Skip to content

Skip to table of contents

আমি কেনেধৰণে ঈশ্বৰীয় হস্তক্ষেপ হোৱাটো অপেক্ষা কৰোঁ?

আমি কেনেধৰণে ঈশ্বৰীয় হস্তক্ষেপ হোৱাটো অপেক্ষা কৰোঁ?

আমি কেনেধৰণে ঈশ্বৰীয় হস্তক্ষেপ হোৱাটো অপেক্ষা কৰোঁ?

সা.যু.পূ. অষ্টম শতাব্দীত যিহূদা প্ৰদেশত শাসন কৰা ৩৯ বছৰীয়া ৰজা হিষ্কিয়াই জানিব পাৰিলে যে তেওঁ এক মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে। এই বিষয়ে জানিব পাৰি তেওঁ মানসিকভাৱে একেবাৰে ভাঙি পৰিল আৰু তেওঁক সুস্থ কৰিবলৈ ঈশ্বৰৰ ওচৰত বৰকৈ কান্দি প্ৰাৰ্থনা কৰিব ধৰিলে। তেওঁ কৰা নিৱেদনৰ উত্তৰ দি ঈশ্বৰে নিজৰ ভাববাদীৰ দ্বাৰা হিষ্কিয়া ৰজাক এইদৰে কʼলে: ‘মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকু-লোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।’—যিচয়া ৩৮:১-৫.

এই বিশেষ সময়ছোৱাত ঈশ্বৰে কিয় অন্তৰ্ৱৰ্তী হʼল? বহু শতিকাৰ পূৰ্বেই ঈশ্বৰে ধাৰ্ম্মিক ৰজা দায়ূদক এইবুলি প্ৰতিজ্ঞা কৰিছিল: “তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব; তোমাৰ সিংহাসন চিৰস্থায়ী হব।” তদুপৰি ঈশ্বৰে প্ৰকাশ কৰিছিল যে মচীহ দায়ূদৰ বংশত জন্ম হʼবলগীয়া আছিল। (২ চমূৱেল ৭:১৬; গীতমালা ৮৯:২০, ২৬-২৯; যিচয়া ১১:১) যেতিয়া ৰজা হিষ্কিয়া বেমাৰত আক্ৰান্ত হৈছিল তেতিয়ালৈকে তেওঁৰ কোনো পুত্ৰ সন্তান জন্ম হোৱা নাছিল। এইদৰে দায়ূদৰ বংশৰ পৰা উৎপন্ন হʼবলগীয়া মচীহৰ সম্পৰ্কে কৰা প্ৰতিজ্ঞা বিপদপন্ন অৱস্থা হৈছিল। সেয়েহে ঈশ্বৰে মচীহ জন্ম লবলগীয়া বংশক ৰক্ষা কৰাৰ অৰ্থে হিষ্কিয়া ৰজাৰ নৰিয়া অৱস্থাক সুস্থ কৰিবলৈ হস্তক্ষেপ কৰিলে।

যিহোৱা ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ কৰাৰ অৰ্থে প্ৰাচীন খ্ৰীষ্টান সময়ছোৱাৰ পূৰ্বেই কেইবাটাও উপলক্ষ্যত তেওঁৰ লোকসকলৰ হৈ কাৰ্য্য কৰিলে। ইস্ৰায়েল জাতিক মিচৰৰ দাসত্বৰ বন্ধনৰ পৰা উদ্ধাৰ কৰাৰ সম্পৰ্কে মোচিয়ে এইদৰে কৈছিল: “যিহোৱাই তোমালোকক প্ৰেম কৰাৰ কাৰণে, আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ আগত যি শপত কৰিছিল, তাক পালন কৰিব খোজাৰ কাৰণে, যিহোৱাই বলৱান হাতেৰে উলিয়াই” আনিলে।—দ্বিতীয় বিবৰণ ৭:৮.

প্ৰথম শতব্দীতো যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্য সাম্ফল কৰিবলৈ হস্তক্ষেপ কৰিছিল। উদাহৰণস্বৰূপে, খ্ৰীষ্টান অনুগামীসকলক চৌলে তাড়না কৰাৰ অৰ্থে দম্মেচক নগৰলৈ যোৱাৰ সময়ত তেওঁক বাধা দিবলৈ বাটত এক আচৰিত দৰ্শন পালে। পিছলৈ সেই ব্যক্তিজনে ধৰ্ম্মান্তৰিত হৈ পাঁচনি পৌল নামেৰে পৰিচিত হৈ পৰিল আৰু জাতিবিলাকক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত তেওঁ এক প্ৰমুখ ভূমিকা আদায় কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৯:১-১৬; ৰোমীয়া ১১:১৩.

