Skip to content

Skip to table of contents

ঈশ্বৰৰ সেৱকসকলৰ ওচৰত প্ৰকৃত আশা আছে

ঈশ্বৰৰ সেৱকসকলৰ ওচৰত প্ৰকৃত আশা আছে

ঈশ্বৰৰ সেৱকসকলৰ ওচৰত প্ৰকৃত আশা আছে

“মানুহলৈ অপেক্ষা নকৰা . . . যিহোৱাৰ পৰা অহা নিয়ৰ যেন, আৰু ঘাহৰ ওপৰত পৰা বৰষুণৰ জাক যেন হৈ যাকোবৰ অৱশিষ্ট ভাগ অনেক জাতিৰ মাজত হব।”—মীখা ৫:৭.

১. আধ্যাত্মিক ইস্ৰায়েলে মানৱজাতিৰ বাবে কেনেকৈ সতেজতাৰ উৎস হিচাবে প্ৰমাণিত হৈছে?

 বৰষুণ আৰু নিয়ৰ দিওঁতাজন হৈছে মহান সৃষ্টিকৰ্তা ঈশ্বৰ যিহোৱা। গতিকে ইয়াৰ বাবে মানুহলৈ অপেক্ষা কৰাটো ব্যৰ্থ হʼব। এই সন্দৰ্ভত ভৱিষ্যতবক্তা যিৰিমিয়াই এইদৰে লিখিছিল: “মানুহলৈ অপেক্ষা নকৰা, বা মনুষ্য-সন্তানবিলাকলৈ বাট নোচোৱা, যিহোৱাৰ পৰা অহা নিয়ৰ যেন, আৰু ঘাহৰ ওপৰত পৰা বৰষুণৰ জাক যেন হৈ যাকোবৰ অৱশিষ্ট ভাগ অনেক জাতিৰ মাজত হব।” (মীখা ৫:৭) তেন্তে বৰ্তমান সময়ত কোনসকল লোক “যাকোবৰ অৱশিষ্ট ভাগ”? তেওঁলোক হৈছে আধ্যাত্মিক ইস্ৰায়েল যাক “ঈশ্বৰৰ ইস্ৰায়েল” বুলিও কোৱা হয়। (গালাতীয়া ৬:১৬) পৃথিৱীত থকা “অনেক জাতিৰ” বাবে তেওঁলোক হৈছে যিহোৱাৰ পৰা “অহা নিয়ৰ আৰু ঘাহৰ ওপৰত পৰা বৰষুণৰ” দৰে। সঁচাকৈ অভিষিক্ত ব্যক্তিসকল লোকবিলাকৰ বাবে যিহোৱাৰ পৰা অহা আশীৰ্ব্বাদ। যিহোৱাই তেওঁলোকক নিজৰ ৰাজ্যৰ প্ৰচাৰক হিচাবে ব্যৱহাৰ কৰি লোকসকলক প্ৰকৃত আশাৰ বাৰ্ত্তা শুনাইছে।

২. সংকটময় জগতত বাস কৰাৰ স্বত্বেও আমাৰ ওচৰত প্ৰকৃত আশা আছে বুলি কিয় কʼব পাৰোঁ?

এই জগতত প্ৰকৃত আশাৰ অভাৱ আছে বুলি জানি আচৰিত নহʼব। কিয়নো চয়তানে ইয়াৰ শাসক হোৱাৰ বাবে আজি ৰাজনৈতিক অস্থিৰতা, নৈতিক অধঃপতন, হিংসাত্মক কাৰ্য্য, সন্ত্ৰাসবাদ আৰু যুদ্ধ হোৱাটো দেখিবলৈ পোৱা গৈছে। (১ যোহন ৫:১৯) সেয়েহে বহুতে এনে পৰিস্থিতিত থকাৰ বাবে ভৱিষ্যতে কি ঘটিব তাৰ প্ৰতি চিন্তিত হৈ ব্যাকুল হৈছে। কিন্তু যিহোৱাৰ সেৱক হোৱা হেতুকে আমি ভৱিষ্যতৰ বিষয়ে ভাবি অলপো ভয়ভিত নহওঁ। কিয়নো আমাৰ ওচৰত ঈশ্বৰৰ বাক্যৰ আধাৰিত প্ৰকৃত আশা আছে। আমি যিহোৱা আৰু তেওঁৰ বাক্যত ভাৰসা ৰাখোঁ। কিয়নো তেওঁ কোৱা এষাৰো কথা অসত্য বুলি প্ৰমাণিত হোৱা নাই।

৩. (ক) যিহোৱাই কিয় ইস্ৰায়েল আৰু যিহূদাৰ বিৰুদ্ধে পদক্ষেপ লৈছিল? (খ) আজিৰ সময়তো মীখাৰ বাক্যশাৰী কিয় কাৰ্য্যকাৰী?

ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ লিখা মীখাৰ ভৱিষ্যতবাণীয়ে আমাক যিহোৱাৰ সৈতে চলিবলৈ আৰু প্ৰকৃত আশা ৰাখিবলৈ উৎসাহিত কৰিছে। সা.যু.পূ. ৮ শতিকাত যেতিয়া ভৱিষ্যতবক্তা মীখাই প্ৰচাৰ কৰিছিল তেতিয়া ঈশ্বৰৰ ব্যৱস্থাৰ অন্তৰ্গত থকা লোকসকল ইস্ৰায়েল আৰু যিহূদা নামেৰে দুটা বংশত বিভক্ত আছিল। এই দুয়োটা বংশৰ লোকে ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰিছিল। পৰিণামস্বৰূপে, তেওঁলোক অনৈতিক, ধৰ্ম্মত্যাগী আৰু ভৌতিকবাদী হৈ পৰিছিল। সেই সময়ত ঈশ্বৰে তেওঁলোকে কৰা কাৰ্য্যৰ অহিতে আচৰণ কৰিব বুলি মীখা ভৱিষ্যতবক্তাৰ দ্বাৰা তেওঁলোকক সতৰ্ক কৰিছিল। আজিও সেই একেই ধৰণৰ পৰস্থিতি দেখিবলৈ পোৱা যায় আৰু তেওঁৰ বাক্য এতিয়াও কাৰ্য্যকাৰী। এই বিষয়ে মীখা কিতাপৰ ১ ৰ পৰা ৭ অধ্যায় লৈকে থকা কিছুমান বিষয়ক আলোচনা কৰি আমি আৰু স্পষ্টকৈ জানিব পাৰিম।

মীখা কিতাপখনৰ সাৰাংশ

৪. মীখা ১ পৰা লৈ ৩ অধ্যায়ত আমি কেনে সংবাদৰ বিষয়ে পঢ়িবলৈ পাওঁ?

আঁহক আমি মীখা কিতাপখনৰ মুল কথাক চমুকৈ নিৰীক্ষণ কৰোঁহঁক। কিতাপখনৰ প্ৰথম অধ্যায়ত যিহোৱাই বিদ্ৰোহী ইস্ৰায়েল আৰু যিহূদাই কৰা কাৰ্য্যসমূহৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে, যাৰ পৰিণামস্বৰূপে, অবজ্ঞাকাৰী ইস্ৰায়েলৰ ধ্বংস আৰু যিহূদাৰ ন্যায় যিৰূচালেমৰ ৰাজদুৱাৰ পাইছিল। দ্বিতীয় অধ্যায়ত প্ৰকাশ কৰিছে যে বলৱন্ত আৰু ধনীসকলে কেনেকৈ দুৰ্ব্বল আৰু অসহায় লোকৰ ওপৰত অত্যাচাৰ কৰে। তথাপিও ঈশ্বৰে তেওঁলোকৰ বাবে এক প্ৰতিজ্ঞা কৰিছে যে ঈশ্বৰৰ লোকসকলে একেলগে মিলিজুলি থাকিব। তৃতীয় অধ্যায়ত প্ৰধান আৰু অৱজ্ঞাকাৰী ভৱিষ্যতবক্তাসকলৰ বাবে যিহোৱাৰ ন্যায়দণ্ডৰ বিষয়ে কৈছে। কিয়নো তেওঁলোকে অন্যায় আৰু ভাবী কোৱাসকলৰ মিছা পক্ষ লৈছিল। তেনে পৰিস্থিত থকাৰ স্বত্ত্বেও ভৱিষ্যতবক্তা মীখাই পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ যিহোৱাৰ ন্যায়দণ্ডৰ বিষয়ে ঘোষণা কৰিছিল।

৫. মীখা ৪ আৰু অধ্যায়ত কিহৰ বিষয়ে কৈছে?

