Skip to content

Skip to table of contents

কথোপকথন যি আধ্যাত্মিকতা বৃদ্ধি কৰে

কথোপকথন যি আধ্যাত্মিকতা বৃদ্ধি কৰে

কথোপকথন যি আধ্যাত্মিকতা বৃদ্ধি কৰে

“তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক।”—ইফিচীয়া ৪:২৯.

১, ২. (ক) মানুহৰ বাকশক্তি কিমান মূল্যৱান? (খ) যিহোৱাৰ সাক্ষীসকলে কেনেধৰণৰ কথোপকথন কৰাটো বিচাৰে?

 লাটৱিক কয়েলাৰ নামৰ অভিধানিকজনে এইদৰে কৈছিল: “মানুহৰ বাকশক্তি হৈছে এটা ৰহস্য; এইটো হৈছে ঈশ্বৰীয় আশীৰ্ব্বাদ।” আমি হয়তো এই বহুমূলীয়া আশীৰ্ব্বাদক সাধাৰণভাৱে লʼব পাৰোঁ। (যাকোব ১:১৭) বিবেচনা কৰক যে যেতিয়া ষ্ট্ৰক বা সন্ন্যাস ৰোগৰ ফলত কোনো আপোনজনাৰ বাকশক্তি লোপ পাই, তেতিয়া কেনে অৱস্থা হʼব পাৰে। এই ৰোগত আক্ৰান্ত হোৱা এজন স্বামীৰ বিষয়ে তেওঁৰ পত্নী জোহানে এইদৰে কৈছিল: “কথোপকথনৰ দ্বাৰা আমাৰ মাজত এক নিবিড় আৰু মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু এতিয়া আমাৰ মাজত তেনে আনন্দদায়ক কথোপকথন নোহোৱা হʼল!”

কথোপকথনে বন্ধুত্বৰ সম্পৰ্ক শক্তিশালী, মনোমালিন্যক আঁতৰ, ভগ্ন হৃদয়ক উৎসাহিত, বিশ্বাস দৃঢ় আৰু জীৱনক উন্নত কৰি তুলে। কিন্তু এই সকলোবোৰ আপোনা-আপুনিকৈ হʼব নোৱাৰে। এই বিষয়ে বুদ্ধিমান ৰজা চলোমনে এইদৰে কৈছিল: “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়; কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” (হিতোপদেশ ১২:১৮) যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আমি আমাৰ কথোপকথনৰ দ্বাৰা কাৰোবাক আঘাত কৰিবলৈ নহয় কিন্তু উৎসাহিত কৰাতোহে বিচাৰো। তদুপৰি যিহোৱাক মহিমা কৰাৰ উদ্দেশ্যৰে আমি প্ৰচাৰ ক্ষেত্ৰত আৰু ব্যক্তিগতভাৱে হোৱা কথোপকথনক মনোযোগ দিওঁ। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে গীত গাইছিল: “আমি গোটেই দিন ঈশ্বৰত্‌হে গৌৰৱ কৰিলোঁ, আৰু চিৰকাললৈকে তোমাৰ নামৰ স্তুতি কৰি থাকিম।”—গীতমালা ৪৪:৮.

৩, ৪. (ক) আমি সকলোৱে কথোপকথনৰ সম্বন্ধে কেনেধৰণৰ সমস্যাৰ সম্মুখীন হওঁ? (খ) আমাৰ বাবে কথোপকথনৰ বিষয়টো কিয় অতি গুৰুত্বপূৰ্ণ?

পাঁচনি যাকোবে সতৰ্ক কৰি এইদৰে কৈছিল: “কোনোৱে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ। . . . কিন্তু জিবাক দমন কৰিবলৈ মানুহবিলাকৰ মাজত কাৰো সাধ্য নাই।” (যাকোব ৩:২, ৮) কিয়নো আমি সকলোৱে অসিদ্ধ। যদি আমি প্ৰাণপণে চেষ্টা কৰিও সৃষ্টিকৰ্তাক মহিমা বা আনক উৎসাহিত কৰিবলৈ বিফল হওঁ। তেন্তে আমি যিয়েই নকওঁ কিয়, তাৰ প্ৰতি মনোযোগ দিয়া উচিত। আনকি যীচুৱেও এইদৰে কৈছিল: “মই তোমালোকক কওঁ, মানুহবিলাকে যিমান অনৰ্থক কথা কয়, মহাবিচাৰৰ দিনা সেই সকলো বিষয়ৰে উত্তৰ দিব লাগিব। কিয়নো তুমি নিজৰ বাক্যৰ দ্বাৰাই দোষী বুলি গণিত হবা।” (মথি ১২:৩৬, ৩৭) দৰাচলতে ঈশ্বৰে আমাৰ কথোপকথনৰ হিচাপ লয়।

