Skip to content

Skip to table of contents

যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?

যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?

যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?

“ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”—মীখা ৬:৮.

১, ২. কেতিয়াবা কিয় কিছুমান যিহোৱাৰ সেৱকে নিৰুৎসাহিত হৈ পৰে আৰু কিহে তেওঁলোকৰ বাবে সহায়কাৰী প্ৰমাণিত হোৱা উচিত?

 ভিৰা নামৰ এগৰাকী মহিলাৰ বয়স ৭৫ বছৰ আৰু তাই শাৰীৰিকভাৱে সুস্থ নহয়। তাই এইদৰে কয় যে “কেতিয়াবা মই মোৰ ঘৰৰ খিৰীকিৰে খ্ৰীষ্টান ভাই-ভনীসকলক ঘৰে ঘৰে প্ৰচাৰ কৰি থকা দেখিবলৈ পাই মোৰ চকুলো বৈ আহে। কিয়নো ময়ো তেওঁলোকৰ দৰে প্ৰচাৰ কৰিব বিচাৰোঁ, কিন্তু মোৰ অসুস্থ শৰীৰে যিহোৱাৰ প্ৰতি কৰা মোৰ সেৱা সীমিত কৰি দিছে।”

আপুনিও কেতিয়া তেনেদৰে অনুভৱ কৰিছেনে? দৰাচলতে যিসকলে যিহোৱাক প্ৰেম আৰু তেওঁৰ নামৰ অনুসাৰে চলিব বিচাৰে, তেওঁলোকে ঈশ্বৰৰ প্ৰয়োজনীয়তাক অৱশ্যেই পূৰণ কৰিবলৈ ইচ্ছা কৰে। কিন্তু যদি শাৰীৰকভাৱে সুস্থ নহয়, অধিক বয়সীয়া বা পৰিয়ালৰ দায়িত্ব থাকে তেন্তে তেনে অৱস্থাৰ সম্পৰ্কে কি কʼব পাৰি? আমিও কেতিয়াবা কিছু পৰিমাণে নিৰুৎসাহিত হৈ পৰোঁ, কিয়নো আমি সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ সেৱা কৰিব বিচাৰিলেও পৰিস্থিতিয়ে অনুমতি নিদিব পাৰে। যদি আমাৰ সৈতেও তেনে হৈছে তেন্তে মীখা ৬ আৰু অধ্যায়ত দিয়া উপদেশে আমাৰ বাবে অধিক উৎসাহিত প্ৰমাণিত হʼব। এই অধ্যায়ত বৰ্ণনা কৰিছে যে যিহোৱাই বিচাৰাটো হৈছে যুক্তিসঙ্গত আৰু আমি তাত উপনীত হʼব পাৰোঁ।

ঈশ্বৰে তেওঁৰ লোকবিলাকৰ সৈতে কৰা আচৰণ

৩. ইস্ৰায়েলসকলে বিদ্ৰোহী আচৰণ কৰাৰ স্বত্ত্বেও যিহোৱাই তেওঁলোকৰ সৈতে কেনে ব্যৱহাৰ কৰিলে?

যিহোৱাই কেনেকৈ তেওঁৰ লোকসকলৰ সৈতে আচৰণ কৰিছিল, আঁহক আমি এই বিষয়ে মীখা ৬:৩-৫ পদত চাওঁহঁক। স্মৰণ কৰক যে মীখাৰ সময়ত ইস্ৰায়েলসকলে বিদ্ৰোহী আচৰণ কৰিছিল। কিন্তু তেতিয়াও যিহোৱাই দয়ালু হৈ তেওঁলোকক এইদৰে কৈছিল “হে মোৰ প্ৰজাবিলাক, . . . হে মোৰ প্ৰজাবিলাক, . . . তাক সোঁৱৰণ কৰা।” যিহোৱাই তেওঁলোকক কঠোৰতাৰে অভিযোগ দিয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰিবলৈ এইদৰে সুধিছিল “মই তোমালোকক কি কৰিলোঁ?” তদুপৰি ঈশ্বৰে তেওঁলোকক তেওঁৰ “অহিতে সাক্ষ্য” দিবলৈ আমন্ত্ৰণ কৰিছিল।

৪. ঈশ্বৰে দয়ালু হোৱাৰ আৰ্হিয়ে আমাক কেনেদৰে প্ৰভাৱিত কৰা উচিত?

যিহোৱাই আমাৰ সকলোৰে বাবে কিমান যে এক অতুলনীয় আৰ্হি ৰাখিলে! মীখাৰ দিনৰ ইস্ৰায়েলসকল বিদ্ৰোহী হোৱাৰ স্বত্ত্বেও যিহোৱাই তেওঁলোকক দয়াৰে “হে মোৰ প্ৰজাবিলাক” বুলি সম্বোধিত কৰিছিল। তেতিয়াহʼলে আমি নিশ্চয়ে মণ্ডলীৰ সকলোৰে সৈতে দয়া আৰু স্নেহেৰে আচৰণ কৰা উচিত। এইটো সঁচা যে কিছুমানৰ সৈতে বা বিশেষকৈ আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিৰ সৈতে তেনে কৰাটো ইমান সহজ নহয়। যদি তেওঁলোকে যিহোৱাক প্ৰকৃততে প্ৰেম কৰে, তেনেহʼলে আমি তেওঁলোকক সহায় আৰু তেওঁলোকৰ সৈতে দয়াৰে আচৰণ কৰিম।

৫. মীখা ৬:৬, ৭ পদত কেনে গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হৈছে?

