পাঠকসকলৰ প্ৰশ্ন
পাঠকসকলৰ প্ৰশ্ন
অতিশয় ৰোগীয়া বা বয়সীয়া এটা পোহনীয়া জন্তুক মাৰি পেলোৱাটো ঈশ্বৰৰ ব্যৱস্থাৰ বিপৰীত নে?
বহুতে বিভিন্ন প্ৰকাৰৰ জন্তুক তেওঁলোকৰ আগ্ৰহকতা আৰু আনন্দৰ অৰ্থে পোহে। কিছুমানে ঘৰচীয়া জন্তুক ভাল সাৰথী কৰি লয়। উদাহৰণস্বৰূপে, কুকুৰক আজ্ঞাকাৰী আৰু গৰাকীৰ প্ৰতি অনুৰাগ থকা বুলি জনা যায়। সেয়েহে লোকসকলে বহু বছৰ ধৰি এটা জন্তুক পোহনীয়া হিচাবে লালন-পালন কৰে কিয়নো সেইবোৰৰ প্ৰতি তেওঁলোকৰ অনুৰাগ আছে।
সাধাৰণতে পোহনীয়া জন্তুৰ জীৱনকাল অধিক নহয়। এটা কুকুৰ হয়তো ১০-১৫ বছৰলৈকে জীয়াই থাকে আৰু মেকুৰীৰ জীৱনকাল সেইটো কেনে প্ৰজাতিৰ মেকুৰী তাৰ ওপৰত নিৰ্ভৰ কৰে। বয়স বৃদ্ধি হোৱাৰ লগে লগে পোহনীয়া জন্তুটোৱে হয়তো বেমাৰ আৰু দুৰ্বলতাত ভুগিব পাৰে, তাকে দেখি গৰাকীয়ে সেই জন্তুটোৱে কম বয়সৰ সময়ত কৰা খেল-ধেমালীৰ বিষয়ে স্মৰণ কৰি মনত দুখ পাব পাৰে। তেনে যন্ত্ৰণাদায়ক অৱস্থা ভুগি ধকাৰ বাবে সেই মৰমৰ পোহনীয়া জন্তুটোক হত্যা কৰাটো ভুল হʼবনে?
যেতিয়া জীৱ-জন্তুৰ সৈতে আচৰণ কৰা হয় তেতিয়া এজন খ্ৰীষ্টানে অৱশ্যেই ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য কৰিব বিচাৰিব। জীৱ-জন্তুৰ সৈতে নিষ্ঠুৰতাপূৰ্বক আচৰণ কৰাটো একেবাৰে ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত হʼব, কিয়নো বাইবেলত এইদৰে বৰ্ণনা কৰিছে: “ধাৰ্ম্মিক লোকে নিজ পশুৰ প্ৰাণলৈ চিন্তা কৰে।” (হিতোপদেশ ১২:১০) ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে জীৱ-জন্তুকো মানুহৰ দৰে দৃষ্টি কৰে। ঈশ্বৰে যেতিয়া মানুহ সৃষ্টি কৰিছিল তেতিয়া স্পষ্টৰূপে মানুহ আৰু জীৱ-জন্তুৰ মাজত থকা পৃথকতাক উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ জীৱ-জন্তুক নহয় কিন্তু মানুহকহে অনন্তজীৱনৰ আশা প্ৰদান কৰিলে। (ৰোমীয়া ৬:২৩; ২ পিতৰ ২:১২) সৃষ্টিকৰ্ত্তাৰূপে মানুহ আৰু জীৱ-জন্তুৰ মাজত থকা সঠিক সম্বন্ধৰ বিষয়ে নিৰ্ধাৰিত কৰাটো একমাত্ৰ তেওঁৰহে অধিকাৰ আছে।
সেই সম্বন্ধৰ বিষয়ে আদিপুস্তক ১:২৮ পদত বৰ্ণনা কৰা হৈছে। ঈশ্বৰে প্ৰথম মানুহক এইদৰে কʼলে: “সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” একেইদৰে গীতমালা ৮:৬-৮ পদটো এইদৰে উল্লেখ কৰিছে: “তুমি সকলোকে তাৰ ভৰিৰ তল কৰিলা। মেৰ গৰু আদিৰ সকলো জাক, বনৰীয়া পশুবোৰ, আকাশৰ পক্ষী, সমুদ্ৰ-পথে গতি কৰা সাগৰৰ মাছবোৰ, এই সকলোকে তাৰ ভৰিৰ তল কৰিলা।”
ঈশ্বৰে স্পষ্টকৈ কৈছিল যে মানুহে জীৱ-জন্তু সঠিকভাৱে ব্যৱহাৰ আৰু তাক বধ কৰিব। উদাহৰণস্বৰূপে, জীৱ-জন্তুৰ ছালেৰে বস্ত্ৰ তৈয়াৰ কৰা হৈছিল। তদুপৰি আদিতে ঈশ্বৰে কেৱল নিৰামিষ আহাৰ কৰিবলৈ অনুমতি দিছিল, কিন্তু নুহৰ জলপ্লাৱনৰ পিছত মাছ-মাংস খাবলৈ অনুমতি দিলে।—আদিপুস্তক ৩:২১; ৪:৪; ৯:৩.
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আনন্দৰ বাবে জীৱ-জন্তুক বধ কৰিবলৈ অনুমতি দিছিল। আদিপুস্তক ১০:৮, ৯ পদত বাইবেলে নিম্ৰোদক “মহা-পৰাক্ৰমী” চিকাৰী বুলি বৰ্ণনা কৰিছে। কিন্তু সেই একেই পদত এইটোও কৈছে যে তেওঁ “যিহোৱাৰ দৃষ্টিত পৰাক্ৰমী ব্যাধ” আছিল।
সেয়েহে যদিও জীৱ-জন্তুৰ ওপৰত মানুহে অধিকাৰ চলোৱাৰ ক্ষমতা আছে তথাপিও তেওঁলোকে সেই অধিকাৰক অপব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যত বৰ্ণনা কৰা সিদ্ধান্তৰ অনুসাৰে চলা উচিত। সেইবাবে পোহনীয়া জীৱ-জন্তু অতি বয়সীয়া হোৱাত যাতে অনাৱশ্যকীয়ভাৱে বেমাৰ, আঘাত বা মাৰাত্মক ৰোগ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। এনে ক্ষেত্ৰত এজন খ্ৰীষ্টান ব্যক্তিয়ে কি কৰা প্ৰয়োজন সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। যদি পোহনীয়া জীৱ-জন্তুৱে কোনো মাৰাত্মক ৰোগত ভুগিছে আৰু সুস্থ হোৱাৰ কোনো আশা নাই, তেনেহʼলে সেই জন্তুটোৱে কষ্টত ভুগি থকাতকৈ তাক মাৰি পেলোৱাটো দয়াপূৰ্ণ কাৰ্য্য হʼব। (w03 6/1)