সত্য ঈশ্বৰক অনুকৰণ কৰক
সত্য ঈশ্বৰক অনুকৰণ কৰক
“প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা।”—ইফিচীয়া ৫:১.
১. কিছুমানে সত্যৰ বিষয়ে কি বিশ্বাস কৰে আৰু তেওঁলোকে দাঙি ধৰা যুক্তি কিয় অৰ্থহীন?
“সত্যতা নো কি?” (যোহন ১৮:৩৮) আজিৰ পৰা ২,০০০ বছৰ পূৰ্ব্বেই পীলাতে কুটিলতাৰে সোধা এই প্ৰশ্নটোৱে দেখুৱাইছে যে সত্যক বিচাৰি যোৱাটো অৰ্থহীন। বহুতে এই কথাশাৰীৰ সৈতে সন্মতো হʼব। কিয়নো আজি সত্য বুলিবলৈ একোৱেই নাই। আপুনি হয়তো লোকসকলে সত্যক নিজেই বাছি লোৱা, সত্যক আনুষঙ্গিক বা পৰিৱৰ্তনশীল হোৱা বুলি কোৱা শুনিবলৈ পাইছে। তেনেধৰণৰ যুক্তিৰ কোনো আধাৰ নাই। আমি বাস কৰা পৃথিৱীখনৰ বাস্তৱিকতাৰ বিষয়ে সত্যতাৰ শিক্ষা লোৱা আৰু অন্বেষণ কৰাটো হৈছে এটা সত্য। সত্য কোনো এজনে ব্যক্তিগতভাৱে দিয়া মতামতৰ ওপৰত আধাৰিত নহয়। উদাহৰণস্বৰূপে, এজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰত এনে কিবা এটা জীয়াই থাকেনে অথবা নাথাকে। বাস্তৱতে চয়তানে অস্তিত্বত আছে নে নাই। জীৱনৰ কোনো উদ্দেশ্য আছে নে নাই। এই সকলোবোৰৰ বাবে কেৱল এটাহে সঠিক উত্তৰ হʼব পাৰে। ইয়াৰে এটা উত্তৰ সত্য আৰু আনটো অসত্য হʼব; দুয়োটাই কেতিয়াও একেলগে সত্য হʼব নোৱাৰে।
২. যিহোৱাই কি ধৰণে সত্য ঈশ্বৰ হোৱাৰ প্ৰমাণ দিয়ে আৰু কেনে প্ৰশ্নবোৰৰ আলোচনা কৰা হʼব?
২ আমি সত্য ঈশ্বৰ যিহোৱাৰ বিষয়ে আগৰ লেখত আলোচনা কৰিলোঁ। তেওঁ সকলো বিষয়ে থকা সত্যতাক জানে। ঈশ্বৰৰ শত্ৰু যি চয়তান যাক প্ৰবঞ্চক বুলি কোৱা হয় তাৰ বিপৰীতে যিহোৱা হৈছে সম্পূৰ্ণ সত্যবাদী। তদুপৰি তেওঁ সকলোলৈ উদাৰভাৱে সত্যতা প্ৰকাশ কৰিছে। সেয়েহে পাঁচনি পৌলে খ্ৰীষ্টানবিলাকক এনেদৰে উৎসাহিত কৰিছিল: “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা।” (ইফিচীয়া ৫:১) যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আমি কেনেকৈ সত্যতাৰ অনুসাৰে কথা-বতৰা আৰু জীৱন-যাপন কৰিব পাৰোঁ? এনে কৰাটো কিয় অতি গুৰুত্বপূৰ্ণ? সত্যতাক অনুকৰণ কৰোঁতাসকলক যিহোৱাই অনুমোদন দিয়ে বুলি আমি কিয় আশ্বাস পাব পাৰোঁ? আঁহক এইবোৰৰ বিষয়ে বিবেচনা কৰোঁহঁক।
৩, ৪. পাঁচনি পৌল আৰু পিতৰে “শেষ-কালত” কি হʼব বুলি বৰ্ণনা কৰিছিল?
