Skip to content

Skip to table of contents

প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি

প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি

প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি

“প্ৰেম হৈছে জীৱনৰ অমৃত; প্ৰেম হৈছে জীৱন।”১৮৮৭ চনত জোচেফ্‌ জনচনৰ দ্বাৰা লিখিত লিভিং টু পাৰপচ্‌।

এজন ব্যক্তিয়ে প্ৰেম কৰিবলৈ কেনেকৈ শিকিব পাৰে? কোনো মনোবিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰাৰ দ্বাৰা নে? কোনো আত্মসহায়ক কিতাপ অধ্যয়ন কৰাৰ যোগেদি নে? কোনো প্ৰেমমূলক চিনেমা চোৱাৰ দ্বাৰা নে? অৱশ্যেই নহয়। এজন ব্যক্তিয়ে সৰ্বপ্ৰথমে প্ৰেম কৰাৰ বিষয়ে তেওঁৰ পিতৃ-মাতৃৰ আৰ্হি আৰু তেওঁলোকে প্ৰদান কৰা প্ৰশিক্ষণৰ পৰা শিকে। যদি পিতৃ-মাতৃয়ে শিশুবিলাকৰ প্ৰতি গভীৰ স্নেহ, নিৰাপত্তা প্ৰদান, মৰমেৰে কথোপকথন আৰু তেওঁলোকৰ প্ৰতি আগ্ৰহী হোৱাতো প্ৰকাশ কৰে তেন্তে তেনে প্ৰেমময় পৰিবেশত থাকি লʼৰা-ছোৱালীয়ে প্ৰেমৰ প্ৰকৃত অৰ্থৰ বিষয়ে শিকিব পাৰিব। তদুপৰি তেওঁলোকে পিতৃ-মাতৃক প্ৰেম আৰু উচিত অনুচিত বুলি কোৱা মুখ্য সিদ্ধান্তসমূহ পালন কৰাৰ বিষয়ে শিকিব পাৰিব।

প্ৰকৃত প্ৰেমত সাধাৰণতে প্ৰকাশ কৰা স্নেহ বা আৱেগীক হোৱাতকৈ অধিক কিছু সন্মিলিত আছে। এই গুণটোৰ বাবে এজনে এটা সময়ত সঠিক আদৰ নোপোৱাৰ স্বত্ত্বেও একেৰাহে আনৰ বাবে মঙ্গল কামনা কৰে, যিটো প্ৰায়ে লʼৰা-ছোৱালীক প্ৰেমময় অনুশাসন দিয়াৰ ক্ষেত্ৰত দেখা যায়। আনক উদাৰভাৱে প্ৰেম কৰাৰ সম্পৰ্কে সৃষ্টিকৰ্ত্তাই স্বয়ং এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা; কিয়নো [যিহোৱাই, NW] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে।”—ইব্ৰী ১২:৫, ৬.

পিতৃ-মাতৃসকল, যিহোৱাৰ আৰ্হিক অনুকৰণ কৰি আপোনালোকে কেনেকৈ নিজৰ পৰিয়ালত প্ৰেম প্ৰকাশ কৰিব? স্বামী-স্ত্ৰীৰূপে পৰস্পৰে এজনে আনজনৰ সৈতে কৰা আচৰণৰ উত্তম আৰ্হি ৰখাটো কিয় অধিক গুৰুত্বপূৰ্ণ?

আৰ্হিৰ দ্বাৰা প্ৰেম কৰিবলৈ শিকোৱা

যদি আপুনি এজন স্বামী তেনেহʼলে আপুনি নিজৰ পত্নীৰ সৈতে আদৰ আৰু সন্মানেৰে আচৰণ কৰেনে? যদি আপুনি এগৰাকী পত্নী তেনেহʼলে নিজৰ স্বামীক প্ৰেম আৰু সমৰ্থন কৰেনে? বাইবেলে কৈছে যে স্বামী আৰু স্ত্ৰীয়ে পৰস্পৰে এজনে আনজনক প্ৰেম আৰু শ্ৰদ্ধা কৰা উচিত। (ইফিচীয়া ৫:২৮; তীত ২:৪) যেতিয়া তেওঁলোকে তেনে কৰে তেতিয়া তেওঁলোকৰ লʼৰা-ছোৱালীয়েও খ্ৰীষ্টীয় প্ৰেম কাৰ্য্যশীল হোৱাটো লক্ষ্য কৰে। সেইটো কিমান যে এক শক্তিশালী আৰু মূল্যৱান শিক্ষাদান হʼব পাৰে!

