Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্ম এক বাস্তৱিকতা

প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্ম এক বাস্তৱিকতা

প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্ম এক বাস্তৱিকতা

যীচু খ্ৰীষ্টই কেৱল এটা খ্ৰীষ্টান ধৰ্ম্ম বা মণ্ডলীৰ স্থাপনা কৰিছিল। সেই মণ্ডলী এক আধ্যাত্মিক শৰীৰ আৰু এটা আধ্যাত্মিক পৰিয়াল আছিল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা নিৰ্ব্বাচিত হৈ লোকসকলে একত্ৰিত হৈছিল আৰু তেওঁলোকক ঈশ্বৰে তেওঁৰ “সন্তান” বুলি পৰিচয় দিছে।—ৰোমীয়া ৮:১৬, ১৭; গালাতীয়া ৩:২৬.

যীচুৱে নিজৰ শিষ্যসকলক শিকাইছিল যে ঈশ্বৰে কেৱল এটা মাধ্যমৰ জড়িয়তেহে লোকবিলাকক সত্য আৰু জীৱনৰ পথলৈ পৰিচালনা কৰে। যীচুৱে সেই সত্যতাৰ গুৰুত্বতাক বুজাবলৈ অনন্ত জীৱনক এটা ৰাস্তাৰ সৈতে তুলনা কৰিছিল। তেওঁ এইদৰে কৈছিল: “ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।”—মথি ৭:১৩, ১৪; যোহন ১৪:৬; পাঁচনিৰ কৰ্ম্ম ৪:১১, ১২.

এক একতাবদ্ধ মণ্ডলী

দ্যা নিউ ডিক্সনাৰী অৱ থিয়লজীয়ে কৈছে যে “বৰ্তমান সময়ৰ কেথলিক ধৰ্ম্ম এক বিশ্বব্যাপী, সৰ্বব্যাপী, সংগঠিত সমাজত বিভাজিত।” কিন্তু সেই একেইদৰে প্ৰথম শতাব্দীৰ মণ্ডলীও আছিল বুলি ভবাটো উচিত নহয়। কিয় নহয়? ইয়াত কোৱা হৈছে যে “কিয়নো, তেনে এটা সংগঠিত সৰ্বব্যাপী সমাজৰ কোনো অস্তিত্ব নাছিল।”

সকলোৱে এই কথাত মান্তি হʼব যে প্ৰাচীন সময়ৰ খ্ৰীষ্টান মণ্ডলীবোৰ বৰ্তমান সময়ত সুন্দৰভাৱে নিৰ্ম্মাণ কৰা গীৰ্জাসমূহৰ সাদৃশ্যৰে কেতিয়াও দেখিবলৈ পোৱা নাছিল। কিন্তু ইয়াক সংগঠিত কৰা হৈছিল। মণ্ডলীৰ সদস্যসকলে স্বাধীনভাৱে এজনে আনজনক পৰিচালিত কৰা নাছিল, বৰঞ্চ তেওঁলোকে যিৰূচালেমত থকা প্ৰশাসন গোষ্ঠীৰ অধীনত কাৰ্য্য কৰিছিল। যিৰূচালেম মণ্ডলীত থকা পাঁচনি আৰু বৃদ্ধসকলৰ দ্বাৰা সংগঠিত লোক অৰ্থাৎ প্ৰশাসন গোষ্ঠীয়ে মণ্ডলীক খ্ৰীষ্টৰ “এক শৰীৰ” হৈ থাকিবলৈ সহায় কৰিছিল।ইফিচীয়া ৪:৪, ১১-১৬; পাঁচনিৰ কৰ্ম্ম ১৫:২২-৩১; পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫.

সেই প্ৰকৃত ধৰ্ম্মৰ কি ঘটিল? সেইটো শক্তিশালী কেথলিক ধৰ্ম্মলৈ পৰিণত হʼলনে? সেই মণ্ডলী শ্ৰেণীবাচকলৈ বৃদ্ধি আৰু বৰ্তমান দেখিবলৈ পোৱা প্ৰটেষ্টান্ট ধৰ্ম্মলৈ বিভাজিত হʼলনে? অথবা আন কিহবালৈ পৰিণত হʼলনে?