হানিকাৰক কথোপকথনৰ পৰা ৰক্ষা পোৱাৰ এটা উত্তম পদ্ধতি হৈছে আধ্যাত্মিক কথোপকথনৰ অভ্যাস বিকাশিত কৰা। আমি কেনেকৈ উন্নতিসাধক কথোপকথন কৰিব পাৰোঁ, তাত কেনেধনৰণৰ বিষয়বোৰ সন্মিলিত আৰু তাৰ পৰা কেনেদৰে লাভৱান হʼব পাৰি এই সম্পৰ্কে এই লেখটোত আলোচনা কৰা হʼব।

আপোনাৰ লাক্ষণিক হৃদয়ত কি আছে তাক লক্ষ্য কৰক

৫. উন্নত প্ৰকাৰৰ কথোপকথনৰ বাবে কেনেকৈ লাক্ষণিক হৃদয়ে এক প্ৰমুখ ভূমিকা আদায় কৰে?

উৎসাহজনক কথোপকথনৰ অভ্যাস গঢ়ি তুলিবলৈ হʼলে আমাৰ লাক্ষণিক হৃদয়ক পৰীক্ষা কৰা উচিত। যীচুৱে এইদৰে কৈছিল: “মনৰ অধিক ভাবৰ পৰা মুখে কথা কয়।” (মথি ১২:৩৪) সাধাৰণতে আমাক যি আৱশ্যক তাৰ বিষয়েহে কথোপকথন কৰোঁ। আমি নিজকে এনেদৰে সুধিব পাৰোঁ: ‘কথোপকথনে মোৰ লাক্ষণিক হৃদয়ৰ অৱস্থাৰ বিষয়ে কি প্ৰকাশ কৰে? পৰিয়াল আৰু সঙ্গী উপাসকবিলাকৰ সৈতে কথোপকথন কৰোঁতে মোৰ কথাবতৰা আধ্যাত্মিক নে জাগতিক বিষয়বোৰত যেনে, সাজ-পোছাক, খেল-ধেমালী, চিনেমা চোৱা, খোৱা-বোৱা, যাত্ৰা কৰা আদি বিষয়বোৰৰ ওপৰত আধাৰিতনে?’ অবিবেচনাশীল হোৱাৰ বাবে হয়তো আমাৰ জীৱন আৰু চিন্তা-ধাৰাই অনাৱশ্যকীয় বিষয়বোৰক প্ৰথম স্থান দিছে। আমি জীৱন নিৰ্বাহ কৰা প্ৰণালীত সাল-সলনি কৰি নিজৰ জীৱন আৰু কথোপকথনক উন্নতি কৰিব পাৰিম।—ফিলিপীয়া ১:১০.

৬. ধ্যান কৰা কাৰ্য্যই আমাৰ কথোপকথনত কেনে ভূমিকা আদায় কৰে?

