“ঈশ্বৰ প্ৰেম”
“ঈশ্বৰ প্ৰেম”
“যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰ প্ৰেম।”—১ যোহন ৪:৮.
১-৩. (ক) যিহোৱাৰ প্ৰেমৰ বিষয়ে বাইবেলে কেনে বিবৃতি দাঙি ধৰিছে আৰু সেই বিবৃতি কিয় অতুলনীয়? (খ) বাইবেলত কিয় “ঈশ্বৰ প্ৰেম” বুলি উল্লেখ কৰিছে?
যিহোৱাৰ সকলোবোৰ গুণ উত্তম, শুদ্ধ আৰু আকৰ্ষণীয়। কিন্তু এই সকলোবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ গুণটো হৈছে প্ৰেম। এই গুণটোৱে আমাক তেওঁৰ কাষ চপাত অধিক সহায় কৰে। প্ৰকৃততে প্ৰেম হৈছে তেওঁৰ প্ৰমুখ গুণ। সেইটো আমি কেনেকৈ কʼব পাৰোঁ?
২ বাইবেলে যিহোৱাৰ আন গুণবোৰতকৈ প্ৰেমৰ বিষয়েহে অধিককৈ উল্লেখ কৰিছে। শাস্ত্ৰীয় পদবোৰে ঈশ্বৰ শক্তিশালী, ন্যায়ী বা জ্ঞানী বুলি কোৱা নাই। কিয়নো তেওঁ হৈছে সেই গুণবোৰৰ অধিকাৰী আৰু উৎস। প্ৰেম তেওঁৰ মহান গুণ যাৰ বিষয়ে ১ যোহন ৪:৮ পদত এইদৰে কৈছে: “কিয়নো ঈশ্বৰ প্ৰেম।” বাস্তৱতে প্ৰেম হৈছে তেওঁৰ ব্যক্তিত্বৰ এটা প্ৰমুখ গুণ। ই তেওঁৰ চৰিত্ৰত গভীৰভাৱে সন্মিলিত হৈ আছে। সাধাৰণভাৱে কʼবলৈ হʼলে আমি হয়তো এনেদৰে বিবেচনা কৰিব পাৰোঁ: যিহোৱাৰ পৰাক্ৰমেই তেওঁক কাৰ্য্য কৰিবলৈ সক্ষম কৰে। ন্যায়-বিচাৰ আৰু জ্ঞানে তেওঁক কাৰ্য্য কৰিবলৈ পৰিচালিত কৰে। কিন্তু কেৱল প্ৰেমেহে যিহোৱা ঈশ্বৰক কাৰ্য্য কৰিবলৈ প্ৰেৰণা দিয়ে। তেওঁ অন্য গুণবোৰ প্ৰদৰ্শিত কৰাৰ ক্ষেত্ৰতো প্ৰেম দেখিবলৈ পোৱা যায়।
৩ বাইবেলত বাৰম্বাৰভাৱে কোৱা হৈছে যে প্ৰেম হৈছে তেওঁৰ ব্যক্তিত্বৰ প্ৰমুখ গুণ। যদি আমি এই প্ৰেমৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ তেন্তে নিশ্চই যিহোৱাৰ বিষয়ে জ্ঞান লোৱা আৱশ্যক। তেন্তে আঁহক আমি যিহোৱাৰ এই অতুলনীয় প্ৰেমৰ সম্বন্ধে থকা কিছুমান বিষয়ক পৰীক্ষা কৰোঁহঁক।
প্ৰেমৰে কৰা এক মহান কাৰ্য্য
৪, ৫. (ক) ইতিহাসত কাহানিও দেখিবলৈ নোপোৱা প্ৰেমৰ সকলোতকৈ মহান কাৰ্য্য কি? (খ) আমি কিয় এনেদৰে কʼব পাৰোঁ যে যিহোৱা আৰু তেওঁৰ পুত্ৰৰ মাজত প্ৰেমৰ এক গভীৰ সম্বন্ধ আছে?
৪ যিহোৱাই সকলো প্ৰকাৰে প্ৰকাশ কৰা প্ৰেমৰ ভিতৰত এটা পদ্ধতি আটাইতকৈ বিৰল আছিল। সেই পদ্ধতিটো কি? সেইয়া হৈছে তেওঁৰ একমাত্ৰ পুত্ৰক আমাৰ পাপৰ নিমিত্তে প্ৰাণ আহুতি দিবলৈ পঠোৱা। ইতিহাসত কাহানিও এনেধৰণৰ প্ৰেম দেখিবলৈ পোৱা নাযায় বুলি কোৱাটো ভুল নহʼব। আমি কিয় তেনেদৰে কʼব পাৰোঁ?
