দৰিদ্ৰবিলাক আগতকৈ অধিক দৰিদ্ৰ হৈ পৰিছে
দৰিদ্ৰবিলাক আগতকৈ অধিক দৰিদ্ৰ হৈ পৰিছে
“যি সমাজৰ লোকৰ অৱস্থা দৰিদ্ৰতাৰ শোচনীয়, সেই সমাজে কেতিয়াও সমৃদ্ধিশালী আৰু সুখী হʼব নোৱাৰে।”
এইদৰে আদম স্মিথ নামৰ এজন অৰ্থনীতিবিদে ১৮ শতিকাত মন্তব্য দিছিল। আজি বহুতে সেই মন্তব্যক আখৰে আখৰে সত্য বুলি প্ৰমাণ পাইছে, আনকি তাতকৈ অধিক বেয়ালৈ ধাল খোৱাটো দেখিছে। ধনী আৰু দুখীয়া মাজত থকা প্ৰভেদতা আগতকৈ অধিক বৃদ্ধি পাইছে। ফিলিপিন্সৰ জনসংখ্যাৰ তিনিভাগৰ এভাগ লোকে ১ ডলাৰতকৈ ($ ১ ইউ. এচ.) কম উপাৰ্জনত জীৱন নিৰ্বাহ কৰিছে আৰু ইয়াৰ বিপৰীতে ধনী দেশবোৰত লোকসকলে প্ৰত্যেকদিনা প্ৰায়ে এক মিনিটৰ ভিতৰত সিমান পৰিমাণে উপাৰ্জন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ পোৱা ২০০২ চনৰ মানৱীয় বিকাশ ৰিপৰ্টে (হিউমেন ডিভেলপমেন্ট ৰিপৰ্ট ২০০২) এইদৰে কয় যে “বিশ্বত থকা ৫ শতাংশ ধনী লোকৰ উপাৰ্জন ৫ শতাংশ দৰিদ্ৰ লোকতকৈ ১১৪ গুণে অধিক।”
আজিৰ সময়ত কিছুমানে আপেক্ষিকভাৱে আৰামদায়ক জীৱন নিৰ্বাহ কৰিছে, ইয়াৰ বিপৰীতে বেছি সংখ্যক লোকে বেআইনীভাৱে মাটি আৰু সা-সম্পত্তি দখল কৰি সৰু চালি ঘৰ বনাই যেনেকৈ পাৰিছে তেনেকৈ জীৱন অতিবাহিত কৰিছে। তদুপৰি আন বহুতে তেনে কৰিব পৰা নাই, তেওঁলোকে নিজৰ জীৱনটো ৰাস্তাৰ কাষত সম্ভৱত এচটা পিচবোৰ্ড বা প্লাচটিক কাগজ মাটিত পেলাই তাৰ ওপৰত ৰাতিটো কটাইছে। আন বহুতে অধিক পৰিশ্ৰম কৰি যিকোনো পদ্ধতিৰে, যেনে, আৱৰ্জনা পেলোৱা ঠাইত লোহা, প্লাচটিকৰ টুকুৰা, কাঁচৰ বটল আদি গোটাই পুনৰ ব্যৱহাৰৰ বাবে কম মূল্যতে বিক্ৰী কৰি তাৰ পৰা কৰা উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰিছে।
ধনী আৰু দৰিদ্ৰতাৰ মাজত থকা প্ৰভেদতা কেৱল উন্নতিশীল দেশবোৰতে দেখিবলৈ পোৱা যাই, এনে নহয়। এই বিষয়ে বিশ্ববেংকে এইদৰে কয়: “‘কম-বেছি পৰিমাণে’ দৰিদ্ৰতা সকলো দেশতে সাধাৰণভাৱে দেখিবলৈ পোৱা যায়।” দুখীয়া প্ৰদেশ বাংলাদেশৰ পৰা লৈ চহকী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে নহওঁক কিয়, সেইবোৰ দেশত এতিয়াও কিছুমানে পেটে-ভাতে খাবলৈ আৰু এখন চালৰ তলত আশ্ৰয় লʼবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। আমেৰিকাৰ দ্যা নিউয়ৰ্ক টাইমচ্ নামৰ বাতৰিকাকতে ২০০১ চনৰ চেনছিয়াচ্ বিউৰোৰ ৰিপৰ্টক উদ্ধৃত কৰি নিৰ্দ্দেশিত কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰত ধনী আৰু দৰিদ্ৰতাৰ মাজত প্ৰভেদতা একেৰাহে বৃদ্ধি পাইছে। ইয়াত এইদৰে কোৱা হয়: “২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৫ শতাংশ লোকৰ গোটেই ঘৰখনে কৰা সৰ্ব্বমুঠ উপাৰ্জনৰ পৰিমাণ আছিল ৫০ শতাংশ। . . . ৫ শতাংশ দৰিদ্ৰ লোকৰ গোটেই ঘৰখনে মুঠ ৩.৫ শতাংশ উপাৰ্জন কৰিছিল।” আনবোৰ দেশতো সেই একেই অৱস্থা বা তাতকৈ অধিক বেয়া অৱস্থা দেখিবলৈ পোৱা গৈছে। বিশ্ববেংকৰ ৰিপৰ্টে দেখুৱাইছে যে বিশ্বজুৰি থকা জনসংখ্যাৰ প্ৰায় ৫৭ শতাংশ লোকে প্ৰত্যেকদিনা প্ৰায় ২ ডলাৰতকৈ কম উপাৰ্জনত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।
২০০২ চনত ধনৱান উচ্চপদস্থ বিষয়াসকলৰ অৱস্থা
সন্দেহজনক পৰিস্থিত আছে বুলি কোৱা এটা ৰিপৰ্টৰ বাবে বহুতে অধিক ব্যাকুল হৈ পৰিল। যদিও মুকলিভাৱে কোনেও বেআইনী কাৰ্য্য নকৰে তেতিয়াও বহুতে ফৰশ্বিউন্ আলোচনীত কোৱাৰ দৰে অনুভৱ কৰে যে এই কোম্পানীবিলাকৰ উচ্চ বিষয়াসকলে “গভীৰ, অসাধাৰণ আৰু অধিককৈ ধনী হৈছে।” এই জগতত যি ঘটি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি বহুতে একেবাৰে দৰিদ্ৰতাত বাস কৰিছে আৰু ইয়াৰ বিপৰীতে কিছুমানৰ ওচৰত অবুজ সংখ্যা অৰ্থাৎ অনুমানিক ১০ কোটি পৰিমাণৰ ডলাৰ থকাটো দেখিবলৈ পাই কিছুমান লোকে বিস্মিত হৈছে।দৰিদ্ৰতা চিৰকালৰ বাবে থাকিবনে?
ইয়াত এইটো কʼবলৈ বিচৰা নাই যে দৰিদ্ৰতাক গুচাবলৈ কোনেও চেষ্টা কৰা নাই। চৰকাৰী বিষয়াসকল আৰু প্ৰতিষ্ঠানসমূহে দৰিদ্ৰতাৰ অৱস্থাক আঁতৰ কৰিবলৈ অৱশ্যেই বহুতো প্ৰস্তাব আগবঢ়াইছে। যিয়েই নহওঁক, আজি পৰিস্থিতিত কোনো পৰিৱৰ্তন হোৱা নাই। ২০০২ চনৰ মানৱীয় বিকাশ ৰিপৰ্টে এইদৰে কয় যে দৰিদ্ৰতাৰ অৱস্থাক সলনি কৰিবলৈ যিমানেই উত্তম প্ৰচেষ্টা নকৰক কিয়, “বহুতো দেশত ১০, ২০ আৰু প্ৰায় ৩০ বছৰৰ পূৰ্বেই থকা অৱস্থাতকৈ অধিক দৰিদ্ৰতা দেখিবলৈ পোৱা গৈছে।”
ইয়াৰ অৰ্থ এইটোনে যে দৰিদ্ৰতাসকলৰ কোনো আশা নাই? এই বিষয়ে জানিবলৈ আমি আপোনাক পিছৰ লেখটো পঢ়িবলৈ আমন্ত্ৰণ কৰিছোঁ যʼত কিছুমান ব্যৱহাৰিক জ্ঞান আগবঢ়োৱা হৈছে যিয়ে আপোনাক বৰ্তমানে আৰু একেইদৰে আপুনি কল্পনা কৰিব নোৱাৰা অৱস্থাটো সহায় কৰিব পাৰে। (w03 8/1)