আমি যি কওঁ তাত উন্নতি কৰাৰ আন এটা পদ্ধতি হৈছে উদ্দেশ্যপূৰ্ণৰূপে ধ্যান কৰা। যদি আমি বিবেচক হৈ আধ্যাত্মিক বিষয়বোৰৰ সম্পৰ্কে চিন্তা কৰোঁ, তেন্তে আমাৰ কথোপকথন স্বাভাৱিকৰূপে উন্নতি হʼব। এই বিষয়ে ৰজা দায়ূদেও এনেদৰে অনুভৱ কৰিছিল: “মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক।” (গীতমালা ১৯:১৪) গীতমালা ৰচোঁতা আচফেও এইদৰে কৈছিল: “মই তোমাৰ সকলো কাৰ্য্য ধ্যান কৰিম, আৰু তোমাৰ ক্ৰিয়াবোৰ আলোচনা কৰিম।” (গীতমালা ৭৭:১২) সাধাৰণতে যি লাক্ষণিক হৃদয় আৰু মনে ঈশ্বৰৰ বাক্যৰ সত্যতাৰ বিষয়ে চিন্তা কৰি কথাবতৰা কৰে সেই কথোপকথন স্বাভাৱিকৰূপে প্ৰশংসনীয়ভাৱে প্ৰকাশ পাব। যিহোৱাৰ পৰা শিকা বিষয়বোৰক ভৱিষ্যতবক্তা যিৰিমিয়াই প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলে। (যিৰিমিয়া ২০:৯) যদি নিয়মীয়াকৈ আধ্যাত্মিক বিষয়বোৰৰ সম্পৰ্কে চিন্তা কৰি থাকোঁ তেন্তে আমিও যিৰিমিয়াৰ দৰে অনুভৱ কৰিব পাৰিম।—১ তীমথিয় ৪:১৫.

৭, ৮. উন্নতিসাধক কথোপকথনৰ বাবে কেনে বিষয়সমূহৰ সম্পৰ্কে কথাবতৰা হোৱাটো উত্তম?

এক উত্তম আধ্যাত্মিক তালিকাই আমাৰ কথোপকথনক উন্নত কৰিবলৈ অনেক কাৰণ প্ৰদান কৰে। (ফিলিপীয়া ৩:১৬) সন্মিলন, অধিৱেশন, মণ্ডলীৰ সভা, শেহতীয়া আলোচনীবোৰ আৰু দৈনিক শাস্ত্ৰীয় পাঠে আমাৰ আধ্যাত্মিকতাক উন্নতি কৰে। (মথি ১৩:৫২) সেৱাকাৰ্য্যত লাভ কৰা অভিজ্ঞতাসমূহৰ বাবে আমি আধ্যাত্মিকভাৱে কিমান যে সতেজতা বোধ কৰোঁ!

ইস্ৰায়েল প্ৰদেশত থকা বিভিন্ন প্ৰকাৰৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটী আৰু মাছবোৰক লক্ষ্য কৰি ৰজা চলোমনে অতিশয় আকৰ্ষিত হৈছিল। (১ ৰাজাৱলি ৪:৩৩) তেওঁ ঈশ্বৰৰ সৃষ্টিৰ বিষয়ে কʼবলৈ পাই আনন্দিত হৈছিল। ঠিক সেইদৰে আমিও কৰিব পাৰোঁ। যদিও যিহোৱাৰ সেৱকসকলে বিভিন্ন বিষয়ৰ সম্পৰ্কে কথাবতৰা হৈ আনন্দিত হয় তথাপিও তেওঁলোকে আধ্যাত্মিক বিষয়বোৰত কথোপকথন হোৱাত অধিক গুৰুত্ব দিয়ে।—১ কৰিন্থীয়া ২:১৩.

“সেই সকলোৰে আলোচনা কৰা”

৯. ফিলিপীয়া মণ্ডলীলৈ পাঁচনি পৌলে কি পৰামৰ্শ আগবঢ়াইছিল?

যদি আমাৰ কথোপকথনৰ বিষয়বোৰ পাঁচনি পৌলে ফিলিপীয়া মণ্ডলীলৈ দিয়া পৰামৰ্শৰ সামঞ্জস্যত হয় তেন্তে ই আনক উৎসাহিত কৰি তুলিব। তেওঁ এনেদৰে লিখিছিল: “যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা।” (ফিলিপীয়া ৪:৮) পাঁচনি পৌলে উল্লেখ কৰা বিষয়বোৰ ইমানেই আৱশ্যক আছিল যে তেওঁ “সেই সকলোৰে আলোচনা কৰা” বুলি কৈছিল। আমি সেইবোৰক নিজৰ মন আৰু হৃদয়ত স্থান দি পৰিপূৰ্ণ কৰা উচিত। তেন্তে আঁহক আমি তেওঁ কোৱা সেই আঠোটা বিষয় কেনেকৈ আমাৰ কথোপকথনক উন্নতিসাধক কৰি তুলিব পাৰে, তাৰ প্ৰতিটো বিষয়ে বিবেচনা কৰোঁহঁক।

১০. আমাৰ কথোপকথনত কেনেকৈ সত্যতাৰ বিষয়বোৰ সন্মিলিত থাকিব পাৰে?

