Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

মানুহৰ মন বা হৃদয়ত কি আছে তাক জানিবলৈ চয়তান অৰ্থাৎ দিয়াবলৰ ক্ষমতা আছেনে?

যদিও আমি এই বিষয়ে সঠিককৈ কʼব নোৱাৰোঁ তথাপিও মানুহৰ মনত কি আছে তাক জানিবলৈ চয়তান অথবা পিশাচবোৰৰ কোনো ক্ষমতা নাই।

ক্ষন্তেক চয়তানৰ নামৰ বৰ্ণিত অৰ্থ কি তাৰ বিষয়ে বিবেচনা কৰক। তেওঁক চয়তান (প্ৰতিৰোধী), দিয়াবল (মিছা অপবাদ দিয়া), সৰ্প (প্ৰবঞ্চক শব্দৰ সমাৰ্থযুক্ত), প্ৰলোভনকাৰী আৰু মিছলীয়া বুলি কোৱা হয়। (ইয়োব ১:৬; মথি ৪:৩; যোহন ৮:৪৪; ২ কৰিন্থীয়া ১১:৩; প্ৰকাশিত বাক্য ১২:৯) যদি চয়তানে মানুহৰ মনত কি আছে সেই বিষয়ে জানিব পৰা হʼলে তাক দিয়া এই নামবোৰৰ বাবে সি উপযুক্ত নহʼলহেঁতেন।

ইয়াৰ বিপৰীতে যিহোৱা ঈশ্বৰক “হৃদয় পৰীক্ষা কৰোঁতা” বুলি কোৱা হৈছে। (হিতোপদেশ ১৭:৩; ১ চমূৱেল ১৬:৭; ১ বংশাৱলি ২৯:১৭) তদুপৰি ইব্ৰী ৪:১৩ পদত এইদৰে কোৱা হৈছে: “কোনো সৃষ্ট বস্তু তেওঁৰ দৃষ্টিৰ অগোচৰ নহয়; কিন্তু যি জনাৰ আগত আমি হিচাব দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি।” সেয়েহে ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই যে তেওঁ মানুহৰ হৃদয়ত কি আছে তাক জনাৰ ক্ষমতা তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক প্ৰদান কৰিলে। সেইবাবে পুনৰুত্থান হোৱা যীচুৱে এইদৰে কৈছিল: “মই যে অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী, তাক সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্ম্মৰ দৰে প্ৰতিফল দিম।”—প্ৰকাশিত বাক্য ২:২৩.

বাইবেলত এইটো উল্লেখ কৰা নাই যে মানুহৰ মনত বা হৃদয়ত কি আছে তাক জানিবলৈ চয়তানৰ ক্ষমতা আছে। এই বিষয়ে পাঁচনি পৌলে প্ৰাচীন খ্ৰীষ্টানসকলক দিয়া আস্বাসৰ বাক্যশাৰীৰ পৰা স্পষ্টকৈ বুজিব পৰা যায়, যʼত তেওঁ এইদৰে কৈছিল: “[চয়তানৰ] পৰিকল্পনা আমি নজনা নহওঁ।” (২ কৰিন্থীয়া ২:১১) গতিকে আমি একেবাৰে নজনা কিছুমান আচৰিত কাৰ্য্য কৰিব পৰা তাৰ শক্তিৰ বাবে ভয়ভীত হোৱাৰ কোনো আৱশ্যক নাই।

যিয়েই নহওঁক, ইয়াত এইটো কোৱা নাই যে আমাৰ প্ৰতিপক্ষই আমাত থকা দুৰ্ব্বলতাৰ বিষয়ে বিবেচনা কৰিব নোৱাৰে। দৰাচলতে চয়তানে শতাব্দী ধৰি মানুহৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰি আহিছে। আমাৰ আচাৰ-ব্যৱহাৰ, উপভোগ কৰা ৰং-ধেমালী, শুনা বা কোৱা কথা আদিয়ে আমাৰ হৃদয়ত থকা সকলোকে প্ৰকাশ কৰি আহিছে, সেয়েহে চয়তানৰ বাবে আমাৰ হৃদয়ত কি আছে তাক জনাটো কোনো আৱশ্যক নাই। আমাৰ মৌখিক আঙ্গি-ভঙ্গি আৰু শাৰীৰিক ভাষাৰে আমি কি চিন্তা কৰোঁ বা কেনে অনুভৱ কৰোঁ তাৰ উৱাদিহা প্ৰদান কৰে।

সাধাৰণতে চয়তানে এদন বাগিছাতো সেই একেই অভিসন্ধি বা পৰিকল্পনা অৰ্থাৎ ঈশ্বৰৰ অহিতে মিছা, প্ৰবঞ্চনাজনক আৰু ভুল সংবাদবোৰ ব্যৱহাৰ কৰিছিল। (আদিপুস্তক ৩:১-৫) চয়তানে যদিও খ্ৰীষ্টানসকলৰ হৃদয়ত কি আছে তাক নাজানে তথাপিও সি তেওঁলোকৰ মনত বা হৃদয়ত কেনে বিচাৰধাৰা সুমুৱাবলৈ প্ৰচেষ্টা কৰে তাৰ প্ৰতি চিন্তিত হোৱাৰ উপযুক্ত কাৰণ আছে। কিয়নো তাৰ ইচ্ছা এই যে খ্ৰীষ্টানসকলে যেন “চোভা-মনা আৰু মন-ভ্ৰষ্ট হোৱা আৰু সত্যহীন” হয়। (১ তীমথিয় ৬:৫) সেয়েহে আচৰিত হোৱাৰ কোনো কাৰণ নাই যে চয়তানৰ জগতে ভ্ৰষ্ট সংবাদ আৰু ৰং-ধেমালীবোৰৰ দ্বাৰা অধিককৈ প্লাৱিত কৰিছে। এনে পৰিস্থিতিত দৃঢ় হৈ থাকিবলৈ প্ৰকৃত খ্ৰীষ্টানসকলে অৱশ্যেই তেওঁলোকৰ হৃদয় বা মনত “পৰিত্ৰাণৰ টকয়া” পিন্ধা আৱশ্যক। (ইফিচীয়া ৬:১৭) তেওঁলোকে নিজৰ মন আৰু হৃদয়ত বাইবেলৰ সত্যতাৰে পূৰ্ণ কৰি আৰু চয়তানৰ জগতৰ অনাৱশ্যকীয় উপাদানৰ সংস্পৰ্ষৰ পৰা বিৰত থকি তেনেদৰে কৰে।

চয়তান হৈছে দুৰ্দান্ত শত্ৰু। কিন্তু আমি চয়তান বা তাৰ পিশাচবোৰক ভয় কৰাৰ কোনো কাৰণ নাই। সেয়েহ যাকোব ৪:৭ পদত আমাক এইদৰে আশ্বাস প্ৰদান কৰিছে: “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।” যদি আমি এই পৰামৰ্শক পালন কৰোঁ তেন্তে আমিও যীচুৰ দৰে কʼব পাৰিম যে চয়তানে আমাক বশ কৰিব নোৱাৰে।—যোহন ১৪:৩০. (w03 6/15)