আমি কিয় নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা উচিত?
আমি কিয় নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা উচিত?
নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। সকলো বিষয়তে ধন্যবাদ কৰা।—১ থিচলনীকীয়া ৫:১৭, ১৮.
১, ২. প্ৰাৰ্থনা কৰা বিশেষাধিকাৰৰ প্ৰতি দানিয়েলে কেনে মূল্যাঙ্কন দেখুৱালে আৰু ইয়াৰ বাবে ঈশ্বৰৰ সৈতে থকা তেওঁৰ সম্বন্ধ কিমান দৃঢ় হৈ উঠিছিল?
ভৱিষ্যতবক্তা দানিয়েলৰ দিনে তিনিবাৰকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ অভ্যাস আছিল। তেওঁ নিজ ঘৰৰ ওপৰৰ কোঠালীত আঁঠু কাঢ়ি যিৰূচালেমলৈ মুখ কৰি প্ৰাৰ্থনা কৰিছিল। (১ ৰাজাৱলি ৮:৪৬-৪৯; দানিয়েল ৬:১০) আনকি পাৰস্যৰ ৰজা দাৰিয়াবচে প্ৰাৰ্থনা নকৰিবলৈ নিষেধাজ্ঞা জাৰি কৰাৰ স্বত্ত্বেও তেওঁ প্ৰাৰ্থনা কৰিবলৈ বন্ধ কৰা নাছিল। এই ব্যক্তিজনে নিজ জীৱন বিপদপন্ন কৰিও নিৰন্তৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল।
২ তেওঁৰ এনে দৃঢ়সঙ্কল্পৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি কৰিছিল? এবাৰ গাব্ৰিয়েল নামৰ স্বৰ্গদূতজনে দানিয়েলৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ আহি তেওঁক “অতি প্ৰিয়” বুলি সম্বোন্ধন কৰিছিল। (দানিয়েল ৯:২০-২৩) বাইবেলৰ যিহিষ্কেল নামৰ কিতাপত দানিয়েলক এজন ধাৰ্ম্মিক ব্যক্তি বুলি যিহোৱাই উল্লেখ কৰিছিল। (যিহিষ্কেল ১৪:১৪, ২০) দানিয়েলে নিজৰ জীৱনকালত প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিলে, যাৰ বিষয়ে স্বয়ং ৰজা দাৰিয়াবচেও স্বীকাৰ কৰিছিল।—দানিয়েল ৬:১৬.
৩. ইয়াত উল্লেখ কৰা এজন মিচনাৰীৰ অভিজ্ঞতাৰ অনুসাৰে প্ৰাৰ্থনাই কেনেকৈ আমাক সত্যনিষ্ঠা বজাই ৰাখিবলৈ সহায় কৰিব পাৰে?
৩ নিৰন্তৰে কৰা প্ৰাৰ্থনাই কঠিন পৰীক্ষাবোৰতো আমাক সম্মুখীন হʼবলৈ সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, চীন দেশৰ হেৰল্ড কিং নামৰ এজন মিচনাৰীৰ বিষয়ে বিবেচনা কৰক যিজনক পাঁচ বছৰৰ বাবে নিৰ্জন স্থানত অকলশৰীয়াকৈ জীৱন অতিবাহিত কৰিবলৈ আদালতে হুকুম দিলে। নিজৰ অভিজ্ঞতাৰ বিষয়ে কিং নামৰ ভাইজনে এইদৰে কৈছিল: “যদিও মই সঙ্গী ভাই-ভনীৰ পৰা পৃথকে আছিলোঁ তথাপিও মোক ঈশ্বৰৰ পৰা কোনেও পৃথক কৰিব নোৱাৰিলে। . . . যেতিয়া মই বাইবেলত উল্লেখ কৰা দানিয়েলৰ বিষয়ে স্মৰণ কৰি মই থকা সৰু কোঠাটোত আঁঠু কাঢ়ি দিনে তিনিবাৰ উচ্চস্বৰত প্ৰাৰ্থনা কৰিছিলোঁ তেতিয়া হয়তো কোঠাটোৰ সম্মুখেৰে যোৱা লোকসকলে মোক লক্ষ্য কৰিছিল। . . এনে পৰিস্থিতিত ঈশ্বৰৰ পবিত্ৰ আত্মাই মোৰ মনটোক অধিক লাভজনক বিষয়লৈ পৰিচালিত আৰু শান্তি প্ৰদান কৰা মই অনুভৱ কৰিছিলোঁ। প্ৰাৰ্থনাই মোলৈ কিযে এক আধ্যাত্মিক সামৰ্থ্য আৰু শান্ত্বনা কঢ়িয়াই অনা প্ৰমাণিত হৈছিল!”
