Skip to content

Skip to table of contents

“চোৱা, এৱেঁই আমাৰ ঈশ্বৰ”

“চোৱা, এৱেঁই আমাৰ ঈশ্বৰ”

“চোৱা, এৱেঁই আমাৰ ঈশ্বৰ”

এই দুয়োটা অধ্যয়নৰ লেখত আলোচনা কৰা বিষয়টো ২০০২/০৩ চনত হোৱা জিলা অধিৱেশনত উন্মোচন হোৱা “ঈশ্বৰৰ কাষ চপা” নামৰ কিতাপখনৰ ওপৰত আধাৰিত।—৮ পৃষ্ঠাত দিয়া “এই কিতাপখনত মই মোৰ মনে বিচৰা বিষয়বোৰ পালোঁ,” নামৰ লেখটো চাওক।

“চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈকে বাট চাইছিলোঁ, এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা।”—যিচয়া ২৫:৯.

১, ২. (ক) যিহোৱাই কুল-পিতৃ অব্ৰাহামক কি বুলি সম্বোধিত কৰিছিল আৰু ইয়ে আমাক কি ভাবিবলৈ প্ৰেৰিত কৰে? (খ) ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলাটো যে সম্ভৱ সেই বিষয়ে বাইবেলে আমাক কেনেকৈ আশ্বাস দিছে?

 আকাশ আৰু পৃথিৱীৰ নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ যিহোৱাই কুল-পিতৃ অব্ৰাহামক “মোৰ বন্ধু” বুলি সম্বোধিত কৰিছিল। (যিচয়া ৪১:৮) ক্ষন্তেক ভাবি চাওক যে এজন সামান্য ব্যক্তিয়ে বিশ্বৰ সকলোতকৈ শক্তিশালী জনাৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰে! আপুনি হয়তো এইটো ভাবি আচৰিত হʼব পাৰে যে ‘ময়ো ঈশ্বৰৰ বন্ধু হʼব পাৰিমনে?’

বাইবেলে আশ্বাস দি কৈছে যে আমিও তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। অব্ৰাহামে “ঈশ্বৰত বিশ্বাস” কৰাৰ বাবে তেওঁৰ সৈতে এক নিবিড় সম্বন্ধ স্থাপন কৰিব পাৰিলে। (যাকোব ২:২৩) আজিও যিহোৱাই নিজৰ “গুপ্ত মন্ত্ৰণা হʼলে সৰলবিলাকৰ” আগতহে প্ৰকাশ কৰে।” (হিতোপদেশ ৩:৩২) এই সংক্ৰান্তত যাকোব ৪:৮ পদত কৈছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” সঁচাকৈ যদি আমি তেওঁৰ কাষ চাপিবলৈ যত্ন কৰোঁ তেন্তে তেওঁ ইয়াৰ প্ৰতি অৱশ্যেই সঁহাৰি দিব। অৰ্থাৎ তেওঁ আমাৰ কাষ চাপি আহিব। কিন্তু এই ঈশ্বৰ-প্ৰেৰিত বাক্যই এইটো কʼব বিচাৰিছেনে যে আমি অসিদ্ধ মানৱে সৰ্বপ্ৰথমে আগবাঢ়ি অহা আৱশ্যক? নিশ্চই নহয়। আমাৰ প্ৰেমময় ঈশ্বৰে দুইপ্ৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ বাবে আমি তেওঁৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ।—গীতমালা ২৫:১৪.

৩. যিহোৱাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ তেওঁ কেনে দুই প্ৰকাৰৰ পদক্ষেপ লʼলে?

সৰ্ব্বপ্ৰথমে, যিহোৱাই “অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ” যীচুক এই জগতলৈ পঠিয়ালে। (মথি ২০:২৬) সেই মুক্তিপণ বলিদানে আমাৰ বাবে ঈশ্বৰৰ কাষ চাপিবলৈ সম্ভৱ কৰিলে। এই বিষয়ে বাইবেলত এইদৰে কৈছে: “তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” (১ যোহন ৪:১৯) যিহেতু ঈশ্বৰে “প্ৰথমে আমাক প্ৰেম” কৰাৰ বাবে আমি তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে, যিহোৱাই নিজৰ বিষয়ে আমাৰ আগত প্ৰকাশ কৰিলে। এজনৰ সৈতে বন্ধুত্ব বজাই ৰখাটো ব্যক্তিজনক ভালদৰে চিনি পোৱা, তেওঁৰ প্ৰতি থকা সন্মান আৰু তেওঁ ভালপোৱা বা নোপোৱা বিষয়বোৰৰ সৈতে অৱগত হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কল্পনা কৰক যে যদি যিহোৱাই কোনো গুপ্ত স্থানত থকা বা অচিনাকি হোৱা হʼলে আমি কেতিয়াও তেওঁৰ কাষ চাপিব নোৱাৰিলোঁহেঁতেন। সেয়েহ যিহোৱাই নিজৰ সৈতে পৰিচিত হʼবলৈ সকলোৰে আগত নিজৰ বিষয়ে প্ৰকাশ কৰিলে। (যিচয়া ৪৫:১৯) আনকি তেওঁ যে কেৱল আমাক প্ৰেম কৰে সেয়েই নহয় কিন্তু প্ৰেমময় স্বৰ্গীয় পিতৃৰূপেও পৰিচিত হʼবলৈ তেওঁৰ বাক্য বাইবেলত প্ৰকাশ কৰিলে।