“কঠিয়া” আৰু “বিনৈ বন”

এই উত্তৰবোৰ পাবলৈ আঁহক আমি যীচুৱে স্বয়ং কি কৈছিল তাক আলোচনা কৰোঁহঁক। আপুনি হয়তো যীচুৱে তেওঁ স্থাপন কৰা মণ্ডলী কেইবা শতাব্দীলৈকে অস্তিত্বহীন হʼব বুলি আশা কৰাৰ বিষয়ে জানি আচৰিত হʼব।

তেওঁ নিজৰ মণ্ডলীক “স্বৰ্গৰাজ্য” সৈতে সম্পৰ্ক থকা বুলি উল্লেখ কৰি এইদৰে কৈছিল: “নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল। পাছে যেতিয়া সেই ধান গছ বাঢ়ি থোৰ ওলাল, তেতিয়া বিনৈ বনেও দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক কলে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিচা নাই? তেন্তে বিনৈ বন কʼৰ পৰা হল? তেওঁ সিহতক কলে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক কলে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছে নে? তেওঁ কলে, নহয় বনবোৰ গোটাওঁতে, কিজানি তহঁতে ধানকো তাৰ লগতে উভাল। শস্য দাবৰ সময়লৈকে দুয়োকো একে-লগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনৈ বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি; কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক।”—মথি ১৩:২৪-৩০.

যীচুৱে বৰ্ণনা কৰি কৈছিল যে তেওঁ হৈছে সেই ‘কঠিয়া সিচোঁতাজন’ আৰু “ভাল কঠিয়া” তেওঁৰ প্ৰকৃত শিষ্যসকল। চয়তান হৈছে তেওঁৰ “শত্ৰু” আৰু “বিনৈ বন” হৈছে মিছা খ্ৰীষ্টানসকল, যিসকলে প্ৰাচীনসময়ৰ খ্ৰীষ্টান মণ্ডলীত ক্ৰমান্বয়ে প্ৰৱেশ কৰিছিল। তেওঁ সেই বিষয়ে এইদৰে কৈছিল যে “বিনৈ বন” আৰু “কঠিয়া” শস্য “দাবৰ সময়লৈকে” অৰ্থাৎ এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষত একেলগে বাঢ়িব। (মথি ১৩:৩৭-৪৩) এই সকলোবোৰৰ অৰ্থ কি আছিল?

প্ৰকৃত খ্ৰীষ্টান মণ্ডলী দূষিত হোৱা

পাঁচনিসকলৰ মৃত্যুৰ লগে লগে ধৰ্মত্যাগী শিক্ষকবিলাকে মণ্ডলীক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে “সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা” কৈছিল। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) পৰিণামস্বৰূপে, বহুতো খ্ৰীষ্টান ব্যক্তিয়ে ‘বিশ্বাসৰ পৰা খহি পৰিল।’ তেওঁলোকে “গল্প-কথাৰ নিমিত্তে অপথে” গʼল।—১ তীমথিয় ৪:১-৩; ২ তীমথিয় ৪:৩, ৪.

দ্যা নিউ ডিক্সনাৰী অৱ থিয়লজীয়ে কৈছে যে চতুৰ্থ শতাব্দীলৈকে “কেথলিক খ্ৰীষ্টান ধৰ্ম্ম স্বীকৃতিপ্ৰাপ্তভাৱে . . . ৰোমান সাম্ৰাজ্যৰ ধৰ্ম্ম হৈ পৰিল।” ৰোমত যাজক “সম্প্ৰদায়ৰ সংযুক্ত আৰু নাগৰিক সমাজ” অৰ্থাৎ ৰাজকীয় আৰু গীৰ্জাৰ সৈতে সন্মিলিত হোৱা সম্প্ৰদায় আছিল, যিসকলে প্ৰাচীন খ্ৰীষ্টানসকলৰ বিশ্বাসক সম্পূৰ্ণকৈ বিৰোধ কৰিছিল। (যোহন ১৭:১৬; যাকোব ৪:৪) আগলৈ দ্যা নিউ ডিক্সনাৰী অৱ থিয়লজীয়ে কয় যে “কৌতূহলী লোকবিলাকৰ প্ৰভাৱ অৰ্থাৎ বাইবেলৰ পুৰণি নিয়ম আৰু দাৰ্শনিক আদৰ্শৰ সংমিশ্ৰিত সংশয়পূৰ্ণ বিচাৰধাৰাই” গীৰ্জাৰ সকলো স্বাভাৱিক ৰীতি-নীতি আৰু বহুতো মূল বিশ্বাস সম্পূৰ্ণৰূপে সলনি কৰিলে। এইটো ঠিক যীচু খ্ৰীষ্টই ভৱিষ্যতবাণী কৰাৰ দৰেই ঘটিল, যʼত তেওঁ কৈছিল যে প্ৰকৃত শিষ্যসকল লুপ্ত আৰু মিছা খ্ৰীষ্টানসকলৰ বৃদ্ধি হʼব।