৩ আমি এনে এক সময়ত বাস কৰিছোঁ যʼত অসত্যৰে পৰিপূৰ্ণ হৈ আছে। যিদৰে পাঁচনি পৌলে ভৱিষ্যতবাণী কৰিছিল ঠিক সেইদৰে এই “শেষ-কালত” বহুতো লোকে ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তিৰ অস্বীকাৰকাৰী হʼব। কিছুমানে “মন-ভ্ৰষ্ট” হোৱাৰ বাবে সত্যতাৰ প্ৰতিৰোধ কৰিছে। তদুপৰি “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ” হৈছে। যিহেতু তেনে লোকবিলাকে প্ৰতিদিনে শিকিও কেতিয়াও “সত্যৰ তত্ত্ব-জ্ঞান” লাভ কৰিব নোৱাৰে।—২ তীমথিয় ৩:১, ৫, ৭, ৮, ১৩.
৪ এই শেষ-কালৰ বিষয়ে পাঁচনি পিতৰেও লিখিবলৈ প্ৰেৰিত হৈছিল। তেওঁৰ ভৱিষ্যতবাণীৰ অনুসাৰে লোকবিলাকে কেৱল সত্যকে তিৰষ্কাৰ কৰিব এনে নহয়, কিন্তু সত্যতাক প্ৰচাৰ কৰোঁতাসকলকো ঠাট্টা কৰিব। তেনে বিদ্ৰূপকাৰীবিলাকে ‘নিজ ইচ্ছামতে’ ভৱিষ্যতে আহিবলগীয়া ঈশ্বৰৰ ন্যায়বিচাৰ অৰ্থাৎ নুহৰ সময়ত হোৱাৰ দৰে জল-প্ৰলয়ৰূপী আৰ্হিক আওকাণ কৰে। যেতিয়া ঈশ্বৰে ভক্তিহীন লোকবিলাকক ধ্বংস কৰিব তেতিয়া তেওঁলোকৰ তেনে ইচ্ছাই মৃত্যুৰ কাৰণ হʼব।—২ পিতৰ ৩:৩-৭.
যিহোৱাৰ সেৱকবিলাকে সত্যতাক জানে
৫. ভৱিষ্যতবক্তা দানিয়েলৰ অনুসাৰে “শেষ-কালত” কি হʼব আৰু এই ভৱিষ্যতবাণীৰ পূৰ্ণতা কেনেকৈ দেখিবলৈ পোৱা গৈছে?
৫ ভৱিষ্যতবক্তা দানিয়েলে “শেষ-কালৰ” বিষয়ে বৰ্ণনা কৰোঁতে এই জগতৰ লোকসকলৰ বিপৰীতে ঈশ্বৰৰ লোকসকলৰ মাজত সত্য ধৰ্ম্মৰ পুনৰস্থাপনা হʼব বুলি কৈছিল। তেওঁ এনেদৰে লিখিছিল: “অনেকে ইফালে সিফালে লৰ ধৰিব, আৰু [সত্য, NW] জ্ঞান বৃদ্ধি হব।” (দানিয়েল ১২:৪) যিহোৱা ঈশ্বৰৰ লোকবিলাকে সেই মহা প্ৰবঞ্চকৰ দ্বাৰা ভ্ৰান্ত হোৱা নাই। তেওঁলোকে বাইবেলৰ বাক্যবোৰক অধ্যয়ন কৰি প্ৰকৃত জ্ঞান লাভ কৰিছে। প্ৰথম শতাব্দীত যীচুৱেও নিজৰ শিষ্যসকলক তেনে জ্ঞান প্ৰদান কৰিছিল। তেওঁ “শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি” কৰিছিল। (লূক ২৪:৪৫) ঠিক সেইদৰে বৰ্তমান সময়ত যিহোৱা ঈশ্বৰেও তেওঁৰ লোকসকলৰ মন মুকলি কৰিছে। তাক তেওঁ কেনেকৈ কৰিছে? তেওঁ নিজৰ বাক্য, আত্মা আৰু পাৰ্থিৱ সংগঠনৰ যোগেদি লাখ লাখ লোকক সত্যতা প্ৰদান কৰি তেওঁলোকৰ মন মুকলি কৰিছে।
৬. বৰ্তমান ঈশ্বৰৰ লোকসকলে বাইবেলেৰ কেনে সত্যতাৰ জ্ঞান লাভ কৰিছে?
