Skip to content

Skip to table of contents

যিহোৱাৰ সেই দিন যেনেকৈ দ্ৰুতগতিত কাষ চাপি আহিছে আমি লোকসকলক কেনে দৃষ্টি কৰা উচিত?

যিহোৱাৰ সেই দিন যেনেকৈ দ্ৰুতগতিত কাষ চাপি আহিছে আমি লোকসকলক কেনে দৃষ্টি কৰা উচিত?

যিহোৱাৰ সেই দিন যেনেকৈ দ্ৰুতগতিত কাষ চাপি আহিছে আমি লোকসকলক কেনে দৃষ্টি কৰা উচিত?

“[যিহোৱাই, NW] নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়।”—২ পিতৰ ৩:৯.

১, ২. (ক) যিহোৱাই বৰ্তমান সময়ৰ লোকসকলৰ প্ৰতি কেনে দৃষ্টি ৰাখে? (খ) আমি নিজকে কেনেবোৰ প্ৰশ্ন সোধা আৱশ্যক?

 যিহোৱাৰ সেৱকসকলক “সকলো জাতিকে শিষ্য” কৰিবলৈ আজ্ঞা দিয়া হৈছে। (মথি ২৮:১৯) যেনেকৈ আমি এই নিযুক্তিক সম্পন্ন কৰি ‘যিহোৱাৰ মহাদিনলৈ’ আপেক্ষা কৰোঁ, তেনেকৈ আমি লোকসকলক তেওঁৰ দৰে দৃষ্টি কৰা আৱশ্যক। (চফনিয়া ১:১৪) যিহোৱাই লোকসকলক কেনেদৰে দৃষ্টি কৰে? এই বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: “[যিহোৱাই, NW] নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়।” (২ পিতৰ ৩:৯) যিহোৱাই প্ৰত্যেকজন ব্যক্তিকে মন-পালটন কৰিবলৈ সম্ভাৱনা থকা বুলি দৃষ্টি কৰে। কিয়নো “তেওঁৰ ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) গতিকে “দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে” তাত যিহোৱাই কিমান যে আনন্দিত হয়!—যিহিষ্কেল ৩৩:১১.

আমি ব্যক্তিগতভাৱে লোকসকলক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাওঁনে? তেওঁৰ দৰে আমিও প্ৰত্যেক জাতি আৰু ভাষাৰ লোকসকলক “চৰণীয়া পথাৰৰ মেৰ” হোৱাৰ সম্ভাৱনা থকা বুলি বিবেচনা কৰোঁনে? (গীতমালা ১০০:৩; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) আঁহক আমি ঈশ্বৰে লোকসকলৰ ওপৰত ৰখা গুৰুত্বপূৰ্ণ দৃষ্টিভঙ্গীৰ বিষয়ে দুটা উদাহৰণক বিবেচনা কৰোঁ। দুয়োটা ক্ষেত্ৰতে ধ্বংস একেবাৰে কাষত আছিল আৰু যিহোৱাৰ সেৱকসকলক এই বিষয়ে আগতীয়াকৈ জনোৱা হৈছিল। যিহেতু আমি যিহোৱাৰ সেই দিনলৈ অপেক্ষা কৰি থকাৰ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত এই দুটা উদাহৰণে আমাৰ বাবে এক বিশেষ অৰ্থ ৰাখে।

অব্ৰাহামে যিহোৱাৰ দৃষ্টিভঙ্গী বজাই ৰাখিছিল

৩. চদোম আৰু ঘমোৰাৰ নিবাসীসকলৰ প্ৰতি যিহোৱাই কেনে দৃষ্টভঙ্গী ৰাখিছিল?