৪. এই লেখটোত প্ৰাৰ্থনাৰ সম্বন্ধে থকা কেনে প্ৰশ্নবোৰৰ বিষয়ে বিবেচনা কৰা হʼব?
৪ বাইবেলে এইদৰে কৈছে: “নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। সকলো বিষয়তে ধন্যবাদ কৰা।” (১ থিচলনীকীয়া ৫:১৭, ১৮) আঁহক আমি এই পৰামৰ্শক মনত ৰাখি কিছুমান প্ৰশ্নক বিবেচনা কৰোঁহঁক: আমি প্ৰাৰ্থনাৰ প্ৰতি কিয় মনোযোগ দিয়া উচিত? আমি কিহৰ বাবে যিহোৱাক নিৰন্তৰে প্ৰাৰ্থনা কৰিব লাগে? যদি আমি ইয়াৰ যোগ্য নহওঁ বুলি অনুভৱ কৰোঁ তেন্তে কি কৰা উচিত?
প্ৰাৰ্থনাৰ যোগেদি বন্ধুত্ব গঢ়ি তুলা
৫. প্ৰাৰ্থনাই আমাক কেনে এক অতুলনীয় বন্ধুত্ব গঢ়ি তুলাত সহায় কৰে?
৫ যিহোৱাই আপোনাক তেওঁৰ বন্ধু হিচাবে ভবাটো আপুনি বিচাৰেনে? তেওঁ কুলপিতৃ অব্ৰাহামৰ সৈতে বন্ধুত্বৰে কথোপকথন কৰিছিল। (যিচয়া ৪১:৮; যাকোব ২:২৩) আনকি আমিও তেনেধৰণৰ সম্বন্ধ গঢ়ি তুলাটো যিহোৱাই বিচাৰে। দৰাচলতে, ঈশ্বৰে আমাক তেওঁৰ কাষ চাপিবলৈ আমন্ত্ৰণ কৰিছে। (যাকোব ৪:৮) এই আমন্ত্ৰণে আমাক প্ৰাৰ্থনাৰ সম্বন্ধে থকা বিশেষাধিকাৰক গভীৰভাৱে ভাবিবলৈ উৎসাহিত নকৰেনে? এজন উচ্চ পদাধিকাৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰাটো দূৰৰ কথা, আনকি সাক্ষাৎ কৰিবলৈও কিমান যে কষ্ট কৰিবলগীয়া হয়! আনহাতে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাজনে আমাক সকলো সময়তে নিচিন্ত মনেৰে প্ৰাৰ্থনা কৰি তেওঁৰ কাষ চাপিবলৈ উৎসাহিত কৰিছে। (গীতমালা ৩৭:৫) আমি নিৰন্তৰে কৰা প্ৰাৰ্থনাই যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলাত সহায় কৰে।
৬. ‘একেৰাহে প্ৰাৰ্থনা’ কৰাৰ সম্বন্ধে থকা যীচুৰ আৰ্হিয়ে আমাক কেনে শিক্ষা প্ৰদান কৰে?
৬ আমি কিমান যে সহজে প্ৰাৰ্থনা কৰাৰ প্ৰতি আওহেলা কৰোঁ! দৈনন্দিন জীৱনৰ হেঁচাবোৰৰ বাবে আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি ঈশ্বৰ সৈতে কথোপকথন কৰিবলৈ কোনো চেষ্টা নকৰোঁ। সেইবাবে যীচুৱে নিজৰ শিষ্যসকলক ‘একেৰাহে প্ৰাৰ্থনা’ কৰিবলৈ উৎসাহিত কৰিছিল আৰু নিজেও তেনেদৰে কৰিছিল। (মথি ২৬:৪১) যদিও যীচুৱে ৰাতিপূৱাৰে পৰা ৰাতিলৈকে ব্যস্ত আছিল তথাপিও তেওঁ নিজৰ পিতৃৰ সৈতে কথাবতৰা হʼবলৈ সময় উলিয়াইছিল। কেতিয়াবা “অতি ৰাতিপূৱা, আন্ধাৰ থাকোঁতেই” তেওঁ প্ৰাৰ্থনা কৰিবলৈ শুই উঠি নিৰ্জন ঠাইলৈ গৈছিল। (মাৰ্ক ১:৩৫) আন এটা উপলক্ষ্যত তেওঁ এক নিৰ্জন স্থানত গৈ প্ৰাৰ্থনা কৰিবলৈ বাছি লৈছিল। (মথি ১৪:২৩) যীচুৱে সদায়েই প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াইছিল আৰু আমিও তেনে কৰা উচিত।—১ পিতৰ ২:২১.