৪. যিহোৱাৰ গুণবোৰৰ সৈতে ভালদৰে পৰিচিত হৈ আমি কেনে অনুভৱ কৰিম?

আপুনি কেতিয়াবা এটা সৰু লʼৰাক নিজৰ দেউতাকক দেখুৱাই তেওঁৰ বন্ধুৰ আগত গৌৰৱ আৰু আনন্দেৰে “সেইয়া মোৰ দেউতা” বুলি কোৱাটো লক্ষ্য কৰিছেনে? একেইদৰে প্ৰত্যেকজন ঈশ্বৰৰ উপাসকেও অনুভৱ কৰা আৱশ্যক। বাইবেলে এনে এক সময়ৰ বিষয়ে কৈছে যʼত বিশ্বাসী লোকসকলে এইদৰে কব: “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ।” (যিচয়া ২৫:৮, ৯) আমি যিমানেই যিহোৱাৰ গুণবোৰৰ বিষয়ে জানিব পাৰিম সিমানেই তেওঁক আমাৰ প্ৰেমময় পিতৃ আৰু ঘনিষ্ঠ বন্ধুৰূপে অনুভৱ কৰিম। বাস্তৱতে যিহোৱাৰ গুণবোৰৰ সৈতে ভালদৰে পৰিচিত হোৱাৰ দ্বাৰা আমি তেওঁৰ কাষ চাপিব পাৰোঁ। এতেকে আঁহক আমি বাইবেলে যিহোৱাৰ পৰাক্ৰম, ন্যায়, জ্ঞান আৰু প্ৰেম আদি গুণৰ বিষয়ে কি কৈছে, তাক বিবেচনা কৰোঁহঁক। এই পৰিলেখত আমি ইয়াৰে তিনিটা গুণৰ বিষয়ে আলোচনা কৰিম।

“পৰাক্ৰমত মহান”

৫. যিহোৱাক একমাত্ৰ “সৰ্ব্বশক্তিমান” ঈশ্বৰ বুলি কোৱাটো কিয় উপযুক্ত আৰু তেওঁ কি প্ৰকাৰে নিজৰ পৰাক্ৰম ব্যৱহাৰ কৰে?

যিহোৱা হৈছে “পৰাক্ৰমত মহান।” (ইয়োব ৩৭:২৩) তদুপৰি যিৰিমিয়া ১০:৬ পদত এইদৰে কৈছে: “হে যিহোৱা, তোমাৰ তুল্য কোনো নাই; তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।” যিহোৱা হৈছে অসীম পৰাক্ৰমী। সেইবাবে তেওঁক একমাত্ৰ “সৰ্ব্বশক্তিমান” ঈশ্বৰ বুলি কোৱা হয়। (প্ৰকাশিত বাক্য ১৫:৩) যিহোৱাই তেওঁৰ পৰাক্ৰম সৃষ্টি, ধ্বংস, ৰক্ষা আৰু পুনৰস্থাপনা কৰিবলৈ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, তেওঁৰ সৃষ্টি আৰু সুৰক্ষাৰ সম্বন্ধে ব্যৱহাৰ কৰা পৰাক্ৰমৰ বিষয়ে বিবেচনা কৰক।

৬, ৭, সূৰ্য্যটো কিমান শক্তিশালী আৰু ই কেনে গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে প্ৰকাশ কৰে?

