Skip to content

Skip to table of contents

অপক্ষপাতী ঈশ্বৰ যিহোৱাক অনুকৰণ কৰক

অপক্ষপাতী ঈশ্বৰ যিহোৱাক অনুকৰণ কৰক

অপক্ষপাতী ঈশ্বৰ যিহোৱাক অনুকৰণ কৰক

“কিয়নো ঈশ্বৰত পক্ষপাতিতা নাই।”—ৰোমীয়া ২:১১.

১, ২. (ক) সাধাৰণতে কনানীসকলৰ প্ৰতি যিহোৱাৰ কি উদ্দেশ্য আছিল? (খ) যিহোৱাই কি কৰিলে আৰু তাৰ পৰা কেনে প্ৰশ্নসমূহ উদয় হয়?

 ইস্ৰায়েলসকলে সা.যু.পূ. ১৪৭৩ চনত মোৱাবৰ সমথল ভূমিত ছাউনী পতাৰ সময়ত মোচিয়ে কোৱা কথাবোৰক মনোযোগেৰে শুনিছিল। তেওঁলোকৰ সম্মুখত যৰ্দ্দন নদী পাৰ হোৱাটো এক প্ৰত্যাহ্বানজনক বিষয় আছিল। তদুপৰি মোচিয়ে কৈছিল যে প্ৰতিজ্ঞাত দেশত থকা পৰাক্ৰমী সাতোটা কনানী জাতিক ইস্ৰায়েলে পৰাস্ত কৰিব লাগিব আৰু এইয়া হৈছে যিহোৱাৰ ইচ্ছা। তেওঁ কোৱা সেই বাক্যবোৰ কিমান যে উৎসাহজনক আছিল যাৰ বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰ যিহোৱাই তোমাৰ হাতত সিহঁতক শোধাই দিব, আৰু তুমি সিহঁতক প্ৰহাৰ কৰিবা।” যিহেতু সেই জাতিবিলাক অনুগ্ৰহপ্ৰাপ্ত নোহোৱাৰ বাবে তেওঁলোকৰ সৈতে ইস্ৰায়েলসকলে কোনো প্ৰকাৰৰ নিয়ম বন্ধাৰ আৱশ্যক নাছিল।—দ্বিতীয় বিবৰণ ১:১; ৭:১, ২.

তথাপিও যিহোৱাই তাৰ প্ৰথমখন নগৰত থকা এটা পৰিয়ালক ইস্ৰায়েলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। তদুপৰি আন চাৰিখন নগৰত থকা লোকসকলকো ৰক্ষা কৰিছিল। তেনেকৈ কিয় হৈছিল? ৰক্ষা পোৱা এই কনানীসকলৰ ঘটনাই আমাক যিহোৱাৰ বিষয়ে কি কয়? আমি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ?

যিহোৱাৰ গৌৰৱৰ প্ৰতি প্ৰতিক্ৰিয়া

৩, ৪. ইস্ৰায়েলসকলে বিজয়ী হোৱাৰ বাৰ্ত্তাই কানানী দেশৰ নিবাসীসকলক কেনেদৰে প্ৰভাৱিত কৰিলে?

ইস্ৰায়েলসকল ৪০ বছৰ ধৰি অৰণ্যত থকা সময়ছোৱাত প্ৰতিজ্ঞাত দেশ প্ৰৱেশ কৰাৰ পূৰ্বেই যিহোৱাই তেওঁলোকক নিৰাপত্তা প্ৰদান আৰু তেওঁলোকৰ হৈ যুদ্ধ কৰিছিল। প্ৰতিজ্ঞাত দেশৰ দক্ষিণ অঞ্চলত কনানীয়া ৰজা অৰাদৰ ৰাজ্য আছিল। তেওঁলোকে যিহোৱাৰ বলত সেই ৰজাজনক হৰ্মাত পৰাস্ত কৰিলে। (গণনা পুস্তক ২১:১-৩) পিছলৈ তেওঁলোকে ইদোম নগৰৰ মাজেৰে মৃত সাগৰৰ উত্তৰ-পূৰ্ব অঞ্চললৈ যাত্ৰা কৰিছিল। পূৰ্ব্বতে এই অঞ্চলত মোৱাবীসকল আৰু পিছলৈ অমোনীয়াসকলে বাস কৰিবলৈ লৈছিল। অমোনীয়াসকলৰ ৰজা চিহোনে তেওঁলোকক সেই অঞ্চলৰ মাজেদি যাত্ৰা কৰিবলৈ অনুমতি দিয়া নাছিল। সেইবাবে ইস্ৰায়েলসকলে যহচ নামৰ ঠাইত তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু সেই যুদ্ধত ৰজা চিহোনৰ মৃত্যু হয়। (গণনা পুস্তক ২১:২৩, ২৪; দ্বিতীয় বিবৰণ ২:৩০-৩৩) উত্তৰ দিশৰ কিছু আঁতৰত থকা বাচান নামৰ ঠাইত ৰজা ওগে শাসন কৰিছিল। যদিও তেওঁ এজন শক্তিশালী ব্যক্তি আছিল তথাপিও যিহোৱাৰ আগত তিষ্ঠিব নোৱাৰিলে। তেওঁ ইদ্ৰেয়া নামৰ ঠাইত মৃত্যু বৰণ কৰে। (গণনা পুস্তক ২১:৩৩-৩৫; দ্বিতীয় বিবৰণ ৩:১-৩, ১১) ইস্ৰায়েলসকলে কেইবাখনো ৰাজ্যৰ ওপৰত জয়লাভ কৰা আৰু মিচৰৰ পৰা ওলাই অহা ঘটনাই কনানত বাস কৰা লোকসকলক অধিক প্ৰভাৱিত কৰিলে। *