৫ বাইবেলত যীচুক “গোটেই সৃষ্টিৰ প্ৰথমজাত” বুলি কৈছে। (কলচীয়া ১:১৫) কল্পনা কৰক যে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ আগৰে পৰা যীচু অস্তিত্বত আছিল। তেন্তে কিমান সময়ৰ পৰা পিতৃ আৰু পুত্ৰ একেলগে আছিল? কিছুমান বৈজ্ঞানিকৰ মতে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ১,৩০০ কোটি বছৰৰ পূৰ্ব্বেই হৈছিল। যদি এই অনুমান সঠিক বুলি ধৰা হয় তেন্তে যীচুৰ বয়সৰ বিষয়ে হিচাপ লগোৱাটো কোনো কঠিন কাৰ্য্য নহʼব! ইমান বছৰলৈকে তেওঁ কি কৰিছিল? তেওঁ আনন্দেৰে যিহোৱাৰ সৈতে “প্ৰধান কাৰ্য্যকাৰিণী” হিচাবে কাৰ্য্য কৰিছিল। (হিতোপদেশ ৮:৩০; যোহন ১:৩) আকাশ-মণ্ডল আৰু পৃথিৱীত থকা বস্তুবোৰক অস্তিত্বৱান কৰিবলৈ যিহোৱা আৰু তেওঁৰ পুত্ৰই একলগ হৈ কাৰ্য্য কৰিছিল। তেওঁলোকৰ বাবে ই কিযে এক ৰোমাঞ্চক সময় আছিল! কোটি কোটি বছৰ ধৰি থকা তেওঁলোকৰ সম্বন্ধৰ বিষয়ে আমাৰ কোনোবাই বুজিব পাৰিবনে? সঁচাকৈ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ মাজত প্ৰেমৰ এক গভীৰ সম্বন্ধ আছে।
৬. যীচুৱে বাপ্তিষ্মা লোৱাৰ সময়ত যিহোৱাই তেওঁৰ প্ৰতি থকা অনুভূতিক কেনেকৈ প্ৰকাশ কৰিলে?
৬ তথাপিও নিজৰ পৰা পৃথক কৰি যিহোৱাই তেওঁৰ পুত্ৰক এই পৃথিৱীত মানৱৰূপে জন্ম গ্ৰহণ কৰিবলৈ পঠিয়ালে। যাৰ অৰ্থ আছিল তেওঁক প্ৰায় তিনি দশক লৈকে নিজৰ পৰা পৃথকে ৰাখা। ঈশ্বৰে স্বৰ্গৰ পৰা অতি আগ্ৰহকতাৰে যীচুৱে সিদ্ধ মানৱৰূপে ডাঙৰ-দীঘল হোৱাক লক্ষ্য কৰিছিল। প্ৰায় ৩০ বছৰ বয়সত যীচুৱে বাপ্তিষ্মা লয়। সেই উপলক্ষ্যত এইদৰে আকাশী বাণী হৈছিল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।” (মথি ৩:১৭) যেতিয়া যীচুৰ সম্বন্ধে কৰা সকলোবোৰ ভৱিষ্যতবাণী ঠিকমতে পূৰ্ণ হোৱা দেখিছিল তেতিয়া তেওঁ কিমান যে আনন্দিত হৈছিল!—যোহন ৫:৩৬; ১৭:৪.
৭, ৮. (ক) সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে যীচুৰ সৈতে কি ঘটিছিল আৰু ইয়াৰ প্ৰতি যিহোৱাই কেনে অনুভৱ কৰিছিল? (খ) যিহোৱাই নিজ পুত্ৰক কিয় যান্ত্ৰণা ভুগী মৃত্যু হʼবলৈ অনুমতি দিলে?
৭ যেতিয়া সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে যীচুক ছল কৰি আটক কৰা হয় তেতিয়া যিহোৱাই কেনে অনুভৱ কৰিছিল? তদুপৰি তেওঁক ঠাট্টা কৰা, মুখত থূই পেলোৱা, ঘোচা মাৰা, চাবোকেৰে কোবোৱা আৰু কাঠত ওলোমাই হাতে-ভৰিয়ে গজাল মৰাৰ সময়ত তেওঁৰ পিতৃ যিহোৱাই কেনে অনুভৱ কৰিছিল? তেওঁৰ পুত্ৰই যেতিয়া অতিশয় বেদনাত চিঞৰি উঠিছিল তেতিয়া যিহোৱাই কেনে অনুভৱ কৰিছিল? অৱশেষত যেতিয়া যীচুৱে শেষ নিশ্বাস ত্যাগ কৰে তেতিয়া যিহোৱাই কেনে অনুভৱ কৰিছিল?