তদুপৰি পিতৃ-মাতৃয়ে মনোৰঞ্জন, নৈতিকতা, লক্ষ্য আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে উচ্চ স্তৰ বজাই ৰখাৰ সময়ত পৰিয়াল আৰু ঘৰখনত প্ৰেমময় পৰিবেশ গঢ়ি তুলা আৱশ্যক। বিশ্বজুৰি লোকসকলে পাইছে যে পৰিয়ালত উচ্চ স্তৰ বজাই ৰখাৰ সম্পৰ্কে একমাত্ৰ বাইবেলখনৰ শিক্ষাসমূহ ব্যৱহাৰিক আৰু বাইবেলখন যে “ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক,” সেই বিষয়ে স্পষ্টকৈ প্ৰমাণিত হৈছে। (২ তীমথিয় ৩:১৬, ১৭) দৰাচলতে যীচুৰ পৰ্ব্বতীয়া উপদেশত পোৱা জীৱনৰ মাৰ্গ-দৰ্শন আৰু নৈতিক উপদেশবোৰৰ বিষয়ে লক্ষ্য কৰক, যাক বিস্তাৰিতভাৱে আজিও অধিক উত্তম পৰামৰ্শ বুলি বিবেচনা কৰা হয়।—মথি, ৫-৭ অধ্যায়।

যেতিয়া পৰিয়ালে ঈশ্বৰক মাৰ্গ-দৰ্শন হিচাবে গ্ৰহণ কৰি তেওঁৰ সকলোবোৰ স্তৰক পালন কৰে তেতিয়া পৰিয়ালৰ সকলো সদস্যই সুৰক্ষা অনুভৱ কৰে আৰু লʼৰা-ছোৱালীয়ে প্ৰেমময় পৰিৱেশত ডাঙৰ-দীঘল হয়। তদুপৰি পিতৃ-মাতৃৰ প্ৰতিও তেওঁলোকৰ শ্ৰদ্ধা আৰু সন্মান বৃদ্ধি হয়। ইয়াৰ বিপৰীতে ঘৰখনত যদি ঈশ্বৰৰ স্তৰসমূহ পালন কৰা নহয়, লʼৰা-ছোৱালী বিৰক্ত, ক্ৰোধিত আৰু বিদ্ৰোহীভাৱপন্ন হʼব পাৰে।—ৰোমীয়া ২:২১; কলচীয়া ৩:২১.

একজনক পিতৃ বা মাতৃৰ বিষয়ে কি কʼব পাৰি? নিজৰ লʼৰা-ছোৱালীক প্ৰেমৰ বিষয়ে শিক্ষা দিয়াটো তেওঁলোকে অধিক প্ৰত্যাহ্বানজনক বুলি অনুভৱ কৰা আৱশ্যকনে? নিশ্চয় নহয়। কিয়নো যদিও তেওঁলোকে পৰিয়ালটোত ভাল পিতৃ বা ভাল মাতৃৰ বিকল্প গ্ৰহণ কৰিব নোৱাৰে তথাপিও তেওঁলোকে কিছু পৰিমাণে হেৰুৱা পিতৃ বা মাতৃৰ আৱশ্যকতাক পূৰণ কৰিব পাৰে। যদি আপুনি একজনক পিতৃ বা মাতৃ, তেন্তে নিজৰ ঘৰখনত বাইবেল সিদ্ধান্তসমূহ পালন কৰিবলৈ প্ৰচেষ্টা কৰক। এই সংক্ৰান্তত এটা প্ৰবচনত আমাক এইদৰে কৈছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।”—হিতোপদেশ ৩:৫, ৬; যাকোব ১:৫.

