Skip to content

Skip to table of contents

দান যিয়ে ঈশ্বৰক সন্তুষ্টি প্ৰদান কৰে

দান যিয়ে ঈশ্বৰক সন্তুষ্টি প্ৰদান কৰে

দান যিয়ে ঈশ্বৰক সন্তুষ্টি প্ৰদান কৰে

যীচু আৰু তেওঁৰ শিষ্যসকলে তেওঁলোকৰ বহুতো ঘনিষ্ঠ বন্ধু, লগতে মৰিয়ম, মাৰ্থা আৰু অলপতে পুনৰুত্থান হোৱা লাজাৰৰ সৈতে বৈথনিয়াত এক সুস্বাদু আহাৰৰ জুতি লৈছিল। তেতিয়া মৰিয়মে প্ৰায় ৩০০ গ্ৰামৰ বহুমূলীয়া সুগন্ধি তেল যীচুৰ চৰণত ঘঁহিলে। তাকে দেখি ঈষ্কৰিয়োতীয়া যিহূদাই বিৰক্তৰে নিজৰ অভিমত প্ৰকাশ কৰি এইদৰে কʼলে: “এই তেল তিনি শ আধলিলৈ বেচি, দৰিদ্ৰবিলাকক কিয় দান কৰা নহল?” আনবিলাকেও সেই একেইদৰে আপত্তি কৰিলে।—যোহন ১২:১-৬; মাৰ্ক ১৪:৩-৫.

তথাপিও, যীচুৱে এইদৰে উত্তৰ দিলে: “তেওঁক এৰি দিয়া; . . . কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়া তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকোঁ।” (মাৰ্ক ১৪:৬-৯) ইহুদী ধৰ্ম্মগুৰুসকলে এইদৰে শিকাইছিল যে দান কৰাটো কেৱল ধৰ্ম্মপৰায়ণ কাৰ্য্যই নহয় কিন্তু পাপৰো প্ৰায়শ্চিত্ত লাভ কৰিব পাৰি। আনহাতে যীচুৱে স্পষ্টকৈ কৈছিল যে মুক্ত মনেৰে দৰিদ্ৰক দান কৰিলে ঈশ্বৰে সন্তুষ্ট হয়।

প্ৰাচীন সময়ৰ খ্ৰীষ্টান মণ্ডলীয়ে কৰা দানৰ বিষয়ে চমুকৈ বিবেচনা কৰিলে কিছুমান ব্যৱহাৰিক দিশৰ বিষয়ে শিকিব পাৰি। তদুপৰি ইয়াৰ যোগেদি আমি দান কৰাৰ প্ৰতি ৰখা সঠিক চিন্তাধাৰা আৰু আমাৰ ঈশ্বৰ যিহোৱাক সন্তুষ্ট কৰাৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উপৰিও ই এনে এক প্ৰকাৰৰ অতুলনীয় দান কৰাৰ বিষয়ে নিৰ্দ্দেশিত কৰে যিটো সকলোতকৈ উত্তম।

“দান কৰা”

যীচুৱে তেওঁৰ শিষ্যসকলক “দান কৰা” বুলি বহুবাৰ আগ্ৰহ কৰিছিল। (লূক ১২:৩৩) কিন্তু তেওঁ আনক দেখুৱাবৰ অৰ্থে কৰা দানৰ ক্ষেত্ৰত সতৰ্ক কৰিছিল, কিয়নো তেনে দানে ঈশ্বৰক নহয় দান কৰোঁতাজনকহে মহত্ব প্ৰদান কৰে। সেয়েহে তেওঁ এইদৰে কৈছিল “তুমি যেতিয়া দান কৰা তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া বিলাকৰ নিচিনাকৈ নাম-ঘৰে নাম-ঘৰে আৰু বাটে বাটে, নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা।” (মথি ৬:১-৪) প্ৰাচীন খ্ৰীষ্টানসকলে এই পৰামৰ্শ পালন কৰি আনক দেখুৱাবৰ অৰ্থে সেই সময়ৰ ধৰ্ম্মগুৰুসকলে দান দিয়া নিচিনাকৈ কৰা কাৰ্য্যৰ বিৰত আছিল আৰু আৱশ্যক থকা লোকসকলক ব্যক্তিগতভাৱে গোপনে দান কৰিছিল।