৭. আমাৰ স্বৰ্গীয় পিতৃৰ সৈতে নিতৌ কথোপকথন হʼবলৈ আমাক কেনে পৰিস্থিতিসমূহে প্ৰেৰিত কৰা উচিত?
৭ ব্যক্তিগত প্ৰাৰ্থনাত এনে বহুতো সুযোগ আছে যি আমাক দৈনন্দিন সমস্যা, প্ৰলোভনত সফলতাৰে সম্মুখীন আৰু সঠিক নিৰ্ণয় লোৱাত সহায় কৰে। (ইফিচীয়া ৬:১৮) যেতিয়া আমি জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতে ঈশ্বৰৰ দ্বাৰা মাৰ্গদৰ্শিত হʼবলৈ বিচাৰিম তেতিয়া তেওঁৰ সৈতে আমাৰ বন্ধুত্বও দৃঢ়ভাৱে গঢ়ি উঠিব। যদি দুজন বন্ধুৱে একেলগে কোনো সমস্যাৰ সম্মুখীন হৈছে তেন্তে তেওঁলোকৰ মাজত থকা বন্ধুত্ব আগতকৈ অধিক দৃঢ় নহʼবনে? (হিতোপদেশ ১৭:১৭) আমি যিহোৱাত ভাৰসা ৰাখা আৰু সহায় লাভ কৰাৰ দ্বাৰা তেওঁৰ সৈতে থকা আমাৰ বন্ধুত্ব সেই একেইদৰে দৃঢ় হৈ উঠিব।—২ বংশাৱলি ১৪:১১.
৮. ব্যক্তিগত প্ৰাৰ্থনাৰ দৈৰ্ঘ্যতাৰ সম্বন্ধে নহিমিয়া, যীচু আৰু হান্নাৰ উদাহৰণৰ পৰা আমি কি শিকিবলৈ পাওঁ?
৮ যিকোনো সময়ত নিশ্চিন্ত মনেৰে ঈশ্বৰৰ সৈতে কথা পাতিব পাৰোঁ বুলি জানি আমি কিমান যে আনন্দিত হৈছোঁ! উদাহৰণস্বৰূপে, পাৰস্যৰ ৰজাৰ ওচৰত অনুৰোধ কৰাৰ পূৰ্ব্বেই কোনো পলম নকৰাকৈ নহিমিয়াই মনে মনে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। (নহিমিয়া ২:৪, ৫) লাজাৰক পুনৰুত্থান কৰাৰ পূৰ্বেই যীচুৱে চমুকৈ প্ৰাৰ্থনা কৰি যিহোৱাৰ পৰা শক্তি বিচাৰিছিল। (যোহন ১১:৪১, ৪২) আনহাতে হান্নাই আন্তৰিকতাৰে “যিহোৱাৰ সাক্ষাতে দীঘল প্ৰাৰ্থনা” কৰিছিল। (১ চমূৱেল ১:১২, ১৫, ১৬) পৰিস্থিতি আৰু আৱশ্যকতাৰ অনুসাৰে আমাৰ ব্যক্তিগত প্ৰাৰ্থনা দীঘল বা চুটি হʼব পাৰে।
৯. যিহোৱাই আমাৰ সম্বন্ধে কৰা সকলোবোৰ কাৰ্য্যৰ বাবে ধন্যবাদ আৰু স্তুতিৰ কৰি কিয় প্ৰাৰ্থনা কৰা উচিত?
