Skip to content

Skip to table of contents

যিহোৱাৰ ওপৰত আস্থা ৰাখক

যিহোৱাৰ ওপৰত আস্থা ৰাখক

যিহোৱাৰ ওপৰত আস্থা ৰাখক

“হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি।”—গীতমালা ৭১:৫.

১. মেৰৰখীয়া দায়ূদে কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল?

 প্ৰায় ন ফুটোতকৈ অধিক ওখ গলিয়াথ নামৰ দৈত্যকায় ব্যক্তিজন যুদ্ধৰ পথাৰত থিয় হৈ আছিল। ইস্ৰায়েলসকলৰ কোনো এজনেও যে তেওঁৰ সম্মুখীন হʼবলৈ সাহ কৰা নাছিল, সেইটো কোনো আঁচৰতি কথা নহয়! পলেষ্টীয়াৰ এই দৈত্যকায় ব্যক্তিজনে প্ৰত্যেক সপ্তাহে ৰাতিপূৱা আৰু গধূলি ইস্ৰায়েলসকলক তেওঁলোকৰ সৈতে যুদ্ধ কৰিবলৈ আহ্বান জনাইছিল। অৱশেষত এনে এজন ব্যক্তিয়ে তেওঁৰ এই প্ৰত্যাহ্বানক স্বীকাৰ কৰে যিজন কোনো যুদ্ধা নহয় কিন্তু সাধাৰণ যুৱক আছিল। তেওঁৰ নাম দায়ূদ, তেওঁ এজন মেৰৰখীয়া আছিল। সেই দৈত্যকায় ব্যক্তিজনৰ তুলনাত যদিও দায়ূদ নগণ্য আছিল তথাপিও গলিয়াথৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল। দায়ূদে তেনেদৰে আগবাঢ়ি আহি কিমান যে এক দুসাহসীকতাৰ পৰিচয় দিলে!—১ চমূৱেল ১৭:১-৫১.

২, ৩. (ক) দায়ূদে কিয় নিৰ্ভয়ে গলিয়াথৰ সম্মুখীন হʼব পাৰিছিল? (খ) আমি কেনে দুটা পদক্ষেপৰ বিষয়ে আলোচনা কৰিম যিয়ে যিহোৱাত আস্থা ৰাখিবলৈ সহায় কৰিব?

কিহে দায়ূদক সাহসী কৰি তুলিলে? বহু বছৰৰ পিছত দায়ূদে নিজেই লিখা এই বাক্যবোৰক লক্ষ্য কৰক: “হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি।” (গীতমালা ৭১:৫) তৰুণ বয়সৰে পৰাই তেওঁ যিহোৱাত নিজৰ সম্পূৰ্ণ ভাৰসা বা আস্থা ৰাখিছিল। গলিয়াথৰ সৈতে সম্মুখীন হোৱাৰ সময়ত দায়ূদে এনেদৰে কৈছিল: “তুমি তৰোৱাল, বৰছা, আৰু যাঠী লৈ মোৰ ওচৰলৈ আহিছা; কিন্তু মই হলে, তুমি ইতিকিং কৰা ইস্ৰায়েলৰ সৈন্যশ্ৰেণীবিলাকৰ ঈশ্বৰৰ, বাহিনীবিলাকৰ যিহোৱাৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।” (১ চমূৱেল ১৭:৪৫) গলিয়াথে নিজৰ শক্তি আৰু অস্ত্ৰ-শস্ত্ৰৰ ওপৰত ভাৰসা কৰিছিল, কিন্তু দায়ূদে হʼলে যিহোৱাত ভাৰসা ৰাখিছিল। যিহেতু সৰ্ব্বশক্তিমান যিহোৱা ঈশ্বৰ দায়ূদৰ সৈতে আছিল, গতিকে গলিয়াথে যিমানেই শক্তিশালী আৰু অস্ত্ৰেৰে সজ্জিত হৈ নাথাকক কিয়, তেওঁক ভয় কৰাৰ কোনো কাৰণ নাছিল।

দায়ূদৰ এই বৃতান্তক পঢ়ি আপুনিও যিহোৱাত আস্থা ৰাখিব পাৰিবনে? অৱশ্যেই আমাৰ বহুতে তেনে কৰাটো বিচাৰিব। তেন্তে আঁহক আমি এনে পদক্ষেপৰ বিষয়ে আলোচনা কৰোঁহঁক যিয়ে যিহোৱাত আস্থা ৰাখিবলৈ সহায় কৰিব। সৰ্ব্বপ্ৰথমে, আমি তেওঁত ৰাখা আস্থাক প্ৰতিৰোধ কৰিবলৈ থকা কাৰণসমূহক আঁতৰ কৰা আৱশ্যক। দ্বিতীয়তে, যিহোৱাত আস্থা ৰখাৰ সৈতে কি সন্মিলিত আছে তাক জনা আৱশ্যক।

যিহোৱাত আস্থা ৰাখাৰ পথত অহা এটা সাধাৰণ বাধাৰ ওপৰত জয়লাভ কৰা

৪, ৫. বহুতে ঈশ্বৰৰ ওপৰত আস্থা ৰাখিবলৈ কিয় কঠিন যেন অনুভৱ কৰে?

