Skip to content

Skip to table of contents

শাৰী হৈ থিয় দি থাকি যিহোৱাৰ নিস্তাৰ কাৰ্য্য চোৱা!

শাৰী হৈ থিয় দি থাকি যিহোৱাৰ নিস্তাৰ কাৰ্য্য চোৱা!

শাৰী হৈ থিয় দি থাকি যিহোৱাৰ নিস্তাৰ কাৰ্য্য চোৱা!

“তোমালোকে শাৰী হৈ থিয় দি থাকি, তোমালোকৰ লগত থকা যিহোৱাই কৰা নিস্তাৰ দেখিবা।”—২ বংশাৱলি ২০:১৭.

১, ২. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ আক্ৰমণৰ তুলনাত ‘মাগোগদেশীয় গোগৰ’ আক্ৰমণ কিয় অধিক ভয়াবহ?

 কি ছুমানে কৈছে যে সন্ত্ৰাসবাদীৰ আক্ৰমণ মানৱ সমাজ বা সভ্যতাৰ ওপৰত হোৱা আটাইতকৈ ভয়াবহ আক্ৰমণ। সচাঁকৈ, তেনেধৰণে হোৱা আক্ৰমণৰ বিষয়ে গভীৰতাৰে বিবেচনা কৰা উচিত। আনহাতে ইয়াতকৈ অধিক বিশালভাৱে ভৱিষ্যতে হʼবলগীয়া আক্ৰমণৰ বিষয়ে মানৱ সমাজে কোনো চিন্তা নকৰে অথবা অলপহে চিন্তিত। সেইটো কেনেধৰণৰ আক্ৰমণ?

সেইয়া হৈছে বাইবেলৰ যিহিষ্কেল নামৰ কিতাপৰ ৩৮ অধ্যায়ত উল্লেখ কৰা ‘মাগোগদেশীয় গোগৰ’ আক্ৰমণ। এই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আক্ৰমণতকৈ অধিক ভয়াবহ হʼব বুলি কোৱাটো অতিৰঞ্জিত কৰি কোৱা হʼবনে? নিশ্চয়ে নহয়! কিয়নো গোগে কেৱল মানৱ চৰকাৰৰ ওপৰত নহয় কিন্তু ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ বিৰুদ্ধেও আক্ৰমণ কৰিবলৈ ওলাই আহিছে। কিন্তু গোগৰ এই আক্ৰমণৰ আগত দৃঢ়ভাৱে থিৰে থাকিবলৈ সৃষ্টিকৰ্তাৰ ওচৰত মানৱ চৰকাৰতকৈ অধিক ক্ষমতা আছে।

স্বৰ্গীয় চৰকাৰৰ ওপৰত কৰা আক্ৰমণ

৩. মানৱীয় শাসনকৰ্ত্তাসকলক ১৯১৪ চনৰ পৰা কি কৰিবলৈ আমন্ত্ৰণ দিয়া হʼল, কিন্তু তেওঁলোকে সেই আমন্ত্ৰণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে?

স্বৰ্গত ঈশ্বৰৰ চৰকাৰ স্থাপিত অৰ্থাৎ ১৯১৪ চনত যীচুৱে সেই ৰাজ্যখনত ৰজা হিচাবে নিযুক্ত হোৱা সময়ৰ পৰাই চয়তান আৰু তাৰ দুষ্ট ৰীতি-ব্যৱস্থাৰ সৈতে সংঘৰ্ষ চলি আহিছে। যীচুৱে ৰজা নিযুক্ত হোৱা সময়ছোৱাত মানৱীয় শাসনকৰ্তাসকলক ঈশ্বৰৰ মনোনিত হোৱা ৰজাজনৰ অধীন হʼবলৈ জাননী দিয়া হৈছিল। কিন্তু তেওঁলোকে অধীন হʼবলৈ অস্বীকাৰ কৰিলে যাৰ বিষয়ে ভৱিষ্যতবাণীত এনেদৰে কোৱা হৈছে: “আহাঁ আমি সিহঁতৰ বন্ধন চিঙি পেলাওঁ, আৰু আমাৰ পৰা সিহঁতৰ জৰী পেলাই দিওঁ, এই বুলি যিহোৱা আৰু তেওঁৰ অভিষিক্ত জনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাবিলাক উঠিছে, আৰু অধিপতিবিলাকে একে-লগে আলচ কৰিছে।” (গীতমালা ২:১-৩) মাগোগদেশীয় গোগৰ আক্ৰমণৰ সময়ত ৰজাবিলাকে ঈশ্বৰৰ ৰাজ্যৰ শাসনক বিৰোধ কৰা কাৰ্য্য চৰম অৱস্থাত উপনীত হʼব।

৪, ৫. মানৱে কেনেকৈ অদৃশ্য স্বৰ্গীয় চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব?

