Skip to content

Skip to table of contents

“তোমালোকে ভয় নকৰিবা আৰু বিহ্বল নহবা”

“তোমালোকে ভয় নকৰিবা আৰু বিহ্বল নহবা”

“তোমালোকে ভয় নকৰিবা আৰু বিহ্বল নহবা”

“তোমালোকে ভয় নকৰিবা আৰু বিহ্বল নহবা; . . . কিয়নো যিহোৱা তোমালোকৰ লগত আছে।”—২ বংশাৱলি ২০:১৭.

১. সন্ত্ৰাসবাদ শব্দটোৱে মানুহৰ মনত কেনে মনোভাৱ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ ভয় কিয় যুক্তিসঙ্গত?

 সন্ত্ৰাসবাদ! বুলা শব্দটোৱেই মানুহক ভয়ভীত, নিৰাপত্তাহীন আৰু নিঃসহায় কৰি তুলে। তদুপৰি এই শব্দটোৱে মানুহৰ পৰা নিদ্ৰা কাঢ়ি নিয়ে, বেদনা আৰু ক্ৰোধত জৰ্জ্জৰিত কৰে। ই হৈছে এনে এটা শব্দ যি বহুতকে বহু সময়ৰ পৰা আতঙ্কিত কৰি আহিছে। দৰাচলতে বহুতো দেশে বিভিন্নৰূপে থকা সন্ত্ৰাসবাদৰ সৈতে যুঁজি যদিও অলপহে সফল হৈছে, কিন্তু সম্পূৰ্ণৰূপে সফল হʼব পৰা নাই।

২. সন্ত্ৰাসবাদী সমস্যাৰ প্ৰতি যিহোৱাৰ সাক্ষীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে আৰু ই কেনে প্ৰশ্নসমূহ দাঙি ধৰিছে?

তথাপিও মানৱজাতিৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ আশা ৰখাৰ প্ৰকৃত কাৰণ আছে। সেয়েহে যিহোৱাৰ সাক্ষীসকলে আশাবাদী হৈ পৃথিৱীৰ ২৩৪ খন দেশ আৰু এলেকাবোৰত সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্য্য কৰি আছে। দৰাচলতে সন্ত্ৰাসবাদৰ কেতিয়াও অন্ত নহʼব বুলি ভয়ভীত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে দৃঢ় বিশ্বাস কৰে যে ইয়াৰ অতি সোনকালে শেষ হʼব। তেওঁলোকৰ সৈতে আশাবাদী হোৱাটো অৰ্থপূৰ্ণ হʼবনে? এই ব্যাপক সমস্যাৰ পৰা কোনে জগতখনক মুক্তি কৰিব পাৰে আৰু ই কেনেকৈ হʼব? যিহেতু বিশেষ কিছুমান হিংসামূলক কাৰ্য্যৰ প্ৰতি আমি সকলোৱে চিন্তিত। সেয়েহে এনে ক্ষেত্ৰত কেনেকৈ আশাবাদী হʼব পাৰি তাক পৰীক্ষা কৰাটো অতি উত্তম হʼব।

৩. কি কাৰণে মানৱজাতিয়ে ভয়ভীত হৈ পৰিছে আৰু আমাৰ সময়ৰ বিষয়ে কেনেকৈ ভৱিষ্যতবাণী কৰা হৈছিল?

আজি বিভিন্ন কাৰণৰ বাবে লোকসকলে ভয়ভীত হৈ পৰিছে। বহুতো এনে লোক আছে যিসকলে বৃদ্ধ অৱস্থা, শাৰীৰিক অসুস্থতা আৰু আৰ্থিক অৱস্থা অৱনতি হোৱাৰ বাবে নিজকে চোৱা-চিতা কৰিব পৰা নাই। আনকি জীৱনটো স্বয়ং নিৰাপত্তাহীন হৈ পৰিছে! যেনে, হঠাতে কোনো দুৰ্ঘটনা বা দুৰ্যোগৰ ফলত হোৱা মৃত্যুৱে আমাৰ সকলোখনি কাঢ়ি নিয়ে। তেনে ধৰণৰ ভয়, চিন্তা, ব্যক্তিগত সংগ্ৰাম আৰু নিৰাশতাৰ সময়ছোৱাই আমাক পাঁচনি পৌলে কোৱা এই কথাশাৰীক স্মৰণ কৰাই দিয়ে, যʼত তেওঁ এইদৰে কৈছিল: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা;  . . স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা” হʼব।—২ তীমথিয় ৩:১-৩.