১০ কোনো এটা বিষয় সত্য বুলি প্ৰমাণিত হʼবলৈ তাৰ তথ্যবোৰ সঠিক হোৱাতকৈ অধিক হোৱা উচিত। উদাহৰণস্বৰূপে, ঈশ্বৰৰ বাক্য হৈছে সঠিক আৰু ভাৰসাযুক্ত। সেয়েহে আমাক আকৰ্ষিত কৰা বাইবেলৰ সত্যতাৰ বিষয়ে যেতিয়া আনৰ সৈতে কথাবতৰা হওঁ তেতিয়া আমি সেই সত্যতাক ভাষণ বা আলোচনা যোগেদি সঁচা অথবা শাস্ত্ৰীয় পৰামৰ্শবোৰে বাস্তৱতে আমাক সহায় কৰিলে বুলি তেওঁলোকৰ আগত যুক্তি দাঙি ধৰোঁ। আনহাতে আমি কেৱল দেখাত সঁচা যেন লগা “কল্পিত বিদ্যাৰ” পৰা আঁতৰি থাকোঁ। (১ তীমথিয় ৬:২০) আমি পৰচৰ্চা কৰা বা ভুল ৰিপৰ্ট দিয়াৰ পৰাও বিৰত থাকোঁ।

১১. আমাৰ কথোপকথনৰ সৈতে কেনে আদৰণীয় বিষয়বোৰ সন্মিলিত আছে?

১১ যিবোৰ বিষয় আদৰণীয় সেইবোৰ বৈশিষ্ট্যহীন নহয় কিন্তু সন্মানীয় আৰু গুৰুত্বপূৰ্ণ। তদুপৰি সেইবোৰ আমাৰ সেৱাকাৰ্য্য, আমি বাস কৰা কঠিন সময় আৰু নিতৌ সদাচৰণ কৰাত সন্মিলিত আছে। তেনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰি আমি আধ্যাত্মিকভাৱে সজাগ, সত্যনিষ্ঠা বজাই ৰাখা আৰু একেৰাহে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ দৃঢ় নিৰ্ণয় লওঁ। বৰ্তমান ঘটি থকা ঘটনা আৰু প্ৰচাৰ কাৰ্য্যত হোৱা অভিজ্ঞতাসমূহে দেখুৱাইছে যে আমি শেষ-কালত জীয়াই আছোঁ আৰু ইয়ে আমাৰ কথোপকথনক উন্নতিসাধক কৰিবলৈ বহুতো কাৰণ প্ৰদান কৰে।—পাঁচনিৰ কৰ্ম্ম ১৪:২৭; ২ তীমথিয় ৩:১-৫.

১২. ন্যায় আৰু শুদ্ধৰ সম্বন্ধে দিয়া পাঁচনি পৌলৰ পৰামৰ্শক মনত ৰাখি আমি কিহৰ পৰা আঁতৰি থকা উচিত?

১২ ন্যায় বুলি উল্লেখ কৰা শব্দটোৰ অৰ্থ হৈছে ঈশ্বৰৰ দৃষ্টিত যি সঠিক অৰ্থাৎ তেওঁৰ স্তৰবোৰক পালন কৰা। শুদ্ধ হৈছে উত্তম আচাৰ-ব্যৱহাৰ আৰু বিচাৰধাৰা। আমাৰ কথোপকথনত মিছা অভিযোগ, অশ্লীল কৌতুক আদিৰ কোনো স্থান নাই। (ইফিচীয়া ৫:৩; কলচীয়া ৩:৮) সেয়েহে প্ৰকৃত খ্ৰীষ্টানসকলে কৰ্ম্মস্থল বা স্কুলত হোৱা তেনেধৰণৰ কথোপকথনৰ পৰা সদায়ে আঁতৰি থাকে।

১৩. প্ৰিয় আৰু সুখ্যাতিযুক্ত বিষয়বোৰৰ ওপৰত আধাৰিত থকা কথোপকথনৰ কিছুমান উদাহৰণ দিয়ক।