আমি হয়তো এইটো ভাবি আচৰিত হʼব পাৰোঁ যে কেনেকৈ মানৱ চৰকাৰবিলাকে অদৃশ্য স্বৰ্গীয় চৰকাৰৰ বিৰুদ্ধে যুঁজিব পাৰে। এই বিষয়ে বাইবেলে এইদৰে কৈছে যে, সেই স্বৰ্গীয় চৰকাৰ “মেৰ পোৱালি” অৰ্থাৎ যীচু খ্ৰীষ্টৰ সৈতে “পৃথিবীৰ পৰা কিনি লোৱা সেই এক লাখ চৌৱাল্লিশ হাজাৰ” লোকৰ দ্বাৰা গঠিত। (প্ৰকাশিত বাক্য ১৪:১, ৩; যোহন ১:২৯) যিহেতু এই চৰকাৰ স্বৰ্গত স্থাপনা হোৱাৰ বাবে তাক “নতুন আকাশমণ্ডল” আৰু ইয়াৰ অধীনত থকা পাৰ্থিৱ প্ৰজাবিলাকক “নতুন পৃথিবী” বুলি কোৱা হৈছে। (যিচয়া ৬৫:১৭; ২ পিতৰ ৩:১৩) যীচুৰ সৈতে সহশাসক হিচাবে কাৰ্য্য কৰিবলগা ১,৪৪,০০০ জনৰ বেছিভাগ সদস্যই বিশ্বাসী হৈ পাৰ্থিৱ জীৱন ত্যাগ কৰিলে। এইদৰে তেওঁলোকক স্বৰ্গত নতুন নিযুক্তিভাৰ গ্ৰহণ কৰাৰ যোগ্যতা প্ৰমাণিত কৰিছে।

বৰ্তমানেও ১,৪৪,০০০ জনৰ কিছুমান সদস্যই পৃথিৱীত জীয়াই আছে। উদাহৰণস্বৰূপে, ২০০২ চনৰ যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা ১,৫০,০০,০০০ লোকৰ ভিতৰত কেৱল ৮,৭৬০ জনে স্বৰ্গীয় জীৱনলৈ নিৰ্ব্বাচিত হোৱা বুলি প্ৰমাণ দিলে। যিসকলে এই বাকী থকা লোকসমূহৰ ওপৰত আক্ৰমণ কৰে, প্ৰকৃততে তেওঁলোকে পোনপটীয়াকৈ ঈশ্বৰৰ ৰাজ্যকহে আক্ৰমণ কৰে।—প্ৰকাশিত বাক্য ১২:১৭.

ৰজাজনে সম্পূৰ্ণকৈ জয় লাভ কৰিছে

৬. যিহোৱা আৰু যীচুৱে নিজৰ লোকসকলৰ ওপৰত হোৱা অত্যাচাৰক কেনে দৃষ্টিৰে চায়?

যিহোৱাৰ স্থাপিত ৰাজ্যৰ বিৰুদ্ধে থিয় হোৱাবিলাকৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এনেদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “স্বৰ্গৰ সিংহাসনত বহি থাকোঁতা জনাই হাঁহিছে; [যিহোৱাই, NW] তেওঁবিলাকক বিদ্ৰূপ কৰিছে। শেষত তেওঁ তেওঁবিলাকৰ আগত কোপেৰে কথা কৈছে; আৰু তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল কৰিছে। ‘ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ।’” (গীতমালা ২:৪-৬) এতিয়া যিহোৱাৰ নিৰ্দ্দেশনাত যীচুৱে “জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই” যোৱাৰ সময় কাষ চাপিছেহি। (প্ৰকাশিত বাক্য ৬:২) অন্তিম জয় লাভ কৰাৰ সময়ছোৱাত যিহোৱাই তেওঁৰ লোকসকলৰ ওপৰত চলা আক্ৰমণৰ প্ৰতি কেনে দৃষ্টি দিয়ে? এই আক্ৰমণক তেওঁ আৰু তেওঁৰ নিযুক্ত ৰজাজনৰ ওপৰত হোৱা আক্ৰমণ বুলি দৃষ্টি কৰে, যাৰ বিষয়ে এনেদৰে কৈছে: “যি জনে তোমালোকক স্পৰ্শ কৰে, সেই জনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।” (জখৰিয়া ২:৮) এই বিষয়ে যীচুৱে জোৰ দি কৈছিল যে অভিষিক্ত লোকসকলৰ মাজৰ এজনলৈকো যি কৰে তাক তেওঁলৈহে কৰে।—মথি ২৫:৪০, ৪৫.

