ৫৭:১) তেওঁ সহায় লাভ কৰিছিলনে? নিশ্চয়ে কৰিছিল। কিয়নো যিহোৱাই তেওঁক নিৰ্দ্দেশনা দিবলৈ গাদ ভাববাদী, অবিয়াথৰ পুৰোহিত আৰু তেওঁৰ মনোবল দৃঢ় কৰিবলৈ ৰজা চৌলৰ পুত্ৰ যোনাথনক পঠিয়াইছিল। (১ চমূৱেল ২২:১, ৫; ২৩:৯-১৩, ১৬-১৮) তদুপৰি চৌলৰ মন দিগ্ভ্ৰষ্ট কৰিবলৈ যিহোৱাই পলেষ্টীয়াবিলাকক যিহূদাক আক্ৰমণ কৰিবলৈও অনুমতি দিছিল।—১ চমূৱেল ২৩:২৭, ২৮.
১৭. অত্যাধিক হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত যীচুৱে সহায়ৰ বাবে কাক নিবেদন কৰিছিল?
১৭ পাৰ্থিৱ জীৱনৰ শেষসময় কাষ চাপি অহাত যীচুৱেও অত্যাধিক হেঁচাৰ সম্মুখীন হৈছিল। তেওঁ ভালদৰে জানিছিল যে তেওঁৰ আচৰণে স্বৰ্গীয পিতৃৰ নাম আৰু মানৱজাতিৰ ভৱিষ্যতৰ ওপৰত কেনে প্ৰভাৱ পেলাব। সেইবাবে তেওঁ “অতি যাতনা পাই” বৰকৈ প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে এনে কঠিন সময়ছোৱাত তেওঁক আৱশ্যক হোৱা সকলো সহায়েৰে সমৰ্থন কৰিলে।—লূক ২২:৪১-৪৪.
১৮. অত্যাধিক অত্যাচাৰৰ সম্মুখীন হোৱা প্ৰাৰম্ভিক খ্ৰীষ্টানসকলক ঈশ্বৰে কেনেধৰণে শান্ত্বনা দিছিল?
১৮ প্ৰথম শতিকাত মণ্ডলী স্থাপিত হোৱাৰ পিছত খ্ৰীষ্টানসকলৰ ওপৰত অত্যাধিক অত্যাচাৰ হোৱাত পাঁচনিবিলাকৰ বাহিৰে সকলোৱে যিৰূচালেমৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল। পুৰুষ আৰু মহিলাসকলক বলেৰে ঘৰৰ পৰা বাহিৰ কৰা হৈছিল। এনে অৱস্থাত ঈশ্বৰে তেওঁলোকক কেনে শান্ত্বনা প্ৰদান কৰিছিল? তেওঁৰ বাক্যৰ দ্বাৰা এইদৰে আশ্বাস দিয়া হʼল যে তেওঁলোকৰ “অধিক উত্তম আৰু সদায় থকা সম্পত্তি আছে” অৰ্থাৎ তেওঁলোকে যীচুৰ সৈতে স্বৰ্গত উত্তৰাধিকাৰী হোৱাৰ সুযোগ পাইছে। (ইব্ৰী ১০:৩৪; ইফিচীয়া ১:১৮-২০) যেনেকৈ তেওঁলোকে একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে ঈশ্বৰৰ আত্মা যে তেওঁলোকৰ সৈতে আছিল সেই বিষয়ে অধিক স্পষ্টকৈ প্ৰকাশ পালে আৰু তেওঁলোকে বিভিন্ন অভিজ্ঞতা লাভ কৰি অতি আনন্দিত হৈছিল।—মথি ৫:১১, ১২; পাঁচনিৰ কৰ্ম্ম ৮:১-৪০.
১৯. অত্যাধিক অত্যাচাৰৰ সম্মুখীন হোৱাৰ সময়ত পাঁচনি পৌলে কেনেকৈ ঈশ্বৰৰ পৰা শান্ত্বনা লাভ কৰিছিল?
১৯ সময়ে গতি কৰা লগে লগে খ্ৰীষ্টানসকলক নিৰ্দ্দয়তাৰে যাতনা দিয়া চৌলে (পৌল) খ্ৰীষ্টান ধৰ্ম্ম গ্ৰহণ কৰাৰ বাবে স্বয়ং অত্যাচাৰৰ সম্মুখীন হʼবলগীয়া হʼল। উদাহৰণস্বৰূপে, কুপ্ৰ দ্বীপত এজন মায়াবীয়ে তেওঁৰ প্ৰচাৰ কাৰ্য্যত বাধা জন্মাবলৈ প্ৰবঞ্চনা আৰু বিভ্ৰান্তিৰ আশ্ৰয় লৈছিল। গালাতীয়াত পৌলক শিল দলিয়ালে আৰু মৰিল বুলি ভাবি নগৰৰ বাহিৰলৈ টানি নিলে। (পাঁচনিৰ কৰ্ম্ম ১৩:৮-১০; ১৪:১৯) মাকিদনীয়াত তেওঁক বেতেৰে কোবাইছিল। (পাঁচনিৰ কৰ্ম্ম ১৬:২২, ২৩) ইফিচত উত্তেজিত ৰাইজৰ সম্মুখীন হোৱাৰ পিছত তেওঁ এনেদৰে লিখিছিল: “সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হলোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।” (২ কৰিন্থীয়া ১:৮, ৯) সেই একেই পত্ৰখনত তেওঁ এনে কিছুমান শান্ত্বনাদায়ক বাক্য লিখিছিল যাৰ বিষয়ে এই লেখটোৰ ২ অনুচ্ছেদত উল্লেখ কৰা হৈছে।—২ কৰিন্থীয়া ১:৩, ৪.
২০. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে বিবেচনা কৰিম?
২০ আপুনি কেনেকৈ আনক তেনে শান্ত্বনা দিব পাৰে? আজি আমাৰ সময়ত এনে বহুতো লোক আছে যিসকলে আনে বা নিজেই দুৰ্যোগৰ সম্মুখীন হোৱাৰ বাবে বেদনাগ্ৰস্তৰ অভিজ্ঞতা হৈছে। পৰৱৰ্তী লেখত আলোচনা কৰা হৈছে যে আমি কেনেকৈ এই উভয়কে শান্ত্বনা দিব পাৰোঁ। (w03 5/1)
আপোনাৰ মনত আছেনে?
• ঈশ্বৰৰ পৰা অহা শান্ত্বনা কিয় অতুলনীয়?
• যীচুৰ দ্বাৰা কেনে শান্ত্বনা প্ৰদান কৰা হৈছে?
• পবিত্ৰ আত্মা কেনেকৈ শান্ত্বনাকৰ্ত্তা হিচাবে প্ৰমাণিত হৈছে?
• ঈশ্বৰৰ সেৱকসকলে অত্যাধিক অত্যাচাৰৰ সম্মুখীন হোৱাত তেওঁ কেনেকৈ শান্ত্বনা দিছিল তাৰ কিছুমান উদাহৰণ দিয়ক।
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৫ পৃষ্ঠাৰ ছবিসমূহ]
বাইবেলে দেখুৱাইছে যে যিহোৱাই নিজৰ লোকসকলক উদ্ধাৰ কৰি শান্ত্বনা দিছিল
[১৬ পৃষ্ঠাৰ ছবিসমূহ]
যীচুৱে নিজৰ শিক্ষা, ৰোগীক সুস্থ আৰু মৃত ব্যক্তিক জীয়াই তুলাৰ দ্বাৰা শান্ত্বনা প্ৰদান কৰিছিল