প্ৰথমটো উদাহৰণত অব্ৰাহাম আৰু দুষ্টতাৰে পূৰ্ণ হোৱা চদোম আৰু ঘমোৰা নামৰ চহৰৰ বিষয়ে উল্লেখ কৰা হৈছে। যিহোৱাই “চদোম আৰু ঘমোৰাবিষয়ক চিঞৰ” শুনি তৎক্ষণাত তাৰ নিবাসীবিলাকক ধ্বংস কৰা নাছিল। সৰ্ব্বপ্ৰথমে তেওঁ সেই চহৰখনত অনুসন্ধান কৰিলে। (আদিপুস্তক ১৮:২০, ২১) চদোম চহৰখনত অনুসন্ধান কৰিবলৈ দুজন স্বৰ্গদূতক পঠোৱা হʼল আৰু তেওঁলোকে সেই চহৰত থকা লোট নামৰ এজন ধাৰ্ম্মিক ব্যক্তিৰ ঘৰত থাকিল। যি নিশা সেই স্বৰ্গদূত দুজন লোটৰ ঘৰত আছিল সেই স্বৰ্গদূতৰ সৈতে পুং মৈথুন কৰাৰ উদ্দেশ্যৰে “নগৰৰ পুৰুষবিলাক অৰ্থাৎ চদোমৰ লৰা বুঢ়া আদি সকলো লোকবিলাক চাৰিওফালৰ পৰা আহি তেওঁৰ ঘৰ বেৰি ধৰিলেহি।” সেই চহৰখনৰ অৱস্থা যে একেবাৰে অৱনতি ঘটিছিল তাৰ স্পষ্টকৈ প্ৰমাণ পোৱা গʼল আৰু সেইবাবে চহৰখন ধ্বংসৰ বাবে উপযুক্ত আছিল। তথাপিও স্বৰ্গদূত কেইজনে লোটক এইদৰে সুধিলে: “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নে? জোঁৱাই, পো, জী, আদি কৰি তোমাৰ যি যি লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিওৱা!” অৱশ্যে যিহোৱাই সেই চহৰখনত বাস কৰা কিছুমানৰ উদ্ধাৰৰ বাবে পথ মুকলি কৰিলে। কিন্তু শেষত কেৱল লোট আৰু তেওঁৰ দুজনী জীয়েকহে সেই ধ্বংসৰ পৰা ৰক্ষা পালে।—আদিপুস্তক ১৯:৪, ৫, ১২, ১৬, ২৩-২৬.

৪, ৫. অব্ৰাহামে কিয় চদোমত থকা নিবাসীবিলাকৰ বাবে মিনতি কৰিছিল আৰু লোকসকলৰ প্ৰতি ৰখা তেওঁৰ দৃষ্টিভঙ্গী যিহোৱাৰ সামঞ্জস্যত আছিলনে?

আঁহক এতিয়া আমি যিহোৱাই চদোম আৰু ঘমোৰা নামৰ চহৰখন ধ্বংস কৰাৰ সম্পৰ্কে থকা তেওঁৰ অভিপ্ৰায়ৰ বিষয়ে প্ৰকাশ কৰা সময়লৈ ঘূৰি যাওঁ। তেতিয়া অব্ৰাহামে এইদৰে মিনতি কৰিলে: “আপুনি দুষ্টৰ লগত ধাৰ্ম্মিককো সংহাৰ কৰিব নে? সেই নগৰৰ মাজত কিজানি পঞ্চাশ জন ধাৰ্ম্মিক লোক আছে; পাছে তাত থকা সেই পঞ্চাশ জন ধাৰ্ম্মিকৰ নিমিত্তে সেই ঠাইলৈ ক্ষমা নিদি, আপুনি তাক সংহাৰ কৰিব নে? দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম্ম আপোনাৰ পৰা দূৰ হওক; ধাৰ্ম্মিক লোককে দুষ্টৰ সমান কৰাও আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?” অব্ৰাহামে দুবাৰকৈ “আপোনাৰ পৰা দূৰ হওক” বুলি উক্তিটো ব্যৱহাৰ কৰিছিল। কিয়নো তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা জানিছিল যে যিহোৱাই কেতিয়াও দুষ্টবিলাকৰ সৈতে ধাৰ্ম্মিক ব্যক্তিসকলক ধ্বংস নকৰে। যিহোৱাই যেতিয়া অব্ৰাহামক জনালে যে যদি “নগৰৰ ভিতৰত পঞ্চাশ জন ধাৰ্ম্মিক” ব্যক্তি পায় তেন্তে চদোম চহৰখন ধ্বংস নকৰে, তেতিয়া অব্ৰাহামে ক্ৰমান্বয়ে সেই ধাৰ্ম্মিকৰ সংখ্যা দহজনলৈ হ্ৰাস কৰিলে।—আদিপুস্তক ১৮:২২-৩৩.

যদি অব্ৰাহামে নিজৰ দৃষ্টিভঙ্গীৰ সামঞ্জস্যত চলা হʼলে যিহোৱাই তেওঁৰ মিনতি শুনিলেহেঁতেননে? অৱশ্যেই নহয়। অব্ৰাহামে “ঈশ্বৰৰ মিতিৰ” হোৱাৰ বাবে তেওঁ যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে ভালদৰে জানিছিল। (যাকোব ২:২৩) যিহোৱাই চদোম আৰু ঘমোৰা চহৰখনৰ প্ৰতি মনোযোগ দি অব্ৰাহামে কৰা নিবেদনৰ বিষয়ে মনত ৰাখিছিল। কিয় মনত ৰাখিছিল? কিয়নো আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাৰ ইচ্ছা এই যে “কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়।”

যোনাই লোকসকলৰ প্ৰতি ৰখা দৃষ্টিভঙ্গী একেবাৰে বিপৰীত আছিল

৬. যোনাৰ ঘোষণা শুনি নীনবি চহৰৰ লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