গীষ্মকালত যেতিযা আপুনি বাহিৰত থিয় হৈ থাকে তেতিয়া কেনে অনুভৱ কৰে? আপুনি অৱশ্যে আপোনাৰ শৰীৰৰ ছালখন সূৰ্য্যৰ প্ৰখৰ তাপত অসহনীয় যেন অনুভৱ কৰে। সেইয়া হৈছে সৃষ্টিৰ সম্বন্ধে থকা যিহোৱাৰ পৰাক্ৰম। আপুনি জানেনে সূৰ্য্যটো কিমান শক্তিশালী? ইয়াৰ অন্তৰ্ভাগৰ উষ্ণতা হৈছে প্ৰায় ২ কোটি ডিগ্ৰি ছেলচিয়াছ। উদাহৰণস্বৰূপে, যদি এটা বিন্দুৰ সমান সূৰ্য্যৰ এটুকুৰা পৃথিৱীত ৰখা হয় তেন্তে ১৪০ কিলোমিটাৰ সীমাৰ ভিতৰত আপুনি থিয় হʼব নোৱাৰিব। প্ৰত্যেকটো ছেকেণ্ডত সূৰ্য্যৰ পৰা কোটি কোটি পৰমাণবিক বোমা বিস্ফোৰণত নিৰ্গত হোৱাৰ দৰে শক্তি বিকিৰণ হয়। কিন্তু আমাৰ পৃথিৱীখন জ্বলন্ত সূৰ্য্যৰ পৰা সঠিক দূৰত্বৰ কক্ষপথত অৱস্থিত। পৃথিৱীখন সূৰ্য্যৰ অলপ কাষলৈ অহা মানেই ইয়াৰ জলভাগ ভাপলৈ আৰু অলপ দূৰলৈ আঁতৰি যোৱাৰ মানেই বৰফলৈ ৰূপান্তৰিত হʼব। এই দুয়োটা অৱস্থাতে পৃথিৱীখনত প্ৰাণী জীয়াই থকাটো অসম্ভৱ।

সূৰ্য্যৰ পোহৰৰ বাবে জীয়াই থকাটো সম্ভৱ হৈছে বুলি বহুতে সাধাৰণভাৱে লয়। গতিকে তেওঁলোকে সূৰ্য্যৰ পৰা লাভ কৰা শিক্ষা গ্ৰহণ কৰাত বিফল হয়। গীতমালা ৭৪:১৬ পদত যিহোৱাৰ বিষয়ে এইদৰে কৈছে: “দিন তোমাৰেই, ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্য্যক স্থিতি কৰিলা।” দৰাচলতে সূৰ্য্যৰ দ্বাৰা যিহোৱা গৌৰবান্বিত হয় কিয়নো একমাত্ৰ তেওঁৱেই হৈছে “আকাশ-মণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্ত্তা।” (গীতমালা ১৪৬:৬) আনকি হাজাৰ হাজাৰ সৃষ্টিৰ ভিতৰত এইটো হৈছে এনে এটা সৃষ্টি যি যিহোৱাৰ মহান পৰাক্ৰমৰ বিষয়ে শিক্ষা প্ৰদান কৰে। আমি যিমানেই তেওঁৰ সৃষ্টিৰ পৰাক্ৰমৰ বিষয়ে শিকিম সিমানেই তেওঁলৈ আমাৰ সম্ভ্ৰম শ্ৰদ্ধা বিকাশিত হʼব।

৮, ৯. (ক) কেনে দৃশ্যই বৰ্ণনা কৰিছে যে যিহোৱাই তেওঁৰ সেৱকসকলক প্ৰেমেৰে নিৰাপত্তা প্ৰদান আৰু চোৱা-চিতা কৰে? (খ) বাইবেলৰ সময়ৰ মেৰৰখীয়াজনে কেনেকৈ নিজৰ জাকটিক চোৱা-চিতা কৰিছিল আৰু ইয়ে মহান ৰখীয়াজনৰ বিষয়ে আমাক কি শিকায়?

যিহোৱাই নিজৰ সেৱকসকলক চোৱা-চিতা আৰু ৰক্ষা কৰিবলৈ তেওঁ নিজৰ পৰাক্ৰম ব্যৱহাৰ কৰে। যিহোৱাই নিৰাপত্তামূলকভাৱে চোৱা-চিতা কৰাৰ বিষয়ে বাইবেলত কিছুমান হৃদয়স্পৰ্ষ উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্বৰূপে, যিচয়া ৪০:১১ পদটোলৈ লক্ষ্য কৰক। তাত কোৱা হৈছে যে যিহোৱা এজন মেৰৰখীয়া আৰু তেওঁৰ লোকসকল হৈছে মেৰৰ জাকটোৰ দৰে। এই বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “তেওঁ মেৰৰখীয়াৰ নিচিনাকৈ নিজৰ জাকক চৰাব, পোৱালিবোৰক নিজ বাহুৰে গোটাই বুকুত লৈ যাব, আৰু পোৱাঁতীবোৰক ধীৰে ধীৰে চলাব।” এই পদত কি কবলৈ বিচাৰিছে, তাক আপুনি মানসিক দৃষ্টিৰে লক্ষ্য কৰিব পাৰিছেনে?