চতুৰ্থ অধ্যায়ত শেষ-কালত সকলো জাতি যিহোৱাৰ দ্বাৰা শিক্ষিত হʼবলৈ তেওঁৰ পৰ্ব্বতটিলৈ গোট খাব বুলি কোৱা হৈছে। ইয়াৰ আগেয়ে যিহূদাক বন্দী কৰি বাবিললৈ লৈ যোৱা হʼব, কিন্তু যিহোৱাই তাইক উদ্ধাৰ কৰিব। পশ্চম অধ্যায়ত কোৱা হৈছে যে বৈৎলেহেম নামৰ নগৰখনত মচীহৰ জন্ম হʼব। তেওঁ নিজৰ লোকসকলৰ ৰখীয়া আৰু তেওঁলোকক অত্যাচাৰীৰ হাতৰ পৰা ৰক্ষা কৰিব।

৬, ৭. মীখা ৬ আৰু অধ্যায়ত কেনে বিষয়বোৰ উল্লেখ কৰা হৈছে?

মীখা ৬ অধ্যায়ত যিহোৱাই বিধানৰ যোগেদি নিজৰ লোকসকলক দোষাৰোপ কৰিছে বুলি কৈছে। যিহোৱাই তেওঁলোকক কোনো অন্যায় সাধিলেনে যাৰ বাবে তেওঁলোকে তেওঁৰ বিৰোধ কৰিছিল? অৱশ্যেই নহয়। দৰাচলতে যিহোৱাই তেওঁলোকৰ পৰা বিচৰাখিনি একেবাৰে যুক্তিসঙ্গত আছিল। কিয়নো তেওঁ বিচাৰিছিল যে তেওঁলোকে যাতে ন্যায়, দয়া আৰু নম্ৰভাৱে চলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে অন্যায়ৰ পথ বাছি লৈ যিহোৱাৰ অহিতে বিদ্ৰোহ কৰে আৰু তাৰ পৰিণাম ভুগীবলগীয়া হয়।

এই কিতাপখনৰ শেষ অধ্যায়ত ভৱিষ্যতবক্তা মীখাই তেওঁৰ সময়ত থকা ভাবী কোৱাসকলৰ দুষ্টতাৰ কাৰ্য্যবোৰক কঠোৰভাৱে দোষাৰোপ কৰিছিল। তেনে পৰিস্থিতিতো তেওঁ নিৰুৎসাহী নহৈ “ঈশ্বৰলৈ বাট” চোৱা মনোবৃত্তি প্ৰকাশ কৰিলে। (মীখা ৭:৭) এই কিতাপখনৰ সামৰণিত যিহোৱাই তেওঁৰ লোকসকলৰ প্ৰতি দেখুৱাব লগা দয়াৰ বিষয়ে আশ্বাস প্ৰদান কৰিছে। আনকি ইতিহাসেও এই আশাৰ বিষয়ে সাক্ষী দিছে। সা.যু.পূ. ৫৩৭ চনত যিহোৱাই নিজৰ লোকসকলক স্বদেশলৈ উভটাই আনে।

৮. আপুনি মীখা কিতাপৰ মূল কথাবোৰক কেনেকৈ সংক্ষেপে দাঙি ধৰিব?

মীখা কিতাপৰ দ্বাৰা যিহোৱাই কিযে উত্তম সংবাদ প্ৰদান কৰিছে! ঈশ্বৰক কেৱল মুখেৰে উপাসনা কৰা বুলি দাবী কৰোঁতাসকলৰ সৈতে যিহোৱাই কেনে আচৰণ কৰিলে তাৰ বিষয়ে এই প্ৰেৰিত কিতাপখনে বহুতো সতৰ্কবাণী দাঙি ধৰিছে। বৰ্তমান সময়ত ঘটি থকা ঘটনাবোৰৰ বিষয়ে পূৰ্ব্বেই ভৱিষ্যতবাণী কৰা হৈছিল। ইয়াৰ উপৰিও এই কিতাপখনে শেষ-কালত নিজৰ আশা দৃঢ় কৰিবলৈ আমি কেনেকৈ চলা আৱশ্যক তাৰ বিষয়ে পৰামৰ্শ দিছে।

সৰ্ব্বশক্তিমান যিহোৱাই এই কথা কৈছে

৯. মীখা ১:২ পদৰ অনুসাৰে যিহোৱাই কি কৰিবলগীয়া আছিল?