যীচুৰ শ্ৰোতাসকলে জানিছিল যে বিনৈ বনৰ পৰা ভাল কঠীয়া বাছি উলিওৱাটো কিমান কঠিন। কিয়নো তেনে বিষযুক্ত নোমাল শুং জাতিয় বিনৈ বন বাঢ়ি অহাত প্ৰায়ে ভাল কঠীয়াৰ দৰে দৃষ্টিগোচৰ হয়। সেয়েহে যীচুৱে দৃষ্টান্তত কৈছিল যে অলপ সময়ৰ লৈকে মিছা খ্ৰীষ্টানসকলৰ মাজৰ পৰা প্ৰকৃত খ্ৰীষ্টানসকলক বাছি উলিওৱাটো কঠিন হʼব। ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰকৃত খ্ৰীষ্টানসকলৰ মণ্ডলীৰ কোনো অস্তিত্ব নাথাকিব, কিয়নো যীচুৱে তেওঁৰ আধ্যাত্মিক ভাইসকলক “জগতৰ শেষলৈকে” পৰিচালনা কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। (মথি ২৮:২০) যীচুৱে কৈছিল যে ভাল কঠিয়া একেৰাহে বৃদ্ধি হʼব। সেয়েহে ইয়াত কোনো সন্দেহ নাই যে শতাব্দী ধৰি প্ৰকৃত খ্ৰীষ্টানসকলে ব্যক্তিগত বা সমূহীয়াকৈ খ্ৰীষ্টৰ শিক্ষাক আখৰে আখৰে পালন কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি আহিছিল। কিন্তু তেওঁলোকে নিজকে স্পষ্টকৈ দৃশ্যমান সংগঠনৰূপে প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁলোকক অৱশ্যে ধৰ্ম্মত্যাগী ধৰ্ম্মৰ ৰীতি-নীতিৰ দৰে স্পষ্টকৈ চিনাক্ত কৰিব পৰা নাছিল। ইতিহাসে দেখুৱাইছে যে এই ধৰ্ম্মত্যাগী ধৰ্ম্মই যীচু খ্ৰীষ্টৰ নামক সন্মান আৰু মৰ্য্যাদা দিয়াৰ বিপৰীতে তেওঁক অসন্মান আৰু অপমান কৰি আহিছে।—২ পিতৰ ২:১, ২.

“সেই পাপ পুৰুষ প্ৰকাশিত হʼব”

সেই মিছা খ্ৰীষ্টানসকলক চিনি পাবলৈ পাঁচনি পৌলে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা; কিয়নো [যিহোৱাৰ দিনৰ, NW] আগেয়ে সেই ধৰ্ম্ম-পৰিত্যাগ উপস্থিত হব, আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হব।” (২ থিচলনীকীয়া ২:২-৪) “সেই পাপ পুৰুষ,” বৰ্তমান সময়ৰ যাজক বা পাদুৰিবৰ্গৰ লোকৰ বাহিৰে আন কোনো হʼব নোৱাৰে। তেওঁলোকে নিজকে উচ্চ কৰি “খ্ৰীষ্টান” মণ্ডলীৰ ওপৰত শাসন কৰিছে।

পাঁচনি পৌলৰ সময়ৰ পৰাই ধৰ্ম্মত্যাগীসকলৰ আৰম্ভ হৈছিল। পাঁচনিসকলৰ মৃত্যু আৰু তেওঁলোকৰ নিয়ন্ত্ৰণৰ প্ৰভাৱ নাইকিয়া হোৱাৰ লগে লগে ধৰ্ম্মত্যাগীসকলৰ বৃদ্ধি পালে। ইয়াক স্পষ্টকৈ চিনি পাবলৈ পাঁচনি পৌলে এইদৰে কৈছিল যে “চয়তানে কাৰ্য্য সাধন কৰাৰ দৰে, বিনাশৰ পাত্ৰ-বিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত, আৰু অধাৰ্ম্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত।” (২ থিচলনীকীয়া ২:৬-১২) ইতিহাসজুৰি ধৰ্ম্মগুৰুসকলৰ কাৰ্য্যবোৰৰ বিষয়ে কিমান যে সঠিকৰূপে বৰ্ণনা কৰা হʼল!