উত্তম আৰ্হি ৰখা বহুতো যুৱক-যুৱতীয়ে একজনক পিতৃ-মাতৃৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হোৱাৰ স্বত্ত্বেও গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলৰ বিভিন্ন মণ্ডলীত বিশ্বাসী হৈ সেৱা কৰি আছে। ই এই কথাৰ প্ৰমাণ দিছে যে একজনক পিতৃ বা মাতৃয়েও প্ৰেমৰ বিষয়ে সফলতাৰে তেওঁলোকৰ লʼৰা-ছোৱালীক শিক্ষাদান কৰিব পাৰে।

কেনেকৈ সকলোৱে প্ৰেম বিকাশ কৰিব পাৰে

বাইবেলত আগতেই ভৱিষ্যতবাণী কৰিছিল যে ‘শেষ কালত’ পৰিয়ালৰ সদস্যসকলৰ মাজত এজনে আনজনৰ প্ৰতি “স্নেহহীন” হʼব। (২ তীমথিয় ৩:১, ৩) যদিও কোনো এজনে প্ৰেমহীন পৰিৱেশত ডাঙৰ-দীঘল হৈছে তেওঁলোকেও প্ৰেম গুণটোক বিকাশিত কৰিব পাৰে। কেনেকৈ কৰিব পাৰে? তেওঁলোকে যিহোৱাৰ পৰা শিক্ষা লাভ কৰাৰ দ্বাৰা তেনে কৰিব পাৰে। কিয়নো তেওঁ হৈছে প্ৰেমৰ নিজৰা আৰু যিসকলে হৃদয়েৰে সহায় বিচাৰি তেওঁৰ কাষ চাপে যিহোৱাই তেওঁলোকৰ প্ৰতি প্ৰেম আৰু স্নেহ প্ৰকাশ কৰে। (১ যোহন ৪:৭, ৮) এই বিষয়ে এজন গীত ৰচোঁতাই এইদৰে কৈছিল: “কিয়নো, মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।”—গীতমালা ২৭:১০.

যিহোৱা ঈশ্বৰে বহুতো ভিন্ন প্ৰকাৰে আমাক প্ৰেম কৰে। ইয়াত সন্মিলিত আছে তেওঁ আমাক বাইবেলৰ দ্বাৰা পিতৃৰ নিচিনাকৈ পথ-প্ৰদৰ্শন কৰা, তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা সহায় আৰু প্ৰকৃত খ্ৰীষ্টান ভাতৃত্বৰ দ্বাৰা সমৰ্থন কৰা। (গীতমালা ১১৯:৯৭-১০৫; লূক ১১:১৩; ইব্ৰী ১০:২৪, ২৫) ঈশ্বৰ আৰু চুবুৰীয়াক প্ৰেম কৰিবলৈ শিকাত কেনেকৈ সহায় কৰিব পাৰি এই সম্পৰ্কে সেই তিনিটা আয়োজনৰ বিষয়ে বিবেচনা কৰক।

পিতৃতুল্য পথ-প্ৰদৰ্শনৰ দ্বাৰা প্ৰেৰিত হোৱা

কোনো এজন ব্যক্তিৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ হʼলে আমি নিশ্চয়ে সেই ব্যক্তিজনৰ সৈতে ভালদৰে পৰিচিত হোৱা আৱশ্যক। সেয়েহে বাইবেলৰ জড়িয়তে নিজকে প্ৰকাশ কৰি যিহোৱাই তেওঁৰ কাষ চাপিবলৈ আমাক আমন্ত্ৰণ কৰিছে। কেৱল বাইবেল পঢ়াটোৱেই যথেষ্ট নহয়। তাৰ পৰা লাভৱান হʼবলৈ আমি নিশ্চয়ে শিকা বিষয়বোৰৰ অনুসাৰে জীৱন অতিবাহিত কৰা আৱশ্যক। (গীতমালা ১৯:৭-১০) এই বিষয়ে যিচয়া ৪৮:১৭ পদত এইদৰে কৈছে: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।” প্ৰকৃততে যিহোৱা হৈছে প্ৰেমৰ ৰূপ, তেওঁ আমাৰ লাভৰ অৰ্থে শিক্ষাদান কৰে। যিহোৱাই অনাৱশ্যকীয় নিয়ম-ব্যৱস্থা প্ৰদান কৰি কেতিয়াও আমাৰ স্বাধীনতা কাঢ়ি লʼব নিবিচাৰে।