৮ নিজৰ পুত্ৰৰ মৃত্যুত তেওঁ যি যান্ত্ৰণা অনুভৱ কৰিছিল তাক ব্যাখ্যা কৰিবলৈ আমাৰ ওচৰত কোনো ভাষা নাই। তথাপিও তেওঁক কিয় এনেদৰে হʼবলৈ অনুমতি দিলে তাৰ বিষয়ে জানিব পাৰোঁ। যেনে, যীচুত তেনেদৰে ঘটিবলৈ অনুমতি দি কিয় তেওঁ নিজেই তেনে দুখৰ সম্মুখীন হʼল? এই বিষয়ে যিহোৱাই আমাক যোহন ৩:১৬ পদত কৈছে, যিটো ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াক পাঁচনিবিলাকে লিখা কিতাপৰ এটা সৰু অংশ হিচাবে জনা যায়। ইয়াত এনেদৰে কোৱা হৈছে: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” গতিকে প্ৰেমেহে ঈশ্বৰক তেনে পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰিলে। এনেধৰণৰ মহান প্ৰেম আজিলৈকে কোনেও প্ৰকাশ কৰা নাই।
যিহোৱাই কেনেকৈ আমাক তেওঁৰ প্ৰেমৰ আশ্বাস দিছে
৯. যিহোৱাই আমাৰ প্ৰতি বিৰুদ্ধাত্মক দৃষ্টি ৰাখে বুলি চয়তানে কেনেকৈ প্ৰত্যয় জন্মাব বিচাৰে আৰু ইয়াৰ বিপৰীতে যিহোৱাই আমাক কেনে আশ্বাস প্ৰদান কৰিছে?
৯ যিয়েই নহওঁক, এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উদয় হৈছে: ঈশ্বৰে আমাক ব্যক্তিগতভাৱে প্ৰেম কৰেনে? কিছুমানে হয়তো যোহন ৩:১৬ পদত যিহোৱাই সকলো মানৱজাতিক প্ৰেম কৰে বুলি কোৱা কথাষাৰৰ সৈতে সন্মত হʼব পাৰে। কিন্তু ‘ঈশ্বৰে ব্যক্তিগতভাৱে মোক প্ৰেম নকৰে’ বুলি তেওঁলোকে ভাবিব পাৰে। দৰাচলতে চয়তানে আমাৰ মনত এনে বিচাৰধাৰা সুমুৱাই দিব পাৰে যে যিহোৱাই আমাক প্ৰেম নকৰে আৰু আমাৰ প্ৰতি মূল্যাঙ্কনো নকৰে। এইটো মনত ৰখা উচিত যে আমি যিমানেই নিজকে অযোগ্য বুলি নাভাবো কিয়, যিহোৱাৰ দৃষ্টিত তেওঁৰ প্ৰত্যেকজন বিশ্বাসী সেৱকেই মূল্যৱান।
১০, ১১. যীচুৱে ঘৰ-চিৰিকাৰ দৃষ্টান্তৰ যোগেদি কেনেকৈ দেখুৱাইছে যে আমি যিহোৱাৰ দৃষ্টিত বহুমূল্য?
১০ উদাহৰণস্বৰূপে, মথি ১০:২৯-৩১ পদত উদ্ধৃত কৰা যীচুৰ বাক্যবোৰক বিবেচনা কৰক। শিষ্যসকল যে যিহোৱাৰ দৃষ্টিত বহুমূল্য তাক বুজাবলৈ যীচুৱে এইদৰে কৈছিল: “দুটা ঘৰ-চিৰিকা এপইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মুৰৰ আটাইবোৰ চুলিও গণা হৈছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।” প্ৰথম শতিকাৰ লোকসকলৰ বাবে সেই বাক্যশাৰীয়ে কেনে অৰ্থ ৰাখিছিল, তাৰ বিষয়ে বিবেচনা কৰক।
১১ যীচুৰ সময়ত ঘৰ-চিৰিকাক মাংসৰ বাবে নিচেই কম দামত অৰ্থাৎ এপইচাত দুটা ঘৰ-চিৰিকা বেচা হৈছিল। কিন্তু পিছলৈ যীচুৱে লূক ১২:৬, ৭ পদৰ অনুসাৰে কৈছিল যে যদি এজন ব্যক্তিয়ে দুই পইছা খৰচ কৰে তেন্তে তেওঁ চাৰিটা নহয় কিন্তু পাঁচটা ঘৰ-চিৰিকা পাব। ইয়াৰ অৰ্থ আছিল বিনামূল্যেই এটা অতিৰিক্ত ঘৰ-চিৰিকা লাভ কৰা। মানৱীয় দৃষ্টিত হয়তো সেই ঘৰ-চিৰিকাৰ কোনো মূল্য নাছিল কিন্তু সেইবিলাকৰ প্ৰতি সৃষ্টিকৰ্ত্তাই কেনে দৃষ্টি ৰাখিছিল? এই বিষয়ে যীচুৱে এনেদৰে কৈছিল: “সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰি নাযায়।” এতিয়া হয়তো আমি যীচুৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰিব পাৰোঁ। যদি যিহোৱাই এটি সামান্য ঘৰ-চিৰিকাক বহুমূলীয়া হিচাবে দৃষ্টি কৰে তেন্তে এজন মানুহৰ মূল্য কিমান যে অধিক হʼব! যীচুৱে কোৱাৰ মতে যিহোৱাই আমাৰ বিষয়ে সকলোবোৰ জানে। আনকি তেওঁ আমাৰ মূৰৰ আটাইবোৰ চুলিৰ সংখ্যাও জানে!