৪. দ্বিতীয় তীমথিয় ৩:১-৩ পদত উল্লেখ কৰা ভয়ঙ্কৰ পৰিস্থিতিবোৰত কেনে উত্তম কাৰণ দেখিবলৈ পোৱা যায়?

শাস্ত্ৰীয় পদে যদিও ভয়ঙ্কৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰিছে তথাপিও আশাহীন হʼবলৈ কোৱা নাই। মনকৰিবলগীয়া এই যে এই ভয়ঙ্কৰ অৱস্থা অৰ্থাৎ ‘শেষ-কাল’ হৈছে বৰ্তমানে অস্তিত্বত থকা চয়তানৰ এই ৰীতি-ব্যৱস্থাৰ একেবাৰে অন্তৰ সময়। তদুপৰি ইয়াৰ অৰ্থ হৈছে আমাৰ উদ্ধাৰৰ সময় কাষ চাপিল আৰু অতি শীঘ্ৰেই এই দুষ্ট ৰীতি-ব্যৱস্থা ধ্বংস কৰি ঈশ্বৰৰ ৰাজ্যৰ অধীনত এক নতুন পৃথিৱী স্থাপিত হʼব যাৰ বিষয়ে যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯, ১০) সেই ৰাজ্যখন হৈছে ঈশ্বৰৰ স্বৰ্গীয় চৰকাৰ যি “কেতিয়াও বিনষ্ট নহব” আৰু আগলৈ ভৱিষ্যতবক্তা দানিয়েলে এইদৰে কৈছিল, সেই ৰাজ্যখনে “আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৪৪.

সন্ত্ৰাসবাদৰ বিপৰীতে খ্ৰীষ্টান নিৰপেক্ষতা

৫. অলপতে হোৱা সন্ত্ৰাসবাদৰ আক্ৰমণৰ প্ৰতি ৰাষ্ট্ৰবিলাকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে?

যুগ যুগ ধৰি সন্ত্ৰাসবাদে হাজাৰ হাজাৰ লোকক হত্যা কৰি আহিছে। সংযুক্ত ৰাষ্ট্ৰৰ ৱাচিংটন ডি.চি. চহৰত ২০০১ চনৰ ছেপ্টম্বৰ ১১ তাৰিখে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণে সকলোকে বিপদত পেলাইছে। সেইবাবে বিশ্বব্যাপী এই সমস্যাক সমাধান কৰিবলৈ সকলো ৰাষ্ট্ৰই একগোট হৈছে। উদাহৰণস্বৰূপে, ২০০১ চনৰ ডিচেম্বৰ ৪ তাৰিখে বাতৰি মাধ্যমৰ অনুসৰি, “ইউৰোপ, উত্তৰ আমেৰিকা আৰু মধ্য এছিয়াৰ পৰা অহা ৫৫ জন বিদেশী মন্ত্ৰীয়ে সৰ্বসম্মতিৰে এখন আঁচনি তৈয়াৰ কৰিলে,” যʼত সকলোৱে সহযোগ কৰিবলৈ কথা দিলে। সংযুক্ত ৰাষ্ট্ৰৰ এজন উচ্চ অধিকাৰীয়ে তেওঁলোকৰ এনে কাৰ্য্যক প্ৰশংসা কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা পদক্ষেপক “শক্তিৰ এক নতুন দিশ” বুলি নাম দিলে। অতি কম সময়ৰ ভিতৰত কোটি কোটি লোকে ইয়াত জড়িত হৈ পৰিল, যাৰ বিষয়ে দ্যা নিউয়ৰ্ক টাইমচ মেগাজিনখনত উল্লেখ কৰি ইয়াক “এক ঐতিহাসিক যুদ্ধৰ আৰম্ভ” বুলি নামকৰণ কৰিলে। তেওঁলোকৰ এনে প্ৰচেষ্টাই কিমানলৈ সফল হʼব, সেইটো স্পষ্ট হʼবলৈ এতিয়াও বাকী আছে। তথাপিও সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা এনে যুদ্ধই বহুতকে ভয়ভীত আৰু আতংকিত কৰি তুলিছে। কিন্তু যিহোৱাত ভাৰসা ৰখাসকলক তেনে কৰিব পৰা নাই।