১৩ পাঁচনি পৌলে প্ৰিয় বুলি উল্লেখ কৰা উক্তিটোৰ অৰ্থ হৈছে সন্তুষদায়ক বা প্ৰেম জগাই তোলা আৰু ই হৈছে হিংসা, বিৰক্তিকৰ বা বিবাদৰ সম্পূৰ্ণ বিপৰীত। তদুপৰি ইয়াত উল্লেখ কৰা সুখ্যাতিযুক্ত শব্দটোৱে সুনাম বা উত্তম ৰিপৰ্টক নিৰ্দ্দেশিত কৰে। তেনেধৰণৰ উত্তম ৰিপৰ্টত সেই বিশ্বাসী ভাই-ভনীসকলৰ জীৱনি সন্মিলিত আছে যি নিয়মীয়াকৈ প্ৰহৰীবৰুজ আৰু সচেতন! আলোচনীত প্ৰকাশ পায়। মনোবল দৃঢ় কৰা তেনে অনুভৱবোৰৰ বিষয়ে আপুনি আনক কিয় নজনায়? আধ্যাত্মিক লক্ষ্যবোৰত উপনীত হোৱাৰ বিষয়ে শুনিবলৈ পাই আমি কিমান যে উৎসাহিত হওঁ! তেনেধৰণৰ কথোপকথনে মণ্ডলীত প্ৰেম আৰু ঐক্যতা বজাই ৰখাত সহায় কৰে।

১৪. (ক) সদগুণ প্ৰকাশ কৰিবলৈ আমাক কিহৰ আৱশ্যক? (খ) আমাৰ কথোপকথনত কেনেকৈ প্ৰশংসনীয় বিষয়বোৰ সন্মিলিত আছে?

১৪ “যি কোনো সদগুণ” বুলি পাঁচনি পৌলে উল্লেখ কৰিছিল। ইয়াত উল্লেখ কৰা সদগুণৰ অৰ্থ হৈছে উৎকৃষ্ট বা নৈতিক শ্ৰেষ্টতা। আমাৰ কথাবতৰা যাতে ন্যায়, শুদ্ধ আৰু সদগুণৰ পৰা আঁতৰি নাযায় তাৰ বাবে বাইবেলৰ সিদ্ধান্তসমূহৰ দ্বাৰা নিৰ্দ্দেশিত হোৱা উচিত। প্ৰশংসা শব্দটোৰ অৰ্থ হৈছে “শলাগ লোৱা।” যেতিয়া আপুনি মণ্ডলীত কোনো ভাই বা ভনীয়ে দিয়া এটা হৃদয়স্পৰ্ষ কৰা ভাষণ শুনে বা কোনো এজনে ৰখা উত্তম আৰ্হিক লক্ষ্য কৰে তেতিয়া সেই বিষয়ে কেৱল আনক কোৱাটোৱেই যথেষ্ট নহয় কিন্তু ব্যক্তিগতভাৱে সেই ভাই অথবা ভনীক প্ৰশংসা কৰা আৱশ্যক। উদাহৰণস্বৰূপে, পাঁচনি পৌলে নিজৰ সঙ্গী উপাসকবিলাকক সঘনাই প্ৰশংসা কৰিছিল। (ৰোমীয়া ১৬:১২; ফিলিপীয়া ২:১৯-২২; ফিলীমন ৪-৭) অৱশ্যে ঈশ্বৰে সৃষ্টি কৰা বস্তুবোৰৰ বাবে তেওঁ প্ৰশংসা পোৱাৰ যোগ্য। গতিকে ইয়াত কোনো সন্দেহ নাই যে উন্নতিসাধক কথোপকথনত বহুতো বিষয় সন্মিলিত হৈ আছে।—হিতোপদেশ ৬:৬-৮; ২০:১২; ২৬:২.

উন্নতিসাধক কথোপকথনত ভাগ লোৱা

১৫. পিতৃ-মাতৃসকলক সন্তানৰ সৈতে অৰ্থপূৰ্ণ কথোপকথন কৰিবলৈ কেনে শাস্ত্ৰীয় আজ্ঞা দিয়া হৈছে?