৭. প্ৰকাশিত বাক্য ৭:৯ পদত বৰ্ণনা কৰা ‘বৰ লোকসমূহে’ কিহৰ বাবে গোগৰ ক্ৰোধৰ পাত্ৰ হৈছে?

যিসকলে সম্পূৰ্ণ মনেৰে অভিষিক্ত বৰ্গৰ পক্ষে থিয় দিছে, তেওঁলোকে অৱশ্যেই মাগোগদেশীয় গোগৰ ক্ৰোধৰ পাত্ৰ হʼব। “নতুন পৃথিবীৰ” আশা থকা সদস্যসকল হৈছে “সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ” পৰা অহা “এক বৰ লোকসমূহ।” (প্ৰকাশিত বাক্য ৭:৯) তেওঁলোকক “বগা বস্ত্ৰ পিন্ধা, . . . সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে” বুলি কোৱা হৈছে। তেওঁলোকে বগা বস্ত্ৰ পৰিধান কৰাৰ বাবে ঈশ্বৰ আৰু প্ৰভু যীচুৰ আগত থিয় হʼবলৈ অনুমোদন লাভ কৰিছে। তেওঁলোকে যীচু অৰ্থাৎ ‘মেৰ পোৱালিৰ’ শাসনৰ দ্বাৰা প্ৰকাশ পোৱা যিহোৱাৰ আধিপত্যক ‘খেজুৰ পাত হাতত’ লৈ জয় জয়কাৰ কৰিছে।—যোহন ১:২৯, ৩৬.

৮. গোগৰ আক্ৰমণত যীচুৱে কেনে পদক্ষেপ লʼব আৰু ইয়াৰ কেনে পৰিণাম হʼব?

গোগে কৰা আক্ৰমণৰ বিৰুদ্ধে ঈশ্বৰৰ দ্বাৰা মনোনীত হোৱা ৰজাজনে উচিত পদক্ষেপ লʼব আৰু হৰমাগিদোন নামৰ যুদ্ধত সেই সকলোকে অন্ত কৰিব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) যিহোৱাৰ আধিপত্যৰ অধীন নোহোৱা সকল ধ্বংসৰ সম্মুখীন হʼব। আনহাতে, যিসকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি আনুগত্য বজাই ৰখাৰ বাবে কঠিন তাড়না বা পৰীক্ষাৰ সম্মুখীন হʼল, তেওঁলোকে চিৰস্থায়ী উপশম লাভ কৰিব। এই সন্দৰ্ভে পাঁচনি পৌলে কৈছিল: “ঈশ্বৰৰ যি ৰাজ্যৰ নিমিত্তে তোমালোকে দুখভোগ কৰি আছা, তোমালোক সেই ৰাজ্যৰ যোগ্যপাত্ৰ বুলি ঈশ্বৰে যি ন্যায় বিচাৰ কৰিব, তাৰ লক্ষণ সেই ধৈৰ্য্য আৰু বিশ্বাস; কিয়নো যি সময়ত প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দুতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ, ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, সেই সময়ত প্ৰতিফলস্বৰূপে, তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ, আৰু ক্লেশ পোৱা যি তোমালোক, তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই, ঈশ্বৰে দেখাতে ন্যায় কাৰ্য্য।”—২ থিচলনীকীয়া ১:৫-৮.

৯, ১০. (ক) যিহোৱাই যিহূদাক কেনেকৈ শক্তিশালী শত্ৰুৰ ওপৰত জয় লাভ কৰাইছিল? (খ) আজি খ্ৰীষ্টানসকলে নিৰন্তৰে কি কৰি থকা উচিত?

