দান কৰা মনোবৃত্তিত কেনে পৰিৱৰ্তন ঘটিছে?
দান কৰা মনোবৃত্তিত কেনে পৰিৱৰ্তন ঘটিছে?
ছে প্টেম্বৰ ১১, ২০০১ চনত আমেৰিকাৰ নিউয়ৰ্ক আৰু ৱাশ্বিংটন, ডি. চি. নামৰ চহৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পিছত সেই বিপৰ্য্যয়ত পীড়িত হোৱা লোকসকললৈ ৰাইজে আগবঢ়োৱা সহায় আচৰিতৰূপে বৃদ্ধি পালে। ৰাইজে পীড়িত পৰিয়ালক সহায়ৰ অৰ্থে ২৭০ কোটি টকা দাতব্য প্ৰতিষ্ঠানসমূহক দান কৰাৰ বাবে প্ৰতিষ্ঠানসমূহে আচৰতি হৈছিল। দৰাচলতে সকলো ঠাইৰ লোকসকলে সেই ঘটনাত মানসিক আঘাত পাই সহায় কৰিব বিচাৰিছিল।
কিন্তু প্ৰসিদ্ধ দাতব্য প্ৰতিষ্ঠানসমূহে লোকসকলে দিয়া দান-বৰঙণিবোৰক অপব্যয় কৰাৰ বাবে অতি কম সময়ৰ ভিতৰত কিছুমান লোকৰ দান কৰা মনোবৃত্তি হ্ৰাস পাবলৈ ধৰিলে। এখন ৰিপৰ্টৰ অনুসাৰে এটা প্ৰসিদ্ধ দাতব্য প্ৰতিষ্ঠানে বানপানীত পীড়িত লোকক সহায়ৰ অৰ্থে ৰাইজৰ পৰা পোৱা ৫৪. ৬ কোটি টকাৰ প্ৰায় আধা সংখ্যক পৰিমাণৰ ধন আন কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ যদিও পৰিকল্পনা কৰিছিল। পিছলৈ প্ৰতিষ্ঠানটোৱে তেওঁলোকে লোৱা সিদ্ধান্ত সলনি কৰি ক্ষমা বিচাৰিছিল, এজন সংবাদিকে সেই বিষয়ে এইদৰে কয়: আক্ৰমণৰ পূৰ্বে দাতব্য প্ৰতিষ্ঠানসমূহক যিদৰে ভাৰসা কৰিব পাৰিছিল “সমালোচকসকলে লক্ষ্য কৰিছে যে এই ঘটনাটোৱে এক নতুন দিশ দিলে যে দাতব্য প্ৰতিষ্ঠানসমূহক ভাৰসা কৰিব নোৱাৰি।” আপুনিও তেনেদৰে বিবেচনা কৰেনে? এনে প্ৰতিষ্ঠানসমূহৰ প্ৰতি আপোনাৰ ভাৰসা হ্ৰাস পাইছেনে?
দাতব্য প্ৰতিষ্ঠানক দান কৰাটো ব্যৱহাৰিক নে অপব্যয়?
দাতব্য প্ৰতিষ্ঠানক দান-বৰঙণি কৰাটো সাধাৰণতে এটা পুণ্যৰ কাম বুলি বিবেচনা কৰা হয়। কিন্তু সকলোৱে তেনেদৰে বিবেচনা নকৰে। প্ৰায় ২০০ বছৰতকৈ অধিক সময়ৰ পূৰ্বেই চামূৱেল জনচন্ নামৰ এজন ইংৰাজ লিখকে এইদৰে লিখিছিল: “আপুনি টকা-পইছা দান হিচাবে দিয়াতকৈ কাম কৰা লোকসকলক টকা-পইছা দি নিশ্চিত হʼব পাৰে যে আপুনি যি কৰিছে সেয়া উত্তম। কিয়নো আপুনি তেওঁলোকৰ পৰিশ্ৰমৰ বিনিময়ত সেই টকা দিছে।” বৰ্তমান সময়টো সেই লোকসকলৰ মনত একেই মনোবৃত্তি দেখা গৈছে, কিয়নো দাতব্য প্ৰতিষ্ঠানসমূহে দান-বৰঙণিক অপব্যয় কৰাৰ ৰিপৰ্টে লোকসকলৰ ভাৰসা ভঙ্গ কৰিছে। এই বিষয়ে দুটা উদাহৰণ বিবেচনা কৰক।
ছান ফ্ৰান্সিছক’ নামৰ চহৰৰ এখন ধৰ্ম্মীয় দাতব্য প্ৰতিষ্ঠানত কাৰ্য্য কৰা এজন চিকিৎসকক নিজৰ কছমেটিক্ অস্ত্ৰোপচাৰৰ বিলৰ সৈতে তেওঁৰ দুবছৰৰ ৰেষ্টুৰেন্টৰ বিলৰ ধন প্ৰতিষ্ঠানটোক দাবী কৰাৰ অভিযোগত তেওঁক বৰ্খাস্ত কৰা হয়। বৃটেইনৰ এটা মুখ্য দূৰদৰ্শনৰ ব্যৱস্থাপকে দাতব্য প্ৰতিষ্ঠানৰ সম্পৰ্কে এইদৰে আৱিষ্কাৰ কৰে যে ৰোমানীয়াত নতুনকৈ অনাথ আশ্ৰম নিৰ্ম্মাণ কৰিবলৈ দান কৰা ৬৫ লাখ পাউণ্ডত কেৱল ১২ খন নিম্ন শ্ৰেণীৰ ঘৰহে নিৰ্ম্মাণ কৰা হৈছিল,
কিন্তু অবুজ পৰিমাণৰ ধন কʼত খৰচ হʼল তাৰ কোনো হিচাব পোৱা নগʼল। এনেধৰণৰ ৰিপৰ্টে আৱশ্যেই কিছুমান দানকাৰীক দান কৰাৰ সময়ত ভাবিবলৈ বাধ্য কৰে যে তেওঁলোকে কাক আৰু কিমান দান-বৰঙণি দিছে।দান-বৰঙণি দিয়াটো উচিত নে অনুচিত
কেৱল কিছুমান ব্যক্তি বা প্ৰতিষ্ঠানে কৰা কাৰ্য্যৰ বাবে আমি আৱশ্যক থকা লোকক সহায় কৰিবলৈ বন্ধ কৰি দিয়াটো দুখৰ বিষয় হʼব। কিয়নো বাইবেলে এইদৰে কৈছে: “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা, . . . এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।” (যাকোব ১:২৭) বাস্তৱতে দৰিদ্ৰ আৰু আৱশ্যক থকা সকলৰ প্ৰতি চিন্তা কৰাটো হৈছে প্ৰকৃত খ্ৰীষ্টানৰ এটা অতি প্ৰয়োজনীয় কৰ্ম্ম।
এতিয়াও হয়তো আপুনি ভাবিব পাৰে যে, ‘মই দাতব্য প্ৰতিষ্ঠানবোৰক দান-বৰঙণি দিয়াটো বুদ্ধিমানৰ কাৰ্য্য হʼবনে নতুবা মই নিজেই আৱশ্যক থকা লোকৰ সহায়ৰ অৰ্থে ব্যক্তিগতভাৱে উপহাৰ দিয়াটো উত্তম হʼব? ঈশ্বৰে কেনে ধৰণৰ দান বিচাৰে? পৰৱৰ্তী লেখত এই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। (w03 6/1)