১২. আমাৰ মূৰত থকা চুলিকো গণনা কৰা হয় বুলি কোৱা যীচুৰ কথাষাৰৰ পৰা আমি কেনে আশ্বাস পাব পাৰোঁ?
১২ কিছুমানে হয়তো ভাবিব পাৰে যে যীচুৱে অতিৰঞ্জিত কৰি কৈছিল। খন্তেক সময়ৰ বাবে পুনৰুত্থানৰ বিষয়ে বিবেচনা কৰক। যিহোৱাই আমাক পুনৰ নিৰ্ম্মাণ কৰিবলৈ বিতংকৈ আমাৰ প্ৰত্যেকটো বিষয়ে কিমান ভালদৰে জানে! তেওঁৰ বাবে আমি ইমানেই বহুমূল্য যে আমাৰ প্ৰত্যেকটো বিষয়, যেনে, জটিল জেনেটিক কড আৰু আমাৰ মগজুত বছৰ ধৰি সংৰক্ষণ হৈ থকা স্মৰণশক্তি আৰু অভিজ্ঞতাৰ বিষয়েও মনত ৰাখে। সেয়েহে আমাৰ মূৰত থকা প্ৰায় ১ লাখ সংখ্যাৰ চুলিক গণনা কৰাটো তেওঁৰ বাবে এটা সাধাৰণ বিষয়। যিহোৱাই আমাক ব্যক্তিগতভাৱে চোৱা-চিতা কৰে বুলি যীচুৰ বাক্যবোৰে কিমান যে আশ্বাস দিয়ে!
১৩. যিহোচাফটৰ বৃত্তান্তই কেনেকৈ দেখুৱাইছে যে যিহোৱাই আমাৰ নিচিনা অসিদ্ধ মানৱত থকা উত্তম গুণক লক্ষ্য কৰে?
১৩ যিহোৱাৰ প্ৰেমৰ বিষয়ে আমাক আন এক প্ৰকাৰে আশ্বাস দিয়ে বুলিও বাইবেলে কৈছে আৰু সেইয়া হৈছে তেওঁ আমাত থকা উত্তম গুণবোৰক লক্ষ্য কৰে। উদাহৰণস্বৰূপে, যিহোচাফটৰ বিষয়ে বিবেচনা কৰক। যেতিয়া তেওঁ নিৰ্বোধৰ দৰে কাৰ্য্য কৰিছিল তেতিয়া যিহোৱাৰ ভাৱিষ্যতবক্তাই তেওঁক এইদৰে কৈছিল: “তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আছে।” ই কিযে যে এক গম্ভীৰ বিষয়! সেয়াই মাথোন যথেষ্ট নাছিল, কিয়নো আমি আগলৈ এনেদৰে পঢ়িবলৈ পাওঁ: “তোমাৰ কিছু সদ্ভাব পোৱা গল।” (২ বংশাৱলি ১৯:১-৩) গতিকে যিহোৱাই ক্ৰোধে যিহোচাফটত থকা “কিছু সদ্ভাব” চোৱাৰ পৰা বঞ্চিত কৰা নাছিল। আমি অসিদ্ধ মানৱ হোৱাৰ স্বত্বেও যিহোৱাই আমাৰ উত্তম গুণক লক্ষ্য কৰে বুলি জনাটো প্ৰত্যয়যুক্ত বিষয় নহয়নে বাৰু?
এজন “ক্ষমাৱান” ঈশ্বৰ
১৪. আমি পাপ কৰাৰ পিছত কেনে অনুভৱ কৰোঁ, কিন্তু যিহোৱাৰ ক্ষমাৰ পৰা লাভৱান হʼবলৈ আমি কি কৰা উচিত?