যৰ্দ্দন নদী পাৰ হৈ ইস্ৰায়েলসকলে প্ৰথমতে গিলগলত ছাউনি পাতিছিল। (যিহোচূৱা ৪:৯-১৯) এই ঠাইখন যিৰীহো চহৰৰ পৰা বেছি নিলগত অৱস্থিত নাছিল। সেই চহৰত বাস কৰা ৰাহাব নামৰ এগৰাকী কনানী স্ত্ৰীয়ে যিহোৱাৰ মহৎ কাৰ্য্যৰ বিষয়ে শুনি বিশ্বাসেৰে কাৰ্য্য কৰিছিল। ফলস্বৰূপে, ধ্বংসৰ সময়ত যিহোৱাই তাইৰ পৰিয়ালৰ সৈতে তাইক ৰক্ষা কৰিলে।—যিহোচূৱা ২:১-১৩; ৬:১৭, ১৮; যাকোব ২:২৫.

৫. গিবোনীয়াসকলক কিহে চতুৰতাপূৰ্ণৰে কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিলে?

তাৰ পিছত তেওঁলোকে যৰ্দ্দনৰ নামনি ভূমিৰ পৰা ওলাই গৈ মূল পৰ্ব্বতবোৰৰ কাষ চাপিল। যিহোৱাৰ নিৰ্দ্দেশনা অনুসাৰে যিহোচূৱাই অতৰ্কিতে অয় চহৰখনত আক্ৰমণ কৰে। (যিহোচূৱা ৮ অধ্যায়) এই আক্ৰমণৰ বিষয়ে শুনি বহুতো কনানী ৰজাই তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ একগোট হয়। (যিহোচূৱা ৯:১, ২) কিন্তু ওচৰতে থকা গিবোনীয়াসকলে হʼলে এক বেলেগ প্ৰতিক্ৰিয়া দেখুৱালে। এই সন্দৰ্ভত যিহোচূৱা ৯:৪ পদত কৈছে যে ‘সিহঁতে ছল কৰিলে, অৰ্থাৎ সিহঁতে ৰজাৰ কটকীৰ বেশ ধৰিলে।’ ৰাহাবৰ দৰে তেওঁলোকেও যিহোৱাই নিজৰ লোকক মিচৰৰ পৰা লৈ অনা আৰু চীহোন আৰু ওগ নামৰ শক্তিশালী ৰজাক পৰাস্ত কৰা মহৎ কাৰ্য্যৰ বিষয়ে শুনিছিল। (যিহোচূৱা ৯:৬-১০) লগতে ইয়াকো ভালদৰে জানিছিল যে তেওঁলোকে ইস্ৰায়েলৰ আগত তিষ্ঠিব নোৱাৰিব। সেইবাবে তেওঁলোকে গিবোনী আৰু তাৰ আশে-পাশে থকা কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম নামৰ তিনিখন চহৰৰ ৰক্ষাৰ বাবে গিলগলত থকা যিহোচূৱাৰ ওচৰলৈ এজন কটকী পঠিয়াই এইদৰে কʼবলৈ কয় যে তেওঁ বহু দূৰৰ পৰা আহিছে। তেওঁলোকে এই অভিসন্ধিত সফল হৈছিল। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা নহʼব বুলি যিহোচূৱাই প্ৰতিজ্ঞা কৰিলে। যিহেতু তিনিদিনৰ মূৰত যিহোচূৱা আৰু আনবিলাকে তেওঁলোকৰ প্ৰতাৰণাৰ বিষয়ে জানিব পাৰিলে। কিন্তু তেওঁলোকৰ সৈতে যিহোৱাৰ নামেৰে শপত খাই নিয়ম স্থাপন কৰাৰ বাবে কোনো পদক্ষেপ নʼললে। (যিহোচূৱা ৯:১৬-১৯) দৰাচলতে যিহোৱাই এনে কাৰ্য্যত সন্মত হৈছিলনে?