এতিয়া আঁহক আমি মীখা কিতাপখনক বিতংকৈ পৰ্য্যবেক্ষণ কৰোঁহঁক। মীখা ১:২ পদত কৈছে: “হে জাতিবিলাক, তোমালোক সকলোৱে শুনা, হে পৃথিবী আৰু তাত থকা সকলো, কাণ পাতা। প্ৰভু যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী হওক; প্ৰভুৱে নিজ পবিত্ৰ মন্দিৰৰ পৰা সাক্ষী হওক।” যদি আপুনি সেই সময়ত বাস কৰা হʼলে, এই বাক্যশাৰীয়ে নিশ্চয়ে আপোনাৰ ধ্যান আকৰ্ষিত কৰিলেহেঁতেন। কিয়নো যিহোৱাই নিজৰ মন্দিৰৰ পৰা কেৱল ইস্ৰায়েল বা যিহূদাত থকা লোকসকলক নহয় কিন্তু সমূদায় লোকৰ বাবে এই কথা কৈছে। কিন্তু মীখাৰ সময়ৰ লোকসকলে সেই বাক্যশাৰীৰ প্ৰতি কোনো মনোযোগ নিদিলে। সেইবাবে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ সঙ্কল্প কৰিছিল।

১০. মীখা ১:২ পদত উল্লেখ কৰা বাক্যশাৰী আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

১০ সেই কথাফাঁকি আমাৰ সময়ৰ বাবেও সত্য। প্ৰকাশিত বাক্য ১৪:১৮-২০ পদত দেখুৱাইছে যে যিহোৱাই পুনৰ নিজৰ পবিত্ৰ মন্দিৰৰ পৰা এই কথা কৈছে। তেওঁ অনতিপলমে পদক্ষেপ লʼব আৰু তেওঁৰ কাৰ্য্যই সমুদায় মানৱজাতিক পুনৰাই কম্পিত কৰি তুলিব। এইবাৰ “পৃথিবীৰ দ্ৰাক্ষালতাৰ” দৰে থকা দুষ্ট ব্যক্তিবিলাকে ঈশ্বৰৰ ক্ৰোধৰ আগত তিষ্ঠিব নোৱাৰিব আৰু তেওঁলোকক সম্পূৰ্ণকৈ উচ্ছন্ন কৰা হʼব।

১১. মীখা ১:৩, ৪ পদত উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ কি?

১১ আগলৈ যিহোৱাই কি কৰিবলৈ গৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। মীখা ১:৩, ৪ পদত এইদৰে কৈছে: “কিয়নো চোৱা, যিহোৱা নিজ ঠাইৰ পৰা ওলাইছে, তেওঁ নামি পৃথিবীৰ উচ্চ-স্থানবোৰৰ ওপৰেদি গমন কৰিব। যেনেকৈ জুইৰ তাপত মম পমি যায়, আৰু গড়া ঠাইত পানী ঢালিলে যেনেকৈ মাটি খানি নিয়ে, তেনেকৈ তেওঁৰ ভৰিৰ তলত পৰ্ব্বতবোৰ পমি যাব, আৰু উপত্যকাবোৰ খানি নিয়া হব।” বাস্তৱতে যিহোৱাই স্বৰ্গৰ পৰা নামি আহি পৰ্ব্বত আৰু উপত্যকাবোৰত গমন কৰিবনে? তেওঁ এনেদৰে কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল তেওঁ পৃথিৱীলৈ কৰা দৃষ্টিয়ে তেওঁৰ ইচ্ছাক সফল কৰিব। তদুপৰি ইয়াত বাস্তৱিকতে যিহোৱাই পৃথিৱীলৈ নামি অহাৰ বিষয়ে কোৱা নাই কিন্তু নিবাসীসকলে সম্মুখীন হʼবলগীয়া বিষয়েহে উল্লেখ কৰিছে। যিদৰে ভূমিকম্পৰ ফলত পৰ্ব্বতবোৰ খহি বা ফাটি সিঁচৰিত হৈ পৰে ঠিক সেইদৰে অবিশ্বাসীসকলৰ বাবে যিহোৱাই লোৱা পদক্ষেপ ভয়াবহ প্ৰমাণিত হʼব।

১২, ১৩. ২ পিতৰ ৩:১০-১২ পদৰ অনুসাৰে আমাৰ আশাক কিহে দৃঢ় কৰিছে?