পোহনীয়া মেৰৰ দৰে কিছুমান পশুও নিঃসহায়। বাইবেলৰ সময়ত মেৰৰখীয়াজনে নিজৰ মেৰৰ জাকটিক ৰাংকুকুৰ, ভালুক আৰু সিংহৰ দৰে হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগিছিল। (১ চমূৱেল ১৭:৩৪-৩৬; যোহন ১০:১০-১৩) কিন্তু কেতিয়াবা এনে কোনো কোনো সময়ত বিশেষভাৱে চোৱা-চিতা কৰাৰ আৱশ্যক আছিল। উদাহৰণস্বৰূপে, নতুনকৈ জন্ম হোৱা পোৱালিটোৰ প্ৰতি ৰখীয়াজনে কেনেকৈ চোৱা-চিতা কৰিব? তেওঁ হয়তো তাক তেওঁৰ গাত লোৱা চাদৰখনেৰে মেৰিয়াই ভালেকেইদিন “বুকুত লৈ” ঘূৰি ফুৰিব। পোৱালিটোৱে কেনেকৈ ৰখীয়াজনৰ বুকুচাত উঠিব পাৰে? সি হয়তো ৰখীয়াজনৰ ওচৰলৈ আহি মূৰটোৰে তেওঁৰ ভৰিবোৰ স্পৰ্ষ কৰিব। তাৰ পিছত ৰখীয়াজনে কুঁজা হৈ নিজ হাত মেলি তাক কোলাত তুলি লয়। আমাৰ এজন মহান মেৰৰখীয়া হিচাবে নিজৰ সেৱকসকলক ৰক্ষা আৰু চোৱা-চিতা কৰাৰ কিযে এক মনোৰম দৃশ্য!

১০. বৰ্তমান সময়ত যিহোৱাই কেনে ধৰণৰ সুৰক্ষা প্ৰদান কৰিছে আৰু তেনে ধৰণৰ সুৰক্ষা বিশেষকৈ আমাক কিয় আৱশ্যক?

১০ যিহোৱাই সুৰক্ষাৰ সম্বন্ধে কেৱল প্ৰতিজ্ঞা কৰাই নহয় কিন্তু বাইবেলৰ সময়ত তেওঁ অলৌকিক শক্তি প্ৰয়োগ কৰি “ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ” কৰাৰো পৰিচয় দিছিল। (২ পিতৰ ২:৯) বৰ্তমান সময়ৰ বিষয়ে কি কব পৰা যায়? আমি জানো যে বৰ্তমানে তেওঁ আমাক সকলো ধৰণৰ দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ শক্তিক প্ৰয়োগ নকৰে। তথাপিও তেওঁ আমালৈ সকলোতকৈ অধিক আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰে। তদুপৰি আমি কেনেকৈ ধৈৰ্য্যৰে পৰীক্ষাৰ সম্মুখীন হৈ তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিব পাৰোঁ সেই বিষয়ে শিক্ষিত কৰি আধ্যাত্মিক ক্ষতি হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰে। উদাহৰণস্বৰূপে, লূক ১১:১৩ পদত এইদৰে কৈছে: “তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” এই শক্তিয়ে আমাক সকলো প্ৰকাৰৰ পৰীক্ষা বা সমস্যাৰ সৈতে যুঁজিবলৈ বলৱান কৰে। (২ কৰিন্থীয়া ৪:৭) এইদৰে যিহোৱাই আমি কেৱল অলপ সময়ৰ বাবে নহয় কিন্তু চিৰকাললৈ জীয়াই থকাৰ উদ্দেশ্যৰে কাৰ্য্য কৰে। এই কথাষাৰ মনত ৰাখি আমি সকলো প্ৰকাৰৰ তাড়নাক “খন্তেকীয়া লঘু” হিচাবে লক্ষ্য কৰি সহন কৰিব পাৰিম। (২ কৰিন্থীয়া ৪:১৮) এতেকে আমি এনে এজন ঈশ্বৰৰ কাষ চাপিবলৈ নিবিচাৰিমনে যিজনে আমাৰ নিমিত্তে নিজৰ পৰাক্ৰম ব্যৱহাৰ কৰে?

“যিহোৱাই ন্যায়-বিচাৰ ভাল পায়”

১১, ১২. (ক) যিহোৱাৰ ন্যায়-বিচাৰে কিয় আমাক তেওঁৰ কাষ চাপিবলৈ সহায় কৰে? (খ) যিহোৱাৰ ন্যায়-বিচাৰৰ সম্বন্ধে ৰজা দায়ূদে কেনে সিদ্ধান্তত উপনীত হʼব পাৰিলে আৰু এই ঈশ্বৰ-প্ৰেৰিত বাক্যবোৰে আমাক কেনেকৈ শান্ত্বনা প্ৰদান কৰিব পাৰে?