৬. গিবোনীয়াসকলৰ সৈতে স্থাপিত কৰা যিহোচূৱাৰ নিয়মৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

এই গিবোনীয়াবিলাকে “যিহোৱাৰ গৃহ” আৰু ইস্ৰায়েলসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগনীয়া হিচাবে কাৰ্য্য কৰিছিল। (যিহোচূৱা ৯:২১-২৭) তদুপৰি যেতিয়া অমোৰীয়াৰ পাঁচজন ৰজা একেলগ হৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তেতিয়া যিহোৱাই তেওঁলোকক অলৌকিকভাৱে ৰক্ষা কৰিছিল। যিমান সংখ্যক লোক যিহোচূৱাৰ সৈন্যদলৰ দ্বাৰা মৰা নাছিল তাতকৈ অধিক সংখ্যক লোক শিলাবৃষ্টিৰ দ্বাৰা মৃত্যু হৈছিল। আনকি যুদ্ধৰ সময়ত যিহোচূৱাই বেলি আৰু চন্দ্ৰক স্থিৰে থাকিবলৈ কোৱা প্ৰাৰ্থনাও যিহোৱাই শুনিছিল। এই বিষয়ে যিহোচূৱাই এইদৰে কৈছিল যে “ইয়াৰ পূৰ্ব্বে কি পাছে, যিহোৱাই যে মনুষ্যৰ বাক্যলৈ এইদৰে কাণ দিলে, এনে আৰু কোনো দিন হোৱা নাই; কিয়নো যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।”—যিহোচূৱা ১০:১-১৪.

৭. পাঁচনি পিতৰে কেনে সত্যতাৰ বিষয়ে বুজিব পাৰিলে যাক তেওঁ কিছুমান কনানী ব্যক্তিক প্ৰদৰ্শিত কৰি দেখুৱালে?

ৰাহাব আৰু তাইৰ পৰিয়াল আৰু গিবোনীয়াসকলে যিহোৱালৈ ভয় ৰাখি তাৰ অনুসাৰে কাৰ্য্য কৰিছিল। পিছলৈ তেওঁলোকে কৰা কাৰ্য্যৰ ফলাফলৰ বিষয়ে পাঁচনি পিতৰে স্পষ্টকৈ এনেদৰে বৰ্ণনা কৰিছিল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

অব্ৰাহাম আৰু ইস্ৰায়েলৰ সৈতে কৰা ঈশ্বৰৰ আচাৰ-ব্যৱহাৰ

৮, ৯. অব্ৰাহাম আৰু ইস্ৰায়েলসকলৰ সৈতে কৰা আচাৰ-ব্যৱহাৰে কেনেকৈ যিহোৱাই অপক্ষপাতী হোৱাৰ প্ৰমাণ দিলে?

অব্ৰাহাম আৰু তেওঁৰ সন্তানবিলাকৰ সৈতে যিহোৱাই অনুগ্ৰহেৰে কৰা আচাৰ-ব্যৱহাৰৰ প্ৰতি পাঁচনি যাকোবে আমাৰ ধ্যান কেন্দ্ৰিত কৰিছে। অব্ৰাহামে কোনো বিশেষ জাতিৰ ব্যক্তি হোৱা বাবে নহয় কিন্তু তেওঁৰ বিশ্বাসৰ বাবেহে “ঈশ্বৰৰ মিতিৰ বোলা হল।” (যাকোব ২:২৩) যিহোৱাৰ প্ৰতি থকা অব্ৰাহামৰ প্ৰেম আৰু বিশ্বাসে তেওঁৰ সন্তানবিলাকলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিছিল। (২ বংশাৱলি ২০:৭) যিহোৱাই তেওঁক এনেদৰে প্ৰতিজ্ঞা কৰিছিল: “মই নিশ্চয়ে তোমাক আশীৰ্ব্বাদ কৰি, আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে, তোমাৰ বংশ অতিশয়ৰূপে বঢ়াম।” কিন্তু লক্ষ্য কৰক যে পৰৱৰ্তী পদত কি কৈছে, যʼত এইদৰে কোৱা হৈছে: “পৃথিবীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব।”—আদিপুস্তক ২২:১৭, ১৮; ৰোমীয়া ৪:১-৮.