১৪ আমি পাপ কৰাৰ পিছত হয়তো নিজকে অপৰাধী, দোষী আৰু যিহোৱাৰ সেৱাৰ বাবে অযোগ্য বুলি অনুভৱ কৰিব পাৰোঁ। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা হৈছে “ক্ষমাৱান” ঈশ্বৰ। (গীতমালা ৮৬:৫) যদি আমি মনপালটন কৰি দুনাই তেনে পাপ নকৰিবলৈ নিৰ্ণয় লওঁ তেন্তে আমি যিহোৱাৰ পৰা ক্ষমা পাব পাৰিম। আঁহক আমি যিহোৱাৰ প্ৰেমৰ সম্বন্ধে এই মহান বৈশিষ্ট্যতাৰ বিষয়ে বাইবেলে কেনেকৈ বৰ্ণনা কৰিছে তাক বিবেচনা কৰোঁহঁক।
১৫. যিহোৱাই আমাৰ পাপসমূহ কিমানলৈকে দূৰ কৰে?
১৫ যিহোৱাৰ ক্ষমাৰ গুণটোক বৰ্ণনা কৰিবলৈ গীতমালা ৰচোঁতাজনে এক উল্লেখনীয় অভিব্যক্তিৰ ব্যৱহাৰ কৰিছিল। যʼত এনেদৰে কোৱা হৈছিল: “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।” (গীতমালা ১০৩:১২) পূবৰ পৰা পশ্চিমলৈ কিমান দূৰত্ব? পূব আৰু পশ্চিমৰ মাজত অনুমানিক দূৰত্ব আছে; এই দুয়ো দিশ কেতিয়াও কোনো এঠাইত আহি মিল খাব নোৱাৰে। এই অভিব্যক্তিৰ বিষয়ে এজন বিদ্ধানে এইদৰে কৈছে যে “যিমান সম্ভৱ; আমি যিমানলৈকে কল্পনা কৰিব পাৰোঁ।” ৰজা দায়ূদৰ এই প্ৰেৰিত বাক্যবোৰে কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ যিহোৱাই আমাৰ পাপসমূহ দূৰ কৰে।
১৬. যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰে তেতিয়া আমি নিজকে কিয় সম্পূৰ্ণকৈ পৰিষ্কাৰ হোৱা বুলি অনুভৱ কৰা উচিত?
১৬ আপুনি কেতিয়াবা পাতল ৰঙৰ পোছাকটোত লগা এটা দাগ বা চেকা গুচাবলৈ চেষ্টা কৰিছেনে? হয়তো আপুনি সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ স্বত্ত্বেও দাগটো গুচাব পৰা নাই। মন কৰিবলগীয়া এই যে যিহোৱাই কেনেকৈ তেওঁ ক্ষমা কৰাৰ বিষয়ে বৰ্ণনা কৰিছে। সেই বিষয়ে তেওঁ এইদৰে কৈছে: “তোমালোকৰ পাপবোৰ সিন্দূৰ বৰণীয়া হলেও, হিমৰ দৰে বগা কৰা হব; আৰু লাৰ নিচিনা ৰঙা হলেও, ভেৰাৰ নোমৰ দৰে হৈ পৰিব।” (যিচয়া ১:১৮) ইয়াত উল্লেখ কৰা “সিন্দূৰ বৰণীয়া” উক্তিটোৱে উজ্জ্বল ৰঙা বৰণীয়া ৰঙটোক বুজাইছে। * ‘লা’ বুলি কোৱা শব্দটোৱে ডাঠ ৰঙা ৰঙটোক বুজাইছে যাক ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। সেইদৰে আমি কেতিয়াও নিজৰ প্ৰচেষ্টাৰে পাপৰ ফলত লগা দাগ বা চেকাক গুচাব নোৱাৰোঁ। কিন্তু যিহোৱাই হʼলে সিন্দূৰ আৰু লা বৰণীয়া পাপকো হিম বা ভেৰাৰ নোমৰ দৰে বগা কৰিব পাৰে। গতিকে যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰে তেতিয়া গোটেই জীৱন তেনেধৰণৰ পাপত জীয়াই থাকিব লাগিব বুলি ভবা কোনো আৱশ্যক নাই।
১৭. যিহোৱাই কি অৰ্থত আমাৰ পাপবোৰ তেওঁৰ পিছলৈ দলিয়াই পেলায়?
১৭ এক ভয়াবহ ৰোগৰ পৰা ৰক্ষা পোৱা পিছত ৰজা হিষ্কিয়াই তেওঁ ৰচাঁ গীতটিত এনেদৰে প্ৰকাশ কৰিছিল: “তুমি মোৰ সকলো পাপ তোমাৰ পাছলৈ পেলালা।” (যিচয়া ৩৮:১৭) ইয়াত কোৱা হৈছে যে মনপালটন কৰা ব্যক্তিজনৰ পাপ যিহোৱাই তেওঁৰ পিছলৈ দলিয়াই পেলাই আৰু তাৰ প্ৰতি পুনৰাই লক্ষ্য নকৰে। এটা উদ্ধৃতিয়ে এইদৰে প্ৰকাশ কৰিছে: “তুমি [মোৰ পাপবোৰক] এনেকৈ মোহাৰিলা যেন ইয়াৰ কোনো অস্তিত্বই নাছিল।” ইয়াকে জানি আমি শান্ত্বনা অনুভৱ নকৰোঁনে বাৰু?