১৫ দ্বিতীয় বিবৰণ ৬:৬, ৭ পদত এইদৰে কৈছে: “আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা; আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা।” এই আজ্ঞাত স্পষ্টকৈ কোৱা হৈছিল যে পিতৃ-মাতৃসকলক নিজৰ সন্তানৰ সৈতে অৰ্থপূৰ্ণ আৰু আধ্যাত্মিক কথোপকথন হোৱা উচিত।

১৬, ১৭. যিহোৱা আৰু অব্ৰাহামে ৰাখা আৰ্হিৰ পৰা খ্ৰীষ্টান পিতৃ-মাতৃসকলে কি শিকিব পাৰে?

১৬ আমি কল্পনা কৰিব পাৰোঁ যে যীচুৱে তেওঁৰ পাৰ্থীৱ নিযুক্তিভাৰৰ বিষয়ে তেওঁৰ স্বৰ্গীয় পিতৃৰ সৈতে বহু সময়লৈকে কথোপকথন কৰিছিল। এই বিষয়ে তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “মই নিজৰ পৰা কোৱা নাই; কিন্তু কি কব লাগে, কি বুলিব লাগে, তাক মোক পঠোৱা পিতৃয়ে মোক আদেশ কৰিলে।” (যোহন ১২:৪৯; দ্বিতীয় বিবৰণ ১৮:১৮) যিহোৱাই পুৰ্ব্বপুৰুষবিলাকক দিয়া আশীৰ্ব্বাদৰ বিষয়ে অব্ৰাহামে নিজ পুত্ৰ ইচহাকৰ সৈতে বহু সময় ধৰি কথোপকথন কৰিছিল। তেনেধৰণে হোৱা কথোপকথনে নিশ্চয়ে যীচু আৰু ইচহাকক নম্ৰতাৰে ঈশ্বৰৰ অধীন হʼবলৈ সহায় কৰিলে।—আদিপুস্তক ২২:৭-৯; মথি ২৬:৩৯.

১৭ আমাৰ লʼৰা-ছোৱালীৰ সৈতেও উন্নতিসাধক কথোপকথন কৰা আৱশ্যক। পিতৃ-মাতৃসকলে নিজৰ ব্যস্ত কাৰ্য্যসূচিৰ মাজেৰে সময় উলিয়াই সন্তানবিলাকৰ সৈতে কথা-বতৰা হোৱা উচিত। যদি সম্ভৱ তেন্তে একেলগে বহি আহাৰ খোৱাৰ ব্যৱস্থা নকৰে কিয়? আহাৰ কৰা আগত বা পিছত উন্নতিসাধক কথোপকথন কৰিবলৈ ভালেখিনি সময় পোৱা যায় যি পৰিয়ালটোক আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ সহায় কৰিব।

১৮. পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ মাজত হোৱা কথোপকথনে যে লাভসমূহ কঢ়িয়াই আনে তাৰ বিষয়ে এটা উদাহৰণ দিয়ক।

১৮ আলেজেন্দ্ৰো নামৰ প্ৰায় ২০ বছৰীয়া অগ্ৰগামী ভাইজনে ১৪ বছৰ বয়সত স্কুলত পঢ়ি থকা অৱস্থাত তেওঁৰ মনলৈ অহা সন্দেহৰ বিষয়ে সোঁৱৰি এইদৰে কয়: “সহপাঠী আৰু শিক্ষকসকলে দাঙি ধৰা যুক্তিৰ বাবে মই ঈশ্বৰৰ অস্তিত্ব আৰু বাইবেলৰ প্ৰমাণিকতাৰ ওপৰত সন্দেহ কৰিছিলোঁ। এই বিষয়ে জানিবলৈ পাই মা-দেউতাই মোৰ সৈতে বহু সময় ধৰি ধৈৰ্য্যৰে কথোপকথন কৰে। এনে কথোপকথনে কেৱল মোৰ সন্দেহ আঁতৰ কৰিছিল এনে নহয় কিন্তু উত্তম নিৰ্ণয় লবলৈও সহায় কৰিলে।” তেওঁৰ আজিৰ পৰিস্থিতিৰ বিষয়ে কি কʼব পাৰি? আগলৈ তেওঁ এইদৰে কয়: “মই এতিয়াও মোৰ মা-দেউতাৰ সৈতে থাকোঁ। কিন্তু আমাৰ দৈনন্দিন ব্যস্ত কাৰ্য্যসূচিৰ মাজতো মই আৰু মোৰ দেউতাই একেলগে আছুতীয়াকৈ বহি কথাবতৰা হʼবলৈ সময় উলিয়াওঁ। সেয়েহে সপ্তাহত এবাৰকৈ মই তেওঁৰ কৰ্ম্মস্থললৈ গৈ একেলগে বহি আহাৰ কৰি তাত দেউতাৰ সৈতে কথাবতৰা হওঁ। মই তেনে কথাবতৰাক সদায়েই বহুমূল্য বুলি জ্ঞান কৰোঁ।”

১৯. আমি সকলোৱে কিয় আধ্যাত্মিক কথোপকথন কৰা আৱশ্যক?