যিহোৱাই অপক্ষপাতী হৈ ইস্ৰায়েলসকলৰ সৈতে কৰা আচৰণৰ দ্বাৰা প্ৰকাশ কৰিছিল যে আজ্ঞাকাৰী লোকসকলৰ বাবে তেওঁ কি কৰিব পাৰে। তেনে আচাৰ-ব্যৱহাৰে এইটো দেখুৱাইছে যে বিশ্বাসী সেৱকবিলাকৰ প্ৰতি যিহোৱাই নিজৰ আনুগত্য প্ৰেম প্ৰকাশ কৰে। তেওঁলোক “এক বিশেষ জাতি” হোৱাৰ অৰ্থ এইটো নাছিল যে আনবিলাকে যিহোৱাৰ আশীৰ্ব্বাদৰ পাত্ৰ হʼব নোৱাৰে। (যাত্ৰাপুস্তক ১৯:৫; দ্বিতীয় বিবৰণ ৭:৬-৮) যিহোৱাই তেওঁলোকক মিচৰৰ দাসত্বৰ পৰা পুনৰাই কিনি লোৱাৰ বাবে এনেদৰে কৈছিল: “পৃথিবীৰ সকলো গোষ্ঠীৰ ভিতৰত কেৱল তোমালোককেই মই জানিলোঁ।” কিন্তু ভৱিষ্যতবক্তা আমোচ আৰু আন সকলৰ দ্বাৰা যিহোৱাই “আটাই জাতি” লোকসকলৰ বাবে এক অপূৰ্ব আশা প্ৰদান কৰিছিল।—আমোচ ৩:২; ৯:১১, ১২; যিচয়া ২:২-৪.

যীচু এজন অপক্ষপাতী শিক্ষক

১০. অপক্ষপাতী সম্বন্ধে যীচুৱে কেনেকৈ যিহোৱাক অনুকৰণ কৰিলে?

১০ পৃথিৱীত থকা সময়ত যীচুৱে হুবহু তেওঁৰ পিতৃৰ অপক্ষপাতী গুণক অনুকৰণ কৰিছিল। (ইব্ৰী ১:৩) তেওঁৰ প্ৰমুখ চিন্তা আছিল “ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰক” বিচাৰি উলিওৱা। তেওঁ কুঁৱাৰ কাষত লগ পোৱা চমৰীয়া স্ত্ৰীকো সাক্ষী নিদিয়াকৈ নাথাকিল। (মথি ১৫:২৪; যোহন ৪:৭-৩০) তদুপৰি যীচুৱে এজন পৰজাতি সেনাধ্যক্ষই বিনয় কৰাত তেওঁৰ বাবে আলৌকিক কাৰ্য্য কৰিছিল। (লূক ৭:১-১০) সেইয়া আছিল ঈশ্বৰৰ লোকসকলৰ প্ৰতি দেখুউৱা তেওঁৰ অতিৰিক্ত প্ৰেম। যীচুৰ শিষ্যসকলেও সকলো ঠাইতে প্ৰচাৰ কৰিছিল। গতিকে এইটো স্পষ্টকৈ দেখা গʼল যে যিহোৱাৰ আশীৰ্ব্বাদ কোনো জাতিগত বাবে নহয় কিন্তু মনোবৃত্তিৰ বাবেহে লাভ কৰিব পাৰি। নম্ৰ আৰু সত্যৰ প্ৰতি ভুকাতুৰ লোকসকলেহে ৰাজ্যৰ বাৰ্ত্তা গ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে অহঙ্কাৰী লোকসকলে যীচু আৰু তেওঁৰ বাৰ্ত্তাক তুচ্ছজ্ঞান কৰিলে। সেইবাবে তেওঁ এইদৰে কৈছিল: “হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ; হয় পিতৃ, সেই দৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱাৰ নিমিত্তে, তোমাক ধন্যবাদ দিওঁ।” (লূক ১০:২১) যেতিয়া আনৰ সৈতে প্ৰেম আৰু বিশ্বাসেৰে আচাৰণ কৰোঁ তেতিয়া আমি অপক্ষপাতী হৈ কাৰ্য্য কৰোঁ যি যিহোৱাৰ দ্বাৰা অনুমোদিত।

১১. প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীত কেনেকৈ অপক্ষপাতীত্বমূলক মনোবৃত্তি দেখিবলৈ পোৱা গৈছিল?