এতিয়া আঁহক আমি দ্বিতীয়টো উদাহৰণ অৰ্থাৎ যোনাৰ বিষয়ে বিবেচনা কৰোঁহঁক। তেওঁৰ সময়ছোৱাত নীনবিৰ ধ্বংস একেবাৰে কাষত আছিল। ভৱিষ্যতবক্তা যোনাই ঘোষণা কৰি কৈছিল যে চহৰখনৰ দুষ্টতা একেবাৰে ‘যিহোৱাৰ গুৰি পালেহি।’ (যোনা ১:২) উপনগৰৰ সৈতে নীনবি এখন ডাঙৰ আৰু “তিনিদিনীয়া বাটৰ” চহৰ আছিল। যোনাই অৱশেষত নীনবি চহৰলৈ গৈ এইদৰে ঘোষণা কৰিলে: “নীনবি চল্লিশ দিনৰ মূৰত নষ্ট হʼব।” তেতিয়া “নীনবিৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি উপবাস ঘোষণা কৰিলে, আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে।” আনকি তাৰ ৰজাও মন পালনটন কৰিলে।—যোনা ৩:১-৬.

৭. নীনবিৰ লোকসকলে মন পৰিৱৰ্তন কৰাৰ প্ৰতি যিহোৱাই কেনে দৃষ্টিভঙ্গী ৰাখিলে?

চদোমৰ বিপৰীতে তেওঁলোকে কিমান যে এক উত্তম মনোবৃত্তি প্ৰকাশ কৰিলে! তেওঁলোকে কৰা মন-পালটনৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে? যোনা ৩:১০ পদত এইদৰে বৰ্ণনা কৰিছে: “তেতিয়া ঈশ্বৰে সিহঁতক নিজ নিজ মন্দ পথৰ পৰা ঘূৰা দেখি, সিহঁতলৈ তেওঁ মনস্থ কৰা অমঙ্গলৰ পৰা মন পালটালে, তাক নকৰিলে।” ইয়াত যিহোৱাই “মন পালটালে” বুলি উল্লেখ কৰা উক্তিটোৰ অৰ্থ হৈছে নীনবিৰ লোকসকলে মন-পালটন কৰা দেখি যিহোৱাই তেওঁলোকক ধ্বংস কৰিবলৈ লোৱা পদক্ষেপক সলনি কৰিলে। দৰাচলতে ঈশ্বৰীয় স্তৰসমূহ সলনি নহল, কিন্তু যিহোৱাই নীনবিৰ বাসিন্দাসকলে মন পৰিৱৰ্তন কৰা দেখি তেওঁৰ নিৰ্ণয় সলনি কৰিলে।—মলাখী ৩:৬.

৮. যোনাই কিয় অসন্তুষ্টি প্ৰকাশ কৰিলে?

যেতিয়া যোনাই জানিব পাৰিলে যে নীনবি ধ্বংস নহয় তেতিয়া তেওঁ যিহোৱাৰ দৰে দৃষ্টিভঙ্গী ৰাখিছিলনে? তেওঁ অৱশ্যে যিহোৱাৰ দৰে দৃষ্টিভঙ্গী ৰখা নাছিল। এই বিষয়ে বাইবেলে আমাক এইদৰে কৈছে: “ইয়াতে যোনাই অতিশয় বেজাৰ পালে, আৰু ক্ৰুদ্ধ হল।” ইয়াৰ উপৰি যোনাই আৰু কি কৰিলে? আগলৈ বৃতান্তই এইদৰে কৈছে: “তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কলে, হে যিহোৱা, মই তোমাক মিনতি কৰোঁ, মই নিজৰ দেশত থাকোঁতে সেইদৰে ভাবিছিলোঁ নহয় নে? এই কাৰণে মই তৰ্চীলৈ পলাবলৈ খৰ কৰিলোঁ; কিয়নো মই জানিছিলোঁ, যে, তুমি কৃপালু ঈশ্বৰ, দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু অমঙ্গলৰ পৰা মন পালটাওঁতা।” (যোনা ৪:১, ২) যোনাই যিহোৱাৰ গুণসমূহৰ বিষয়ে জানিছিল। সেই সময়ত তেওঁ অসন্তুষ্টি হৈ ঈশ্বৰে মন পালটন কৰা নীনবিসকলৰ প্ৰতি ৰখা দৃষ্টিভঙ্গীক গ্ৰহণ নকৰিলে।

৯, ১০. (ক) যিহোৱাই যোনাৰ বাবে কেনেধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰিলে? (খ) আমি কিয় ধাৰণা কৰিব পাৰোঁ যে যোনাই পিছলৈ নীনবিসকলৰ প্ৰতি থকা যিহোৱাৰ দৃষ্টিভঙ্গীক গ্ৰহণ কৰিলে?