১২ মীখা ১:৩,৪ পদত উল্লেখ কৰা ভৱিষ্যতসূচক বাক্যবোৰে হয়তো আপোনাক আন এটা ভৱিষ্যতবাণীৰ বিষয়ে সোঁৱৰাই দিব পাৰে, যʼত পৃথিৱীত ঘটিবলগীয়া ভয়াবহ ঘটনাবোৰৰ বিষয়ে দাঙি ধৰিছে। যাৰ বিষয়ে পাঁচনি পিতৰে ২ পিতৰ ৩:১০ পদত এনেদৰে কৈছে: “সেইদিনা আকাশ-মণ্ডলে হূ হূ শব্দ কৰি গুচি যাব, আৰু মূলবস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হব; আৰু পৃথিবী আৰু তাৰ সকলো বস্তু পোৰা যাব।” মীখাৰ ভৱিষ্যতবাণীৰ দৰে পাঁচনি পিতৰে কোৱা বাক্যবোৰেও প্ৰকৃত আকাশ-মণ্ডল আৰু পৃথিৱীক বুজোৱা নাই। সেই দুয়োটা পদত উল্লেখ কৰা বাক্যবোৰে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ওপৰত আহিবলগীয়া মহা-ক্লেশৰ বিষয়কহে বুজাইছে।

১৩ ভৱিষ্যতে ঘটিবলগীয়া তেনে ভয়াবহ ঘটনাৰ স্বত্বেও প্ৰকৃত খ্ৰীষ্টানসকলে মীখাৰ দৰে ভাৰসা ৰাখিব পাৰে। কেনেকৈ ৰাখিব পাৰে? পাঁচনি পিতৰে লিখা পত্ৰখনত উল্লেখ কৰা পৰামৰ্শক পালন কৰাৰ দ্বাৰা। তেওঁ পত্ৰখনত এনেদৰে বৰ্ণনা কৰিছে: “তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?” (২ পিতৰ ৩:১১, ১২) যদি আমি আজ্ঞাকাৰী হৈ পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কাৰ্য্য কৰোঁ তেন্তে আমাৰ আশা দৃঢ় হʼব। সেইবাবে আমাৰ আশা বজাই ৰাখিবলৈ হʼলে আমি যিহোৱাৰ দিন অৱশ্যেই আহিব বুলি মনত ৰখা উচিত।

১৪. যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল কিয় দণ্ডৰ পাত্ৰ আছিল?

১৪ যিহোৱাই বৰ্ণনা কৰিছে যে প্ৰাচীন সময়ত তেওঁৰ লোকসকল কিয় দণ্ড পোৱাৰ যোগ্য আছিল। মীখা ১:৫ পদত এইদৰে কৈছে: “যাকোবৰ অপৰাধৰ নিমিত্তে, আৰু ইস্ৰায়েলবংশৰ পাপৰ কাৰণেই এই সকলো হব; যাকোবৰ অপৰাধ কি? চমৰিয়া নহয় নে? আৰু যিহূদাৰ উচ্চ-স্থানবোৰ কি? যিৰূচালেম নহয় নে?” যিহূদা আৰু ইস্ৰায়েল যিহোৱাৰ বাবেহে বিদ্যামান হৈছিল। তথাপিও তেওঁলোকে তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে আৰু সেই বিদ্ৰোহ তেওঁলোকৰ ৰাজধানী চহৰ চমৰিয়া আৰু যিৰূচালেমলৈ বৃদ্ধি পাইছিল।

অধাৰ্ম্মিক কাৰ্য্যৰ কোনা সীমা নাই

১৫, ১৬. মীখাৰ সময়ত থকা ব্যক্তিসকলে কেনে ধৰণৰ অধাৰ্ম্মিক কাৰ্য্যত লিপ্ত হৈ নিজকে দোষী সাব্যস্থ কৰিছিল?