১১ প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীত ইহুদী আৰু অন্যজাতিৰ মাজত কোনো ভিন্নতা নাছিল। সেইবাবে পাঁচনি পৌলে কৈছিল: “প্ৰথমে যিহূদী, পাছে গ্ৰীক লোকলৈ সৎকৰ্ম্ম সাধন কৰা সকলোলৈ গৌৰৱ মৰ্য্যাদা, আৰু শান্তি হব; কিয়নো ঈশ্বৰত পক্ষপাতিতা নাই।” * (ৰোমীয়া ২:১০, ১১) যিহোৱাৰ অনুগ্ৰহৰ দ্বাৰা তেওঁলোকে লাভৱান হʼব নে নহয়, এইটো তেওঁলোকৰ জাতিগত বাবে নহয় কিন্তু মনোবৃত্তি অৰ্থাৎ যিহোৱাৰ নিৰ্দ্দেশনাৰ প্ৰতি দেখুউৱা প্ৰতিক্ৰিয়া আৰু যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত ৰখা বিশ্বাসৰ ওপৰতহে নিৰ্ভৰ কৰিছিল। (যোহন ৩:১৬, ৩৬) এই সন্দৰ্ভে পাঁচনি পৌলে এনেদৰে কৈছিল: “বাহিৰে যি যিহূদী, তেওঁ যিহূদী নহয়; আৰু বাহিৰত মাংস কৰা যি চুন্নৎ, সিও চুন্নৎ নহয়; কিন্তু যি জনৰ ভিতৰে যিহূদী, তেওঁহে যিহূদী হয়; আৰু আখৰেৰে নহয়; কিন্তু আত্মাৰে।” তাৰ পিছত “যিহূদী” (“যিহূদা” শব্দটোৰ পৰা অহিছে আৰু যাৰ অৰ্থ হৈছে প্ৰশংসা কৰা) শব্দটো ব্যৱহাৰ কৰি তেওঁ আগলৈ এনেদৰে কৈছিল: “প্ৰশংসা মানুহৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰাহে হয়।” (ৰোমীয়া ২:২৮, ২৯) যিহোৱাই অপক্ষপাতী হৈ সকলোৰে প্ৰশংসা কৰে। আমিও তেনেধৰণে কৰোঁনে?

১২. প্ৰকাশিত বাক্য ৭:৯ পদত কাৰ বাবে আৰু কেনেধৰণৰ আশা প্ৰদান কৰিছে?

১২ পিছলৈ পাঁচনি যোহনে দৰ্শনত অভিষিক্ত বৰ্গক ১৪৪,০০০ জনৰ দ্বাৰা গঠিত আধ্যাত্মিক জাতি অৰ্থাৎ ‘ইস্ৰায়েলৰ সকলো ফৈদৰ ছাব মৰা লোকক’ দেখিবলৈ পাইছিল। তাৰ পিছত তেওঁ “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয়” হোৱা দেখিছিল। (প্ৰকাশিত বাক্য ৭:৪, ৯) সেয়েহে আজিৰ সময়ত থকা খ্ৰীষ্টান মণ্ডলীবোৰত সকলো ভাষাৰ লোক আৰু জাতি দেখিবলৈ পোৱা যায়। বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহা লোকসকলে “মহা-ক্লেশৰ” পৰা ৰক্ষা পাই নতুন পৃথিৱীত “জীৱন-জলৰ ভূমুকৰ” পৰা পান কৰা আশা আছে।—প্ৰকাশিত বাক্য ৭:১৪-১৭.

উত্তম পৰিণামসমূহ

১৩-১৫. (ক) জাতিগত আৰু সংস্কৃতিক পাৰ্থ্যকতাক ত্যাগ দিবলৈ আমি কেনে সহায় পাব পাৰোঁ? (খ) বন্ধুত্বপূৰ্ণ মনোবৃত্তি ৰাখাৰ বাবে কেনে লাভসমূহ পোৱা গৈছে তাৰ কিছুমান উদাহৰণ দিয়ক।

১৩ এজন মৰমীয়াল পিতৃৰ দৰে যিহোৱাই নিজৰ সন্তানবিলাকৰ আৱশ্যকতা কি তাক ভালদৰে জানে। একেইদৰে যেতিয়া আমি আনৰ প্ৰতি আগ্ৰহী হওঁ তেতিয়া লোকসকলৰ ভিন্ন পৃষ্ঠভূমি বা সংস্কৃতিয়ে আমাৰ বাবে কোনো অৰ্থ নাৰাখে। জাতিগত প্ৰতিবন্ধকবোৰ আঁতৰি প্ৰেম আৰু বন্ধুত্বৰ বান্ধোন গঢ়ি উঠে। ঐক্যতাৰ বন্ধন অধিক কটকতীয়া হৈ পৰে। (১ কৰিন্থীয়া ৯:১৯-২৩) বিদেশত গৈ সেৱা কৰিবলৈ নিৰ্ণয় লোৱা দুজন মিচনাৰীৰ ক্ষেত্ৰতো এই কথাষাৰ সত্যৰূপে প্ৰমাণিত হোৱা দেখা গৈছে। তেওঁলোকে তাত থকা লোকসকলৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী হোৱাৰ পৰিণামস্বৰূপে স্থানীয় মণ্ডলীবোৰৰ সৈতে মিলিজুলি কাৰ্য্য কৰিবলৈ সক্ষম হʼল।—ফিলিপীয়া ২:৪.