ইয়াৰ পিছত মীখা ৬:৬, ৭ পদত মীখাই একেলেথাৰি এইদৰে কিছুমান প্ৰশ্ন সুধিছে: “মই কি লৈ যিহোৱাৰ আগলৈ যাম, আৰু সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰিম? মই হোম-বলি স্বৰূপে এবছৰীয়া দামুৰী লৈ তেওঁৰ আগলৈ যাম নে? হাজাৰ হাজাৰ ভেড়া, বা অযুত অযুত তেলৰ সুঁতাত যিহোৱা সন্তুষ্ট হব নে? মোৰ অপৰাধৰ নিমিত্তে মোৰ প্ৰথমে জন্মা পুত্ৰক, মোৰ পাপৰ কাৰণে মোৰ ঔৰসৰ ফল দান কৰিম নে?” দৰাচলতে যিহোৱাক ‘হাজাৰ হাজাৰ ভেড়া, বা অযুত অযুত তেলৰ সুঁতাৰে’ সন্তুষ্ট কৰিব নোৱাৰি। কিন্তু এনে কিবা আছে যিহেৰে তেওঁক সন্তুষ্ট কৰিব পাৰি। সেইটোনো কি?

আমি ন্যায় কাৰ্য্য কৰা উচিত

৬. মীখা ৬:৮ পদত কেনে তিনিটা আৱশ্যকতাৰ বিষয়ে দাঙি ধৰা হৈছে?

মীখা ৬:৮ পদত বৰ্ণনা কৰা হৈছে যে যিহোৱাই আমাৰ পৰা কি বিচাৰে। এই বিষয়ে মীখা ভৱিষ্যতবক্তাই এইদৰে সুধিছিল: “ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?” এই তিনিটা আৱশ্যকতা আমাৰ অনুভূতি, চিন্তা আৰু কাৰ্য্যৰ সৈতে জড়িত হৈ আছে। গতিকে এই গুণসমূহক আমাৰ অনুভূতিত প্ৰসাৰিত কৰা, সেইবোৰক কিদৰে প্ৰকাশ কৰিব পাৰি তাৰ প্ৰতি চিন্তা আৰু সেইবোৰক প্ৰদৰ্শন কৰিবলৈ কাৰ্য্য কৰাৰ বিষয়ে আমি প্ৰৱণতা হোৱা উচিত। আঁহক আমি এটা এটাকৈ সেই তিনিটা আৱশ্যকতাৰ বিষয়ে বিবেচনা কৰোঁহঁক।

৭, ৮. (ক) “ন্যায় কাৰ্য্য কৰাৰ” অৰ্থ কি? (খ) মীখাৰ দিনত কেনে অন্যায়ৰ কাৰ্য্য হৈছিল?

“ন্যায় কাৰ্য্য কৰাৰ” অৰ্থ হৈছে যি সঠিক তাক কৰা। ঈশ্বৰৰ স্তৰৰ অনুসাৰে কোনো কাম কৰাটো হৈছে ন্যায়ৰ কাৰ্য্য। মীখা ভৱিষ্যতবক্তাৰ সময়ত লোকসকলে ন্যায়ৰ নহয় কিন্তু অন্যায়ৰ কাৰ্য্য কৰিছিল। কেনেদৰে অন্যায়ৰ কাৰ্য্য কৰিছিল? মীখা ৬:১০ পদটো বিবেচনা কৰক। পদটোৰ শেষৰফালে বেপাৰীসকলক “কম পৰিমাণৰ ঘিণলগীয়া ঐফা” বুলি বৰ্ণনা কৰা হৈছে, কিয়নো তেওঁলোকে পৰিমাণতকৈ অতি হ্ৰাস কৰে। আগলৈ ১১ পদত কৈছে যে তেওঁলোকে “প্ৰবঞ্চক দগাৰ” ব্যৱহাৰ কৰিছিল। ১২ পদত এইদৰে কোৱা হৈছে যে তেওঁলোকৰ “মুখত ছল কৰা জিবা আছে।” সেয়েহে মীখাৰ দিনৰ বেপাৰীসকলৰ ওচৰত অন্যায় পাল্লা, প্ৰবঞ্চক দগা আৰু তেওঁলোকৰ মুখত ছল কৰা জিবা পোৱা গৈছিল।

