Skip to content

Skip to table of contents

সঙ্কটৰ সময়ত যিহোৱাক সম্পূৰ্ণ মনেৰে ভাৰসা কৰক

সঙ্কটৰ সময়ত যিহোৱাক সম্পূৰ্ণ মনেৰে ভাৰসা কৰক

সঙ্কটৰ সময়ত যিহোৱাক সম্পূৰ্ণ মনেৰে ভাৰসা কৰক

“ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ কালত তেওঁক বিচৰামাত্ৰে পাব পৰা ঈশ্বৰ।”—গীতমালা ৪৬:১.

১, ২. (ক) কেনে উদাহৰণে দেখুৱাইছে যে আমি কেৱল যিহোৱাত ভাৰসা ৰাখোঁ বুলি কোৱাটোৱেই যথেষ্ট নহয়? (খ) আমি যিহোৱাত ভাৰসা ৰাখোঁ বুলি কোৱাতকৈ অধিক আৰু কি কৰা উচিত?

 যিহোৱাক ভাৰসা কৰা বুলি কাৰ্য্যৰে প্ৰকাশ কৰাতকৈ মুখেৰে ভাৰসা কৰোঁ বুলি কোৱাটো একেবাৰে সহজ। উদাহৰণস্বৰূপে, সংযুক্ত ৰাষ্ট্ৰৰ প্ৰচলিত মুদ্ৰাত “আমি ঈশ্বৰত ভাৰসা ৰাখোঁ” বুলি থকা বাক্যশাৰীক বহু সময়ৰ পৰা ব্যৱহাৰ কৰি আহিছে। * কিন্তু ১৯৫৬ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ পাৰ্টিয়ে এই অভিব্যক্তিটোক ৰাষ্ট্ৰীয় নীতিবাক্য হিচাবে পালন কৰিবলৈ আদেশ জাৰি কৰিলে। ফলস্বৰূপে, পৃথিৱীৰ সমূদায় লোকে ঈশ্বৰৰ সলনি ধন-সম্পত্তিৰ ওপৰতহে সম্পূৰ্ণ ভাৰসা ৰাখিলে।—লূক ১২:১৬-২১.

আমি প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে সাধাৰণভাৱে ঈশ্বৰত ভাৰসা ৰাখোঁ বুলি কোৱাতকৈ অধিক কিছু কৰোঁ। যিদৰে “কৰ্ম্ম-বিহীন বিশ্বাসো মৰা” ঠিক সেইদৰে কাৰ্য্যৰ অবিহনে ঈশ্বৰত ভাৰসা ৰাখোঁ বুলি কোৱাটোও অৰ্থহীন হʼব। (যাকোব ২:২৬) পূৰ্বৱৰ্তী লেখত আমি প্ৰাৰ্থনা, তেওঁৰ বাক্য আৰু সংস্থাৰ যোগেদি মাৰ্গদৰ্শিত হোৱাৰ দ্বাৰা তেওঁত ভাৰসা ৰখাৰ বিষয়ে শিকিলোঁ। এতিয়া আঁহক আমি সঙ্কটৰ সময়ত এই তিনিটা পদক্ষেপক কেনেকৈ কাৰ্য্যকাৰী কৰিব পাৰোঁ, তাৰ বিষয়ে বিবেচনা কৰোঁহঁক।

চাকৰি হেৰুৱা বা উপাৰ্জ্জন নোহোৱা অৱস্থা

৩. এই ‘ভয়ঙ্কৰ সময়ত’ যিহোৱাৰ সাক্ষীসকলে কেনে আৰ্থিক সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছে আৰু আমি কেনেকৈ জানো যে ঈশ্বৰে আমাক সহায় কৰিবলৈ আগ্ৰহী?

এই “ভয়ঙ্কৰ সময়ত” আন লোকসকলৰ দৰে আমি যিহোৱাৰ সাক্ষীসকলেও আৰ্থিক হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছে। (২ তীমথিয় ৩:১) আমি হয়তো হঠাতে চাকৰি হেৰুৱাব পাৰোঁ। নতুবা কম দৰমাহতে ঘৰখন চলাবলগীয়া হʼব পাৰে। তেনে পৰিস্থিতিত হয়তো ‘নিজৰ পৰিয়ালটোক চোৱা-চিতা কৰাটো’ কঠিন হʼব পাৰে। (১ তীমথিয় ৫:৮) এনে সময়ছোৱাত সৰ্ব্বশক্তিমান ঈশ্বৰে আমাক সহায় কৰিবলৈ আগ্ৰহী হʼবনে? নিশ্চই হʼব! কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক এই ৰীতি-ব্যৱস্থাত হোৱা জীৱনৰ সকলো প্ৰকাৰৰ অসুবিধাৰ পৰা মুক্ত কৰিব। যদি আমি তেওঁত ভাৰসা ৰাখোঁ তেন্তে গীতমালা ৪৬:১ পদত কোৱা এই কথাষাৰ আমালৈ সঁচা বুলি প্ৰমাণিত হʼব: “ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ কালত তেওঁক বিচৰামাত্ৰে পাব পৰা ঈশ্বৰ।” আমি কেনেকৈ আৰ্থিক দুৰৱস্থাত যিহোৱাত সম্পূৰ্ণ মনেৰে ভাৰসা ৰাখিব পাৰোঁ?