৬. (ক) নিৰপেক্ষতা সম্পৰ্কে লোৱা যিহোৱাৰ সাক্ষীসকলৰ পদক্ষেপক কিছুমানে বুজাত কিয় বিফল হয়? (খ) ৰাজনৈতিক কাৰ্য্য-প্ৰণালীত ভাগ নোলোৱাৰ সম্পৰ্কে যীচুৱে তেওঁৰ অনুগামীসকলৰ বাবে কেনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

যিহোৱাৰ সাক্ষীসকলে ৰাজনৈতিক বিষয়ত নিৰপেক্ষতা বজাই ৰখাৰ সম্পৰ্কে সকলোতে জনাজাত। সৰহভাগ লোকে হয়তো শান্তিৰ সময়ত নিৰপেক্ষতাৰ বিষয়টোক সমৰ্থন কৰিব পাৰে কিন্তু এক গম্ভীৰ পৰিস্থিতিৰ সম্মুখীন হোৱাত তেওঁলোকৰ বাবে এই বিষয়টোৱে কোনো অৰ্থ নাৰাখে। জাতীয়তাবাদৰ অনুভূতিয়ে প্ৰায়ে ভয় আৰু অনিশ্চয়তা সৃষ্টি কৰিছে। সেইবাবে কিছুমানে হয়তো বুজাত বিফল হয় যে কিয় এজন ব্যক্তিয়ে জাতিগত অভিযানৰ কাৰ্য্যত সমৰ্থন নকৰে। যিহেতু প্ৰকৃত খ্ৰীষ্টানসকলে জানে যে তেওঁলোকে “তোমালোক জগতৰ নোহোৱা” বুলি কোৱা যীচুৰ আজ্ঞাক পালন কৰা উচিত। (যোহন ১৫:১৯; ১৭:১৪-১৬; ১৮:৩৬; যাকোব ৪:৪) এইহেতুকে তেওঁলোকে ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত নিৰপেক্ষতা বজাই ৰাখে। এই বিষয়ে স্বয়ং যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁত থকা সঠিক জ্ঞান আৰু বুজশক্তিৰ বাবে সেই সময়ৰ মানৱৰ জীৱন প্ৰণালীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে উত্তম আৱদান আগবঢ়াব পাৰিলেহেঁতেন। কিন্তু তেওঁ ৰাজনৈতিকৰ সৈতে জড়িত হোৱাৰ পৰা আঁতৰি থাকিল। প্ৰচাৰ কাৰ্য্যৰ আৰম্ভণিতে তেওঁ পোনপটীয়াকৈ এই জগতৰ শাসনৰ সম্বন্ধে থকা চয়তানৰ প্ৰস্তাৱক অস্বীকাৰ কৰিলে। পিছলৈ তেওঁক ৰাজনৈতিক নেতা হিচাবে বাঁছনি কৰা বিষয়কো সম্পূৰ্ণকৈ বৰ্জ্জন কৰিছিল।—মথি ৪:৮-১০; যোহন ৬:১৪, ১৫.

৭, ৮. (ক) যিহোৱাৰ সাক্ষীসকলে নিৰপেক্ষতা বজাই ৰখাৰ অৰ্থ কিহক সমৰ্থন কৰা নুবুজায় আৰু কিয়? (খ) ৰোমীয়া ১৩:১, ২ পদত উল্লেখ কৰা বিবৃতিয়ে কেনেকৈ চৰকাৰৰ বিৰুদ্ধে কৰা হিংসাত্মক কাৰ্য্যৰ পৰা আঁতৰি থকাক বুজায়?