বেপাৰীসকলে কেৱল বেহা-বেপাৰৰ স্থানতে অন্যায় কাৰ্য্যৰ অভ্যাস কৰিছিল এনে নহয়, কিন্তু জনসাধাৰণৰ বিচাৰ সভাতো অন্যায়ৰ কাৰ্য্য কৰিছিল। মীখা ৭:৩ পদত এইদৰে কৈছে “অধিপতিয়ে খোজে, আৰু বিচাৰকৰ্ত্তাই ভেঁটিৰ অৰ্থে কাৰ্য্য কৰে।” নিৰ্দ্দোষীসকলৰ ওপৰত অন্যায়ৰে বিচাৰ কৰিবলৈ বিচাৰকৰ্ত্তাসকলক উৎকোচ দিয়া হৈছিল। ‘বৰ লোক’ অৰ্থাৎ প্ৰভাৱশালী নাগৰিকসকলেও এনে অপৰাধত জড়িত হৈছিল। দৰাচলতে মীখাই কৈছিল যে অধিপতি, বিচাৰকৰ্ত্তা আৰু বৰ লোকে “জাল গোঁঠে” অৰ্থাৎ তেওঁলোক দুষ্ট কৰ্ম্মত সংগঠিত হয়।

৯. যিহূদা আৰু ইস্ৰায়েলত থকা লোকসকলে দুষ্ট ব্যক্তিসকলৰ অন্যায় কাৰ্য্যাৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হʼল?

যিহূদা আৰু ইস্ৰায়েলসকলৰ দিনত দুষ্ট নেতাসকলে কৰা অন্যায়ৰ কাৰ্য্যই সকলোকে প্ৰভাৱিত কৰিছিল। মীখা ৭:৫ পদত এইদৰে কৈছে যে অন্যায় কৰাৰ বাবে প্ৰণয়ৰ বন্ধু আৰু বৈবাহিক সঙ্গীৰ মাজতো বিশ্বাসৰ হ্ৰাস হʼল। ৬ পদত এইদৰে বৰ্ণনা কৰিছে, আৱশেষত এনে পৰিণাম হৈছিল যে আনকি পুতেকে বাপেকক বা বাপেকে পুতেকক, মাকে জীয়েকক অথবা জীয়েকে মাকক এজনে আনজনক হেয়জ্ঞান কৰিব ধৰিলে।

১০. বৰ্তমানৰ অন্যায়পূৰ্ণ জগতত খ্ৰীষ্টানসকলে কেনে আচৰণ কৰা উচতি?

১০ বৰ্তমানৰ বিষয়ে কি কʼব পাৰি? আজি আমি সেই একেই অৱস্থা দেখিবলৈ নাপাওঁনে? মীখাৰ সময়ৰ দৰে আজি আমিও অন্যায়, অবিশ্বাস, সমাজ আৰু পৰিয়াল জীৱনৰ অৱনতি হোৱা পৰিস্থিতিত জীয়াই আছোঁ। যিহোৱাৰ সেৱক হিচাবে অধৰ্ম্মপূৰ্ণ জগতত বাস কৰাৰ স্বত্ত্বেও আমি জগতৰ মনোবৃত্তিক খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ সৈতে কৰা আচৰণত প্ৰভাৱিত হʼবলৈ নিদিওঁ। ইয়াৰ বিপৰীতে আমি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত সত্যনিষ্ঠা আৰু অখণ্ডতা বজাই ৰাখিবলৈ আন্তৰিকতাৰে প্ৰচেষ্টা কৰোঁ। দৰাচলতে আমি “সকলো বিষয়তে সদাচৰণ” কৰোঁ। (ইব্ৰী ১৩:১৮) আপুনি মান্তি নহʼবনে যে ন্যায়পূৰ্ণতাৰে আচৰণ কৰাৰ দ্বাৰা আমি ভাতৃত্ব সমাজত প্ৰকৃত বিশ্বাসৰ প্ৰমাণ দি আনন্দিত হʼব পাৰোঁ?

লোকসকলে কিদৰে ‘যিহোৱাৰ মাত’ শুনিব পাৰে?

১১. মীখা ৭:১২ পদটো কেনেকৈ পূৰ্ণতা হোৱা দেখা গৈছে?

১১ মীখাই ভৱিষ্যতবাণী কৰিছিল যে অন্যায়ৰ অৱস্থাৰ স্বত্ত্বেও সকলো প্ৰকাৰৰ লোকে ন্যায় পাব। ভৱিষ্যতবক্তা মীখাই আগলৈ এইদৰে কৈছিল “এক সমুদ্ৰৰ পৰা আন সমুদ্ৰলৈকে আৰু এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈকে” যিহোৱাৰ সেৱকক একত্ৰিত কৰা হʼব। (মীখা ৭:১২) বৰ্তমান সেই ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ অনুসৰি কেৱল এটা জাতি বা দেশে নহয় কিন্তু সকলো জাতি আৰু ৰাষ্ট্ৰই ঈশ্বৰৰ ন্যায় বিচাৰৰ পৰা লাভৱান হৈছে। (যিচয়া ৪২:১) এইটো কেনেকৈ সত্যৰূপে প্ৰমাণিত হৈছে?