৪. আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি কিহৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু যিহোৱাই তেনে প্ৰাৰ্থনাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱায়?

ইয়াৰ এটা উপায় হৈছে প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ কাষ চপা। কিন্তু আপুনি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰিব? আৰ্থিক সমস্যাৰ সম্মুখীন হʼবলৈ আমাক প্ৰয়োজনীয় জ্ঞানৰ আৱশ্যক। সেয়েহে তেনে জ্ঞান বিচাৰি অৱশ্যেই প্ৰাৰ্থনা কৰা উচিত! যিহোৱাৰ বাক্যই আমাক এনেদৰে আশ্বাস দিছে: “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্‌না কৰক; তাতে তেওঁক দিয়া হব।” (যাকোব ১:৫) সঠিক নিৰ্ণয় আৰু বাছনি কৰিবলৈ যিহোৱাৰ পৰা এনে জ্ঞান, বুজ আৰু বিবেচনা শক্তি বিচাৰক। এনেধৰণৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয়ে দিয়া হʼব বুলি আমাৰ স্বৰ্গীয় পিতৃয়ে আশ্বাস দিছে। তেওঁ এনে লোকসকলৰ পথবোৰ সমান কৰিবলৈ আগ্ৰহী যিসকলে সম্পূৰ্ণ মনেৰে তেওঁত ভাৰসা ৰাখে।—গীতমালা ৬৫:২; হিতোপদেশ ৩:৫, ৬.

৫, ৬. (ক) আৰ্থিক সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ আমি কিয় ঈশ্বৰৰ বাক্যৰ দ্বাৰা মাৰ্গদৰ্শিত হোৱা উচিত? (খ) যদি আমি চাকৰি হেৰুৱা সমস্যাৰ সম্মুখীন হওঁ তেতিয়া অনাৱশ্যকীয় চিন্তাক দূৰ কৰিবলৈ কি কৰিব পাৰোঁ?

আমি যে যিহোৱাত ভাৰসা কৰোঁ তাক প্ৰকাশ কৰাৰ আন এটা উপায় হৈছে মাৰ্গদৰ্শনৰ বাবে তেওঁৰ বাক্যক পৰ্য্যবেক্ষণ কৰা। বাইবেলত উল্লেখ কৰা তেওঁৰ উত্তম সোঁৱৰণী বাক্যবোৰ “বিশ্বাসযোগ্য।” (গীতমালা ৯৩:৫) যদিও এই কিতাপখন প্ৰায়ে ১,৯০০ বছৰৰ পূৰ্ব্বেই লিখা হৈছিল তথাপিও ইয়াত থকা ভাৰসাযুক্ত পৰামৰ্শ আৰু অন্তৰ্দৃষ্টিয়ে আমাক সফলতাৰে আৰ্থিক সমস্যাৰ সৈতে যুঁজিবলৈ সহায় কৰে। বাইবেলত উল্লেখ কৰা কিছুমান উদাহৰণৰ বিষয়ে বিবেচনা কৰক।

বহু সময়ৰ পূৰ্ব্বে বুদ্ধিমান ৰজা চলোমনে এনেদৰে কৈছিল: “বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও, তাৰ টোপনি সন্তোষজনক; কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে।” (উপদেশক ৫:১২) কিয়নো ধনীলোকক তেওঁলোকৰ সা-সম্পত্তিৰ চোৱা-চিতা, পৰিষ্কাৰ আৰু তাক ৰক্ষা কৰিবলৈ ধনৰ আৱশ্যক। গতিকে যদি চাকৰি হেৰুৱাবলগীয়া হয়, তেন্তে আমি নিজৰ জীৱন-প্ৰণালী, আৱশ্যক আৰু অনাৱশ্যক বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰাৰ সুযোগ পাব পাৰোঁ। অনাৱশ্যকীয় চিন্তাৰ পৰা বিৰত থাকিবলৈ কিছুমান সাল-সলনি কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। উদাহৰণস্বৰূপে, অনাৱশ্যকীয় বস্তুবোৰ ত্যাগ দিয়া বা থাকিবলৈ সৰু ঘৰ বাছি লৈ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব পৰিবনে?—মথি ৬:২২.

৭, ৮. (ক) ভৌতিক বস্তুৰ প্ৰতি থকা অসিদ্ধ মানৱৰ অনাৱশ্যকীয় চিন্তাৰ বিষয়ে যীচুৱে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ সেই বিষয়ে অৱগত আছিল? (ফোটনোটত চাওক) (খ) অনাৱশ্যকীয় চিন্তাৰ পৰা বিৰত থাকিবলৈ যীচুৱে কেনে সুপৰামৰ্শ আগবঢ়ালে?

যীচুৱে পৰ্ব্বতীয় উপদেশত পৰামৰ্শ দি এইদৰে কৈছিল: “কি ভোজন কৰিম, বা কি পান কৰিম? এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?” * (মথি ৬:২৫) তেওঁ জানিছিল যে অসিদ্ধ মানৱে দৈনিক আৱশ্যকতাসমূহৰ প্ৰতি নিশ্চই চিন্তিত হʼব। তেন্তে আমি কেনেকৈ তেনে বস্তুবোৰৰ বিষয়ে “চিন্তা” নকৰাকৈ থাকিব পাৰোঁ? সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “প্ৰথমে তেওঁৰ ৰাজ্য . . . বিচাৰা।” আমি যিয়েই পৰিস্থিতিৰ সম্মুখীন নহওঁ কিয় তথাপিও তেওঁৰ ৰাজ্যক সদায়েই প্ৰথম স্থান দিয়া উচিত। যদি আমি তেনে কৰোঁ, তেন্তে আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক ‘এই সকলোবোৰ দিব।’ তেওঁ আমাৰ প্ৰয়োজনীয়তাক পূৰণ কৰিবলৈ সকলোবোৰ উপায় কৰিব।—মথি ৬:৩৩.