নিৰপেক্ষতা সম্পৰ্কে লোৱা যিহোৱাৰ সাক্ষীসকলৰ এই সিদ্ধান্তক কেতিয়াও হিংসাত্মক কাৰ্য্যৰ সমৰ্থন বা উপেক্ষা কৰা বুলি ভুল ধাৰণা কৰা উচিত নহয়। কিয়নো তেওঁলোকৰ বাবে তেনে কৰাটো “প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰৰ” সেৱক বুলি দাবী কৰাৰ বিপৰীত কাৰ্য্য হʼব। (২ কৰিন্থীয়া ১৩:১১) তদুপৰি হিংসাত্মক কাৰ্য্যৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী কি তাক তেওঁলোকে ভালদৰে জানে। এই সন্দৰ্ভে গীতমালাৰ ৰচোঁতাই এইদৰে কৈছিল: “যিহোৱাই ধাৰ্ম্মিক লোকক পৰীক্ষা কৰে; কিন্তু দুষ্ট আৰু অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ আত্মাই ঘিণ কৰে।” (গীতমালা ১১:৫) তদুপৰি যীচুৱে পাঁচনি পিতৰক কি কৈছিল তেওঁলোকে সেই বিষয়েও জানে, যাৰ সম্পৰ্কে এনেদৰে লিখা আছে: “তোমাৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা; কিয়নো যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।”—মথি ২৬:৫২.

ইতিহাসে স্পষ্টকৈ দেখুৱাইছে যে তথা-কথিত খ্ৰীষ্টানসকলে সদায়েই “তৰোৱালৰ” আশ্ৰয় লৈ আহিছে, কিন্তু যিহোৱাৰ সাক্ষীৰ ক্ষেত্ৰত ই সম্পূৰ্ণ বিপৰীত। তেওঁলোকে তেনে ধৰণৰ সকলো বিষয়ৰ পৰা আঁতৰি থাকে। তেওঁলোকে ৰোমীয়া ১৩:১, ২ পদৰ উল্লেখ কৰা পৰামৰ্শক আদৰেৰে পালন কৰে, যʼত এনেদৰে কৈছে: “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ [চৰকাৰী শাসকসকলৰ] বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে; আৰু যিবিলাকে প্ৰতিৰোধ কৰে, তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা অনাব।”

৯. যিহোৱাৰ সাক্ষীসকলে কেনে দুই প্ৰকাৰে সন্ত্ৰাসবাদৰ কাৰ্য্যক প্ৰতিৰোধ কৰে?

সন্ত্ৰাসবাদৰ কাৰ্য্য অনিষ্টকাৰক হোৱাৰ বাবে যিহোৱাৰ সাক্ষীসকলে ইয়াক প্ৰতিৰোধ কৰাটো উচিত হʼবনে? অৱশ্যেই উচিত হʼব আৰু তেওঁলোকে তেনে কৰিছে। সৰ্ব্বপ্ৰথমে, তেওঁলোকে নিজে সন্ত্ৰাসবাদৰ কাৰ্য্যৰ পৰা আঁতৰি থাকে। দ্বিতীয়তে, তেওঁলোকে আনকো বাইবেল সিদ্ধান্তসমূহ পালন কৰি সকলো প্ৰকাৰৰ হিংসাত্মক কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ শিক্ষাপ্ৰদান কৰে। বিগত বছৰত যিহোৱাৰ সাক্ষীসকলে লোকসকলক খ্ৰীষ্টান সিদ্ধান্ত অনুসাৰে চলাত সহায় কৰিবলৈ প্ৰায় ১২০,২৩,৮১,৩০২ ঘন্টা সময় অতিবাহিত কৰে। তেওঁলোকে অতিবাহিত কৰা সময় অথলে যোৱা নাই বুলি এইকাৰণে কব পৰা যায়, কিয়নো প্ৰায় ২,৬৫,৪৬৯ জনে বাপ্তিষ্মা প্ৰাপ্ত কৰিলে যিটো ৰাজহুৱাভাৱে হিংসাত্মক কাৰ্য্যৰ বৰ্জ্জন কৰাৰ প্ৰমাণ আছিল।

১০. বৰ্তমান জগতৰ দুষ্টতাক আঁতৰ কৰাৰ কেনে আশা দেখিবলৈ পোৱা যায়?