১৮. যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰে তেতিয়া তাক একেবাৰে মচি পেলাই বুলি ভৱিষ্যতবক্তা মীখাই কেনেকৈ দৰ্শাইছে?
১৮ পুনৰস্থাপিত কৰা প্ৰতিজ্ঞাত যিহোৱাই তেওঁৰ মনপালটন কৰা লোকসকলৰ পাপ ক্ষমা কৰিব বুলি ভৱিষ্যতবক্তা মীখাই দৃঢ়তাৰে বিশ্বাস কৰিছিল আৰু সেয়েহে তেওঁ এইদৰে কৈছিল: “তোমাৰ নিচিনা ঈশ্বৰ কোন আছে? তেওঁ দয়া ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে . . . আৰু তুমি তেওঁবিলাকৰ আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিবা।” (মীখা ৭:১৮, ১৯) কল্পনা কৰক যে বাইবেলৰ সময়ত জীয়াই থকা ব্যক্তিসকলৰ বাবে ই কেনে অৰ্থ ৰাখিছিল। সমুদ্ৰৰ গভীৰ জলত পেলোৱা কোনো বস্তু পুনৰাই ঘূৰি আহিব পাৰিবনে? মীখাই কোৱা বাক্যশাৰীয়ে দেখুৱাইছে যে যেতিয়া যিহোৱাই আমাৰ পাপ ক্ষমা কৰে তেতিয়া তাক একেবাৰে মচি পেলাই।
‘আমাৰ দয়ালু চিত্তৰ ঈশ্বৰ’
১৯, ২০. (ক) “দয়া দেখুৱা” বা “পুতৌ লগা” সম্বন্ধে উল্লেখ কৰা হিব্ৰু ক্ৰিয়া শব্দটোৰ অৰ্থ কি? (খ) বাইবেলে কেনেকৈ যিহোৱাৰ দয়াৰ বিষয়ে বুজাবলৈ এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটিৰ প্ৰতি থকা ভাৱনাৰ সৈতে তুলনা কৰিছে?
১৯ দয়া হৈছে যিহোৱাৰ প্ৰেমৰ আন এটা বৈশিষ্ট। দয়ালু হোৱাৰ অৰ্থ কি? বাইবেলত দয়া আৰু সহানুভূতিৰ মাজত নিবিড় সম্পৰ্ক আছে বুলি উল্লেখ কৰিছে। বহুতো হিব্ৰু আৰু গ্ৰীক শব্দই দয়া কি, তাক বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে, হিব্ৰু ৰাকাম ক্ৰিয়া শব্দটোক প্ৰায়েই “দয়া দেখুৱা” বা “পুতৌ লগা” বুলি বৰ্ণনা কৰা হয়। যিহোৱাই ব্যৱহাৰ কৰা হিব্ৰু শব্দটো মাতৃৰ “গৰ্ভ” সৈতে সম্পৰ্ক আছে যাক “এগৰাকী মাতৃয়ে নিজৰ সন্তানলৈ দেখুৱা দয়া” বুলি বৰ্ণনা কৰিব পাৰি।
২০ বাইবেলে যিহোৱাই দয়ালু হোৱা গুণটোক বুজাবলৈ কেঁচুৱাৰ প্ৰতি থকা এগৰাকী মাতৃৰ ভাৱনাৰ সৈতে তুলনা কৰিছে। এই সক্ৰান্তত যিচয়া ৪৯:১৫ পদত এইদৰে কৈছে: “তিৰোতা মানুহে নিজৰ পেটৰ সন্তানক স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খোৱা কেঁচুৱাক পাহৰিব পাৰে? হয়, সিহঁতে পাহৰিব পাৰে, তথাপি মই তোমাক নাপাহৰিম।” এইটো কেতিয়াও কল্পনা কৰিব নোৱাৰি যে এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটিক স্নেহেৰে চোৱা-চিতা কৰিবলৈ পাহৰি যাব পাৰে। যিহেতু কেঁচুৱাটিক দিনে-ৰাতিয়ে মাতৃৰ মনোযোগৰ আৱশ্যক। কিন্তু এইটো অতি দুখৰ বিষয় যে এই “ভয়ঙ্কৰ সময়ত” মাতৃয়ে নিজৰ কেঁচুৱাটিক ত্যাগ দিয়া প্ৰায়েই শুনিবলৈ পোৱা যায়। (২ তীমথিয় ৩:১, ৩) কিন্তু যিহোৱাই কৈছে: “তথাপি মই তোমাক নাপাহৰিম।” যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰতি ৰখা সহানুভূতি আমাৰ মানৱত থকা স্বাভাৱিক ইচ্ছা বিশেষকৈ মাতৃয়ে নিজৰ কেঁচুৱাটিৰ প্ৰতি ৰখা ভাৱনাতকৈ অধিক শক্তিশালী।
২১, ২২. মিচৰত থকা সময়ছোৱাত ইস্ৰায়েলসকলে কেনে অৱস্থাৰ সম্মুখীন হৈছিল আৰু যিহোৱাই তেওঁলোকৰ কাতৰোক্তিলৈ কেনে মনোযোগ দিলে?