১২. বৰ্তমান কিদৰে ‘যিহোৱাৰ মাত’ লোকসকলক শুনোৱা হৈছে?

১২ সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আঁহক আমি মীখাই আগলৈ কি কৈছে তাক বিবেচনা কৰোঁহক। মীখা ৬:৯ পদত এইদৰে বৰ্ণনা কৰিছে: “যিহোৱাই বৰ মাতেৰে নগৰখনক কথা কৈছে, আৰু জ্ঞানী জনে তোমাৰ নাম মানিব।” সকলো জাতিৰ লোকে কেনেকৈ ‘যিহোৱাৰ মাত’ শুনিব আৰু এইটো আমি কৰা ন্যায় কাৰ্য্যৰ সৈতে কেনেকৈ সন্মিলিত আছে? ইয়াৰ অৰ্থ এইটো নহয় যে লোকসকলে বাস্তৱিকতে যিহোৱাৰ প্ৰকৃত মাত শুনিব। আমি বিশ্বজুৰি কৰা প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা সকলো প্ৰকাৰৰ লোককে যিহোৱাৰ মাত শুনাইছোঁ। ফলস্বৰূপে, যিসকলে এই মাত শুনি ‘ঈশ্বৰৰ নামলৈ ভয়’ কৰে তেওঁলোকে তেওঁলৈ এক সম্ভ্ৰম শ্ৰদ্ধা আগবঢ়ায়। আমি এইদৰে কাৰ্য্য কৰি বাস্তৱতে ন্যায় আৰু প্ৰেমেৰে উৎসাহী হৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰোঁ। আমি অপক্ষপাতি হৈ সকলোকে ঈশ্বৰৰ নামৰ বিষয় জনাই “ন্যায় কাৰ্য্য” কৰোঁ।

আমি নিশ্চয়ে দয়াক ভাল পোৱা উচিত

১৩. প্ৰেমপূৰ্বক দয়া আৰু প্ৰেমৰ মাজত কেনে ভিন্নতা আছে?

১৩ ইয়াৰ পিছত আঁহক আমি মীখা ৬:৮ পদত উল্লেখ কৰা দ্বিতীয়টো প্ৰয়োজনীয়তাক আলোচনা কৰোঁহঁক। যিহোৱাই আমাৰ পৰা “দয়া ভাল” পোৱাটো অপেক্ষা কৰে। হিব্ৰু ভাষাত “দয়া” শব্দটোক “প্ৰেমপূৰ্বক দয়া” বা “আনুগত্য প্ৰেম” বুলিও অনুবাদ কৰা হৈছে। প্ৰেমপূৰ্বক দয়া হৈছে আনৰ প্ৰতি দিয়া সক্ৰিয় মনোযোগ আৰু তেওঁলোকৰ বাবে দয়াৰে চিন্তা কৰা। প্ৰেমপূৰ্বক দয়া গুণটো প্ৰেম গুণটোৰ সৈতে একে নহয়। কেনেকৈ নহয়? প্ৰেম গুণটোৰ অৰ্থ হৈছে বহুমূখী, তাৰে এটা অৰ্থক কোনো বস্তু আৰু ধাৰণাৰ সৈতেও ব্যাপকৰূপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, শাস্ত্ৰই প্ৰেম শব্দটোক এই ধৰণে ব্যৱহাৰ কৰিছে যে এজন ব্যক্তিয়ে “প্ৰজ্ঞাক প্ৰেম কৰে” আৰু যিজনে “জগতক প্ৰেম কৰে।” (হিতোপদেশ ২৯:৩; ১ যোহন ২:১৫) আনহাতে, প্ৰেমপূৰ্বক দয়া সদায়ে লোকসকলক বিশেষকৈ ঈশ্বৰক সেৱা কৰা সকলৰ সৈতে জড়িত হৈ আছে। সেয়েহে মীখা ৭:২০ পদত কৈছে যে যিহোৱাক সেৱা কৰা এজন পুৰুষ অৰ্থাৎ ‘অব্ৰাহামক প্ৰেমপূৰ্বক দয়া প্ৰদান কৰা হʼল।’

১৪, ১৫. কিদৰে প্ৰেমপূৰ্বক দয়া দেখুৱাব পাৰি আৰু এই অনুচ্ছেদবোৰত কেনে উদাহৰণ দাঙি ধৰা হৈছে?