৯ যিহোৱাৰ উচ্চ স্থান আৰু আচৰিত কাৰ্য্যবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই কৰা বহুতো প্ৰাৰ্থনাক বাইবেলত লিপিবদ্ধ কৰা হৈছে। (যাত্ৰাপুস্তক ১৫:১-১৯; ১ বংশাৱলি ১৬:৭-৩৬; গীতমালা ১৪৫) পাঁচনি যোহনে এটা দৰ্শনত ২৪ জন বৃদ্ধলোকক দেখা পাইছিল, যি তেওঁলোকৰ স্বৰ্গীয় স্থানৰ সম্পূৰ্ণ সংখ্যাক বুজাইছে আৰু তেওঁলোকে এইদৰে স্তুতি গীত গাইছিল: “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১০, ১১) ঠিক সেইদৰে আমাৰ ওচৰতো সৃষ্টিকৰ্ত্তাজনক নিতৌ স্তুতি কৰাৰ কাৰণ আছে। লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ বিষয়ে প্ৰশংসা শুনিবলৈ পাই পিতৃ-মাতৃসকলে কিমান যে আনন্দিত হয়! সেইদৰে যিহোৱাৰ দয়াপূৰ্ণ কাৰ্য্যবোৰৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰি আমি নিজৰ প্ৰাৰ্থনাক উন্নত কৰিব পাৰিম।
কিয় “নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা” উচিত?
১০. আমাৰ বিশ্বাস দৃঢ়ি কৰিবলৈ প্ৰাৰ্থনাই কেনে ভূমিকা আদায় কৰে?
১০ বিশ্বাসৰ বাবে নিতৌ প্ৰাৰ্থনা কৰা অতি আৱশ্যক। যীচুৱে “নিৰুৎসাহী নহৈ, সদায় প্ৰাৰ্থনা কৰি থকা উচিত” বুলি কোৱাৰ পিছত তেওঁ এনেদৰে সুধিছিল: “যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?” (লূক১৮:১-৮) অৰ্থপূৰ্ণ প্ৰাৰ্থনাই বিশ্বাস দৃঢ় কৰে। ক্ৰমান্বয়ে বৃদ্ধ হৈ অহা অব্ৰাহামে কোনো সন্তান নোহোৱা দেখি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱাই উত্তৰ দি তেওঁক স্বৰ্গলৈ দৃষ্টি কৰি যদি তেওঁৰ বাবে তৰাবোৰ গণাটো সম্ভৱঃ তেন্তে গণিবলৈ কৈছিল। তাৰ পিছত আশ্বাস দি এনেদৰে কৈছিল: “এইদৰে তোমাৰ বংশও হব।” ইয়াৰ ফলাফল কি হʼল? অব্ৰাহামে “যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণনা কৰিলে।” (আদিপুস্তক ১৫:৫, ৬) যদি আমি আন্তৰিকতাৰে প্ৰাৰ্থনা, বাইবেলত উল্লেখ কৰা আশ্বাস গ্ৰহণ আৰু তেওঁৰ আজ্ঞাক পালন কৰোঁ, তেন্তে তেওঁ আমাৰ বিশ্বাসকো দৃঢ় কৰিব।
১১. প্ৰাৰ্থনাই সমস্যাবোৰৰ সম্মুখীন হʼবলৈ আমাক কেনেকৈ সহায় কৰিব পাৰে?
১১ তদুপৰি প্ৰাৰ্থনাই আমাৰ সমস্যাবোৰক সমাধান কৰিবলৈ সহায় কৰে। আমাৰ দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যাবোৰ ক্লেশদায়ক নে? যদি ক্লেশদায়ক তেন্তে বাইবেলে আমাক এইদৰে কৈছে: “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।” (গীতমালা ৫৫:২২) আমি গম্ভীৰ নিৰ্ণয়বোৰ লোৱাৰ সময়ত যীচুৰ আৰ্হিক অনুকৰণ কৰা উচিত। যিদৰে ১২ জন শিষ্যৰ বাছনি কৰাৰ সময়ত যীচুৱে গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল। (লূক ৬:১২-১৬) মৃত্যুৰ আগৰাতি যীচুৱে ইমানেই একান্তভাৱে প্ৰাৰ্থনা কৰিছিল যে “মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গল।” (লূক ২২:৪৪) ফলস্বৰূপে তেওঁ কি লাভ কৰিলে? তেওঁৰ “ভক্তিভাৱৰ কাৰণে উত্তৰ” পাইছিল। (ইব্ৰী ৫:৭) আমাৰ আন্তৰিক আৰু নিৰন্তৰে কৰা প্ৰাৰ্থনাই গম্ভীৰ পৰিস্থিতি আৰু কঠিন পৰীক্ষাবোৰত সম্মুখীন হʼবলৈ সহায় আগবঢ়াব।
১২. প্ৰাৰ্থনাই কেনেকৈ দেখুৱাইছে যে যিহোৱাই আমাৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী?