ঈশ্বৰীয় হস্তক্ষেপ বিহিত আদৰ্শ আছিলনে?

তেনে ঈশ্বৰীয় হস্তক্ষেপ এক নিয়ম অথবা ব্যতিক্ৰম আছিলনে? শাস্ত্ৰই স্পষ্টকৈ দেখুৱাইছে যে তেনেধৰণৰ হস্তক্ষেপ কোনো বিহিত আদৰ্শ নাছিল। ঈশ্বৰে যদিও তিনিজন ইহুদী ডেকা ব্যক্তিক জলন্ত অগ্নিকুণ্ডত আৰু ভৱিষ্যতবক্তা দানিয়েলক সিংহৰ গাঁতৰ পৰা উদ্ধাৰ কৰিছিল তথাপিও তেওঁ আন ভৱিষ্যতবক্তাসকলক মৃত্যুৰ পৰা ৰক্ষা কৰা নাছিল। (২ বংশাৱলি ২৪:২০, ২১; দানিয়েল ৩:২১-২৭; ৬:১৬-২২; ইব্ৰী ১১:৩৭) তদুপৰি যিহোৱা ঈশ্বৰে পিতৰক প্ৰথম আগ্ৰিপা হেৰোদ ৰজাৰ বন্দীশালৰ পৰা আচৰিতৰূপে উদ্ধাৰ কৰিলে। কিন্তু ঈশ্বৰে সেই একেই ৰজাজনে যাকোবক মৃত্যুদণ্ড দিয়াত কোনো বাধা নিদিলে। (পাঁচনিৰ কৰ্ম্ম ১২:১-১১) ঈশ্বৰে যদিও পাঁচনিসকলক ৰোগীক সুস্থ আৰু আনকি মৃতবিলাককো পুনৰাই জীয়াই তুলিবলৈ শক্তি প্ৰদান কৰিছিল তথাপিও তেওঁ পাঁচনি পৌলৰ “শৰীৰত এটা কাঁইট” আঁতৰ নকৰিলে, যিটোৱে তেওঁক বৰকৈ ক্লেশ দিছিল।—২ কৰিন্থীয়া ১২:৭-৯; পাঁচনিৰ কৰ্ম্ম ৯:৩২-৪১; ১ কৰিন্থীয়া ১২:২৮.

ৰোমান সম্ৰাট নিউৰোৱে খ্ৰীষ্টান অনুগামীসকলক অমানুষিকৰূপে তাড়না দিয়াৰ সময়তো ঈশ্বৰে প্ৰতিৰোধ কৰিবলৈ হস্তক্ষেপ নকৰিলে। সেই সময়ত খ্ৰীষ্টানসকলক যন্ত্ৰণা, জীৱিত দহন আৰু হিংস্ৰ জন্তুৰ মুখত পেলাই দিয়া হৈছিল। কিন্তু তেনে বিৰোধীতাই প্ৰাচীন খ্ৰীষ্টানসকলক আতঙ্কিত কৰিব নোৱাৰিলে আৰু ইয়াৰ উপৰিও ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাসকো দুৰ্ব্বল কৰিব নোৱাৰিলে। কিয়নো যীচুৱে তেওঁৰ শিষ্যসকলক পূৰ্বেই সতৰ্ক কৰিছিল যে তেওঁলোকে বিচাৰসভালৈ যাব লাগিব আৰু তেওঁলোকে নিজৰ বিশ্বাসৰ বাবে যাতনা ভুগীবলৈও সাজু থকা উচিত।—মথি ১০:১৭-২২.

যিদৰে ঈস্বৰে অতীতত কৰিছিল তেনেদৰে আজিও তেওঁৰ সেৱকসকলক বিপদজনক পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব পাৰে আৰু যিসকলে ঈশ্বৰৰ নিৰাপত্তাৰ পৰা লাভৱান হৈছে বুলি অনুভৱ কৰিছে তেওঁলোকে সমালোচনা কৰা উচিত নহয়। যিহেতু ঈশ্বৰে এনে পৰিস্থিতিবোৰত হস্তক্ষেপ কৰিছিল নে নাই সেই বিষয়ে নিশ্চিতভাৱে কোৱাটো কঠিন। কিয়নো ফ্ৰান্সৰ টাউলাছ্‌ চহৰত হোৱা এটা বিস্ফোৰণত বহুতো যিহোৱাৰ সেৱকে আহত হয় আৰু বহুতো বিশ্বাসী প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীয়ে নাজী যাতনা শিবীৰত অকালতে মৃত্যু হয় অথবা আন আন পৰিস্থিতিবোৰকো ঈশ্বৰে প্ৰতিৰোধ কৰিবলৈ কোনো হস্তক্ষেপ কৰা নাই। যিসকলে তেওঁৰ অনুমোদন প্ৰাপ্ত কৰিছে তেওঁলোকক ৰক্ষা কৰিবলৈ ঈশ্বৰে কিয় ক্ৰমাগতভাৱে হস্তক্ষেপ নকৰে?—দানিয়েল ৩:১৭, ১৮.

“সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটে”

যেতিয়া কোনো দুৰ্ঘটনা ঘটে তেতিয়া সকলোৱে প্ৰভাৱিত হʼব পাৰে আৰু ঈশ্বৰৰ বিশ্বাসী সেৱক হোৱাৰ বাবেই যে তেওঁলোকে ৰক্ষা পাব ইয়াৰ কোনো কাৰণ নাই। টাউলাছ্‌ চহৰত হোৱা বিস্ফোৰণত এলাইন আৰু লীলীয়েন নামৰ এহাল দম্পতীয়ে ৰক্ষা পাইছিল। যদিও লোকসকলৰ কোনো ভুল নাছিল তাথাপিও ৩০ জন ব্যক্তিৰ মৃত্যু আৰু শ শ লোক আহত হৈছিল। তদুপৰি বৰ্তমান সময়ত দহ হাজাৰতকৈও অধিক লোকে অপৰাধ, অসাৱধানভাৱে গাড়ী চলোৱাৰ বাবে পীড়িত হʼবলগীয়া হৈছে আৰু এই সকলোবোৰৰ বাবে ঈশ্বৰক দায়ী বুলি কʼব নোৱাৰি। কিয়নো বাইবেলে আমাক কৈছে যে “সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটে।”—উপদেশক ৯:১১.

ইয়াৰ উপৰিও মানুহে বেমাৰ, বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ সম্মুখীন হʼবলগীয়া হৈছে। আনকি তেওঁলোকেও এই পৰিস্থিতিৰ বলি হʼবলগীয়া হৈছে, যিসকলে এসময়ত মৃত্যুমুখৰ পৰা ঈশ্বৰে তেওঁলোকক আচৰিতৰূপে ৰক্ষা কৰি সুস্থ কৰাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছিল। কিন্তু এতিয়াও সেই সময় ভৱিষ্যতে আহিবলগীয়া আছে। সেই সময়ত মানৱজাতিৰ বেমাৰ, মৃত্যু আৰু “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব।”—প্ৰকাশিত বাক্য ২১:১-৪.

এনে পৰিস্থিতিক বাস্তৱিকতাত পৰিণত কৰিবলৈ সাময়িকভাৱে হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে এক ব্যাপক আৰু প্ৰবল হস্তক্ষেপৰ আৱশ্যক। বাইবেলে এনে এটা পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিছে যাক “যিহোৱাৰ মহাদিন” বুলি কোৱা হৈছে। (চফনিয়া ১:১৪) সেই ব্যাপকভাৱে হোৱা হস্তক্ষেপৰ সময়ছোৱাত ঈশ্বৰে সকলো দুষ্টতাক সম্পূৰ্ণকৈ আঁতৰ কৰিব। মানৱজাতিয়ে চিৰস্থায়ী সিদ্ধ অৱস্থাত জীয়াই থাকিবলৈ এনে এক সুযোগ দিয়া হʼব যি সময়ছোৱাত “পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।” (যিচয়া ৬৫:১৭) তদুপৰি মৃতবিলাককো পুনৰাই জীৱিত কৰা হʼব। ইয়াৰ অৰ্থ হৈছে মানৱে বৰ্তমান সময়ত সম্মুখীন হোৱা সকলো দুৰ্ঘটনাসমূহ সম্পূৰ্ণকৈ সলনি কৰা হʼব। (যোহন ৫:২৮, ২৯) কিয়নো তেওঁ হৈছে চিৰস্থায়ী প্ৰেম আৰু মঙ্গলময় ঈশ্বৰ, সেয়েহে তেওঁ চিৰকালৰ বাবে মানৱে সম্মুখীন হোৱা সকলো সমস্যাক এবাৰতে চিৰদিনৰ বাবে আঁতৰ কৰিব।