যোনাই নীনবি চহৰৰ পৰা বাহিৰলৈ ওলাই গʼল আৰু নিজৰ নিমিত্তে পঁজা সাজি তাৰ ছাঁত বহি “নগৰখনৰ কি দশা হʼব” তালৈ অপেক্ষা কৰি থাকিল। যিহোৱাই যোনাক ছাঁ দিবৰ বাবে এজোপা এৰা গছ নিৰূপণ কৰিলে। কিন্তু পিছদিনা সেই গছজোপা জঁই পৰি গʼল। তাতে যোনাই ক্ৰুদ্ধিত হʼলত যিহোৱাই তেওঁক এইদৰে কʼল: “একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰা গছজোপালৈ তোমাৰ দয়া লাগিল; তেনেহলে সোঁ হাত আৰু বাওঁ হাতৰ মাজত প্ৰভেদ কৰিব নোৱাৰা এশ বিশ হাজাৰতকৈ অধিক মানুহ, আৰু অনেক পশুও থকা সেই মহানগৰ নীনবিলৈ মোৰ দয়া নালাগিব নে?” (যোনা ৪:৫-১১) যিহোৱাৰ দৃষ্টভঙ্গীৰ বিষয়ে যোনাৰ বাবে এইটো কিমান যে এক উত্তম পাঠ আছিল!

১০ যোনাই যদিও যিহোৱাই লোকসকলৰ প্ৰতি দুঃখিত হৈ কোৱা বাক্যসমূহক লিপিবদ্ধ কৰা নাই তথাপিও এইটো স্পষ্টকৈ প্ৰকাশ পালে যে ভৱিষ্যতবক্তাজনে নীনবিসকলে মন-পালটন কৰাৰ প্ৰতি নিজৰ মনোবৃত্তিক সাল-সলনি কৰিলে। ইয়াৰ পৰা আমি এইটো সিদ্ধান্তত উপনীত হʼব পাৰোঁ যে যিহোৱাই এই ঘটনাৰ সম্পৰ্কে লিপিবদ্ধ কৰিবলৈ যোনাক প্ৰেৰিত কৰিলে।

আপুনি কোনটো মনোবৃত্তি ৰাখিছে?

১১. বৰ্তমানে থকা লোকসকলৰ প্ৰতি অব্ৰাহামে কেনে দৃষ্টি ৰাখিলেহেঁতেন?

১১ আজিৰ সময়ত আমি আন এটা ধ্বংসৰ সম্মুখীন হৈছোঁ আৰু সেইটো যিহোৱাৰ সেই মহাদিনত দিনত এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংস। (লূক ১৭:২৬-৩০; গালাতীয়া ১:৪; ২ পিতৰ ৩:১০) যদি অব্ৰাহামে আজিও জীয়াই থকাহʼলে শীঘ্ৰেই ধ্বংস হʼবলগীয়া এই জগতৰ লোকসকৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰাখিলেহেঁতেন? যিসকলে এতিয়াও “ৰাজ্যৰ এই শুভবাৰ্ত্তা” শুনা নাই তেওঁলোকৰ প্ৰতি তেওঁ অৱশ্যেই চিন্তিত হʼলহেঁতেন। (মথি ২৪:১৪) চদোমত থকা ধাৰ্ম্মিক ব্যক্তিসকলৰ প্ৰতি চিন্তিত হৈ অব্ৰাহামে একেৰাহে ঈশ্বৰক মিনতি কৰিছিল। চয়তানৰ অধীনত থকা জগতৰ ৰীতি-নীতিক ত্যাগ কৰি ঈশ্বৰৰ উপাসনা কৰিবলৈ মন-পালটন কৰিব বিচৰা লোকৰ প্ৰতি আমি ব্যক্তিগতভাৱে চিন্তা কৰোঁনে?—১ যোহন ৫:১৯; প্ৰকাশিত বাক্য ১৮:২-৪.

১২. আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ প্ৰতি যোনাৰ দৰে মনোবৃত্তি বিকাশিত কৰাটো কিয় সহজ আৰু তাক আঁতৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ?

১২ দুষ্টতাৰ অন্ত হোৱাৰ বিষয়ে বাঞ্চা কৰাটো উচিত। (হবক্কুক ১:২, ৩) মন-পালটন কৰিবলগীয়া লোকসকলৰ প্ৰতি অবিবেচক হৈ যোনাৰ দৰে মনোবৃত্তি বিকাশিত কৰাটো একেবাৰে সহজ। এইটো বিশেষকৈ সেই সময়ত অধিক সঠিক যেন বোধ হʼব পাৰে যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে কʼবলৈ এনে লোকক সাক্ষাৎ কৰোঁ যিসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি অনিচ্ছুক, পৰিপন্থী বা সংগ্ৰামী মনোবৃত্তি ৰাখে। তেনে অৱস্থাত আমি হয়তো যিহোৱাই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ পূৰ্বেই একত্ৰিত কৰিবলগীয়া আন লোকৰ প্ৰতিও অবিবেচনাশীল হʼব পাৰোঁ। (ৰোমীয়া ২:৪) যদি আমি নিজকে গভীৰতাৰে পৰীক্ষা কৰি অলপমাত্ৰাতো নীনবিৰ প্ৰতি ৰখা যোনাৰ দৰে মনোবৃত্তি দেখিবলৈ পাইছোঁ, তেনেহʼলে কোনো পলম নকৰাকৈ আমাৰ দৃষ্টিভঙ্গীক সোধৰণী কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত।