তদুপৰি বাইবেলৰ পৰা পোৱা যথাৰ্থ জ্ঞানে আমাক সঙ্গী মানৱৰ প্ৰতি প্ৰেম বিকাশিত কৰিবলৈও সহায় কৰে। বাইবেলৰ সত্যতাই আমাক যিহোৱাৰ দৃষ্টিৰে মানৱক চাবলৈ আৰু ইয়াৰ সিদ্ধান্তসমূহে আমাক আনৰ সৈতে উত্তমভাৱে আচৰণ কৰাত পৰিচালিত কৰা উচিত। এনেধৰণৰ সংবাদসমূহে আমাৰ চুবুৰীয়াৰ প্ৰতি প্ৰেম বিকাশিত কৰিবলৈ এক দৃঢ় আধাৰশিলা প্ৰদান কৰে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “যি যি শ্ৰেষ্ঠ, তোমালোকে পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰিবলৈ তোমালোকৰ প্ৰেম যেন [যথাৰ্থ জ্ঞানত, NW] আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, . . . মই এই প্ৰাৰ্থনা কৰোঁ।”—ফিলিপীয়া ১:৯-১১.

‘যথাৰ্থ জ্ঞানে’ আমাক কেনেকৈ পোনপটীয়াকৈ পৰিচালিত কৰিব পাৰে, এই বিষয়ে বুজিবলৈ আঁহক আমি পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পদত উল্লেখ কৰা গুৰুত্বপূৰ্ণ সত্যতাক বিবেচনা কৰোঁহঁক যʼত এইদৰে কোৱা হৈছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” ঈশ্বৰে লোকসকলৰ জাতি বা বংশৰ প্ৰতি দৃষ্টি কৰি যদি ন্যায় নকৰে, তেনেহʼলে আমিও আমাৰ সঙ্গী মানৱক সেই একেইদৰে অপক্ষপাতী হৈ দৃষ্টি কৰা উচিত নহয়নে?—পাঁচনিৰ কৰ্ম্ম ১৭:২৬, ২৭; ১ যোহন ৪:৭-১১, ২০, ২১.

প্ৰেম হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ এটা ফল

যিদৰে সময়মতে হোৱা বৰষুণে ফল-মূলেৰে ভৰি থকা গছ-গছনিক অধিক ফলবান কৰি তুলে, তেনেদৰে ঈশ্বৰৰ পবিত্ৰ আত্মাই এজন ব্যক্তিত বাইবেলত বৰ্ণনা কৰা অনুসৰি ‘আত্মাৰ ফলৰ’ গুণসমূহ উৎপন্ন কৰিব পাৰে। (গালাতীয়া ৫:২২, ২৩) এই গুণসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ফলতো হৈছে প্ৰেম। (১ কৰিন্থীয়া ১৩:১৩) কিন্তু আমি কেনেকৈ ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰিব পাৰোঁ? ইয়াক লাভ কৰাৰ এটা মুখ্য পথ হৈছে ঈশ্বৰলৈ কৰা আন্তৰিক প্ৰাৰ্থনা। যদি আমি ঈশ্বৰৰ “পবিত্ৰ আত্মা” বিচাৰি প্ৰাৰ্থনা কৰোঁ তেন্তে তেওঁ আমাক নিশ্চয়ে প্ৰদান কৰিব। (লূক ১১:৯-১৩) আপুনি পবিত্ৰ আত্মা বিচাৰি ‘একেৰাহে’ প্ৰাৰ্থনা কৰেনে? যদি আপুনি তেনেদৰে বিচাৰি প্ৰাৰ্থনা কৰে তেনেহʼলে সেইটো হৈছে এক বহুমূলীয়া ফল, যʼত প্ৰেম সন্মিলিত হৈ আছে। এই প্ৰেম আপোনাৰ জীৱনত অধিককৈ প্ৰকাশ পোৱা উচিত।

যিহেতু আন এক প্ৰকাৰৰ আত্মাৰ ফলো আছে যি ঈশ্বৰৰ পবিত্ৰ আত্মাক বিৰোধ কৰে। বাইবেলে ইয়াক “জগতৰ আত্মা” বুলি উল্লেখ কৰিছে। (১ কৰিন্থীয়া ২:১২; ইফিচীয়া ২:২) এইটো হৈছে দুষ্টতাৰ কাৰ্য্যসমূহ আৰু ইয়াৰ মূলতে আন কোনো নহয় কেৱল চয়তান অৰ্থাৎ দিয়াবলৰ হাত আছে, তেওঁক ‘জগতৰ অধিপতি’ বুলিও কোৱা হয়, যিজনে মানৱজাতিক ঈশ্বৰৰ পৰা আঁতৰ কৰিলে। (যোহন ১২:৩১) যিদৰে বতাহে ধূলি-মাকতি আৰু খেৰ-পাত উৰুৱাই নিয়ে, তেনেদৰে ‘জগতৰ আত্মাই’ হানিকাৰক অভিলাষ আৰু মাংসিক দুৰ্ব্বলতাৰ দ্বাৰা মানুহৰ মাজৰ পৰা প্ৰেম আঁতৰাই নিলে।—গালাতীয়া ৫:১৯-২১.