১৪ অপক্ষপাতী মনোবৃত্তি ৰখাৰ বাবে বহুতো ঠাইত উত্তম পৰিণাম দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, ইথিওপিয়াৰ পৰা অহা আকলিলো নামৰ এজন ব্যক্তিয়ে নিজকে লণ্ডন চহৰত অকলশৰীয়া অনুভৱ কৰিছিল। যেতিয়া তেওঁ তাত অন্য দেশৰ পৰা অহা লোকসকলেও অবন্ধুতাভাৱ ৰখা দেখিবলৈ পালে তেতিয়া নিজকে অধিক অকলশৰীয়া অনুভৱ কৰিলে। তদুপৰি ইউৰোপৰ ডাঙৰ ডাঙৰ চহৰবোৰত প্ৰায়ে তেনে হোৱাটো দেখা গৈছে। কিন্তু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত উপস্থিত হৈ আকলিলোৱে কিযে এক ভিন্নতা দেখিবলৈ পালে! তাত উপস্থিত থকা সকলোৱে তেওঁক আদৰণি জনালে আৰু তেওঁ অতি কম সময়ৰ ভিতৰতে সকলোৰে আপোন হৈ পৰিল। তেওঁ সৃষ্টিকৰ্ত্তাৰ বিষয়ে দ্ৰুতভাৱে শিকিবলৈ আৰম্ভ কৰিলে। তেওঁ অতি শীঘ্ৰেই সেই ঠাইত থকা অন্য লোকসকলক ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সুযোগ পালে। এদিন তেওঁৰ সৈতে প্ৰচাৰ কৰিবলৈ যোৱা এজন ভায়ে তেওঁক সুধিছিল যে বৰ্তমানে তেওঁ জীৱনত কেনে লক্ষ্য ৰাখিছে। তৎক্ষণাত আকলিলোৱে কৈছিল যে তেওঁ নিজৰ মাতৃভাষা অৰ্থাৎ আমহাৰিক ভাষা কোৱা মণ্ডলীৰ সৈতে সঙ্গতি কৰিব বিচাৰে। এই বিষয়ে যেতিয়া ইংৰাজী ভাষা কোৱা মণ্ডলীৰ প্ৰাচীনসকলে জানিব পাৰিলে তেতিয়া তেওঁলোকে আমহাৰিক ভাষাত আকলিলোৱে বাইবেল আলোচনা শুনিবলৈ ব্যৱস্থা কৰিলে। ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে আমহাৰিক ভাষাত হোৱা ৰাজহুৱা ভাষণ শুনিবলৈ বহুতো স্থানীয় আৰু বিদেশী লোক তাত উপস্থিত হৈছিল। আজি সেই এলেকাত বহুতো ইথিওপিয়া আৰু অন্য লোকসকলে আমহাৰিক ভাষাৰ মণ্ডলীত একত্ৰিত হৈছে। তেওঁলোকৰ বহুতে বিচাৰি পাইছে যে বাপ্তিষ্মা লৈ যিহোৱাৰ পক্ষ লʼবলৈ একোৱে প্ৰতিবন্ধক হʼব নোৱাৰে।—পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৬.

১৫ বৰ্তমান বিভিন্ন পৃষ্ঠভূমি আৰু বৈশিষ্ট্যতা দেখিবলৈ পোৱা যায়। উচ্চ আৰু নিম্ন বৰ্গৰ মাজত কোনো পাৰ্থ্যকতা নাই। তেওঁলোক কেৱল দেখাতহে বৈসাদৃশ্য। উদাহৰণস্বৰূপে, মাল্টা দ্বীপত নতুনকৈ বাপ্তিষ্মা লোৱা লোকসকলক দেখি স্থানীয় আৰু ব্ৰিটেইনৰ পৰা অহা ভাই-ভনীসকলৰ চকুলো ওলাই আহিল আৰু আনন্দত তেওঁলোকক আকোঁৱালি লৈছিল। মাল্টা আৰু ব্ৰিটেইনবাসী উভয়ে নিজৰ অনুভূতিক বিভিন্ন ধৰণে অভিব্যক্ত কৰিছিল আৰু যিহোৱাৰ প্ৰতি থকা অটল প্ৰেমে তেওঁলোকৰ সঙ্গতিক শক্তিশালী কৰি তুলিছিল।—গীতমালা ১৩৩:১; কলচীয়া ৩:১৪.