১২ প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ কাষ চপাৰ আন এটা কাৰণ হৈছে, তেওঁ আমাৰ কাষ চাপে। (যাকোব ৪:৮) যেতিয়া আমি সম্পূৰ্ণ হৃদয়ৰে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি এনে অনুভৱ নকৰোঁ নে যে তেওঁ আমাৰ প্ৰতি আগ্ৰহী আৰু চিন্তা কৰে? আমি ব্যক্তিগতভাৱে ঈশ্বৰৰ প্ৰেমৰ অভিজ্ঞতা হৈছোঁ। কিয়নো যিহোৱাই তেওঁৰ সেৱকসকলে কৰা প্ৰাৰ্থনাক শুনিবলৈ কোনো এজনকো অধিকাৰ দিয়া নাই, তেওঁলোকৰ স্বৰ্গীয় পিতৃৰূপে তেওঁ নিজলৈ এইটো সীমিত কৰি থলে। (গীতমালা ৬৬:১৯, ২০; লূক ১১:২) সেয়েহে তেওঁ আমাক ‘আমাৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিবলৈ’ আন্ত্ৰণ কৰিছে।—১ পিতৰ ৫:৬, ৭.
১৩, ১৪. আমাৰ ওচৰত নিৰন্তৰে প্ৰাৰ্থনা কৰাৰ কেনে কাৰণ আছে?
১৩ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি উৎসাহিত আৰু বিৰুধিতাৰ সময়ত ভয়ভীত নহʼবলৈ প্ৰাৰ্থনাই আমাক সাহসী কৰি তুলে। (পাঁচনিৰ কৰ্ম্ম ৪:২৩-৩১) তদুপৰি প্ৰাৰ্থনাই “চয়তানৰ নানাবিধ কুকল্পনাৰ” পৰা ৰক্ষা পাবলৈও সহায় কৰে। (ইফিচীয়া ৬:১১, ১৭, ১৮) আমি প্ৰতিদিনে সম্মুখীন হʼবলগীয়া পৰীক্ষাবোৰৰ বাবে যিহোৱাৰ পৰা সহায় বিচাৰি নিৰন্তৰে প্ৰাৰ্থনা কৰা উচিত। যীচুৰ আদৰ্শমূলক প্ৰাৰ্থনাত চয়তান অৰ্থাৎ ‘পাপআত্মাৰ পৰা ৰক্ষা’ পাবলৈ কৰা নিৱেদনো সন্মিলিত আছে।—মথি ৬:১৩.
১৪ যদি আমি পাপময় ইচ্ছাবোৰৰ ওপৰত জয়ী হʼবলৈ নিৰন্তৰে প্ৰাৰ্থনা কৰোঁ তেন্তে যিহোৱাই আমাক অৱশ্যেই সহায় কৰা অনুভৱ কৰিব পাৰিম। আমাৰ ওচৰত এনে আশ্বাসদায়ক বাক্য আছে: “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) পাঁচনি পৌলে স্বয়ং বিভিন্ন পৰিস্থিতিসমূহত যিহোৱাৰ দ্বাৰা শক্তিশালী হোৱা অনুভৱ কৰিছিল। যাৰ বিষয়ে তেওঁ এনেদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩; ২ কৰিন্থীয়া ১১:২৩-২৯.
অপৰিপূৰ্ণতা হোৱাৰ স্বত্ত্বেও প্ৰাৰ্থনাত লাগি থাকক
১৫. যেতিয়া আমি ঈশ্বৰৰ স্তৰৰ অনুসাৰে জীৱন যাপন কৰাত বিফল হওঁ তেতিয়া কেনে পৰিণাম হʼব পাৰে?