লোকসকলক ঈশ্বৰৰ ওপৰত আস্থা ৰাখিবলৈ কিহে বাধা জন্মাই? কিছুমানে তেওঁলোকৰ চাৰিওফালে ঘটি থকা বেয়া পৰিস্থিতিবোৰক দেখি বিভ্ৰান্ত হৈ পৰিছে। ঘটি থকা এনে দুখ-কষ্টৰ বাবে ঈশ্বৰে দায়ী বুলি বহুতকে শিকোৱা হৈছে। যদি এজন ব্যক্তিয়ে কোনো দুৰ্ঘটনাত নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়, তেতিয়া পাদুৰিসকলে কয় যে ঈশ্বৰে সেই ব্যক্তিজনক নিজৰ ওচৰলৈ মাতি পঠিয়ালে। তদুপৰি বহুতো ধৰ্ম্মগুৰুৱে শিক্ষা দিয়ে যে ঈশ্বৰে পূৰ্বৰে পৰা প্ৰত্যেকজনৰ ভাগ্য নিৰ্দ্ধাৰিত কৰি থৈছে যʼত বৰ্তমানে ঘটি থকা দুৰ্ঘটনা আৰু দুষ্ট কাৰ্য্যবোৰ সন্মিলিত আছে। গতিকে তেনে নিৰ্দ্দয় ঈশ্বৰৰ ওপৰত আস্থা ৰখাটো বাস্তৱতে কঠিন। দৰাচলতে এনে অবিশ্বাসীসকলৰ মন বিভ্ৰান্ত কৰাত চয়তানৰহে হাত আছে, যি “ভূতবোৰৰ শিক্ষাক” অনুপ্ৰেৰিত কৰে।—১ তীমথিয় ৪:১; ২ কৰিন্থীয়া ৪:৪.

লোকসকলে যাতে যিহোৱাত আস্থা ৰখাত বিফল হয়, সেইয়া হৈছে চয়তানৰ ইচ্ছা। তদুপৰি সি বিচাৰে যে আমি বৰ্তমানে ভুগী থকা দুখ-কষ্টৰ মূল কাৰণবোৰক যেন বুজি নাপাওঁ। যদিও বাইবেলৰ পৰা দুখ-কষ্ট ভোগাৰ মূল কাৰণবোৰক শিকো তথাপিও সেইবোৰক যেন আমি পাহৰি যাওঁ সেয়ে হৈছে তাৰ প্ৰচেষ্টা। সেইবাবে সময়ে সময়ে আমি দুখ-কষ্ট ভুগী থকাৰ তিনিটা মূল কাৰণক পুনৰ নিৰীক্ষণ কৰাটো অতি আৱশ্যক। তেনে কৰাৰ দ্বাৰা এইবোৰৰ বাবে ঈশ্বৰ যে দায়ী নহয় তাৰ প্ৰতি আমি নিজৰ হৃদয় আশ্বাসযুক্ত কৰিব পাৰিম।—ফিলিপীয়া ১:৯, ১০.

৬. মানৱজাতিয়ে ভোগা দূখ-কষ্টৰ প্ৰথমটো কাৰণৰ সম্পৰ্কে ১ পিতৰ ৫:৮ পদত কেনেকৈ বৰ্ণনা কৰিছে?

দুখ-কষ্ট ভোগাৰ প্ৰথমটো কাৰণ হৈছে, চয়তানে যিহোৱাৰ বিশ্বাসী লোকৰ অখণ্ডতাক ভাঙিব বিচাৰে। একেইদৰে সি ইয়োবৰ অখণ্ডতাকো ভাঙিবলৈ চেষ্টা কৰিছিল। কিন্তু সি যদিও সেই সময়ত বিফল হʼল তথাপিও হাৰ নামানিলে। সি এই জগতৰ অধিপতি হোৱাৰ বাবে যিহোৱাৰ বিশ্বাসী উপাসকসকলক “গ্ৰাস” কৰা উদ্দেশ্যৰে ঘূৰি ফুৰিছে। (১ পিতৰ ৫:৮) যʼত আমি সকলোৱে সন্মিলিত আছোঁ! আমি ঈশ্বৰক সেৱা কৰিবলৈ ত্যাগ দিয়াটোৱেই হৈছে তাৰ ইচ্ছা। সেইবাবে সি সদায়েই লোকসকলক উৎপীড়নৰ দ্বাৰা হাৰাশাস্তি দিয়ে। যদিও তেনেধৰণৰ উৎপীড়নবোৰ বেদনাদায়ক তথাপিও সেইবোৰত ধৈৰ্য্যশীল হোৱাৰ এক উত্তম কাৰণ আছে। তেনেদৰে কৰাৰ দ্বাৰা আমি তাক মিছলীয়া আৰু যিহোৱাৰ মন আনন্দিত কৰোঁ। (ইয়োব ২:৪; হিতোপদেশ ২৭:১১) যিদৰে যিহোৱাই আমাক ধৈৰ্য্যৰে উৎপীড়নৰ সম্মুখীন হʼবলৈ শক্তি প্ৰদান কৰিব তেনেকৈ আমি তেওঁৰ ওপৰত অধিক আস্থা ৰাখিব পাৰিম।—গীতমালা ৯:৯, ১০.