৬ ঈশ্বৰৰ লোক হোৱা হেতুকে আমি বহুতো বিষয়ৰ জ্ঞান পাইছোঁ যিটো আমি হয়তো জানিব নোৱাৰিলোহেঁতেন। যুগ যুগ ধৰি জগতৰ জ্ঞানী ব্যক্তিসকলে এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাবাতুৰি খাই ফুৰিছে যাৰ বিষয়ে আমি জানো। উদাহৰণস্বৰূপে, আজি মানুহে সম্মুখীন হোৱা দুখ-কষ্ট, মৃত্যুৰ কাৰণ আৰু বিশ্বব্যাপী শান্তি আৰু ঐক্যতা কিয় লুপ্ত হৈছে তাৰ বিষয়ে আমি জানো। তদুপৰি আমাৰ বাবে নিকট ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্য, পৰমদেশ আৰু চিৰকলীয়া সিদ্ধ জীৱন আছে বুলি অন্তৰ্দৃষ্টি পাইছোঁ। আমি সৰ্ব্বোপৰিজনা অৰ্থাৎ যিহোৱাৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াৰ উপৰিও আমি তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বিষয়ে শিকিব আৰু তেওঁৰ আশীৰ্ব্বাদৰ ভাগী হʼবলৈ কি কৰা উচিত তাকো জানিব পাৰিলোঁ। তদুপৰি আমি সত্যক জানি মিছা কি তাৰ বিষয়ে জ্ঞান লাভ কৰিলোঁ। সত্যতাৰ অনুসাৰে চলি আমি অনৰ্থক কাৰ্য্যৰ পৰা আঁতৰি থাকি জীৱনৰ উত্তমতা আৰু ভৱিষ্যতৰ বাবে এক সুন্দৰ আশা পাইছোঁ।
৭. বাইবেলৰ সত্যতাৰ বিষয়ে কোন ব্যক্তিসকলে বুজি পায় আৰু কোনবিলাকে নাপায়?
৭ আপুনি বাইবেলৰ সত্যতাৰ বিষয়ে জ্ঞান লাভ কৰিছেনে? যদি লাভ কৰিছে তেন্তে আপুনি অধিক আশীৰ্ব্বাদৰ ভাগী হৈছে। কোনো লিখক বা লেখিকাই লিখা কিতাপৰ লিখনী শৈলী কেৱল এক বিশেষ লোকসমূহৰ বাবেহে প্ৰযোজ্য হয়। কিছুমান কিতাপ হয়তো উচ্চ শিক্ষিত ব্যক্তি, আন কিছুমান লʼৰা-ছোৱালী আৰু আনবোৰ কেৱল কোনো বিশেষ ক্ষেত্ৰবোৰতহে ব্যৱহাৰিক হয়। কিন্তু বাইবেলখন হৈছে সকলোলৈ সহজলভ্য আৰু এক বিশেষ লোকসমূহে ইয়াৰ জ্ঞান পাই বুজিব পাৰে। যিহোৱাই বাইবেলখন নম্ৰ মনৰ লোকে বুজি পোৱাকৈ লিপিবদ্ধ কৰিলে। তেওঁলোকৰ পৃষ্ঠভূমি অৰ্থাৎ শিক্ষাগত অৰ্হতা, জীৱন-প্ৰণালী বা যেনেকুৱাই জাতিৰ লোক নহওঁক কিয়, তেওঁলোকে ইয়াৰ অৰ্থ বুজিব পাৰে। (১ তীমথিয় ২:৩, ৪) আনহাতে, যিসকলে ইয়াৰ বাবে উপযুক্ত নহয় তেওঁলোকে যিমানেই শিক্ষিত বা জ্ঞানী নহওঁক কিয়, তথাপিও তাৰ সত্যতাক বুজিব নোৱাৰে। ঈশ্বৰৰ বাক্যত থকা বহুমূলীয়া সত্যতাৰ বিষয়ে অভিমানী লোকসকলে বুজিব নোৱাৰে। (মথি ১৩:১১-১৫; লূক ১০:২১; পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) একমাত্ৰ ঈশ্বৰেহে তেনে ধৰণৰ কিতাপ প্ৰদান কৰিব পাৰে।
ঈশ্বৰৰ সেৱকবিলাক সত্যবাদী
৮. যীচু কিয় সত্যতাৰ প্ৰতীক আছিল?