১৫ যদি আমাৰ প্ৰাৰ্থনা গ্ৰহণযোগ্য হোৱাটো বিচাৰো তেন্তে ঈশ্বৰৰ বাক্যত পোৱা পৰামৰ্শক আমি আওকাণ কৰা উচিত নহয়। এই সন্দৰ্ভে পাঁচনি যোহনে এইদৰে কৈছিল: “আমি যিহকে যাচনা কৰোঁ তাকেই আমি তেওঁৰ পৰা পাওঁ; কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, তাকে কৰোঁ।” (১ যোহন ৩:২২) যদি আমি ঈশ্বৰৰ স্তৰবোৰৰ অনুসাৰে জীৱন যাপন কৰিবলৈ বিফল হওঁ, তেন্তে কেনে পৰিণাম হʼব পাৰে? যিদৰে আদম আৰু হৱাই পাপ কৰাৰ পিছত ঈশ্বৰৰ পৰা লুকাই ফুৰিছিল, ঠিক সেইদৰে আমিও “যিহোৱাৰ সাক্ষাৎ নহবৰ মনেৰে” প্ৰাৰ্থনা কৰিবলৈ ত্যাগ দিব পাৰোঁ। (আদিপুস্তক ৩:৮) ক্লউচ্ নামৰ এজন অনুভৱী পৰিব্ৰাজক অধ্যক্ষই এইদৰে কৈছিল: “মই প্ৰায়েই লক্ষ্য কৰিছোঁ যে বেছিভাগ লোকে ঈশ্বৰৰ সংগঠনৰ পৰা আঁতৰি যোৱাৰ মূল কাৰণটো হৈছে প্ৰাৰ্থনা কৰিবলৈ ত্যাগ দিয়া।” (ইব্ৰী ২:১) যচ্ এঞ্জেল নামৰ এজন সাক্ষী ভায়েও তেনেদৰে অনুভৱ কৰিছিল, যাৰ বিষয়ে তেওঁ এইদৰে কৈছে: “যোৱা আঠ বছৰ ধৰি মই খুব কমেই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলো। যদিও তেওঁক মোৰ স্বৰ্গীয় পিতৃ হিচাবে গণ্য কৰিছিলো তথাপিও মই প্ৰাৰ্থনাৰ দ্বাৰা তেওঁৰ কাষ চাপিবলৈ নিজকে অযোগ্য বুলি ভাবিছিলো।”
১৬, ১৭. নিতৌ কৰা প্ৰাৰ্থনাই আমাক কেনেকৈ আধ্যাত্মিক দুৰ্ব্বলতাৰ ওপৰত জয়ী হʼবলৈ সহায় কৰে, তাৰ কিছুমান উদাহৰণ দিয়ক।
১৬ আমাৰ কিছুমানে হয়তো আধ্যাত্মিকভাৱে দুৰ্ব্বল বা কোনো পাপ কাৰ্য্যত লিপ্ত হোৱাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাত নিজকে অযোগ্য বুলি ভাবিব পাৰে। কিন্তু এনে সময়ছোৱাত বিশেষভাৱে প্ৰাৰ্থনা কৰাৰ সুযোগ গ্ৰহণ কৰা আৱশ্যক। উদাহৰণস্বৰূপে, ভৱিষ্যতবক্তা যোনাই নিজৰ কাৰ্য্যনিযুক্তিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ‘দুখৰ কাৰণে তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে আৰু তাতে তেওঁ তেওঁক উত্তৰ দিলে। যোনাই চিয়োলৰ ভিতৰৰ পৰা কাতৰোক্তি কৰিছিল আৰু যিহোৱাই তেওঁৰ স্বৰ শুনিছিল।’ (যোনা ২:২) যিহোৱাই যোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ বাবে তেওঁ পুনৰাই আধ্যাত্মিকভাৱে সুস্থ হৈছিল।
১৭ যচ্ এঞ্জেলেও সহায় বিচাৰি নিৰন্তৰে প্ৰাৰ্থনা কৰিছিল। তেওঁ এই বিষয়ে এইদৰে কয়: “মই আন্তৰিকাতৰে যিহোৱাৰ পৰা ক্ষমা বিচাৰিছিলো। ইয়াৰ বাবে তেওঁ মোক সহায় কৰিছিল। মই ভাবো যে প্ৰাৰ্থনাৰ অবিহনে মই পুনৰাই সত্যতাৰ পথত ঘূৰি আহিব নোৱাৰিলোহেঁতেন। বৰ্তমান মই নিতৌ প্ৰাৰ্থনা কৰোঁ আৰু আহিবলগীয়া উজ্জ্বল ভৱিষ্যতৰ বাবে আশাৰে অপেক্ষা কৰি আছোঁ।” আমিও সদায়ে নিজৰ ভুলবোৰৰ বাবে যিহোৱাৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰা উচিত। উদাহৰণস্বৰূপে, ৰজা দায়ূদে নিজৰ ভুল স্বীকাৰ কৰি অনুতাপ কৰাৰ বাবে যিহোৱাই তেওঁক ক্ষমা কৰিছিল। (গীতমালা ৩২:৩-৫) যিহোৱাই কোনো এজনক দোষী নহয় কিন্তু সহায় কৰিবলৈহে বিচাৰে। (১ যোহন ৩:১৯, ২০) মণ্ডলীৰ বৃদ্ধ অৰ্থাৎ প্ৰাচীনসকলে কৰা প্ৰাৰ্থনাই আমাক আধ্যাত্মিকভাৱে দৃঢ় কৰিব পাৰে, কিয়নো তেনেধৰণে কৰা নিৱেদন “মহা-শক্তিবিশিষ্ট।”—যাকোব ৫:১৩-১৬.