৭. গালাতীয়া ৬:৭ পদে দুখ-কষ্টৰ ভুগী থকাৰ আনটো কাৰণৰ বিষয়ে কি উল্লেখ কৰিছে?

দুখ-কষ্ট ভোগাৰ দ্বিতীয় কাৰণটো বাইবেলৰ এই সিদ্ধান্তত দেখিবলৈ পোৱা যায়: “মানুহে যিহকে বয়, তাকেহে দাব।” (গালাতীয়া ৬:৭) কেতিয়াবা লোকসকলে ভুল নিৰ্ণয় লোৱাৰ বাবে যি বয় তাকে পৰিণাম হিচাবে দাব। উদাহৰণস্বৰূপে, তেওঁলোকে হয়তো অসাৱধানতাৰে গাড়ী চলাই দুৰ্ঘটনাগ্ৰস্ত হয়। বহুতে ধুমপান কৰি হৃদয় ৰোগ বা হাওঁফাওঁৰ কেন্সাৰত আক্ৰান্ত হয়। যিসকলে অনৈতিকভাৱে জীৱন যাপন কৰে তেওঁলোকে মান-সন্মান হেৰুৱাই, সম্বন্ধৰ বিচ্ছেদ ঘটে, যৌন সম্বন্ধীয় ৰোগত আক্ৰান্ত আৰু অবৈধ গৰ্ভধাৰণ কৰাৰ দৰে যান্ত্ৰণাত ভুগীবলগীয়া হয়। এনে ধৰণৰ দুখ-কষ্টৰ বাবে লোকসকলে হয়তো ঈশ্বৰক দায়ী বুলি ভাবিব পাৰে। দৰাচলতে, তেওঁলোকে স্বয়ং ভুল পথবোৰ বাছি লোৱাৰ বাবেহে তেনে সমস্যাৰ সম্মুখীন হৈছে।—হিতোপদেশ ১৯:৩.

৮. উপদেশক ৯:১১ পদৰ অনুসাৰে কিয় লোকসকলে আকস্মিক দুৰ্ঘটনাৰ বলি হʼবলগীয়া হয়?

দুখ-কষ্ট ভুগী থকাৰ তৃতীয় কাৰণটো উপদেশক ৯:১১ পদত এনেদৰে উল্লেখ কৰিছে: “মই ঘূৰি আকৌ সূৰ্য্যৰ তলত চাই দেখিলোঁ, যে, লৰ মৰামৰি খেলত বেগীবিলাক, ৰণত বীৰবিলাক যে জয় হয়, আৰু জ্ঞানীবিলাকে অন্ন, বুদ্ধিয়কবিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায়, এনে নহয়; কিন্তু সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটে।” কেতিয়াবা লোকসকলে ভুল সময়ত ভুল স্থানত থকাৰ বাবে পৰিণামৰ সম্মুখীন হয়। আমাৰ শক্তি বা দুৰ্ব্বলতাৰ বাদে দুখ-কষ্ট আৰু আকস্মিকভাৱে হোৱা মৃত্যুৱে আমাক ছিন্ন-ভিন্ন কৰি পেলাব পাৰে। উদাহৰণস্বৰূপে, যীচুৰ সময়ত যিৰূচালেমৰ চিলোহত থকা ওখ গড় ভাঙি পৰাৰ বাবে ১৮ জন মানুহৰ মৃত্যু হৈছিল। এই ঘটনাৰ যোগেদি যে ঈশ্বৰে লোকসকলক শাস্তি দিয়া নাছিল বুলি যীচুৱে স্পষ্টকৈ কৈছিল। (লূক ১৩:৪) গতিকে তেনে ধৰণৰ দুৰ্ঘটনাৰ বাবে যিহোৱা ঈশ্বৰ দায়ী নহয়।

৯. দুখ-কষ্টৰ সম্বন্ধে থকা কেনে বিষয়ক বহুতে বুজি নাপায়?