আগলৈ যীচুৱে এনেদৰে কৈছিল: “কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব।” (মথি ৬:৩৪) অহা কালিলৈ কি হʼব তাৰ বিষয়ে অত্যাধিক চিন্তা কৰাটো বুদ্ধিমান বিষয় নহয়। এই বিষয়ে এজন বিদ্বানে এইদৰে কৈছিল: “ভৱিষ্যতৰ প্ৰতি থকা আশঙ্কাই অত্যাধিক ব্যাকুলতা উৎপন্ন কৰে।” গতিকে আমাৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ সম্বন্ধে থকা বাইবেলৰ পৰামৰ্শ পালন কৰি দৈনন্দিন প্ৰয়োজনীয়তাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাৰ দ্বাৰা অনাৱশ্যকীয় চিন্তাৰ পৰা বিৰত থাকিবলৈ সহায় লাভ কৰিব পাৰিম।—১ পিতৰ ৫:৬, ৭.

৯. আৰ্থিক সমস্যাত সফলতাৰে সম্মুখীন হোৱাৰ সম্পৰ্কে ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰবন্ধ কৰা প্ৰকাশনসমূহৰ পৰা কেনে ধৰণৰ সহায় পাব পাৰোঁ?

আমি আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ ব্যৱস্থা কৰা প্ৰকাশনসমূহৰ সহায় লোৱাৰ দ্বাৰাও যিহোৱাত ভাৰসা ৰখাৰ প্ৰমাণ দিব পাৰোঁ। (মথি ২৪:৪৫) মাজে সময়ে সচেতন! আলোচনীত এনে কিছুমান সহায়কাৰী পৰামৰ্শ আগবঢ়াই যিয়ে আৰ্থিক সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, আগষ্ট ৮, ১৯৯১ চনৰ সচেতন! আলোচনীত “নিবনুৱা সমস্যাৰ সমাধান কি?” নামৰ লেখটোত ৮ টা ব্যৱহাৰিক নিৰ্দ্দেশনা দিয়া হৈছিল, যিয়ে বহুতো নিবনুৱা ব্যক্তিক আৰ্থিক সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হৈ আৱেগীক স্থিৰতা অনাত সহায় কৰিলে। * অৱশ্যে তেনেধৰণৰ নিৰ্দ্দেশনা আৰ্থিক প্ৰয়োজনীয়তাৰ প্ৰতি ভাৰসাম্য বজাই ৰাখি পালন কৰা উচিত। এই বিষয়ে সেই আলোচনীখনত দিয়া “ধনতকৈ অধিক মূল্যৱান বস্তু” নামৰ লেখটোত আলোচনা কৰা হৈছিল।—উপদেশক ৭:১২.

শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ অৱস্থা

১০. কোনো গম্ভীৰ শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত যিহোৱাত ভাৰসা ৰখাটো যে যুক্তিসঙ্গত তাক ৰজা দায়ূদৰ উদাহৰণে কেনেকৈ প্ৰকাশ কৰিলে?

১০ কোনো গম্ভীৰ ৰোগত আক্ৰন্ত হোৱাৰ সময়ত যিহোৱাক ভাৰসা ৰাখাটো যুক্তিসঙ্গত হʼবনে? নিশ্চয়ে হʼব! যিহোৱাই তেওঁৰ সেৱকসকলৰ মাজত থকা ৰোগী ভাই-ভনীৰ প্ৰতি কেৱল সহানুভূতিয়েই নহয় কিন্তু সহায় কৰিবলৈও আগবাঢ়ি আহে। উদাহৰণস্বৰূপে, ৰজা দায়ূদৰ বিষয়ে বিবেচনা কৰক। তেওঁ হয়তো গম্ভীৰ নৰিয়াত থকা অৱস্থাত ঈশ্বৰে এজন ৰোগীৰ সৈতে কৰা ব্যৱহাৰৰ বিষয়ে লিখিছিল। তেওঁ এইদৰে কৈছিল: “তেওঁ নৰিয়া হৈ শয্যাত পৰি থাকিলে যিহোৱাই তেওঁক সহায় কৰিব; তেওঁ নৰিয়া পৰাত, তুমি তেওঁক সম্পূৰ্ণকৈ সুস্থ কৰিলা।” (গীতমালা ৪১:১, ৩, ৭, ৮) যিহেতু ঈশ্বৰত সম্পূৰ্ণ ভাৰসা থকাৰ বাবে তেওঁ সুস্থ হৈছিল। কোনো গম্ভীৰ শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ যিহোৱাত ভাৰসা ৰাখিব পাৰোঁ?

১১. কোনো শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি স্বৰ্গীয় পিতৃৰ পৰা কেনে সহায় বিচাৰিব পাৰোঁ?