১৪ মীখা ৭:১৮ পদৰ অনুসাৰে ঈশ্বৰে “[প্ৰেমপূৰ্বক দয়া, NW] ভাল” পায়। মীখা ৬:৮ পদত আমাক এইদৰে কৈছে যে আমি কেৱল প্ৰেমপূৰ্বক দয়া দেখুৱাটোৱেই ঈশ্বৰে নিবিচাৰে কিন্তু প্ৰেম গুণটোৰ প্ৰতি আন্তৰিক ভালপোৱা হʼব লাগিব। এই শাস্ত্ৰপদটোৰ পৰা আমি কি শিকিব পাৰোঁ? আমি প্ৰেমপূৰ্বক দয়া গুণটোক ইচ্ছাকৃত আৰু অসীমিতভাৱে সকলোলৈ প্ৰকাশ কৰা উচিত। তেহে আমি যিহোৱাৰ দৰে আৱশ্যকতা থকা সকলক প্ৰেমপূৰ্বক দয়া প্ৰকাশ কৰি আনন্দিত বা সন্তুষ্ট হʼব পাৰিম।

১৫ বৰ্তমান প্ৰেমপূৰ্বক দয়া গুণটো হৈছে ঈশ্বৰৰ লোকসকলৰ এক বৈশিষ্ট্যসূচক চিহ্ন। উদাহৰণস্বৰূপে, ২০০১ চনৰ জুন মাহত কি ঘটিছিল তাৰ বিষয়ে বিবেচনা কৰক। সেই বছৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাচ্‌ নামৰ চহৰত এটা বিষুবীয় ধুমুহাৰ ফলত সৃষ্টি হোৱা বানপানীয়ে এক ভয়ঙ্কৰ ৰূপ ধাৰণ কৰে আৰু বহুতো ঘৰ, সা-সম্পত্তিৰ হানি হয়। এই বানপানীত বহুতো যিহোৱাৰ সাক্ষী ভাই-ভনীৰ ঘৰ-দুৱাৰ, সা-সম্পত্তিৰো হানি হয়। তেওঁলোকক সহায় কৰিবলৈ প্ৰায় ১০,০০০ জন যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে স্বইচ্ছাৰে আগবাঢ়ি আহে। সেই স্বেচ্ছাকৰ্মীসকলে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ডেৰ বছৰতকৈ অধিক সময়ৰ ভিতৰত ৮ খন ৰাজ্যগৃহ আৰু তেওঁলোকৰ খ্ৰীষ্টান ভাই-ভনীসকলৰ বাবে ৭০০ টাতকৈ অধিক গৃহ নিৰ্ম্মাণ কৰি উলিয়াই। যিসকলে নিৰ্ম্মাণ কাৰ্য্যত ভাগ লʼব পৰা নাছিল তেওঁলোকে খাদ্য, আন আৱশ্যকীয় বস্তু আৰু আৰ্থিক সাহায্য আগবঢ়াইছিল। এই হাজাৰ সংখ্যক যিহোৱাৰ সাক্ষীসকলক তেওঁলোকৰ ভাই-ভনীসকলক সহায় কৰিবলৈ কিহে প্ৰেৰিত কৰিলে? “প্ৰেমপূৰ্বক দয়াই” তেওঁলোকক তেনে কৰিবলৈ উৎসাহিত কৰিলে। বিশ্বজুৰি আমাৰ ভাই-ভনীসকলে প্ৰেমপূৰ্বক দয়াৰ তেনে কাৰ্য্য কৰাটো দেখিবলৈ পাই আমি কিমান যে উৎসাহিত হওঁ! দৰাচলতে তেনে আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ পাই “প্ৰেমপূৰ্বক দয়া” থকা জনে কেতিয়াও বোজা যেন অনুভৱ নকৰে, ইয়াৰ বিপৰীতে তেওঁ অধিক আনন্দিত হয়!

নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলা

১৬. কেনে উদাহৰণে ঈশ্বৰৰ সৈতে চলিবলৈ নম্ৰ হোৱাৰ আৱশ্যকতাৰ বিষয়ে দাঙি ধৰিছে?

১৬ মীখা ৬:৮ পদত উল্লেখ কৰা তৃতীয় আৱশ্যকতাটো হৈছে ‘নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলা।’ ইয়াৰ অৰ্থ হৈছে আমাৰ নিজ সীমিত অৱস্থাৰ সৈতে পৰিচিত হৈ ঈশ্বৰত ভাৰসা কৰা। ইয়াক বুজিবলৈ: ক্ষন্তেক কল্পনা কৰক যে এজনী সৰু ছোৱালীয়ে অতি জোৰেৰে নিজ দেউতাকৰ হাতত ধৰি তেওঁলোকে ধুমুহাৰ মাজেৰে পাৰ হৈছে। ছোৱালীজনীয়ে ভালকৈ জানে যে তাইৰ পৰিস্থিতি সীমিত কিন্তু তাই নিজ দেউতাকত ভাৰসা আছে। ঠিক তেনেদৰে আমিও নিজৰ সীমিত অৱস্থাক চিনি পায় আমাৰ স্বৰ্গীয় পিতৃত ভাৰসা কৰা উচিত। আমি কেনেকৈ ঈশ্বৰত আমাৰ ভাৰসা বজাই ৰাখিব পাৰোঁ? ইয়াৰ বাবে আমি মনত ৰখা উচিত যে ঈশ্বৰৰ কাষত থকাটো কিয় বুদ্ধিমানৰ কাৰ্য্য। এই বিষয়ে মীখাই আমাক তিনিটা কাৰণ স্মৰণ কৰাই দিছে, সেই কাৰণ কেইটা হৈছে: যিহোৱা হৈছে আমাৰ ত্ৰাণকৰ্ত্তা, পথ প্ৰদৰ্শক আৰু নিৰাপত্তাদাতা।

১৭. যিহোৱাই কেনেকৈ প্ৰাচীন সময়ৰ লোকসকলক উদ্ধাৰ, পথ প্ৰদৰ্শক আৰু নিৰাপত্তা প্ৰদান কৰিছিল?