৮ ঈশ্বৰৰ দৰে তেওঁৰ উপাসকসকলো সত্যবাদী। যীচু খ্ৰীষ্ট হৈছে যিহোৱাৰ প্ৰধান সাক্ষী, তেওঁ নিজৰ শিক্ষা, জীৱন-প্ৰণালী আৰু মৃত্যুৰ দ্বাৰাই সত্যবাদী হোৱাৰ প্ৰমাণ দিলে। তেওঁ যিহোৱাৰ বাক্য আৰু প্ৰতিজ্ঞাবোৰৰ সম্বন্ধে সত্য কৈছিল। পৰিমাণস্বৰূপে, যীচুৱে সত্যতাৰ প্ৰতীক হʼল যাৰ বিষয়ে তেওঁ নিজেই বৰ্ণনা কৰিছিল।—যোহন ১৪:৬; প্ৰকাশিত বাক্য ৩:১৪; ১৯:১০.
৯. সত্য কথা কোৱাৰ বিষয়ে বাইবেলে কি কৈছে?
৯ যীচু “অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ” আৰু “তেওঁৰ মুখত কোনো ছলৰ কথা নাছিল।” (যোহন ১:১৪; যিচয়া ৫৩:৯) আনৰ সৈতে কৰা আচৰণত সত্যবাদী হʼবলৈ যীচুৱে যি আৰ্হি প্ৰস্তুত কৰিলে, তাক প্ৰকৃত খ্ৰীষ্টানসকলে অনুকৰণ কৰে। সঙ্গী উপাসকবিলাকক পৰামৰ্শ দি পাঁচনি পৌলে এনেদৰে কৈছিল: “প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে আলাপ কৰা; কিয়নো আমি ইজনে সিজনৰ আঙ্গ-প্ৰত্যেঙ্গ হৈ আছোঁ।” (ইফিচীয়া ৪:২৫) এই বিষয়ে জখৰিয়া ভৱিষ্যতবক্তায়েও এইদৰে কৈছিল: “প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত সত্য কথা কোৱা।” (জখৰিয়া ৮:১৬) যিহেতু প্ৰকৃত খ্ৰীষ্টানসকলে ঈশ্বৰক সন্তুষ্ট কৰিব বিচৰাৰ বাবে তেওঁলোকে সত্যবাদী হোৱাৰ প্ৰমাণ দিয়ে। যিহোৱা হৈছে সত্যবাদী ঈশ্বৰ আৰু তেওঁ জানে যে অসত্যৰ আশ্ৰয় লʼলে কেনে পৰিণাম হʼব পাৰে। সেইবাবে তেওঁ উপযুক্তৰূপে নিজৰ সেৱকসকলৰ পৰা সত্য কথা কোৱাটো অপেক্ষা কৰে।
১০. লোকসকলে কিয় মিছা কয় আৰু ইয়াৰ কেনে বেয়া পৰিণামসমূহ দেখা যায়?
১০ বহুতৰ বাবে কিছুমান পৰিস্থিতিত মিছা কোৱাটো সুবিধাজনক প্ৰতিত হʼব পাৰে। যেনে, শাস্তিৰ পৰা ৰেহাই, কোনো প্ৰকাৰে লাভৱান বা আনৰ পৰা প্ৰশংসা লাভ কৰা। তথাপিও মিছা কোৱাটো হৈছে এটা দুৰ্গুণ। তদুপৰি এজন মিছলীয়াই কেতিয়াও ঈশ্বৰৰ অনুমোদন পাব নোৱাৰে। (প্ৰকাশিত বাক্য ২১:৮, ২৭; ২২:১৫) আমি সত্যবাদী হোৱাৰ বিষয়ে যেতিয়া আনে জানিব পাৰে তেতিয়া তেওঁলোকে আমাত বিশ্বাস কৰে। যদি আমি মিছা কওঁ তেন্তে ভৱিষ্যতে থকা সত্যতাৰ বিষয়ে কʼলেও তেওঁলোকে বিশ্বাস নকৰিব। আফ্ৰিকাৰ এটা প্ৰবচনত এইদৰে কোৱা হয়: “এটা মিছা কথাই হাজাৰটা সত্যক নষ্ট কৰে।” আন এটা প্ৰবচনত এইদৰে কোৱা হয়: “মিছলীয়াই কোৱা সত্যক কোনেও বিশ্বাস নকৰে।”
১১. কি প্ৰকাৰে সত্যবাদীতাই আমি কোৱা সত্যতাক অধিকৰূপে প্ৰকাশ কৰে?