১১ যিহোৱাই যি উচিত আৰু ন্যায়পূৰ্ণ তেনে কাৰ্য্যহে কৰে আৰু ইয়াক তেওঁ সুসঙ্গত আৰু অপক্ষপাতী হৈ কৰে। ঈশ্বৰীয় ন্যায়-বিচাৰ অনুভূতিহীন নহয়, কিয়নো নিষ্ঠুৰতা গুণে আমাক যিহোৱাৰ কাষ চপাত সহায় কৰাৰ পৰিৱৰ্তে প্ৰত্যাহত কৰে। কিন্তু তেওঁৰ ধৈৰ্য্যশীল গুণ আমাক তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰখাত সহায় কৰে। এই হৃদয়স্পৰ্শী গুণটোৰ বিষয়ে বাইবেলে স্পষ্টকৈ বৰ্ণনা কৰিছে। আঁহক আমি এনে তিনিটা পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক যাৰ দ্বাৰা যিহোৱাই ন্যায়-বিচাৰ কৰে।

১২ প্ৰথমতে, যিহোৱাই ন্যায়-বিচাৰ কৰোঁতা হোৱাৰ বাবে তেওঁৰ সেৱকসকলৰ প্ৰতি বিশ্বাসী আৰু নিষ্ঠাৱান হʼবলৈ তেওঁ প্ৰেৰিত হয়। স্বয়ং ৰজা দায়ূদে যিহোৱাৰ ন্যায়-বিচাৰৰ স্থিতিৰ বিষয়ে নিজেই উপলব্ধি কৰিব পাৰিছিল। জীৱনত পোৱা অভিজ্ঞতা আৰু ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ দ্বাৰা তেওঁ কেনে সিদ্ধান্তত উপনীত হৈছিল? এই বিষয়ে তেওঁ এইদৰে কৈছিল: “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়, আৰু নিজ সাধুবিলাকক পৰিত্যাগ নকৰে; তেওঁবিলাকক অনন্ত কাললৈকে ৰখা হয়; কিন্তু দুষ্টবোৰৰ বংশ উচ্ছন্ন হব।” (গীতমালা ৩৭:২৮) কিযে এক শান্ত্বনাদায়ক আশ্বাস! আমাৰ ঈশ্বৰে নিজৰ বিশ্বাসী সেৱকসকল অৰ্থাৎ নিজ সাধুবিলাকক কেতিয়াও ত্যাগ নকৰে। সেইবাবে আমি তেওঁৰ সৈতে থকা বন্ধুতা আৰু মৰমেৰে চোৱা-চিতা কৰাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ। কিয়নো তেওঁৰ ন্যায়-বিচাৰে আমাক ইয়াৰ নিশ্চয়তা প্ৰদান কৰে।—হিতোপদেশ ২:৭, ৮.

১৩. যিহোৱাই দুৰ্ব্বল ব্যক্তিবিলাকৰ প্ৰতি বিবেচনাশীল হয় বুলি ইস্ৰায়েলসকলক দিয়া নিয়ম-ব্যৱস্থাত কেনেকৈ প্ৰকাশ পাইছে?

১৩ দ্বিতীয়তে, ঈশ্বৰীয় ন্যায়-বিচাৰ পীড়িত লোকৰ বাবে সংবেদনশীল প্ৰমাণিত হয়। ইস্ৰায়েলসকলক দিয়া ব্যৱস্থাৰ দ্বাৰা জানিব পৰা যায় যে যিহোৱা অক্ষম ব্যক্তিসকলৰ প্ৰতি বিবেচনাশীল। উদাহৰণস্বৰূপে, মাউৰা আৰু বিধৱাসকলক চোৱা-চিতা কৰিবলৈ নিয়ম-ব্যৱস্থাত আজ্ঞা দিয়া হৈছিল। (দ্বিতীয় বিবৰণ ২৪:১৭-২১) তেনেধৰণৰ পৰিয়ালৰ বাবে জীয়াই থকাটো কষ্টদায়ক হʼব বুলি ভাবি যিহোৱাই স্বয়ং নিজেই তেওঁলোকৰ পিতৃ আৰু ত্ৰাণকৰ্তাস্বৰূপে কাৰ্য্য কৰিছিল। (দ্বিতীয় বিবৰণ ১০:১৭, ১৮) ইস্ৰায়েলসকলক সতৰ্ক কৰি কৈছিল যে যদি তেওঁলোকে কোনো বিধৱা আৰু মাউৰা লʼৰা-ছোৱালীৰ ওপৰত অত্যাচাৰ কৰে, তেন্তে তেওঁ তাৰ পৰিশোধ লʼব। এই সন্দৰ্ভে যাত্ৰাপুস্তক ২২:২২-২৪ পদত এইদৰে কৈছিল: “মোৰ ক্ৰোধ প্ৰজ্বলীত হʼব।” যদিও ক্ৰোধ যিহোৱাৰ প্ৰমুখ গুণ নহয় তথাপিও তেওঁ অন্যায় বিশেষকৈ দুৰ্ব্বল লোকৰ ওপৰত হোৱা অত্যাচাৰক কেতিয়াও সহন নকৰে।—গীতমালা ১০৩:৬.