১৭ মীখা ৬:৪, ৫ পদত ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ।” দৰাচলতে এনে কাৰ্য্য কৰাৰ দ্বাৰা যিহোৱাই ইস্ৰায়েলসকলৰ ত্ৰাণকৰ্ত্তা হোৱাৰ প্ৰমাণ দিলে। আগলৈ যিহোৱাই এইদৰে কৈছে: “মই তোমালোকৰ আগে আগে মোচি, হাৰোণ, আৰু মিৰিয়মক পঠালোঁ।” যিহোৱাই মোচি আৰু হাৰোণৰ দ্বাৰা ইস্ৰায়েল জাতিক পথ প্ৰদৰ্শক আৰু মিৰিয়মক ইস্ৰায়েলৰ স্ত্ৰীবিলাকক বিজয়ী নীত্য কৰাত পৰিচলনা কৰিবলৈ ব্যৱহাৰ কৰিলে। (যাত্ৰাপুস্তক ৭:১, ২; ১৫:১, ১৯-২১; দ্বিতীয় বিবৰণ ৩৪:১০) প্ৰকৃততে যিহোৱাই তেওঁৰ সেৱকসকলৰ দ্বাৰা ইস্ৰায়েলসকলক নিৰ্দেশনা দিছিল। সেই একেই অধ্যায়ৰ ৫ পদত যিহোৱাই স্মৰণ কৰাই দিছে যে তেওঁ ইস্ৰায়েল জাতিক প্ৰতিজ্ঞাত দেশলৈ যোৱাৰ পথত বালাক আৰু বিলিয়মৰ হাতৰ পৰা ৰক্ষা আৰু মোৱাবৰ চিটীমৰ পৰা গিল্‌গললৈ যোৱাৰ সময়ত নিৰাপত্তা প্ৰদান কৰিছিল।

১৮. বৰ্তমান সময়ত যিহোৱাই কেনেকৈ আমাৰ পৰিত্ৰাণকৰ্ত্তা, পথ প্ৰদৰ্শক আৰু নিৰাপত্তাদাতা হিচাবে কাৰ্য্য কৰিছে?

১৮ আমি যেনেকৈ যিহোৱাৰ অনুসাৰে কাৰ্য্য কৰিম, বিৰোধিতাৰ সম্মুখীন হোৱাৰ সময়ত তেওঁ আমাক সমূহীয়াকৈ নিজৰ বাক্য আৰু তেওঁৰ সংগঠনৰ দ্বাৰা চয়তানৰ জগতৰ পৰা উদ্ধাৰ, নিৰ্দেশনা প্ৰদান কৰিব। এইদৰে আমি প্ৰাচীন সময়ৰ প্ৰতিজ্ঞাত দেশতকৈ অধিক বৃহত প্ৰতিজ্ঞা অৰ্থাৎ ঈশ্বৰৰ ধাৰ্ম্মিক নতুন জগতৰ পথত অহা ধুমুহাৰূপী চয়তানৰ বিৰোধিতাৰ সময়ত আমাৰ স্বৰ্গীয় পিতৃৰ হাতত জোৰেৰে খামুচি ধৰি চলি থাকিবলৈ আমাৰ ওচৰত অনেক কাৰণ আছে।

১৯. নম্ৰতা গুণটো কি প্ৰকাৰে আমাৰ সীমিত অৱস্থাৰ সৈতে সম্পৰ্ক আছে?

১৯ যিহোৱাৰ সৈতে নম্ৰতাৰে চলি থকাৰ দ্বাৰা আমি আমাৰ পৰিস্থিতিবোৰক স্বাভাৱিকৰূপে দৃষ্টি কৰিবলৈ সহায় পাম। কিয়নো নম্ৰতা গুণটোৰ সৈতে আমি আমাৰ সীমিত অৱস্থাৰ প্ৰতি অৱগত হোৱাও সন্মিলিত আছে। আমাৰ বৃদ্ধ অৱস্থা বা অসুস্থ শৰীৰ হোৱাৰ বাবে আমি পূৰ্বতে যেনেকৈ কৰিছিলোঁ তেনেকৈ যিহোৱাৰ সেৱাত অধিককৈ অংশ লʼব নোৱাৰিবও পাৰোঁ। এনে অৱস্থাত আমি নিৰুৎসাহিত হৈ পৰাৰ পৰিৱৰ্ত্তে ঈশ্বৰে আমাৰ প্ৰচেষ্টা আৰু বলিদান “শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য” কৰে বুলি মনত ৰাখাটো উত্তম হʼব। (২ কৰিন্থীয়া ৮:১২) দৰাচলতে যিহোৱাই আমাৰ পৰিস্থিতিৰ অনুসাৰে সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ সেৱা কৰাটো বিচাৰে। (কলচীয়া ৩:২৩) যেতিয়া আমি সম্পূৰ্ণ প্ৰচেষ্টা আৰু উৎসাহেৰে তেওঁৰ সেৱা কৰিম ঈশ্বৰে অৱশ্যেই আমাক প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ দিব।—হিতোপদেশ ১০:২২.