বৰ্তমান ভুগী থকা দুখ-কষ্টৰ কিছুমান কাৰণৰ বিষয়ে বুজি পোৱাটো অতি আৱশ্যক। তথাপিও এনে এটা বিষয় আছে যাক বহুতে বুজিবলৈ টান পায়। সেই বিষয়টো হৈছে: ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

যিহোৱাই কিয় দুখ-কষ্টৰ অনুমতি দিছে?

১০, ১১. (ক) ৰোমীয়া ৮:১৯-২২ পদৰ অনুসাৰে “গোটেই সৃষ্টিৰ” সৈতে কি ঘটিল? (খ) সৃষ্টিখনক অসাৰতালৈ যাবলৈ কোনে অনুমতি দিলে বুলি আমি দৃঢ়তাৰে কʼব পাৰোঁ?

১০ পাঁচনি পৌলে ৰোমত থকা খ্ৰীষ্টানসকললৈ লিখা এখন পত্ৰত এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰকাশ পাইছে। তেওঁ এনেদৰে লিখিছিল: “ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল, এনে নহয়; কিন্তু বশ্‌কৰ্ত্তাৰ কাৰণেহে হল; এই আশাৰে হল যে, সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে, ইয়াক আমি জানো।”—ৰোমীয়া ৮:১৯-২২.

১১ সেই পদবোৰত উল্লেখ কৰা বিষয়বোৰক ভালকৈ বুজিবলৈ হʼলে, কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱা উচিত। উদাহৰণস্বৰূপে, সৃষ্টিখনক কোনে অসাৰতাৰ অধীন কৰিলে? কিছুমানে হয়তো চয়তান বা আন কিছুমানে আদমক ইয়াৰ বাবে দায়ী বুলি কʼব পাৰে। কিন্তু তেওঁলোকৰ কোনো এজনেও তেনেদৰে কৰিব নোৱাৰে। কিয় নোৱাৰে? কিয়নো যিজনে তেনে হʼবলৈ অনুমতি দিছে তেওঁৰ ইচ্ছাৰে “অসাৰতাৰ বশীকৃত” হʼল বুলি কৈছে। কেৱল তেৱেঁহে নিজৰ বিশ্বাসী উপাসকবিলাকক “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত” কৰিব পাৰে। যিহোৱাৰ বাদে চয়তান বা আদমে এই আশা প্ৰদান কৰিব নোৱাৰে। স্পষ্টৰূপে কেৱল ঈশ্বৰেহে সৃষ্টিখনক অসাৰতালৈ যাবলৈ অনুমতি দিলে।

১২. “গোটেই সৃষ্টিৰ” সম্বন্ধে কেনে বেমেজালি উৎপন্ন হৈছে আৰু এই বিমূঢ়তাক কেনেকৈ সমাধান কৰিব পাৰি?

১২ পৌলে লিখা পত্ৰখনত প্ৰকাশ পোৱা “গোটেই সৃষ্টি” উক্তিটোৱে কিহক বুজাইছে? কিছুমানে হয়তো কʼব পাৰে যে “গোটেই সৃষ্টি” স্বাভাৱিক জগতখনক বুজাইছে যʼত জীৱ-জন্তু আৰু উদ্ভিদ জগত সন্মিলিত আছে। কিন্তু জীৱ-জন্তু আৰু উদ্ভিদ জগতে জানো “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি” পোৱাৰ দৰে আশা কৰিব পাৰেনে? নিশ্চয়ে নোৱাৰে। (২ পিতৰ ২:১২) গতিকে “গোটেই সৃষ্টি” উক্তিটোৱে একমাত্ৰ মানৱজাতিকহে বুজাইছে। যিহেতু আদম আৰু হৱাই বিদ্ৰোহ কৰাৰ বাবে সৃষ্টিখন পাপ আৰু মৃত্যুৰ অধীন হʼল আৰু মুক্তি হোৱাৰ আশাৰে বাট চাইছে।—ৰোমীয়া ৫:১২.

১৩. এদন বাগিছাত প্ৰথম দম্পতীয়ে ঈশ্বৰক কৰা বিৰোধীতাৰ পৰিণামস্বৰূপে মানৱজাতিলৈ কেনে অৱস্থা কঢ়িয়াই আনিল?

