Skip to content

Skip to table of contents

প্ৰতিজ্ঞাবোৰ কেতিয়া ভাৰসাযোগ্য প্ৰমাণিত হয়

প্ৰতিজ্ঞাবোৰ কেতিয়া ভাৰসাযোগ্য প্ৰমাণিত হয়

প্ৰতিজ্ঞাবোৰ কেতিয়া ভাৰসাযোগ্য প্ৰমাণিত হয়

ইতিহাসত আমি অনেক প্ৰতিজ্ঞা ভঙ্গ হোৱাটো দেখিবলৈ পাইছোঁ। দেশবোৰে আন দেশৰ সৈতে শান্তি বজাই ৰাখিবলৈ দলীলত চহী কৰি কৰা প্ৰতিজ্ঞাক যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্য-বাহিনী পঠিয়াই ভঙ্গ কৰাটো প্ৰায়ে দেখিবলৈ পোৱা গৈছে। এই বিষয়ে নেপোলিয়নে এবাৰ এইদৰে কৈছিল: “চৰকাৰবোৰে তেতিয়াহে তেওঁলোকৰ প্ৰতিজ্ঞা পূৰ্ণ কৰে যেতিয়া তেওঁলোকক বাধ্য কৰোৱা হয় বা তেওঁলোকৰ লাভ হয়।”

কোনো এজন ব্যক্তিয়ে কৰা প্ৰতিজ্ঞাৰ বিষয়ে কি কʼব পাৰি? যেতিয়া এজন ব্যক্তিয়ে নিজৰ প্ৰতিজ্ঞা ভঙ্গ কৰে তেতিয়া সেইটো কিমান যে নিৰাশজনক হয়! সেইটো বিশেষকৈ তেতিয়া অধিক নিৰাশজনক হয় যেতিয়া আপুনি ব্যক্তিজনক ভালকৈ জানে। দৰাচলতে, লোকসকলে সম্ভৱতঃ তেওঁলোকে কৰা প্ৰতিজ্ঞা ৰাখিবলৈ সমৰ্থবান নহয় অথবা তাক পূৰ্ণ কৰিবলৈ ইচ্ছুক নহয়।

ঈশ্বৰ আৰু মানুহে কৰা প্ৰতিজ্ঞাৰ মাজত কিমান যে ভিন্নতা দেখিবলৈ পোৱা যায়! ঈশ্বৰে কৰা প্ৰতিজ্ঞাসমূহ সম্পূৰ্ণকৈ ভাৰসা আৰু বিশ্বাসযোগ্য। যিহোৱা ঈশ্বৰে কৰা প্ৰতিজ্ঞা একেবাৰে আশ্বাসযুক্ত। সেই প্ৰতিজ্ঞা অৱশ্যেই পূৰ্ণ হʼব। ঈশ্বৰে কৰা প্ৰতিজ্ঞা যে কেতিয়াও বিফল নহয়, এই সম্পৰ্কে যিচয়া ৫৫:১১ পদত এইদৰে বৰ্ণনা কৰিছে: “মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হব; সেয়ে বৃথা মোৰ ওচৰলৈ উলটি নাহিব; কিন্তু যি ইচ্ছা কৰো, তাক সাম্ফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”

গতিকে বাইবেলত উল্লেখ কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহৰ প্ৰতি আমি কেনেধৰণে দৃষ্টি কৰা উচিত? আমি নিঃসন্দেহে সেইবোৰৰ ওপৰত ভাৰসা ৰাখিব পাৰোঁ। উদাহৰণস্বৰূপে, পাঁচনি যোহনে এইদৰে লিখিছিল: “চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:৩, ৪) যদি আপুনি এই আশীৰ্ব্বাদৰ ভাগী হʼব বিচাৰে তেন্তে যীচুৱে কোৱা অনুসাৰে চলা আৱশ্যক, যʼত তেওঁ এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”—যোহন১৭:৩. (w03 9/15