উদাহৰণস্বৰূপে, লূক ৮:১-৩ পদত আমাক এইদৰে কোৱা হৈছে যে, মৰিয়ম মগ্দলীনী, যোহানা, চোচন্না আৰু আনসকলে “নিজৰ নিজৰ সম্পত্তিৰ” দ্বাৰাই যীচু আৰু তেওঁৰ শিষ্যসকলক গোপনে সেৱা-শুশ্ৰূষা কৰিছিল। শিষ্যসকলে যদিও তেওঁলোকৰ সকলো জীৱিকাৰ পথ ত্যাগ কৰিছিল তথাপিও তেওঁলোক অভাৱগ্ৰস্ত হোৱা নাছিল। তেওঁলোকে পৰিচৰ্য্যা কাৰ্য্যক অধিককৈ কৰাৰ প্ৰতিহে মনোযোগ দিছিল। (মথি ৪:১৮-২২; লূক ৫:২৭, ২৮) এই তিৰোতাসকলে যীচু আৰু তেওঁৰ শিষ্যসকলক ঈশ্বৰে প্ৰদান কৰা কাৰ্য্যক সম্পন্ন কৰাত সহায় কৰিছিল, যাৰ ফলস্বৰূপে এই তিৰোতাসকলে ঈশ্বৰক মহিমান্বিত কৰিছিল। ঈশ্বৰে তেওঁলোকে কৰা দান কাৰ্য্যৰ বিষয়ে ভৱিষ্যতে আনসকলে পঢ়িবলৈ বাইবেলত লিপিবদ্ধ কৰাৰ দ্বাৰা তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি মূল্যাঙ্কন প্ৰকাশ কৰিলে।—হিতোপদেশ ১৯:১৭; ইব্ৰী ৬:১০.

দৰ্কা নামৰ এগৰাকী তিৰোতাই “দান আদি সৎকৰ্ম্মেৰে পূৰ” হৈছিল। তাই সাগৰৰ উপকূলত অৱস্থিত যোফ নামৰ চহৰত থকা অভাৱগ্ৰস্ত বিধৱাসকলৰ বাবে বস্ত্ৰ তৈয়াৰী কৰিছিল। দৰ্কাই সেই বস্ত্ৰবোৰ দিয়াৰ বিনিময়ত ধন লৈছিলনে বা তাই বিনামূল্যেই তাক দান কৰিছিল সেই বিষয়ে বাইবেলত কোনো উল্লেখ নাই। যিয়েই নহওঁক, তাইৰ উত্তম কৰ্ম্মই তাইক স্নেহভাজন কৰি তুলিছিল যাৰ বাবে তাই আনক আৰু ঈশ্বৰক সহায় কৰিব পাৰিলে। তেনে উত্তম কাৰ্য্যৰ বাবে যিহোৱা ঈশ্বৰে তাইক আশীৰ্ব্বাদ কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪১.

সঠিক মনোবৃত্তিৰে দান কৰা

কিহে সেই ব্যক্তিসকলক তেনেদৰে কৰিবলৈ অনুপ্ৰেৰিত কৰিছিল? ইয়াত কৃপালু হোৱাতকৈ অধিক আৱেগীক অনুভূতি সন্মিলিত আছিল, যিয়ে তেওঁলোকক সহায় কৰিবলৈ প্ৰেৰিত কৰিলে। তেওঁলোকে দৰিদ্ৰ, আপদ, অসুস্থতা বা আন দুৰৱস্থাত থকা লোকসকলক যিমান সম্ভৱ প্ৰত্যেক দিনা সহায় কৰাটো ব্যক্তিগতভাৱে নৈতিক দায়িত্ব বুলি অনুভৱ কৰিছিল। (হিতোপদেশ ৩:২৭, ২৮; যাকোব ২:১৫, ১৬) এনেধৰণৰ দান কৰা কাৰ্য্যই ঈশ্বৰৰ মন আনন্দিত কৰে। এনে দান বাস্তৱতে ঈশ্বৰৰ প্ৰতি থকা গভীৰ প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁৰ দয়ালু আৰু উদাৰশীল ব্যক্তিত্বক অনুকৰণ কৰিবলৈ থকা আগ্ৰহকাতৰে কৰা হয়।—মথি ৫:৪৪, ৪৫; যাকোব ১:১৭.