হৰমাগিদোনৰ সময়ত হোৱা মহা-ক্লেশত যীচুৱে সকলো দুষ্টতাৰ অহিতে কাৰ্য্য কৰিব। যিদৰে আজি দুই হাজাৰ বছৰৰ পূৰ্ব্বেই যিহূদাৰ দুই জাতিক যুদ্ধ কৰাৰ আৱশ্যক নাছিল, ঠিক সেইদৰে এই যুদ্ধতো তেওঁৰ শিষ্যসকলে ভাগ লোৱাৰ কোনো আৱশ্যক নাই। সেই যুদ্ধ কেৱল যিহোৱাৰহে আছিল আৰু তেওঁ জয়ী হৈছিল। এই সন্দৰ্ভে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তানবিলাকৰ, আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকবিলাকৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকাবিলাকক নিযুক্ত কৰিলে; তাতে সিহঁত ঘাটিল। কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তানবিলাকে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীবিলাকৰ বিৰুদ্ধে উঠিল; আৰু সিহঁতে চেয়ীৰ-নিবাসীবিলাকক সংহাৰ কৰাৰ পাছত, নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে। পাছে যিহূদাৰ লোকবিলাকে অৰণ্যৰ প্ৰহৰী-দুৰ্গলৈ গৈ, তাৰ পৰা সেই লোকসমুহৰ ফাললে মুখ ঘুৰাই চাই দেখিলে, যে, সিহঁত মৰা শ হৈ মাটিত পৰি আছে, ৰক্ষা পোৱা এজনো নাই।”—২ বংশাৱলি ২০:২২-২৪.

১০ এইটো একেবাৰে যিহোৱাই ভৱিষ্যতবাণী কৰাৰ দৰে ঘটিল, যʼত এইদৰে কোৱা হৈছিল: “এই যুদ্ধত তোমালোকে যুদ্ধ কৰিব নালাগিব।” (২ বংশাৱলি ২০:১৭) সেই একেই আৰ্হিক অনুকৰণ কৰি প্ৰকৃত খ্ৰীষ্টানসকলেও কৰা উচিত যেতিয়া যীচুৱে “জয় কৰি কৰি” ওলাই যায়। তেতিয়ালৈকে তেওঁলোকে শাৰীৰিক অস্ত্ৰ-শস্ত্ৰেৰে নহয় কিন্তু আধ্যাত্মিক অস্ত্ৰৰে দুষ্টতাৰ বিৰুদ্ধে যুঁজ কৰি থাকিব। এইদৰে তেওঁলোকে “সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয়” কৰিছে।—ৰোমীয়া ৬:১৩; ১২:১৭-২১; ১৩:১২; ২ কৰিন্থীয়া ১০:৩-৫.

গোগৰ আক্ৰমণৰ অধিনায়ক কোন হʼব?

১১. (ক) মাগোগদেশীয় গোগে নিজৰ কাৰ্য্য সম্পন্ন কৰিবলৈ কেনে প্ৰতিনিধিবিলাকক ব্যৱহাৰ কৰিছে? (খ) আধ্যাত্মিকভাৱে সচেতন হোৱাত কি জড়িত আছে?

১১ যিহেতু ১৯১৪ চনৰ পৰাই মাগোগদেশীয় গোগৰ স্থান চয়তানে লৈ আহিছে। আত্মিক প্ৰাণী হোৱাৰ বাবে সি পোনপটীয়াকৈ ঈশ্বৰৰ সেৱকসকলক আক্ৰমণ কৰিব নোৱাৰে। গতিকে সি মানৱ প্ৰতিনিধিবিলাকক তাৰ কাৰ্য্যবোৰ সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰিছে। সেই মানৱ প্ৰতিনিধিবিলাক কোন? যদিও এই বিষয়ে বাইবেলে আমাক ব্যাপকভাৱে বুজাই দিয়া নাই তথাপিও তেওঁলোকক চিনি পাবলৈ কিছুমান চিহ্ন দিছে। যেনেকৈ ভৱিষ্যতবাণীৰ অনুসাৰে জগতত ঘটনাবোৰ ঘটিবলৈ আৰম্ভ হʼব তেনেকৈ আমি সেই বিষয়ে অধিক স্পষ্টকৈ জানিবলৈ পাৰিম। যদিও যিহোৱাৰ লোকসকলে সেই বিষয়ে কোনো অনুমান নলগায় তথাপিও তেওঁলোকে আধ্যাত্মিকভাৱে সচেতন হৈ থাকে আৰু জানে যে সেইবোৰ হৈছে ৰাজনৈতিক শক্তি আৰু ধৰ্ম্মীয়ভাৱে হোৱা ঘটনাসমূহ, যি বাইবেল ভৱিষ্যতবাণীৰ অনুসাৰে পূৰ্ণ হৈছে।