১০ ইয়াৰ উপৰিও যিহোৱাৰ সাক্ষীসকলে নিজৰ শক্তি আৰু সামৰ্থৰ দ্বাৰা যে দুষ্টতাক আঁতৰ কৰিব নোৱাৰে, সেই বিষয়েও জানে। সেইবাবে তেওঁলোকে এনে সকলো কাৰ্য্যকে সমাধান কৰিব পৰা যিহোৱাত সম্পূৰ্ণকৈ ভাৰসা কৰে। (গীতমালা ৮৩:১৮) মানৱজাতিয়ে অনেক চেষ্টা কৰিও হিংসাত্মক কাৰ্য্যক আঁতৰ কৰিব নোৱাৰে। এই বিষয়ে এজন ঈশ্বৰ-প্ৰেৰিত হোৱা বাইবেল লিখকে কৈছিল যে আমি “শেষ-কালত” জীয়াই আছোঁ যʼত “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১, ১৩) প্ৰকৃততে এই দৃষ্টিভঙ্গীৰে মানৱজাতিয়ে দুষ্টতাৰ বিৰুদ্ধে কেতিয়াও জয়লাভ কৰিব নোৱাৰে বুলিহে কব পাৰি। আনহাতে আমি যিহোৱা ঈশ্বৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখিব পাৰোঁ কিয়নো কেৱল তেওঁহে দুষ্টতাক সম্পূৰ্ণকৈ আৰু স্থায়ীভাৱে আঁতৰ কৰিব পাৰে।—গীতমালা ৩৭:১, ২, ৯-১১; হিতোপদেশ ২৪:১৯, ২০; যিচয়া ৬০:১৮.

আগন্তুক আক্ৰমণত নিৰ্ভয় হওক

১১. হিংসাত্মক কাৰ্য্যবোৰক আঁতৰ কৰিবলৈ যিহোৱাই কেনে পদক্ষেপ লʼলে?

১১ শান্তিদাতা যিহোৱা ঈশ্বৰে হিংসাত্মক কাৰ্য্যসমূহক ঘিণ কৰাৰ বাবে চয়তান আৰু তাৰ পৰিকল্পনাবোৰ ধ্বংস কৰিবলৈ লোৱা তেওঁৰ পদক্ষেপৰ বিষয়ে আমি বুজিব পাৰিছোঁ। প্ৰকৃততে তেওঁৰ প্ৰধান স্বৰ্গদূত মিখায়েল অৰ্থাৎ ৰাজ্যাভিষিক্ত হোৱা যীচুৱে ইতিমধেই চয়তানক পৰাজয় কৰিলে। এই সন্দৰ্ভত বাইবেলে এনেদৰে বৰ্ণনা কৰিছে: “স্বৰ্গত যুদ্ধ হল; মীখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে; সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বলে নোৱাৰিলে আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশে ঠাই পোৱা নগল। সেই মহা নাগক, অৰ্থাৎ দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিবীলৈ পেলোৱা হল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হল।”—প্ৰকাশিত বাক্য ১২:৭-৯.

১২, ১৩. (ক) ১৯১৪ চনটো কিয় এটা গুৰুত্বপূৰ্ণ বছৰ আছিল? (খ) ঈশ্বৰৰ ৰাজ্যৰ সমৰ্থনকাৰীসকলৰ বিষয়ে যিহিষ্কেলৰ পুস্তকত কি ভৱিষ্যতবাণী কৰা হৈছে?