পাঁচনি পৌলে দান কৰাৰ এই গুৰুত্বপূৰ্ণ দিশটোৰ বিষয়ে এইদৰে সুধিছিল: “যি জনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখি, যদি তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে?” (১ যোহন ৩:১৭) ইয়াৰ উত্তৰ স্পষ্টভাৱে প্ৰকাশ পাইছিল। ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে লোকসকলক দানশীল হʼবলৈ প্ৰেৰিত কৰে। যিসকলে তেওঁৰ দৰে উদাৰশীল মনোবৃত্তি ৰাখি দান কৰে ঈশ্বৰে তেওঁলোকক মূল্যাঙ্কন কৰে আৰু আশীৰ্ব্বাদ দিয়ে। (হিতোপদেশ ২২:৯; ২ কৰিন্থীয়া ৯:৬-১১) বৰ্তমান সময়ত আমি লোকসকলৰ মাজত এনেধৰণৰ উদাৰশীল মনোবৃত্তি দেখিবলৈ পাইছোঁনে? অলপতে যিহোৱাৰ সাক্ষীসকলৰ এটা মণ্ডলীত কি ঘটিছিল তাৰ বিষয়ে বিবেচনা কৰক।

এগৰাকী বৃদ্ধা মহিলাৰ ঘৰখনক বৃহৎভাৱে মেৰামতি কৰাৰ আৱশ্যক হৈছিল। মহিলা গৰাকীয়ে অকলে বাস কৰিছিল আৰু তাইক সহায় কৰিবলৈ পৰিয়ালৰ কোনো সদস্য নাছিল। গোটেই বছৰটোৰ বাবে তাই নিজৰ ঘৰখন খ্ৰীষ্টান সভা পৰিচালনা কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ দিছিল আৰু বৃদ্ধা ভনী গৰাকীয়ে প্ৰায়ে তাইৰ সৈতে এসাঁজ খাবলৈ ভাই-ভনীসকলক আমন্ত্ৰণ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৬:১৪, ১৫, ৪০) তাইৰ তেনে দুৰৱস্থাৰ বিষয়ে লক্ষ্য কৰি মণ্ডলীৰ সদস্যসকলে মেৰামতি কৰাত সহায় কৰিবলৈ নিৰ্ণয় কৰিলে। কিছুমানে দান-বৰঙণি আৰু আন সকলে নিজেই কাম কৰিবলৈ দায়িত্ব লʼলে। কিছু সপ্তাহৰ ভিতৰতে স্বেচ্ছাকৰ্মীসকলে ঘৰখনৰ মূধচ আৰু স্নানগাৰ নতুনকৈ নিৰ্ম্মাণ কৰিলে। তদুপৰি ঘৰটোৰ প্ৰথম মহলাৰ দেৱালবোৰ নতুনকৈ ৰং আৰু ৰান্ধনীঘৰত বস্তু ৰখা আলমাৰীৰ দেৰাজবোৰ নতুন কৰা হʼল। তেনে দান কৰাৰ দ্বাৰা সেই বৃদ্ধা মহিলা গৰাকীক সহায় কৰাই নহয় কিন্তু মণ্ডলীৰ সকলো সদস্যৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হʼল আৰু চুবুৰীয়াত থকা লোকসকলৰ বাবে প্ৰকৃত খ্ৰীষ্টানসকলে তেনে দানৰ কৰাৰ এক উত্তম আৰ্হি ৰাখিলে।

এনে বহুতো উপায় বা দিশ আছে যাৰ দ্বাৰা আমি আনক ব্যক্তিগতভাৱে সহায় কৰিব পাৰোঁ। আমি পিতৃহীন বা মাতৃহীন লʼৰা-ছোৱালীৰ সৈতে অলপ সময় অতিবাহিত কৰিব পাৰোঁনে? আমি জনা বৃদ্ধা ভনীৰ বাবে বজাৰৰ পৰা কোনো আৱশ্যকীয় বস্তু কিনি বা কাপোৰ চিলাই কৰিব পাৰোঁনে? আৰ্থিক অৱস্থা দুৰ্ব্বল হোৱা কোনোবা এজনক সহায় কৰিবৰ অৰ্থে আমাৰ সৈতে এসাঁজ খাবলৈ নিমন্ত্ৰণ কৰিব পাৰোঁনে? আমি আৰ্থিকভাৱে ধনী নহʼলেও আনক সহায় কৰিব পাৰোঁ। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়।” (২ কৰিন্থীয়া ৮:১২) কেৱল উদাৰশীল হৈ ব্যক্তিগত আৰু পোনপটীয়াকৈ কৰা সহায়ৰ বাবেহে ঈশ্বৰে আশীৰ্ব্বাদ প্ৰদান কৰেনে? অৱশ্যেই নকৰে।

বৃহৎমাত্ৰাত সাহায্য কৰাৰ বিষয়ে কি কʼব পাৰি?