১৩ দৰাচলতে সেই বিৰোধিতাই মানৱজাতিৰ ওপৰত কেনে প্ৰভাৱ পেলালে? তেনে বিৰোধিতাই অসাৰতালৈ পৰিচালিত কৰিলে বুলি পাঁচনি পৌলে বৰ্ণনা কৰিছে। * এটা অভিমতৰ অনুসাৰে অসাৰতাৰ অৱস্থাক “কোনো উদ্দেশ্যৰে কাৰ্য্য কৰিবলৈ বনোৱা এটা বস্তু যি সাৰ্থক নহʼল” বুলি বুজাইছে। এই পৃথিৱীত এক সিদ্ধ পৰিয়ালৰূপে একেলগ হৈ চিৰকাললৈকে বাস কৰিবলৈ মানৱজাতিক সৃষ্টি কৰা হৈছিল। ইয়াৰ বিপৰীতে তেওঁলোকে কেৱল অলপদিনৰ বাবে জীয়াই থাকি বেদনা আৰু নিৰুদ্যমভাৱে জীৱন যাপন কৰিবলৈ বাছি লʼলে। এই সন্দৰ্ভে ইয়োবে এইদৰে কৈছিল, “তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।” (ইয়োব ১৪:১) সঁচাকৈ মানুহৰ অৱস্থা অসাৰতালৈ গতি কৰিলে।

১৪, ১৫. (ক) মানৱজাতিক দণ্ডাজ্ঞা দি যিহোৱাই যে ন্যায় কাৰ্য্য কৰিলে আমি তাৰ কেনে প্ৰমাণ দেখিবলৈ পাওঁ? (খ) সৃষ্টিখন “আপোন ইচ্ছাৰে” অসাৰতালৈ যোৱা নাই বুলি পাঁচনি পৌলে কিয় কʼব পাৰিলে?

১৪ এতিয়া এই মুখ্য প্ৰশ্নটোক বিবেচনা কৰক: কিয় “সমুদায় পৃথিৱীৰ বিচাৰকৰ্ত্তা জনাই” মানৱজাতিক দুখ-কষ্ট ভুগীবলৈ এৰি দিলে? (আদিপুস্তক ১৮:২৫) তেনে কৰাৰ দ্বাৰা তেওঁ ন্যায়ৰ কাৰ্য্য কৰিলেনে? এই ক্ষেত্ৰত আমাৰ আদি পিতৃ-মাতৃয়ে কি কৰিলে তাক স্মৰণ কৰক। তেওঁলোকে ঈশ্বৰৰ বিপক্ষে হৈ চয়তানৰ পক্ষ লʼলে যিজনে যিহোৱাৰ আধিপত্যক প্ৰত্যাহ্বান কৰিছিল। তেওঁলোকৰ কৰ্ম্মৰ দ্বাৰা দেখুৱাইছিল যে মানৱে ঈশ্বৰৰ বাদে চয়তানৰ অধীনত থাকি সুখী হʼব পাৰে। তেওঁলোকৰ এনে বিৰোধীতাৰ পৰিণাম শুনোৱাৰ পিছত ঈশ্বৰে তেওঁলোকক তেওঁলোকৰ ইচ্ছাৰে চলিবলৈ এৰি দিছিল। অৰ্থাৎ চয়তানৰ অধীন হৈ তেওঁলোকে নিজৰ জীৱন যাপন কৰিবলৈ এৰি দিয়া। এনে পৰিস্থিতিত মানৱজাতিক অসাৰতালৈ যাবলৈ দিয়াৰ পৰিৱৰ্তে আন কোনো নিৰ্ণয় লোৱাটো যুক্তিসঙ্গত হʼলহেঁতেননে?

১৫ অৱশ্যেই তেনে হোৱাটো সৃষ্টিৰ “আপোন ইচ্ছা” নাছিল। যিহেতু পাপ আৰু মৃত্যুৰ দাসত্বত জন্ম গ্ৰহণ কৰাৰ বাহিৰে আমাৰ ওচৰত আন কোনো বিকল্প নাছিল। তথাপিও যিহোৱা দয়ালু হোৱাৰ নিমিত্তে আদম আৰু হৱাক নিজৰ সন্তান উৎপন্ন কৰিবলৈ অনুমতি দিছিল। আমি তেওঁলোকৰ সন্তান হোৱাৰ নিমিত্তে যদিও পাপ আৰু মৃত্যুৰ অসাৰতাৰ অধীন হʼলোঁ তথাপিও আমাৰ ওচৰত এনে এটা লক্ষ্যত উপনীত হোৱাৰ সুযোগ আছে যিটোত আদম আৰু হৱাই বিফল হʼল। তাৰ বাবে আমি যিহোৱাই যি কৈছে তাত ধ্যান দিয়া আৱশ্যক। কিয়নো একমাত্ৰ তেওঁৰ আধিপত্য হৈছে ধাৰ্ম্মিক আৰু সৰ্ব্বোত্তম। ইয়াৰ বিপৰীতে মানৱ শাসনে কেৱল দুখ, অশান্তি আৰু অসাৰতালৈ পৰিচালিত কৰে। (যিৰিমিয়া ১০:২৩; প্ৰকাশিত বাক্য ৪:১১) তদুপৰি চয়তানে কেৱল অধিক বেয়া অৱস্থালৈ পৰিচালিত কৰিছে বুলি মানৱ ইতিহাসেও প্ৰমাণ দিছে।—উপদেশক ৮:৯.