১৩. আমি কিয় কʼব পাৰোঁ যে যিহোৱাই বৰ্তমান সময়ৰ লোকসকলৰ প্ৰতি বিবেচনা কৰে?

১৩ যিসকলে এতিয়ালৈকে যিহোৱাৰ উপাসনা কৰা নাই তেওঁলোকৰ প্ৰতি যিহোৱা চিন্তিত আৰু তেওঁৰ সমৰ্পিত লোকসকলৰ প্ৰাৰ্থনাৰ প্ৰতিও মনোযোগ দিয়ে। (মথি ১০:১১) উদাহৰণস্বৰূপে, তেওঁ তেওঁলোকৰ প্ৰাৰ্থনাৰ প্ৰত্যুত্তৰত “অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব।” (লূক ১৮:৭, ৮) তদুপৰি যিহোৱাই নিজৰ সময়ৰ অনুযায়ী তেওঁৰ উদ্দেশ্য আৰু প্ৰতিজ্ঞাসমূহ পূৰ্ণ কৰিব। (হবক্কুক ২:৩) ইয়াৰ উপৰিও যিহোৱাই নীনবিৰ লোকসকলে পুনৰাই দুষ্টতাৰ কাৰ্য্যত লিপ্ত হোৱাত ধ্বংস কৰাৰ দৰে এই পৃথিৱখনক সকলোবোৰ দুষ্টতাৰ পৰা মুক্ত কৰিব।—নহূম ৩:৫-৭.

১৪. যিহোৱাৰ সেই মহান দিনলৈ অপেক্ষা কৰি থাকি আমি কি কৰা আৱশ্যক?

১৪ যেতিয়ালৈকে এই দুষ্ট ৰীতি-ব্যৱস্থা যিহোৱাৰ সেই মহৎ দিনত ধ্বংস নহয় তেতিয়ালৈকে আমি ধৈৰ্য্যেৰে ঈশ্বৰৰ ইচ্ছা পালন কৰাত লাগি থাকিমনে? যিহোৱাৰ সেই দিন উপস্থিত হোৱালৈকে কিমানলৈকে প্ৰচাৰ কৰা আৱশ্যক সেই বিষয়ে যদিও আমি একো নাজানোঁ তথাপিও আমি জানোঁ যে ধ্বংস অথবা শেষ হোৱাৰ পূৰ্বেই ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগতত ঘোষণা কৰা আৱশ্যক। আমি অৱশ্যে যিহোৱাৰ গৃহটি গৌৰৱেৰে পূৰ্ণ কৰিবলৈ এতিয়াও যে “বাঞ্ছনীয় বস্তু” আহিবলৈ বাকী আছে তাৰ প্ৰতি চিন্তিত হোৱা উচিত।—হগ্‌গয় ২:৭.

আমাৰ কাৰ্য্যই আমাৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰে

১৫. কিহে আমাক প্ৰচাৰ কাৰ্য্য কৰাৰ আৱশ্যকতাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ প্ৰেৰিত কৰিব?

১৫ ধৰি লওক আমি এনে এখন সমাজত বাস কৰিছোঁ, যʼত আমাৰ শুভবাৰ্ত্তাৰ প্ৰতি লোকসকলে ইচ্ছুক নহয় আৰু আমাৰ পৰিস্থিতি ইমান অনুকূলজনকো নহয় যে আমি আৱশ্যক হোৱা ঠাইলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰিম। ধৰি লওক যে ধ্বংসৰ পূৰ্বেই আমাৰ এলেকাত থকা দহজন ব্যক্তিয়ে ঈশ্বৰৰ উপাসক হোৱাৰ সম্ভাৱনা আছে। আপুনি সেই দহজনক বিচাৰি পোৱাটো অতি মূল্যৱান বুলি বিবেচনা কৰিবনে? যীচুৱে লোকসমূহক দেখি তেওঁলোকৰ প্ৰতি “মৰম লাগিল কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) বাইবেল অধ্যয়ন আৰু মনোযোগেৰে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীত থকা প্ৰবন্ধসমূহ অধ্যয়ন কৰি আমি জগতত ঘটি থকা সকলো সমস্যা আৰু দুখঃ-কষ্টৰ বিষয়ে অধিক অন্তৰ্দৃষ্টি লাভ কৰিব পাৰোঁ। ইয়ে আমাক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ আৱশ্যকতাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ প্ৰেৰিত কৰিব। তদুপৰি ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰদান কৰা বাইবেল আধাৰিত প্ৰকাশনসমূহক সঘনাই প্ৰচাৰ এলেকাবোৰত অধিক কৃতজ্ঞতাৰে ব্যৱহাৰ কৰিব পাৰিম।—মথি ২৪:৪৫-৪৭; ২ তীমথিয় ৩:১৪-১৭.