অপেক্ষা কৰা মনোবৃত্তিয়ে আশীৰ্ব্বাদ কঢ়িয়াই আনে

২০. কিহৰ প্ৰতি অৱগত হোৱাই আমাক মীখা ভৱিষ্যতবক্তাৰ দৰে মনোবৃত্তি ৰখাত সহায় কৰিব?

২০ যিহোৱাৰ পৰা পোৱা আশীৰ্ব্বাদে আমাক মীখাৰ দৰে মনোবৃত্তি ৰখাত প্ৰেৰিত কৰে। সেয়েহে মীখাই এইদৰে কৈছিল: “মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম।” (মীখা ৭:৭) এই বাক্যশাৰী আমি নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলি থকাৰ সৈতে কেনেকৈ সম্পৰ্ক আছে? অপেক্ষা বা ধৈৰ্য্যশীল হোৱা মনোবৃত্তিয়ে আমাক যিহোৱাৰ সেই মহাদিন এতিয়ালৈকে আহি পোৱা নাই বুলি নিৰুৎসাহিত হৈ পৰাৰ পৰা বিৰত ৰাখিব। (হিতোপদেশ ১৩:১২) বাস্তৱতে আমি সকলোৱে বহু সময়ৰ পৰা এই দুষ্টতাপূৰ্ণ জগতখন ধ্বংস হোৱালৈ অপেক্ষা কৰি আছোঁ। যিহেতু প্ৰত্যেক সপ্তাহে হাজাৰ হাজাৰ লোকে যিহোৱাৰ সৈতে চলিবলৈ কেৱল এইমাত্ৰ আৰম্ভ কৰিছে। এই বিষয়টো মনত ৰখাৰ দ্বাৰা আমি অপেক্ষা কৰিবলৈ এটা হেতু লাভ কৰোঁ। এই সংক্ৰান্তত দীৰ্ঘ সময় ধৰি সত্যত থকা এজন সাক্ষী ভায়ে এইদৰে কয়: “মই ৫৫ বছৰতকৈ অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰি নিশ্চিত হʼব পাৰিলোঁ যে যিহোৱাত অপেক্ষা কৰি মই একো হেৰুৱা নাই। ইয়াৰ বিপৰীতে মই হৃদয় বিদাৰিত অভিজ্ঞতাৰ সম্মুখীন হোৱা বহুতকে শান্ত্বনা প্ৰদান কৰিলোঁ।” আপুনিও তেনে অভিজ্ঞতাৰ সম্মুখীন হৈছেনে?

২১, ২২. মীখা ৭:১৪ পদটো আজি আমাৰ সময়ত কেনেকৈ পূৰ্ণ হৈছে?

২১ যিহোৱাৰ সৈতে চলাটো আমাৰ বাবে সঁচাকৈ লাভজনক। এই বিষয়ে মীখা ৭:১৪ পদত মীখা ভৱিষ্যতবক্তাই ঈশ্বৰৰ লোকসকলক মেৰৰখীয়া জনৰ সৈতে মেৰবিলাকে নিৰাপত্তাৰে বাস কৰাৰ সৈতে তুলনা কৰিছে। এই ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ অনুসাৰে আজি আধ্যাত্মিক ইস্ৰায়েলৰ অৱশিষ্টজন আৰু ‘অন্য মেৰবৰ্গই’ তেওঁলোকৰ ভাৰসাযুক্ত মেৰৰখীয়াৰূপী যিহোৱাত নিৰাপত্তা পাইছে। তেওঁলোকে “কৰ্মিলৰ মাজত থকা কাঠনিত” বাস কৰিছে অৰ্থাৎ আধ্যাত্মিকৰূপে এই জগতত বৃদ্ধি পোৱা সকলো সমস্যা আৰু বিপদৰ পৰা আঁতৰত আছে।—যোহন ১০:১৬; দ্বিতীয় বিবৰণ ৩৩:২৮; যিৰিমিয়া ৪৯:৩১; গালাতীয়া ৬:১৬.