পক্ষপাতমূলক মনোবৃত্তিক ত্যাগ কৰা

১৬-১৮. খ্ৰীষ্টান মণ্ডলীত পক্ষপাতমূলক ভাৱনাৰ ওপৰত জয়লাভ কৰাৰ এটা অনুভৱৰ বিষয়ে উল্লেখ কৰক।

১৬ যিমানেই আমাৰ প্ৰেম যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি গভীৰ হʼব আমি সিমানেই যিহোৱাক নিবিড়ভাৱে অনুকৰণ কৰিব পাৰিম। তদুপৰি আমাত থকা কোনো জাতিভেদ বা সংস্কৃতিক পক্ষপাতমূলক মনোবৃত্তিক আঁতৰ কৰাত সক্ষম হʼম। উদাহৰণস্বৰূপে, ১৯৪২ চনৰ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানে চিঙ্গাপুৰ আক্ৰমণ কৰি এলবাৰ্ট নামৰ এজন ব্ৰিটিছ সৈনিকৰ সৈতে আন বহুতকে বন্দী কৰে। তেওঁ প্ৰায় তিনি বছৰ ধৰি “ডেথ্‌ ৰেইল্‌ৰোড্‌” নিৰ্ম্মাণত বনুৱা হিচাবে কাৰ্য্য কৰে। যি ঠাইত এই কাৰ্য্য কৰা হৈছিল পিছলৈ সেই ঠাইখনক কিউই নদীৰ দলং হিচাবে জনা গৈছিল। যুদ্ধৰ অন্ত পৰাত তেওঁক যেতিয়া মুক্তি দিয়া হয় তেতিয়া তেওঁ গ্ৰহণী, মেলেৰীয়া আৰু চৰ্ম ৰোগত পীড়িত, দাঁতৰ তলৰ হাড় আৰু নাকৰ হাড় ভঙিছিল, তদুপৰি তেওঁৰ ওজন ৩২ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল। তেওঁৰ সৈতে মুক্তি পোৱা হাজাৰ হাজাৰ বন্দীসকলৰ অৱস্থা শোচনীয় আৰু তেওঁলোকৰ বহুতৰে মৃত্যু হৈছিল। অৱশেষত, ১৯৪৫ চনত যেতিয়া নিষ্ঠুৰতাৰ হাতত বলি হোৱা এলৰ্বাটে ঘৰলৈ উভটি আহে তেতিয়া তেওঁ অতিশয় ক্ৰোধিত আৰু ঈশ্বৰ বা ধৰ্ম্মত কোনো বিশ্বাস নৰাখিছিল।

১৭ ইতিমধ্যেই তেওঁৰ পত্নী আয়ৰেনে যিহোৱাৰ সাক্ষীৰ এজন সদস্য হৈ পৰিছিল। তাইৰ সন্তুষ্টিৰ বাবে এলৰ্বাটে স্থানীয় যিহোৱাৰ সাক্ষীসকলে পৰিচালনা কৰা কিছুমান সভাত উপস্থিত হৈছিল। সেই মণ্ডলীৰ পৌল নামৰ এজন পূৰ্ণ সময়ৰ সেৱকে তেওঁক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। এলবাৰ্টে অধ্যয়নৰ দ্বাৰা অতি সোনকালে উপলব্ধি কৰিব পাৰিলে যে যিহোৱাই ব্যক্তিসকলৰ হৃদয়ৰ অৱস্থাক দৃষ্টি কৰে। পিছলৈ তেওঁ নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সেৱক হৈ পৰে।

১৮ পিছলৈ পূৰ্ণ সময় সেৱা কৰা পৌলে লণ্ডন চহৰলৈ যায় আৰু জাপানী ভাষা শিকি তাত থকা এখন জাপানী মণ্ডলীৰ সৈতে সঙ্গতি কৰে। যেতিয়া তেওঁক কিছুমান জাপানী ভাইক লৈ তেওঁৰ পূৰ্ব্বৰ মণ্ডলীক সাক্ষাৎ কৰিবলৈ কোৱা হয় তেতিয়া মণ্ডলীৰ ভাইসকলে এলৰ্বাটে আৰম্ভণিতে দেখুউৱা পক্ষপাতমূলক ভাৱনাক লৈ চিন্তিত হৈছিল। কিয়নো লণ্ডনত অহাৰ পৰাই তেওঁ জাপানৰ পৰা অহা কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিবলৈ নিবিচাৰিছিল। সেয়েহে তাৰ ভাইসকলে ভাবিছিল যে এনে অৱস্থাত তেওঁলোকে কেনেকৈ সম্মুখীন হʼব। কিন্তু তেওঁলোকক আঁচৰিত কৰি এলৰ্বাটে সেই অতিথিসকলক ভাতৃত্ব-প্ৰেমেৰে গ্ৰহণ কৰিলে।—১ পিতৰ ৩:৮, ৯.