১৬. আমি কেনেকৈ আমাৰ প্ৰচাৰ কাৰ্য্যক অধিক কাৰ্য্যকাৰী কৰিব পাৰিম?

১৬ এতিয়ালৈকে জীৱন-ৰক্ষক বাইবেলৰ বাৰ্ত্তা শুনিবলৈ বাকী থকা লোকসকলৰ প্ৰতি চিন্তাগ্ৰস্ত হোৱাই আমাক আমাৰ প্ৰচাৰ কাৰ্য্যত লগ পোৱা ব্যক্তিসকলক তেওঁলোকৰ সময়ৰ অনুসাৰে যিকোনো পদ্ধতিৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা দিবলৈ পৰিচালিত কৰিব। আমাৰ কেতিয়াবা এনে হয়নে যে যেতিয়া আমি লোকসকলক সাক্ষাৎ কৰিবলৈ যাওঁ তেতিয়া তেওঁলোকৰ অধিক সংখ্যকক ঘৰত লগ নাপাওঁ? যদি তেনে হয়, তেন্তে আমাৰ পৰিচৰ্য্যাৰ সময় সাল-সলনি কৰি তেওঁলোকক সাক্ষাৎ কৰোঁ তেতিয়া আমাৰ পৰিচৰ্য্যা অধিক কাৰ্য্যকাৰী হʼব পাৰে। এজন মাছমৰীয়াই সেই সময়ত মাছ ধৰিবলৈ যায় যি সময়ত অধিক মাছ ধৰিব পাৰে। আমিও আধ্যাত্মিকৰূপে মাছ ধৰিবলৈ সেই একেইদৰে কৰিব পাৰোঁনে? (মাৰ্ক ১:১৬-১৮) তেনেহʼলে যʼত বিধিসঙ্গত সেইবোৰত সন্ধ্যাৰ সময়ত সাক্ষী আৰু টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াটো আপোনাৰ বাবে সম্ভৱনে? কিছুমানে গাড়ী বা ট্ৰাক ৰখোৱা ঠাই বা পেট্ৰল পাম্প আৰু ষ্টৰবোৰক ‘মাছ ধৰা স্থানৰূপে’ বাছি লৈ কাৰ্য্যকাৰীৰূপে সাক্ষী দিব পাৰিছে। আমি সকলো সুযোগতে অনিয়মিতৰূপে সাক্ষী দি লোকসকলৰ প্ৰতি অব্ৰাহামৰ দৰে মনোবৃত্তি ৰখাটো প্ৰকাশ কৰিব পাৰিম।

১৭. অন্য দেশলৈ গৈ মিছনাৰী আৰু পূৰ্ণ-সময়ে সেৱা কৰা ভাই-ভনীসকলক আমি কি প্ৰকাৰে উৎসাহিত কৰিব পাৰোঁ?

১৭ বৰ্তমান সময়ত বহুতে আজিও ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে শুনা নাই। আমি আমাৰ প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত কোনো এটা ঘৰ বাদ পৰি যাবলৈ নিদি তেনে লোকসকলৰ প্ৰতি বিবেচক হোৱাটো প্ৰকাশ কৰিব পাৰিমনে? আমি তেনে মিছনাৰী বা পূৰ্ণ-সময়ে সেৱা কৰা ভাই-ভনীসকলৰ বিষয়ে জানোঁনে যিসকলে বিদেশলৈ গৈ ঈশ্বৰৰ পৰিচৰ্য্যা কাৰ্য্য কৰি আছে? যদি আমি তেওঁলোকৰ বিষয়ে জানোঁ তেন্তে তেওঁলোকৰ কাৰ্য্য প্ৰতি মূল্যাঙ্কন দেখুৱাই তেওঁলোকলৈ উৎসাহিতজনক পত্ৰ লিখিব পাৰোঁ। তেনে কৰাৰ দ্বাৰা আমি সাধাৰণ লোকসকলৰ প্ৰতি থকা বিবেচনাক কেনেকৈ প্ৰকাশ কৰোঁ? আমি লিখা উৎসাহিতজনক আৰু প্ৰশংসাসূচক পত্ৰই মিছনাৰী বা পূৰ্ণ-সময়ে সেৱা কৰা ভাই-ভনীসকলক তেওঁলোকৰ নিযুক্ত কাৰ্য্যত লাগি থাকি অনেকক সত্যতাৰ জ্ঞান দিয়াত সহায় কৰে। (বিচাৰকৰ্ত্তাবিলাক ১১:৪০, NW) তদুপৰি আমি মিছনাৰী আৰু আন দেশত থকা সত্যতাৰ প্ৰতি ভুকাতুৰ হোৱা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। (ইফিচীয়া ৬:১৮-২০) ইয়াৰ উপৰিও আমি যিহোৱাৰ সাক্ষীসকলৰ বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে আৰ্থিক দান আগবঢ়াইও সেই কাৰ্য্যৰ প্ৰতি আমাৰ মূল্যাঙ্কন দেখুৱাব পাৰোঁ।—২ কৰিন্থীয়া ৮:১৩, ১৪; ২ কৰিন্থীয়া ৯:৬, ৭.