২১ যিহোৱাক এজন দয়ালুময় পিতৃৰ দৰে বুলি কেনেকৈ কʼব পৰা যায়? তেওঁৰ এই গুণটো ইস্ৰায়েল জাতিৰ সৈতে হোৱা সম্বন্ধত স্পষ্টকৈ প্ৰকাশ পালে। লাখ লাখ ইস্ৰায়েলৰ লোকসকলে ১৬ শতিকাৰ শেষত মিচৰ দেশত দাসত্ব হিচাবে বন্দী আৰু বিভিন্ন অত্যাচাৰৰ মাজত জীৱন-যাপন কৰিছিল। (যাত্ৰাপুস্তক ১:১১, ১৪) অতিশয় অত্যাচাৰৰ সম্মুখীন হোৱাত তেওঁলোকে যিহোৱাক কাতৰোক্তি কৰিছিল। তেওঁলোকৰ কাতৰোক্তি শুনি দয়ালু ঈশ্বৰ যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
২২ তেনে কাতৰোক্তি শুনি যিহোৱাই আৰু অপেক্ষা কৰিব নোৱাৰিলে। সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “মিচৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই নিশ্চয়ে দৃষ্টি কৰিছোঁ . . . কিয়নো সিবিলাকৰ যাতনা মই জানিছোঁ।” (যাত্ৰাপুস্তক ৩:৭) যিহোৱাই তেওঁলোকৰ দুখ-কষ্টক অনুভৱ নকৰাকৈ থাকিব নোৱাৰিলে। কিয়নো যিহোৱা হৈছে এজন সহানুভূতিশীল ঈশ্বৰ। সহানুভূতিশীলৰ অৰ্থ হৈছে আনে ভুগা দুখ-কষ্টক নিজেই অনুভৱ কৰা যি দয়াৰ সৈতে নিবিড় সম্পৰ্ক ৰাখে। যিয়ে নহওঁক, তেওঁ কেৱল অনুভৱেই কৰা নাছিল কিন্তু তেওঁলোকৰ পক্ষে কাৰ্য্য কৰিবলৈও প্ৰেৰিত হৈছিল। যাৰ বিষয়ে যিচয়া ৬৩:৯ পদত এইদৰে কৈছে: “তেওঁ নিজ প্ৰেম আৰু কৃপাতে তেওঁবিলাকক মুক্ত কৰিছিল।” তেওঁ “বলৱান হাত” মেলি নিজ লোকসকলক মিচৰৰ পৰা উদ্ধাৰ কৰি আনিছিল। (দ্বিতীয় বিবৰণ ৪:৩৪) তাৰ পিছত তেওঁলোকৰ কাৰণে অলৌকিকভাৱে খাদ্য প্ৰদান কৰিছিল আৰু প্ৰতিজ্ঞাত দেশলৈ লৈ গৈছিল।
২৩. (ক) গীতমালাৰ বাক্যশীৰীয়ে কেনেকৈ আশ্বাস দিছে যে যিহোৱাই আমাক ব্যক্তিগতভাৱে চোৱা-চিতা কৰে? (খ) যিহোৱাই কি প্ৰকাৰে আমাক সহায় কৰে?