১৬. (ক) বৰ্তমান সময়ত দেখা দিয়া দুখ-কষ্টৰ বাবে যিহোৱাই দায়ী নহয় বুলি আমি কিয় নিশ্চিত হʼব পাৰোঁ? (খ) বিশ্বাসী লোকসকলৰ বাবে তেওঁ কেনে ব্যৱস্থা কৰিলে?

১৬ মানৱজাতিক অসাৰতালৈ যাবলৈ দিয়াৰ বাবে যিহোৱাৰ ওচৰত যথোপযুক্ত কাৰণসমূহ আছিল। তেন্তে ইয়াৰ অৰ্থ এইটো নে যে আজি আমি প্ৰত্যেকে অসাৰ আৰু দুখ-কষ্ট ভুগাৰ বাবে তেওঁ দায়ী? ইয়াক বুজিবলৈ এজন ন্যায়কৰ্ত্তাই অপৰাধী ব্যক্তিক শুনোৱা ন্যায়দণ্ডৰ বিষয়ে বিবেচনা কৰক। সেই ন্যায়দণ্ডৰ বাবে হয়তো অপৰাধীজনে কষ্ট ভুগীব পাৰে কিন্তু এই কষ্টৰ বাবে ন্যায়কৰ্ত্তাজনে দায়ী বুলি কোৱাটো সঠিক হʼবনে? নিশ্চয়ে তেওঁক দায়ী বুলি কʼব নোৱাৰি! তদুপৰি দুষ্টতাৰ সৈতে যিহোৱাৰ কোনো ভাগ নাই। এই সন্দৰ্ভত যাকোব ১:১৩ পদত এইদৰে কৈছে: “মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” আমি ইয়াকো মনত ৰাখা আৱশ্যক যে যিহোৱাৰ এই দণ্ডাজ্ঞা “আশাৰ” ওপৰতহে আধাৰিত আছিল। আদম আৰু হৱাৰ বিশ্বাসী সন্তানবিলাকে যাতে অসাৰতাৰ প্ৰভাৱ অন্ত হোৱা দেখে আৰু “প্ৰতাপমূলক মুক্তি” অনুভৱ কৰিব পাৰে তাৰ নিমিত্তে তেওঁ প্ৰেমময় ব্যৱস্থা কৰিলে। এই সৃষ্টিক পুনৰাই কেতিয়াও অসাৰতাৰ বেদনাদায়ক অৱস্থালৈ যাবলৈ অনুমতি দিয়া নহʼব বুলি বিশ্বাসী মানৱজাতিয়ে আশ্বাস ৰাখিব পাৰে। যিহোৱাই এই পৰিস্থিতিবোৰক ধাৰ্ম্মিক আৰু চিৰকালৰ বাবে সলনি কৰাৰ যোগেদি দেখুৱাব যে কেৱল তেৱেঁই আধিপত্যৰ যোগ্য।—যিচয়া ২৫:৮.

১৭. বৰ্তমান সময়ত দেখা দিয়া দুখ-কষ্টৰ সম্বন্ধে থকা বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

১৭ এই বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰাৰ দ্বাৰা আমি দুষ্টতাৰ বাবে যিহোৱাক দায়ী কৰা বা তেওঁত আস্থা নাৰাখাৰ কোনো কাৰণ দেখিবলৈ পাইছোঁনে? ইয়াৰ বিপৰীতে এনেদৰে কৰা অধ্যয়নে আমাক মোচিৰ এই বাক্যবোৰক সমৰ্থন কৰিবলৈ যুক্তি দাঙি ধৰিছে, যʼত এইদৰে কোৱা হৈছে: “তেওঁ শিলা, তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।” (দ্বিতীয় বিবৰণ ৩২:৪) আঁহক আমি এই বিষয়বোৰক ধ্যান কৰাৰ দ্বাৰা সময়ে সময়ে সেই প্ৰশ্নবোৰক ব্যক্তিগতভাৱে উত্তৰ দিবলৈ আমাৰ বুজশক্তিক সতেজ কৰি তোলোঁহঁক। সেয়েহে আমি কোনো দুখ-কষ্টৰ সম্মুখীন হোৱাৰ সময়ত চয়তানক আমাৰ মনত কোনো স্থান দিয়াটো উচিত নহয়, অন্যথা সি আমাৰ মনত সন্দেহ উৎপন্ন কৰিব পাৰে। আৰম্ভণিতে উল্লেখ কৰা দ্বিতীয় পদক্ষেপটো কি আছিল? যিহোৱাক ভাৰসা কৰাৰ সৈতে কি সন্মিলিত আছে?

যিহোৱাক ভাৰসা কৰাৰ অৰ্থ কি?

১৮, ১৯. যিহোৱাক ভাৰসা কৰিবলৈ বাইবেলে আমাক কেনেদৰে উৎসাহিত কৰিছে আৰু এই সম্পৰ্কে কিছুমানৰ কেনে ভুল ধাৰণা আছে?