আপুনি অন্য দেশলৈ গৈ পৰিচৰ্য্যা কাৰ্য্য কৰিব পাৰিবনে?

১৮. কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে নিজে বাস কৰা দেশখনত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক অধিককৈ প্ৰচাৰ কৰিবলৈ কি কৰিলে?

১৮ যিসকলে আৱশ্যক হোৱা আন দেশলৈ গৈ স্বাৰ্থত্যাগ কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে তেওঁলোকে বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰিছে। আনকি নিজৰ দেশখনত বাস কৰা যিহোৱাৰ সাক্ষীসকলে আন ভাষা কʼবলৈ শিকি নিজৰ দেশত থকা আন ভাষা কোৱা লোকক আধ্যাত্মিকৰূপে সহায় কৰিবলৈ পাৰিছে। তেনে প্ৰচেষ্টা অৱশ্যেই পুৰস্কাৰ দায়ক প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে, সাতজন যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে সংযুক্ত ৰাষ্ট্ৰৰ টেক্সাচ নামৰ চহৰত বাস কৰা চীন লোকক আধ্যাত্মিক সহায় আগবঢ়ালে, ফলস্বৰূপে ২০০১ চনত পালন কৰা প্ৰভুৰ ভোজ পৰ্ব্বত ১১৪ জন চীন ব্যক্তি উপস্থিত হৈছিল। যিসকলে তেনে সমূহক সহায় কৰিছিল তেওঁলোকে নিজৰ পথাৰখন দাবলৈ সাজু হোৱা দেখিবলৈ পালে।—মথি ৯:৩৭, ৩৮.

১৯. যদি আপুনি অন্য দেশলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰিছে তেন্তে কিহৰ বিষয়ে বিবেচনা কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব?

১৯ সম্ভৱতঃ আপুনি আৰু আপোনাৰ পৰিয়ালটোৱে অনুভৱ কৰিব পাৰিছে যে আৱশ্যক হোৱা ঠাইলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আপোনালোকৰ পৰিস্থিতিয়ে আপোনালোকক অনুমতি দিছে। সৰ্ব্বপ্ৰথমে, আপুনি “বহি তাৰ কিমান খৰচ” সেই বিষয়ে বিবেচনা কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। (লূক ১৪:২৮) বিশেষকৈ এইটো সেই ক্ষেত্ৰত অধিক প্ৰযোজ্য হয় যেতিয়া এজনে আন দেশলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰে। যিসকলে এনে কৰিবলৈ আঁচনি বনাইছে তেওঁলোকে নিজকে এইদৰে সোধা আৱশ্যক: ‘মই মোৰ পৰিয়ালটোক ভৰণ-পোষণ দিব পাৰিমনে? মই উপযুক্ত ভিছা লাভ কৰিব পাৰিমনে? মই সেই দেশৰ ভাষা কʼব জানোঁনে বা সেই দেশৰ ভাষা শিকিবলৈ ইচ্ছুকনে? মই সেই দেশৰ জলবায়ু আৰু সংস্কৃতিৰ বিষয়ে চিন্তা কৰিছোঁনে? মই বাস্তৱতে সেই দেশত থকা ভাই-ভনীৰ ওপৰত বোজা হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ “শান্তিজনক” হʼব পাৰিমনে? (কলচীয়া ৪:১০, ১১) আপুনি পৰিকল্পনা কৰা দেশলৈ যাবলৈ কিমান খৰচ হʼব আৰু আপোনাৰ হাতত কিমান থকা আৱশ্যক এই বিষয়ে বিতংকৈ জানিবলৈ সেই দেশৰ প্ৰচাৰ কাৰ্য্য চোৱা-চিতা কৰা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়লৈ লিখিলে উত্তম হʼব। *

২০. এজন ডেকা খ্ৰীষ্টান যুৱকে কেনেকৈ নিজৰ দেশ আৰু আন দেশত থকা ভাই-ভনীক সহায় কৰিব পাৰিলে?