১১ সত্যবাদী হোৱাৰ অৰ্থ কেৱল সত্য কথা কোৱাই নহয়, কিন্তু ইয়াৰ অনুসাৰে জীৱন অতিবাহিত কৰাটো সন্মিলিত আছে। তদুপৰি ইয়ে আমাৰ ব্যক্তিত্বৰো পৰিচয় দিয়ে। আমি কেৱল কোৱাৰ দ্বাৰা নহয় কিন্তু কাৰ্য্যৰেও আনক সত্যৰ বিষয়ে সাক্ষী দিওঁ। এই সন্দৰ্ভে পাঁচনি পৌলে সুধিছিল: “হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ কৰা নে?” (ৰোমীয়া ২:২১, ২২) যদি আনক সত্যতাৰ বিষয়ে শিকাবলৈ বিচাৰিছোঁ তেন্তে আমি সকলোতে সত্যবাদী হোৱা উচিত। আমাৰ সত্যবাদী আৰু ন্যায়পৰায়ণতাৰ প্ৰতিষ্ঠাই আমি যি কওঁ তাৰ প্ৰতি লোকসকলে গভীৰভাৱে প্ৰভাৱিত হয়।
১২, ১৩. স্কুলত পঢ়া এজনী সাক্ষী ছোৱালীয়ে সত্যবাদীতাৰ বিষয়ে কেনে ৰচনা লিখে আৰু তাই তেনে উচ্চ নৈতিক স্তৰ বজাই ৰখাৰ কাৰণ কি আছিল?
১২ যিহোৱাৰ সেৱকবিলাকৰ মাজত থকা যুৱক-যুৱতীসকলেও সত্যবাদী হোৱাৰ গুৰুত্বতাক বুজি পায়। উদাহৰণস্বৰূপে, এখন স্কুলত পঢ়া জেনী নামৰ এজনী ১৩ বছৰীয়া যিহোৱাৰ সাক্ষীয়ে স্কুলত লিখা এখন ৰচনাত এইদৰে লিখিছিল: “মই ন্যায়পৰায়ণতাক সদায়েই গভীৰভাৱে মূল্যাঙ্কন কৰোঁ। এইটো অতি দুখৰ বিষয় যে বৰ্তমান অধিক সংখ্যকে ন্যায়পৰাণ নহয়। মই প্ৰতিজ্ঞা কৰিছোঁ যে মই ওৰে জীৱন ন্যায়পৰায়ণতা বজাই ৰাখিম। মোৰ ন্যায়পৰায়ণতাই যদিও মোক আৰু বন্ধুসকলকৰ বাবে শীঘ্ৰেই কোনো লাভ সাধিব নোৱাৰে তথাপিও মই তাক বজাই ৰাখিম। যিসকলে সত্য কথা কয় আৰু ন্যায়পৰায়ণতাৰে জীৱন-যাপন কৰে তেওঁলোককহে মোৰ প্ৰকৃত বন্ধু বুলি ভাবো।”
১৩ জেনীয়ে লিখা ৰচনাখনলৈ লক্ষ্য কৰি তাই শিক্ষয়ত্ৰী গৰাকীয়ে এইদৰে কৈছিল: “তুমি ইমান সৰুকালৰ পৰাই উচ্চ নৈতিক স্তৰ বিকাশিত কৰিছা। মই জানো যে তুমি তাত নিশ্চেই উপনীত হʼব পাৰিবা, কিয়নো তোমাৰ নৈতিক মনোবল অতি দৃঢ়।” কিহে জেনীক তেনে উচ্চ নৈতিক স্তৰ বজাই ৰাখিবলৈ সহায় কৰিলে? ৰচনাৰ আৰম্ভণিতে জেনীয়ে বৰ্ণনা কৰিছিল যে তাইৰ ধৰ্ম্মই “তাইক তেনে স্তৰ পালন কৰিবলৈ শিকাইছে।” আজি তাই সেই ৰচনা লিখা সাত বছৰ পাৰ হʼল। জেনীয়ে আজিও প্ৰতিজ্ঞা কৰা উচ্চ স্তৰৰ অনুসৰি একেৰাহে চলিছে বুলি তাইৰ শিক্ষয়ত্ৰী গৰাকীয়ে বিশ্বাস কৰে।
যিহোৱাৰ সেৱকবিলাকে সত্যতা প্ৰকাশ কৰে
১৪. বিশেষকৈ ঈশ্বৰৰ সেৱকবিলাকে সত্যতাক বজাই ৰখাটো কিয় এক গম্ভীৰ দায়িত্ব?