১২, ১৩. শেষবাৰৰ বাবে ঈশ্বৰৰ লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে ভৱিষ্যতবক্তা দানিয়েলে কেনেকৈ বৰ্ণনা কৰিলে?

১২ শেষবাৰৰ বাবে ঈশ্বৰৰ লোকসকলৰ ওপৰত চলোৱা আক্ৰমণৰ সম্বন্ধে ভৱিষ্যতবক্তা দানিয়েলে এনেদৰে বৰ্ণনা কৰি কৈছিল: “পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁৰ মনত দুখ দিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে যাত্ৰা কৰিব। সমুদ্ৰ আৰু পবিত্ৰ গিৰিৰত্নৰ মাজ ঠাইত তেওঁ নিজৰ ৰাজতম্বু তৰিব।”—দানিয়েল ১১:৪৪, ৪৫.

১৩ বাইবেলত উল্লেখ কৰা “মহা-সমুদ্ৰ” উক্তিটোৰ অৰ্থ আছিল মহা সাগৰ বা ভূমধ্যসাগৰ আৰু “পবিত্ৰ পৰ্ব্বত” চিয়োনক চিহ্নিত কৰিছিল যাৰ বিষয়ে যিহোৱাই এনেদৰে কৈছে: “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ।” (গীতমালা ২:৬; যিহোচূৱা ১:৪) আধ্যাত্মিক অৰ্থত “সমুদ্ৰ আৰু পবিত্ৰ গিৰিৰত্নৰ মাজ” ঠাইখনে অভিষিক্ত ব্যক্তিসকলৰ সমৃদ্ধিশালী আধ্যাত্মিক অৱস্থাক বুজাইছে। তেওঁলোকে ঈশ্বৰৰ পৰা আঁতৰ হোৱা মানুহৰ সমুদ্ৰৰ পৰা পৃথক হʼল আৰু যীচুৰ সৈতে স্বৰ্গত সহশাসক হোৱা আশা ৰাখিছে। এইটো স্পষ্টকৈ দেখা গʼল যে দানিয়েলৰ ভৱিষ্যতবাণীৰ অনুসাৰে ঈশ্বৰৰ অভিষিক্তি ব্যক্তি আৰু বৰ লোকসমূহৰ পৰা অহা তেওঁলোকৰ আনুগত্য সমৰ্থনকাৰী, এই উভয়ে উত্তৰ দিশৰ ৰজাৰ আক্ৰমণৰ সম্মুখীন হʼব।—যিচয়া ৫৭:২০; ইব্ৰী ১২:২২; প্ৰকাশিত বাক্য ১৪:১.

ঈশ্বৰৰ লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাব?

১৪. ঈশ্বৰৰ লোকসকলে আক্ৰমণৰ সময়ত কেনে তিনিটা পদক্ষেপ লʼব?

১৪ আক্ৰমণৰ সময়ত ঈশ্বৰৰ সেৱকসকলে কেনে পদক্ষেপ লʼব বুলি আশা কৰা হৈছে? এই সম্পৰ্কে যিহোচাফটৰ দিনত ঈশ্বৰৰ নিৰ্ব্বাচিত জাতিয়ে কি কৰিছিল, তাক অনুকৰণ কৰাটো উত্তম হʼব। লক্ষ্য কৰক যে তাৰ বাসিন্দাসকলক এই তিনিটা আজ্ঞা পালন কৰিবলৈ কোৱা হৈছিল: (১) তেওঁলোকে শাৰী হোৱা (২) থিয় দি থকা আৰু (৩) যিহোৱাই কৰা নিস্তাৰ কাৰ্য্যক চোৱা। এই বাক্যশাৰীৰ সামঞ্জস্যত বৰ্তমান সময়ত থকা ঈশ্বৰৰ লোকসকলে কেনে কাৰ্য্য কৰিব?—২ বংশাৱলি ২০:১৭.