কেতিয়াবা সহায় কৰিবলৈ ব্যক্তিগতভাৱে চেষ্টা কৰাটোৱেই যথেষ্ট নহয়। যীচু আৰু তেওঁৰ শিষ্যসকলে দৰিদ্ৰবিলাকক সহায় কৰিবৰ বাবে এটা উমৈহতীয়া দান-বৰঙণিৰ ব্যৱস্থা কৰিছিল আৰু লোকসকলৰ পৰা পোৱা দান-বৰঙণি তেওঁলোকে আনক সহায় কৰাৰ কাৰ্য্যত ব্যৱহাৰ কৰিছিল। (যোহন ১২:৬; ১৩:২৯) একেইদৰে প্ৰথম শতিকাৰ মণ্ডলীবিলাকেও কৰিছিল। তেওঁলোকে আৱশ্যক হোৱা সময়ত দান-বৰঙণি সংগ্ৰহ কৰিছিল আৰু বৃহৎমাত্ৰাত সাহায্য প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২:৪৪, ৪৫; ৬:১-৩; ১ তীমথিয় ৫:৯, ১০.

উদাহৰণস্বৰূপে, সম্ভৱতঃ সা.যু. ৫৫ চনত হোৱা এটা ডাঙৰ আকালৰ বাবে যিহূদাত থকা মণ্ডলীয়ে দৰিদ্ৰতাত ভুগিবলগীয়া হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৭-৩০) পাঁচনি পৌলে সদায়ে দৰিদ্ৰসকলৰ প্ৰতি চিন্তিত আছিল। সেইবাবে তেওঁ অতি নিলগত থকা মাকিদনীয়াৰ মণ্ডলীবোৰলৈও সহায় পঠিয়াইছিল। দান-বৰঙণিৰ বাবে তেওঁ ব্যক্তিগতভাৱে ব্যৱস্থা কৰিছিল আৰু সেই দান-বৰঙণিসমূহ আৱশ্যক থকা মণ্ডলীবোৰলৈ কঢ়িয়াই নিবলৈ উপযুক্ত ব্যক্তিক ব্যৱহাৰ কৰিছিল। (১ কৰিন্থীয়া ১৬:১-৪; গালাতীয়া ২:১০) তেওঁ আৰু আনবিলাকে, তেওঁলোকে কৰা কাৰ্য্যৰ বাবে কাৰো পৰা কোনো প্ৰকাৰ বেতন লোৱা নাছিল।—২ কৰিন্থীয়া ৮:২০, ২১.

বৰ্তমান সময়ত বিপৰ্যয় দেখা দিয়া স্থানবোৰত যিহোৱাৰ সাক্ষীসকলেও শীঘ্ৰেই সহায় পঠিয়াই। উদাহৰণস্বৰূপে, ২০০১ চনৰ গীষ্মকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সচত থকা হাউস্টন নামৰ চহৰখনত প্ৰৱল স্ৰোতৰ ফলত বৃহৎ বানপানী হৈছিল। তাত থকা যিহোৱাৰ সাক্ষীসকলৰ ৭২৩ টা ঘৰৰ অধিকাংশই বেয়াকৈ ক্ষতি হয়। তাত থকা ব্যক্তিসকলৰ আৱশ্যকতাক পূৰণ কৰিবলৈ অতি কম সময়ৰ ভিতৰত কিছুমান উপযুক্ত প্ৰাচীনৰ দ্বাৰা শ্ৰীঘ্ৰেই এটা দুৰ্ঘটনা সাহায্য সমিটি স্থাপিত কৰা হʼল আৰু বিপৰ্যয়ত পৰা স্থানীয় সাক্ষীসকলক পৰিস্থিতিৰ সৈতে সম্মুখীন আৰু তেওঁলোকৰ ঘৰবোৰ মেৰামতি কৰাত সহায় আগবঢ়োৱা হʼল। এই কাৰ্য্যত কৰিবলৈ চুবুৰীয়া মণ্ডলীৰ পৰা বহুতে স্বইচ্ছাৰে আগবাঢ়ি আহিল। এগৰাকী সাক্ষী ভনীয়ে তাইৰ ঘৰখন মেৰামতি কৰিবলৈ কোম্পানীৰ পৰা লাভ কৰা সাহায্যৰ টকাখিনি আৱশ্যক থকা আন ভাই-ভনীসকলক সহায়ৰ অৰ্থে দান কৰিলে।

