পক্ষীৰ পৰা আমি কি শিকিব পাৰোঁ
পক্ষীৰ পৰা আমি কি শিকিব পাৰোঁ
“আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু মেৰতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মুল্যবান নোহোৱা নে?” (মথি ৬:২৬) এই বাক্যশাৰী যীচুৱে গালীল সাগৰৰ দাঁতিত অৱস্থিত থকা পৰ্ব্বতৰ কাষত কোৱা তেওঁৰ প্ৰসিদ্ধ উপদেশত উল্লেখ কৰিছিল। তাত থকা শ্ৰোতাসকলৰ মাজত তেওঁৰ শিষ্যসকলৰ উপৰিও দেশখনৰ বিভিন্ন ঠাইৰ পৰা অহা এক বৃহৎ সমূহৰ লোকো উপস্থিত আছিল, যিসকলে ভৱিষ্যতে তেওঁৰ শিষ্য হোৱাৰ সম্ভাৱনা আছিল। তেওঁলোকৰ বেছিভাগেই দুখীয়া আছিল আৰু ৰোগীসকলক সুস্থ কৰিবলৈ যীচুৰ ওচৰলৈ আনিছিল।—মথি ৪:২৩-৫:২; লূক ৬:১৭-২০.
যীচুৱে পীড়িত লোকবিলাকক সুস্থ কৰি সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য অৰ্থাৎ তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি অধিক মনোযোগ দিছিল। যীচুৱে তেওঁলোকক শিক্ষাদান কৰাৰ এটা বিষয় ওপৰত উল্লেখ কৰা হʼল।
আকাশত থকা চৰাইবোৰ বহুসময়ৰ পৰা অস্তিত্বত আছে। তাৰে কিছুমান কীট-পতঙ্গ আৰু আন কিছুমানে ফলৰ গুটি খাই জীয়াই থাকে। যিহেতু ঈশ্বৰে চৰাই-চিৰিকটিৰ বাবে যথেষ্টমাত্ৰাত আহাৰৰ প্ৰবন্ধ কৰিলে, তেন্তে নিশ্চয় তেওঁৰ মানৱ সেৱকৰ বাবে দৈনন্দিন আহাৰ প্ৰবন্ধ কৰিবলৈও ক্ষমতা আছে। তেওঁ মানুহক আহাৰ কিনাত টকা-পইচা আৰ্জন কৰিবলৈ কোনো চাকৰি পোৱাত সহায় কৰাৰ দ্বাৰা হয়তো এইদৰে কৰিব পাৰে। অথবা ঈশ্বৰে মানুহক তেওঁলোকে খেতি কৰা শস্য অধিক বৃদ্ধি হʼবলৈ আশীৰ্ব্বাদ দিয়াৰ যোগেদি কৰিব পাৰে। তদুপৰি আৱশ্যকীয় সময়ত ঈশ্বৰে চুবুৰীয়া আৰু বন্ধু-বান্ধৱসকলক আহাৰৰ আৱশ্যকতা থকা ব্যক্তিসকলৰ সৈতে খাদ্য বিতৰণ কৰিবলৈ তেওঁলোকৰ হৃদয় কোমল কৰিব পাৰে।
আমি আকাশৰ চৰাই-চিৰিকটিবোৰক লক্ষ্য কৰি বহুতো বিষয়ে শিকিব পাৰোঁ। ঈশ্বৰে চৰাই-চিৰিকটিক আচৰিত বুদ্ধিৰে সৃষ্টি কৰিলে, যাতে সেইবিলাকে নিজৰ পোৱালীক ডাঙৰ-দীঘল কৰিবলৈ বাহ সাজিব পাৰে। দুই প্ৰকাৰৰ চৰায়ে সজা বাহৰ বিষয়ে লক্ষ্য কৰক। বাওঁফালৰ ছবিখনত আফ্ৰিকাৰ ৰক্ মাৰটিন প্ৰজাতি চৰায়ে সজা বাহহ দেখুউৱা হৈছে। এই চৰাইবিধে কোনো শিল বা ঘৰৰ দেৱালৰ ওপৰত বাহ সাজে। এই বাহৰ উপৰিভাগ শিলত উলমি বা এই ছবিখনত দেখুৱাৰ দৰে অট্টালিকাৰ পানীপাচত উলমি থকে। বাহটোৰ মজিয়া ভাগত কাপ আকাৰৰ বোকা মাটিৰ ক্ষুদ্ৰ পিণ্ড লগাই দিয়া হয়। বোকা মাটিৰ ক্ষুদ্ৰ পিণ্ড সংগ্ৰহ কৰিবলৈ মতা আৰু মাইকী চৰায়ে কঠিন পৰিশ্ৰম কৰে আৰু বাহটো সম্পূৰ্ণ হʼবলৈ প্ৰায় এমাহ সময় লাগে। তাৰ পিছত চৰাইহালে কোমল ঘাঁহ আৰু পাখীৰে বাহৰ ভিতৰ ফালটো আচ্ছাদিত কৰে। চৰাইহালে উভয়ে সিহঁতৰ পোৱালীক আহাৰ খুৱায়। তলত দেখুৱা বাহটো হৈছে মেল মাচকড্ ৱেভাৰ চৰাইৰ বাহ। আফ্ৰিকাৰ এইবিধ পৰিশ্ৰমী চৰাইয়ে নিজৰ বাহ বনাওঁতে ঘাঁহ বা আন উদ্ভিদৰ দীঘলীয়া পাত ব্যৱহাৰ কৰে। এই চৰাইবিধে এদিনত এটাকৈ বাহ আৰু এটা ঋতুত ৩০ টাতকৈ অধিক বাহ তৈয়াৰ কৰিব পাৰে!
আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? যদি ঈশ্বৰে এটা চৰাইক বাহ তৈয়াৰ কৰিবলৈ বুদ্ধি আৰু অধিক পৰিমাণে বস্তুৰ যোগান ধৰিব পাৰে, তেনেহʼলে তেওঁ মানুহক আৱশ্যক হোৱা এটা গৃহ পাবলৈ অৱশ্যেই সহায় কৰিব পাৰে। কিন্তু যদি যিহোৱাই আমাক বস্তুবোৰ লাভ কৰাত সহায় কৰাটো বিচাৰোঁ, তেনেহʼলে যীচুৱে তাৰ বাবে এনে এটা গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছিল। তেওঁ প্ৰতিজ্ঞা কৰি এইদৰে কৈছিল: “কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:৩৩) আপুনি হয়তো আচৰিত হৈ এইদৰে সুধিব পাৰে, ‘প্ৰথমে ঈশ্বৰৰ ৰাজ্যক বিচাৰাটোত বাৰু কি সন্মিলিত হৈ আছে?’ এই আলোচনীখন বিতৰণ কৰা যিহোৱাৰ সাক্ষীসকলে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আনন্দিত হʼব। (w03 6/15)