১১ কোনো শাৰীৰিক সমস্যাক ধৈৰ্য্যৰে সম্মুখীন হʼবলৈ যিহোৱালৈ নিৰন্তৰে কৰা প্ৰাৰ্থনাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ যে আমি তেওঁত ভাৰসা ৰাখোঁ। আমি হয়তো “বুদ্ধি-কৌশল” বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে পৰিস্থিতি অনুযায়ী আমাৰ শাৰীৰিক অৱস্থা অনুকুলজনক হয়। (হিতোপদেশ ৩:২১) তদুপৰি আমি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজিবলৈ সহনশক্তি বিচাৰিও প্ৰাৰ্থনা কৰিব পাৰোঁ। এই সকলোবোৰৰ উপৰিও আমাৰ পৰিস্থিতি যিয়ে নহওঁক কিয় সেইবোৰত যেন আমি সহন কৰি তেওঁক বিশ্বাসী হৈ সেৱা কৰাত ভাৰসাম্য বজাই ৰাখিব পাৰোঁ তাৰ বাবেও যিহোৱাৰ সহায় বিচৰা আৱশ্যক। (ফিলিপীয়া ৪:১৩) ঈশ্বৰৰ প্ৰতি সত্যনিষ্ঠা বজাই ৰাখাটো আমাৰ জীৱনতকৈও অধিক গুৰুত্বপূৰ্ণ। যদি আমি তেনে কৰোঁ, তেন্তে মহান পুৰস্কাৰ দিওঁতাজনে আমাক সিদ্ধ আৰু সুস্থ শৰীৰৰ সৈতে চিৰকালৰ জীৱন প্ৰদান কৰিব।—ইব্ৰী ১১:৬.

১২. চিকিৎসাৰ সম্পৰ্কে সঠিক নিৰ্ণয় লʼবলৈ বাইবেলৰ কেনে সিদ্ধান্তসমূহে আমাক সহায় কৰিব পাৰে?

১২ যিহোৱাৰ প্ৰতি থকা আমাৰ ভাৰসাই তেওঁৰ বাক্য বাইবেলৰ পৰা কাৰ্য্যকাৰী মাৰ্গদৰ্শন পাবলৈও অনুপ্ৰেৰিত কৰে। চিকিৎসাৰ বাবে কোনো উত্তম নিৰ্ণয়ত উপনীত হʼবলৈ শাস্ত্ৰীয় পদৰ সিদ্ধান্তসমূহে আমাক সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, বাইবেলে ‘মায়াকৰ্ম্মৰ’ অভ্যাসক কেতিয়াও অনুমতি নিদিয়ে বুলি জানি আমি ৰোগ চিকিৎসা কৰা তেনে ব্যক্তিৰ পৰা আঁতৰি থাকিম যিজনে মায়াকৰ্ম্মৰে ৰোগ চিকিৎসা কৰে। (গালাতীয়া ৫:১৯-২১; দ্বিতীয় বিবৰণ ১৮:১০-১২) বাইবেলৰ ভাৰসাযুক্ত প্ৰজ্ঞাৰ বিষয়ে থকা আন এটা উদাহৰণত এইদৰে কোৱা হৈছে: “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়; কিন্তু বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” (হিতোপদেশ ১৪:১৫) এতেকে কোনো চিকিৎসাৰ বিষয়ে পৰিকল্পনা বনোৱাৰ পূৰ্বেই আমি ‘সকলো কথাত পতিয়ন’ যোৱাৰ বিপৰীতে বাইবেলৰ ভাৰসাযুক্ত বৃত্তান্তৰ ওপৰত নিৰ্ভৰ কৰিম। তেনেধৰণৰ ‘গম্ভীৰ মনে’ আমাক সতৰ্কতাৰে চিকিৎসা প্ৰণালীৰ বাছনি আৰু সঠিক নিৰ্ণয় লোৱাত সহায় কৰিব।—তীত ২:১২.

১৩, ১৪. (ক) স্বাস্থ্যৰ সম্বন্ধে প্ৰকাশ কৰা প্ৰহৰীবুৰুজ আৰু সচেতন! নামৰ আলোচনীত আমি কেনে ব্যৱহাৰিক পৰামৰ্শৰ বিষয়ে উল্লেখ কৰা লেখবোৰ পঢ়িবলৈ পাওঁ? (১৭ পৃষ্ঠাত উল্লেখ কৰা বক্সটোত চাওক।) (খ) জানুৱাৰী ২২, ২০০১ চনৰ সচেতন! নামৰ আলোচনীখনত বহু সময় ধৰি ৰোগত ভুগী থকাসকলৰ বাবে কেনে পৰামৰ্শ আগবঢ়োৱা হৈছিল?