১৮. ঈশ্বৰৰ লোকসকলে যিমানেই গম্ভীৰ পাপ নকৰক কিয় তথাপিও তেওঁলোকৰ ওচৰত কেনে আশ্বাস আছে?
১৮ যদি এজন পুত্ৰই নিজৰ ভুল স্বীকাৰ কৰি নম্ৰতাৰে নিজ দেউতাকৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সেই পিতৃজনে সহায় কৰিবলৈ অগ্ৰাহ্য কৰিবনে? বিদ্ৰোহী পুতেকৰ দৃষ্টান্তই দেখুৱাইছে যে আমি যিমানেই পাপ কৰি ঈশ্বৰৰ পৰা আঁতৰি নাযাওঁ কিয়, যদি পুনৰাই উভটি আহোঁ তেন্তে যিহোৱাই আনন্দিত হয়। (লূক ১৫:২১, ২২, ৩২) যিহোৱাই পাপ কৰা ব্যক্তিসকলক কাতৰোক্তি কৰি নিৱেদন কৰিবলৈ আগ্ৰহ কৰিছে, কিয়নো “তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে। (যিচয়া ৫৫:৬, ৭) যদিও ৰজা দায়ূদে গম্ভীৰ পাপ কৰিছিল তথাপিও তেওঁ যিহোৱালৈ কাতৰোক্তি কৰি এইদৰে কৈছিল: “হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ নিবেদনৰ কালত লুকাই নাথাকিবা।” তেওঁ ইয়াকো কৈছিল: “গধূলি, ৰাতিপুৱা, আৰু দুপৰ বেলাতো মই দুখৰ কথা কম, আৰু কেঁকাম; তাতে [যিহোৱাই] মোৰ মাত শুনিব।” (গীতমালা ৫৫:১, ১৭) ই কিযে এক আশ্বাসযুক্ত বাক্য!
১৯. প্ৰাৰ্থনাৰ উত্তৰ নোপোৱাত আমি কিয় তেনে সিদ্ধান্তত উপনীত হোৱা উচিত নহয় যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা নুশুনে?
১৯ যদি আমি কৰা নিৱেদনৰ উত্তৰ পোৱাত পলম হয় তেন্তে কি কৰিব পাৰি? আমি নিশ্চিত কৰা আৱশ্যক যে আমি কৰা নিৱেদন যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত আৰু যীচুৰ নামেৰে হোৱা উচিত। (যোহন ১৬:২৩; ১ যোহন ৫:১৪) অনুগামী যাকোবে এনে লোকসকলৰ বিষয়ে উল্লেখ কৰিছিল যিসকলে “কুভাবেৰে” প্ৰাৰ্থনা কৰাৰ বাবে উত্তৰ পোৱা নাছিল। (যাকোব ৪:৩) আনহাতে আমি কৰা প্ৰাৰ্থনাবোৰৰ উত্তৰ নোপোৱাত ঈশ্বৰে সদায়ে আমাৰ প্ৰাৰ্থনা নুশুনে বুলি তৎক্ষণাৎ এনে নিৰ্ণয়ত উপনীত হোৱা উচিত নহয়। যিহোৱাই হয়তো কোনো এটা বিষয়ত উত্তৰ দিয়াৰ পূৰ্বেই সেই বিষয়ে তেওঁৰ বিশ্বাসী লোকসকলে নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকিবলৈ অনুমতি দিব পাৰে। এই সন্দৰ্ভে যীচুৱে এইদৰে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব।” (মথি ৭:৭) সেয়েহে আমি “প্ৰাৰ্থনাত লাগি থাকা” উচিত।—ৰোমীয়া ১২:১২.