১২ বাইবেলৰ ঘটনাতালিকা আৰু বিশ্বত ঘটি থকা ঘটনাবোৰে সংকেট দিছে যে সেই যুদ্ধ ১৯১৪ চনত স্বৰ্গত ঘটিত হয়। তেতিয়াৰ পৰাই এই জগতখন ধ্বংসৰ ফালে গতি কৰিলে। এই বিষয়ে প্ৰকাশিত বাক্য ১২:১২ পদত বৰ্ণনা কৰি কৈছে: “হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা! কিন্তু হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।”

১৩ এইটো বুজিব পৰা যায় যে মূলতে চয়তানে বিশেষকৈ অভিষিক্ত সেৱক আৰু তেওঁলোকৰ সঙ্গী ‘অন্য মেৰৰ’ সদস্যসকলক তাৰ ক্ৰোধৰ লক্ষ্যবিন্দু বনাইছে। (যোহন ১০:১৬; প্ৰকাশিত বাক্য ১২:১৭) এই বিৰুধীতাৰ কাৰ্য্য অতি শীঘ্ৰেই চৰম অৱস্থাত উপনীত হʼব যেতিয়া চয়তানে স্বৰ্গীয় ৰাজ্যৰ সমৰ্থনকাৰীসকলক চাৰিওফালৰ পৰা প্ৰবল আক্ৰমণ কৰাৰ অভিযান আৰম্ভ কৰিব। যিহিষ্কেল ৩৮ অধ্যায়ত ‘মাগোগদেশীয় গোগৰ’ এই আক্ৰমণক চৌদিশৰ পৰা হোৱা আক্ৰমণ বুলি উল্লেখ কৰিছে।

১৪. অতীতত যিহোৱাৰ সাক্ষীসকলে কেনে সুৰক্ষাৰ আনন্দ লাভ কৰিছিল আৰু তেনে হোৱাটো সদায়েই আশা কৰিব পাৰিনে?

১৪ স্বৰ্গৰ পৰা খেদি পঠিওৱা চয়তানৰ আক্ৰমণত ঈশ্বৰৰ লোকসকলক কেতিয়াবা ৰাজনৈতিক সমূহে সুৰক্ষা প্ৰদান কৰাৰ বিষয়ে প্ৰকাশিত বাক্য ১২:১৫, ১৬ পদত লাক্ষণিক ভাষাত বৰ্ণনা কৰিছে। ইয়াৰ বিপৰীতে বাইবেলে কৈছে যে চয়তানৰ শেষ আক্ৰমণৰ সময়ত কোনো মানৱ প্ৰতিনিধিয়ে ঈশ্বৰৰ লোকসকল সুৰক্ষা প্ৰদান কৰিবলৈ আগবাঢ়ি নাহিব। তেনে সময়ছোৱাত খ্ৰীষ্টানসকলে ভয়ভীত হোৱা আৱশ্যকনে? আৱশ্যেই নহয়!

১৫, ১৬. (ক) যিহোচাফটৰ সময়ত যিহোৱাই আশ্বাস দিয়া বাক্যবোৰে আজিৰ খ্ৰীষ্টানসকলক কেনেকৈ আশাবাদী হʼবলৈ সহায় কৰে? (খ) বৰ্তমান খ্ৰীষ্টানসকলৰ বাবে যিহোচাফট আৰু তাৰ লোকবিলাকে কেনে উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১৫ যিদৰে ঈশ্বৰে যিহোচাফটৰ সময়ত নিজৰ লোকক ৰক্ষা কৰিছিল ঠিক সেইদৰে আমাৰ সময়তো কৰিব। এই বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “তোমালোকে কাণ দিয়া; যিহোৱাই তোমালোকক এই কথা কৈছে, তোমালোকে সেই অতিশয় অধিক লোকসমূহক দেখি ভয় নকৰিবা আৰু বিহ্বল নহবা; কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।... এই যুদ্ধত তোমালোকে যুদ্ধ কৰিব নালাগিব; হে যিহূদা আৰু যিৰূচালেম-নিবাসীবিলাক, তোমালোকে শাৰী হৈ থিয় দি থাকি, তোমালোকৰ লগত থকা যিহোৱাই কৰা নিস্তাৰ দেখিবা; তোমালোকে ভয় নকৰিবা আৰু বিহ্বল নহবা; কাইলৈ সিহঁতৰ বিৰুদ্ধে যাত্ৰা কৰিবা; কিয়নো যিহোৱা তোমালোকৰ লগত আছে।”—২ বংশাৱলি ২০:১৫-১৭.