১৩ বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰকাশ কৰা আলোচনী আৰু সাহিত্যবোৰক অন্বেষণ কৰি আমি যিহোৱাত ভাৰসা ৰাখাৰ প্ৰমাণ দিব পাৰোঁ। সময়ে সময়ে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰত বিস্তৃতভাৱে বিশেষ কিছুমান শাৰীৰিক সমস্যা আৰু ৰোগসমূহৰ ওপৰত লাভজনক বৃত্তান্ত প্ৰকাশ কৰা হয়। * কেতিয়াবা এই আলোচনীবোৰত এনে ব্যক্তিসকলৰ জীৱনী পঢ়িবলৈ পোৱা যায় যিসকলে শাৰীৰিক অক্ষমতা আৰু ৰোগ আদিত সফলতাৰে সম্মুখীন হৈছে। তদুপৰি কিছুমান লেখত পুৰণি ৰোগৰ সৈতে কেনেকৈ সম্মুখীন হʼব লাগে তাৰ বিষয়ে শাস্ত্ৰীয় আৰু ব্যৱহাৰিক পৰামৰ্শও দাঙি ধৰিছে।

১৪ উদাহৰণস্বৰূপে, জানুৱাৰী ২২, ২০০১ চনৰ সচেতন! আলোচনীখনৰ বেটুপাতমালাত “ৰোগীৰ বাবে শান্ত্বনা” নামৰ লেখ প্ৰস্তুত কৰা হʼল। সেই লেখটোত বাইবেলৰ পৰা ব্যৱহাৰিক সিদ্ধান্ত আগবঢ়াইছে আৰু বহু বছৰ ধৰি শাৰীৰিক অসুস্থতা ভুগী থকা ব্যক্তিসকলৰ সৈতে সাক্ষাতকাৰ গ্ৰহণ কৰি বহুতো গুৰুত্বপূৰ্ণ সংবাদ দাঙি ধৰা হৈছে। আলোচনীখনত দিয়া “আপুনি কেনেকৈ ৰোগৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰে?” নামৰ লেখটোত এইদৰে পৰামৰ্শ আগবঢ়োৱা হʼল: “পৰাপক্ষত আপুনি নিজৰ ৰোগৰ সৈতে যুক্তিসঙ্গত হʼবলৈ শিকক।” (হিতোপদেশ ২৪:৫) আনক সহায় কৰাৰ উপৰিও ব্যৱহাৰিক লক্ষ্যবোৰ ৰাখক। কিন্তু এইটো মন কৰা উচিত যে আনে ৰাখা লক্ষ্যবোৰ আপোনাৰ বাবে ব্যৱহাৰিক নহʼবও পাৰে। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫; গালাতীয়া ৬:৪) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজকে আনৰ পৰা পৃথকে ৰাখিব। (হিতোপদেশ ১৮:১) নিশ্চিত কৰক যে আনে আপোনাক সাক্ষাৎ কৰি যেন আনন্দিত হয়। (হিতোপদেশ ১৭:২২) তদুপৰি যিহোৱা আৰু তেওঁৰ সংস্থাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখক। (নহূম ১:৭; ৰোমীয়া ১:১১, ১২) আপুনি যিহোৱাৰ সংস্থাৰ পৰা লাভ কৰা ভাৰসাযুক্ত মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞ নহʼবনে?

শাৰীৰিক দুৰ্ব্বলতাৰ সৈতে সম্মুখীন হোৱা

১৫. পাঁচনি পৌলে কেনেকৈ শাৰীৰিক দুৰ্ব্বলতাৰ ওপৰত বিজয় পাইছিল আৰু আমাৰ ওচৰত কেনে আশ্বাস থাকিব পাৰে?

১৫ পাঁচনি পৌলে এইদৰে কৈছিল: “মোৰ মাংসত উত্তমতা বাস নকৰে।” (ৰোমীয়া ৭:১৮) তেওঁ ভালদৰে জানিছিল যে অসিদ্ধতাৰ বাবে আমাৰ দুৰ্ব্বলতা আৰু নিজ ইচ্ছাক নিয়ন্ত্ৰণ কৰি ৰাখাটো কিমান যে কঠিন কাৰ্য্য। তথাপিও পৌলৰ ভাৰসা আছিল যে তেওঁ সেইবোৰত অৱশ্যেই জয়ী হʼব পাৰি। (১ কৰিন্থীয়া ৯:২৬, ২৭) কেনেকৈ হʼব পাৰি? যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখাৰ দ্বাৰা। সেইবাবে তেওঁ এইদৰে কʼব পাৰিলে: “হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ।” (ৰোমীয়া ৭:২৪, ২৫) তেন্তে আমাৰ বিষয়ে কি কʼব পাৰি? আমিও শাৰীৰিক দুৰ্ব্বলতাৰ সৈতে যুঁজিবলগীয়া হৈছে। তেনে দুৰ্ব্বলতাৰ সৈতে সংগ্ৰাম কৰাৰ সময়ত আমি হয়তো কেতিয়াও সফল হʼব নোৱাৰিম বুলি ভাবি ভাৰসা হেৰুৱাব পাৰোঁ। যদি আমি পাঁচনি পৌলৰ দৰে নিজৰ সলনি যিহোৱাত ভাৰসা ৰাখোঁ, তেন্তে তেওঁ নিশ্চই আমাক সহায় কৰিব।

১৬. কোনো বিশেষ শাৰীৰিক দুৰ্ব্বলতাত জয়ী হʼবলৈ আমি কিহৰ বাবে প্ৰাৰ্থনা কৰা উচিত আৰু যদি পুনৰাই তেনে সমস্যা দেখা দিয়ে তেন্তে কি কৰা আৱশ্যক?