২৩ যিহোৱাই নিজ লোকসকলৰ ওপৰত কেৱল সমূহীয়া হিচাবে দয়া দেখুৱাই, এনে নহয়। কিন্তু তেওঁ আমাৰ সকলোৰে প্ৰতি ব্যক্তিগতভাৱেও আগ্ৰহী। আমি যিয়েই দুখ-কষ্টৰ সম্মুখীন নহওঁ কিয় তেওঁ তাৰ প্ৰতি মনোযোগ দিয়ে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “ধাৰ্ম্মিকবিলাকলৈ যিহোৱাৰ দৃষ্টি আছে; তেওঁবিলাকৰ কাতৰোক্তিলৈ তেওঁ কাণ পাতি আছে। যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” (গীতমালা ৩৪:১৫, ১৮) আমি দুখ-কষ্টত সফলতাৰে সম্মুখীন হʼবলৈ যিহোৱাই কেনেকৈ আমাক ব্যক্তিগতভাৱে সহায় কৰে? তেওঁ যদিও আমাৰ সকলো দুখ-কষ্ট দূৰ নকৰে, কিন্তু যিসকলে কাতৰোক্তি কৰে তেওঁলোকক সহায় কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা কৰিলে। তেওঁৰ বাক্যই আমালৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে যিয়ে পৰিস্থিতিত সহায় কৰে। তেওঁ মণ্ডলীত অধ্যক্ষসকলক নিযুক্ত কৰিছে যিসকলে আনক সহায় কৰিবলৈ তেওঁক অনুকৰণ কৰে। (যাকোব ৫:১৪, ১৫) যিহোৱাই “প্ৰাৰ্থনা শুনোতা জনা” হোৱাৰ বাবে “তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা” দিয়ে। (গীতমালা ৬৫:২; লূক ১১:১৩) এই সকলো প্ৰকাৰৰ প্ৰবন্ধই “ঈশ্বৰ দয়ালু চিত্তৰ” হোৱাৰ প্ৰমাণ দাঙি ধৰিছে।—লূক ১:৭৮.
২৪. যিহোৱাৰ প্ৰেমৰ প্ৰতি আপুনি কেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাব?
২৪ আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰেমৰ বিষয়ে বিবেচনা কৰাটো মনোগ্ৰাহী বিষয় নহয়নে বাৰু? পূবৱৰ্তী লেখৰ যোগেদি আমাক স্মৰণ কৰাই দিয়া হৈছিল যে যিহোৱাই আমাৰ লাভৰ অৰ্থে নিজৰ পৰাক্ৰম, ন্যায় আৰু জ্ঞান ব্যৱহাৰ কৰে। এই লেখত আমি যিহোৱাই উল্লেখনীয়ভাৱে মানৱজাতিক অৰ্থাৎ ব্যক্তিগতভাৱে আমাক প্ৰেম কৰে বুলি জানিবলৈ পালোঁ। এতিয়া আমি প্ৰত্যেকে নিজকে এনেদৰে সোধা আৱশ্যক: ‘মই যিহোৱাৰ প্ৰেমৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ?’ তেন্তে আঁহক আমি তেওঁক আমাৰ সম্পূৰ্ণ মন, চিত্ত আৰু শক্তিৰে প্ৰেম কৰোঁহঁক। (মাৰ্ক ১২:২৯, ৩০) আপুনি দৈনন্দিনে ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰি তেওঁৰ কাষ চাপি অহাৰ আগ্ৰহকতা প্ৰকাশ কৰক। তেতিয়াহে আমাৰ প্ৰেমময় ঈশ্বৰ যিহোৱাও চিৰকালে আপোনাৰ কাষ চাপি আহিব।—যাকোব ৪:৮. (w03 7/1)
[ফুটনোট]
^ সিন্দূৰ বৰণীয়া ৰঙৰ বিষয়ে এজন বিদ্বানে এইদৰে কয়, “ই হৈছে ডাঠ বা একেবাৰে ৰঙা বৰণীয়া ৰং। ইয়াক হিম, বৰষুণ বা বহু সময়লৈকে ধুয়ো গুচাব পৰা নাযায়।”
আপুনি উত্তৰ দিব পাৰিবনে?
• আমি কেনেকৈ জানিব পাৰোঁ যে প্ৰেম হৈছে যিহোৱাৰ প্ৰমুখ গুণ?
• যিহোৱাই আমাৰ বাবে নিজৰ পুত্ৰক দুখ ভুগিবলৈ পঠোৱাটো এক মহান প্ৰেম বুলি কিয় কʼব পৰা যায়?
• যিহোৱাই কেনেকৈ আশ্বাস দিছে যে তেওঁ আমাক ব্যক্তিগতভাৱে প্ৰেম কৰে?
• যিহোৱাই কৰা ক্ষমাৰ বিষয়ে বাইবেলে কেনে চিত্ৰ দাঙি ধৰিছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৫ পৃষ্ঠাৰ ছবি]
“ঈশ্বৰে . . . নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে”
[১৬ পৃষ্ঠাৰ ছবি]
“তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
© J. Heidecker/VIREO
[১৮ পৃষ্ঠাৰ ছবি]
এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটিৰ প্ৰতি ৰখা ভাৱনাই আমাক যিহোৱাৰ দয়াৰ বিষয়ে বুজাত সহায় কৰিব পাৰে