১৪. যিহোৱাই অপক্ষপাতী হোৱাৰ এটা মুখ্য প্ৰমাণ কি?

১৪ তৃতীয়তে, দ্বিতীয় বিবৰণ ১০:১৭ পদত এইদৰে কৈছে যে যিহোৱা “কাৰো মুখ নোচোৱা, ভেঁটী নোখোৱা” ঈশ্বৰ। বহুতো মানুহৰ দৰে যিহোৱাই ক্ষমতা বা শক্তি, ধন অথবা বাহ্যিকৰূপৰ দ্বাৰা প্ৰভাৱিত নহয়। কিয়নো তেওঁত কোনো পক্ষপাতিত্বমূলক ভাবনা নাই। তেওঁ অপক্ষপাতী হোৱাৰ এটা উত্তম প্ৰমাণ হৈছে: “চিৰকাললৈকে তেওঁৰ উপাসক হোৱা সুযোগ কেৱল কিছুমানলৈ মুকলি কৰা নাই।” বৰঞ্চ, পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পদত এনেদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” এই সুযোগ তেওঁ সকলো ধৰণৰ জাতি, কুল আৰু ভাষা কোৱা লোকসকলক প্ৰদান কৰিছে। এনে সুযোগে তেওঁক প্ৰকৃত ন্যায়-বিচাৰকৰ্ত্তা বুলি প্ৰমাণ নিদিয়েনে? দৰাচলতে যিহোৱাৰ ন্যায়-বিচাৰৰ বিষয়ে ভালদৰে বুজি পোৱাৰ অৰ্থই হৈছে তেওঁৰ কাষ চপা!

“ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ . .  কেনে দ!”

১৫. বুদ্ধি কি আৰু যিহোৱাই ইয়াক কেনেকৈ প্ৰকাশ কৰে?

১৫ পাঁচনি পৌলে ৰোমীয়া ১১:৩৩ পদত উল্লেখ কৰা এই কথাষাৰ কবলৈ প্ৰেৰিত হৈছিল: “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ . .  কেনে দ! আমি যিমানেই বিভিন্ন প্ৰকাৰে থকা যিহোৱাৰ জ্ঞানৰ বিষয়ে বিবেচনা কৰিম সিমানেই তেওঁৰ প্ৰতি আমাৰ সম্ভ্ৰম শ্ৰদ্ধা বৃদ্ধি হʼব। কিন্তু আমি এই গুণটোৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিম? বুদ্ধিয়ে জ্ঞান, বুজশক্তি আৰু অন্তৰ্দৃষ্টিৰে কাৰ্য্য কৰাত সক্ষম কৰে। যিহোৱাত অসীম জ্ঞান আৰু গভীৰ অন্তৰ্দৃষ্টি থকাৰ বাবে সদায়েই উত্তম নিৰ্ণয় লয় আৰু কাৰ্য্যৰ দ্বাৰা তাক প্ৰকাশ কৰে।

১৬, ১৭. যিহোৱাই কৰা সৃষ্টিয়ে কেনেকৈ তেওঁৰ অসীম জ্ঞানৰ পৰিচয় দিয়ে? এটা উদাহৰণ দিয়ক।

১৬ যিহোৱাৰ অপৰিমিত জ্ঞানৰ কিছুমান বিশেষ প্ৰমাণ কি? এই বিষয়ে গীতমালা ১০৪:২৪ পদত এইদৰে কৈছে: “হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ! জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; তোমাৰ ঐশ্বৰ্য্যেৰে পৃথিবীখন পৰিপূৰ্ণ।” আমি যিমানেই যিহোৱাৰ সৃষ্টিৰ বিষয়ে শিকিম, সিমানেই তেওঁৰ জ্ঞান দেখি আচৰিত হʼম। উদাহৰণস্বৰূপে, বৈজ্ঞানিকসকলে সৃষ্টিৰ বিষয়ে অধ্যয়ন কৰি বহুখিনি শিকিব পৰা নাই নে বাৰু! আনকি অভিযান্ত্ৰিকবিজ্ঞানৰ এনে এটা ক্ষেত্ৰ আছে যাক বায়-মিমেটিকচ্‌ বুলি কোৱা হয়। যʼত প্ৰকৃতিকৰূপে উপলব্ধ থকা আৰ্হিক নকল কৰা হয়।