১৬ কোনো বিশেষ শাৰীৰিক দুৰ্ব্বলতাৰ সৈতে একেৰাহে যুঁজিবলগীয়া হোৱাত আমি প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাত ভাৰসা দেখুৱাব পাৰোঁ। আমি তেওঁৰ পবিত্ৰ আত্মা পাবলৈ একেৰাহে মিনতি কৰা আৱশ্যক। (লূক ১১:৯-১৩) আমি হয়তো ইন্দ্ৰিয়-দমন অৰ্থাৎ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ। (গালাতীয়া ৫:২২, ২৩) যদি পুনৰাই একেই সমস্যা দেখা দিয়ে তেন্তে আমি কি কৰা উচিত? আমি কোনোপধ্যেই হাৰ মানিব নালাগে। এতেকে আঁহক আমি নম্ৰভাৱে দয়ালুময় ঈশ্বৰৰ আগত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক। যিহোৱাই “ভগ্ন আৰু খেদিত চিত্ত” ব্যক্তিসকলৰ প্ৰাৰ্থনা কেতিয়াও নুশুনাকৈ নাথাকিব। (গীতমালা ৫১:১৭) যদি আমি অনুতাপ কৰি আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ তেন্তে তেওঁ আমাক প্ৰলোভনত নপৰিবলৈ নিশ্চয়ে সহায় কৰিব।—ফিলিপীয়া ৪:৬, ৭.

১৭. (ক) আমি যুঁজি থকা কোনো বিশেষ দুৰ্ব্বলতাৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী কি তাক জনাটো কিয় লাভজনক? (খ) যদি আমি অতিমাত্ৰা ক্ৰোধীত, নিজ জিবাক অনিয়ন্ত্ৰণ কৰা আৰু অহিতকাৰক মনোৰঞ্জনৰ প্ৰতি আকৰ্ষিত হৈছোঁ, তেন্তে কেনে শাস্ত্ৰীয় পদসমূহ সোঁৱৰণ কৰিব পাৰোঁ?

১৭ আমি ঈশ্বৰৰ বাক্যৰ সহায় বিচাৰিও তেওঁত ভাৰসা ৰাখাৰ প্ৰমাণ দিব পাৰোঁ। বাইবেল নিৰ্ঘন্ট বা প্ৰহৰীবুৰুজ প্ৰকাশন নিৰ্ঘন্ট ব্যৱহাৰ কৰি আমি এই প্ৰশ্নটোৰ উত্তৰ পাব পাৰোঁ, যʼত এইদৰে সোধা হৈছে: ‘যি বিশেষ দুৰ্ব্বলতাৰ সৈতে মই সম্মুখীন হʼবলগীয়া হৈছোঁ, সেই বিষয়ে ঈশ্বৰে কেনে অনুভৱ কৰে।’ এই বিষয়ে যিহোৱাৰ দৃষ্টিভঙ্গী কি তাক জনাৰ দ্বাৰা আমাৰ মনোবল অধিক দৃঢ় হʼব পাৰে। এইদৰে আমিও তেওঁৰ দৰে বেয়া কাৰ্য্যবোৰক ঘিণ কৰাৰ মনোবৃত্তি ৰাখিব পাৰিম। (গীতমালা ৯৭:১০) কিছুমানে নিজৰ বিশেষ দুৰ্ব্বলতাৰ সৈতে যুঁজ কৰাৰ সম্বন্ধে থকা বাইবেলৰ পদবোৰ মনত ৰাখাৰ দ্বাৰা সতেজতা অনুভৱ কৰিছে। আমি নিজৰ ক্ৰোধ দমন কৰিবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছেনে? যদি হৈছে, তেন্তে আমি হয়তো হিতোপদেশ ১৪:১৭; ইফিচীয়া ৪:৩১ পদটোক সোঁৱৰিব পাৰোঁ। আমাৰ বাবে নিজৰ জিবাক নিয়ন্ত্ৰণ কৰাটো কঠিননে? যদি কঠিন যেন ভাবোঁ তেন্তে হিতোপদেশ ১২:১৮; ইফিচীয়া ৪:২৯ পদত দিয়া পৰামৰ্শবোৰ সোঁৱৰিব পাৰোঁ। আমি অহিতকাৰক মনোৰঞ্জনৰ প্ৰতি আকৰ্ষিত হওঁনে? তেন্তে আমি হয়তো ইফিচীয়া ৫:৩; কলচীয়া ৩:৫ পদটোৰ পৰামৰ্শক সোঁৱৰিব পাৰোঁ।

১৮. আমাৰ দুৰ্ব্বলতাৰ বাবে প্ৰাচীনসকলৰ পৰা সহায় বিচাৰিবলৈ আমি কিয় সংকোচবোধ কৰা উচিত নহয়?

১৮ পবিত্ৰ আত্মাৰ দ্বাৰা মনোনীত হোৱা মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা সহায় লোৱাটোও যিহোৱাত ভাৰসা ৰাখাৰ আন এটা প্ৰমাণ দিয়ে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) যিহেতু এই ‘মানুহবিলাকৰ নানা বৰ’ হৈছে যিহোৱাৰ এক প্ৰবন্ধ আৰু যীচুৰ হৈ তেওঁলোকে মেৰবোৰৰ প্ৰতিপালন কৰে। (ইফিচীয়া ৪:৭, ৮, ১১-১৪) এইটো সঁচা যে দুৰ্ব্বলতাৰ সম্বন্ধে কাৰোবাৰ পৰা সহায় বিচাৰাটো ইমান সহজ নহয়। এই বিষয়ে প্ৰাচীনসকলে কি ভাবিব বুলি বিবেচনা কৰি আমি হয়তো সংকোচবোধ কৰিব পাৰোঁ। কিন্তু আমি সহায় বিচাৰি তেওঁলোকৰ কাষ চাপিবলৈ কৰা সাহস দেখি এই পৰিপক্ক ব্যক্তিসকলে অৱশ্যেই আমাক সন্মান কৰিব। ইয়াৰ উপৰিও তেওঁলোকে ঈশ্বৰৰ জাকটিৰ সৈতে আচৰণ কৰোঁতে যিহোৱাৰ গুণসমূহ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ বাইবেল আধাৰিত শান্ত্বনা, ব্যৱহাৰিক পৰামৰ্শ আৰু নিৰ্দ্দেশনাই হয়তো আমাক দুৰ্ব্বলতাৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰে।—যাকোব ৫:১৪-১৬.