নিৰন্তৰে প্ৰাৰ্থনা কৰক
২০, ২১. (ক) এই “শেষ-কালত” আমি কিয় নিৰন্তৰে প্ৰাৰ্থনা কৰা উচিত? (খ) যদি আমি নিৰন্তৰে কৰা প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ অনুগ্ৰহৰ সিংহাসনৰ কাষ চাপোঁ তেন্তে কেনে আশীৰ্ব্বাদ লাভ কৰিম?
২০ এই ‘শেষকালৰ ভয়ঙ্কৰ সময়ত’ জগতৰ পৰা অহা হেঁচা আৰু সমস্যাবোৰ অধিককৈ বৃদ্ধি পাইছে। (২ তীমথিয় ৩:১) সম্মুখীন হোৱা পৰীক্ষাবোৰে আমাৰ মনটোক সহজে ব্যস্ত কৰি ৰাখিব পাৰে। এনে সময়ছোৱাত নিৰন্তৰে কৰা প্ৰাৰ্থনাই আমাক সমস্যা, পৰীক্ষাৰ সম্মুখীন আৰু নিৰুৎসাহিত হোৱাৰ স্বত্ত্বেও আধ্যাত্মিক বিষয়বোৰত মনযোগ দিবলৈ সহায় কৰিব। গতিকে যিহোৱালৈ নিৰন্তৰে কৰা প্ৰাৰ্থনাই আমাৰ আৱশ্যকতাবোৰত গুৰুত্বপূৰ্ণৰূপে সহায় কৰিব পাৰে।
২১ “প্ৰাৰ্থনা শুনোতা” যিহোৱা ঈশ্বৰে সদায়ে আমাৰ প্ৰাৰ্থনাৰ প্ৰতি মনোযোগ দিয়ে। (গীতমালা ৬৫:২) গতিকে আঁহক আমি নিজকে ইমান ব্যস্ত কৰি নাৰাখোঁ যে আমি তেওঁৰ সৈতে কথোপকথন কৰিবলৈ কোনো সময় নাপাওঁ। ঈশ্বৰৰ সৈতে থকা আমাৰ বন্ধুত্ব হৈছে সকলোতকৈ বহুমূলীয়া বিশেষাধিকাৰ। গতিকে আমি এই বিশেষাধিকাৰক কেতিয়াও সাধাৰণভাৱে লোৱা উচিত নহয়। এতেকে আঁহক “আমি দয়া লাভ কৰবলৈ, আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ, সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁহঁক।”—ইব্ৰী ৪:১৬. (w03 9/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• প্ৰাৰ্থনাৰ সম্বন্ধে আমি ভৱিষ্যতবক্তা দানিয়েলৰ পৰা কি শিকিব পাৰোঁ?
• যিহোৱাৰ সৈতে থকা আমাৰ বন্ধুত্বক কেনেকৈ দৃঢ় কৰিব পাৰিম?
• আমি কিয় নিৰন্তৰে প্ৰাৰ্থনা কৰা উচিত?
• নিজকে অযোগ্য বুলি বিবেচনা কৰা চিন্তাধাৰাই আমাক যিহোৱালৈ প্ৰাৰ্থনা কৰি সহায় বিচাৰিবলৈ কিয় বাধা দিয়া উচিত নহয়?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৬ পৃষ্ঠাৰ ছবি]
ৰজাক নিৱেদন কৰাৰ আগেয়ে নহিমিয়াই মনে মনে প্ৰাৰ্থনা কৰিছিল
[২৭ পৃষ্ঠাৰ ছবি]
হান্নাই “যিহোৱাৰ সাক্ষাতে দীঘল প্ৰাৰ্থনা” কৰিছিল