লোকসকলে জগতৰ দুষ্টতা কাৰ্য্যৰ দ্বাৰা সম্পূৰ্ণকৈ প্ৰভাৱিত হৈ ভৌতিকবাদ, স্বাৰ্থপৰ, অত্যাচাৰী মনোবৃত্তি বিকাশিত কৰিলে আৰু প্ৰেমক প্ৰায়ে বিৰূপ, দূষিতৰূপে দৃষ্টি কৰিব ধৰিলে যিটো আজি এটা সাধাৰণ বিষয় হৈ পৰিল। যদি আপুনি প্ৰকৃত প্ৰেম বিকাশিত কৰিব বিচাৰিছে, তেনেহʼলে আপোনাক দৃঢ়তাৰে জগতৰ আত্মাক প্ৰতিৰোধ কৰা আৱশ্যক। (যাকোব ৪:৭) কিন্তু নিজৰ শক্তি আৰু সামৰ্থৰে কেতিয়াও এনে কৰিব নোৱাৰে। গতিকে ইয়াৰ বাবে আপুনি সদায়ে যিহোৱাৰ সহায় বিচৰা আৱশ্যক। যিহোৱাৰ শক্তিশালী শক্তিৰ দ্বাৰা আপুনি অৱশ্যেই এই সংগ্ৰামত সফলতা লাভ কৰিব পাৰিব।—গীতমালা ১২১:২.

প্ৰকৃত খ্ৰীষ্টান ভাতৃত্বৰ পৰা প্ৰেম কৰিবলৈ শিকা

যিদৰে এটি শিশুৱে নিজৰ ঘৰখনৰ পৰা প্ৰেম কৰিবলৈ শিকে, তেনেকৈ আমাৰ অৰ্থাৎ ডেকা বা বৃদ্ধ সকলোৱে মণ্ডলীত আন খ্ৰীষ্টান ভাই-ভনীৰ সৈতে সঙ্গতি কৰি প্ৰেম বিকাশিত কৰিব পাৰে। (যোহন ১৩:৩৪, ৩৫) দৰাচলতে এইটোৱে হৈছে প্ৰকৃত খ্ৰীষ্টান মণ্ডলীত তাৰ সদস্যসকলক “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত” কৰাৰ এটা মুখ্য চাবি।—ইব্ৰী ১০:২৪.

এনেধৰণৰ প্ৰেমক বিশেষকৈ সেইসকলে অধিক মূল্যাঙ্কন কৰে যিকলে আমাৰ চাৰিওফালে থকা প্ৰেমহীন জগতত “দুঃখিত আৰু ক্লান্ত হৈ” পৰিছে। (মথি ৯:৩৬) অভিজ্ঞতাসমূহে দেখুৱাইছে যে সাবালকত্ব অৱস্থাত পোৱা প্ৰেমময় সম্বন্ধই সৰুকালত প্ৰেমৰ পৰা বঞ্চিত হৈ বেয়া অভ্যাসত জড়িত হোৱা বহুতে নিজকে সলনি কৰি জীৱনত উত্তম কাৰ্য্য কৰিবলৈ পৰিচালিত কৰিছে। গতিকে সকলো সমৰ্পিত প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীয়ে তেওঁলোকৰ মাজলৈ অহা নতুন ব্যক্তিসকলক আন্তৰিকতাৰে আদৰণি জনোৱাটো বাস্তৱতে এক গুৰুত্বপূৰ্ণ বিষয়!