১৯. (ক) এই জগতত অসাৰতাৰে জীৱন যাপন কৰাবলৈ চয়তানে কেনেধৰণৰ চেষ্টা কৰে? (খ) ভাৰসাৰ সৈতে কি সন্মিলিত আছে আৰু আমি কি কৰিবলৈ দৃঢ় নিৰ্ণয় লোৱা উচিত?

১৯ কেতিয়াও এইটো পাহৰি যোৱা উচিত নহয় যে চয়তানৰ ধ্বংসৰ দিন একেবাৰে কাষ চাপি আহিছে। (প্ৰকাশিত বাক্য ১২:১২) আমি নিৰুৎসাহিত হৈ আমাৰ দুৰ্ব্বলতাৰ সৈতে যুঁজ কৰিবলৈ এৰি দি অধিক অধগামী হোৱাটোৱে সি বিচাৰে। গতিকে আঁহক আমি ৰোমীয়া ৮:৩৫-৩৯ পদত ব্যাখ্যা কৰা এই বাক্যবোৰৰ ওপৰত ভাৰসা কৰোঁহঁক, যʼত এইদৰে কৈছে: “খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণসংশয়, বা তাৰোৱাল, এইবোৰ পাৰে নে? . . . তথাপি আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত। কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট্‌ যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্ত্তমান বা ভবিষ্যত বিষয়, বা পৰাক্ৰম, ওপৰ বা তল, বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে।” যিহোৱাক ভাৰসা কৰাৰ ই কিযে এক শক্তিশালী বিবৃতি! এনেধৰণৰ ভাৰসা কেৱল এক সাধাৰণ অনুভূতি নহয়। বৰঞ্চ ই হৈছে এনে এক ভাৰসা যʼত আমি দৈনন্দিন জীৱনত কৰা যুক্তিসঙ্গত নিৰ্ণয়সমূহ জড়িত আছে। গতিকে আঁহক আমি সঙ্কটৰ সময়ছোৱাত সম্পূৰ্ণকৈ যিহোৱাত ভাৰসা কৰিবলৈ দৃঢ় নিৰ্ণয় কৰোঁহঁক। (w03 9/1)

[ফুটনোটবোৰ]

^ নম্বেবৰ মাহৰ ১৮৬১ চনত সংযুক্ত ৰাষ্ট্ৰৰ টকাশাললৈ লিখা চিঠিখনত চামন্‌ পি. চেছ্‌ নামৰ বিত্ত বিভাগৰ সচিবজনে এনেদৰে লিখিছিল: “ঈশ্বৰৰ সামৰ্থ্যৰ অবিহনে কোনো এখন ৰাষ্ট্ৰই শক্তিশালী হʼব নোৱাৰে। আমাৰ লোকসকলে যে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিছে তাক ৰাষ্ট্ৰীয় মুদ্ৰাত প্ৰকাশ পোৱা উচিত।” পৰিণামস্বৰূপে, ১৮৬৪ চনত প্ৰচলিত হোৱা মুদ্ৰাত প্ৰথমবাৰৰ বাবে “আমি ঈশ্বৰত ভাৰসা ৰাখোঁ” নামৰ নীতিবাক্যটো খোদিত থকা দেখিবলৈ পোৱা গʼল।

^ ইয়াত উল্লেখ কৰা চিন্তা উক্তিটো হৈছে “এনে এক ব্যাকুলতা যি জীৱনৰ আনন্দ কাঢ়ি নিয়ে।” কিছুমান অনুবাদত “চিন্তা নকৰিবা” বা “দুচিন্তাগ্ৰস্ত নহʼবা” বুলি উক্তিটো ব্যৱহাৰ কৰিছে। কিন্তু তেনেধৰণৰ ব্যাখ্যাই চিন্তা বা দুচিন্তাগ্ৰস্তৰ আৰম্ভণি নোহোৱাৰ অৰ্থহে প্ৰকাশ কৰে। এটা উদ্ধৃতিৰ অনুসাৰে: “এই গ্ৰীক ক্ৰীয়া শব্দটো বৰ্তমানকালৰ আজ্ঞাসূচক হিচাবে বুজাইছে যি ইতিমধ্যেই চলি থকা কোনো কাৰ্য্যক বন্ধ কৰাৰ নিৰ্দ্দেশিত কৰে।”