ৰোমান কেথলিকেই যে একমাত্ৰ সত্য ধৰ্ম্ম, সেই দাবীক সমৰ্থন কৰিবলৈ কেথলিক ধৰ্ম্মগুৰুসকলে কয় যে তেওঁলোকৰ বিশ্বপসকল হৈছে “আচল পাঁচনিসকলৰ উত্তৰাধিকাৰী, যিটো তেওঁলোকে প্ৰাচীন খ্ৰীষ্টানসকলৰ সামঞ্জস্যত লাভ কৰিছে।” দৰাচলতে তেওঁলোকে দাবী কৰা সত্যতা কোনো ইতিহাস বা বাইবেলৰ আধাৰিত নহয়। কিয়নো যীচুৰ পাঁচনিসকলে যে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ তেনে ধৰণৰ ধৰ্ম্মপ্ৰণালী অৱলম্বন কৰিছিল বুলি কোনো ভাৰসাযোগ্য প্ৰমাণ দেখিবলৈ পোৱা নাযায়।—ৰোমীয়া ৮:৯; গালাতীয়া ৫:১৯-২১.

তথাকথিত ধৰ্ম্মবিপ্লৱৰ পিছত অস্তিত্বৱান হোৱা আন ধৰ্ম্মসমূহৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকে প্ৰাচীন খ্ৰীষ্টান মণ্ডলীৰ আৰ্হিক পুনৰ অনুকৰণ কৰিলেনে? তেওঁলোকে প্ৰাচীন খ্ৰীষ্টান মণ্ডলীৰ দৰে শুদ্ধতা বজাই ৰাখিলেনে? এইটো সঁচা যে ধৰ্ম্মবিপ্লৱৰ পিছত সাধাৰণ লোকলৈ বাইবেলখন তেওঁলোকৰ নিজ নিজ ভাষাত উপলব্ধ কৰা হʼল। কিন্তু ইতিহাসে দেখুৱাইছে যে এই গীৰ্জাবোৰে একেৰাহে ভুল শিক্ষাসমূহ প্ৰদান কৰি থাকিল।—মথি ১৫:৭-৯.

লক্ষ্য কৰক যে শেষ কালত বাস্তৱতে এটা প্ৰকৃত মণ্ডলীক স্থাপন কৰা হʼব সেই বিষয়ে যীচুৱে নিশ্চিতভাৱে ভৱিষ্যতবাণী কৰিছিল। (মথি ১৩:৩০, ৩৯) পূৰ্ণ হোৱা ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে আমি বৰ্তমান সেই সময়ছোৱাত বাস কৰিছোঁ। (মথি ২৪:৩-৩৫) এতেকে আমি প্ৰত্যেকজনে নিজকে এইদৰে সোধা আৱশ্যক যে ‘সেই একমাত্ৰ সত্য ধৰ্ম্ম বা মণ্ডলী কʼত পাব পাৰি?’ সেই ধৰ্ম্ম অধিক স্পষ্টকৈ প্ৰকাশ পোৱা আৱশ্যক।

আপুনি হয়তো এইদৰে ভাবিব পাৰে যে আপুনি ইতিমধ্যেই সেই ধৰ্ম্ম বা মণ্ডলী বিচাৰি পাইছে। কিন্তু বাস্তৱতে সেইটো সত্যনে, তাক নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ? কিয়নো প্ৰাচীন সময়ৰ দৰে কেৱল এটাহে সত্য খ্ৰীষ্টান ধৰ্ম্ম বা মণ্ডলী থাকিব পাৰে। আপোনাৰ ধৰ্ম্ম বা মণ্ডলীয়ে যীচুৰ শিক্ষাক পালন কৰা প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলীৰ আৰ্হিৰ অনুসাৰে চলিছে নে নাই তাক নিশ্চিত কৰিব পাৰেনে? এতিয়াই তাক পৰীক্ষা নকৰে কিয়? এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই অতি আনন্দিত হʼব।—পাঁচনিৰ কৰ্ম্ম ১৭:১১. (w03 9/1)

[৫ পৃষ্ঠাৰ ছবিসমূহ]

যীচুৱে কোৱা বিনৈ বন আৰু ভাল কঠীয়াৰ দৃষ্টান্তটোৰ পৰা আমি প্ৰকৃত মণ্ডলীৰ সম্পৰ্কে কি শিকিব পাৰোঁ?

[৭ পৃষ্ঠাৰ ছবিসমূহ]

আপোনাৰ ধৰ্ম্ম প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে দিয়া শিক্ষা আৰু প্ৰচাৰ কাৰ্য্যৰ সামঞ্জস্যতনে?