১৪ অৱশ্যে যিহোৱাৰ সাক্ষীসকলৰ বাহিৰেও আন সকলে সঁচা কোৱা আৰু সত্যবাদী হʼবলৈ চেষ্টা কৰিব পাৰে। কিন্তু আমি বিশেষকৈ যিহোৱাৰ সেৱক হোৱাৰ বাবে যি সত্য তাক বজাই ৰখাটো হৈছে আমাৰ এক মহান দায়িত্ব। যিহেতু আমাক বাইবেল সত্যতাৰ জ্ঞান প্ৰদান কৰা হৈছে যিয়ে অনন্ত জীৱনলৈ পৰিচালিত কৰিব পাৰে। সেইবাবে আমি আনক এই জ্ঞান বিতৰণ কৰাটো হৈছে এক অৱশ্য কৰ্তব্য। এই বিষয়ে যীচুৱে কৈছিল: “মানুহবিলাকে যাক সৰহকৈ গতাই দিলে, তেওঁৰ পৰা আৰু অধিককৈ খুজিব।” (লূক ১২:৪৮) যিসকলে ঈশ্বৰৰ অমূল্য জ্ঞান পাইছে তেওঁলোকৰ পৰা ‘অধিককৈ খোজা’ হʼব।
১৫. আনক বাইবেল সত্যতাৰ বিষয়ে কৈ আমি কেনেধৰণৰ আনন্দ লাভ কৰোঁ?
১৫ আনক বাইবেলৰ সত্যতাৰ বিষয়ে জনোৱাটো এক আনন্দময় বিষয়। প্ৰথম শতিকাৰ যীচুৰ শিষ্যবিলাকৰ দৰে আমিও “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ” পৰা আৰু “ভূতবোৰৰ শিক্ষাত” ভ্ৰান্ত হোৱা লোকসকলৰ আগত শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰোঁ যিয়ে তেওঁলোকলৈ আশা কঢ়িয়াই আনে। (মথি ৯:৩৬; ১ তীমথিয় ৪:১) এই সন্দৰ্ভত পাঁচনি যোহনে এইদৰে লিখিছিল: “মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে; তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।” (৩ যোহন ৪) যোহনৰ বিশ্বাসী “সন্তানবিলাক” হয়তো তেওঁৰ পৰা সত্য শিক্ষা লাভ কৰা ব্যক্তিসকল আছিল, যিয়ে তেওঁক আনন্দিত কৰিছিল। যেতিয়া লোকসকলে ঈশ্বৰৰ বাৰ্ত্তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই তেতিয়া আমি আনন্দিত হওঁ।
১৬, ১৭. (ক) সকলোৱে কিয় সত্যক গ্ৰহণ নকৰিব পাৰে? (খ) বাইবেল সত্যতাৰ বিষয়ে প্ৰচাৰ কৰি আমি কেনে আনন্দ উপভোগ কৰিব পাৰিম?
১৬ এইটো সঁচা যে সকলোৱে সত্যতাক গ্ৰহণ নকৰিব। যীচুৱে এনে এক সময়ত ঈশ্বৰৰ সত্যতাৰ বিষয়ে প্ৰচাৰ কৰিছিল যি সময়ত লোকসকলে কোনো আগ্ৰহ দেখুউৱা নাছিল। তেওঁ ইহুদী বিৰোধিসকলক কৈছিল: “মই যদি সত্য কথা কওঁ, তেন্তে কিয় মোত বিশ্বাস নকৰা? যি কোনো ঈশ্বৰৰ হয়, তেওঁ ঈশ্বৰৰ কথা শুনে। তোমালোক ঈশ্বৰৰ লোক নোহোৱা; এই কাৰণে নুশুনা।”—যোহন ৮:৪৬, ৪৭.
