Skip to content

Skip to table of contents

প্ৰেম হৈছে এক অপৰিহাৰ্য্য গুণ

প্ৰেম হৈছে এক অপৰিহাৰ্য্য গুণ

প্ৰেম হৈছে এক অপৰিহাৰ্য্য গুণ

বয়স, সংস্কৃতি, ভাষা বা জাতি যিয়েই নহওঁক কিয় সকলোকে প্ৰেমৰ আৱশ্যক। যদি এই আৱশ্যকতা পূৰণ নহয় তেনেহʼলে লোকসকলে সুখী হʼব নোৱাৰে। এই সম্পৰ্কে এজন চিকিৎসীয় গৱেষনাকাৰীয়ে এইদৰে লিখিছিল: “প্ৰেম হৈছে এনে এটা গুৰুত্বপূৰ্ণ উপাদান যিয়ে আমাক অসুস্থ, সুস্থ, দুখী, আনন্দিত, পীড়িত আৰু উপশম পোৱালৈ পৰিচালিত কৰে। যদি কোনো ঔষধে তেনেধৰণে প্ৰভাৱিত কৰা হʼলে চিকিৎসকসকলে নিশ্চয়ে সেই ঔষধটোক সকলো ৰোগীকে ব্যৱহাৰ কৰিবলৈ উপদেশ দিলেহেঁতেন। তেনে ঔষধক ব্যৱহাৰ নকৰিবলৈ উপদেশ দিয়াটো অৱশ্যে নিজৰ বৃত্তিৰ কাৰ্য্যত অৱহেলা কৰা হʼলহেঁতেন।”

বৰ্তমান সমাজে, বিশেষকৈ ইয়াৰ মাধ্যম আৰু জনপ্ৰিয় প্ৰতিষ্ঠানবোৰে মানৱজাতিক প্ৰেমময় সম্বন্ধ গঢ়ি তুলিবলৈ জোৰ দিয়াৰ পৰিৱৰ্তে প্ৰায়ে সা-সম্পত্তি, ক্ষমতা, যশস্যা আৰু যৌন সম্বন্ধ বৃদ্ধি কৰাত অধিক গুৰুত্ব দিয়ে। বেছিভাগ শিক্ষক-শিক্ষয়ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শিক্ষাদানৰ যোগেদি সমাজত এজনে উচ্চ স্থান লাভ কৰিবলৈ সাংসাৰিক লক্ষ্য আৰু বৃত্তিত সফলতা পোৱা আৱশ্যক বুলি শিক্ষা দিয়ে। এইটো সঁচা যে এজনে নিজৰ শিক্ষা আৰু পাৰ্গতালিক বিকাশিত কৰা আৱশ্যক, কিন্তু সেইবোৰত উপনীত হʼবলৈ পৰিয়াল আৰু বন্ধুবৰ্গক পাহৰি যোৱাটো প্ৰকৃততে উপযুক্ত হʼবনে? প্ৰাচীন সময়ৰ এজন লিখকে মানুহৰ চৰিত্ৰক লাভ কৰা এটা উপহাৰৰ সৈতে তুলনা কৰিছিল কিন্তু প্ৰেমহীন ব্যক্তিসকলক “বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ” বুলি উল্লেখ কৰিছে। (১ কৰিন্থীয়া ১৩:১) তেনেধৰণৰ ব্যক্তিসকলে হয়তো ধনৱন্ত আৰু জনপ্ৰিয় হʼব পাৰে, কিন্তু তেওঁলোকে প্ৰকৃততে সুখী নহয়।

যীচু এনে এজন ব্যক্তি আছিল যাৰ গভীৰ জ্ঞান আৰু মানৱজাতিৰ প্ৰতি বিশেষ অনুৰাগ আছিল। তেওঁৰ শিক্ষাত ঈশ্বৰৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে মুখ্য স্থান অধিকাৰ কৰিছিল। সেয়েহে তেওঁ এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। . . . তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৭-৩৯) বাস্তৱতে যিসকলে তেওঁৰ এই বাক্যশাৰীক পালন কৰে তেওঁলোকহে কেৱল যীচুৰ প্ৰকৃত অনুগামী। তদুপৰি যীচুৱে এইদৰে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহন ১৩:৩৫.

আজিৰ এই নিষ্ঠুৰতাপূৰ্ণ জগতখনত কেনেকৈ এজনে প্ৰেম কৰিবলৈ শিকিব পাৰে? পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীক কেনেকৈ প্ৰেমৰ বিষয়ে শিকাব পাৰে? পৰৱৰ্তী লেখত এই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। (w03 7/1)

[৩ পৃষ্ঠাৰ ছবিসমূহ]

আজিৰ এই লোভপূৰ্ণ জগতত প্ৰেম বিকাশিত কৰাটো এটা প্ৰত্যাহ্বানজনক বিষয়