১৫ সেই সময়ত লোকবিলাকে কৰা অধাৰ্ম্মিক কাৰ্য্যৰ বিষয়ে মীখা ২:১, ২ পদত এইদৰে কৈছে: “যিবোৰে নিজ নিজ শয্যাত অধৰ্ম্ম কল্পনা কৰে, আৰু কুকৰ্ম্ম চিন্তা কৰে, সিহঁতৰ সন্তাপ হব। ৰাতি পুৱালেই সিহঁতে তাক সিদ্ধ কৰে; কাৰণ সেয়ে সিহঁতৰ হাতৰ ক্ষমতাৰ অধীন। সিহঁতে পথাৰলৈ লোভ কৰি সেইবোৰ বলেৰে লয়, আৰু ঘৰলৈ লোভ কৰি সেইবোৰ হৰণ কৰে; এইদৰে সিহঁতে পুৰুষ আৰু তাৰ ঘৰ, এনে কি, মানুহ আৰু তাৰ পৈতৃক আধিপত্যলৈ অত্যাচাৰ কৰে।”

১৬ ওচৰ-চুবুৰীয়াৰ ঘৰ আৰু পথাৰ দখল কৰিবলৈ লোভীয়া ব্যক্তিসকলে মনে মনে কল্পনা কৰে। ৰাতিপুৱাতে তেওঁলোকে তাক পূৰ্ণ কৰিবলৈ ওলাই যায়। তেওঁলোকে যিহোৱাৰ ব্যৱস্থাক পালন কৰাহʼলে তেনে ধৰণৰ কাৰ্য্য কেতিয়াও নকৰিলেহেঁতেন। কিয়নো মোচিৰ নিয়মত দৰিদ্ৰসকলক নিৰাপত্তা প্ৰদান কৰাৰ অৰ্থে স্পষ্ট আজ্ঞা দিছিল। এই ব্যৱস্থাৰ অনুসাৰে পৰিয়ালৰ কোনো এজন সদস্যই নিজৰ উত্তৰাধিকাৰীক স্থায়ীভাৱে হেৰুৱাব লগা নহৈছিল। কিন্তু লোভীয়া ব্যক্তিসকলে এই সকলোবোৰ বিষয়ত কোনো মান্যতা নাৰাখিছিল। তেওঁলোকে লেবীয়া পুস্তক ১৯:১৮ পদত কোৱা এই কথাষাৰক অগ্ৰাহ্য কৰিলে, যʼত এইদৰে কোৱা হৈছে: “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।”

১৭. ঈশ্বৰক সেৱা কৰা বুলি দাবী কৰাসকলে যেতিয়া ভৌতিক বস্তুক প্ৰথম স্থান দিয়ে তেতিয়া কি হʼব পাৰে?

১৭ তেওঁলোকৰ এনে কাৰ্য্যৰ দ্বাৰা ইয়াকে জানিব পাৰি যে যেতিয়া লোকসকলে আধ্যাত্মিক লক্ষ্যৰ পৰা আঁতৰি ভৌতিকবাদৰ প্ৰতি আগ্ৰহী হৈ ঈশ্বৰক সেৱা কৰা বুলি দাবী কৰে তেতিয়া কেনে পৰিণাম হʼব পাৰে। এই সন্দৰ্ভত পাঁচনি পৌলে তেওঁৰ সময়ত থকা খ্ৰীষ্টানসকলক এইদৰে সতৰ্ক কৰিছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে।” (১ তীমথিয় ৬:৯) যেতিয়া এজন ব্যক্তিয়ে ধনী হʼবলৈ ইচ্ছা কৰে তেতিয়া তেওঁৰ জীৱনৰ প্ৰমুখ লক্ষ্য হয় ধনক উপাসনা কৰা। সেই মিছা দেৱতাৰ ওচৰত ভৱিষ্যতৰ প্ৰতি থকা আমাৰ আশাক দৃঢ় কৰাৰ কোনো শক্তি নাই।—মথি ৬:৪.

১৮. মীখাৰ সময়ৰ ভৌতিক বস্তুবোৰৰ সৈতে কি ঘটিবলৈ আছিল?