১৭ যীচুৰ দৰে আমিও যিহোৱাৰ বিষয়ে থকা বহুমূলীয়া সত্যতাক কোৱাৰ পৰা আঁতৰি নাথাকো। যিদৰে যীচুৰ সময়ত থকা লোকসকলে তেওঁ কোৱা কথাত বিশ্বাস নকৰিল তেনেদৰে আজিও যে সকলোৱে আমাৰ বাৰ্ত্তা শুনিব তাক আশা নকৰোঁ। তথাপিও আমি কৰা কাৰ্য্য যে উচিত তাক জানি আনন্দিত হওঁ। সমূদায় মানৱজাতিয়ে সত্যতাক যেন চিনি পাই এয়াই হৈছে দয়ালুময় ঈশ্বৰ যিহোৱাৰ ইচ্ছা। সত্যৰ অধিকাৰী হোৱাস্বৰূপে খ্ৰীষ্টানসকলে এই অন্ধকাৰময় জগতত জ্যোতিবাহক হৈ কাৰ্য্য কৰিছে। আমি নিজৰ কথা আৰু কাৰ্য্যৰে সত্যৰ পোহৰ প্ৰকাশ কৰি আনক যিহোৱাৰ মহিমা কৰাত সহায় কৰিব পাৰিম। (মথি ৫:১৪, ১৬) আমি সকলোকে স্পষ্টকৈ জনাওঁ যে চয়তানৰ অসত্যতাক প্ৰত্যাখ্যান কৰি মিহলি নোহোৱা ঈশ্বৰৰ বাক্যৰ সত্যতাক বজাই ৰাখোঁ। আমি বিতৰণ কৰা সত্যতাই ইয়াক গ্ৰহণ কৰোঁতাসকলক স্বাধীনতা প্ৰদান কৰিব পাৰে।—যোহন ৮:৩২.
সত্যবাদীতাৰে জীৱন-যাপন কৰক
১৮. যীচুৱে কিয় আৰু কেনেকৈ নথনেলৰ ওপৰত কৃপাদৃষ্টি লক্ষ্য কৰিছিল?
১৮ যীচুৱে সত্যতাক প্ৰেম কৰিছিল আৰু তাৰ বিষয়ে আনকো জনাইছিল। পৃথিৱীত থকা সময়ছোৱাত যিসকলে সত্যবাদীতাৰে জীৱন-যাপন কৰিছিল তেওঁ তেওঁলোকৰ প্ৰতি কৃপাদৃষ্টি কৰিছিল। নথনেলৰ বিষয়ে বিবেচনা কৰি যীচুৱে এইদৰে কৈছিল: “চোৱা, এই জন স্বৰূপ ইস্ৰায়েল লোক, এওঁত একো কপট নাই।” (যোহন ১:৪৭) পাছলৈ নথনেলক বাৰ্থলময় নামেৰেও জনা গৈছিল, যিজনক যীচুৰ ১২ জন শিষ্যৰ মাজত এজনা হʼবলৈ বাছি লৈছিল। (মথি ১০:২-৪) ই তেওঁৰ বাবে কিযে এক সন্মানীয় বিষয় আছিল!
১৯-২১. এজন অন্ধ ব্যক্তিয়ে সাহসেৰে সত্যতাৰ বিষয়ে কোৱাৰ বাবে কেনেকৈ আশীৰ্ব্বাদপ্ৰাপ্ত হৈছিল?
১৯ যোহন নামৰ কিতাপখনৰ এটা সম্পূৰ্ণ অধ্যায়ত এনে এজন সত্যবাদী ব্যক্তিৰ বিষয়ে কৈছে যিজনক যীচুৱে আশীৰ্ব্বাদ দিছিল। সেই ব্যক্তিজনৰ নাম কি আছিল তাক আমি নাজানো। কিন্তু তেওঁৰ বিষয়ে কেৱল ইমানে জানো যে তেওঁ এজন জন্মগত অন্ধ আৰু ভিক্ষুক ব্যক্তি আছিল। যেতিয়া যীচুৱে তেওঁক দৃষ্টি প্ৰদান কৰিলে তেতিয়া লোকসকলে অবাক মানিছিল। এনে আচৰিত কৰ্ম্মৰ বিষয়ে শুনি সত্যতাৰ বিৰোধ কৰা ফৰাচীবিলাকে এই নিৰ্ণয় লৈছিল যে যিকোনোৱে যীচুক বিশ্বাস কৰিব, তেওঁক নাম-ঘৰৰ পৰা বহিষ্কাৰ কৰা হʼব। তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে জানি সেই অন্ধ ব্যক্তিজনৰ পিতৃ-মাতৃয়ে ফৰাচীবিলাকৰ আগত মিছা মাতি কৈছিল যে তেওঁলোকৰ পুত্ৰক কোনে সুস্থ কৰিলে তাক তেওঁলোকে নাজানে।—যোহন ৯:১-২৩.