১৭ উদাহৰণস্বৰূপে, আপুনি হয়তো মকৰাই বনোৱা জালৰ সৌন্দৰ্য্যতাক দেখি আচৰিত হৈছে। ই সঁচাকৈ এক অদ্ভূত নক্সা। দৰাচলতে সেই জালৰ সূতাবোৰ দেখাত দুৰ্ব্বল যদিও ষ্টীল আৰু বুলেটপ্ৰোফ জাকেটত থকা কৃত্ৰিম আঁহবোৰতকৈ অধিক শক্তিশালী। আচলতে ইয়াৰ অৰ্থ কি বুজাই? কল্পনা কৰক যে এই জালখনৰ আকাৰ মাছমৰীয়াসকলে ব্যৱহাৰ কৰা জালৰ দৰে যি ইমানেই শক্তিশালী যে দ্ৰুত গতিৰে যোৱা উৰাজাহাজৰ বাবেও বাধা সৃষ্টি কৰিব পাৰে! সঁচাকৈ এই সকলোতে যিহোৱাৰ “জ্ঞান” দেখিবলৈ পোৱা যায়।

১৮. যিহোৱাই বাইবেলখন লিপিবদ্ধ কৰিবলৈ মানুহক ব্যৱহাৰ কৰি কেনেকৈ নিজৰ জ্ঞান প্ৰকাশ কৰিলে?

১৮ আমি যিহোৱাৰ জ্ঞানৰ সম্বন্ধে সৰ্ব্বাধিক প্ৰমাণ তেওঁৰ বাক্য বাইবেলত পাব পাৰোঁ। ইয়াত উল্লেখ কৰা পৰামৰ্শবোৰে দেখুৱাইছে যে আমাৰ জীৱনৰ বাবে কি উত্তম। (যিচয়া ৪৮:১৭) যি ধৰণে বাইবেল লিখা হৈছিল তাৰ দ্বাৰাও যিহোৱাৰ অসীম জ্ঞান দেখিবলৈ পোৱা যায়। কেনেকৈ? উদাহৰণস্বৰূপে, নিজৰ বাক্যক লিপিবদ্ধ কৰিবলৈ তেওঁ মানুহক ব্যৱহাৰ কৰিছিল। ইয়াৰ বিপৰীতে যদি তেওঁ বাইবেলখন লিখিবলৈ স্বৰ্গদূতসকলক ব্যৱহাৰ কৰাহʼলে, তেতিয়া সেইখন ইমান কাৰ্য্যকাৰী হʼলহেঁতেননে? তদুপৰি তেওঁলোকে নিজৰ দৃষ্টিভঙ্গী অনুসাৰে যিহোৱাৰ ছবি দাঙি ধৰিলেহেঁতেন আৰু উপাসনা কৰা নিজৰ পদ্ধতিৰ বিষয়ে লিখিলেহেঁতেন। আমি তেতিয়া এই আত্মিক প্ৰাণীবোৰক চিনিব পাৰিলোঁহেঁতেননে যিসকলৰ আমাতকৈ অধিক জ্ঞান, অনুভৱ আৰু শক্তি আছে?—ইব্ৰী ২:৬, ৭.

১৯. কেনে উদাহৰণে প্ৰকাশ কৰিছে যে বাইবেলখন লিখা লিখকসকলে লিখিবলৈ অত্যন্ত আৱেগ আৰু মৰ্মস্পৰ্শ প্ৰকাশ কৰিছে?