১৮ মীখাৰ সময়ত বহুতে ভৌতিক বস্তুৰ ওপৰত ভাৰসা ৰাখি বেদনাদায়ক পৰিস্থিতিৰ সম্মুখীন হৈছিল। কিয়নো যিহোৱাই মীখা ২:৪ পদত এইদৰে কৈছে: “সেই দিনা লোকে তোমালোকৰ বিষয়ে প্ৰবাদ ব্যৱহাৰ কৰিব, শোকপূৰ্ণ বিলাপৰ গান ধৰি কব, আমি একেবাৰে বিনষ্ট হলোঁ; তেওঁ মোৰ জাতিৰ অংশ অন্যৰ হাতত দিছে; তেওঁ মোৰ পৰা তাক কেনেকৈ দূৰ কৰিছে। বিদ্ৰোহীহঁতক তেওঁ আমাৰ পথাৰবোৰ ভাগ কৰি দিছে।” আনৰ ঘৰৰ সেই লুটকাৰীসকলে নিজৰ উত্তৰাধিকাৰী হেৰুৱাব। তেওঁলোকক অচিনাকী দেশলৈ নিয়া হʼব আৰু তেওঁলোকৰ সম্পত্তি “বিদ্ৰোহী” বা অন্য জাতিৰ বাবে লুটৰ বস্তু হʼব। ভৱিষ্যতৰ প্ৰতি থকা তেওঁলোকৰ সকলো ধৰণৰ আশা লুপ্ত হʼব।

১৯, ২০. যিহোৱাত ভাৰসা ৰাখা ইহুদীসকলে কি অভিজ্ঞতা লাভ কৰিছিল?

১৯ তথাপিও যিহোৱাত ভাৰসা ৰখাসকলৰ আশা লুপ্ত নহʼব। কিয়নো অব্ৰাহাম আৰু দায়ূদৰ সৈতে কৰা প্ৰতিশ্ৰুতিৰ প্ৰতি যিহোৱা হৈছে সত্যবদী। ইয়াৰ উপৰিও আনৰ বাবে ক্লেশ পোৱা মীখাৰ দৰে ব্যক্তিসকলক দয়া দেখুৱাওঁতা ঈশ্বৰ। ধাৰ্ম্মিকবিলাকৰ নিমিত্তে তেওঁ যথাসময়ত পৰমদেশ পুনৰস্থাপিত কৰিব।

২০ উদাহৰণস্বৰূপে, সা.যু.পূ. ৫৩৭ চনত বাবিল সাম্ৰাজ্যৰ পতনৰ পাছত আজ্ঞাকাৰী ইহুদীসকল পুনৰাই নিজৰ দেশলৈ উভটি গৈছিল। সেই সময়ছোৱাত মীখা ২:১২ পদটোৰ প্ৰথম পূৰ্ণতা দেখিবলৈ পোৱা গৈছিল। যʼত যিহোৱাই এনেদৰে কৈছে: “মই নিশ্চয়ে ইস্ৰায়েলৰ অৱশিষ্ট ভাগক গোটাম; গঁৰালত থকা মেৰবোৰৰ নিচিনাকৈ, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক ভেড়াৰ নিচিনাকৈ মই তেওঁবিলাকক একেলগ কৰিম; মানুহ অধিক হোৱাৰ কাৰণে তেওঁবিলাকে কোঢ়াল কৰিব।” বাস্তৱতে তেওঁ কিযে এক প্ৰেমময় ঈশ্বৰ! যিহোৱাই নিজৰ লোকসকলক চেতনা দিয়াৰ পিছত আদিপূৰুষসকলে এৰি যোৱা দেশত উভটি আহি পুনৰাই উপাসনা কৰিবলৈ অনুমতি দিছিল।

ঠিক সেইদৰে আমাৰ সময়তো হʼব

২১. আজিৰ সময়ত দেখা দিয়া পৰিস্থিতিবোৰক কেনেকৈ মীখাৰ দিনৰ সৈতে তুলনা কৰিছে?