বৰ্তমান সময়ত ঈশ্বৰে কেনেকৈ হস্তক্ষেপ কৰে

ইয়াৰ অৰ্থ এইটো নহয় যে বৰ্তমান সময়ত তেওঁৰ সৃষ্টিখনে বেদনাত কেঁকাই থকা দেখি তেওঁ কোনো পদক্ষেপ লোৱা নাই। আজি ঈশ্বৰে সকলো জাতি, ভাষা, পটভূমি যিয়েই নহওঁক কিয় সকলোকে তেওঁৰ সৈতে ব্যক্তিগত সম্পৰ্ক স্থাপন কৰিবলৈ সুযোগ দিছে। (১ তীমথিয় ২:৩, ৪) যীচুৱে সেই সম্পৰ্ক স্থাপন কৰা প্ৰণালীৰ বিষয়ে এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” (যোহন ৬:৪৪) যিহোৱা ঈশ্বৰে তেওঁৰ সেৱকসকলৰ যোগেদি গোটেই বিশ্বত তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা নম্ৰমনৰ লোকসকলক তেওঁৰ কাষলৈ আনিছে।

তদুপৰি যিসকলে আগ্ৰহেৰে তেওঁৰ দ্বাৰা মাৰ্গদৰ্শিত হʼব বিচাৰে তেওঁলোকৰ জীৱনত পোনপটীয়াকৈ কাৰ্য্য কৰিছে। ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ জড়িয়তে ‘তেওঁলোকৰ মন মুকলি কৰিলে যাতে তেওঁলোকে তেওঁৰ উদ্দেশ্যক বুজিব পাৰে আৰু তেওঁ কোৱা অনুসাৰে চলিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১৬:১৪) দৰাচলতে ঈশ্বৰে তেওঁক, তেওঁৰ উদ্দেশ্য আৰু বাক্যক জানিবলৈ সুযোগ দি তেওঁ যে বাস্তৱতে এজন প্ৰেমময় আৰু ব্যক্তিগতৰূপে প্ৰত্যেকৰ জীৱনৰ প্ৰতি আগ্ৰহী তাৰ প্ৰমাণ দিলে।—যোহন ১৭:৩.

বৰ্তমান সময়ত ঈশ্বৰে তেওঁৰ সেৱকসকলক অৱশ্যেই সহায় কৰিছে। কেনেকৈ সহায় কৰিছে? তেওঁ তেওঁলোকক কোনো বিপদপন্ন অৱস্থাৰ পৰা আচৰিতৰূপে ৰক্ষা কৰি নহয় কিন্তু নিজৰ পবিত্ৰ আত্মা দি “শক্তিৰ বাহুল্যতা” প্ৰদান কৰিছে, যাতে তেওঁলোকে সকলো অৱস্থাতে সফলতাৰে সম্মুখীন হʼব পাৰে। (২ কৰিন্থীয়া ৪:৭) এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩.

গতিকে প্ৰত্যেক দিনৰ জীৱন আৰু সকলো সমস্যাৰ পৰা মুক্ত হৈ ভৱিষ্যতে অনন্তকাল জীয়াই থকাৰ আশা প্ৰদান কৰাৰ বাবে আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আমাৰ ওচৰত সকলো কাৰণ আছে। সেয়ে গীতমালা লিখকে এইদৰে সুধিছিল: “মই যিহোৱাৰ পৰা যি সকলো মঙ্গল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম?” আগলৈ তেওঁ এইদৰে লিখিছিল: “মই পৰিত্ৰাণৰ পান-পাত্ৰ লৈ, যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।” (গীতমালা ১১৬:১২, ১৩) দৰাচলতে নিয়মীয়াকৈ এই আলোচনীবোৰ পঢ়াৰ দ্বাৰা আপুনি ঈশ্বৰে অতীতত কি কৰিলে, বৰ্তমানে কি কৰিছে আৰু ভৱিষ্যতে কি কৰিব তাক বুজিব পাৰিব আৰু ইয়ে বৰ্তমান সময়ত আপোনাক সুখী আৰু ভৱিষ্যতৰ বাবে এক সুনিশ্চিত আশা প্ৰদান কৰিব।—১ তীমথিয় ৪:৮. (w03 10/1)

[৬ পৃষ্ঠাৰ ব্লাৰ্ব]

“পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.

[৫ পৃষ্ঠাৰ ছবিসমূহ]

অতীতত ঈশ্বৰে জখৰিয়া নামৰ বিশ্বাসী ব্যক্তিকো শিল দলিয়াই বধ কৰাৰ সময়ত বাধা নিদিলে . . .

তদুপৰি তেওঁ হেৰোদৰ সময়ত হোৱা শিশুবিলাকৰ হত্যাকো প্ৰতিৰোধ নকৰিলে

[৭ পৃষ্ঠাৰ ছবি]

সেই সময় একেবাৰে ওচৰ চাপি আহিল যʼত কোনো প্ৰকাৰৰ ক্লেশ নাথাকিব আৰু মৃত্যু হোৱা আপোনজনকো পুনৰাই জীৱিত হোৱা দেখিবলৈ পাম