১৮ ঈশ্বৰৰ বাক্যই আমাক এনেদৰে উৎসাহিত কৰিছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৫, ৬) সেইবোৰ হৈছে বাস্তৱতে আশ্বাসদায়ক বাক্য। এই বিশ্বত আমাৰ প্ৰেমময় পিতৃ যিহোৱা ঈশ্বৰৰ বাদে আন কাৰো ওপৰত আস্থা ৰাখিব নোৱাৰি। কিন্তু হিতোপদেশত উল্লেখ কৰা বাক্যবোৰ পঢ়াতকৈ কাৰ্য্যকাৰী কৰাহে অতি কঠিন বিষয়।

১৯ বহুতে আকৌ যিহোৱাক ভাৰসা কৰাৰ অৰ্থক ভুলকৈ লৈছে। কিছুমানৰ অনুসাৰে তেনে ভাৰসা কৰাটো এক সামান্য অনুভূতি বা আবেগিক ভাৱনা যি আপোনা-আপুনিকৈ মনলৈ অহা আৱশ্যক। আন কিছুমানৰ বাবে ঈশ্বৰক ভাৰসা কৰাৰ অৰ্থ হৈছে তেওঁ তেওঁলোকক সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা, সমস্যাৰ সমাধান আৰু দৈনন্দিন জীৱনত অহা প্ৰত্যাহ্বানবোৰৰ পৰা আঁতৰাই ৰখা! কিন্তু তেনেধৰণৰ বাঞ্চা কৰাটো হৈছে ভিত্তিহীন। যিহোৱাত ভাৰসা ৰখাৰ অৰ্থ হৈছে সামান্য অনুভূতিতকৈ অধিক আৰু ই কোনো কাল্পনিক নহয়। বয়সস্থ ব্যক্তিসকলৰ বাবে ভাৰসা ৰখাৰ অৰ্থ হৈছে সচেতনে থাকি ভাবি-চিন্তি নিৰ্ণয় লোৱা।

২০, ২১. যিহোৱাত ভাৰসা কৰাৰ সৈতে কি সন্মিলিত আছে? উদাহৰণ দি বুজাওক।

২০ হিতোপদেশ ৩:৫ পদত কি কৈছে তাক পুনৰাই লক্ষ্য কৰক। তাত আমি নিজৰ ওপৰত আৰু যিহোৱাত ভাৰসা ৰখাৰ ভিন্নতাক দাঙি ধৰিছে আৰু আমাক পৰামৰ্শ দিছে যে আমি উভয়কে একেলগে ভাৰসা কৰিব নোৱাৰোঁ। ইয়াৰ অৰ্থ এইটো নে যে আমাৰ নিজ বুজশক্তিক ব্যৱহাৰ কৰিব নোৱাৰোঁ? অৱশ্যেই নহয়। কিয়নো যিহোৱাই স্বয়ং মানৱক এই শক্তি প্ৰদান কৰিলে আৰু তেওঁ বিচাৰে যে আমি ইয়াৰ দ্বাৰা যেন তেওঁৰ সেৱা কৰোঁ। (ৰোমীয়া ১২:১) তেন্তে আমি কিহৰ ওপৰত ভাৰসা ৰখা উচিত? যেতিয়া আমি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ বিফল হওঁ তেতিয়া তেওঁৰ বুদ্ধি যি আমাতকৈ উচ্চ, তাক গ্ৰহণ কৰোঁনে? (যিচয়া ৫৫:৮, ৯) যিহোৱাক ভাৰসা কৰাৰ অৰ্থ হৈছে তেওঁৰ দ্বাৰা মাৰ্গ নিৰ্দ্দেশিত হʼবলৈ আগ্ৰহী হোৱা।

২১ উদাহৰণস্বৰূপে, এখন গাড়ীত পিতৃ-মাতৃৰ সৈতে যাত্ৰা কৰা পিছৰ চিটত বহি থকা সৰু লʼৰাটিৰ বিষয়ে বিবেচনা কৰক। তেওঁৰ পিতৃয়ে গাড়িখন চলাই নিছে। যাত্ৰা কৰাৰ সময়ত যেতিয়া পথ বা বতৰক লৈ কিবা সমস্যা দেখা দিয়ে তেতিয়া এজন আজ্ঞাকাৰী পুত্ৰই কেনে প্ৰতিক্ৰিয়া দেখুৱায়? পিতৃজনক কেনেকৈ গাড়ী চলাব লাগে বুলি তেওঁ পিছফালৰ পৰা চিঞৰি মাৰ্গদৰ্শন দিবনে? যেতিয়া পিতৃ-মাতৃয়ে তেওঁক চিট বেল্ট ভালদৰে লগাই বহি থাকিবলৈ কʼব তেতিয়া তেওঁলোকৰ বিৰোধ কৰিবনে? নিশ্চই নকৰে। বৰঞ্চ আজ্ঞাধীন হৈ তেওঁ নিজৰ অসিদ্ধ পিতৃ-মাতৃৰ ওপৰত ভাৰসা কৰিব। যিহেতু আমাৰ পিতৃ যিহোৱা হৈছে পৰিপূৰ্ণ। সেয়েহে যেতিয়া আমি কোনো প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হওঁ তেতিয়া তেওঁৰ ওপৰত সম্পূৰ্ণ ভাৰসা নকৰিমনে?—যিচয়া ৩০:২১.