১৯ সঙ্গী ভাই-ভনীসকলৰ সৈতে হোৱা আধ্যাত্মিক কথোপকথনক আপুনি বহুমূল্য বুলি নাভাবেনে? তেওঁলোকে সভা আৰম্ভণি বা সমাপ্তিত, প্ৰচাৰ কাৰ্য্যত, সামাজিক সমাৱেশ বা যাত্ৰা কৰাৰ সময়ত তেনেধৰণৰ আধ্যাত্মিক কথোপকথন কৰে। ৰোমত থকা খ্ৰীষ্টানসকলৰ সৈতে পুনৰাই কথোপকথন হোৱাৰ উদ্দেশ্যৰে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছোঁ।” (ৰোমীয়া ১:১১, ১২) এই বিষয়ে যোহানচ্‌ নামৰ এজন প্ৰাচীনে এইদৰে কয়: “সঙ্গী খ্ৰীষ্টানসকলৰ সৈতে হোৱা আধ্যাত্মিক কথোপকথন হৈছে এক মূখ্য আৱশ্যকতা। ইয়ে দৈনিক জীৱনত হোৱা চিন্তা-ধাৰাক হ্ৰাস আৰু মানসিকভাৱে সতেজতা প্ৰদান কৰে। মই প্ৰায়ে বয়সস্থ ব্যক্তিসকলক তেওঁলোকৰ জীৱন যাপন আৰু কিহে বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিছে এই বিষয়ে কʼবলৈ আগ্ৰহ কৰোঁ। বছৰ ধৰি মই এনে বহুতো ভাই-ভনীৰ সৈতে কথাবতৰা হৈছোঁ আৰু তেওঁলোকৰ প্ৰত্যেকজনৰ পৰা পোৱা জ্ঞান বা অন্তৰ্দৃষ্টিয়ে মোৰ জীৱনটোক উন্নত কৰি তুলিছে।

২০. এজন লাজকুৰীয়া ব্যক্তিৰ সৈতে কথোপকথন হোৱাৰ সময়ত আমি কি কৰিব পাৰোঁ?

২০ আপুনি কৰা আধ্যাত্মিক বিষয়ৰ কথোপকথনৰ প্ৰতি যেতিয়া কোনোবাই সঠিক প্ৰতিক্ৰিয়া নেদেখুৱাই তেতিয়া কি কৰিব? কেতিয়াও হাৰ নামানিব। পিছলৈ আপুনি হয়তো অনেক সুযোগ পাব পাৰে। এই সন্দৰ্ভে ৰজা চলোমনে কৈছিল: “ৰূপৰ ডালি-খৰাহিত থোৱা সোণৰ সুমথিৰাবোৰ যেনে, উচিত সময়ত কোৱা বাক্যও তেনে।” (হিতোপদেশ ২৫:১১) লাজকুৰীয়া ব্যক্তিসকলক বুজিবলৈ চেষ্টা কৰক। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “মানুহৰ মনৰ কল্পনা গভীৰ জলৰ নিচিনা; কিন্তু বুদ্ধিমানে তাক উলিয়াব পাৰে।” * (হিতোপদেশ ২০:৫) তদুপৰি আনৰ মনোবৃত্তিয়ে কেতিয়াও আপোনাক উত্তম বস্তুবোৰৰ বিষয়ে কোৱাৰ পৰা যেন বাধাৰ সৃষ্টি নকৰে।

আধ্যাত্মিক কথোপকথনে আশীৰ্ব্বাদ কঢ়িয়াই আনে

২১, ২২. আধ্যাত্মিক কথোপকথন কৰাৰ দ্বাৰা আমি কেনে লাভসমূহ পাওঁ?