১৯ বাইবেলখন লিখিবলৈ মানুহক ব্যৱহাৰ কৰাৰ বাবেহে এইখন ইমান আৱেগীক আৰু কাৰ্য্যকাৰীৰূপে প্ৰকাশ পাইছে। বাইবেলৰ লিখকবিলাক আমাৰ দৰে সাধাৰণ মানুহ আছিল। অসিদ্ধতাৰ বাবে তেওঁলোকেও সমস্যা আৰু হেঁচাৰ সম্মুখীন হৈছিল। তেওঁলোকে নিজৰ দুৰ্ব্বলতা আৰু সংগ্ৰাম কৰিলগীয়া হোৱাৰ বিষয়েও লিখিছিল। (২ কৰিন্থীয়া ১২:৭-১০) তেওঁলোকে নিজৰ ভাৱনাৰ বিষয়ে যি লিখিছিল তাক কোনো স্বৰ্গদূতে লিখিব নোৱাৰিলেহেঁতেন। উদাহৰণস্বৰূপে, গীতমালা ৫১ অধ্যায়ত লিপিবদ্ধ থকা ৰজা দায়ূদৰ বাক্যবোৰক লক্ষ্য কৰক। সেই উপশিৰোনামাৰ অনুসাৰে গম্ভীৰ পাপত পৰাৰ পিছত ৰজা দায়ূদে ইয়াক লিখিছিল। নিজৰ পাপৰ বাবে তেওঁ অতিশয় দুখিত হৈ ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিছিল বুলি ২ আৰু ৩ পদত এইদৰে পঢ়িবলৈ পোৱা যায়: “মোৰ অধৰ্ম্মৰ পৰা মোক সম্পূৰ্ণকৈ ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা। কিয়নো মোৰ অপৰাধবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগতে আছে।” মন কৰক যে ৫ পদত কি কৈছে: “চোৱা, অধৰ্ম্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে।” আগলৈ ১৭ পদত এইদৰে কৈছে: “ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, তুমি ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰা।” এই পদবোৰ পঢ়ি আপুনি লিখকজনৰ মনোবেদনাক অনুভৱ কৰিব পাৰেনে? একমাত্ৰ অসিদ্ধ মানৱৰ বাহিৰে আৰু কোনোৱাই তেনেধৰণৰ অনুভূতি প্ৰকাশ কৰিব পাৰিবনে?

২০, ২১. (ক) বাইবেলখন লিখিবলৈ অসিদ্ধ মানুহক ব্যৱহাৰ কৰা স্বত্বেও কেৱল যিহোৱাৰহে জ্ঞান প্ৰকাশিত হৈছে বুলি কিয় কব পাৰি? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২০ তেনে ধৰণৰ অসিদ্ধ ব্যক্তিসকলক ব্যৱহাৰ কৰি যিহোৱাই আমাক যি আৱশ্যক তাক “ঈশ্বৰ-নিশ্বাসিত” বাক্যৰ দ্বাৰা যোগান ধৰিলে, যিটো মানুহে সহজে বুজিব পাৰে। (২ তীমথিয় ৩:১৬) দৰাচলতে সেই লিখকসকলে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ বাইবেলখন লিখিছিল। সেইবাবে ইয়াত তেওঁলোকৰ নহয় কিন্তু যিহোৱাৰ জ্ঞানৰ বিষয়ে লিপিবদ্ধ আছে। সেই জ্ঞান হৈছে ভাৰসাযুক্ত। এই জ্ঞান আমাৰ জ্ঞানতকৈ অধিক উচ্চ হোৱাৰ বাবে যিহোৱাই আমাক প্ৰেমেৰে এইদৰে উদগণি দিছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।” (হিতোপদেশ ৩:৫, ৬) সেই উত্তম জ্ঞানযুক্ত পৰামৰ্শ পালন কৰাৰ দ্বাৰা আমি সকলোতকৈ জ্ঞানী ঈশ্বৰৰ কাষ চাপিব পাৰোঁ।

২১ যিহোৱাৰ সৰ্ব্বোত্তম গুণ হৈছে প্ৰেম। তেওঁ কেনেকৈ প্ৰেম প্ৰদৰ্শিত কৰিলে, এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w03 7/1)

আপোনাৰ মনত আছেনে?

আমি যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁ কেনে পদক্ষেপ লʼলে?

সৃষ্টি আৰু নিৰাপত্তাৰ সম্বন্ধে থকা যিহোৱাৰ শক্তিৰ কিছুমান উদাহৰণ কি কি?

যিহোৱাই কেনেধৰণে নিজৰ ন্যায়-বিচাৰ প্ৰকাশ কৰে?

যিহোৱাই কৰা সৃষ্টি আৰু বাইবেলখনৰ পৰা কেনেকৈ তেওঁৰ জ্ঞান প্ৰকাশ পোৱাটো দেখিবলৈ পোৱা যায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

মেৰৰখীয়াজনে পোৱালিটোক নিজৰ কোলাত তুলি লৈ যোৱাৰ নিচিনাকৈ যিহোৱাই তেওঁৰ উপাসক অৰ্থাৎ মেৰৰূপী লোকসকলক চোৱা-চিতা কৰে

[১৩ পৃষ্ঠাৰ ছবি]

বাইবেলৰ লিখনিৰ পৰা যিহোৱাৰ জ্ঞান প্ৰকাশ পোৱাটো দেখা যায়