২২, ২৩. (ক) সমস্যাৰ সম্মুখীন হোৱাত আমি কিয় যিহোৱাত ভাৰসা ৰখা উচিত আৰু তাক আমি কেনেকৈ কৰিব পাৰোঁ? (খ) কিহৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব?

২২ যিহেতু হিতোপদেশ ৩:৬ পদত কৈছে যে আমি কেৱল প্ৰত্যাহ্বানজনক পৰিস্থিতিতেই নহয় কিন্তু “সকলো কাৰ্য্যত যিহোৱাক স্বীকাৰ কৰা” প্ৰয়োজন। গতিকে দৈনন্দিন জীৱনত লোৱা সৰু-বৰ নিৰ্ণয়ত যিহোৱাত ভাৰসা ৰখাৰ প্ৰমাণ দিয়া উচিত। সমস্যা দেখা দিয়াৰ সময়ত আমি ভয়াতুৰ হৈ যিহোৱাৰ উত্তম মাৰ্গদৰ্শনক প্ৰত্যাখ্যান কৰিব নালাগে। প্ৰকৃততে পৰীক্ষাবোৰে আমালৈ যিহোৱাৰ আধিপত্যৰ অধীন হʼবলৈ সুযোগ কঢ়িয়াই আনে। তদুপৰি ইয়াৰ যোগেদি চয়তানক মিছলীয়া আৰু ঈশ্বৰৰ মন আনন্দিত কৰাৰ আন গুণবোৰ বিকাশিত কৰিবলৈ সহায় কৰে বুলি বিবেচনা কৰা উচিত।—ইব্ৰী ৫:৭, ৮.

২৩ আমি যিয়ে পৰিস্থিতিৰ সম্মুখীন নহওঁ কিয়, যিহোৱাত ভাৰসা ৰাখিব পাৰোঁ। সেই ভাৰসা আমি তেওঁলৈ প্ৰাৰ্থনা কৰা, ঈশ্বৰৰ বাক্য আৰু তেওঁৰ সংস্থাৰ যোগেদি মাৰ্গদৰ্শিত হোৱাৰ দ্বাৰা প্ৰকাশ কৰোঁ। বৰ্তমানৰ কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত আমি বিশেষকৈ কেনেদৰে যিহোৱাত ভাৰসা ৰাখিব পাৰোঁ? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 9/1)

[ফুটনোট]

^ “অসাৰতা” উক্তিটোৰ বাবে পাঁচনি পৌলে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰিছিল সেই একেই শব্দক গ্ৰীক চেপ্টুৱাজিন্টে ৰজা চলোমনে সঘনাই উপদেশক কিতাপত উল্লেখ কৰা “সকলো অসাৰ” নামৰ অভিব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰিছিল। (উপদেশক ১:২, ১৪; ২:১১, ১৭; ৩:১৯; ১২:৮.

আপুনি কেনেকৈ উত্তৰ দিব?

• দায়ূদে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ যিহোৱাৰ ওপৰত আস্থা ৰাখিছিল?

• বৰ্তমান সময়ত মানৱজাতিয়ে দুখ-কষ্ট ভোগা তিনিটা কাৰণ কি আৰু সময়নুযায়ী সেইবোৰক বিবেচনা কৰা কিয় উত্তম?

• মানৱজাতিৰ ওপৰত যিহোৱাই কেনে দণ্ডাজ্ঞা শুনাইছিল আৰু সেইয়া কিয় ন্যায়যুক্ত আছিল?

• যিহোৱাক ভাৰসা ৰখাৰ সৈতে কি সন্মিলিত আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৮ পৃষ্ঠাৰ ছবিসমূহ]

দায়ূদে যিহোৱাৰ ওপৰত আস্থা ৰাখিছিল

[১০ পৃষ্ঠাৰ ছবি]

যিৰূচালেমত হঠাতে খহি পৰা গড়ৰ দুৰ্ঘটনাত ১৮ জন ব্যক্তিৰ মৃত্যু হোৱাত যিহোৱা ঈশ্বৰ যে দায়ী নাছিল তাক যীচুৱে স্পষ্টকৈ উল্লেখ কৰিছিল