২১ বাইবেলে এইদৰে কৈছে: “তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক।” (ইফিচীয়া ৪:২৯; ৰোমীয়া ১০:১০) যদিও উন্নতিসাধক কথোপকথনৰ বাবে প্ৰচেষ্টাৰ আৱশ্যক তথাপিও ইয়াৰ অনেক উত্তম পৰিণাম পোৱা যায়। আধ্যাত্মিক কথোপকথনে আমাৰ বিশ্বাসৰ বিষয়ে আনক কʼবলৈ আৰু ভাতৃত্বসমাজ গঢ়ি তুলাত সহায় কৰে।

২২ তেন্তে আঁহক আমি আশীৰ্ব্বাদৰূপে পোৱা আমাৰ বাকশক্তিক আনক উৎসাহিত আৰু ঈশ্বৰক মহিমা কৰিবলৈ ব্যৱহাৰ কৰোঁহঁক। তেনেধৰণৰ কথোপকথনে আমাক সন্তুষ্ট আৰু আনক উৎসাহ প্ৰদান কৰে। সকলোতকৈ মন কৰিবলগীয়া বিষয় হৈছে যিহোৱাই আমাৰ কথোপকথনৰ প্ৰতি মনোযোগ দিয়ে আৰু যেতিয়া আমি নিজ জীবাক উত্তমৰূপে ব্যৱহাৰ কৰোঁ তেতিয়া তেওঁ আনন্দিত হয়। (গীতমালা ১৩৯:৪; হিতোপদেশ ২৭:১১) আমাৰ আধ্যাত্মিক কথোপকথন যে যিহোৱাই পাহৰি যাব তেওঁ এনে ঈশ্বৰ নহয়। বৰ্তমান সময়ত যিহোৱাক সেৱা কৰাসকলৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “সেই কালত যিহোৱাক ভয় কৰোঁতাবিলাকে ইজনে সিজনে কথাবাৰ্ত্তা হল, আৰু যিহোৱাই কাণ পাতি তাক শুনিলে; আৰু যিহোৱাক ভয় কৰোঁতাবিলাকৰ, আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।” (মলাখী ৩:১৬; ৪:৫) আমাৰ কথোপকথন আধ্যাত্মিকভাৱে উন্নতিসাধক হোৱাটো কিমান যে গুৰুত্বপূৰ্ণ! (w03 9/15)

[ফুটনোটবোৰ]

^ ইস্ৰায়েল প্ৰদেশত থকা কিছুমান কুঁৱা অধিক গভীৰ আছিল। পুৰাতত্ত্ববিদসকলে অনুসন্ধান কৰি জানিব পাৰিছিল যে গিবোন চহৰৰ এটা বিশাল জলাশয় ৮০ ফুট দলৈকে খন্দা হৈছিল। এই কুঁৱাটোৰ তলিলৈ নামি পানী আনিবলৈ খটখটী বনোৱা হৈছিল।

আপুনি কেনেকৈ উত্তৰ দিব?

• কথোপকথনে আমাৰ বিষয়ে কি প্ৰকাশ কৰে?

• আমি কেনে উন্নতিসাধক বিষয়বোৰত কথাবতৰা হʼব পাৰোঁ

• পৰিয়াল আৰু খ্ৰীষ্টান মণ্ডলীত কথোপকথনে কেনে ভূমিকা আদায় কৰে?

• উন্নতিসাধক কথোপকথনে কেনে আশীৰ্ব্বাদ কঢ়িয়াই আনে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ছবিসমূহ]

আধ্যাত্মিক কথোপকথন

“যি যি সত্য”

“যি যি সুখ্যাতিযুক্ত”

“যি যি প্ৰশংসা”

“যি কোনো সদ্‌গুণ,” . . .উপৰত আধাৰিত

[২২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

ভিডিঅৰ বেটুপাত, ষ্টেলিন: U.S. Army photo; সৃষ্টি কিতাপৰ বেটুপাত, ঈগল নীহাৰিকা: J. Hester and P. Scowen (AZ State Univ.), NASA

[২৩ পৃষ্ঠাৰ ছবি]

আহাৰ খোৱাৰ সময়বোৰত আধ্যাত্মিক কথোপকথন কৰিবলৈ উত্তম সুযোগ পোৱা যায়