১৫. ঈশ্বৰৰ লোকসকলে শাৰী হৈ থকাৰ অৰ্থ কি?

১৫ তেওঁলোকে শাৰী হোৱা: ঈশ্বৰৰ লোকসকলে অস্থিৰমনা নহৈ ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক উৎসাহেৰে সমৰ্থন কৰি থাকিব। তেওঁলোকে খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰাখি শাৰী হৈ থাকিব। যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ একনিষ্ঠা সেৱা “থিৰ আৰু অলৰ হৈ” থাকিব আৰু তেওঁৰ প্ৰেমময়-দয়াৰ বিষয়ে সকলোৰে আগত প্ৰশংসা কৰিব। (১ কৰিন্থীয়া ১৫:৫৮; গীতমালা ১১৮:২৮, ২৯) বৰ্তমান বা ভৱিষ্যতে হোৱা কোনো ধৰণৰ হেঁচাই তেওঁলোকক ঈশ্বৰীয় অনুমোদিত স্থানৰ পৰা বিচলিত কৰিব নোৱাৰে।

১৬. ঈশ্বৰৰ লোকসকলে কি অৰ্থত থিয় দি আছে?

১৬ থিয় দি থকা: ঈশ্বৰৰ লোকসকলে নিজকে ৰক্ষা কৰিবলৈ আন কাকো ভাৰসা নকৰে, কিন্তু সম্পূৰ্ণৰূপে যিহোৱাতহে ভাৰসা ৰাখে। একমাত্ৰ তেওঁৰহে নিজৰ সেৱকসকলক ৰক্ষা কৰিবৰ সামৰ্থ আছে আৰু তাক কৰিবলৈ আশ্বাসো প্ৰদান কৰিছে। (যিচয়া ৪৩:১০, ১১; ৫৪:১৫; বিলাপ ৩:২৬) যিহোৱাত ভাৰসা কৰাৰ উপৰিও তেওঁৰ পাৰ্থিৱ সংগঠনত ভাৰসা ৰখা আৱশ্যক, যাক তেওঁ নিজৰ উদ্দেশ্যৰ বাবে বহু সময় পৰা ব্যৱহাৰ কৰি আহিছে। গতিকে প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱা আৰু নিযুক্তি ৰজা যীচুৰ দ্বাৰা অনুমোদিত সঙ্গী বিশ্বাসী বিলাকৰ ওপৰতো ভাৰসা কৰা প্ৰয়োজন। কিয়নো এই বিশ্বাসী ব্যক্তিসকলে ঈশ্বৰৰ লোকসমূহক পৰিচালনা কৰে। তেওঁলোকে দিয়া নিৰ্দ্দেশনা আওকাণ কৰাৰ অৰ্থ হৈছে জীৱনলৈ ধ্বংস মাতি অনা।—মথি ২৪:৪৫-৪৭; ইব্ৰী ১৩:৭, ১৭.

১৭. ঈশ্বৰৰ লোকসকলে কিয় যিহোৱাই কৰা নিস্তাৰ কাৰ্য্যক চাব পাৰিব?

১৭ যিহোৱাই কৰা নিস্তাৰ কাৰ্য্যক চোৱা: যিসকল খ্ৰীষ্টান ব্যক্তিয়ে নিষ্ঠা বজাই ৰাখি যিহোৱাত ভাৰসা কৰে তেওঁলোক সকলোৱে পুৰস্কাৰ লাভ কৰিব।। শেষবাৰৰ বাবে যিমানলৈকে পাৰে সিমালৈকে তেওঁলোকে যিহোৱাৰ আহিবলগা সোধ-বিচাৰৰ বিষয়ে ঘোষণা কৰিব। কিয়নো পৃথিৱীৰ সমূদায় সৃষ্টিয়ে জানিব লাগিব যে একমাত্ৰ যিহোৱাই হৈছে সত্য ঈশ্বৰ আৰু তেওঁৰ বিশ্বাসী দাসবিলাকো আছে। পুনৰাই আৰু কেতিয়াও যিহোৱাৰ আধিপত্যক লৈ কোনো বাদ-বিবাদ সৃষ্টি নহʼব।—যিহিষ্কেল ৩৩:৩৩; ৩৬:২৩.