^ সচেতন! আলোচনীত দিয়া সেই আঠোটা বিষয় হৈছে: (১) ভয়ভীত নহʼব; (২) সঠিক মনোবৃত্তি বজাই ৰাখক; (৩) আন কোনো নতুন কাৰ্য্যৰ বাবে মনটো মুকলিকৈ ৰাখক; (৪) আনে জীৱন যাপন কৰা প্ৰণালীক অনুকৰণ নকৰিব; (৫) কোনো বস্তু ধাৰলৈ লওঁতে সতৰ্ক হওক; (৬) পৰিয়ালটোত ঐক্যতা বজাই ৰাখক; (৭) আত্মসন্মান বজাই ৰাখক আৰু (৮) অনাবশ্যকীয় ব্যয় কৰাৰ পৰা আঁতৰি থাকক।

^ বাইবেল আধাৰিত এই আলোচনীবোৰে কোনো বিশেষধৰণৰ চিকিৎসা গ্ৰহণ কৰিবলৈ কেতিয়াও পৰামৰ্শ দিয়া নাই, কিয়নো সেইবোৰ হৈছে এজনৰ ব্যক্তিগত নিৰ্ণয়। তাৰ পৰিৱৰ্তে লেখবোৰে পাঠকসকললৈ শেহতীয়া সংবাদহে আগবঢ়াইছে।

আপোনাৰ মনত আছেনে?

• আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ যিহোৱাত ভাৰসা ৰাখাৰ প্ৰমাণ দিব পাৰোঁ?

• শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ যিহোৱাত ভাৰসা ৰখাটো প্ৰকাশ কৰিব পাৰোঁ?

• শাৰীৰিক দুৰ্ব্বলতাৰ সৈতে যুঁজ কৰোঁতে কেনেকৈ দেখুৱাম যে আমি সম্পূৰ্ণৰূপে যিহোৱাত ভাৰসা ৰাখোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ বক্স]

আপুনি এই বক্সটোত দিয়া বিষয়বোৰক মনত ৰাখিব পাৰিবনে?

যেতিয়া আমি আমাৰ অসুস্থ শৰীৰৰ বাবে নিৰুৎসাহিত হওঁ তেতিয়া তেনে লোকবিলাকৰ আৰ্হিৰ বিষয়ে পঢ়ি উৎসাহিত হʼব পাৰোঁ, যিসকলে নিজৰ অসুস্থতা বা অক্ষমতাৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰিলে। এই বিষয়ে তলত প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীত প্ৰকাশ পোৱা কিছুমান লেখ দিয়া হʼল।

“মোৰ দুৰ্ব্বলতাৰ সৈতে সফলতাৰে সম্মুখীন হোৱা” নামৰ লেখটোত বিপৰীত বিচাৰধাৰা আৰু মানসিক বিষণ্ণতাৰ সৈতে সম্মুখীন হʼবলৈ পৰামৰ্শ দিয়া হৈছে।—প্ৰহৰীবুৰুজ, মে ১, ১৯৯০ চন।

“এটা লোহাৰ কৃত্ৰিম হাঁওফাঁও যন্ত্ৰয়েও তাইৰ প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিব নোৱাৰিলে।”—সচেতন!, জানুৱাৰী ২২, ১৯৯৩ চন।

“এটা গুলীয়ে মোৰ জীৱনধাৰা সলনি কৰিলে” নামৰ লেখটোত পক্ষাঘাত ৰোগৰ সৈতে সফলতাৰে সম্মুখীন হোৱাৰ পৰামৰ্শ দিয়া হৈছে।—সচেতন! অক্টোবৰ ২২, ১৯৯৫ চন।

“আপুনি নাজানে যে অহা কালিলৈ আপোনাৰ জীৱনৰ অৱস্থা কেনে হʼব” নামৰ লেখটোত দুইভাৱ মেজাজত আউল লগাৰ সৈতে কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰি এই বিষয়ে কোৱা হৈছে।—প্ৰহৰীবুৰুজ, ডিচেম্বৰ ১, ২০০০ চন।

“লইডিয়াৰ মৌনতা ভঙ্গ হোৱা” নামৰ লেখটোত জন্মগত পক্ষাঘাত ৰোগৰ সৈতে সম্মুখীন হʼবলৈ সহায় কৰিব।—সচেতন!, মে’ ৮, ২০০০ চন।

“ইনদ্‌মেটিৰিয়্‌চিচি ৰোগৰ সৈতে মোৰ সংগ্ৰাম।”—সচেতন!, জুলাই ২২, ২০০০ চন।

“ৰুক্ষচৰ্ম্ম ৰোগৰ সৈতে মোৰ যুঁজ।”—সচেতন!, আগষ্ট ৮, ২০০১ চন।

“প্ৰসবোত্তৰ বাবে হোৱা মানসিক অৱসাদৰ ওপৰত জয়ী হোৱা।”—সচেতন!, জুলাই ২২, ২০০২ চন।

[১৫ পৃষ্ঠাৰ ছবি]

চাকৰি হেৰুৱাৰ সময়ত আমি হয়তো নিজ জীৱন যাপনৰ প্ৰণালীক পুনৰ নিৰীক্ষণ কৰাটো উত্তম হʼব

[১৬ পৃষ্ঠাৰ ছবি]

লʼযড়াৰ জীৱনীয়ে দেখুৱাইছে যে যিহোৱাত ৰখা ভাৰসাই কেনেকৈ সহনশক্তি প্ৰদান কৰে (১৭ পৃষ্ঠাৰ বক্সটো চাওক)

[১৮ পৃষ্ঠাৰ ছবি]

নিজৰ দুৰ্ব্বলতাত সহায় বিচাৰিবলৈ সংকোচবোধ কৰা উচিত নহয়