কিন্তু যেতিয়া কোনো দাতব্য প্ৰতিষ্ঠানৰ প্ৰশ্ন আহে তেতিয়া আমি সাৱধানতা অৱলম্বন কৰা আৱশ্যক। এই ক্ষেত্ৰত আমালৈ পঠোৱা অনুৰোধবোৰক নিৰ্দ্ধাৰণ কৰা আৱশ্যক। কিছুমান দাতব্য প্ৰতিষ্ঠানে বহুতো কৰ্ম্মী বা লোকসকলক দান-বৰঙণি দিয়াত উৎসাহিত কৰিবলৈ বিভিন্ন পথ অৱলম্বন কৰে। কিন্তু তেওঁলোকে সংগ্ৰহীত হোৱা দান-বৰঙণিৰ কম পৰিমাণৰ ধনহে স্থিৰ কৰা উদ্দেশ্যত ব্যয় কৰে। হিতোপদেশ ১৪:১৫ পদত এইদৰে কৈছে: “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়; কিন্তু বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” গতিকে দান-বৰঙণি দিয়াৰ পূৰ্বেই সংগঠনটোৰ বিষয়ে ভালদৰে পৰীক্ষা কৰাটো হৈছে এটা বুদ্ধিমানৰ কাৰ্য্য।

দান কৰাটো অধিক লাভদায়ক

আন এক প্ৰকাৰৰ দান আছে যিটো দান-বৰঙণিতকৈ অধিক গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, যেতিয়া এজন ধনী ব্যক্তিয়ে যীচুৰ ওচৰলৈ অহি সুধিছিল যে অনন্তজীৱন পাবলৈ তেওঁক কি কৰা উচিত তেতিয়া যীচুৱে তেওঁক এইদৰে কৈছিল: “তুমি যদি সিদ্ধ হবলৈ ইচ্ছা কৰা, তেন্তে তোমাৰ সৰ্ব্বস্ব বেচি, দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হব; আৰু আহাঁ, মোৰ পাছে পাছে চলাহি।” (মথি ১৯:১৬-২২) লক্ষ্য কৰক যে ইয়াত যীচুৱে সেই ব্যক্তিজনক ‘তুমি সৰ্ব্বস্ব দৰিদ্ৰক দান কৰা তেহে জীৱন পাবা’ বুলি কোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ “মোৰ পাছে পাছে” চলা বুলি কৈছিল। আন অৰ্থত কʼবলৈ গʼলে প্ৰকৃত খ্ৰীষ্টান শিষ্য হোৱাতো দান-বৰঙণি দিয়াতকৈ অধিক লাভদায়ক আৰু প্ৰসংশনীয়।

লোকসকলক আধ্যাত্মিকৰূপে সহায় কৰাটোৱেই যীচুৰ মুখ্য উদ্দেশ্য আছিল। মৃত্যুৰ কিছু সময়ৰ পূৰ্বেই তেওঁ পীলাতক এইদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭) তেওঁ দৰিদ্ৰক সহায়, ৰোগীক সুস্থ আৰু ভুকাতুৰক আহাৰ দান কৰাত আগভাগ লোৱাৰ দ্বাৰা মূলতে তেওঁ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিছিল। (মথি ১০:৭, ৮) দৰাচলতে তেওঁৰ শেষ উপদেশত তেওঁলোকক এইদৰে আজ্ঞা দিছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য” বনোৱা।—মথি ২৮:১৯, ২০.

এইটো সঁচা যে প্ৰচাৰ কাৰ্য্য কৰাৰ দ্বাৰা এই জগতৰ সমস্যাবোৰক সমাধান কৰিব নোৱাৰি। তথাপিও ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সকলো জাতিৰ লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যই ঈশ্বৰক মহিমান্বিত কৰে, কিয়নো প্ৰচাৰ কাৰ্য্যই ঈশ্বৰৰ ইচ্ছা সম্পন্ন আৰু ঈশ্বৰীয় শুভবাৰ্ত্তা গ্ৰহণ কৰা লোকসকললৈ অনন্তজীৱনৰ পথ মুকলি কৰে। (যোহন ১৭:৩; ১ তীমথিয় ২:৩, ৪) তেতিয়াহʼলে যেতিয়া যিহোৱাৰ সাক্ষীসকলে দ্বিতীয়বাৰ আপোনাৰ ওচৰলৈ আহিব তেতিয়া আপুনি তেওঁলোকে কোৱা কথাৰ প্ৰতি মনোযোগ দিবনে? কিয়নো তেওঁলোকে আপোনাক আধ্যাত্মিক উপহাৰ দিবলৈ আহে। তদুপৰি তেওঁলোকে জানে যে আপোনাৰ বাবে এইটোৱেই হৈছে অধিক উত্তম উপহাৰ। (w03 6/1)

[৬ পৃষ্ঠাৰ ছবিসমূহ]

এনে বহুতো পথ আছে যাৰ দ্বাৰা আমি আনৰ যত্ন লওঁ

[৭ পৃষ্ঠাৰ ছবি]

আমাৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই ঈশ্বৰক সন্তুষ্টি প্ৰদান কৰে আৰু অনন্তজীৱনৰ বাট মুকলি কৰে