“প্ৰেম কেতিয়াও লুপ্ত নহব”

বাইবেলে কৈছে যে “প্ৰেম কেতিয়াও লুপ্ত নহব।” (১ কৰিন্থীয়া ১৩:৮) ই কেনেকৈ সম্ভৱ হʼব পাৰে? এই সন্ধৰ্ভত পাঁচনি পৌলে আমাক এইদৰে কৈছে: “প্ৰেমে অনেক দিন সহে, মৰমো কৰে; প্ৰেমে ঈৰ্ষা নকৰে; প্ৰেমে আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে।” (১ কৰিন্থীয়া ১৩:৪-৬) দৰাচলতে এই প্ৰেম কোনো কাল্পনিক বা বাহ্যিক ইন্দ্ৰিয় অনুভূতি নহয়। আনহাতে যিসকলে প্ৰেম প্ৰকাশ কৰিছে তেওঁলোকে জীৱনত নিৰাশ আৰু বেদনাগ্ৰস্ত হোৱাৰ স্বত্ত্বেও সঙ্গী মানৱৰ প্ৰতি প্ৰেম হ্ৰাস হʼবলৈ দিয়া নাই। তেনেধৰণৰ প্ৰেম হৈছে প্ৰকৃততে এক “সৰ্ব্বসিদ্ধিৰ বান্ধনি।”—কলচীয়া ৩:১২-১৪.

এই সম্পৰ্কে কোৰিয়াৰ এগৰাকী ১৭ বছৰীয়া যুৱতীৰ বিষয়ে বিবেচনা কৰক। তাই যিহোৱাক সেৱা কৰিবলৈ আৰম্ভ কৰাত তাইৰ পৰিয়ালে সেই বিষয়ে অমান্তি হয় আৰু ফলস্বৰূপে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু তাই তেনে কাৰ্য্যত ক্ৰোধিত হোৱাৰ পৰিৱৰ্তে সেই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰে আৰু ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নিজৰ মনটোক পৰিচালিত হʼবলৈ দিয়ে। তাৰ পিছৰ পৰা তাই নিজৰ পৰিয়ালটোলৈ থকা মৰম আৰু স্নেহপূৰ্ণতাৰে নিজৰ অনুভূতি প্ৰকাশ কৰি নিয়মিতৰূপে চিঠি লিখিব ধৰে। ইয়াৰ ফলস্বৰূপে তাই দুজন ককায়েকে বাইবেল অধ্যয়ন কৰিবলৈ ধৰে আৰু বৰ্তমানে তেওঁলোক যিহোৱাৰ সমৰ্পিত সেৱকৰূপে সেৱা কৰি আছে। কালক্ৰমে তাইৰ মাক আৰু সৰু ভায়েকেও বাইবেলৰ পৰা সত্যতা গ্ৰহণ কৰে। শেষত কঠিনভাৱে বিৰোধ কৰা তাইৰ দেউতাকেও নিজৰ মন সলনি কৰি সত্যক গ্ৰহণ কৰে। এই বিষয়ে সেই সাক্ষী ভনী গৰাকীয়ে এইদৰে লিখিছে: “আমাৰ সকলোৰে সঙ্গী সাক্ষীসকলৰ সৈতে বিবাহ সম্পন্ন হয় আৰু বৰ্তমান আমি ২৩ জনে একক পৰিয়ালৰূপে যিহোৱাৰ সেৱা কৰি আছোঁ।” প্ৰেমে কেনে বিজয় লাভ কৰিছিল!

আপুনিও প্ৰকৃত প্ৰেম বিকাশিত আৰু আনকো তেনে কৰাত সহায় কৰিব বিচাৰেনে? সেই বহুমূলীয়া গুণটোৰ বিষয়ে শিকিবলৈ যিহোৱাৰ সাক্ষীসকলৰ কাষ চাপক। বাস্তৱতে তেওঁৰ বাক্যক হৃদয়েৰে পালন কৰি পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰক আৰু নিয়মীয়াকৈ খ্ৰীষ্টান ভাতৃত্বৰ সৈতে সঙ্গতি কৰক। (যিচয়া ১১:৯; মথি ৫:৫) অতি শীঘ্ৰেই যে সকলোবোৰ দুষ্টতা ধ্বংস হʼব আৰু প্ৰকৃত প্ৰেম কৰাসকলে ৰক্ষা পাব বুলি জানি আমি কিমান যে প্ৰফুল্লিত হওঁ! প্ৰকৃততে প্ৰেমেই হৈছে সন্তুষ্টি আৰু আনন্দদায়ক জীৱনৰ মুখ্য চাবি।—গীতমালা ৩৭:১০, ১১; ১ যোহন ৩:১৪. (w03 7/1)

[৬ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ অধ্যয়নে আমাক প্ৰকৃত প্ৰেম বিকাশিত কৰাত সহায় কৰে