১৮, ১৯. (ক) যাত্ৰাপুস্তক ১৫ অধ্যায়ত উল্লেখ কৰা বিজয় ধ্বনিৰ গীতটোৱে কেনেকৈ গোগৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ অনুভূতিৰ বিষয়ে প্ৰকাশ কৰিছে? (খ) ঈশ্বৰৰ লোকসকলে বৰ্তমান কি কৰাটো উপযুক্ত হʼব?

১৮ ঈশ্বৰৰ লোকসকলে পুনৰ সজীৱ হৈ নতুন পৃথিৱীত প্ৰৱেশ আৰু চূফ সাগৰত উদ্ধাৰ পোৱাৰ পিছত ইস্ৰায়েলসকলে কৰাৰ দৰে তেওঁলোকে আগ্ৰহেৰে বিজয় ধ্বনিৰ গীত গাব। তেওঁলোকে ব্যক্তিগত বা সমূহ হিচাবে যিহোৱাৰ সুৰক্ষাৰ লাভ কৰাৰ বাবে অতীতত কোৱা এই বাক্যশাৰীক দোহাৰিব: “মই যিহোৱাৰ উদ্দেশে গান কৰিম। . . . যিহোৱা পৰাক্ৰমী যুজাৰু;  . . তোমাৰ সোঁ হাত পৰাক্ৰমত মহিমান্বিত হল; হে যিহোৱা, তোমাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে। তুমি নিজ প্ৰচুৰ মহিমাৰে তোমাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিছা; তুমি পঠোৱা নিজ ক্ৰোধাগ্নিয়ে সিঁহতক নৰাৰ দৰে ভস্ম কৰিছে।  . . তুমি উদ্ধাৰ কৰা লোকবিলাকক নিজ দয়াৰে চলাইছা; তুমি নিজ পৰাক্ৰমেৰেই সিবিলাকক তোমাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছা। . . . নিজ হাতেৰে নিৰ্ম্মাণ কৰিলা, তুমি অধিকাৰ কৰা সেই পৰ্ব্বতলৈ তেওঁবিলাকক নি তাত ৰুবাগৈ। যিহোৱাই যুগে যুগে অনন্ত কাল ৰাজত্ব কৰিব।”—যাত্ৰাপুস্তক ১৫:১-১৯.

১৯ চিৰকালে জীয়াই থকা আশা আগতকৈ অধিক উজ্জ্বল হৈ পৰিল। গতিকে যিহোৱাৰ প্ৰতি থকা একান্ত ভক্তি আৰু তেওঁক চিৰস্থায়ী ৰজাৰূপে সেৱা কৰিবলৈ লোৱা সিদ্ধান্তক পুনৰাই দৃঢ় কৰি তুলাৰ এইটোৱে হৈছে ঈশ্বৰৰ সেৱকসকলৰ বাবে এক উপযুক্ত সময়!—১ বংশাৱলি ২৯:১১-১৩. (w03 6/1)

আপুনি উত্তৰ দিব পাৰিবনে?

• গোগে অভিষিক্ত আৰু অন্য মেৰৰবৰ্গৰ সদস্যসকলৰ অহিতে কিয় আক্ৰমণ কৰিব?

• ঈশ্বৰৰ লোকসকলে কেনেকৈ শাৰী হৈ থাকিব?

• থিয় দি থকাৰ অৰ্থ কি?

• ঈশ্বৰৰ লোকসকলে কেনেকৈ যিহোৱাই কৰা নিস্তাৰ কাৰ্য্যক চাব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ ছবি]

যিহোচাফট আৰু তেওঁৰ লোকসকলক যিহোৱাই বিনাযুদ্ধই বিজয়ী কৰালে

[১৬ পৃষ্ঠাৰ ছবি]

অভিষিক্ত আৰু অন্য মেৰবৰ্গৰ সদস্য এই উভয়ে যিহোৱাৰ আধিপত্যক প্ৰতিপন্ন কৰিছে

[১৮ পৃষ্ঠাৰ ছবি]

অতি শীঘ্ৰেই প্ৰাচীনকালৰ ইস্ৰায়েলৰ নিচিনাকৈ ঈশ্বৰৰ লোকসকলেও বিজয় ধ্বনিৰ গীত গাব