১৬ যিহূদাত থকা নিবাসীসকলক আশ্বাস দিয়া হৈছিল যে তেওঁলোকে যুদ্ধ কৰিব নালাগিব। ঠিক সেইদৰে যেতিয়া মাগোগদেশীয় গোগে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব তেতিয়া তেওঁলোকেও যুদ্ধ কৰাৰ কোনো আৱশ্যক নহʼব। তাৰ পৰিৱৰ্তে তেওঁলোকে ‘শাৰী হৈ থিয় দি থাকি যিহোৱাই কৰা নিস্তাৰ চাব।’ অৱশ্যে থিয় দি থকাৰ অৰ্থ এইটো নহয় যে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰা, যিদৰে যিহোচাফটৰ সময়তো লোকসকল সম্পূৰ্ণকৈ নিষ্ক্ৰিয় হোৱা নাছিল। এই সন্দৰ্ভত আমি এনেদৰে পঢ়িবলৈ পাওঁ: “তাতে যিহোচাফটে মাটিত মুখ দি প্ৰণিপাত কৰিলে, আৰু যিহূদাৰ সকলো লোক ও যিৰূচালেম-নিবাসীবিলাকে যিহোৱাৰ আগত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।  . . তাৰ পাছত তেওঁ লোকবিলাকে সৈতে মন্ত্ৰণা কৰি, ৰণলৈ সাজু হোৱাবিলাকৰ আগে আগে ‘যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে,’ এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশে গীত গাবলৈ, আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কেতবিলাক মানুহ নিযুক্ত কৰিলে।” (২ বংশাৱলি ২০:১৮-২১) আনকি শত্ৰুৱে আক্ৰমণ কৰাৰ সময়তো লোকসকলে নিৰন্তৰে যিহোৱাৰ স্তুতি কৰিছিল। গতিকে মাগোগদেশীয় গোগে আক্ৰমণ কৰাৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সেই একেই আৰ্হিক অনুকৰণ কৰা উচিত।

১৭, ১৮. (ক) মাগোগদেশীয় গোগৰ আক্ৰমণৰ সম্বন্ধে যিহোৱাৰ সাক্ষীসকলে কেনে সঠিক মনোবৃত্তি ৰাখিছে? (খ) অলপতে ডেকা খ্ৰীষ্টানসকলক কেনে সোঁৱৰণী প্ৰদান কৰা হʼল?

১৭ তেতিয়ালৈকে অৰ্থাৎ মাগোগদেশীয় গোগে আক্ৰমণ কৰাৰ পিছতো যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰি থাকিব। বিশ্বত থকা ৯৪,৬০০ খন মণ্ডলীৰ সৈতে সঙ্গতি কৰি তেওঁলোকে নিৰন্তৰে বলৱন্ত আৰু সুৰক্ষা লাভ কৰিব। (যিচয়া ২৬:২০) যিহোৱাক সাহসী হৈ স্তুতি কৰাটো এয়াই হৈছে এক উপযুক্ত সময়! দৰাচলতে, মাগোগদেশীয় গোগে হঠাতে কৰা আক্ৰমণত বিষয়ে ভাবি তেওঁলোকে কেতিয়াও ভয়ভীত নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক অধিককৈ যিহোৱালৈ স্তুতিৰূপী বলিদান উৎসৰ্গ কৰিবলৈ যুক্তিসঙ্গতৰূপে প্ৰেৰিত হʼব পাৰে।—গীতমালা ১৪৬:২.