২২ মীখা ৭:১৪ পদত কোৱাৰ অনুসাৰে যিহোৱাৰ লোকসকলে সমৃদ্ধিশীল হৈছে। ঈশ্বৰৰ মেৰ বা তেওঁৰ লোকসকলৰ সম্পৰ্কে মীখাই এইদৰে বৰ্ণনা কৰিছে: “তেওঁবিলাকে আগৰ দৰে বাচানত আৰু গিলয়দত চৰক।” যিদৰে বাচানত আৰু গিলয়দত মেৰবিলাকে চৰি সমৃদ্ধিশীল হৈছিল, তেনেদৰে বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে আধ্যাত্মিকৰূপে সমৃদ্ধিশীল হৈছে। ইয়াৰ উপৰিও তেওঁলোকে নম্ৰতাৰে ঈশ্বৰৰ সৈতে চলি তেওঁৰ আশীৰ্ব্বাদ লাভ কৰিছে।—গণনা পুস্তক ৩২:১; দ্বিতীয় বিবৰণ ৩২:১৪.

২৩. মীখা ৭:১৮, ১৯ পদটো বিবেচনা কৰি আমি কেনে শিক্ষা লাভ কৰিব পাৰোঁ?

২৩ মীখা ৭:১৮, ১৯ পদত ভৱিষ্যতবক্তাজনে অনুতাপ কৰা সকলক যিহোৱাই ক্ষমা কৰে বুলি উল্লেখ কৰিছিল। ১৮ পদত “অপৰাধা ক্ষমা কৰোঁতা” আৰু “অৱশিষ্ট ভাগৰ দাই এৰি দিওঁতা” বুলি বৰ্ণনা কৰিছে। আগলৈ ১৯ পদত কৈছে যে, তেওঁ “তেওঁবিলাকৰ আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিব।” আমি ইয়াৰ পৰা কেনে এক প্ৰকাৰৰ শিক্ষা লাভ কৰিব পাৰোঁ? যদি আমি ক্ষমা কৰাৰ ক্ষেত্ৰত যিহোৱাক অনুকৰণ কৰিছোঁ, তেনেহʼলে নিজকে এইদৰে সুধিব পাৰোঁ। আমাৰ অহিতে ভুল কৰা জনক আমি ক্ষমা কৰোঁনে? যদি ভুল কৰাজনে অনুতাপ কৰি প্ৰতিকাৰ কৰে, তেতিয়া অৱশ্যেই আমি তেনে লোকক সম্পূৰ্ণ আৰু স্থায়ীৰূপে ক্ষমা কৰি যিহোৱাক অনুকৰণ কৰাৰ প্ৰমাণ দিম।

২৪. আপুনি মীখাৰ ভৱিষ্যতবাণীৰ পৰা কেনেকৈ লাভৱান হʼল?

২৪ মীখাৰ ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰি আমি কেনেদৰে লাভৱান হলোঁ? ইয়াত আমাক মনত পেলাই দিয়া হʼল যে যিসকলে যিহোৱা ঈশ্বৰৰ কাষ চাপে তেওঁলোকক তেওঁ প্ৰকৃত আশা প্ৰদান কৰে। (মীখা ২:১-১৩) তদুপৰি ইয়াত আমাক সত্য উপাসনা বৃদ্ধি কৰি যিহোৱাৰ পবিত্ৰ নামৰ সৈতে চিৰকাললৈ চলি থাকিবলৈ সকলো প্ৰচেষ্টা কৰিবলৈ উৎসাহিত কৰা হʼল। (মীখা ৪:১-৪) ইয়াৰ বাজেও ইয়াত আমাৰ পৰিস্থিতি যেনেকুৱাই নহওঁক কিয় আমি যিহোৱাই বিচৰা আৱশ্যকতাবোৰ পূৰণ কৰিব পাৰিম বুলি আশ্বাস দিয়া হʼল। বাস্তৱতে মীখাৰ ভৱিষ্যতবাণীৰ বাক্যসমূহে আমাক যিহোৱাৰ নামৰ সৈতে চলিবলৈ সঁচাকৈ দৃঢ় কৰি তুলে। (w03 8/15)

আপুনি কিদৰে উত্তৰ দিব?

মীখা ৬:৮ পদৰ অনুসাৰে যিহোৱাই আমাৰ পৰা কি বিচাৰে?

• আমি ‘ন্যায়ৰ কাৰ্য্য’ কৰিবলৈ কিহৰ আৱশ্যক

• আমি কেনেকৈ ‘প্ৰেমপূৰ্বক দয়া’ প্ৰকাশ কৰিব পাৰোঁ?

• ‘নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলাত’ কি সন্মিলিত আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবি]

জীৱনৰ পথত চলিবলৈ আশা থকা সকলো ব্যক্তিক প্ৰচাৰ কৰাৰ দ্বাৰা আমি ন্যায়ৰ কাৰ্য্য কৰোঁ

[২৯ পৃষ্ঠাৰ ছবিসমূহ]

আনৰ প্ৰয়োজনীয়তাত সহায় কৰি আমি যে দয়াক ভাল পাওঁ সেইটো প্ৰকাশ কৰোঁ

[২৯ পৃষ্ঠাৰ ছবি]

নম্ৰভাৱে নিজৰ সীমিত পৰিস্থিতিৰ সৈতে অৱগত হৈ আপুনি যি পাৰে সেই সকলো কৰা আৱশ্যক