২০ সেই সুস্থ হোৱা ব্যক্তিজনক ফৰাচীসকলে পুনৰাই তেওঁলোকৰ ওচৰলৈ মাতি পঠিয়ালে। তেওঁ কালৈকো ভয় নকৰি সাহসেৰে সত্যতাৰ বিষয়ে প্ৰকাশ কৰিলে। তেওঁ বৰ্ণনা কৰি কʼলে যে যীচুৱে কেনেকৈ তেওঁক সুস্থ কৰিলে। এই প্ৰধান আৰু শিক্ষিত লোকসকলে যীচুক ঈশ্বৰৰ পৰা অহা বুলি বিশ্বাস নকৰা দেখি সেই সুস্থ হোৱা ব্যক্তিজনে আঁচৰিত হʼল আৰু সাহসেৰে সেই সত্যতাক গ্ৰহণ কৰিবলৈ তেওঁলোকক আগ্ৰহ কৰি এইদৰে কʼলে: “তেওঁ ঈশ্বৰৰ পৰা নোহোৱা হলে, একো কৰ্ম্ম কৰিব নোৱাৰিলেহেঁতেন।” তেওঁৰ এই কথাত ফৰাচীবিলাকে অতি ক্ৰোধিত হʼল আৰু দুৰ্ব্যৱহাৰ কৰি তেওঁক বাহিৰ কৰিলে।—যোহন ৯:২৪-৩৪.
২১ এই বিষয়ে যেতিয়া যীচুৱে শুনিবলৈ পালে তেতিয়া সেই ব্যক্তিজনক বিচাৰিব ধৰিলে। তেওঁক লগ পাই যীচুৱে তেওঁৰ বিশ্বাসক দৃঢ় কৰিলে। যীচুৱে স্পষ্টকৈ নিজকে মচীহ হোৱাৰ পৰিচয় দিলে। সেই ব্যক্তিজনে সত্য কোৱাৰ বাবে কিমান যে আশীৰ্ব্বাদ লাভ কৰিলে! সঁচাকৈ যিসকলে সত্যতাৰ বিষয়ে সাক্ষী দিয়ে, তেওঁলোকৰ ওপৰতহে ঈশ্বৰৰ অনুমোদন থাকে।—যোহন ৯:৩৫-৩৭.
২২. আমি কিয় সত্যতাৰ পথ অনুকৰণ কৰা উচিত?
২২ সত্য কʼবলৈ অভ্যাস কৰাটো হৈছে এটা গম্ভীৰ বৃত্তি। ই হৈছে ঈশ্বৰ আৰু লোকসকলৰ সৈতে সম্বন্ধ গঢ়ি তুলাৰ এক মূল সাধন। সত্যবাদীয়ে আমাক অকৃত্ৰিম, সহজলভ্য, বিশ্বাসযোগ্য হোৱা আৰু যিহোৱাৰ অনুমোদন লাভ কৰাৰ দুৱাৰ মুকলি কৰে। (গীতমালা ১৫:১, ২) ইয়াৰ বিপৰীতে অসত্যতাই আমাক প্ৰবঞ্চক, অবিশ্বাসী, মিছলীয়া আৰু যিহোৱাৰ অনুমোদনৰ পৰা বঞ্চিত কৰে। (হিতোপদেশ ৬:১৬-১৯) গতিকে আঁহক আমি একেৰাহে সত্যতাৰ পথ অনুকৰণ কৰোঁহঁক। সত্য ঈশ্বৰক অনুকৰণ কৰি আমি সত্যতাৰ সম্পৰ্কে সঁচা কোৱা আৰু তাৰ অনুসাৰে জীৱন-যাপন কৰা আৱশ্যক। (w03 8/1)
আপুনি কেনেকৈ উত্তৰ দিব?
• সত্যক জনাৰ বাবে আমি কিয় কৃতজ্ঞ হʼব পাৰোঁ?
• সত্যবাদী হোৱাৰ সম্পৰ্কে আমি কেনেকৈ যিহোৱাক অনুকৰণ কৰিব পাৰোঁ?
• আনক বাইবেল সত্যৰ বিষয়ে জনোৱাৰ দ্বাৰা কেনে লাভসমূহ পোৱা যায়?
• সত্যতাৰ পথত চলাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৫ পৃষ্ঠাৰ ছবিসমূহ]
প্ৰকৃত খ্ৰীষ্টানসকলক প্ৰদান কৰা বাইবেল সত্যতাৰ বিষয়ে আনক আগ্ৰহেৰে জনায়