১৮ এই সঠিক মনোবৃত্তিক আজি গোটেই পৃথিৱীত থকা হাজাৰ হাজাৰ ডেকা খ্ৰীষ্টান ভাই-ভনীসকলে পূৰ্ণ সময়ৰ সেৱা কৰি প্ৰদৰ্শিত কৰি দেখুৱাইছে। তেনেধৰণৰ উচ্চ জীৱন-প্ৰণালীৰ বাছঁনি কৰিবলৈ তেওঁলোকক ২০০২ চনৰ জিলা অধিৱেশনত প্ৰকাশ পোৱা যুৱক-যুৱতীসকল—আপোনালোকে নিজৰ জীৱনটোক কি দৰে ব্যৱহাৰ কৰিব? নামৰ ট্ৰেক্টখনে সহায় কৰিছিল। সময়ে সময়ে পোৱা তেনে সোঁৱৰণীৰ বাবে ডেকা বা বৃদ্ধ সকলো খ্ৰীষ্টানে কৃতজ্ঞতা জ্ঞাপন কৰে।—গীতমালা ১১৯:১৪, ২৪, ৯৯, ১১৯, ১২৯, ১৪৬.

১৯, ২০. (ক) খ্ৰীষ্টানসকলে কিয় ভয়ভীত হোৱাৰ কোনো আৱশ্যক নাই? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ বৰ্তমান জগতৰ পৰিস্থিতিবোৰক লক্ষ্য কৰি খ্ৰীষ্টানসকলে ভয়ভীত হোৱাৰ কোনো আৱশ্যক নাই। তেওঁলোকে জানে যে অতি শীঘ্ৰেই যিহোৱাৰ স্বৰ্গীয় ৰাজ্যই সকলো প্ৰকাৰৰ হিংসাত্মক কাৰ্য্যক তাৰ শিপাৰে সৈতে সমূলীকৈ চিৰকালৰ বাবে ধ্বংস কৰিব। তদুপৰি হিংসাত্মক বা অত্যাচাৰৰ বাবে মৃত্যুত হেৰুৱা আপোনজনাক পুনৰুত্থানত পুনৰাই দেখিবলৈ পাব বুলি জানিও তেওঁলোকে শান্ত্বনা লাভ কৰে। এনে আশাই কিছুমানৰ কাৰণে যিহোৱাৰ বিষয়ে শিকিবলৈ দুৱাৰ মুকলি আৰু উপযুক্ত হোৱা আনসকলক যিহোৱালৈ নিজকে সমৰ্পিত কৰি তাৰ অনুসাৰে চলি থাকিবলৈ সহায় কৰিব।—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

২০ প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে আমি নিৰপেক্ষতা বিষয়টোৰ প্ৰতি মূল্যাঙ্কন আৰু তাৰ বাবে থকা আৱশ্যকতাবোৰক পালন কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা প্ৰয়োজন। কিয়নো আমি ‘শাৰী হৈ থিয় দি থাকি যিহোৱাই কৰা নিস্তাৰ’ কাৰ্য্যক চাব বিচাৰোঁ। পৰৱৰ্তী লেখত কোৱা হʼব যে কেনেকৈ বৰ্তমানে বৃদ্ধি হোৱা ঘটনাবোৰে বাইবেলৰ ভৱিষ্যতবাণীৰ বিষয়ে ক্ৰমান্বয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। (w03 6/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• বৰ্তমান বহুতে কিয় নিৰাশাময় হৈ পৰিছে?

• ভৱিষ্যতৰ বিষয়ে যিহোৱাৰ সাক্ষীসকল কিয় আশাবাদী?

• হিংসাত্মক কাৰ্য্যৰ প্ৰতি যিহোৱাই ইতিমধ্যেই কেনে পদক্ষেপ গ্ৰহণ কৰিলে?

• মাগোগদেশীয় গোগে কৰা আক্ৰমণত আমি কিয় ভয়ভীত হোৱাৰ কোনো আৱশ্যক নাই?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান নিৰপেক্ষতাৰ সম্বন্ধে যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে

[১২ পৃষ্ঠাৰ ছবি]

হাজাৰ হাজাৰ ডেকা সাক্ষী ভাই-ভনীয়ে পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ বাছি লৈছে

[৮ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

UN PHOTO 186226/M. Grafman