“হৃদয় বহল হওক”

১৯. যদি আমাত কোনো পক্ষপাতমূলক মনোবৃত্তি দেখা দিয়ে তেন্তে পাঁচনি পৌলৰ কোনটো পৰামৰ্শই আমাক সহায় কৰিব পাৰে?

১৯ জ্ঞানী ৰজা চলোমনে এইদৰে কৈছিল: “মানুহৰ মুখ চোৱা ভাল নহয়।” (হিতোপদেশ ২৮:২১) প্ৰকৃততে পৰিচিত লোকসকলৰ সৈতে সঙ্গতি কৰাটো একেবাৰে সহজ। কিন্তু কেতিয়াবা আমি ভালদৰে পৰিচিত নোহোৱা লোকসকলৰ প্ৰতি অলপহে আগ্ৰহকতা প্ৰকাশ কৰোঁ। এজন যিহোৱাৰ সেৱকে তেনে পক্ষপাতমূলক বিচাৰ ৰখাটো উচিত নহয়। দৰাচলতে আমি সকলোৱে নিশ্চয়ে পাঁচনি পৌলে “হৃদয় বহল হওক” বুলি কোৱা পৰামৰ্শক মানি চলা আৱশ্যক। বাস্তৱতে আমি সকলোৱে ভিন্ন পৃষ্ঠভূমিৰ পৰা অহা সঙ্গী খ্ৰীষ্টান ভাই-ভনীৰ প্ৰতি প্ৰেম দেখুৱাই আমাৰ হৃদয় বহল কৰোঁ।—২ কৰিন্থীয়া ৬:১৩.

২০. জীৱনৰ কেনে ক্ষেত্ৰবোৰত আমি আমাৰ অপক্ষপাতী ঈশ্বৰ যিহোৱাক নিবিড়ভাৱে অনুকৰণ কৰা উচিত?

২০ এতেকে স্বৰ্গীয় বা পাৰ্থিৱ আশা থকাই নহওঁক কিয়, আমাৰ অপক্ষপাতমূলক বিচাৰে এজন ৰখীয়াৰ অধীনত থকা জাকৰ সৈতে আনন্দিত হʼবলৈ সহায় কৰে। (ইফিচীয়া ৪:৪, ৫, ১৬) আমাৰ অপক্ষপাতী ঈশ্বৰ যিহোৱাক অনুকৰণ কৰা চেষ্টাই আমাক প্ৰচাৰ কাৰ্য্য, পৰিয়াল, মণ্ডলী আৰু জীৱনৰ অন্য ক্ষেত্ৰতো সহায় কৰিব পাৰে। কেনেকৈ? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 6/15)

[ফুটনোটবোৰ]

^ পিছলৈ যিহোৱাৰ গৌৰৱ পবিত্ৰ সংগীত ৰূপে প্ৰকাশ পাইছিল।—গীতমালা ১৩৫:৮-১১; ১৩৬:১১-২০.

^ ইয়াত উল্লেখ কৰা “গ্ৰীক” শব্দটো সাধাৰণতে অন্যজাতিৰ সদস্যসকলক বুজাইছে।—যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ইনচাইট্‌ খণ্ড ১, ১০০৪ পৃষ্ঠাত চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

ৰাহাব আৰু গিবোনীয়াসকলৰ প্ৰতি যিহোৱাই কেনেকৈ অপক্ষপাতী হোৱাৰ প্ৰমাণ দিলে?

যীচুৱে শিক্ষা দিয়া সময়ত কেনেকৈ অপক্ষপাতী হোৱাৰ প্ৰমাণ দিলে?

জাতিগত আৰু সংস্কৃতিক পক্ষপাতীমূলক ভাৱধাৰাক আঁতৰ কৰিবলৈ আমাক কিহে সহায় কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ ছবি]

ইস্ৰায়েলসকলে কনান দেশৰ অঞ্চলবোৰৰ ওপৰত জয় কৰিছিল

[২৩ পৃষ্ঠাৰ ছবি]

এজনী চমৰীয়া স্ত্ৰীক সাক্ষী দিবলৈ যীচুৱে পিছহুঁহকা নাছিল

[২৪ পৃষ্ঠাৰ ছবি]

ব্ৰিটেইনত পৰিচালিত হোৱা আমহাৰিক ভাষাৰ এখন ৰাজহুৱা সভা

[২৪ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ প্ৰতি থকা প্ৰেমে এলবাৰ্টক পক্ষপাতী মনোবৃত্তিক আঁতৰ কৰিবলৈ সহায় কৰিলে