২১ মীখা কিতাপৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ত উল্লেখ কৰা পৰিস্থিতিবোৰক পৰীক্ষা কৰি আৰু আজিৰ সময়তো তেনে পৰিস্থিতিক দেখি আপুনি আচৰিত হোৱা নাইনে বাৰু? আজিও বহুতে তেনেদৰে ঈশ্বৰক সেৱা কৰাৰ দাবী কৰে। তেওঁলোকে যিহূদা আৰু ইস্ৰায়েলৰ নিচিনাকৈ পৃথক হৈ পৰস্পৰে কাজিয়া কৰিছে। খ্ৰীষ্টীয়জগতৰ বহুতো ধনী লোকে দৰিদ্ৰৰ ওপৰত অত্যাচাৰ চলাইছে। বহুতো ধৰ্ম্মগুৰুৱে বাইবেলৰ বিৰুদ্ধে কাৰ্য্য কৰিছে। সেইবাবে অনতিপলমে খ্ৰীষ্টীয়জগত আৰু মিছা ধৰ্ম্ম যাক “বাবিল মহা-নগৰ” বুলি কোৱা হয়, তাৰ ধ্বংস হʼব! (প্ৰকাশিত বাক্য ১৮:১-৫) কিন্তু মীখাৰ সময়ৰ দৰে যিহোৱাৰ আজ্ঞাকাৰী সেৱকসকলে এই পৃথিৱীত জীয়াই থাকিব।

২২. কেনে দুই প্ৰকাৰৰ লোকে ঈশ্বৰৰ ৰাজ্যৰ ওপৰত ভাৰসা ৰাখিছে?

২২ অভিষিক্ত ব্যক্তিসকলে ১৯১৯ চনত খ্ৰীষ্টীয়জগতৰ পৰা নিজকে পৃথক কৰি পৃথিৱীৰ সকলো জাতিকে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। (মথি ২৪:১৪) সৰ্ব্বপ্ৰথমে, তেওঁলোকে বাকী থকা অভিষিক্ত ব্যক্তিসকলক বিচাৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত ‘অন্য মেৰবৰ্গক’ বিচাৰি উলিয়ালে আৰু এই দুয়োটা জাকে “একেজন ৰখীয়াৰ” অধীন হৈ পৰিল। (যোহন ১০:১৬) যদিও তেওঁলোকে পৃথকে ২৩৪ খন দেশত যিহোৱাৰ সেৱা কৰিছে তথাপিও তেওঁলোক “একেলগ।” বৰ্তমান এই মেৰৰ জাকৰ গৰাঁলত “অধিক মানুহ,” স্ত্ৰী আৰু লʼৰা-ছোৱালী গোট খাইছে। তেওঁলোকৰ আশা এই ৰীতি-ব্যৱস্থাৰ ওপৰত নহয় কিন্তু ঈশ্বৰৰ ৰাজ্যৰ ওপৰতহে, যি অতি শীঘ্ৰেই এই পৃথিৱীখনক পৰমদেশলৈ পৰিণত কৰিব।

২৩. আমি কিয় নিজৰ আশাৰ বিষয়ে নিশ্চিত হʼব পাৰোঁ?

২৩ যিহোৱাৰ আজ্ঞাকাৰী উপাসকবিলাকৰ বিষয়ে মীখা ২ অধ্যায়ৰ শেষ পদত এইদৰে কৈছে: “তেওঁবিলাকৰ ৰজা তেওঁবিলাকৰ আগে আগে চলি গল, যিহোৱা তেওঁবিলাকৰ অগ্ৰগামী হল।” সেই যাত্ৰাৰ পথত আগে আগে চলা যিহোৱা আৰু যীচুক আপুনিও অনুকৰণ কৰি আগবাঢ়ি গৈছেনে? যদি গৈছে, তেন্তে নিশ্চিত হওক যে বিজয় আৰু আশাৰ পূৰ্ণতা কাষ চাপিছে। এই বিষয়ে মীখাৰ পৰৱৰ্তী অধ্যায়ক আলোচনা কৰি আমি আৰু স্পষ্টকৈ জানিব পাৰিম। (w03 8/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• মীখাৰ সময়ত থকা ইহুদী আৰু ইস্ৰায়েলসকলৰ বিৰুদ্ধে যিহোৱাই কিয় পদক্ষেপ লৈছিল?

• যেতিয়া ঈশ্বৰক সেৱা কৰা বুলি দাবী কৰোঁতাসকলে ভৌতিক বস্তুক প্ৰথম স্থান দিয়ে তেতিয়া কি ঘটিব পাৰে?

মীখা ১ আৰু ২ অধ্যায়ক বিবেচনা কৰাৰ পিছত আপুনি কিয় নিজৰ আশা দৃঢ় হʼল বুলি কব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]