২০ জাপানত ৰাজ্যগৃহ নিৰ্ম্মাণ কৰা এজন খ্ৰীষ্টান ভায়ে জানিব পাৰিলে যে দক্ষিণ আমেৰিকাৰ পাৰাগুৱে নামৰ চহৰত উপাসনা গৃহ নিৰ্মাণ কৰিবলৈ এজন নিপুণ কৰ্মীৰ আৱশ্যক। তেওঁ অবিবাহিত আৰু ডেকা যুৱক হোৱাৰ বাবে সেই দেশলৈ গৈ নিৰ্মাণ পৰিকল্পনাত সম্পূৰ্ণকৈ আঠ মাহ ধৰি পূৰ্ণ-সময়ে সেৱা কৰিলে। তেওঁ থকা সময়ছোৱাত তেওঁ স্পেনিচ ভাষা শিকিলে আৰু সেই ভাষাত গৃহ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। কিয়নো তেওঁ দেখিব পাৰিছিল যে সেই দেশত শুভবাৰ্ত্তা প্ৰচাৰকৰ আৱশ্যক। যদিও তেওঁ অলপ সময়ৰ বাবে জাপানলৈ উভটি আহিছিল, কিন্তু শীঘ্ৰেই তেওঁ পুনৰাই পাৰাগুৱেলৈ ঘূৰি গʼল আৰু তেওঁ নিৰ্ম্মাণ কৰা ৰাজ্যগৃহলৈ লোকসকলক একত্ৰিত কৰাত সহায় কৰিব ধৰিলে।

২১. যিহোৱাৰ সেই মহৎ দিনলৈ অপেক্ষা কৰি থাকি আমি কাৰ দৃষ্টিভঙ্গী ৰখা আৰু কেনে গুৰুত্বপূৰ্ণ কাৰ্য্যৰ প্ৰতি বিবেচনাশীল হোৱা আৱশ্যক?

২১ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য তেওঁৰ ইচ্ছা অনুসাৰে হৈছে নে নাই তাক যিহোৱা ঈশ্বৰে অৱশ্যেই লক্ষ্য কৰিব। বৰ্তমান সময়ত তেওঁ দ্ৰুতগতিত শস্য দোৱা কাৰ্য্য কৰিছে। (যিচয়া ৬০:২২) গতিকে আঁহক আমি যিহোৱাৰ সেই দিনলৈ অপেক্ষা কৰি লোকসকলৰ প্ৰতি প্ৰেমময় ঈশ্বৰৰ দৃষ্টিভঙ্গী ৰাখি উৎসাহেৰে শস্য দোৱা কাৰ্য্যত ভাগ লওঁহঁক। (w03 7/15)

[ফুটনোটবোৰ]

^ আপুনি যাবলগীয়া দেশখনত যদি প্ৰচাৰ কাৰ্য্যত প্ৰতিবন্ধ লগোৱা হৈছে, তেন্তে তালৈ যোৱাতো উপযুক্ত নহʼব। তদুপৰি তেনে কৰিলে তাত থকা প্ৰকাশকসকলে সতৰ্কতাৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা কাৰ্য্যতো বাধা উৎপন্ন হʼব পাৰে।

আপোনাৰ মনত আছেনে?

আমি যিহোৱাৰ সেই দিনলৈ অপেক্ষা কৰি থাকি লোকসকলৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰখা আৱশ্যক?

চদোমত ৰক্ষা পাবলগীয়া ধাৰ্ম্মিক লোকসকলৰ প্ৰতি অব্ৰাহামে কেনে দৃষ্টিভঙ্গী ৰাখিছিল?

মন-পালটন কৰা নীনবিৰ লোকসকলক যোনাই কেনেকৈ দৃষ্টি কৰিছিল?

যিসকলে এতিয়ালৈকে শুভবাৰ্ত্তাৰ বিষয়ে শুনা নাই তেওঁলোকৰ প্ৰতি যে আমি যিহোৱাৰ দৃষ্টিভঙ্গী ৰাখিছোঁ তাক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবি]

অব্ৰাহামে লোকসকলক যিহোৱাৰ দৃষ্টিভঙ্গীৰে লক্ষ্য কৰিছিল

[২৭ পৃষ্ঠাৰ ছবি]

মন-পালটন কৰা নীনবিৰ লোকসকলৰ প্ৰতি থকা যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে যোনাই জানিব পাৰিলে

[২৮ পৃষ্ঠাৰ ছবিসমূহ]

লোকসকলৰ প্ৰতি ৰখা চিন্তাধাৰাই আমাক যিকোনো সময় আৰু পদ্ধতিৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ বিবেচনাশীল কৰি তুলিব